অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: চমুকৈ লিখা: (1)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ চাৰিটা প্ৰধান বিষয়-বস্তু উল্লেখ কৰা। Ans:- Intr:-ৰাজনীতি বিজ্ঞানৰ বিষয়-বস্তু সম্পৰ্কে ৰাজনীতি বিজ্ঞানবিদসকলৰ মাজত বিভিন্ন মতভেদ দেখা যায়।ইয়াৰ পৰিসৰ বা বিষয়-বস্তু অতি ব্যাপক। ৰাজনীতি বিজ্ঞানৰ পৰিসৰসমূহ তলত আলোচনা কৰা হ'ল- ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়-বস্তু হ'ল ৰাষ্ট্ৰ।এক শ্ৰেণীৰ পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞান কেৱল ৰাষ্ট্ৰৰ লগতহে জড়িত। আন এচাম পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞান কেৱল চৰকাৰৰ লগতহে জড়িত।চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ ইচ্ছা -অনিচ্ছা বাস্তৱত ৰূপায়িত হয়। আন কিছুমান ৰাজনৈতিক চিন্তাবিদৰ মতে ৰাজনীতি বিজ্ঞানত অকল ৰাষ্ট্ৰ নাইবা চৰকাৰৰ বিষয়ে অধ্যয়ন কৰা নহয়,ইয়াত ৰাষ্ট্ৰ আৰু চৰকাৰ এই দুয়োটা বিষয়ৰে অধ্যয়ন কৰা হয়। ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ অতীত,বৰ্তমান আৰু ভৱিষ্যত বিকাশৰ সম্পৰ্কেও অধ্যয়ণ কৰে।অতীতৰ পটভূমিত ৰাজনীতি বিজ্ঞানৰ আলোচনা নাথাকিলে বৰ্তমান সম্প...
Comments
Post a Comment