AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
1)নং প্ৰশ্ন:-ছোভিয়েট সংঘ কিয় ভংগ হৈছিল?তিনিটা কাৰণ আলোচনা কৰা।
Ans:-
Intr :-ছোভিয়েট সংঘ পতনৰ অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে।এই কাৰণসমূহৰ ভিতৰত অধিকাংশই আছিল ছোভিয়েট সমাজব্যৱস্থাৰ বুকুত দীৰ্ঘকাল ধৰি বৰ্তি থকা বিৰোধ।কিন্তু এনে পতনৰ তাৎক্ষণিক কাৰণ আছিল 1985 চনৰ ক্ষমতালৈ অহা মিখাইল গৰ্বাচেভে সূচনা কৰা"গ্লাছনোষ্ট"আৰু "পেৰেষ্ট্ৰোইকা" নামৰ সংস্কাৰ কার্যসূচীসুমহ।
ছোভিয়েট সংঘৰ পতনৰ মুল কাৰণ সমূহ হল-
(1)1960-ৰ দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা:- ছোভিয়েট সংঘই পৰিকল্পিত অৰ্থনীতিৰ জৰিয়তে এক স্ব-নির্ভৰশীল অৰ্থ ব্যৱস্থাৰ ফলপ্ৰসূতা সম্পৰ্কে সন্দেহভাৱৰ উদ্ৰেক কৰিবলৈ ধৰে।
(2)পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ:- বিশ্বৰ এক মহাশক্তি হিচাপে ছোভিয়েট সংঘই নিজৰ মতাদর্শগত আধিপত্যৰ প্ৰতিষ্ঠাৰ যুঁজত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিল।এনে অধিপত্যৰ স্থাপনৰ অংশ হিচাপেই সামৰিক শক্তি বৃদ্ধি কৰিবলগীয়া হৈছিল।এনে পৰিস্থিতিয়ে ছোভিয়েট অৰ্থনীতিৰ ওপৰত প্ৰচুৰ চাপ সৃষ্টি কৰিছিল।
(3)প্ৰশাসনিক ক্ষেত্রত গঢ়ি উঠা দুৰ্নীতি আৰু ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা স্বৈৰতন্ত্ৰীয় প্ৰৱণতা:-ছোভিয়েট সমাজবাদী ব্যৱস্থা ক্ৰমাগতভাৱে ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ হাতত বন্দী হৈ পৰিছিল আৰু কমিউনিষ্ট পাৰ্টিও এচাম নেতাৰ স্বৈৰতন্ত্ৰীয় কাৰ্য -কলাপৰ গৰাহত পৰিছিল।
(4)গৰ্বাচেভৰ উদ্যোগত আৰম্ভ হোৱা সংস্কাৰ কাৰ্যসূচীসমূহ:-গৰ্বাচেভে সূচনা কৰা সংস্কাৰ কাৰ্যসূচীসমূহে প্ৰতিষ্ঠিত ছোভিয়েট ব্যৱস্থাৰ সমৰ্থক আৰু বিৰোধী উভয় পক্ষকেই সন্তুষ্ট কৰাত ব্যৰ্থ হৈছিল।এই কাৰ্যসূচীসমূহে ছোভিয়েট ব্যৱস্থাৰ প্ৰতি বিতুষ্ট শক্তি সমূহৰ উদ্গিৰণ ঘটালে।
সামৰণি:-ইয়াৰ দ্বাৰা কব পাৰি যে গৰ্বাচেভৰ সংস্কাৰ কাৰ্য্যসূচীসমূহে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিলে।ইষ্টোনিয়া,লাটিভিয়া,জৰ্জিয়াত জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ দাবীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিলে।এই দাবীসমূহেই ছোভিয়েট সংঘ ভাঙোনৰ তাৎক্ষণিক কাৰণ হৈ উঠিল।
___________________৹৹৹৹_______________
(2)নং প্ৰশ্ন:-ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ চমুকৈ লিখা।
Ans-
Intr:-ছোভিয়েট ইউনিয়নৰ পতনে বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিত চৰিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল।
ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফল সমূহ হল-
(1)শীতল যুদ্ধৰ সংঘাতৰ অৱসান:-শীতল যুদ্ধৰ অংশ হিচাপে ছোভিয়েট সংঘই গঠন কৰা "ৱাৰ্শ্ব" চুক্তিও 1991 চনত ভংগ কৰি দিয়া হয়।ফলত বিংশ শতিকাৰ সাতটা দশকৰো অধিক কাল ধৰি চলি থকা যুদ্ধ সদৃশ পৰিৱেশৰ পৰা আন্তৰ্জাতিক ৰাজনীতি মুক্ত হয়।
(2)একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান:-ছোভিয়েট সংঘৰ ভাঙোনৰ পাছত একক মহাশক্তি হিচাপে ৰৈ যোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰই গোটেই বিশ্বতে নিজা আধিপত্য প্ৰতিষ্ঠা কৰিছিল।
(3)ছোভিয়েট সংঘৰ ভাঙোনৰ ফলশ্ৰুতিত বহুসংখ্যক স্বাধীন ৰাষ্ট্ৰৰ উত্থান:-ছোভিয়েট সংঘৰ পতনৰ লগে লগে পৃথিৱীত বহুকেইখন স্বাধীন ৰাষ্ট্ৰই জন্ম লাভ কৰিছিল।
(4)বিশ্ব অৰ্থনীতিত উদাৰীকৰণ,ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা:-ছোভিয়েট সংঘ ভাঙি যোৱাৰ পাছত নব্য আন্তৰ্জাতিক অৰ্থ ব্যৱস্থাৰ ধাৰণাটোৱেই অপ্ৰাসংগিক হৈ পৰিছিল।তাৰ পৰিৱৰ্তে পশ্চিমীয়া দেশমসুহৰ নিয়ন্ত্ৰণত চলা বিশ্বায়ন প্ৰক্ৰিয়াইহে তৃতীয় বিশ্বৰ দেশসমূহক গ্ৰাস কৰি পেলাইছিল।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ছোভিয়েট সংঘ পতনৰ পাছত বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে আধিপত্য প্ৰতিষ্ঠা কৰিছিল।
__________________৹৹৹৹৹_________________
(3) Shock Therapy ৰ চাৰিটা বৈশিষ্ট্য লিখা।সাম্যবাদৰ পৰা পুঁজিবাদীলৈ ৰূপান্তৰ হোৱা ই আটাইতকৈ ভাল উপায় নেকি?
Ans:-
Intr:-ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদীৰ দিশত পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।পৰিৱৰ্তনৰ এই আৰ্হিটোক আঘাত নিৰাময় বা "Shock Therapy"বুলি কোৱা হয়।
Shock Therapy ৰ বৈশিষ্ট্য সমূহ হল-
(1)ব্যক্তিগত মালিকনা হল "shock Therapy" ৰ অন্যতম বৈশিষ্ট্য ।
(2) "Shock Therapy" ৰ ব্যাহ্যিক অৰ্থনৈতিক পৰিৱৰ্তনৰ লগতো জড়িত।বৈদেশিক বিনিয়োগৰ যুক্ততা, অৰ্থনৈতিক যুক্ততা আৰু বৈদেশিক মুদ্ৰাৰ সম্প্ৰসাৰণৰ লগত জড়িত।
(3) Shock Therapy ৰ অন্যতম বৈশিষ্ট্য আছিল পূৰ্বৰ ছোভিয়েট সংঘৰ অধীনস্থ গণৰাজ্যসমূহ তথা পূব ইউৰোপৰ পূৰ্বৰ সমাজবাদী দেশসমূহত গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা।
(4)বৃহৎ উদ্যোগ প্ৰতিষ্ঠানসমূহ ব্যক্তি আৰু ব্যক্তিগত কোম্পানীৰ হাতত মুকলি কৰি দিয়া।
সাম্যবাদৰ পৰা পুঁজিবাদীলৈ ৰূপান্তৰ হোৱা আটাইতকৈ ভাল উপায় বুলি কব নোৱাৰি।কাৰণ 1990 চনত শাসন কৰা "Shock Therapy"য়ে সমূহীয়া উপভোগৰ ক্ষেত্ৰত যি অবিশ্বাস্য উন্নয়নৰ সপোন দেখুৱাইছিল তাত উপনীত হোৱাত বা জনসাধাৰণক এই ক্ষেত্ৰত গুৰি ধৰাত বিফল হোৱাত পৰিলক্ষিত হল।
সামৰণি:-ইয়াৰ দ্বাৰা কব পাৰি যে" shock therapy" বা "আঘাত নিৰাময়"অত্যন্ত তাৎক্ষণিক ধৰণৰ আছিল।ফলস্বৰূপে দেশসমূহৰ জনসাধাৰণৰ বাবে প্ৰচণ্ড অনিশ্চিয়তা,সংকট আৰু নিৰাপত্তাহীন পৰিৱেশৰ উদ্ভৱ হৈছিল।
__________________৹৹৹৹৹৹_______________
অতি চমু প্ৰশ্নৰ উত্তৰ:
(1) "ৱাৰ্শ্ব চুক্তি" কিমান চনত স্বাক্ষৰিত হৈছিল?
Ans:-1955
(2)ছোভিয়েট সংঘই কিমান চনত আফগানিস্তানত হস্তক্ষেপ কৰিছিল?
Ans:-1979
(3)ৰাষ্ট্ৰপতি মিখাইল গৰ্ভাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।
Ans:-(1)"গ্লাচ্ নোষ্ট"
(2)"পেৰেষ্ট্ৰোইকাইকা"
(4)কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল?
Ans:-1989
(5)কোনখন ৰাষ্ট্ৰৰ পতনক "দ্বিতীয় বিশ্বৰ" পতন হিচাপে জনা যায়?
Ans:-ছোভিয়েট ৰুছিয়া।
______________৹৹৹৹__________
আৰ্হি প্ৰশ্নাৱলী
ৰচনাধৰ্মী প্ৰশ্ন:
(1)নং প্ৰশ্ন:-ছোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।
Ans:-
Intr:-ছোভিয়েট সংঘ নেতৃত্বাধীন শিবিৰক সমাজবাদী শিবিৰ বুলি জনা যায়।বিশ্বৰ পূৱ ইউৰোপৰ দেশসমূহ কেন্দ্ৰীভূত হোৱাৰ বাবে "প্ৰাচ্য শিবিৰ" নামেৰেও জনা যায়।
তলত ছোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ হল-
(1)ছোভিয়েট সমাজবাদী ব্যৱস্থাৰ মুল লক্ষ্য হল আৰ্থ-সামাজিক সমতা আৰু আৰু ন্যায় প্ৰতিষ্ঠা কৰা।
(2)ছোভিয়েট সমাজ ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটাই পৰিকল্পিতভাৱে সমতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত এক সমাজ নিৰ্মাণৰ প্ৰচেষ্টা চলাইছিল।
(3)ছোভিয়েট ব্যৱস্থাৰ ৰাষ্ট্ৰৰ পৰিচালনাত এটাই মাত্ৰ ৰাজনৈতিক দল আছিল।সেইটো হল কমিউনিষ্ট বা সাম্যবাদী দল।
(4)এই ব্যৱস্থাই এক স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ লগতে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সম্পদ আৰু সেৱা নিজাকৈ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিছিল।
(5)এই ব্যৱস্থাত বিৰোধী দলৰ উপস্থিতি নাছিল।
(6)ভূমি তথা উৎপাদনশীল সকলো সম্পদৰ ওপৰত ৰাষ্ট্ৰই নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল।
সামৰণি:-গতিকে কব পাৰি যে যদিও এই ব্যৱস্থাই নিবনুৱা সমস্যাৰ অৱসান ঘটাইছিল তথাপিও ছোভিয়েট ব্যৱস্থা ক্ৰমে আমোলাতান্ত্ৰিক মেৰপাক আৰু স্বৈৰতন্ত্ৰী কাৰ্য্য-কলাপৰ দ্বাৰা প্ৰভাৱিত হবলৈ ধৰে।
__________৹৹৹৹________
(2)নং প্ৰশ্ন:-ছোভিয়েট ইউনিয়ন ধ্বংসৰ পিছত নতুন বিশ্বৰ উদ্ভাৱন মূল্যয়ন কৰা।
Ans:-
Intr:-ছোভিয়েট ইউনিয়ন ধ্বংসই বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে।এখন নতুন বিশ্বৰ উদ্ভাৱন ঘটিছিল বুলিয়েই কব পাৰি।
ছোভিয়েট সংঘৰ পতনৰ লগে লগে পৃথিৱীত বহুকেইখন স্বাধীন ৰাষ্ট্ৰই জন্ম লাভ কৰিছিল।15 খন গণৰাজ্য বিভক্ত হৈ পৰিছিল।
বিভক্ত হোৱা গণৰাজ্যই কিছুমানে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক শিবিৰ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন,চমুকৈ নাটো অংশগ্ৰহণ কৰিছিল।
কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজৰ ভৌগোলিক অৱস্থিতিৰ সুবিধা গ্ৰহণ কৰি ইউৰোপ ,মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা চীনৰ সৈতে সম্পৰ্ক স্থাপনৰ পোষকতা কৰিছিল।
ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূৱ ইউৰোপৰ দেশসমূহ ভীষণ দুৰ্দশাৰ মাজেৰে পুঁজিবাদী দিশলৈ ধাৱমান হৈছিল।
বিশ্বত একক মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান ঘটিছিল।যাৰ ফলস্বৰূপে ছোভিয়েট ব্যৱস্থাৰ নব্য আন্তৰ্জাতিক অৰ্থ-ব্যৱস্থাই অ-প্ৰাসংগিক হৈ পৰিছিল।
সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন, স্ব-নিৰ্ভৰশীল অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন ঘটি এক নতুন বিশ্বৰ উদ্ভাৱন ঘটিছিল।
সামৰণি:-ছোভিয়েট সমাজ ব্যৱস্থাৰ ধ্বংসই এক নতুন বিশ্বৰ উদ্ভাৱন ঘটাইছিল বিশ্বত একক আধিপত্য বিস্তাৰ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই।বাণিজ্যক মিত্ৰতাকে ধৰি সম্পূৰ্ণ ব্যৱস্থাই পৰিৱৰ্তন হৈছিল।
____________৹৹●৹৹_________
(3)নং প্ৰশ্ন:-শীতল যুদ্ধৰ কালছোৱাত ভাৰত আৰু ৰাছিয়াই বিশেষ সম্পৰ্ক উপভোগ কৰিছিল আৰু ইয়াতে ভাৰতক ৰাছিয়াৰ গোষ্ঠীৰ এটা অংশ বুলি সমালোচনা কৰা হৈছিল,তুমি একমত নে?দুটা যুক্তিৰে তোমাৰ সমৰ্থন প্ৰতিপন্ন কৰা।
Ans:-
Intr:-শীতল যুদ্ধৰ কালছোৱাত ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।যাতে দুই শক্তিগোষ্ঠীৰ পৰা সাহাৰ্য্য আৰু সমৰ্থন লাভ কৰিব পাৰে।
ভাৰতবৰ্ষ এই ক্ষেত্ৰত সমালোচনা হৈ আহিছে।বহুতে ভাৰতক ৰাছিয়াৰ গোষ্ঠীৰ এটা অংশ বুলি সমালোচনা কৰে ।এই ক্ষেত্ৰত দুটা দিশৰ পৰা যুক্তি দিব পাৰি, সপক্ষে আৰু বিপক্ষে।
সপক্ষে:-ভাৰতবৰ্ষই সঁচা অৰ্থত গোষ্ঠীনিৰপেক্ষতাৰ নীতি অনুসৰণ কৰা নাছিল।যদিওবা ভাৰতবৰ্ষই দুই মহাশক্তিয়ে নেতৃত্ব দিয়া সামৰিক মিত্ৰজোটসমুহৰ সদস্য পদ গ্ৰহণ কৰা নাছিল।বাংলাদেশৰ সংকটৰ সময়ত ভাৰতবৰ্ষই,1971 চনত ছোভিয়েট সংঘৰ লগত বিছ বছৰীয়া মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল।ছোভিয়েট ৰাছিয়া সমাজবাদীত বিশ্বাসী আছিল।আনহাতে ভাৰতবৰ্ষইও গণতান্ত্ৰিক সমাজবাদ গঢ়ি তোলাৰ হকে প্ৰচেষ্টা চলাইছিল।এইফালৰ পৰা ভাৰত ৰাছিয়া গোষ্ঠীৰ অংশ বুলি সমালোচনা কৰাটো যুক্তিপূৰ্ণ।
বিপক্ষে:-শীতল যুদ্ধৰ কালছোৱাত ভাৰতে ৰাছিয়াৰ লগতে আমেৰিকাৰ লগতো সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতবৰ্ষই দুই মহাশক্তিৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰিছিল ।ৰাছিয়াৰ সৈতে মৈত্ৰী চুক্তি স্বাক্ষৰ কৰাৰ পাছতো মাৰ্কিন। যুক্তৰাষ্ট্ৰৰ বন্ধুত্বপূৰ্ণ মনোভাৱ অব্যাহত ৰাখিছিল।
সামৰণি:-গতিকে কব পাৰি যে ভাৰত ৰাছিয়া গোষ্ঠীৰ এটা অংশ বুলি কৰা সমালোচনাক কিছু কথাত সমৰ্থন কৰিব পাৰি যদিও সম্পূৰ্ণৰূপে ইয়াক মানি লব নোৱাৰি।
_________ ●●৹৹৹●●__________
(4)নং প্ৰশ্ন:- শীতল যুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ লগত ভাৰতৰ সম্পৰ্ক পৰীক্ষা কৰা।
Ans:-
Intr:-শীতল যুদ্ধৰ সময়ত ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি যিহেতু গ্ৰহণ কৰিছিল সেয়েহে ছোভিয়েট ইউনিয়নৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতো বন্ধুত্বৰ মনোভাৱ গঢ়ি তুলিছিল।
সেই সময়ত ভাৰতে ছোভিয়েট ইউনিয়নৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা চলাইছিল।
ভাৰতবৰ্ষৰ লগত ছোভিয়েট ইউনিয়নৰ সম্পৰ্ক অধিক ঘনিষ্ঠ আৰু মধুৰ আছিল।বাংলাদেশৰ সংঘাতৰ সময়ত ভাৰতবৰ্ষই 1971 চনত ছোভিয়েট সংঘৰ লগত বিশ বছৰীয়া মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল।
তৃতীয় বিশ্বৰ বহুবাৰ দেশৰ দৰে ভাৰতবৰ্ষয়ো ছোভিয়েট সমাজবাদী ব্যবস্থাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
দ্বি-পাক্ষিক আদান প্ৰদানৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্ক অতি ঘনিষ্ঠ আছিল।
সামৰণি:-গতিকে কব পাৰি যে যদিও ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল ভাৰতৰ সম্পৰ্ক মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈও ছোভিয়েট ইউনিয়নৰ লগতহে ঘনিষ্ঠতা আছিল।
_____________ ৹৹◆৹৹___________
(5)নং প্ৰশ্ন:-ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি বৰ্ণনা কৰা।
Ans:-
Intr:-ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক শীতল যুদ্ধৰ সময়তো মধুৰ আছিল।শীতল যুদ্ধৰ পিছতো সু-সম্পৰ্ক আছে।
গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দিয়াৰ পাছতো ভাৰতবৰ্ষই ছোভিয়েট সংঘৰ লগত 1971 চনত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল।
শীতল যুদ্ধৰ অৱসান ঘটাৰ পাছতো পূৰ্বৰ ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত আৰু বৰ্তমান স্বাধীন গণৰাজ্যসমূহৰ লগত,বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতৰ সু-সম্পৰ্ক বৰ্তি আছে।
পূৰ্বৰ ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাছিয়াৰ লগত বৰ্তি থকা মধুৰ আৰু বন্ধুত্ব সম্পৰ্কৰ আধাৰ হল আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশে পোষণ কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান প্ৰদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভালাভ।
আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশেই কেতবোৰ মৌলিক প্ৰমূল্য প্ৰচাৰ আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে।সেইবোৰৰ ভিতৰত অন্যতম হল সামূহিক নিৰাপত্তা, প্ৰসাৰিত আঞ্চলিকতাবাদ ,সকলো দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান ইত্যাদি।
দ্বি-পাক্ষিক ক্ষেত্ৰতো দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভৱান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে।2001 চনত দুয়োখন দেশৰ মাজত ভাৰত ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয়।
চীনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাতো ৰাছিয়াই ভাৰতবৰ্ষক সহায় কৰি আহিছে।আন্তৰ্জাতিক সন্ত্ৰাসবাদ সম্পৰ্কত দুয়োখন দেশে তথ্যৰ আদান প্ৰদান কৰি আহিছে।
সামৰিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ লগত ৰাছিয়াৰ সম্পৰ্ক বৰ গভীৰ।ৰাছিয়াৰ অস্ত্ৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ হল দ্বিতীয়খন বৃহৎ বজাৰ।পাৰমাণৱিক ক্ষেত্ৰতো ভাৰতবৰ্ষ ৰাছিয়াৰ দ্বাৰা উপকৃত হৈ আহিছে।
সামৰণি:-গতিকে ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক অতি ঘনিষ্ঠ।
____________ ৹৹৹◆৹৹__________
(6)নং প্ৰশ্ন:-ৰাছিয়া ব্যৱস্থাৰ প্ৰকৃতি আসোঁৱাহসমূহ আলোচনা কৰা।
Ans:-
Intr:-সমাজবাদীত বিশ্বাসী ৰাছিয়া অৰ্থনৈতিক আৰু সামৰিক উভয় ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰে পৃথিৱীৰ অন্য যিকোনো দেশতকৈ আগবঢ়া আৰু শক্তিশালী আছিল।কিন্তু ৰাছিয়া ব্যৱস্থাৰ প্ৰকৃতিৰ আসোঁৱাহৰ বাবে ছোভিয়েট সংঘ ভাঙি পৰিছিল আৰু ভেঁটি ও ক্ৰমে দুৰ্বল হৈ পৰিছিল।
ৰাছিয়া ব্যৱস্থা ক্ৰমে আমোলাতান্ত্ৰিক মেৰপাক আৰু স্বৈৰতন্ত্ৰী কাৰ্য-কলাপৰ দ্বাৰা প্ৰভাৱান্বিত হবলৈ ধৰে।এনে এক পৰিস্থিতত সাধাৰণ জনতাৰ জীৱন দুৰ্বিষহ হৈ উঠে।
ছোভিয়েট সংঘৰ ভিতৰত পোন্ধৰখন গণৰাজ্যৰ ভিতৰত ৰাছিয়া আছিল আটাইতকৈ শক্তিশালী।সেয়েহে সংঘৰ সকলো কাৰ্য-কলাপ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাছিয়াই সম্পূৰ্ণ কৰ্তৃত্ব চলাইছিল।ফলত অন্য গণৰাজ্যসমূহ অৱহেলিত হৈছিল আৰু তেওঁলোকক অৱদমন কৰি ৰখা বুলিও অভিযোগ উত্থাপিত হৈছিল।
1989 চনৰ শেষৰফালে বাৰ্লিন দেৱাল ভাঙি পৰাৰ লগে লগে ইতিহাসৰ সকলো সময়ৰ এটা অতি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক বিৱৰ্তনৰ সূচনা হল।
পূৰ্বৰ ছোভিয়েট সংঘত বসবাস কৰা আৰু গৰিষ্ঠসংখ্যক লোকৰ বাবে পুৰণি সাম্যবাদী লোকসকলে কোৱাতকৈ পুঁজিবাদৰ অধীনত অৰ্থনৈতিক জীৱন আৰু ভয়াবহ হৈ উঠিছে।
মুক্ত গণমাধ্যমকে প্ৰমুখ্য কৰি অৰ্থবহ স্বাধীনতাসম্পন্ন গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ পথো অত্যন্ত দুৰ্বল যেনেই ভাৱ হয় কাৰণ পূৰ্বে স্বধীনভাৱে কাম কৰা দূৰদৰ্শন কেন্দ্ৰসমুহ ও এটাৰ পিছত এটাকৈ বন্ধ কৰি দিয়া হৈছে।
2000 বৰ্ষৰ পৰা যদিও অৰ্থনৈতিক ক্ষেত্ৰত ৰাছিয়া পুনৰ টনকিয়াল হবলৈ ধৰিছে।ছোভিয়েট ব্যৱস্থা ভাঙি যোৱাৰ ফলত বহু ক্ষেত্ৰত দুৰ্বল হৈ পৰিল।
সামৰণি:-গতিকে কব পাৰি যে ৰাছিয়া ব্যৱস্থা প্ৰকৃতিৰ বহুখিনি আসোঁৱাহ আছে।যদিওবা বৰ্তমান ৰাছিয়া বহুক্ষেত্ৰত আগবাঢ়ি গৈছে।অৰ্থনৈতিক ভেঁটি পুনৰ প্ৰতিষ্ঠা হৈছে।
_______________৹৹৹●৹৹৹____________
(7)নং প্ৰশ্ন:-শীতল যুদ্ধৰ পিছত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ওপৰত এটা টোকা লিখা ।
Ans:-
Intr:-শীতল যুদ্ধৰ কালছোৱাত ভাৰত ছোভিয়েট সংঘৰ লগতহে ঘনিষ্ঠততা আছিল।সাম্প্ৰতিক ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছে।
শীতল যুদ্ধৰ পিছত ভাৰতে মুক্ত আৰু বিশ্বৰ অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিছিল।ভাৰতৰ এই নীতি আৰু অৰ্থনীতিৰ উন্নয়নত আমেৰিকাকে ধৰি বিশ্বৰ বহুবিলাক দেশে ভাৰতৰ লগত অৰ্থনৈতিক উন্নয়নত অংশীদাৰ হবলৈ বিচাৰিলে।ইয়াৰ লগে লগেই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক ভাল হবলৈ ধৰিলে।
শীতল যুদ্ধৰ পিছত ভাৰতীয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ব্যৱসায়-বাণিজ্য,যাতায়তৰ সু-ব্যৱস্থা আদিৰ ফলত সম্পৰ্ক অতি মধুৰ হৈ পৰিছে।
ভাৰতে ৰপ্তানি কৰা চফ্ট ওৱেৰৰ শতকৰা 65 ভাগ আমেৰিকাই ক্ৰয় কৰে।শতকৰা 15 ভাগ সকলো উচ্চ প্ৰযুক্তি ভাৰতীয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয়।
মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ।চিলকন উপত্যকাত 3,00,000 ভাৰতীয়ই কাম কৰে।ব'য়িঙত কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা 35 ভাগ ভাৰতীয় বংশোদ্ভৱ।
সামৰণি:- বৰ্তমান ইণ্টাৰনেট সেৱা, শিক্ষা ইত্যাদি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছে।তথাপি ভাৰতে আৰু আমেৰিকাৰ লগত যুগসূত্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত নিজৰ দেশৰ বৈদেশিক নীতিক উন্নত কৰিব লাগিব।
_____________ ৹৹●৹৹__________
(8)নং প্ৰশ্ন:-ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমু টোকা লিখা।
Ans:-
Intr:-ছোভিয়েট সংঘৰ পতনৰ লগে লগে পৃথিৱীত বহুকেইখন স্বাধীন ৰাষ্ট্ৰই জন্ম লাভ কৰিছিল।15 খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰিছিল।
তলত ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হল-
15 খন গণৰাজ্যৰ কিছুমানে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক শিবিৰ উত্তৰ আতলাণ্টিক চুক্তি সংগঠন, চমুকৈ নাটোত অংশগ্ৰহণ কৰিছিল।কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজৰ ভৌগোলিক অৱস্থিতিৰ সুবিধা গ্ৰহণ কৰি ইউৰোপ, মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা চীনৰ সৈতে সম্পৰ্ক স্থাপনৰ পোষকতা কৰিলে।
এই দেশসমূহে আন্তৰ্জাতিক ৰাজনীতিত চলি থকা বিভিন্ন বৈষম্য, বিশেষকৈ বিশ্ব বাণিজ্য ব্যৱস্থাত চলি থকা বৈষম্য দূৰীকৰণৰ বাবে এক নব্য আন্তৰ্জাতিক অৰ্থ ব্যৱস্থা গঢ়ি তোলাৰ হকেও দাবী উত্থাপন কৰিলে।
ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহ ভীষণ কষ্ট আৰু দুৰ্দশাৰ মাজেৰে গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হয়।সমাজবাদৰ পৰা পুঁজিবাদী দিশত হোৱা এই পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
এই দেশসমূহৰ বাবে গণতান্ত্ৰিক সংবিধানৰ খচৰা খৰকতীয়াককৈ তৈয়াৰ কৰা হৈছিল।কিন্তু বেছিভাগ সংবিধানতে কাৰ্যপালিকা, প্ৰধানত: ৰাষ্ট্ৰপতিৰ হাতত অত্যধিক ক্ষমতা অৰ্পণ কৰা হৈছিল।তাৰ তুলনাত সংসদ বা বিধানমণ্ডল হৈ পৰিল যথেষ্ট দুৰ্বল।এনে এক পৰিস্থিতিত এই দেশসমূহৰ বহুততে গণতান্ত্ৰিক ব্যৱস্থাই গা কৰি উঠাতকৈ কাৰ্য্যপালিকা বা স্বৈৰতন্ত্ৰী শাসন ব্যৱস্থাহে প্ৰৱৰ্তন কৰা হ'ল। উদাহৰণস্বৰূপে তুৰ্কনেনিস্তান আৰু উজবেকিস্তানত দুয়োগৰাকী ৰাষ্ট্ৰপতিয়েই নিজেই নিজকে প্ৰথমে দহ বছৰৰ বাবে নিযুক্তি দিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ কাৰ্য্যকাল আৰু দহ বছৰৰ বাবে বৃদ্ধি কৰিছিল।
এই দেশসমূহৰ প্ৰায়বিলাকতে বিভিন্ন ধৰণৰ ৰাজনৈতিক সংঘাতে গা কৰি উঠিছিল।এই সংঘাতসমূহৰ প্ৰধান নৃ-গোষ্ঠীয়।
সামৰণি:-গতিকে কব পাৰি যে নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা বহু সংকটময় আছিল।এই পৰিস্থিতিয়ে সাধাৰণ জনতাৰ জীৱন-জীৱিকা দুৰ্বিষহ কৰি তুলিছিল।
________________ ৹●●৹____________
চমু টোকা:
(1)নংপ্ৰশ্ন:-ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য লিখা।
Ans:-
ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য হল
(1)ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ মূল লক্ষ্য হল আৰ্থ-সামাজিক সমতা আৰু ন্যায়।
(2)এই ব্যৱস্থাই স্ব-নিৰ্ভৰশীল অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিছিল।
(3)ব্যক্তিগত সম্পত্তিৰ মালিকনাস্বত্ব বিলোপ সাধন কৰি ৰাষ্ট্ৰই অৰ্থনীতিৰ ওপৰত সৰ্বময় কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিছিল।
(4)ভূমি তথা উৎপাদনশীল সকলো সম্পদৰ ওপৰত ৰাষ্ট্ৰই নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল।
___________ ৹৹৹ _________
(2)নং প্ৰশ্ন:-ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্পৰ্ক চমুকৈ লিখা।
Ans:-
ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক তলত আলোচনা কৰা হল-
শীতল যুদ্ধৰ কালতো ছোভিয়েট সংঘৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক ঘনিষ্ঠ আৰু মধুৰ আছিল।1971 চনত ভাৰতে ছোভিয়েট সংঘৰ লগত মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল।বৰ্তমানো ৰাছিয়াৰ লগত সু-সম্পৰ্ক বৰ্তি আছে।
আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশেই কেতবোৰ মৌলিক প্ৰমূল্য প্ৰচাৰ আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে।সেইবোৰৰ ভিতৰত সামূহিক নিৰাপত্তা, প্ৰসাৰিত আঞ্চলিকতাবাদ,আলোচনাৰ মাজেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান ইত্যাদি।
2001 চনত দুয়োখন দেশৰ মাজত ভাৰত ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হৈছিল।এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হৈছে।
সামৰিক ক্ষেত্ৰত ভাৰতবর্ষৰ লগত ৰাছিয়াৰ সম্পৰ্ক বৰ গভীৰ।ৰাছিয়াৰ অস্ত্ৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ হল দ্বিতীয়খন বৃহৎ বজাৰ।
এইদৰেই ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক গঢ়ি উঠিছে।
____________৹৹৹●৹৹৹ ________
(3)নং প্ৰশ্ন:-ছোভিয়েট ৰাছিয়া অৰ্থনীতিৰ উন্নতিৰ কাৰণে গৰ্বাচেভে কি ব্যৱস্থা গ্ৰহণ কৰিছিল?
Ans:-
মিখাইল গৰ্বাচেভে ছোভিয়েট সংঘই সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান বিচাৰিছিল।ৰাছিয়াৰ অৰ্থনীতিৰ উন্নতিৰ বাবে তেওঁ কিছুমান ব্যৱস্থা হাতত লৈছিল।
দুৰ্বল উদ্যোগসমূহৰ পৰিৱৰ্তনৰ হকে জনমত গঢ়ি তুলিছিল।ৰাছিয়াৰ অৰ্থনীতি আৰু সামাজিক উন্নতিৰ বাবে দুটা নীতি গ্ৰহণ কৰিছিল।এই নীতি দুটা আছিল "গ্লাছনোষ্ট "আৰু "পেৰেষ্ট্ৰোইকা"।পেৰেষ্ট্ৰোইকাৰ অৰ্থ হৈছে "পুনৰ নিৰ্মাণ" যাৰ জৰিয়তে গৰ্বাচেভে অৰ্থনৈতিক ক্ষেত্ৰত দেখা দিয়া সমস্যাসমুহ সমাধান কৰিব বিচাৰিছিল।
গৰ্বাচেভে অৰ্থনীতিক টনকিয়াল কৰিব খুজিছিল।কিন্তু গৰ্বাচেভে সূচনা কৰা সংস্কাৰ কাৰ্য্যসুচীসমূহে ছোভিয়েট ব্যৱস্থাৰ প্ৰতি বিতুষ্ট শক্তিসমূহৰ উৰ্দগীৰন ঘটালে। যাৰ ফলত ছোভিয়েট ব্যৱস্থাই ভাঙি পৰিছিল।
গতিকে কব পাৰি যে গৰ্বাচেভে ৰাছিয়াৰ অৰ্থনীতিৰ উন্নতিৰ বাবে যি পথ বাছি লৈছিল সেয়া কেতিয়াও বাস্তৱত পৰিণত হোৱা নাছিল।
____________৹৹৹●৹৹৹________
চমু উত্তৰৰ প্ৰশ্ন:
(1)নং প্ৰশ্ন:-ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল?
Ans:-
ছোভিয়েট সংঘত চলা স্বৈৰতন্ত্ৰী কাৰ্য্য-কলাপ আৰু গৰ্বাচেভে সূচনা কৰা গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰোইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীৰ বাবে ছোভিয়েট সংঘ ভংগ হৈছিল।
(2)নং প্ৰশ্ন:-গৰ্বাচেভৰ নতুন অৰ্থনৈতিক কৌশলৰ মূল ধাৰণাৰ ভিত্তি কি?
Ans:-
ব্যাপক স্বচ্ছতা আৰু পুনৰ নিৰ্মাণৰ জৰিয়তে ছোভিয়েট ব্যৱস্থা অধিকভাৱে শৃংখলাবদ্ধ আৰু কৰ্মতৎপৰ কৰি তোলাই আছিল গৰ্বাচেভেৰ অৰ্থনৈতিক কৌশলৰ মূল ধাৰণা।
(3)নং প্ৰশ্ন:-Glassnastৰ অৰ্থ বাখ্যা কৰা।
Ans:-
" গ্লাছনোষ্ট"ৰ অৰ্থ হৈছে ব্যাপক স্বচ্ছতা।এই নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল।
(4)নং প্ৰশ্ন:-ছোভিয়েট ইউনিয়নৰ পতনৰ তিনিটা কাৰণ উল্লেখ কৰা।
Ans:-
তিনিটা কাৰণ হল-
(1)প্ৰশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুৰ্নীতি;
(2)ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা;
(3)গৰ্বাচেভেৰ সংস্কাৰমূলক আঁচনিসমূহ।
(5)নং প্ৰশ্ন:-মধ্য এছিয়াৰ দুখন ৰাষ্ট্ৰৰ নাম লিখা।
Ans:-
মধ্য এছিয়াৰ দুখন ৰাষ্ট্ৰৰ নাম হল-
(1)টাজিকিস্তান;
(2)উজবেকিস্তান।
(6)নং প্ৰশ্ন:-দুখন বলকান ৰাষ্ট্ৰৰ নাম লিখা।
Ans:-
দুখন বলকান ৰাষ্ট্ৰৰ নাম হল-
(1)বুলগেৰিয়া;
(2)ৰুমানিয়া।
(7)নং প্ৰশ্ন:-দ্বিতীয় বিশ্ব কি?
Ans:-
ছোভিয়েট সংঘৰ মতাদর্শক গ্ৰহণ কৰা দেশসমূহক দ্বিতীয় বিশ্ব হিচাপে জনা যায়।
(8)নং প্ৰশ্ন:-সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্রাসিক বা আতংক ব্যৱস্থাৰ প্ৰতিকাৰ কি?
Ans:-
সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ হল-ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহ ভীষণ কষ্ট আৰু দুদৰ্শাৰ মাজেৰে সমাজবাদৰ পৰা পুঁজিবাদী দিশত ধাৱমান হৈছিল।
(9)নং প্ৰশ্ন:-লেলিন কোন আছিল?
Ans:-
লেলিন হল ছোভিয়েট সমাজবাদী ব্যৱস্থাৰ প্ৰৱৰ্তক।
(10)নং প্ৰশ্ন:-ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।
Ans:-
ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হল-
(1)ছোভিয়েট ব্যৱস্থাৰ গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিছিল ৰাষ্ট্ৰই আৰু ৰাষ্ট্ৰৰ পৰিচালনাত এটাই মাত্ৰ ৰাজনৈতিক দল আছিল।
(2)কোনো বিৰোধী ৰাজনৈতিক দলৰ উপস্থিতি নাছিল।
(11)ভাৰতীয় পৰিকল্পনা আৰু ৰাছিয়াৰ পৰিকল্পনাৰ মাজৰ দুটা পাৰ্থক্য লিখা।
Ans:-
দুটা পাৰ্থক্য হল-
(1)ভাৰতীয় পৰিকল্পনাত জনসাধাৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
আনহাতে, ৰাছিয়াৰ পৰিকল্পনাত সাধাৰণ লোকৰ জীৱন -জীৱিকা উন্নয়নৰ নামত ৰাষ্ট্ৰই সকলো ক্ষমতা নিজৰ হাতত হস্তগত কৰিছিল।
(2)ভাৰতৰ পৰিকল্পনা এনেদৰে কৰা হৈছিল যে ই কেতিয়াও গণতন্ত্ৰক বিদাপন্ন নকৰে।
আনহাতে, ৰাছিয়াৰ পৰিকল্পনাত গণতান্ত্ৰিক প্ৰমূল্য, অথবা ব্যক্তিৰ মতপ্ৰকাশৰ স্বাধীনতাক মুঠেও সন্মান জনোৱা নাছিল।
(12)নং প্ৰশ্ন:-নিকিতা খ্ৰুছেভ কোন আছিল?
Ans:-
ষ্টেলিনৰ মৃত্যুৰ পিছত 1953 চনৰ নিকিতা খ্ৰুছেভ ছোভিয়েট সংঘৰ নেতা আছিল।
(13)নং প্ৰশ্ন:-ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ এটা ফলাফল লিখা।
Ans:-
ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ এটা ফলাফল হল-
(1)শীতল যুদ্ধৰ সংঘাতৰ অৱসান।
_______________৹৹৹৹_______________
বস্তুনিষ্ঠ প্ৰশ্ন:
(1)নং প্ৰশ্ন:-ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া হৈছিল?
Ans:-
1917 চনত।
(2)নং প্ৰশ্ন:-কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল?
Ans:-
1991 চনত।
(3)নং প্ৰশ্ন:-কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ সমাপ্তি ঘটে?
Ans:-
ছোভিয়েট ৰাছিয়া।
(4)নং প্ৰশ্ন:-ছোভিয়েট সংঘত কেইখনমান গণৰাজ্য আছে?
Ans:-
15 খন গণৰাজ্য।
(5)নং প্ৰশ্ন:-কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?
Ans:-
মিখাইল গৰ্বাচেভে।
(6)কি আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত?
Ans:-
সাম্যবাদী আদৰ্শৰ ওপৰত।
_____________ ৹৹৹ _________
Comments
Post a Comment