About Us Get link Facebook X Pinterest Email Other Apps Hello.. Here student will get solution to their important questions. Get link Facebook X Pinterest Email Other Apps Comments
H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes) অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: চমুকৈ লিখা: (1)নং প্ৰশ্ন:-ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ চাৰিটা প্ৰধান বিষয়-বস্তু উল্লেখ কৰা। Ans:- Intr:-ৰাজনীতি বিজ্ঞানৰ বিষয়-বস্তু সম্পৰ্কে ৰাজনীতি বিজ্ঞানবিদসকলৰ মাজত বিভিন্ন মতভেদ দেখা যায়।ইয়াৰ পৰিসৰ বা বিষয়-বস্তু অতি ব্যাপক। ৰাজনীতি বিজ্ঞানৰ পৰিসৰসমূহ তলত আলোচনা কৰা হ'ল- ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়-বস্তু হ'ল ৰাষ্ট্ৰ।এক শ্ৰেণীৰ পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞান কেৱল ৰাষ্ট্ৰৰ লগতহে জড়িত। আন এচাম পণ্ডিতৰ মতে ৰাজনীতি বিজ্ঞান কেৱল চৰকাৰৰ লগতহে জড়িত।চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ ইচ্ছা -অনিচ্ছা বাস্তৱত ৰূপায়িত হয়। আন কিছুমান ৰাজনৈতিক চিন্তাবিদৰ মতে ৰাজনীতি বিজ্ঞানত অকল ৰাষ্ট্ৰ নাইবা চৰকাৰৰ বিষয়ে অধ্যয়ন কৰা নহয়,ইয়াত ৰাষ্ট্ৰ আৰু চৰকাৰ এই দুয়োটা বিষয়ৰে অধ্যয়ন কৰা হয়। ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ অতীত,বৰ্তমান আৰু ভৱিষ্যত বিকাশৰ সম্পৰ্কেও অধ্যয়ণ কৰে।অতীতৰ পটভূমিত ৰাজনীতি বিজ্ঞানৰ আলোচনা নাথাকিলে বৰ্তমান সম্প... Read more
AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: 1)নং প্ৰশ্ন:-ছোভিয়েট সংঘ কিয় ভংগ হৈছিল?তিনিটা কাৰণ আলোচনা কৰা। Ans:- Intr :-ছোভিয়েট সংঘ পতনৰ অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে।এই কাৰণসমূহৰ ভিতৰত অধিকাংশই আছিল ছোভিয়েট সমাজব্যৱস্থাৰ বুকুত দীৰ্ঘকাল ধৰি বৰ্তি থকা বিৰোধ।কিন্তু এনে পতনৰ তাৎক্ষণিক কাৰণ আছিল 1985 চনৰ ক্ষমতালৈ অহা মিখাইল গৰ্বাচেভে সূচনা কৰা"গ্লাছনোষ্ট"আৰু "পেৰেষ্ট্ৰোইকা" নামৰ সংস্কাৰ কার্যসূচীসুমহ। ছোভিয়েট সংঘৰ পতনৰ মুল কাৰণ সমূহ হল- (1)1960-ৰ দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা:- ছোভিয়েট সংঘই পৰিকল্পিত অৰ্থনীতিৰ জৰিয়তে এক স্ব-নির্ভৰশীল অৰ্থ ব্যৱস্থাৰ ফলপ্ৰসূতা সম্পৰ্কে সন্দেহভাৱৰ উদ্ৰেক কৰিবলৈ ধৰে। (2)পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ:- বিশ্বৰ এক মহাশক্তি হিচাপে ছোভিয়েট সংঘই নিজৰ মতাদর্শগত আধিপত্যৰ প্ৰতিষ্ঠাৰ যুঁজত মাৰ্কিন য... Read more
H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.- অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:- ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-নাগৰিক কোন?নাগৰিকত্ব কেনেকৈ অর্জন কৰিব পাৰি?(Mark's:6) Ans:- যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়। সাধাৰণতে দুটা পদ্ধতিৰে নাগৰিকত্ব লাভ কৰিব পাৰি। (1)জন্মসূত্ৰৰ দ্বাৰা:-জন্মসূত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ'ব পাৰে।জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব অর্জন কৰা নীতিক দুটা ভাগত ভগাব পাৰি- (ক)তেজৰ সম্পৰ্ক আৰু (খ)জন্মস্থান নীতি। সাধাৰণতে জন্মস্থান বা তেজৰ সম্পৰ্ক আৰু জন্মস্থানৰ নীতি অনুযায়ী নাগৰিকত্ব অর্জনক প্ৰায়বোৰ ৰাষ্ট্ৰই অনুকৰণ কৰা দেখা যায়।কিন্তু দুয়োটাৰে সুবিধা আৰু অসুবিধা দুয়োটাই আছে। (2)দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা:-এই পদ্ধতিৰ দ্বাৰা কোনো এজন বিদেশী নাগৰিক বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব পাৰে।নানাবিধ উপায়েৰে এনে ধৰনে নাগৰিকত্ব অর্জন কৰিব পৰা সম্ভৱ।সেইবোৰ হ'ল- (ক)দীৰ্ঘকাল বসবাস (খ)বিবা... Read more
Comments
Post a Comment