AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: 1)নং প্ৰশ্ন:-ছোভিয়েট সংঘ কিয় ভংগ হৈছিল?তিনিটা কাৰণ আলোচনা কৰা। Ans:- Intr :-ছোভিয়েট সংঘ পতনৰ অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে।এই কাৰণসমূহৰ ভিতৰত অধিকাংশই আছিল ছোভিয়েট সমাজব্যৱস্থাৰ বুকুত দীৰ্ঘকাল ধৰি বৰ্তি থকা বিৰোধ।কিন্তু এনে পতনৰ তাৎক্ষণিক কাৰণ আছিল 1985 চনৰ ক্ষমতালৈ অহা মিখাইল গৰ্বাচেভে সূচনা কৰা"গ্লাছনোষ্ট"আৰু "পেৰেষ্ট্ৰোইকা" নামৰ সংস্কাৰ কার্যসূচীসুমহ। ছোভিয়েট সংঘৰ পতনৰ মুল কাৰণ সমূহ হল- (1)1960-ৰ দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা:- ছোভিয়েট সংঘই পৰিকল্পিত অৰ্থনীতিৰ জৰিয়তে এক স্ব-নির্ভৰশীল অৰ্থ ব্যৱস্থাৰ ফলপ্ৰসূতা সম্পৰ্কে সন্দেহভাৱৰ উদ্ৰেক কৰিবলৈ ধৰে। (2)পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ:- বিশ্বৰ এক মহাশক্তি হিচাপে ছোভিয়েট সংঘই নিজৰ মতাদর্শগত আধিপত্যৰ প্ৰতিষ্ঠাৰ যুঁজত মাৰ্কিন য...