H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়-বস্তু হ'ল ৰাষ্ট্ৰ।এক শ্ৰেণীৰ পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞান কেৱল ৰাষ্ট্ৰৰ লগতহে জড়িত।
আন এচাম পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞান কেৱল চৰকাৰৰ লগতহে জড়িত।চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ ইচ্ছা -অনিচ্ছা বাস্তৱত ৰূপায়িত হয়।
আন কিছুমান ৰাজনৈতিক চিন্তাবিদৰ মতে ৰাজনীতি বিজ্ঞানত অকল ৰাষ্ট্ৰ নাইবা চৰকাৰৰ বিষয়ে অধ্যয়ন কৰা নহয়,ইয়াত ৰাষ্ট্ৰ আৰু চৰকাৰ এই দুয়োটা বিষয়ৰে অধ্যয়ন কৰা হয়।
ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ অতীত,বৰ্তমান আৰু ভৱিষ্যত বিকাশৰ সম্পৰ্কেও অধ্যয়ণ কৰে।অতীতৰ পটভূমিত ৰাজনীতি বিজ্ঞানৰ আলোচনা নাথাকিলে বৰ্তমান সম্পৰ্কে সুস্পষ্ট ধাৰণা লোৱা সম্ভৱপৰ নহয়।
ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰিও চৰকাৰৰ নীতি প্ৰস্তুতি, আইন প্ৰণয়ন, ন্যায়পালিকাৰ সিদ্ধান্ত আদিও ৰাজনীতি বিজ্ঞানৰ অধ্যয়ণৰ বিষয়-বস্তু।
ইয়াৰ উপৰিও সমাজৰ বিভিন্ন ৰাজনৈতিক অনুষ্ঠান লগতে সামাজিক, অৰ্থনৈতিক, ধর্মীয়, ভাষিক আদি অনুষ্ঠানবিলাকৰ উদ্ভৱ, কাৰণ,ৰাষ্ট্ৰৰ লগত সম্পৰ্ক, সমাজৰ ভূমিকা আদি সম্পৰ্কে আলোচনা ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয়-বস্তু।
ৰাজনীতি বিজ্ঞানৰ বিষয়-বস্তু অকল জাতীয় সমস্যাতেই নহয়,আন্তৰ্জাতিক বিভিন্ন সমস্যাৰ সম্পৰ্কেও ই আলোচনা কৰে ।আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্ক, সহযোগিতা, ৰীতি-নীতি আদিৰ বিষয়েও ৰাজনীতি বিজ্ঞানত আলোচনা হয়।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ৰাজনীতি বিজ্ঞান এটা গতিশীল বিষয়।সময়ৰ অগ্ৰগতিৰ লগত মানুহৰ প্ৰকৃতিৰ পৰিৱৰ্তন হয় আৰু তাৰ লগতে হয় মানুহৰ ৰাজনৈতিক সম্বন্ধৰ পৰিৱৰ্তন।
________৹৹৹________
(2)নং প্রশ্ন:-ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰয়োজনীয়তা বাখ্যা কৰা।
Ans:-
Intr:-সুনাগৰিক হ'ব খোজা আৰু সমাজৰ কল্যাণৰ হকে কাম কৰিব খোজা যিকোনো লোকৰ বাবেই ৰাজনৈতিক তত্ত্ব গভীৰভাৱে অনুধাৱন কৰাটো প্ৰয়োজনীয় কথা।
দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ ৰাজনৈতিক ধাৰণাসমূহ প্ৰয়োগ কৰো।ৰাজনৈতিক তত্ত্বৰ সঠিক জ্ঞান থাকিলে সেই ধাৰণাসমূহ সঠিকভাৱে প্ৰয়োগ কৰিব পৰা যায়।
ৰাজনৈতিক তত্ত্বই দায়িত্বশীল নাগৰিক নিৰ্মাণত সহায় কৰে।
আমাৰ জীৱনলৈ নামি অহা জটিলতা আৰু প্ৰত্যাহ্বান বুজি উঠিবৰ বাবে আৰু তাক মুকবিলা কৰিবৰ বাবেও ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাৰ গুৰুত্ব অপৰিসীম।
বিকাশৰ চৰিত্ৰ উন্মোচন, গণমাধ্যমসমুহক সঠিক গতিপথ প্ৰদান কৰাৰ বাবেও ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।
সামৰণি:-গতিকে কব পাৰি যে ৰাজনৈতিক তত্ত্বৰ আলোচনাই সৰ্বসাধাৰণ জনসাধাৰণৰক বিভিন্ন ধৰণে উপকৃত কৰে।
________৹৹৹৹_________
(3)নং প্রশ্ন:-অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ সম্পৰ্ক লিখা।
Ans:-
Intr:-অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত গভীৰ সম্পৰ্ক আছে।দুয়ো বিষয়ৰ মাজত সম্পৰ্ক দিনক দিনে বৃদ্ধি পাই আহিছে।
ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজৰ সম্পৰ্ক হ'ল -
(1)অৰ্থশাস্ত্ৰৰ আলোচ্য বিষয়সমূহ ৰাজনৈতিক ব্যৱস্থা আৰু সিদ্ধান্তৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয়।
(2)উন্নয়নশীল দেশত অৰ্থব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ প্ৰভাৱ বিশেষভাৱে ব্যাপক।
(3)দেশৰ অৰ্থনৈতিক সমস্যাৰ প্ৰকৃত সমাধানৰ বাবে সঠিক ৰাজনৈতিক দৃষ্টিভংগী থকা দৰকাৰ।
(4)অৰ্থনৈতিক সমতা বিনে গণতন্ত্ৰ অৰ্থহীন হৈ পৰে।
সামৰণি:-গতিকে কব পাৰি যে অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান এটাৰ আনটোৰ পৰিপূৰক।এটাক বাদ দিলে আনটো অসম্পূৰ্ণ।
_________৹৹৹৹৹_______
প্ৰশ্নৱালী:
ৰচনাধৰ্মী প্রশ্ন:(Marks:-6)
(1)নং প্রশ্ন:-ৰাজনীতি মানে কি ?বহলাই আলোচনা কৰা।
Ans:-
Intr:-বৰ্তমান সমাজত আমি ইচ্ছা কৰিলেই ৰাজনীতিৰ পৰা আঁতৰি থাকিব নোৱাৰো।ৰাজনৈতিক নীতি আৰু সিদ্ধান্তৰ দ্বাৰা প্ৰত্যেকজন ব্যক্তিৰ জীৱন প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত হয়।
ৰাজনীতি বুলিলে সাধাৰণতে মনত কিছুমান ভাৱ উদয় হয়।যেনে-
(1)ৰাজনীতি মানে নিৰ্বাচনকেন্দ্ৰিক কাৰ্যকলাপ;
(2)ৰাজনীতি মানে ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা কাৰ্যকলাপ;
(3)ৰাজনীতি মানে চকান্তমূলক কাৰ্য্যকলাপ।
ৰাজনীতি সম্পৰ্কে থকা এনে ধাৰণাৰ পৰিপ্ৰেক্ষিততেই ৰাজনীতি বুলিলে বহুতে পিছুৱাই আহিব বিচাৰে।আচলতে ৰাজনীতি নকৰাকৈ এখন উন্নত সমাজৰ কথা কল্পনাই কৰিব নোৱাৰি।
ৰাজনীতি হ'ল আমাৰ সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া।নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰা,শাসকীয় দলে জনসাধাৰণৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰিলে বা নুখুজিলে জনসাধাৰণে প্ৰতিবাদ কৰে।ৰাজনীতিৰ আলোচনাত এই সকলোবোৰ কথাই স্থান পায়।
বহল অৰ্থত ৰাজনীতি বুলিলে-
(1)ৰাজনীতি সামূহিক স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া;
(2)ৰাজনৈতিক নেতা, ৰাজনৈতিক দল,চৰকাৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ অংশীদাৰ;
(3)নিৰ্বাচন,ভোটদান,নির্বাচনী বিৰ্তক ইত্যাদি ৰাজনীতিৰ এৰাব নোৱাৰা সম্পৰ্ক;
(4)সামূহিক স্বাৰ্থ পূৰণৰ হকে গঢ়ি তোলা আন্দোলন,প্ৰতিবাদ ইত্যাদিও ৰাজনীতিৰ অংশবিশেষ;
(5)ৰাজনীতি বহুপাক্ষিক প্ৰক্ৰিয়া।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা এটা কথাকে ক'ব পাৰি যে ৰাজনীতিৰ পৰিসৰ অত্যন্ত বহল।
_________৹৹৹৹__________
(2)নং প্রশ্ন:-ৰাজনীতি কাক বোলে?ৰাজনীতি অধ্যয়নৰ বিভিন্ন দিশবোৰ আলোচনা কৰা।
Ans:-
Intr:-আমাৰ দৈনন্দিন জীৱনত ৰাজনীতি ওতঃপ্ৰোতভাৱে জড়িত।
ৰাজনীতি হ'ল সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া।
সমাজপ্ৰিয় মানুহৰ সামাজিক সম্বন্ধৰ সকলো দিশেই এতিয়া ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়-বস্তু হৈ পৰিছে।
ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰিও ৰাষ্ট্ৰ এখনৰ অতীত,বৰ্তমান, ভৱিষ্যত সম্পৰ্কেও অধ্যয়নৰ সকলো দিশ সামৰি লয়।
সমাজৰ বিভিন্ন ৰাজনৈতিক অনুষ্ঠান, লগতে সামাজিক, অৰ্থনৈতিক, ধৰ্মীয়,ভাষিক আদি অনুষ্ঠানবিলাকৰ উদ্ভৱ, কাৰণ,ৰাষ্ট্ৰৰ লগত সম্পৰ্ক, সমাজৰ ভূমিকা আদি সম্পৰ্কে আলোচনা ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়-বস্তু।
আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্ক, সহযোগিতা, ৰীতি-নীতি আদিৰ বিষয়েও ৰাজনীতি বিজ্ঞানত আলোচনা হয়।
ব্যক্তিৰ সৈতে ব্যক্তিৰ সম্বন্ধ, ব্যক্তিৰ সৈতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সম্বন্ধ, বে চৰকাৰী অনুষ্ঠান, ব্যক্তি বা গোষ্ঠীৰ ৰাজনৈতিক কাৰ্য-কলাপ,ৰাজনৈতিক দল আদি সকলো দিশেই ৰাজনীতি অধ্যয়নৰ বিষয়-বস্তু।
সামৰণি:-বৰ্তমান সামাজিক মাধ্যম যে ৰাজনীতি বিভাগৰ আলোচ্য বিষয় হব পাৰে বুলি বিংশ শতিকাত কোনেও ভাবিবই পৰা নাছিল।ৰাজনীতি অধ্যয়নে সমাজ জীৱনৰ সকলোবোৰ দিশেই সামৰি লয়।
__________৹৹৹৹________
(3)নং প্রশ্ন:-ৰাজনীতিকে যি কৰে ৰাজনীতি তাতকৈ বহু বেছি।তুমি এই কথাষাৰৰ লগত একমত হয়নে?উদাহৰণ দিয়া।
Ans:-
Intr:-আমাৰ ৰাজনৈতিক জীৱনৰ লগতে সামাজিক জীৱনৰ প্ৰত্যেকটো দিশেই ৰাজনীতিয়ে সামৰি লয়।
সাধাৰণতে ৰাজনীতি বুলিলে আমাৰ মনলৈ ধাৰণা আহে যে নিৰ্বাচনত জয়ী হবৰ বাবে কোনে কিমান টকা খৰচ কৰিলে ,নিৰ্বাচনৰ সময়ত কোনে কিমান মিছা প্ৰতিশ্ৰুতি দিলে,শাসনত অধিষ্ঠিত হোৱাৰ পাছত কোন মন্ত্ৰীয়ে কিমান দুৰ্নীতি কৰিলে ইত্যাদিবোৰেই ৰাজনীতি সম্পৰ্কীয় আলোচনাত মুখ্য স্থান পোৱা বিষয়।
আচলতে ৰাজনীতিকে যি কৰে ৰাজনীতি তাতকৈ বহু বেছি।ৰাজনীতিত কেৱল মাত্ৰ চৰকাৰ আৰু ৰাষ্ট্ৰৰ কথাই আলোচনা নহয়।সংগঠিত সমাজ জীৱন পৰিচালনাৰ বাবে মানুহে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান গঢ়ি তোলে।উদাহৰণস্বৰূপে নামঘৰ,মছজিদ, গীৰ্জা, যুৱক সংঘ, ক্ৰীড়া সংঘ আদিৰ কথা উল্লেখ কৰিব পাৰি।এনেদৰে বৃহত্তৰ সমাজৰ বাবে গঢ়ি উঠিল ৰাষ্ট্ৰ।ৰাষ্ট্ৰ পৰিচালিত হয় ৰাজনীতিৰ দ্বাৰা।
উদাহৰণস্বৰূপে-আমি প্ৰায়ে বাতৰি কাকতত পঢ়িবলৈ পাওঁ যে বিভিন্ন বৰ্গৰ আৰু বিভিন্ন অঞ্চলৰ লোকে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ স্বাৰ্থত হয় ৰাজপথলৈ ওলাই আহিছে অথবা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।এইয়াও এক ৰাজনৈতিক কাৰ্য।
সামৰণি:-গতিকে কব পাৰি যে ৰাজনীতিকে যি কৰে ৰাজনীতি তাতকৈ বহু বেছি ।মই এই কথাষাৰত একমত।
_________৹৹৹৹_________
(4)নং প্রশ্ন:-ৰাজনীতিক বহু সময়ত ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।উদাহৰণসহ বুজাই লিখা।
Ans:-
Intr:-ৰাজনীতি বুলিলে আমাৰ মনত কিছু ভাৱ উদয় হয় যেনে ৰাজনীতি মানে হৈছে নিৰ্বাচনকেন্দ্ৰিক কাৰ্যকলাপ,ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা কাৰ্যকলাপ।
ৰাজনীতিক ৰাজনৈতিক নেতাসকলে বা অন্যান্য ক্ষমতাশালী লোকে আত্মস্বাৰ্থৰ সিদ্ধিৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰা কথাটো নুই কৰিব নোৱাৰি।নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বহু সময়ত মিছা বুলি প্ৰমাণিত হয়।
বহু সময়ত নেতাই জনসাধাৰণৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থতহে গুৰুত্ব দিয়া দেখা যায়।
গতিকে কব পাৰি যে ৰাজনীতিক বহু সময়ত ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কৰা কাৰ্যকলাপ ।
_______৹৹৹৹_______
(5)নং প্ৰশ্ন:-গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে সদা সৰ্তক নাগৰিকৰ প্ৰয়োজন।মন্তব্য দিয়া।
Ans:-
Intr:-গণতন্ত্ৰ হ'ল ৰাইজৰ দ্বাৰা গঠিত আৰু ৰাজ্যৰ চৰকাৰ।গণতন্ত্ৰৰ কৃতকাৰ্যতা সতৰ্ক নাগৰিকৰ ওপৰতহে নিৰ্ভৰ কৰে।
গণতান্ত্ৰিক চৰকাৰৰ কৃতকাৰ্যতা ঘাইকৈ নিৰ্ভৰ কৰে সুনাগৰিকৰ ওপৰত।যদি এজন নাগৰিক অজ্ঞ হয় তেন্তে তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ হব নোৱাৰে।তেওঁ ভাল বেয়া বিচাৰ কৰিব নোৱাৰে আৰু নিজৰ মতামত প্ৰকাশ কৰিবলৈ সমৰ্থ নহয় ।
নাগৰিকসকলৰ কাৰ্য কলাপৰ ওপৰতে ৰাষ্ট্ৰৰ ভাল বেয়া নিৰ্ভৰ কৰে।গণতান্ত্ৰিক চৰকাৰ ৰাইজৰ দ্বাৰা গঠিত আৰু পৰিচালিত।গতিকে এখন দেশৰ নাগৰিকসকল ভাল হলেহে ৰাষ্ট্ৰখনো ভাল হব।গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে সদা সতৰ্ক নাগৰিকৰ প্ৰয়োজন।
সামৰণি:-শেষত কব পাৰি যে জনসধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰতে সমাজৰ আশা আকাংশা নিৰ্ভৰ কৰে।জনপ্ৰতিনিধি নিৰ্বাচিত কৰে নাগৰিকে।গতিকে সদা সতৰ্ক আৰু বিচাৰ বুদ্ধি সম্পন্ন নাগৰিকৰ ওপৰতে গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ নিৰ্ভৰ কৰে।
________৹৹৹৹_________
(6)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাটো অংকশাস্ত্ৰ অধ্যয়ন কৰাৰ দৰে বুলি ভাবানে?যুক্তি দি আলোচনা কৰা।
Ans:-
Intr:-আমাৰ দৈনন্দিন জীৱনত ৰাজনৈতিক তত্ত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ৰাজনৈতিক তত্ত্বই সমাজ জীৱনৰ সকলোবোৰ দিশেই সামৰি লয়।
ৰাজনৈতিক তত্বৰ অধ্যয়ন কৰাটো এফালৰ পৰা অংকশাস্ত্ৰ অধ্যয়ন কৰাৰ দৰে লাগে।অংশকশাস্ত্ৰই সমাজ এখনৰ দৈনন্দিন ব্যৱহাৰৰ প্ৰত্যেকটো বিষয়ৰ ওপৰতে প্ৰভাৱ পেলায়।খাদ্য,বস্ত্ৰ, বাসস্থান, ব্যৱসায়-বাণিজ্য পৰা শিক্ষা স্বাস্থ্য আদিতে সকলোতে অংক।যদিও পঢ়ি থাকোতে অংকৰ পৰা পলাব খুজিলেও কিন্তু গোটেই জীৱনটো চলা অংকশাস্ত্ৰ পৰা কেতিয়াও পলাব নোৱাৰি।
ঠিক তেনেদৰে ৰাজনৈতিক তত্ত্বই কেৱল মাত্ৰ ৰাজনীতি আৰু চৰকাৰৰ কথাই আলোচনা নকৰে।বহুতে ভাৱে ৰাজনীতি তত্ত্ব কেৱল ৰাজনীতি কৰা লোকেহে অধ্যয়ন কৰিব লাগে।বহুতে ৰাজনীতিৰ পলাই ফুৰিব বিচাৰিলেও অংকশাস্ত্ৰৰ দৰে ৰাজনৈতিক তত্ত্বয়ো সমাজৰ প্ৰতিটো দিশেই সামৰি লৈছে।ৰাজনৈতিক ৰীতি নীতিৰ লগতে সামাজিক, ৰাজনৈতিক, ধর্মীয় অনুষ্ঠান সকলো ৰাজনৈতিক তত্ত্বত আলোচনা কৰা হয়।ৰাজনীতি এৰি এখন উন্নত সমাজৰ কথা চিন্তাই কৰিব নোৱাৰি।
এইফালৰ পৰা চাবলৈ গলে ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাটো অংকশাস্ত্ৰ অধ্যয়ন কৰাৰ দৰেই লাগে।তৎসত্বেও অংকশাস্ত্ৰতকৈ ৰাজনৈতিক তত্ত্ব পৰিসৰ বহল।ৰাজনৈতিক তত্ত্বই অংকশাস্ত্ৰকে ধৰি সামাজিক, ধর্মীয়, নীতিশাস্ত্ৰ সকলো দিশেই সামৰি লৈছে।
সামৰণি:-ৰাজনৈতিক তত্বৰ অধ্যয়ন অংকশাস্ত্ৰৰ অধ্যয়ন কৰাৰ দৰে লাগিলেও বহু ক্ষেত্ৰত পাৰ্থক্য নথকা নহয়।
________৹৹৹__________
(7)নং প্রশ্ন:-ৰাজনৈতিক তত্বৰ অধ্যয়ণে আমাক কেনেদৰে উপকৃত কৰিব পাৰে?চাৰিটা যুক্তিৰে বিষয়টো আলোচনা কৰা।
Ans:-
Intr:-সুনাগৰিক হব খোজা যিকোনো লোকৰ বাবেই ৰাজনৈতিক তত্ত্ব গভীৰভাৱে অনুধাৱন কৰাটো প্ৰয়োজনীয় কথা।ৰাজনৈতিক তত্ত্বৰ আলোচনাই সৰ্বসাধাৰণ জনসাধাৰণক বিভিন্ন ধৰণে উপকৃত কৰে।
(1)ৰাজনৈতিক তত্ত্বই দায়িত্বশীল নাগৰিক নিৰ্মাণত সহায় কৰে;
(2)সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰে;
(3)বিকাশৰ চৰিত্ৰ উন্মোচনত সহায় কৰে;
(4)গণমাধ্যমসমূহক সঠিক গতিপথ প্ৰদান কৰাত সহায় কৰে।
সামৰণি:-গতিকে কব পাৰি যে আমাৰ জীৱনলৈ নামি অহা জটিলতা আৰু প্ৰত্যাহ্বান বুজি উঠিবৰ বাবে আৰু তাক মুকবিলা কৰিবৰ বাবেও ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰা গুৰুত্ব অপৰিসীম।
________৹৹৹৹_________
(8)নং প্রশ্ন:-"দায়িত্বশীল নাগৰিক নিৰ্মানটো ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি তত্ত্বই অৰিহণা যোগাব পাৰে"।এই উক্তিটো উদাহৰণসহ বাখ্যা কৰা।
Ans:-
Intr:-ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি তত্ত্বই আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো ৰাজনৈতিক আৰু সামাজিক দিশেই সামৰি লয়।
ব্যক্তি হিচাপে আমি নাগৰিকত্ব সম্পৰ্কে সচেতন।সেয়েহে আমি জন্ম পঞ্জীয়নৰ কথা ভাবো।কাৰণ জন্ম পঞ্জীয়ন নাগৰিকত্ব লাভৰ এটা গুৰুত্বপূৰ্ণ অৱলম্বন।ভাৰতবৰ্ষত 18 বছৰ ওপৰৰ লোকসকলক ভোটাধিকাৰ দিয়া হৈছে।এই অধিকাৰ কেৱল নাগৰিকসকলেহে ভোগ কৰিব পাৰে।ভোট দিবৰ বাবে কোনো ব্যক্তিৰ নাম ভোটৰ তালিকাৰ অন্তৰ্ভুক্ত হব লাগিব।নিৰ্বাচনৰ সময়ত এই প্ৰশ্নবোৰক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত যথেষ্ট সচেতনতা লক্ষ্য কৰা যায়।
সমতা, সামাজিক ন্যায়,প্ৰমূল্য,স্বাধীনতা আদি ৰাজনীতিৰ অন্তৰ্ভুক্ত।যেনে কোনো ব্যক্তিৰ ঘৰত বন কৰা শিশু শ্ৰমিকক মালিকে অত্যাচাৰ কৰিলে আৰু সেইটো পোহৰলৈ আহিলে তাৰ ওপৰত যথেষ্ট প্ৰতিক্ৰিয়া হয়।বাতৰি কাকত আৰু সামাজিক মধ্যমতো সেই বিষয়ে প্ৰকাশ পায়।
এই বিষয়সমূহ ৰাজনীতিত আৰু ৰাজনৈতিক তত্ত্বত আলোচনা কৰা হয়।ইয়াৰ যোগেদি নাগৰিকসকল অধিক দায়িত্বশীল হৈ পৰে। সেয়েহে আমাৰ সমাজ জীৱনলৈ নামি অহা জটিলতা আৰু প্ৰত্যাহ্বান বুজি উঠিবৰ বাবে আৰু তাক মোকবিলা কৰিবৰ বাবেও ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাৰ গুৰুত্ব অপৰিসীম।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে দায়িত্বশীল নাগৰিক নিৰ্মাণত ৰাজনীতি আৰু ৰাজনৈতিক তত্ত্বৰ যথেষ্ট গুৰুত্ব আছে।
________৹৹৹৹________
(9)নং প্রশ্ন:-ৰাজনৈতিক তত্বৰ সংজ্ঞা দিয়া।ৰাজনৈতিক তত্বৰ উৎসসমূহ বৰ্ণনা দিয়া।
Ans:-
Intr:-ৰাজনৈতিক তত্ত্বই আমাৰ ৰাজনৈতিকৰ লগতে সামাজিক জীৱনৰ সকলো দিশেই অন্তৰ্ভুক্ত কৰিছে।
পৰিৱৰ্তনশীল মানৱ সমাজৰ ব্যাপক আৰু বহুমুখী বিস্তাৰ বিভিন্ন সমস্যাৰ তাত্ত্বিক বিচাৰ বিশ্লেষণ আৰু সঠিক সমাধান সম্পৰ্কে যি তত্ত্বত অধ্যয়ন কৰা হয়।তাকে ৰাজনৈতিক তত্ত্ব বোলে।
ৰাজনৈতিক তত্ত্ব হৈছে যত মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীৰ বিভিন্ন সংবিধানে স্বীকৃতি দিয়া ধ্যান ধাৰণাসমূহক শৃংখলাবদ্ধভাৱে আৰু পুংখানুপুংখিক আলোচনা কৰা হয়।
ৰাজনৈতিক তত্বৰ উৎসৰ পৰিসৰ বহল।তথাপিও তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰো-
(1)বিভিন্ন প্ৰমূল্যসমূহ:-গণতন্ত্ৰ, সমতা,সামাজিক ন্যায়,আদি প্ৰমূল্যসমূহৰ গঢ় লৈ উঠিছে একোটা ইতিহাস লয়।ইয়াৰ পৰাই আৰম্ভ হৈছে ৰাজনৈতিক তত্ত্ব।
(2)ৰাজনৈতিক দাৰ্শনিকসকলৰ ভূমিকা:-জন ল'ক,ৰুচো, প্লেটো আদি দৰ্শনীকসকলে ৰাজনীতি সম্পৰ্কে বহুলভাৱে আলোচনা কৰিছে আৰু এনেদৰে ৰাজনৈতিক তত্ত্বই বহল ৰূপ পাইছে।
(3)গণমাধ্যমৰ প্ৰচাৰ:-গণমাধ্যমৰ জৰিয়তেও ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব বৃদ্ধি পাইছে।
(4)সংবিধান:-সংবিধানে স্বীকৃতি দিয়া আৰু সমাজে গ্ৰহণ কৰি অহা ধ্যান-ধাৰণাসমূহৰ নতুন নতুন ব্যাখ্যা হ'ব ধৰিছে।ইয়াৰ ফলত ৰাজনৈতিক তত্ত্বৰ উদ্ভৱ হৈছে।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে বৰ্তমান ৰাজনৈতিক তত্ত্ব ৰাজনীতিতে সীমাবদ্ধতা হৈ থকা নাই।দৈনন্দিন জীৱনৰ সকলো স্তৰৰ লোকেই এই ধাৰণাসমূহ প্ৰয়োগ কৰি আহিছে।
________৹৹৹৹_______
(10)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্ব কি?ইয়াৰ গুৰুত্ব আলোচনা কৰা।
Ans:-
Intr:-ৰাজনৈতিক তত্বৰ আলোচনাই সৰ্বসাধাৰণ জনসাধাৰণক বিভিন্ন ধৰণে উপকৃত কৰে।
মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীৰ বিভিন্ন সংবিধানে স্বীকৃতি দিয়া ধ্যান ধাৰণাসমূহক শৃংখলাবদ্ধভাৱে আৰু পুংখানুপুংখিক আলোচনা যি তত্ত্বত কৰা হয়।তাকেই ৰাজনৈতিক তত্ত্ব বোলে।
ৰাজনৈতিক তত্ত্বৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ'ল-
সংবিধানে স্বীকৃতি দিয়া নাগৰিকৰ বিভিন্ন অধিকাৰসমূহৰ প্ৰশ্নৰ ওপৰত ৰাজনৈতিক তত্ত্বত বিতংভাৱে আলোচনা কৰা হয়।
আমাৰ সমাজ জীৱনলৈ নামি অহা জটিলতা আৰু প্ৰত্যহ্বান বুজি উঠিবৰ বাবে আৰু তাক মোকবিলা কৰিবৰ বাবেও ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাৰ গুৰুত্ব অপৰিসীম।
স্বাধীনতা, সমতা,বিকাশ,জাতীয়তাবাদ অথবা ন্যায় আদিবোৰক নাগৰিকে দৈনন্দিন জীৱনত বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আহিছে।ৰাজনৈতিক তত্ত্বৰ সঠিক জ্ঞান থাকিলে এই ধাৰণাসমূহ সঠিকভাৱে প্ৰয়োগ কৰিব পৰা যায়।
গণমাধ্যমসমূহে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ ওপৰত নিতৌ বাতৰি পৰিৱেশন কৰাৰ উপৰিও সেই প্ৰশ্নসমূহৰ ওপৰত বিতৰ্কৰ সুবিধা দিয়ে।এই বিতৰ্কসমূহ যাতে সঠিক দিশত আগবাঢ়ে তাক নিশ্চিত কৰিব বাবেও ৰাজনৈতিক তত্ত্বসমূহৰ ওপৰত সঠিক জ্ঞান থকাটো জৰুৰী।
সামৰণি:-গতিকে কব পাৰি যে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অপৰিসীম।ৰাজনৈতিক তত্ত্বই দায়িত্বশীল নাগৰিক নিৰ্মাণত যথেষ্ঠ অৰিহণা আছে।
________৹৹৹৹________
(11)নং প্রশ্ন:-উত্তৰ-পূৱ ভাৰতৰ সমস্যা আলোচনাত ৰাজনৈতিক তত্বৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা।
Ans:-
Intr:-সুনাগৰিক হব খোজা যিকোনো লোকৰ বাবেই ৰাজনৈতিক তত্ত্ব গভীৰভাৱে অনুধাৱন কৰাটো প্ৰয়োজনীয় কথা।বিশেষকৈ উত্তৰ পূৱ ভাৰতৰ নিচিনা অঞ্চলৰ বাবে ৰাজনৈতিক তত্ত্বৰ অপৰিসীম গুৰুত্ব আছে।
(1)অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনে ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব নীতি প্ৰয়োগ কৰাৰ হকে দাবী তুলি আহিছে।ভাৰতবৰ্ষত বৰ্তমান এক নাগৰিকত্ব ব্যৱস্থা আছে।এই প্ৰশ্নৰ ওপৰত সঠিক বিৰ্তক হ'বৰ বাবে নাগৰিকত্বৰ তাত্বিক দিশটো ভালকৈ অধ্যয়ন কৰিব লাগে।
(2)উত্তৰ পূৱ ভাৰতত পৰ্যাপ্ত উদ্যোগ নথকাৰ বাবেই এই অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা। উদ্যোগ প্ৰতিষ্ঠাৰ অন্যতম প্ৰয়োজনীয়তা হ'ল শক্তি।সম্প্ৰতি উত্তৰ পূৱ ভাৰতত জলবিদ্যুৎ উৎপাদনৰ বাবে 150 টাৰো অধিক নদী বান্ধ নিৰ্মাণৰ প্ৰচেষ্টা চলিছে।তাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সংগ্ৰাম উঠিছে।কিয় এই প্ৰতিবাদ গঢ়ি উঠিছে?বিকাশে সকলোকে সমানে উপকৃত নকৰে নেকি?এই প্ৰশ্নবোৰ সঠিকভাৱে অনুধাৱন কৰাৰ বাবেও বিকাশৰ তত্ত্বসমূহ বিষয়ে সঠিক জ্ঞান আহৰণ কৰাটো প্ৰয়োজনীয় কথা।
(3)উত্তৰ পূৱ ভাৰতৰ দৰে অশান্তিজর্জৰ অঞ্চলত গণমাধ্যমসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।গণমাধ্যমসমূহে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ ওপৰত নিতৌ বাতৰি পৰিৱেশন কৰাৰ উপৰিও সেই প্ৰশ্নসমূহৰ ওপৰত বিতৰ্কৰ সুবিধা দিয়ে।এই বিতৰ্কসমূহ যাতে সঠিক দিশত আগবাঢ়ে তাক নিশ্চিত কৰিবৰ বাবেও ৰাজনৈতিক তত্বৰ ওপৰত সঠিক জ্ঞান থকাটো জৰুৰী।
সামৰণি:-গতিকে কব পাৰি যে উত্তৰ পূৱ ভাৰতত ৰাজনৈতিক তত্বৰ অত্যাধিক গুৰুত্ব আছে।
________৹৹৹৹৹________
(12)নং প্রশ্ন:-ৰাজনৈতিক তত্ত্বই সাধাৰণ লোকক কিদৰে উপকৃত কৰে চাৰিটা উদাহৰণ দাঙি ধৰা।
Ans:-
Intr:-সুনাগৰিক হব খোজা যিকোনো লোকৰ বাবেই ৰাজনৈতিক তত্ত্ব গভীৰভাৱে অনুধাৱন কৰাটো প্ৰয়োজনীয় কথা।ৰাজনৈতিক তত্ত্বৰ আলোচনাই সৰ্বসাধাৰণ জনসাধাৰণক বিভিন্ন ধৰণে উপকৃত কৰে।
(1)ৰাজনৈতিক তত্ত্বই দায়িত্বশীল নাগৰিক নিৰ্মাণত সহায় কৰে;
(2)সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰে;
(3)বিকাশৰ চৰিত্ৰ উন্মোচনত সহায় কৰে;
(4)গণমাধ্যমসমূহক সঠিক গতিপথ প্ৰদান কৰাত সহায় কৰে।
সামৰণি:-গতিকে কব পাৰি যে আমাৰ জীৱনলৈ নামি অহা জটিলতা আৰু প্ৰত্যাহ্বান বুজি উঠিবৰ বাবে আৰু তাক মুকবিলা কৰিবৰ বাবেও ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰা গুৰুত্ব অপৰিসীম।
________৹৹৹৹________
(14)নং প্রশ্ন:-ৰাজনৈতিক আলোচনতাত চৰকাৰৰ কাম-কাজ আৰু নীতি নিয়মৰ আলোচনাই কিয় অধিক গুৰুত্ব লাভ কৰে?বাখ্যা কৰা।
Ans:-
Intr:-ৰাজনীতি হ'ল আমাৰ সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া।যদিও ৰাজনীতি বুলিলে আমি চৰকাৰৰ পৰিচালনাৰ স'তে জড়িত কথাকৈ প্ৰধানকৈ বুজো।
ৰাজনীতিয়ে যদিও সকলো দিশেই সামৰি লয় তথাপিও ৰাজনৈতিক আলোচনাত চৰকাৰৰ কাম-কাজ আৰু নীতি-নিয়মৰ আলোচনাই অধিক গুৰুত্ব লাভ কৰে।
তাৰ প্ৰধান কাৰণ এয়াই যে চৰকাৰে গ্ৰহণ কৰা কাৰ্য্যসূচীসমূহে সমাজৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়।এখন সমাজৰ অৰ্থনীতি, শৈক্ষিক মানদণ্ড, স্বাস্থ্যসেৱা ব্যৱস্থা, নিবনুৱা কৰ্মসংস্থাপন ইত্যাদি সকলোবোৰ কথা চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ দ্বাৰা নিৰ্ণীত হয়।
কিছুমান সমস্যা আছে যিবিলাক ব্যক্তিগত, আনকি ক্ষুদ্র পৰ্যায়ৰ সামাজিক অনুষ্ঠানেও সমাধান কৰিব নোৱাৰে।উদাহৰণস্বৰূপে প্ৰদূষণ আৰু মেলেৰিয়াৰ কথা ক'ব পাৰি।এনে সমস্যা চৰকাৰৰ সুস্থ নীতিৰ দ্বাৰাহে সমাধান কৰিব পৰা যাব।
সামূহিক স্বাৰ্থৰ পূৰণৰ হকে বহুতো আন্দোলন, প্ৰতিবাদ আদি গঢ়ি উঠে।এইসমূহ চৰকাৰৰ নীতি নিয়মৰ লগত জড়িত।
সামৰণি:-গতিকে ক'ব পাৰি যে ৰাজনৈতিকত বেছিকৈ চৰকাৰৰ কাম- কাজ আৰু নীতি নিয়ম কথাই আলোচনা হয়।চৰকাৰৰ কাম -কাজেই সমাজৰ প্ৰতিটো বিষয়ৰ ওপৰতেই প্ৰভাৱ পেলায়।
____________৹৹৹___________
চমু উত্তৰৰ প্ৰশ্ন:(Marks:-4)
(1)নং প্রশ্ন:-ৰাজনীতি বিজ্ঞানৰ অৰ্থ বাখ্যা কৰা।
Ans:-
ৰাজনীতি বিজ্ঞানৰ শব্দটোৰ অৰ্থ ব্যাপক।ৰাজনীতি বিজ্ঞানে সমাজ জীৱনৰ সকলো দিশেই সামৰি লৈছে।
সাধাৰণ ভাষাত ৰাষ্ট্ৰৰ বিভিন্ন উপাদান আৰু দিশ সম্পৰ্কে বিশ্লেষণ তথা আলোচনা কৰা বিষয়কেই ৰাজনীতি বিজ্ঞান বুলি কোৱা হয়।
ৰাজনীতি বিজ্ঞানে ৰাজনীতি উপৰিও ইয়াৰ বিস্তৃত পৰিসৰৰ ভিতৰত বিভিন্ন ধৰণৰবিষয়ৰ ওপৰত অধ্যয়ন কৰে।যেনে-ৰাজনৈতিক আচৰণ,ৰাষ্ট্ৰ অথবা ৰাজ্য, শাসন ব্যৱস্থা আৰু শাসিত শক্তি আৰু ক্ষমতাৰ ব্যৱহাৰ ইত্যাদি।
সাধাৰণ অৰ্থত কবলৈ গলে ৰাজনীতি বিজ্ঞান এনে এক বিষয় যিয়ে ৰাষ্ট্ৰ আৰু চৰকাৰৰ সম্পৰ্কে আলোচনা কৰে।ৰাজনীতি বিজ্ঞান সমান্তৰালভাৱে এক নতুন আৰু পুৰণি বিষয়।
সামাজিক বিজ্ঞান হিচাপে ই চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিভিন্ন অনুষ্ঠান আৰু তেওঁলোকৰ কাৰ্যক্ৰমণিকা সম্পৰ্কে আলোচনা কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক অনুষ্ঠানৰ লগত জড়িত বিভিন্ন তত্ত্ব আৰু নীতিৰ ওপৰতো অধ্যয়ন কৰে ।
সামৰণি:-ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ আৰু চৰকাৰৰ লগতে সামাজিক জীৱনৰ বিভিন্ন দিশো সামৰি লয়।
_____●৹৹৹●_____
(2)নং প্ৰশ্ন:-ৰাজনীতি কি ?
Ans:-
Intr:-ৰাজনীতি মানে ৰাজনীতিবিদসকলে যি কৰি আছে ৰাজনীতিৰ অৰ্থ তাতকৈও ব্যাপক।
সাধাৰণ অৰ্থত ৰাজনীতি বুলিলেই চৰকাৰৰ পৰিচালনাৰ স'তে জড়িত নীতি-নিয়মৰ কথাকেই আমি বুজো।
কিন্তু বহল অৰ্থত ৰাজনীতি মানে হ'ল-
(1)ৰাজনীতি সামূহিক স্বাৰ্থৰ স'তে জড়িত এক প্ৰক্ৰিয়া;
(2)ৰাজনৈতিক দল,ৰাজনৈতিক নেতা, আৰু চৰকাৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ অংশীদাৰ;
(3)নিৰ্বাচন, ভোটদান,নিৰ্বাচনী বিতৰ্ক ইত্যাদি ৰাজনীতিৰ এৰাব নোৱাৰা অংশ;
(4)সামূহিক স্বাৰ্থৰ স'তে জড়িত আন্দোলন , প্ৰতিবাদ, ইত্যাদিও ৰাজনীতিৰ এৰাব নোৱাৰা অংশ।
সামৰণি:-গতিকে কব পাৰি যে ৰাজনীতি এক পক্ষীয় নহয়,বৰঞ্চ ই বহুপাক্ষীয়।
___________৹৹৹৹৹___________
(3)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা?
Ans:-
Intr:-ৰাজনৈতিক তত্ত্বই আমাৰ ৰাজনৈতিকৰ লগতে সামাজিক জীৱনৰ সকলো দিশেই অন্তৰ্ভুক্ত কৰিছে।
পৰিৱৰ্তনশীল মানৱ সমাজৰ ব্যাপক আৰু বহুমুখী বিস্তাৰ বিভিন্ন সমস্যাৰ তাত্ত্বিক বিচাৰ বিশ্লেষণ আৰু সঠিক সমাধান সম্পৰ্কে যি তত্ত্বত অধ্যয়ন কৰা হয়।তাকে ৰাজনৈতিক তত্ত্ব বোলে।
ৰাজনৈতিক তত্ত্ব হৈছে যত মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীৰ বিভিন্ন সংবিধানে স্বীকৃতি দিয়া ধ্যান ধাৰণাসমূহক শৃংখলাবদ্ধভাৱে আৰু পুংখানুপুংখিক আলোচনা কৰা হয়।
সামৰণি:-ৰাজনৈতিক তত্ত্বই নাগৰিক জীৱনৰ সকলো দিশেই সামৰি লয়।
________৹৹৹_______
(4)নং প্ৰশ্ন:-ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা।
Ans:-
Intr:-ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞান যদিও সমাৰ্থক,কিছু ক্ষেত্ৰত পাৰ্থক্য দেখা যায়।
ৰাজনীতিত চৰকাৰৰ স'তে জড়িত কাম-কাজ,নীতি-নিয়ম বেছিকৈ গুৰুত্ব লাভ কৰে।আনহাতে ৰাজনীতি বিজ্ঞানত চৰকাৰ আৰু ৰাষ্ট্ৰৰ উপৰিও সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, নাগৰিকৰ সকলো দিশেই সামৰি লয়।
ৰাজনীতিয়ে ব্যৱহাৰিক দিশসমূহ উল্লেখ কৰে।আনহাতে ৰাজনীতি বিজ্ঞানে পদ্ধতিগতভাৱে প্ৰয়োগ কৰে।
ৰাজনীতি পৰিসৰ ৰাজনীতি বিজ্ঞানতকৈ ঠেক।আনহাতে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বহল।ৰাজনীতি বিজ্ঞানে ৰাজনীতিকো সামৰি লয়।
ৰাজনীতি হৈছে নিৰ্বাচনকেন্দ্ৰিক কাৰ্য্যকলাপ।আনহাতে ৰাজনীতি বিজ্ঞান হৈছে সমাজবিজ্ঞান।
সামৰণি:-ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত পাৰ্থক্য থাকিলেও দুয়োটাই এটাই আনটোৰ পৰিপূৰক।
_________৹৹৹৹___________
(5)নং প্রশ্ন:-ৰাজনীতি মানে নিৰ্বাচনকেন্দ্ৰিক কাৰ্য-কলাপ- আলোচনা কৰা।
Ans:-
Intr:-ৰাজনীতি বুলিলে আমাৰ মনত ভাৱ উদয় হয় যে ৰাজনীতি মানে নিৰ্বাচনকেন্দ্ৰিক কাৰ্যকলাপ।
নিৰ্বাচনত জয়ী হ'বৰ বাবে কোনে কিমান টকা খৰচ কৰিলে,নিৰ্বাচনত জয়ী হোৱাৰ পাছত মন্ত্ৰীত্ব লাভৰ বাবে কোনে কি দল ত্যাগ কৰি নতুন দলত যোগদান কৰিলে,নিৰ্বাচনৰ সময়ত কোনে কিমান মিছপ্ৰতিশ্ৰুতি দিলে আৰু শাসনত অধিষ্ঠিত হোৱাৰ পাছত কোন মন্ত্ৰীয়ে কিমান দুৰ্নীতি কৰিলে ইত্যাদিবোৰে ৰাজনীতি সম্পৰ্কীয় আলোচনাত মুখ্য স্থান পোৱা বিষয়।
বাতৰি কাগজ অথবা ইলেকট্ৰনিক মাধ্যমসমূহতো ৰাজনীতি সম্পৰ্কে পৰিৱেশিত বাতৰিত এই বিষয়বোৰেই শিৰোনামা দখল কৰে।
ৰাজনীতি বুলি কলে বহুতে নিৰ্বাচনকেন্দ্ৰিক কাৰ্যকলাপ বুলিয়েই ভাৱে।কাৰণ,ৰাজনৈতিক আলোচনাত চৰকাৰৰ কাম-কাজ আৰু নীতি নিয়মৰ আলোচনাই বেছিকৈ গুৰুত্ব লাভ কৰে।চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীসমূহে সমাজত ব্যাপক প্ৰভাৱ পেলায়।
সামৰণি:-সেয়েহে ৰাজনীতি বুলিলে নিৰ্বাচনকেন্দ্ৰিক কাৰ্যকলাপ বুলি কোৱা হয়।
________৹৹৹৹_________
(6)নং প্রশ্ন:-বৰ্তমান সময়ত ৰাষ্ট্ৰত বাস কৰা নাগৰিকে ইচ্ছা কৰিলেৰাজনীতিৰ পৰা আঁতৰত থাকিব পাৰেনে?গান্ধীজীৰ উক্তিৰে বুজাই লিখা।
Ans:-
Intr:-ৰাজনীতি হ'ল সমূহীয়া স্বাৰ্থৰ স'তে জড়িত এক প্ৰক্ৰিয়া।ৰাজনীতি নোহোৱাকৈ এখন উন্নত সমাজৰ কথা কল্পনা কৰিব নোৱাৰি।
ৰাজনীতিক ৰাজনৈতিক নেতাসকলে অথবা অন্য ক্ষমতাশালী লোকে আত্মস্বাৰ্থ সিদ্ধিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ কথাটো নুই কৰিব নোৱাৰি।তথাপিও কোনেও ৰাজনীতি এৰি চলিব নোৱাৰে।
মহাত্মা গান্ধীয়ে কৈছিল ৰাজনীতি যেনিবা এক সৰ্প কুণ্ডলীহে আমি পলাব খুজিলেও সি আমাক মেৰিয়াই ধৰে।উদাহৰণস্বৰূপে-গ্ৰন্থ মেলাৰ লগত দেখাত ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই যেন লাগে।কিন্তু গুৱাহাটীৰ দৰে চহৰত ,আনকি অন্য ঠাইতো গ্ৰন্থ মেলা অনুষ্ঠিত কৰিবৰ বাবে ৰাজহুৱা স্থান দিয়া হব নে নহয় সেইটোও ৰাজনৈতিকভাৱে স্থিৰ কৰা হয়।
ঠিক সেইদৰে দেশত মৌলিক সামগ্ৰীৰ দাম বৃদ্ধি পালে অথবা নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ললেও জনসাধাৰণ সজাগ হৈ তাৰ সমাধানৰ বাবে দাবী জনায়।এইবাৰো একো একোটা ৰাজনৈতিক কাৰ্য্য।এইবোৰৰ পৰা আমি পলাই ফুৰিব খুজিলেও পলাই ফুৰিব নোৱাৰো।
সামৰণি:-গতিকে কব পাৰি যে নাগৰিক জীৱনৰ প্ৰতিটো দিশতে ৰাজনীতি জড়িত হৈ পৰে সেয়েহে মহাত্মা গান্ধীয়ে কৈছিল ৰাজনীতি এক সৰ্প কুণ্ডলীহে।
__________৹৹৹৹৹________
(7)নং প্ৰশ্ন:-চৰকাৰ গঠন কিয় হয়?ইয়াৰ যিকোনো চাৰিটা কাৰ্য্য উল্লেখ কৰা।
Ans:-
Intr:-আমাৰ গণতান্ত্ৰিক দেশত চৰকাৰ ,প্ৰতিনিধি আৰু নিৰ্বাচনৰ মাজত যথেষ্ট সম্পৰ্ক আছে।
গণতান্ত্ৰিক দেশত ৰাষ্ট্ৰ পৰিচালনাৰ বাবে চৰকাৰ গঠন হৈছে।
চৰকাৰৰ চাৰিটা কাৰ্য্য হ'ল-
(1)ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব ন্যস্ত থাকে চৰকাৰৰ হাতত;
(2)সমাজৰ বিকাশ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে চৰকাৰৰ ওপৰতেই;
(3)এখন সমাজৰ অৰ্থনীতি,শৈক্ষিক মানদণ্ড, স্বাস্থ্য সেৱা ব্যৱস্থা, নিবনুৱা কৰ্মসংস্থাপন ইত্যাদি সকলোবোৰ কথা চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ দ্বাৰা নিৰ্ণিত হয়।
(4)সমাজ জীৱনৰ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানসমূহ চৰকাৰেই গঢ় দিয়ে।
সামৰণি:-গতিকে ক'ব পাৰি যে চৰকাৰেই জনসাধাৰণৰ কল্যাণমূলক সকলো কামেই কৰিব লাগে।
_____________৹৹৹৹____________
(8)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্ব কি?চমু বাখ্যা কৰা।
Ans:-
Intr:-ৰাজনৈতিক তত্ত্বই আমাৰ ৰাজনৈতিকৰ লগতে সামাজিক জীৱনৰ সকলো দিশেই অন্তৰ্ভুক্ত কৰিছে।
পৰিৱৰ্তনশীল মানৱ সমাজৰ ব্যাপক আৰু বহুমুখী বিস্তাৰ বিভিন্ন সমস্যাৰ তাত্ত্বিক বিচাৰ বিশ্লেষণ আৰু সঠিক সমাধান সম্পৰ্কে যি তত্ত্বত অধ্যয়ন কৰা হয়।তাকে ৰাজনৈতিক তত্ত্ব বোলে।
ৰাজনৈতিক তত্ত্ব হৈছে যত মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীৰ বিভিন্ন সংবিধানে স্বীকৃতি দিয়া ধ্যান ধাৰণাসমূহক শৃংখলাবদ্ধভাৱে আৰু পুংখানুপুংখিক আলোচনা কৰা হয়।
সামৰণি:-ৰাজনৈতিক তত্ত্বই নাগৰিক জীৱনৰ সকলো দিশেই সামৰি লয়।
__________৹৹৹৹৹_________
(9)নং প্রশ্ন:-আধুনিক যুগত মানুহৰ জীৱনলৈ অহা চাৰিটা প্ৰত্যাহ্বান উল্লেখ কৰা।
Ans:-
Intr:-সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমি নতুন নতুন সমস্যাৰ সন্মুখীন হৈছো।এই সমস্যাসমূহে মানৱ জীৱনলৈ নানা প্ৰত্যহ্বান আনি দিছে।
(1)ব্যাপক হাৰত গঢ়ি উঠা উদস্যগসমূহে আমাৰ পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণে নেতিবাচক প্ৰভাৱ পেলাইছে।পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে।
(2)তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে ম'বাইল,ইণ্টাৰনেট আদি ব্যাপক ভাৱে ব্যৱহাৰ হব ধৰিছে।লগে লগে এইবোৰৰ জৰিয়তে হোৱা তথ্য আদান প্ৰদানৰ গোপনীয়তা ভংগ হোৱাৰো অভিযোগ উঠিছে।
(3)অত্যাধিক জনসংখ্যাই নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে।যেনে- যান-যতৰ সমস্যা,গছ গছনি ধংস হৈছে।যাৰ বাবে মানৱ জীৱনলৈ নানা প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
(4)ঠায়ে ঠায়ে বৰ্তমান কৃত্ৰিম বানপানীয়ে মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।
সামৰণি:-আধুনিক যুগত বহুখিনি সমস্যাই দেখা দিছে।অলপতে কৰুণা মহামাৰীয়ে বহুখিনি ক্ষতি কৰিছিল,সময়ৰ লগে লগে বহুতো নতুন নতুন মহামাৰী দেখিবলৈ পোৱা গৈছে যাৰ ফলত মানুহৰ জীৱনলৈ নানা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
_________৹৹৹_________
(10)নং প্ৰশ্ন:-ৰাজনৈতিক তত্বৰ ব্যৱহাৰিক দিশটো আলোচনা কৰা।
Ans:-
Intr:-সংগঠিত জীৱন পৰিচালনাৰ বাবে বিভিন্ন নীতি-নিয়ম গঢ়ি উঠিল ।এনে নীতি-নিয়ম পৰিচালনাৰ বুকুতেই লুকাই আছে ৰাজনৈতিক তত্ত্ব।
সমাজৰ বিকাশৰ বাবে গঠন হোৱা চৰকাৰ প্ৰতিষ্ঠাৰ পাছত কেনেকুৱা চৰকাৰ হব,চৰকাৰৰ নীতি কি হব এনেকুৱা বিভিন্ন প্ৰশ্ন ৰাজনৈতিক তত্ত্বত আলোচনা কৰা হয়।
এজন মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে ৰাজনৈতিক তত্ত্বই প্ৰভাৱ পেলায়।উদাগৰণস্বৰূপে এটা শিশু মৃত্যু লগে লগে নাম পঞ্জীয়ন কৰা ।এখন দেশত ব্যক্তিৰ কি অধিকাৰ থাকিব ,চৰকাৰৰ পৰা তেওঁ কি সা-সুবিধা দাবী কৰিব পাৰিব ইত্যাদি কথাবোৰৰ স'তে ব্যক্তিৰ জন্ম পঞ্জীয়ন আৰু নাগৰিকত্ব সম্পৰ্ক আছে।
আমি প্ৰত্যেকেই দৈনন্দিন কথা বতৰাত অধিকাৰ,ন্যায়, সমমৰ্যদা, সমসুবিধা ইত্যাদি কথাবোৰৰ ওপৰত আলোচনা আৰু বিতৰ্ক কৰো ।এই ধাৰণাবোৰনো কেনেকৈ বিকাশ হল, সংগঠিত ৰাজনৈতিক জীৱন পৰিচালনাৰ বাবে এইবোৰৰ গুৰুত্ব কেনেকুৱা ইত্যাদি প্ৰশ্নবোৰ ৰাজনৈতিক তত্ত্বত আলোচনা হয়।
সামৰণি:-আমাৰ জীৱনৰ ব্যৱহাৰিক সকলো কথাই ৰাজনৈতিক তত্ত্বই আলোচনা কৰে।
_________৹৹৹_________
(11)নং প্ৰশ্ন:-স্বাধীনতা লাভ কৰাৰ পাছতো ভাৰতবৰ্ষত স্বাধীনতা,সমতাৰ প্ৰশ্ন কিয় উত্থাপিত হয়?বুজাই লিখা।
Ans:-
Intr:-বহুতেই কব খোজে যে সাম্প্ৰতিক সময়ত স্বাধীনতা,সমতা,অথবা ন্যায়ৰ দৰে ধাৰণাসমূহ অধ্যয়ন কৰাৰ কোনো প্ৰয়োজন নাই।কিন্তু এই ধাৰণাসমূহ বাৰে বাৰে অধ্যয়ন কৰাটো গুৰুত্ব অপৰিসীম।
ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকসকলক সমতাৰ অধিকাৰ প্ৰদান কৰিছে।ৰাজনৈতিক ক্ষেত্ৰত,বিশেষকৈ ভোটাধিকাৰৰ ক্ষেত্ৰত সকলোৱে এই অধিকাৰ সমভাৱে ভোগ কৰিছে।জাতি,বৰ্ণ,ধৰ্ম অথবা লিংগ নিৰ্বিশেষে সকলোৰে ভোটৰ মূল্য একেই কিন্তু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈষম্য এতিয়াও বিৰাজমান।জাত পাতৰ ক্ষেত্ৰতো আমাৰ সমাজত বিভিন্ন ধৰণৰ বৈষম্য দেখা যায়।ফলত সমাজত এচাম লোকে নিজৰ দখল বা প্ৰতিপত্তি অব্যাহত ৰাখে।এনে পৰিস্থিতিত সমতাৰ ধাৰণাটোৰ পুনৰ মূল্যয়নৰ প্ৰয়োজন আছে ।
দ্বিতীয়তে,সংবিধানে স্বীকৃতি দিয়া আৰু সমাজে গ্ৰহণ কৰি অহা ধ্যান ধাৰণাসমূহৰো নতুন নতুন বাখ্যা হব ধৰিছে।উদাহৰণস্বৰূপে সংবিধানে স্বীকৃতি দিয়া অধিকাৰৰ কথাকে কব পাৰি।এই অধিকাৰ থকাৰ কাৰণে চৰকাৰে ইচ্ছা কৰিলেই কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।সম্প্ৰতি প্ৰশ্ন উত্থাপিত হৈছে যে জীৱনৰ বাবে অথবা জীয়াই থকাৰ বাবে খাদ্য,নিয়মীয়া স্বাস্থ্য সেৱা, বিশুদ্ধ খোৱা পানী ইত্যাদিৰো প্ৰয়োজন।
তৃতীয়তে, সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহে নতুন নতুন সমস্যাৰ সন্মুখীন হৈছে।স্বাধীনতা, অধিকাৰ ভংগ হোৱাৰো অভিযোগ উঠিছে।
সামৰণি:-সেয়েহে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতো স্বাধীনতা, সমতাৰ, অধিকাৰৰ প্ৰশ্ন উত্থাপন হয়।
___________৹৹৹৹৹_________
(12)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্বত কি কি বিষয় আলোচনা হয়?
Ans:-
Intr:-সুনাগৰিক হ'ব খোজা আৰু সমাজৰ কল্যাণৰ হকে কাম কৰিব খোজা প্ৰত্যেকজন লোকৰ বাবেই ৰাজনৈতিক তত্ত্ব গভীৰভাৱে অধ্যয়ন কৰাটো প্ৰয়োজনীয় কথা।
(1)চৰকাৰ প্ৰতিষ্ঠাৰ পাছত কেনেকুৱা চৰকাৰ হব,চৰকাৰৰ নীতি কি হ'ব এনেধৰণৰ সংগঠিত সমাজ জীৱনক প্ৰভাৱিত কৰা বিভিন্ন প্ৰশ্নবোৰ ৰাজনৈতিক তত্ত্বত বিতংভাৱে আলোচনা কৰা হয়।
(2)আমি প্ৰত্যেকেই আমাৰ দৈনন্দিন কথা- বতৰাত অধিকাৰ, ন্যায়, সমমৰ্যদা, সমসুবিধা ইত্যাদি কথাবোৰ আলোচনা কৰো ।এই ধাৰণাবোৰনো কেনেকৈ বিকাশ হল,সংগঠিত ৰাজনৈতিক জীৱন পৰিচালনাৰ বাবে এইবোৰৰ গুৰুত্ব কেনেকুৱা ইত্যাদি প্ৰশ্নবোৰ ৰাজনৈতিক তত্ত্বত আলোচনা কৰা হয়।
(3)সমতা,স্বাধীনতা, অধিকাৰ আদি অধিকাৰসমূহৰ ওপৰত ৰাজনৈতিক তত্ত্বত বিতংভাৱে আলোচনা কৰা হয়।
সামৰণি:-ৰাজনৈতিক তত্ত্বই মানৱ জীৱনৰ সকলোবোৰ দিশেই সামৰি লয়।
_________৹৹◆৹৹___________
(13)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্ব কেৱল ৰাজনীতিকেহে অধ্যয়ন কৰিব লাগে বুলি ভাবানেকি ?উত্তৰ সপেক্ষে যুক্তি দিয়া।
Ans:-
Intr:-বহুতৰে বিশ্বাস যে ৰাজনৈতিক তত্ত্বৰ সকলোৱে পঢ়াৰ কোনো যুক্তি নাই।তাৰ পৰিৱর্তে ৰাজনীতি বিজ্ঞানী হ'ব খোজা, ৰাজনৈতিক আন্দোলন কৰিব খোজা ,অধিবক্তা হব খোজা কিছু লোকৰ বাবেহে ৰাজনৈতিক তত্ত্ব গুৰুত্বপূৰ্ণ।কিন্তু প্ৰচলিত এই ধাৰণা শুদ্ধ নহয়।
সুনাগৰিক হব খোজা আৰু সমাজৰ কল্যাণৰ হকে কাম কৰিব খোজা যিকোনো লোকৰ বাবেই ৰাজনৈতিক তত্ত্ব গভীৰভাৱে অনুধাৱন কৰাটো প্ৰয়োজনীয় কথা।
আমাৰ জীৱনলৈ নামি অহা জটিলতা আৰু প্ৰত্যাহ্বান বুজি উঠিবৰ বাবে আৰু তাক মোকাবিলা কৰিবৰ বাবেও ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাৰ গুৰুত্ব অপৰিসীম।
নাগৰিকৰ সমতা,স্বাধীনতা,অধিকাৰ আদি অধিকাৰসমূহ ৰাজনৈতিক তত্ত্বত পুংখনপুংখিকভাৱে আলোচনা কৰা হয়।
সামৰণি:-গতিকে কব পাৰি যে ৰাজনৈতিক তত্ত্ব কেৱল ৰাজনীতি বিজ্ঞানীয়ে নহয় সকলোৱে অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ।
_________৹৹৹৹___________
(14)নং প্ৰশ্ন:-ৰাজনীতি আৰু বুৰঞ্জীৰ মাজৰ সম্পৰ্ক লিখা।
Ans:-
Intr:-বুৰঞ্জী হল ৰাজনীতি বিজ্ঞানৰ মূল উপাদানসমূহৰ প্ৰধান উৎস।বুৰঞ্জীৰ অধ্যয়নত ৰাজনীতি বিজ্ঞানৰ জ্ঞান থকাটো একান্ত প্ৰয়োজন।
ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজৰ সম্পৰ্কসমূহ হ'ল-
(1)ৰাজনৈতিক ঘটনাৰ ক্ৰম বিৱৰ্তনৰ ধৰা বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা হয়।
(2)অতীত ৰাজনৈতিক সম্পৰ্কে ধাৰণা নাথাকিলে বৰ্তমানৰ ৰাজনৈতিক মতামতৰ ভিত্তি দুৰ্বল হৈ পৰে ।
(3)বুৰঞ্জীৰ সহায় বিনে ৰাজনৈতিক অনুষ্ঠানসমূহৰ সংগঠন আৰু কাৰ্যৱলী সম্পৰ্কে সম্যক জ্ঞান লাভ কৰিব নোৱাৰি।
(4)ৰাজনৈতিক তত্ত্ব বুৰঞ্জীৰ জ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠা হয়।
সামৰণি:-গতিকে কব পাৰি যে সমাজৰ ৰাজনৈতিক দিশটোক বাদ দি কোনো বুৰঞ্জী ৰচনা কৰিব নোৱাৰি।
____________৹৹৹৹৹__________
(15)নং প্রশ্ন:-ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ চাৰিটা সামজ্ঞস্য লিখা।
Ans:-
Intr:-ৰাজনৈতিক বিজ্ঞান সমাজ বিজ্ঞান।সমাজশাস্ত্ৰই ৰাজনীতি বিজ্ঞানৰ বহুতো উপাদান যোগায়।
(1)ৰাজনীতি বিজ্ঞানে সমাজশাস্ত্ৰৰ পৰা নানা উপাদান আৰু উদাহৰণ সংগ্ৰহ কৰে।
(2)সামাজিক সমস্যাবিলাকে ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
(3)প্ৰাচীন ৰাজনীতি বিজ্ঞানীসকলে নিজৰ নিজৰ দৰ্শনৰ ভিত্তিতেই সামাজিক ধ্যান ধাৰণা আৰু সামাজিক সমস্যাবিলাক আলোচনা কৰিছিল।
(4)বিভিন্ন সমাজতত্ববিদে সামাজিক দৃষ্টিকোণৰ পৰা ৰাজনীতি বিজ্ঞানৰ বহুতো ধাৰণাক বাখ্যা কৰিছে।
সামৰণি:-এতেকে ৰাজনীতি বিজ্ঞান আৰু সমাজবিজ্ঞানৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে ।এটা আনটোৰ পৰিপূৰক।
_______৹৹৹______
(15)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞানৰ লগত নীতিশাস্ত্ৰৰ চাৰিটা প্ৰভেদ লিখা।
Ans:-
ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল-
(1)নীতিশাস্ত্ৰৰ আদৰ্শ ন্যায়ভিত্তিক।কিন্তু ৰাষ্ট্ৰৰ নিৰ্দেশ সুবিধা -অসুবিধাৰ ভিত্তিত নিৰ্ধাৰিত হয়।
(2)নীতিশাস্ত্ৰৰ নিৰ্দেশ পালনীয় নহয়।কিন্তু ৰাষ্ট্ৰীয় আইন মানি চলা বাধ্যতামূলক।
(3)ন্যায়-নীতিৰ নিৰ্দেশ প্ৰায়বিলাক দেশত একে ধৰণৰ।কিন্তু ৰাষ্ট্রীয় আইন দেশভেদে বেলেগ বেলেগ ধৰণৰ হয়।
(4)নীতিশাস্ত্ৰ ৰাজনীতি বিজ্ঞানৰ তুলনাত প্ৰাচীন।কিন্তু ৰাজনীতি বিজ্ঞান এটি নতুন বিষয়
___________৹৹৹৹___________
(16)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞানৰ লগত মনোবিজ্ঞানৰ তিনিটা প্ৰভেদ লিখা।
Ans:-
ৰাজনীতি বিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত থকা পার্থক্যসমূহ হল-
(1)ৰাজনীতি বিজ্ঞান নীতিনিষ্ঠ।কিন্তু মনোবিজ্ঞান বস্তুনিষ্ঠ।
(2)ৰাজনীতি বিজ্ঞানে অকল মানুহৰ বাহ্যিক আচাৰ-আচৰণৰ বিষয়ে আলোচনা কৰে।কিন্তু মনোবিজ্ঞানে বাহ্যিক আচাৰ-আচৰণ আৰু মানসিক বিষয় লৈও আলোচনা কৰে।
(3)মনোবিজ্ঞানত মানুহৰ সহজাত প্ৰবৃত্তি আলোচনা কৰা হয়।ৰাজনীতি বিজ্ঞানে মানুহৰ ৰাজনৈতিক আচাৰ-আচৰণ,কাৰ্যকৰণ সম্পৰ্কে বাখ্যা কৰে।
________৹৹৹________
(17)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞানৰ লগত ভূগোলৰ তিনিটা প্ৰভেদ আলোচনা কৰা।
Ans:-
ৰাজনীতি বিজ্ঞান আৰু ভূগোলৰ মাজত থকা প্ৰভেদসমূহ হ'ল-
(1)ৰাজনীতি বিজ্ঞানত চৰকাৰ,ৰাষ্ট্ৰ, নিৰ্বাচন আদি কথাই গুৰুত্ব লাভ কৰে।আনহাতে ভূগোলত জলবায়ু, মাটি,আদিৰ বিষয়ে গুৰুত্ব লাভ কৰে।
(2)ৰাজনীতি বিজ্ঞান এটা নতুন বিষয় ।কিন্তু ভূগোল ৰাজনীতি বিজ্ঞানতকৈ প্ৰাচীন।
(3)ভূগোলৰ অবিহনে ৰাজনীতি বিজ্ঞান আলোচনা কৰিব নোৱাৰি।আনহাতে ভূগোলে সকলো সময়তে ৰাজনীতি বিজ্ঞানক অনুসৰণ নকৰে।
_________৹৹৹৹_________
অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks-2)
(1)ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি ।
Ans:-
মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীৰ বিভিন্ন সংবিধানে স্বীকৃতি দিয়া ধ্যান ধাৰণাসমূহক ৰাজনৈতিকতত্ত্বৰ শৃংখলাবদ্ধভাৱে তথা পুংখনপুংখিকভাৱে আলোচনা কৰা হয়।
(2)নং প্ৰশ্ন:-ৰাজনীতি তত্বৰ অন্তৰ্গত দুটা বিষয়ৰ উল্লেখ কৰা।
Ans:-
ৰাজনীতি তত্বৰ অন্তৰ্গত দুটা বিষয় হ'ল-
(1)চৰকাৰৰ নীতি-নিয়ম;
(2)ন্যায়, অধিকাৰ,স্বাধীনতা ইত্যাদি।
(3)নং প্ৰশ্ন:-ৰাজনৈতিক তত্বৰ দুটা উপযোগীতা উল্লেখ কৰা।
Ans:-
ৰাজনৈতিক তত্ত্বৰ দুটা উপযোগীতা হ'ল-
(1)দায়িত্বশীল নাগৰিক নিৰ্মাণ;
(2)বিকাশৰ চৰিত্ৰ উন্মোচন।
(4)নং প্ৰশ্ন:-চমু উত্তৰ লিখা-ৰাজনৈতিক তত্ত্বই সমতা সম্পৰ্কে বাখ্যা কৰে।
Ans:-
সমতাৰ ধাৰণা আমি দৈনন্দিন জীৱনত সদায়ে প্ৰয়োগ কৰি আহিছো।
ৰাজনৈতিক তত্ত্বই ভোটাধিকাৰ ক্ষেত্ৰত সমভাৱে অধিকাৰ প্ৰদান কৰিছে।
অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত নাগৰিকে কেনেদৰে সমতাৰ অধিকাৰ ভোগ কৰিব পাৰিব।সেই বিষয়ে ৰাজনৈতিক তত্ত্বই আলোচনা কৰে।
(5)নং প্ৰশ্ন:-ৰাজনীতি সম্পৰ্কে দুটা ধাৰণা লিখা।
Ans:-
(1)ৰাজনীতি মানে হৈছে নিৰ্বাচনকেন্দ্ৰিক কাৰ্যকলাপ;
(2)ৰাজনীতি মানে চকান্তমূলক কার্যকলাপ।
(6)নং প্রশ্ন:-উত্তৰ-পূৱ ভাৰতৰ সমস্যাসমূহৰ আলোচনাত ৰাজনৈতিক তত্ত্বই কিদৰে সহায় কৰে?দুটা যুক্তি দিয়া।
Ans:-
(1)নাগৰিকৰ তাত্বিক দিশটোৰ বিষয়ে আলোচনা কৰে;
(2)গণমাধ্যমসমূহৰ সঠিক গতিপথ প্ৰদান কৰে।
(7)নং প্ৰশ্ন:-ৰাজনীতিক কিয় বহুপাক্ষিক প্ৰক্রিয়া বুলি কোৱা হয়?
Ans:-
চৰকাৰৰ পৰিচালনাৰ সতে জড়িত নীতি নিয়মৰ বাদেও এখন সমাজৰ শৈক্ষিক মানদণ্ড,স্বাস্থ্য ব্যৱস্থা, নিবনুৱাৰ কৰ্মসংস্থাপন ইত্যাদি সকলোবোৰ কথা চৰকাৰৰ নীতি আৰু কাৰ্যসূচী দ্বাৰা নিৰ্ণিত হয়।সেয়েহে ৰাজনীতি একপক্ষীয় নহয় ,ৰাজনীতি বহুপাক্ষিক প্ৰক্ৰিয়া।
(8)নং প্ৰশ্ন:-দুজন ভাৰতীয় চিন্তাবিদৰ নাম লিখ
Ans:-
(1)মহাত্মা গান্ধী;
(2)জৱাহৰলাল নেহৰু।
(9)নং প্ৰশ্ন:-পশ্চিমীয়া দুগৰাকী ৰাজনীতি বিজ্ঞানীৰ নাম লিখা।
Ans:-
(1)থমাছ হবছ্
(2)প্লেটো।
(10)নং প্ৰশ্ন:-ৰাজনীতি তত্ত্ব অধ্যয়ণৰ উপযোগিতা সম্পৰ্কে দুটা কাৰক লিখা।
Ans:-
দুটা উপযোগিতা হ'ল-
(1)গণমাধ্যমসমুহ
(2)সংবিধান।
(11)নং প্ৰশ্ন:-ৰাজনৈতিক তত্ত্বৰ দুটা সংজ্ঞা দিয়া।
Ans:-
পৰিৱৰ্তনশীল মানৱ সমাজৰ ব্যাপক আৰু বহুমুখী বিস্তাৰ বিভিন্ন সমস্যাৰ তাত্ত্বিক বিচাৰ বিশ্লেষণ আৰু সঠিক সমাধান সম্পৰ্কে যি তত্ত্বত অধ্যয়ন কৰা হয়।তাকে ৰাজনৈতিক তত্ত্ব বোলে।
ৰাজনৈতিক তত্ত্ব হৈছে যত মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীৰ বিভিন্ন সংবিধানে স্বীকৃতি দিয়া ধ্যান ধাৰণাসমূহক শৃংখলাবদ্ধভাৱে আৰু পুংখানুপুংখিক আলোচনা কৰা হয়।
(12)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্বৰ মাজৰ দুটা পার্থক্য লিখা।
Ans:-
(1)ৰাজনীতি বিজ্ঞানে সমাজৰ সকলো দিশ, ৰাষ্ট্ৰ,চৰকাৰৰ নীতি-নিয়ম আদি বিষয়ে আলোচনা কৰে।আনহাতে ৰাজনৈতিক তত্ত্বই এই ধাৰণাসমূহৰ ব্যৱহাৰিক দিশটো অধ্যয়ন কৰে।
(2)ৰাজনীতি বিজ্ঞানে সমাজৰ সকলো কথা বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আলোচনা কৰে।আনহাতে ৰাজনৈতিক তত্ত্বই সকলোবোৰ কথা তাত্ত্বিক দিশ আলোচনা কৰে।
_________৹৹৹_________
বস্তুনিষ্ঠ প্ৰশ্নৱালী:(Marks:1)
(1)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞানৰ জনক বুলি কাক কোৱা হয়?
Ans:-
এৰিষ্ট'টল।
(2)পলিচ শব্দৰ অৰ্থ কি?
Ans:-
নগৰ ৰাষ্ট্ৰ।
(3)"ইতিসাহ অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য,ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল"এইটো কোনে কৈছিল?
Ans:-
জন চিলি।
(4)ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?
Ans:-
এৰিষ্ট'টলে।
(5)"ৰাজনীতি যেনিবা এক সর্পকুণ্ডলীহে "এই উক্তিটো কাৰ?
Ans:-
উক্তিটো মহাত্মা গান্ধীৰ।
(6)"On liberty"গ্ৰন্থখনৰ লিখক কোন?
Ans:-
জন ষ্টুৱাৰ্ট মিল।
(7)"হিন্দ স্বৰাজ"গ্ৰন্থখনৰ লিখক কোন?
Ans:-
মহাত্মা গান্ধী।
(8)স্বাধীনতা মানৱ জাতিৰ মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে কৈছিল?
(9)ভাৰতৰ অনুসূচীত জাতিক সংখ্যালঘু হিচাপে জ্ঞান কৰিব লাগে বুলি কোনে কৈছিল?
(10)"জীয়াই থকা অধিকাৰ"বুলিলে কি বুজা?
Ans:-
জীয়াই থকাৰ অধিকাৰ মানে হৈছে কোনো ব্যক্তিকে তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰা নহ'ব।
_____________৹৹৹৹৹___________
Comments
Post a Comment