H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:-
ৰচনাধৰ্মী প্ৰশ্ন:
(1)নং প্ৰশ্ন:-নাগৰিক কোন?নাগৰিকত্ব কেনেকৈ অর্জন কৰিব পাৰি?(Mark's:6)
Ans:-
যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়।
সাধাৰণতে দুটা পদ্ধতিৰে নাগৰিকত্ব লাভ কৰিব পাৰি।
(1)জন্মসূত্ৰৰ দ্বাৰা:-জন্মসূত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ'ব পাৰে।জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব অর্জন কৰা নীতিক দুটা ভাগত ভগাব পাৰি-
(ক)তেজৰ সম্পৰ্ক আৰু
(খ)জন্মস্থান নীতি।
সাধাৰণতে জন্মস্থান বা তেজৰ সম্পৰ্ক আৰু জন্মস্থানৰ নীতি অনুযায়ী নাগৰিকত্ব অর্জনক প্ৰায়বোৰ ৰাষ্ট্ৰই অনুকৰণ কৰা দেখা যায়।কিন্তু দুয়োটাৰে সুবিধা আৰু অসুবিধা দুয়োটাই আছে।
(2)দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা:-এই পদ্ধতিৰ দ্বাৰা কোনো এজন বিদেশী নাগৰিক বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব পাৰে।নানাবিধ উপায়েৰে এনে ধৰনে নাগৰিকত্ব অর্জন কৰিব পৰা সম্ভৱ।সেইবোৰ হ'ল-
(ক)দীৰ্ঘকাল বসবাস
(খ)বিবাহ
(গ)চৰকাৰী চাকৰি গ্ৰহণ
(ঘ)সেনাবাহিনীত যোগদান
(ঙ)সম্পত্তি ক্ৰয়
(চ)পঞ্জীয়ন।
এই দুয়োটা পদ্ধতি থকাৰ উপৰিও আন এটা হ'ল-কোনো অঞ্চল চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব অর্জন কৰিব পাৰি।উদাহৰণস্বৰূপে চিকিম ভাৰতৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে চিকিমত বসবাস কৰা লোকসকল ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছে।
সামৰণি:-বৰ্তমান বিশ্বৰ সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃতি দিয়াৰ বাবে একোটা পদ্ধতি গ্ৰহণ কৰে।
_______৹৹৹______
(2)নং প্ৰশ্ন:-সাৰ্বজনীন নাগৰিকত্ব ধাৰণাটো পৰীক্ষা কৰা।(Mark's:6)
Ans:-
Intr:-ৰাষ্ট্ৰ নাগৰিকসকলক লৈ গঠিত হয়।নাগৰিক বুলি পৰিগণিত হোৱাৰ বাবে তেনে কোনো যোগ্যতাৰ প্রয়োজন নাই।ইয়াকে সাৰ্বজনীন নাগৰিক বুলি ক'ব পাৰি।
বৰ্তমান নাগৰিক শব্দটোৱে এটা ব্যাপক অৰ্থত সূচায়।সেয়ে নাগৰিক হিচাপে এখন ৰাষ্ট্ৰত বসবাস কৰা আৰু কাম কৰা সকলো লোকে সমান আৰু সম্পূৰ্ণ সদস্যতা পোৱাৰ অধিকাৰ আছে।এই ক্ষেত্ৰত "সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ"ৰ যথেষ্ট ভূমিকা পালন কৰা দেখা যায়।
আজিকালি বিশ্বৰ প্ৰায়বিলাক দেশে সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাক সমৰ্থন কৰে।সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃতি দিয়াৰ বাবে একোটা সুনিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰে।
সাৰ্বজনীন নীতিবিলাক অনুসৰণ কৰিবৰ বাবে দেশৰ সংবিধান আৰু আইনত স্পষ্টভাৱে লিপিবদ্ধ হৈ থাকে।
কিন্তু ওচৰ-চুবুৰীয়া প্ৰায়বিলাক দেশৰপৰা ভাৰতলৈ অনুপ্ৰৱেশ ঘটি আছে।এই সকলৰ মাহৰপৰা বহু লোকক নাগৰিকত্বও প্ৰদান কৰা হৈছে।এই ধৰণৰ সমস্যাই গণতান্ত্ৰিক নাগৰিকত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি।
সামৰণি:-গতিকে ক'ব পাৰি যে-বিশুদ্ধ সাৰ্বজনীন নাগৰিকত্বৰ বাবে বিভিন্ন ব্যৱস্থা কৰাটো উচিত।
_____৹৹৹_____
(3)নং প্ৰশ্ন:-সুনাগৰিকৰ অন্তৰায়সমূহ কি কি?(Mark's:6)
Ans:-
Intr:-সুনাগৰিকতা অর্জনৰ পথত কিছুমান অন্তৰায় বা প্ৰতিবন্ধতকতা দেখা যায় যাৰ ফলত ৰাষ্ট্ৰই ইচ্ছা থাকিলেও সুনাগৰিক গঢ়ি তুলিব নোৱাৰে।
তলত অন্তৰায়সমূহ উল্লেখ কৰা হ'ল-
(1)উদাসীনতা:-উদাসীনতা মানে হ'ল কৰ্তব্যবোধৰ অভাৱ।
(2)অজ্ঞতা:-যদি এজন নাগৰিক অজ্ঞ হয় তেন্তে তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ হ'ব নোৱাৰে।
(3)স্বার্থপৰতা:-স্বাৰ্থপৰ নাগৰিকৰে ভৰা ৰাষ্ট্ৰ এখনে কোনো উন্নতি আশা কৰিব নোৱাৰে।
(4)এলাহ:-এলেহুৱা মানুহে নিজে চিন্তা নকৰে,আনে চিন্তা কৰিব বুলি গা এৰা দিয়ে।
(5)সংকীৰ্ণতা:-এনে ধৰণৰ মনোভাৱে মানুহক উদাৰ,দূৰদৰ্শী হোৱাত বাধা প্ৰদান কৰে।
(6)দৰিদ্ৰতা:-আৰ্থিক অনাটনে মানুহক সুশিক্ষা পোৱাত আৰু জ্ঞান অৰ্জন বাধাৰ সৃষ্টি কৰে।
সামৰণি:-ওপৰত উল্লেখ কৰা অন্ত্ৰায়বিলাকৰ কাৰণেই কোনো এখন দেশৰ নাগৰিকবিলাকে সুনাগৰিকতাৰ গুণবিলাক আয়ত্ব কৰিব নোৱাৰে।
_____৹৹৹৹_____
চমু উত্তৰৰ প্ৰশ্ন:(Marks:4)
(1)নংপ্ৰশ্ন:-নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পাৰ্থক্য লিখা।
Ans:-
(1) নাগৰিকসকল স্থায়ী বাসিন্দা।
কিন্তু বিদেশীসকল স্থায়ী বাসিন্দা নহয়।
(2)নাগৰিকসকলে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাব লাগে।
আনহাতে বিদেশীসকলে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ প্ৰতিহে আনুগত্য দেখুৱাব লাগে।
(3)নাগৰিকসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে।
কিন্তু বিদেশীসকলে নোৱাৰে।
(4)নাগৰিক এজনে ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলা-ফুৰাৰ অধিকাৰ আছে।
কিন্তু বিদেশী এজনৰ এই অধিকাৰক বহু সময়ত নিয়ন্ত্ৰণ কৰা হয়।
____৹৹৹______
(2)নং প্ৰশ্ন:-সু-নাগৰিকৰ গুণসমূহ কি কি?
Ans:-
Intr:-ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিক সুনাগৰিক হোৱাৰ প্ৰয়োজন।এজন ব্যক্তি ভাল মানুহ হ'লেও ভাল নাগৰিক নহ'বও পাৰে যদিহে তেওঁৰ অন্যান্য গুণ নাথাকে।
সুনাগৰিকৰ গুণসমূহ হ'ল-
(1)বুদ্ধিমত্তা:-যিজন ব্যক্তিয়ে ভাল-বেয়া নিৰ্ণয় কৰি কোনো বিষয়ৰ ওপৰত মতামত দিব পাৰে তেওঁৱেই সুনাগৰিক।
(2)বিবেকসম্পন্ন:-নাগৰিকসকল বিবেকশীল হ'লেহে এখন আদৰ্শ ৰাষ্ট্ৰ গঢ়ি উঠিব পাৰে।
(3)শিক্ষা:-সুনাগৰিকৰ বাবে শিক্ষা একান্ত প্ৰয়োজন।
(4)সৎ চৰিত্ৰ:-এজন সুনাগৰিকৰ কিছুমান নৈতিক আদৰ্শ থাকে।
সামৰণি:-এই গুণসমূহ থাকিলে এজন নাগৰিক সুনাগৰিক বুলিব পাৰি।
______৹৹৹______
(3)নং প্ৰশ্ন:-ৰাষ্ট্ৰীয় নাগৰিকতা কি? বুজাই লিখা।
Ans:-
Intr:-বৰ্তমান বিশ্বৰ সকলো ৰাষ্ট্ৰই নাগৰিক বুলি স্বীকৃতি দিয়াৰ বাবে একোটা নিৰ্ধাৰিত পদ্ধতি অনুসৰণ কৰে।
জন্মসূত্ৰৰ বাহিৰেও আন উপায়েৰেও নাগৰিকত্ব অর্জন কৰিব পাৰি।যেন-কোনো অঞ্চল চামিলকৰণৰ জৰিয়তে নাগৰিকতা অর্জন কৰিব পাৰি।উদাহৰণস্বৰূপে-চিকিম ভাৰতৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত চিকিমত বসবাস কৰা লোকসকলে ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছে।
দীৰ্ঘকাল বসবাস কৰি অৰ্থাৎ কোনো এজন বিদেশীয়ে নাগৰিকতা লাভ কৰিব বিচৰা ৰাষ্ট্ৰত কেইবছৰমান স্থায়ীভাৱে বসবাস কৰিব লাগিব।
যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰে তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকতা ত্যাগ কৰি সেই দেশৰ নাগৰিকতা লাভ কৰিব পাৰে।
আবেদন বা পঞ্জীয়নৰ দ্বাৰা নাগৰিকত্ব অর্জনৰ সুবিধা আছে।এনেদৰে ৰাষ্ট্ৰ এখনত বসবাস কৰা লোকে ৰাষ্ট্ৰীয় নাগৰিকত্ব অর্জন কৰে।
সামৰণি:-ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী দ্বাৰা এজন ব্যক্তিয়ে ৰাষ্ট্ৰীয় নাগৰিকত্ব অর্থাৎ ৰাষ্ট্ৰৰ সকলো ধৰণৰ সুবিধা উপভোগ কৰিব পাৰে।
_____৹৹৹৹_____
(4)নংপ্ৰশ্ন:-নাগৰিকৰ কৰ্তব্যসমূহ কি কি?
Ans:-
Intr:-নাগৰিসকলে পালন কৰিবলগীয়া দায়িত্বক কৰ্তব্য হিচাপে অভিহিত কৰা হয়।
নাগৰিকৰ কৰ্তব্যসমূহ হ'ল-
(1)পৰিয়ালৰ প্ৰতি কৰ্তব্য:-পৰিয়ালৰ প্ৰতি কৰ্তব্য হ'ল সৰ্বপ্ৰধান।
(2)জনসেৱা:-সমাজৰ মংগলৰ বাবে এজন নাগৰিকে সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াব লাগে।
(3)ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য:-নাগৰিক সকলে ৰাষ্ট্ৰীয় আইন মানি চলিব লাগিব, ন'হলে ৰাষ্ট্ৰত অৰাজকতাই দেখা দিব।
(4)সৎ ভাৱে ভোটদান:-যোগ্য প্ৰাৰ্থীক ভোটদান কৰা নাগৰিকৰ অন্যতম কৰ্তব্য।
সামৰণি:-ইয়াৰ বাহিৰেও নাগৰিকসকলে সামাজিক কল্যাণৰ বিষয়ে সচেতন থাকিব লাগে।
_____৹৹৹_____
(5)নং প্ৰশ্ন:-অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ সম্পৰ্ক বাখ্যা কৰা।
Ans:-
Intr:-অধিকাৰৰ মাজত কৰ্তব্য নিহিত হৈ আছে।অধিকাৰ আৰু কৰ্তব্য এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।
ৰাষ্ট্ৰ ব্যক্তিৰ বাবে আৰু ব্যক্তি সমাজৰ বাবে এই নীতিয়ে অধিকাৰ আৰু কৰ্তব্যক বান্ধি ৰাখিছে।মানুহৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ থকাৰ বাবে মানুহৰ অধিকাৰ আৰু কৰ্তব্যৰ মাজতো সম্পৰ্ক আছে।
নাগৰিকৰ জীৱনৰ সৈতে অধিকাৰ আৰু কৰ্তব্যৰ এটি বন্ধনত আৱদ্ধ।এজনৰ অধিকাৰ আনজনৰ কৰ্তব্য পালনৰ ওপৰত নিৰ্ভৰশীল।
ৰাষ্ট্ৰৰ কৰ্তব্য হ'ল নাগৰিকৰ পূৰ্ণ বিকাশত সুনিশ্চিত কৰা।নাগৰিকৰ কৰ্তব্য হ'ল- ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিষয়ে সচেতন থকা।
বহুতো দেশত অধিকাৰ আৰু কৰ্তব্যৰ সাংবিধানিক স্বীকৃতি আছে।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে-অধিকাৰ আৰু কৰ্তব্য ওতঃপ্ৰোতভাৱে জড়িত।এটাক বাদ দি আনটোৰ কল্পনা কৰিব নোৱাৰি।
_____৹৹৹____
অতি চমু উত্তৰৰ প্ৰশ্ন(Mark's:2)
(1)নং প্ৰশ্ন:-নাগৰিকৰ এটা সংজ্ঞা দিয়া।
Ans:-
যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়।
(2)নং প্ৰশ্ন:-নাগৰিকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
Ans:-
নাগৰিকৰ দুটা বৈশিষ্ট্য হ'ল-
(1)নাগৰিকসকল সেই দেশৰ স্থায়ী বাসিন্দা।
(2)নাগৰিকসকল ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলা-ফুৰাৰ অধিকাৰ আছে।
_____●●●_____
প্ৰশ্নাৱলী:
ৰচনধৰ্মী প্ৰশ্ন(Mark's:6)
(1)নং প্ৰশ্ন:-নাগৰিকৰ সংজ্ঞা দিয়া।নাগৰিক আৰু বিদেশীৰ মাজত থকা পাৰ্থক্যবোৰ বাখ্যা কৰা।
Ans:-
যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়।
(1) নাগৰিকসকল স্থায়ী বাসিন্দা।
কিন্তু বিদেশীসকল স্থায়ী বাসিন্দা নহয়।
(2)নাগৰিকসকলে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাব লাগে।
আনহাতে বিদেশীসকলে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ প্ৰতিহে আনুগত্য দেখুৱাব লাগে।
(3)নাগৰিকসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে।
কিন্তু বিদেশীসকলে নোৱাৰে।
(4)নাগৰিক এজনে ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলা-ফুৰাৰ অধিকাৰ আছে।
কিন্তু বিদেশী এজনৰ এই অধিকাৰক বহু সময়ত নিয়ন্ত্ৰণ কৰা হয়।
____৹৹৹______
(2)নং প্ৰশ্ন:-কি কি কাৰণত নাগৰিকত্ব লোপ পায় বৰ্ণনা কৰা।
Ans:-
Intr:-নাগৰিকত্ব যেনেকৈ লাভ কৰা হয় ঠিক তেনেদৰে নাগৰিকত্ব নানা কাৰণত হেৰুৱাবও পাৰে।
(1)যদি এখন দেশৰ নাগৰিকে আন এখন দেশৰ দেশীয়কৃত নাগৰিকত্ব গ্ৰহণ কৰে,তেতিয়া তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱায়।
(2)কোনো এগৰাকী মহিলাই যদি আন দেশৰ নাগৰিকৰ লগত বিয়া হৈ বিদেশী স্বামীৰ নাগৰিকতা গ্ৰহণ কৰিলে।
(3)কোনো নাগৰিকে যদি নিজ দেশৰ সামৰিক বাহিনীৰ পৰা পলায়ন কৰে তেন্তে তেওঁৰ নাগৰিকতা লোপ পায়।
(4)এজন নাগৰিকে যদি নিজ দেশ এৰি আন দেশত বসবাস কৰে তেতিয়া তেওঁ নিজ দেশৰ নাগৰিকতা হেৰুৱায়।
(5)নিজৰ দেশৰ বিনা অনুমতিত কোনো নাগৰিকে যদি বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো সন্মান বা উপাধি গ্ৰহণ কৰে তেন্তে তেওঁৰ নিজৰ দেশৰ নাগৰিকতা হেৰুৱাব।
(6)ৰাষ্ট্ৰবিৰোধী কোনো গুৰুতৰ অপৰাধত অভিযুক্ত হৈ দণ্ডিত হ'লে।
সামৰণি:-ইয়াৰ ভিতৰত সৈন্যবাহিনীৰ পৰা পলায়ন,গুৰুতৰ অপৰাধত নাগৰিকতা চিৰকালৰ বাবে লোপ পায়।
____৹৹৹____
(3)নংপ্রশ্ন:-আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে কোনোবোৰ অধিকাৰ আশা কৰে?তেওঁলোকৰ ৰাষ্ট্ৰত অন্যান্য নাগৰিকৰ প্ৰতি কি বাধ্য-বাধকতা থাকিব?
Ans:-
Intr:-সাম্প্ৰতিক কালত নাগৰিকত্বৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।
গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে মৰ্য্যদা তথা সন্মানসহকাৰে জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয় অধিকাৰ আৰু নিৰাপত্তা বিচাৰে।
আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ দাবী কৰে।ইয়াৰ উপৰিও নিয়োগ আৰু চৰকাৰী সহায় পোৱাৰ অধিকাৰ আদি অধিকাৰসমূহ আশা কৰে।
জীৱনৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ সকলোৱে আশা কৰে।পুৰুষ-মহিলা কোনো ব্যক্তিয়ে আজিকালি আনৰ তলতীয়া হোৱাটো নিবিচাৰে।শোষণ আৰু মুক্তি পোৱাৰ অধিকাৰ বিচাৰে।
যিহেতু এখন ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকে তেওঁলোকৰ অধিকাৰসমূহ আশা কৰে ,পুৰাদমে সামাজিক, ৰাজনৈতিক অধিকাৰ উপভোগ কৰাটো বিচাৰে।কিন্তু অন্যান্য ৰাষ্ট্ৰৰ নাগৰিকৰ ওপৰত কিছুমান বাধ্য-বাধকতা আছে।যেনে-
(1)এজনে দেশৰ অন্যান্য অধিকাৰ পালেও ৰাজনৈতিক অধিকাৰ পাব নোৱাৰে।
(2)বিদেশী এজনে বসবাস কৰাৰ কাৰণে ৰাষ্ট্ৰৰ পৰা অনুমতি লব লাগিব।
সামৰণি:-গতিকে ক'ব পাৰি যে-আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে উপৰোক্ত অধিকাৰসমূহ আশা কৰা দেখা যায়।
______৹৹৹______
(4)নং প্ৰশ্ন:-সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰা হ'লেও সকলোৱে তাক সমানে প্ৰয়োগ কৰিব নোৱাৰিব পাৰে।-বাখ্যা কৰা।
Ans:-
Intr:-বৰ্তমান নাগৰিক শব্দটোৱে এটা ব্যাপক অৰ্থত সূচায়।সেয়ে নাগৰিক হিচাপে এখন ৰাষ্ট্ৰত বসবাস কৰা আৰু কাম কৰা সকলো লোকে সমান আৰু সম্পূৰ্ণ সদস্যতা পোৱাৰ অধিকাৰ আছে।কিন্তু সকলো নাগৰিকে তাক সমানে প্ৰয়োগ কৰিব নোৱাৰিব পাৰে।
আজিকালি প্ৰায়বোৰ ৰাষ্ট্ৰৰ নাগৰিকে তেওঁলোক আনতকৈ পৃথক আৰু তেওঁলোকৰ এটা সুকীয়া সত্বা থকা বুলি গৌৰৱ অনুভৱ কৰে।ইয়াৰ দ্বাৰা নাগৰিকতা কিছুমানৰ বাবেহে, ৰাষ্ট্ৰত বসবাস কৰা সকলোৰে বাবে নহয়।বহিৰাগতসকলে সকলো অধিকাৰ উপভোগ কৰিব নোৱাৰে।
ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰা সকলো নাগৰিকে ৰাজনৈতিক অধিকাৰ অৰ্থাৎ নিৰ্বাচনত ভোটদান আৰু প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ লাভ কৰে।কিন্তু দেখা যায় যে নিৰ্বাচনত তেওঁলোকেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে যিসকলৰ বাহুবল আৰু ধনৰবল আছে।
স্বাস্থ্যৰ অধিকাৰ,নিয়োগৰ ক্ষেত্ৰত,শোষণ আৰু উৎপীড়নৰ পৰা মুক্তি পোৱাৰ অধিকাৰ, মহিলাৰ অধিকাৰ আদিৰ ক্ষেত্ৰত যদিও সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰা হ'লেও সকলোৱে তাক সমানে প্ৰয়োগ কৰিব নোৱাৰে।
সামৰণি:-গতিকে ক'ব পাৰি যে-সকলো নাগৰিকৰ যদিও সমান অধিকাৰ আছে যদিও সকলোৱে সমান অধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব পাৰে।
______৹৹৹৹______
(5)নং প্ৰশ্ন:-গোলকীয় নাগৰিকত্বই কি বুজায় লিখা।
Ans:-
Intr:-সাম্প্ৰতিক কালত গোলকীয় নাগৰিকত্বৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।
আজিৰ দিনত মানুহে পৰস্পৰ সম্পৰ্কযুক্ত ৰাষ্ট্ৰত বাস কৰে।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰ, যেনে-ইণ্টাৰনেট,দূৰদৰ্শন, মবাইল ফোন আদিৰ প্ৰভাৱে সমগ্ৰ বিশ্বতে এক নতুন দিগন্তৰ সূচনা কৰিছে।
যোগাযোগৰ নতুন মাধ্যমবোৰে সমগ্ৰ বিশ্বক এটা পৰিয়ালত পৰিণত কৰাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইত সংঘটিত যিকোনো ঘটনা তৎকালেই সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰে।
বিশ্বৰ কোন এখন দেশৰ জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো কাৰণত ক্ষতিগ্ৰস্ত হ'লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায়।এনে ধৰণৰ সহায় সহযোগিতাই এখন বিশ্ব সমাজ গঠনৰ ইংগিত বহন কৰে বুলি ক'ব পাৰি।
কিছুমান আন্ত:ৰাষ্ট্ৰীয় সমস্যাৰ সমাধান অকলে এখন ৰাষ্ট্ৰই কৰিব নোৱাৰে এই ক্ষেত্ৰত গোলকীয় নাগৰিকত্বৰ প্ৰয়োজন নিশ্চয় আছে।
সামৰণি:-নাগৰিকে সুস্থ সামাজিক পৰিৱেশতহে শান্তিৰে বসবাস কৰিব পাৰে।
________৹৹৹৹৹_______
(6)নং প্ৰশ্ন:-দেশীয়কৰণ সূত্ৰৰ দ্বাৰা এজন নাগৰিকে কি কি উপায়ে নাগৰিকত্ব অর্জন কৰিব পাৰে বৰ্ণনা কৰা।
Ans:-
Intr:-জন্মসূত্ৰৰ দ্বাৰা বাহিৰে আন উপায়েৰে নাগৰিকতা লাভ কৰা পদ্ধতিক দেশীয়কৰণ পদ্ধতি বুলি কোৱা হয়।
নানাবিধ উপায়েৰে এনে ধৰণৰ নাগৰিকতা অর্জন কৰা সম্ভৱ।
(1)দীৰ্ঘকাল বসবাস:-কোনো এজন বিদেশীয়ে নাগৰিকতা লাভ কৰিব বিচৰা ৰাষ্ট্ৰত কেইবছৰমান স্থায়ীভাৱে বসবাস কৰিব লাগিব।
(2)বিবাহ:-বিবাহৰ দ্বাৰাও কোনো বিদেশী মহিলাই আন এখন দেশৰ নাগৰিকতা লাভ কৰিব পাৰে।
(3)চৰকাৰী চাকৰি গ্ৰহণ:-যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰে তেন্তে তেওঁ সেই দেশৰ নাগৰিকত্ব অর্জন কৰিব পাৰে।
(4)সেনাবাহিনীত যোগদান:-যদি কোনো এজন ব্যক্তিয়ে কোনো এখন বিদেশী ৰাষ্ট্ৰৰ সেনাবাহিনীত যোগদান কৰে তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকত্ব লোপ পাব আৰু সেই দেশৰ নাগৰিকত্ব অর্জন কৰিব।
(5)সম্পত্তি ক্ৰয়:-কোনো এজন ব্যক্তিয়ে যদি বিদেশী ৰাষ্ট্ৰত মাটি কিনি সেই দেশৰ নিয়মমতে স্থায়ীভাৱে বসবাস কৰে।
(6)পঞ্জীয়ন:-কোনো এজন ব্যক্তিয়ে পঞ্জীয়নৰ জৰিয়তে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকতা লাভ কৰিব পাৰে।
সামৰণি:-ৰাষ্ট্ৰই এই চৰ্তবিলাক মানি লৈ নাগৰিকত্ব প্ৰদান কৰাকে দেশীয়কৰণ নাগৰিক বোলা হয়।
_____৹৹৹_____
(7)নং প্ৰশ্ন:-বৰ্তমান সময়ত বিশ্ব নাগৰিকত্ব সম্ভৱনে?আলোচনা কৰা।
Ans:-
Intr:-সাম্প্ৰতিক কালত বিশ্ব নাগৰিকত্বৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।
আজিৰ দিনত মানুহে পৰস্পৰ সম্পৰ্কযুক্ত ৰাষ্ট্ৰত বসবাস কৰে সেয়ে বৰ্তমান সময়ত বিশ্ব নাগৰিকত্ব সম্ভৱ।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰ, যেনে-ইণ্টাৰনেট,দূৰদৰ্শন, মবাইল ফোন আদিৰ প্ৰভাৱে সমগ্ৰ বিশ্বতে এক নতুন দিগন্তৰ সূচনা কৰিছে।
যোগাযোগৰ নতুন মাধ্যমবোৰে সমগ্ৰ বিশ্বক এটা পৰিয়ালত পৰিণত কৰাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইত সংঘটিত যিকোনো ঘটনা তৎকালেই সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰে।
বিশ্বৰ কোন এখন দেশৰ জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো কাৰণত ক্ষতিগ্ৰস্ত হ'লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায়।
কিছুমান আন্ত:ৰাষ্ট্ৰীয় সমস্যাৰ সমাধান অকলে এখন ৰাষ্ট্ৰই কৰিব নোৱাৰে এই ক্ষেত্ৰত বিশ্ব নাগৰিকত্বৰ প্ৰয়োজন নিশ্চয় আছে।
সামৰণি:-গতিকে আমি ক'ব পাৰো যে-নিশ্চয়কৈ বৰ্তমান সময়ত বিশ্ব নাগৰিকত্ব সম্ভৱৰ হৈ উঠিছে।
_______৹৹৹৹______
(8)নং প্ৰশ্ন:-আমাৰ দেশ ভাৰতবৰ্ষত নাগৰিকত্ব সম্পৰ্কত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰা।
Ans:-
Intr:-আমাৰ দেশ ভাৰতবৰ্ষই নাগৰিকত্ব অর্জনৰ বাবে কিছুমান নীতি গ্ৰহণ কৰিছে।তৎসত্বেও ভাৰতবৰ্ষত নাগৰিকত্ব সম্পৰ্কত কিছুমান সমস্যাৰ সৃষ্টি নোহোৱাকৈ থকা নাই।
ভাৰতবৰ্ষত নাগৰিকত্ব অর্জনৰ সকলো ধৰণৰ সা-সুবিধা থকাৰ পাছতো সময়ে সময়ে বিদ্ৰোহ আৰু অন্যকৰ উদ্গীৰণ হোৱা দেখা যায়।নাগৰিকত্বৰ সম্পূৰ্ণ অধিকাৰৰ পৰা বঞ্চিত হোৱা বাবে নাৰী আন্দোলন, দলিত শ্ৰেণীৰ আন্দোলন,জনজাতিসকলৰ আন্দোলন, কৃষক আন্দোলনে গা কৰি উঠিছে।
ভাৰতবৰ্ষলৈ অবৈধ অনুপ্ৰৱেশ চলি থকা দেখা পোৱা যায়।এই সকলৰ মাজৰ পৰা বহু লোকক নাগৰিকত্বও প্ৰদান কৰা হৈছে।এনে ধৰণৰ সমস্যাই গণতান্ত্ৰিক নাগৰিকত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি।
আমাৰ দেশ ভাৰতে নিজকে এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বিশ্ব দৰবাৰত চিনাকি দিয়ে।তথাপিও ব্যক্তিগত আৰু সামাজিক কামৰ মাজত এটা গ্ৰহণযোগ্য সূত্ৰ বহু সময়ত বিচাৰি পোৱাটো সম্ভৱ নহয়।
সামৰণি:-ইয়াৰ দ্বাৰা ক'ব পাৰো যে-ভাৰতবৰ্ষত নাগৰিকত্বৰ সম্পৰ্কত বিভিন্ন সমস্যা আছে।
______৹৹৹৹______
চমু উত্তৰৰ প্ৰশ্ন(Mark's:4)
(1)নং প্ৰশ্ন:-সুনাগৰিকৰ যিকোনো পাঁচটা গুণ উল্লেখ কৰা।
Ans:-
Intr:-ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিক সুনাগৰিক হোৱাৰ প্ৰয়োজন।এজন ব্যক্তি ভাল মানুহ হ'লেও ভাল নাগৰিক নহ'বও পাৰে যদিহে তেওঁৰ অন্যান্য গুণ নাথাকে।
সুনাগৰিকৰ গুণসমূহ হ'ল-
(1)বুদ্ধিমত্তা:-যিজন ব্যক্তিয়ে ভাল-বেয়া নিৰ্ণয় কৰি কোনো বিষয়ৰ ওপৰত মতামত দিব পাৰে তেওঁৱেই সুনাগৰিক।
(2)বিবেকসম্পন্ন:-নাগৰিকসকল বিবেকশীল হ'লেহে এখন আদৰ্শ ৰাষ্ট্ৰ গঢ়ি উঠিব পাৰে।
(3)শিক্ষা:-সুনাগৰিকৰ বাবে শিক্ষা একান্ত প্ৰয়োজন।
(4)সৎ চৰিত্ৰ:-এজন সুনাগৰিকৰ কিছুমান নৈতিক আদৰ্শ থাকে।
(5)সাহসিকতা:-এজন ভাল নাগৰিকৰ সাহস থাকে।
সামৰণি:-এই গুণসমূহ থাকিলে এজন নাগৰিক সুনাগৰিক বুলিব পাৰি।
______৹৹৹______
(2)নং প্ৰশ্ন:-ভাৰতত নাগৰিকত্বক লৈ আজিকালি উত্থাপিত হোৱা বিষয়বোৰৰ কিছুমান আলোচনা কৰা।
Ans:-
Intr:-আমাৰ দেশ ভাৰতবৰ্ষই নাগৰিকত্ব অর্জনৰ বাবে কিছুমান নীতি গ্ৰহণ কৰিছে।
ভাৰতবৰ্ষই নাগৰিকত্ব অর্জনৰ বাবে বিভিন্ন নীতি গ্ৰহণ কৰিছে তথাপিও নাগৰিকত্বৰ সম্পূৰ্ণ অধিকাৰৰ পৰা বঞ্চিত হোৱা বাবে নাৰী আন্দোলন, দলিত শ্ৰেণীৰ আন্দোলন, জনজাতিসকলৰ আন্দোলন, কৃষক আন্দোলনে গা কৰি উঠিছে।
ভাৰতবৰ্ষলৈ অবৈধ অনুপ্ৰৱেশ চলি থকা দেখা পোৱা যায়।এই সকলৰ মাজৰ পৰা বহু লোকক নাগৰিকত্বও প্ৰদান কৰা হৈছে।এনে ধৰণৰ সমস্যাই গণতান্ত্ৰিক নাগৰিকত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি।
অতি সম্প্ৰতি অসমত অতি গুৰুত্ব সহকাৰে আলোচিত বিষয়টো হ'ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিয়ন।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন হ'ল - ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ বিষয়ে সবিশেষ তথ্য সন্নিৱিষ্ট এক পঞ্জী।
সামৰণি:-গতিকে ক'ব পাৰি যে-ভাৰতত নাগৰিকত্বক লৈ আজিকালি বহুতো আলোচনা হোৱা দেখা পোৱা যায়।
_______৹৹৹_____
(3)নং প্ৰশ্ন:-মৰ্থিন লুথাৰ কিঙৰ নাগৰিকত্বৰ ধাৰণা ব্যাখ্যা কৰা।
Ans:-
Intr:-মৰ্থিন লুথাৰে বৰ্ণবাদী আইনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলা প্ৰথমজন কৃষ্ণাঙ্গ ব্যক্তি আছিল।
তেওঁৰ প্ৰথম যুক্তি হ'ল-আত্মসন্মান আৰু মৰ্য্যদাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰতিজন ব্যক্তি জাতি, ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সমান।
দ্বিতীয় যুক্তি আছিল বৰ্ণবাদী নীতিসমূহ সামাজিক ব্যাধি স্বৰূপ।
তৃতীয়তে, বৰ্ণবাদী আইনবোৰে মানুহৰ মাজত এক কৃত্ৰিম বিভাজনৰ সৃষ্টি কৰিছিল।
এইবোৰ কাৰণতে কিঙে বৰ্ণবাদী আইনবোৰক উঠাই দিয়াৰ পোষকতা কৰিছিল।এই বৰ্ণবাদী আইনবোৰ বিলুপ্তি সাধনৰ বাবে তেওঁ এক শান্তিপূৰ্ণ অহিংসা আন্দোলনৰ আহ্বান জনাইছিল।
সামৰণি:-বৰ্ণবাদী আইনৰ বিৰোধিতা কৰি জাতি ,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ অধিকাৰ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।
_______৹৹৹_______
Comments
Post a Comment