H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:- ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-নাগৰিক কোন?নাগৰিকত্ব কেনেকৈ অর্জন কৰিব পাৰি?(Mark's:6) Ans:- যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়। সাধাৰণতে দুটা পদ্ধতিৰে নাগৰিকত্ব লাভ কৰিব পাৰি। (1)জন্মসূত্ৰৰ দ্বাৰা:-জন্মসূত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ'ব পাৰে।জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব অর্জন কৰা নীতিক দুটা ভাগত ভগাব পাৰি- (ক)তেজৰ সম্পৰ্ক আৰু (খ)জন্মস্থান নীতি। সাধাৰণতে জন্মস্থান বা তেজৰ সম্পৰ্ক আৰু জন্মস্থানৰ নীতি অনুযায়ী নাগৰিকত্ব অর্জনক প্ৰায়বোৰ ৰাষ্ট্ৰই অনুকৰণ কৰা দেখা যায়।কিন্তু দুয়োটাৰে সুবিধা আৰু অসুবিধা দুয়োটাই আছে। (2)দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা:-এই পদ্ধতিৰ দ্বাৰা কোনো এজন বিদেশী নাগৰিক বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব পাৰে।নানাবিধ উপায়েৰে এনে ধৰনে নাগৰিকত্ব অর্জন কৰিব পৰা সম্ভৱ।সেইবোৰ হ'ল- (ক)দীৰ্ঘকাল বসবাস (খ)বিবা...