AHSEC Class 12 Political Science ||Chapter-6 আন্তৰ্জাতিক সংগঠন(International Organisations||Assamese medium notes.

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

 (1)নং প্ৰশ্ন:-নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভূক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।(Marks:6)

Ans:-

      Intr:-নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভূক্তিৰ বহুতো কাৰণ আছে।

    পুনৰগঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদৰ দাবী উত্থাপন কৰাত বাধা একো নাই।আজি বহুবছৰ ধৰি এই দাবী উত্থাপিত হৈ আছিল।

     তলত দাবীৰ সমৰ্থনত কেইটামান যুক্তি উল্লেখ কৰা হল-

(1)ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ।

  (2)ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ।আৰম্ভণিৰেপৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰবৰ্তন হৈ আছে।

 (3)ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আছে।

  (4)ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

(5) দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰতগতিত আগবাঢ়ি আহিছে।

(6)ভাৰতে নিয়মিতভাৱে আর্থিক অনুদান আগবঢ়াই আহিছে।

   সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এখন স্থায়ী আসন দাবী কৰিব পাৰে আৰু ই যুক্তিসংগত।

       ___________৹৹৹৹৹৹___________

(2)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্ত:ৰাষ্ট্ৰীয় সংগঠন বুলি ভাৱানে?কাৰণ দৰ্শোৱা।(Marks:4)

Ans:-

        Intr:-ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হৈছে বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।তথাপিও ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্ত:ৰাষ্ট্ৰীয় সংগঠন বুলি কব নোৱাৰি ।

              আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ই যথেষ্ট সবল বুলি কব নোৱাৰি যদিও ইয়াৰ অবিহনে বিশ্ব শান্তি আৰু নিৰাপত্তা বেছি বেয়াৰ পিনে ঢাল খাব।ৰাষ্ট্ৰসংঘৰ কৃতিত্ব ইয়াতে যে আগতে বিভিন্ন জাতিৰ মাজত বুজাপৰা আৰু সহায় সহযোগিতাৰ যি অভাৱ আছিল তাক ৰাষ্ট্ৰসংঘই অনেক ক্ষেত্ৰত দূৰ কৰাত সাফল্য লাভ কৰিছে।পৃথিৱীৰ পৰা শীতল যুদ্ধ অৱসান ঘটিছে।আন্তৰ্জাতিক বিৰোধৰ পথ বিচাৰি উলিয়াবৰ বাবে বিভিন্ন জাতিসমূহক একত্ৰিত হৈ বহাৰ আৰু পৰস্পৰৰ অভাৱ অভিযোগ,উজৰ আপত্তি আদি দাঙি ধৰাৰ সুযোগ প্ৰদান কৰিব পাৰিছে।ইয়াৰ উপৰিও অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক প্ৰভূতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বিশেষ কৃতিত্ব অর্জন কৰিছে।ৰাষ্ট্ৰসংঘৰ অবিহনে সাত বিলয়ন জনসংখ্যা থকা বিশ্বৰ কথা ভাৱিব নোৱাৰি।

        সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্ত:ৰাষ্ট্ৰীয় সংগঠন বুলি কব নোৱাৰি যদিও ৰাষ্ট্ৰসংঘৰ বহুখিনি কৃতিত্বও আছে।

         ____________৹৹৹●৹৹৹_________

(3)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

Ans:- 

        ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হল-

(1)আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(2)সমান অধিকাৰ আৰু আত্মনিয়ণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

           _______৹৹৹৹৹৹________

(4)নং প্ৰশ্ন:-সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ দুটা কাৰ্য্য লিখা।

  Ans:-

        সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ দুটা কাৰ্য্য হল-

   (1)এই পৰিষদে আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু এনেধৰণৰ সমস্যাৰ বিষয়ে অনুসন্ধান কৰি সাধাৰণ সভা, ৰাষ্ট্ৰসংঘৰ সদস্যসকলৈ প্ৰতিবেদন পঠাব লাগে

   (2)প্ৰত্যেক ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰিব পাৰে, সেই বিষয়ে পৰিষদে ৰাষ্ট্ৰসংঘক জনাব লাগে।

       __________৹৹৹৹৹৹৹__________

(5)নং প্রশ্ন:-ৰাষ্ট্ৰসংঘৰ দুটা মূলনীতি উল্লেখ কৰা।

Ans:-

       ৰাষ্ট্ৰসংঘৰ দুটা মূলনীতি হল-

(1)সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হব।

(2)সদস্য ৰাষ্ট্ৰসমূহে চনদত উল্লেখ থকা দায়িত্ব পালন কৰিব।

   _________৹৹৹৹৹৹____________

(6)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘ কি?ৰাষ্ট্ৰসংঘৰ অংগ কেইটাৰ নাম লিখা।

Ans:-

      ৰাষ্ট্ৰসংঘ হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে পৃথিৱীৰ বিভিন্ন দেশৰ নেতৃস্থানীয় ব্যক্তিসকলে জন্ম দিয়া এটা আন্তৰ্জাতিক সংগঠন।

        ৰাষ্ট্ৰসংঘৰ অংগ কেইটাৰ নাম হল-

1)সাধাৰণ সভা

2)নিৰাপত্তা পৰিষদ

3)অৰ্থনৈতিক আৰু সামাজিক পৰিষদ

4)ন্যাসৰক্ষী পৰিষদ

5)আন্ত:ৰাষ্ট্ৰীয় আদালত

6)সচিবপ্ৰধান আৰু সচিবালয়।

    ______________৹৹৹৹৹৹৹৹_________

(7)ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

Ans:-1945 চনৰ 24 অক্টোবৰ।

(8)ৰাষ্ট্ৰসংঘৰ সদস্য কোন হব পাৰে?

Ans:-যিবোৰ শান্তিপ্রিয় দেশে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা দায়িত্ব মানি চলিবলৈ প্ৰস্তুত, তেনে ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য হব পাৰে।

(9)ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেতিয়া গ্ৰহণ কৰিছিল?

Ans:-1945 চনৰ 30 অক্টোবৰ ।

(10)মানৱ অধিকাৰ ঘোষণা পত্ৰ কেতিয়া জাৰি কৰা হৈছিল?

Ans:-1948 চনৰ 10 ডিচেম্বৰত।

(11)কিমানখন দেশে প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল?

Ans:-51 খন দেশে।

(12)ৰাষ্ট্ৰসংঘৰ কোনটো অংগত বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰ সদস্য?

Ans:-সাধাৰণ সভাত।

(13)ৰাষ্ট্ৰসংঘৰ প্ৰধান ন্যায়িক অংগটোৰ নাম কি?

Ans:-অন্ত:ৰাষ্ট্ৰীয় আদালত।

(14)নিৰাপত্তা পৰিষদত কেই শ্ৰেণীৰ সদস্য আছে?

Ans:-দুই শ্ৰেণীৰ সদস্য আছে।

       1)স্থায়ী

       2)অস্থায়ী।

(15)ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক কোনে নিয়োগ কৰে?

Ans:-সাধাৰণ সভাই।

            _______৹৹৹৹৹৹৹_______

আৰ্হি প্ৰশ্নাৱলী(Mark's:6)

(1)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰা।

Ans:-

     Intr:-দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ পিছত সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক সংগঠন গঠন কৰা হৈছিল।

   ৰাষ্ট্রসংঘৰ গঠন হোৱাৰ আগতে জাতিসংঘৰ গঠন হৈছিল।কিন্তু জাতিসংঘই কৃতকাৰ্যতা লাভ কৰিব পৰা নাছিল।

    1941 চনত আমেৰিকা ৰ ৰাষ্ট্ৰপতি আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে আটলাণ্টিক মহাসাগৰত এখন জাহাজত বহি এখন চুক্তি স্বাক্ষৰ কৰিছিল।এই চুক্তিতেই জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তাৰ কাৰণে আন্তৰ্জাতিক সংস্থা গঠনৰ পোষকতা কৰা হৈছিল।

    1942 চনত মিত্ৰপক্ষই আটলাণ্টিক চুক্তিত সমৰ্থন জনাই ৰাষ্ট্ৰসংঘৰ ঘোষণা কৰে।

    এনেদৰে বিভিন্ন সন্মিলনৰ যোগেদি 1945 চনৰ 26 জুন তাৰিখে 50 খন ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল।

    1945 চনৰ অক্টোবৰ মাহত পোলেণ্ডে চনদত স্বাক্ষৰ কৰাৰ লগে লগে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য 51 খনলৈ বৃদ্ধি পায়।

     এনেদৰে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্রসংঘ প্ৰতিষ্ঠা হৈছিল।বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা 193খন।ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ চনদত এটা প্ৰস্তাৱনা,111 টা অনুচ্ছেদ আছে।

     সামৰণি:-এইদৰে ৰাষ্ট্রসংঘৰ প্ৰতিষ্ঠাই দেশসমূহৰ মাজত বন্ধত্বপূৰ্ণ সম্পৰ্ক গঢ়াত সহায় হৈছে।

          ______৹৹৹______

(2)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিবোৰ আলোচনা কৰা।

Ans:-

     Intr:-ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰস্তাৱনা আৰু 1-নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা হৈছে।চনদৰ 2 নং অনুচ্ছেদত নীতিসমূহ উল্লেখ কৰা আছে।

    ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ'ল-

    (1)আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা;

    (2)সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা;

    (3)আন্ত:ৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা।

   ৰাষ্ট্রসংঘৰ নীতিসমূহ হ'ল-

    (1)সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হ'ব;

    (2)সদস্য ৰাষ্ট্ৰসমূহে চনদত উল্লেখ থকা দায়িত্ব পালন কৰিব;

    (3)সদস্য ৰাষ্ট্রবোৰে কোনো ৰাজ্যিক অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব।

   সামৰণি:-এইদৰে দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ মনোভাৱ গঠন কৰি দেশসমূহৰ মাজত শান্তি প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

            _______৹৹৹৹_______

(3)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবোৰ চমুকৈ বৰ্ণনা কৰা।

Ans:-

     Intr:-ৰাষ্ট্ৰসংঘৰ চনদৰ 7 নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ বিষয়ে উল্লেখ কৰা আছে।

    ছয়টা অংগৰ দ্বাৰা ৰাষ্ট্ৰসংঘ গঠিত।তলত অংগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল-

   (1)সাধাৰণ সভা:-সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ অংগ। সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই 5 জনকৈ প্ৰতিনিধি পঠাব পাৰে।ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এই সভাৰ সদস্য।

   (2)নিৰাপত্তা পৰিষদ:-নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা বুলি অভিহিত কৰিব পাৰি।এই পৰিষদত 5 জন স্থায়ী সদস্য আৰু 10 জন অস্থায়ী সদস্যৰে গঠিত।অস্থায়ী সদস্যসকলৰ কাৰ্যকাল 2 বছৰ।

    (3)অৰ্থনৈতিক আৰু সামাজিক পৰিষদ:-উদ্যোগৰ বিষয়ত আগবঢ়া আৰু শক্তিশালী দেশক এই পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়।

   (4)ন্যাসৰক্ষী পৰিষদ:-দ্বিতীয় মহাযুদ্ধৰ পিছত যিবোৰ অঞ্চলে স্বাধীনতা লাভ কৰা নাছিল, সেই অঞ্চল ন্যাসৰক্ষী পৰিষদৰ নিয়ন্ত্ৰণলৈ আহিছিল।

   (5)আন্ত:ৰাষ্ট্ৰীয় আদালত:-আন্ত:ৰাষ্ট্ৰীয় আদালত ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ।15জন বিচাৰপতিয়ে আন্ত:ৰাষ্ট্ৰীয় আদালত গঠন কৰা হয়।

  (6)সচিবপ্ৰধান আৰু সচিবালয়:-সচিবালয় প্ৰধান প্ৰশাসনীয় বিষয়া হৈছে সচিবপ্ৰধান।সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে সচিবালয় গঠিত।

   সামৰণি:-ওপৰত আলোচনা কৰা এই ছয়টা স্থায়ী অংগৰ বাহিৰেও ৰাষ্ট্ৰসংঘৰ কিছুমান বিশেষ অংগ থকাও দেখা যায়।যেনে-W.H.O, UNESCO ইত্যাদি।।                   ________৹৹৹৹______

(4)নং প্ৰশ্ন:-ৰাষ্ট্রসংঘৰ প্ৰধান কাৰ্যবোৰত ভাৰতৰ ভূমিকা আলোচনা কৰা।

Ans:-

     Intr:-1945 চনৰ 30 অক্টোবৰত আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়।তেতিয়াৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্রসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে।

    বৰ্তমানৰ পৰিস্থিতিত ৰাষ্ট্রসংঘৰ পুনৰ সংস্কাৰৰ যি প্ৰশ্ন উঠিছে ভাৰতেও তাত পূৰ্ণ সমৰ্থন জনাইছে।

     ৰাষ্ট্ৰসংঘৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে।

    ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী দুয়োবিধ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ পোষকতা কৰে।

   সামৰণি:-ইয়াৰ দ্বাৰা ক'ব পাৰি যে-ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবোৰত ভাৰতৰ ভূমিকা যথেষ্ঠ আছে।

            ________৹৹৹৹_______

(5)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন পদ্ধতি, ক্ষমতা আৰু কাৰ্যৱলী আলোচনা কৰা।

Ans:-

     Intr:-সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ অংগ।

   ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন,ক্ষমতা আৰু কাৰ্যৱলী তলত আলোচনা কৰা হ'ল-

   সাধাৰণ সভাৰ গঠন পদ্ধতি:-  

    সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই 5জন প্ৰতিনিধি পঠাব পাৰে।প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এটাহে ভোট থাকে।

     সাধাৰণ সভাই কমিটিৰ জৰিয়তে ইয়াৰ কাম-কাজ সম্পাদনা কৰে।সাধাৰণ সভাত প্ৰধান কমিটি, নীতি-নিয়ম সংক্ৰান্ত কমিটি, স্থায়ী কমিটি আৰু তদৰ্থ কমিটি আছে।

    সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যৱলী:

     (1)আলোচনা আৰু পৰামৰ্শ দিয়া:-কোনো বিষয়ৰ ওপৰত বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ কাৰণে সাধাৰণ সভাই প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব পাৰে।

    (2)নীতি-নিয়ম ৰচনা কৰাৰ ক্ষমতা:-এই সভাই কিছুমান নীতি-নিয়ম ৰচনা কৰিব পাৰে।

   (3)পৰ্যবেক্ষণৰ ক্ষমতা:-ৰাষ্ট্রসংঘৰ আন আন অংগৰ কাম-কাজৰ সাধাৰণ সভাই পৰ্যবেক্ষণ কৰিব পাৰে।

   (4)অৰ্থনৈতিক ক্ষমতা:-সাধাৰণ সভাৰ ৰাষ্ট্রসংঘৰ বাজেট অনুমোদন কৰাৰ ক্ষমতা আছে।

   সামৰণি:-গতিকে ক'ব পাৰি যে-ৰাষ্ট্ৰসংঘৰ অংগমূহৰ ভিতৰত সাধাৰণ সভাই প্ৰধান।

             ______৹৹৹৹______

(6)নং প্ৰশ্ন:-নিৰাপত্তা পৰিষদৰ গঠন পদ্ধতি,ক্ষমতা আৰু কাৰ্যৱলী আলোচনা কৰা।

Ans:-

    Intr:-নিৰাপত্তা পৰিষদক ৰাষ্ট্রসংঘৰ কাৰ্যপালিকা বুলি অভিহিত কৰিব পাৰি।

   নিৰাপত্তা পৰিষদৰ গঠন পদ্ধতি:

  নিৰাপত্তা পৰিষদৰ 5জন স্থায়ী সদস্য আৰু 10 জন অস্থায়ী সদস্য মুঠ 15 জন সদস্য আছে।
   নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলক সাধাৰণ সভাই 2 বছৰৰ কাৰণে নিৰ্বাচিত কৰে।

      নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যৱলী: 

     (1)আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা:- কোনো বিবাদ বা পৰিস্থিতৰ ফলত আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে নে নাই সেই বিষয়ে পৰিষদে অনুসন্ধান কৰিব পাৰে।

   (2)শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ:-নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্ত:ৰাষ্ট্ৰীয় শান্তি ব্যাহত হোৱাৰ সম্ভাৱনা আছে তেতিয়া হ'লে তেনে দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

   (3)নিৰস্ত্ৰীকৰন:- নিৰস্ত্ৰীকৰনৰ বিষয়টো  নিৰাপত্তা পৰিষদৰ দায়িত্ব আছে।

   (4)নিৰ্বাচনসংক্ৰান্ত ক্ষমতা:- এই পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্রসংঘত নতুন সদস্যক ভৰ্তি কৰিব পাৰে।

    সামৰণি:-গতিকে ক'ব পাৰি যে-ওপৰত আলোচনা কৰা বিভিন্ন কাম কৰাৰ উপৰিও নিৰাপত্তা পৰিষদে আন দায়িত্বও বহন কৰিব লাগে।

                 _____৹৹৹_____

(7)নং প্ৰশ্ন:-বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্রসংঘত ভাৰতৰ ভূমিকা আলোচনা কৰা।

Ans:-

      Intr:-1954 চনৰ 30 অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়।

       বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ঠ ভূমিকা পালন কৰিছে।ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে।

    ৰাষ্ট্রসংঘৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে।

    ৰাষ্ট্রসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।সকলো ৰাষ্ট্ৰৰ মাজতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে।

    ভাৰতে নিয়মিতভাৱে ৰাষ্ট্রসংঘলৈ আৰ্থিক অনুদান আগবঢ়াই আছে।

    সামৰণি:-ওপৰৰ আলোচনাৰ ক'ব পাৰি যে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্রসংঘত ভাৰতৰ যথেষ্ঠ ভূমিকা পালন কৰি আহিছে।

            ______৹৹৹৹______

(8)নং প্ৰশ্ন:-বিশ্বসংস্থা হিচাপে ৰাষ্ট্ৰসংঘৰ সফলতা আৰু বিফলতাসমূহ আলোচনা কৰা।

Ans:-

     Intr:-বিশ্বসংস্থা হিচাপে 1945 চনত গঠন হোৱা ৰাষ্ট্ৰসংঘৰ যথেষ্ঠ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও বহু ক্ষেত্ৰত বিফলতা নথকাও নহয়।

    ৰাষ্ট্ৰসংঘৰ সফলতা:-

    ৰাষ্ট্রসংঘৰ কৃতকাৰ্যতাৰ বিষয়ে নানা মত।তথাপি ক'ব লাগিব যে-ই বিশ্বশান্তি আৰু প্ৰগতিৰ প্ৰতীক হৈ পৰিছে।

     আৰম্ভনিৰেপৰা ইয়াৰ সদস্য সংখ্যা বাঢ়িয়েই আছে।ৰাষ্ট্রসংঘৰ মূল উদ্দেশ্য হ'ল আন্ত:ৰাষ্ট্ৰীয় শান্তি ৰক্ষা কৰা।

    আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ই বহুতো বিবাদমান আৰু জটিল সমস্যা সমাধান কৰিব পাৰিছে।

    সামাজিক আৰু আন্তৰ্জাতিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাত ই যথেষ্ঠ সফলতা অর্জন কৰিছে।

    1948 চনৰ10 ডিচেম্বৰত সাধাৰণ পৰিষদে "মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা-পত্ৰ"গ্ৰহণ কৰে আৰু বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে ইয়াক প্ৰচাৰ কৰে।ৰাষ্ট্রসংঘৰ কৃতিত্বৰ ই এক জলন্ত উদাহৰণ।

      ৰাষ্ট্ৰসংঘৰ বিফলতা:-

       অৱশ্যে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ই যথেষ্ঠ সবল বুলি ক'ব নোৱাৰি।

     নিৰাপত্তা পৰিষদৰ স্থায়ী পদকেইটা এতিয়াও শক্তিশালী বুলি খ্যাত পাঁচখন ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ আছে।

   পৃথিৱীৰ পৰা শীতল যুদ্ধ একেবাৰে নাইকিয়া কৰিব পৰা নাই।

    আণৱিক শক্তি প্ৰয়োগ আৰু ব্যৱহাৰ সম্বন্ধে ই এতিয়াও পূৰ্ণ নিয়ন্ত্ৰণ ব্যৱস্থা কৰিব পৰা নাই।

    সামৰণি:-বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা যথেষ্ঠ হোৱা নাই বুলি ক'ব পাৰি।

               _____৹৹৹৹______

(9)নং প্ৰশ্ন:-নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰৰ বাবে কিয় দাবী উত্থাপিত হৈছে?

Ans:-

      Intr:-ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰকে বুজায়।বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সকলোৱে কামনা কৰে।

    সাধাৰণ সভাই তিনিটা দাবী কৰিছিল।

(1)নিৰাপত্তা পৰিষদে সমসাময়িক ৰাজনীতিৰ সত্যতাক প্ৰতিনিধিত্ব কৰিব পৰা নাই।

(2)ইয়াৰ সিদ্ধান্তসমূহ পশ্চিমীয়া মূল্যবোধ আৰু স্বাৰ্থৰহে প্ৰতিনিধিত্ব কৰে আৰু কমসংখ্যক শক্তিয়ে আধিপত্য বিস্তাৰ কৰে।

(3)ই সম-প্ৰতিনিধিত্ব পোৱা নাই।



    



    
      

      

    

    


     

   

     


   


Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-