স্বাধীনতা কালৰ ভাৰতৰ ৰাজনীতি AHSC Political Science Class12 Chapter-1 জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ(Challenge of Nation Building)Assamese medium notes.

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:(Mark's:6)

 (1)নং প্ৰশ্ন:-ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা।(2014)

            অথবা/

1947 চনত হোৱা ভাৰত বিভাজনৰ ফলাফলবিলাক কি কি?

          অথবা/

দেশ বিভাজনৰ পৰিণাম আলোচনা কৰা।

Ans:- 

       Intr:-দেশ বিভাজনৰ পৰিণতি অত্যন্ত বেদনাদায়ক আৰু ভয়াবহ আছিল। সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষই দুয়োখন দেশত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

        তলত দেশ বিভাজনৰ পৰিণতিসমূহ আলোচনা কৰা হল-

        ভাৰতবৰ্ষ আৰু পাকিস্তান উভয় দেশতেই সংখ্যালঘুৰ ওপৰত বর্ণনাতীত অত্যাচাৰ জাপি দিয়া হৈছিল।কেইমাহমানৰ ভিতৰতে প্ৰায় 5,00,000 লোকক হত্যা আৰু হাজাৰ হাজাৰ নিযুত টকাৰ সম্পত্তি লুণ্ঠন কৰা হৈছিল।

        মুছলিম সংখ্যাগৰিষ্ঠ থকা পঞ্জাৱ আৰু বেংগলৰ দৰে প্ৰদেশত জনসাধাৰণে ধৰিবই পৰা নাছিল তেওঁলোক কোন দেশৰ অধীনস্থ।পঞ্জাৱ প্ৰদেশৰ লাহোৰ আৰু অমৃতসৰৰ মাজত কিছুমান গাঁৱত ভাৰতবৰ্ষ আৰু পাকিস্তান দুয়োখন দেশৰেই পতকা উত্তোলন কৰা হৈছিল।এই ঘটনাই জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিভ্ৰান্তিৰ ইংগিত দিয়ে।

        দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লক্ষ লক্ষ লোক অন্য দেশত গৈ শৰণাৰ্থী হৈ পৰিছিল।কালিলৈকে নিজৰ দেশ বুলি ভাৱি থকা দেশখনতেই বিভাজন হোৱাৰ পিছত হঠাৎ বিদেশী হৈ পৰা সংখ্যালঘু লোকসকলে বিভিন্ন উপায়েৰে,আনকি খোজ কাঢ়িও দেশৰ সীমা পাৰ হবলৈ বাধ্য হৈ পৰিল।

        এখন দেশ এৰি অন্য এখন দেশলৈ যোৱাৰ পথটো সংখ্যালঘুসকল বিভিন্ন ধৰণে আক্ৰমণৰ সন্মুখীন হল,হাজাৰ হাজাৰ মহিলাক অপহৰণ আৰু ধৰ্ষণ কৰা হৈছিল।

        জোৰ-জবৰ দস্তিকৈ ধৰ্মৰ হস্তান্তৰকৰণ,পৰিয়ালৰ মৰ্য্যদা ৰক্ষা কৰাৰ বাবে মহিলাক হত্যা কৰা ধৰণৰ ঘটনাও ঘটিছিল।হাজাৰ হাজাৰ শিশু নিজৰ পিতৃ মাতৃৰ পৰাও পৃথক হৈ পৰিছিল।

         দেশ বিভাজনৰ ফলত চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰে ব্যৱহাৰ কৰি অহা সম্পদসমূহৰো ভাগ-বটোৱাৰা কৰিবলগীয়া হৈছিল।ইয়াৰ ভিতৰত চকী,মেজ, কিতাপ-পত্ৰ,টাইপ ৰাইটাৰ অথবা সংগীতিক বাদ্যও আছিল।

       সামৰণি:-গতিকে ওপৰৰ আলোচনাৰ কব পাৰি যে দেশবিভাজনৰ পৰিস্থিতি অতি ভয়াবহ আছিল।

         ______________৹৹৹৹৹৹______________

(2)নং প্ৰশ্ন:-স্বাধীনতা পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা।(H.S 2012,2013,2015,2024)

Ans:-

       Intr:-ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল দেশ বিভাজনৰ বেদনা বুকুত লৈ।দেশ বিভাজনে নতুনকৈ নিৰ্মাণ হব খোজা "ভাৰতীয় জাতি" নামৰ পৰিচয়টোৰ ওপৰত প্ৰচণ্ড আঘাত হানিছিল।

          স্বাধীনতাৰ পিছত ভাৰতে ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা হল-

        (1)ৰাজশাসিত ৰাজ্যসমুহৰ ভাৰতবৰ্ষৰ সৈতে চামিলকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান।

        (2)ভাৰতবৰ্ষৰ ৰাজ্যসমুহৰ পুনৰ গঠনৰ বেলিকা হোৱা প্ৰত্যাহ্বান।

          ৰাজশাসিত ৰাজ্যসমুহৰ বহুবোৰ শাসকে দাবী তুলিছিল যে 1947 চনৰ 15 আগষ্ঠ তাৰিখে ভাৰতবৰ্ষত ব্ৰিটিছ শাসন অন্ত পৰাৰ লগে লগে তেওঁলোকেও স্বাধীনতা লাভ কৰিব।এই ৰাজ্যসমূহে নিজকে স্বাধীন বুলি ঘোষণা কৰিবনে স্বাধীন ভাৰতবৰ্ষ বা পাকিস্তানৰ সৈতে মিলি যাব সেই সিদ্ধান্ত গ্ৰহণ কতৃত্বসকলৰ হাতত অৰ্পণ কৰা হল।এই ক্ষেত্ৰত বহুতো জটিল সমস্যাই দেখা দিছিল।ইয়াৰ ভিতৰত হল-জোনাগড়, কাশ্মীৰ, হায়দৰাবাদ ,মণিপুৰ ইত্যাদি।

           দেশবিভাজন আৰু ৰাজশাসিত অঞ্চলৰ একত্ৰীকৰণে জাতি নিৰ্মাণ প্ৰক্ৰিয়াত সৃষ্টি কৰা প্ৰত্যাহ্বানৰ ঠিক পাছতেই ভাৰতবৰ্ষৰ সমস্যাটো আছিল ভাষাভিত্তিক ৰাজ্যসমুহৰ পুনৰ গঠন।ৰাজ্যসমুহৰ সীমাৰ লগত ভাষিক বা সাংস্কৃতিক পৰিচয়ৰ কোনো সম্পৰ্ক নাছিল।ব্ৰিটিছৰ অধীনত একেখন ৰাজ্য বা প্ৰশাসনত বহুবোৰ ভাষিক সাংস্কৃতিকৰ লোকে বসবাস কৰিছিল।ইয়াক লৈও ভাৰতবৰ্ষ চিন্তিত হৈছিল।

          সামৰণি:-গতিকে ক'ব পাৰি যে স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সমস্যাৰ সন্মুখীন হৈছিল।দেশ বিভাজনৰ বেদনা বুকুত লৈ জাতি নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

       ____________৹৹৹৹৹৹৹৹_________

(3)নং প্ৰশ্ন:-ৰাজ্যৰ পুনৰ গঠন আয়োগ কি?ইয়াৰ পৰামৰ্শৱালীসমূহ কি কি?

Ans:-

     Intr:- ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ঠিক পাছতেই পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছিল। বহুবোৰ প্ৰত্যাহ্বানে সদ্য স্বাধীনতা প্ৰাপ্ত দেশখনক আৱৰি ধৰিলে।সেয়েহে স্বাধীন ভাৰতৰ নেতৃত্বই ভাষাভিত্তিক ৰাজ্য গঠনৰ কথাটো নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হল।এনে পৰিস্থিতিত পণ্ডিত জৱাহৰলাল নেহৰুৱে 1953 চনৰ আগষ্ট মাহত ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰি দিয়ে।

    ৰাজ্য পুনৰ গঠন আয়োগৰ পৰামৰ্শৱালীসমূহ হল-

(1)এই আয়োগে ৰাজ্যসমুহৰ সীমা পুনৰ নিৰ্ধাৰণৰ পৰামৰ্শ আগবঢ়াইছিল।

  (2)এই আইনৰ আধাৰত 14 খন ৰাজ্য আৰু 6 টা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল।।

(3)ৰাজ্যৰ পুণৰ গঠন আয়োগে সীমামূৰীয়া অঞ্চলসমূহত শক্তিশালী ৰাজ্য থকাৰ হকে পৰামৰ্শ আগবঢ়াইছিল।

(4)1948 চনত গঠন কৰা উত্তৰ পূৱ সীমান্ত এজেঞ্চী(North East Frontier Agency-NEFA)বৰ্তাই ৰখাৰ বাবেও পৰামৰ্শ আগবঢ়াইছিল।

(5)ত্ৰিপুৰা আৰু মণিপুৰক ভাৰতীয় সংঘ ৰ "গ" অধ্যায়(part-C)-ৰ ৰাজ্য হিচাপে স্বীকৃতি দিছিল।

      সামৰণি:-গতিকে কব পাৰি যে ৰাজ্যৰ পুনৰ গঠন আয়োগৰ ভিত্তিতেই বহুকেইখন ৰাজ্য ভাষাভিত্তিক পুনৰ গঠন কৰা হৈছিল।

      ____________৹৹৹৹৹৹৹৹____________

অতি চমু প্ৰশ্নসমূহ:-

(1)পূৱ পাকিস্তানে কিমান চনত স্বাধীন বাংলাদেশ হিচাপে স্বাধীনতা অর্জন কৰিছিল?

Ans:-1971 চনত

(2)"সীমান্ত গান্ধী"হিচাপে জনাজাত কোন আছিল?

Ans:-আব্দুল গফুৰ খান।

(3)ব্ৰিটিছ ঔপনিবেশিক ব্যৱস্থাত ভাৰতবৰ্ষত কেইধৰণৰ প্ৰদেশ আৰু ৰাজ্য আছিল আৰু কি কি?

Ans:-দুই ধৰণৰ প্ৰদেশ আৰু ৰাজ্য আছিল।

        (1)ব্ৰিটিছসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থকা প্ৰদেশসমূহ।

        (2)ৰাজশাসিত ৰাজ্যসমূহ।

(4)মহম্মদ আলি জিন্না কোন আছিল?

Ans:-মুছলিম লীগৰ নেতা আছিল।

(5)ভাৰতবৰ্ষৰ লগত চামিল নোহোৱা ৰাজ্য কেইখন কি কি আছিল?

Ans:-(1)জোনাগড়

          (2)জম্বু আৰু কাশ্মীৰ

           (3)আৰু হায়দৰাবাদ।

(6)স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম লিখা।

Ans:-চৰ্দাৰ বল্লভভাই পেটেল ।

(7)কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্য্যকৰী কৰা হৈছিল?

Ans:-1956 চনৰ পৰা।

      __________৹৹৹৹৹৹__________

আৰ্হি প্ৰশ্নাৱলী:

(1)নং প্ৰশ্ন:-ভাৰত বিভাজনৰ লগত সম্পৰ্ক থকা ঘটনাসমূহ আলোচনা কৰা।

Ans:-

     Intr:-ভাৰতবৰ্ষই স্বাধীনতা অর্জন কৰিছিল দেশ বিভাজনৰ বেদনা বুকুত লৈ।

    দেশ বিভাজন আছিল এক বেদনাদায়ক আৰু তিক্ত অভিজ্ঞতা।সাম্প্ৰদায়িক সংঘৰ্ষ আৰু উত্তেজনাৰ মাজেৰে সংঘটিত হোৱা দেশ বিভাজন প্ৰক্ৰিয়াটোত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল।

    ব্ৰিটিছসকলে শাসন কৰা কোনো এটা বিশেষ বেল্টত মুছলিম সংখ্যাগৰিষ্ঠতা নাছিল।ভাৰতবৰ্ষৰ পূৱ আৰু পশ্চিমত মুছলিমসকলৰ জনবসতি ঘন আছিল।এক সমস্যাৰ সৃষ্টি হৈছিল।

    মুছলিম সংখ্যাগৰিষ্ঠতা সকলো লোক পাকিস্তানৰ অন্তৰ্ভুক্ত হব খোজা নাছিল।আনহাতে পাকিস্তানত হিন্দুসকল আৰু ভাৰতবৰ্ষত মুছলিমসকল সংখ্যালঘু হৈ পৰিছিল।

    দেশ বিভাজনৰ ফলত লক্ষ লক্ষ লোক অন্য দেশত গৈ শৰণাৰ্থী হৈ পৰিছিল।হাজাৰ হাজাৰ মহিলাক অপহৰণ,ধৰ্ষণ কৰা হৈছিল।বহু শিশু অনাথ হৈ পৰিছিল।

   জোৰ-জবৰদস্তিকৈ ধৰ্মৰ হস্তান্তকৰণ কৰা হৈছিল।

    সামৰণি:-মুঠতে ভাৰত বিভাজন এক অত্যন্ত জটিল প্ৰক্ৰিয়া আছিল।

                ______৹৹৹_____

(2)নং প্ৰশ্ন:-দেশীয় ৰাজ্যসমূহ ভাৰত ইউনিয়নৰ লগত চামিলকৰণৰ প্ৰধান বিবেচনা কি আছিল?এই কাৰ্যত কোনে ঐতিহাসিক ভূমিকা পালন কৰিছিল?

Ans:-

     Intr:-দেশীয় ৰাজ্যসমূহ ভাৰত ইউনিয়নৰ লগত চামিলকৰণৰ সময়ত বহুতো সমস্যাই দেখা দিছিল।

    দেশীয় ৰাজ্যসমূহ চামিলকৰণত ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থিতি আছিল জনসাধাৰণৰ ইচ্ছা আৰু ভৌগোলিক সামঞ্জস্যৰ ভিত্তিত তেওঁলোক হয় পাকিস্তানৰ লগত নহয় পাকিস্তানৰ লগত চামিল হ'ব ।ইচ্ছা কৰিলে দেশসমূহ স্বাধীন হৈ থাকিব পাৰিব।

    এই কাৰ্যত ঐতিহাসিক ভূমিকা পালন কৰিছিল জৱাহৰলাল নেহৰুৱে।

     দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিলকৰণৰ বেলিকা জৱাহৰলাল নেহৰু নেতৃত্বাধীন চৰকাৰে দুটা মূল নীতি গ্ৰহণ কৰিছিল-

    (1)এই ৰাজ্যসমূহ ভাৰতবৰ্ষৰ সৈতে চামিল হ'ব নে নহ'ব তাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আছে জনসাধাৰণৰ হাতত।শাসকসকলে এই ক্ষেত্ৰত একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

    (2)ভাৰতবৰ্ষৰ ভূ-খণ্ডৰ পৰা এই ৰাজ্যসমূহক তিনিটা বিষয়ৰ ক্ষমতা ভাৰত চৰকাৰৰ হাতত ন্যস্ত কৰি ভাৰতবৰ্ষৰ সৈতে চামিল হ'বলৈ আহ্বান জনোৱা হৈছিল।এই বিষয়কেইটা আছিল বৈদেশিক সম্পৰ্ক,প্ৰতিৰক্ষা আৰু যোগাযোগ।

   সামৰণি:-ওপৰত উল্লেখ কৰা নীতিৰ ওপৰিও অন্য এটা প্ৰশ্নই চামিলকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল।সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি যথেষ্ঠ জটিলতাই দেখা দিছিল।

              ______৹৹৹৹______

(3)নং প্ৰশ্ন:-ভাৰতবৰ্ষৰ লগত কাশ্মীৰ চামিলকৰণ চমুকৈ লিখা।

Ans:-

      Intr:-ভাৰতবৰ্ষৰ লগত চামিলকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা ৰাজ্যৰ ভিতৰত কাশ্মীৰো আছিল।

    কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশৰ সীমাত অৱস্থিত।স্বাধীনতাৰ সময়ত এই ৰাজ্যৰ শাসক আছিল হৰি সিং তেওঁ হিন্দু ধৰ্মৰ আছিল।

    ৰাজ্যখনৰ 75% লোক আছিল মুছলমান।হৰি সিঙে ভাৰত অথবা পাকিস্তান কাৰো লগতে চামিল হ'ব খোজা নাছিল।

    কিন্তু 1947 চনত পাকিস্তানী পাঠান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰিছিল।মহাৰজা হৰি সিঙে এনে আক্ৰমণ তিষ্ঠি থাকিব নোৱাৰি ভাৰত চৰকাৰে সামৰিক সাহায্য বিচাৰি আবেদন জনালে।

    এনে পৰিস্থিতিত 1947 চনৰ 26 অক্টোবৰ তাৰিখে কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল হয়।যদিও পিছলৈ গণভোটৰ জৰিয়তে স্থায়ীভাৱে চামিল কৰাৰ কথা ঘোষণা কৰিছিল।

    ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বিৰতিত কাশ্মীৰক সীমাৰ ভিত্তিত দুভাগত ভগোৱা হ'ল।1951 চনত ৰাষ্ট্রসংঘই গণভোটৰ পৰামৰ্শ আগবঢ়াইছিল যদিও পাকিস্তানে "আজাদ কাশ্মীৰ"নামেৰে জনাজাত অংশৰ পৰা সৈন্য বাহিনী আঁতৰাই নিয়াৰ প্ৰস্তাৱ মানি নোলোৱাত এই কাৰ্য্য কাৰ্যকৰী কৰিব পৰা নগ'ল।

     সামৰণি:-গতিকে ক'ব পাৰি যে কাশ্মীৰ সমস্য বৰ্তমানও সম্পূৰ্ণৰূপে ওৰ পৰা নাই।

             ______৹৹৹_____

(4)নং প্ৰশ্ন:-ভাৰত চৰকাৰে কাশ্মীৰ সমস্য সমাধানৰ কাৰণে কেনে গণতান্ত্ৰিক পন্থা অনুধাৱন কৰিছিল?

Ans:-

     Intr:-ভাৰতবৰ্ষৰ লগত চামিলকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা ৰাজ্যৰ ভিতৰত কাশ্মীৰো আছিল।

    ভাৰত চৰকাৰে কাশ্মীৰ সমস্যা সমাধানৰ বাবে কিছুমান গণতান্ত্ৰিক পন্থা হাতত লৈছিল-

    (1)জনসাধাৰণৰ মতামতৰ ভিত্তিতহে কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল হ'ব অথবা পাকিস্তানৰ লগত চামিল হ'ব পাৰিব।ইচ্ছা কৰিলে কাশ্মীৰে স্বাধীন হৈও থাকিব পাৰিব।

   (2)কাশ্মীৰ সমস্য সমাধানৰ বাবে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছিল।

    (3)ভাৰত চৰকাৰে সংবিধানৰ 370 নং অনুচ্ছেদত বিষয়ে মৰ্য্যদা দিছিল যদিও বৰ্তমান ইয়াক লৈ বিতৰ্ক চলি আছে।

  সামৰণি:-গতিকে ক'ব পাৰি যে কাশ্মীৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে বিভিন্ন পন্থা গ্ৰহণ কৰিলেও বৰ্তমানো কাশ্মীৰ সমস্যা ওৰ পৰা নাই।

              _____৹৹৹____

(5)নং প্ৰশ্ন:-স্বাধীনতাৰ সময়ত ভাৰতে জাতি গঠনৰ ফলত সম্মুখীন হোৱা তিনিটা প্ৰত্যাহ্বান আলোচনা কৰা।

Ans:-

     Intr:-ভাৰতবৰ্ষক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ যাওঁতে বিগত সময়চোৱাত ভাৰতবৰ্ষই প্ৰধানতঃ তিনিটা প্ৰত্যাহ্বান সন্মুখীন হৈছিল।

   (ক)বৈচিত্ৰৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা:- এখন মহাদেশৰ সমান ভৌগোলিক বিস্তৃতি থকা ভাৰতবৰ্ষ এটা জাতি আৰু এখন দেশ হিচাপে বৰ্তি থাকিব নে নাথাকে সেইটো সদ্য স্বাধীনতাপ্ৰাপ্ত দেশখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।

   (খ)সংবিধানে প্ৰদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱায়িত কৰা:-ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ এক বহল বাখ্যা আগবঢ়াইছে।গণতন্ত্ৰৰ একবহল অৰ্থ প্ৰদান কৰা ভাৰতীয় সংবিধানৰ দৰ্শন অৱমাননা নকৰাকৈ জাতি নিৰ্মাণৰ পথত আগবাঢ়ি যোৱাটোও ভাৰতবৰ্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল।

   (গ)সমাজৰ সৰ্বস্তৰৰ মংগল সাধন কৰিব পৰা বিকাশৰ নীতি গ্ৰহণ কৰা:-সকলো প্ৰত্যাশাক বাস্তৱত ৰূপ দিব পৰা বিকাশৰ নীতি গ্ৰহণ কৰাটোও জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল।

   সামৰণি:-গতিকে ক'ব পাৰি যে ভাৰতবৰ্ষক জাতি নিৰ্মান কৰিবলৈ যাওঁতে বহুতো সমস্যাই দেখা দিছিল।

             ______৹৹৹৹_____

(6)নং প্ৰশ্ন:-মহাত্মা গান্ধীৰ আত্মবলিদান বুলিলে কি বুজা?বহলাই আলোচনা কৰা।

Ans:-

      Intr:-ভাৰতবাসীৰ স্বাধীনতাৰ সপোনক বাস্তৱায়িত কৰা মহাত্মা গান্ধীয়ে স্বাধীনতা অর্জনৰ ঠিক পাছতেই দেশৰ সাম্প্ৰদায়িক সম্প্ৰতীৰ বাবে নিজকে অর্জন কৰিবলৈ গৈ হিন্দু সাম্প্ৰদায়িক শক্তিৰ হাতত প্ৰাণ হেৰুৱালে।

     1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতীয় জনসাধাৰণে উল্লাহৰে স্বাধীনতা দিৱস পালন কৰা দিনটোতে মহাত্মা গান্ধী আছিল কলিকতাত।হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাবলৈ ধৰাত মহাত্মা গান্ধীয়ে অনশনৰ আশ্ৰয় লৈছিল।

    পাছত গান্ধী দিল্লীলৈ আহিল।ভাৰতত থাকিবলৈ লোৱা মুছলিমসকলৰ প্ৰতি হিন্দু লোকৰ দৃষ্টিভংগীয়ে মহাত্মা গান্ধীক স্তম্ভিত কৰিলে।ভাৰত চৰকাৰে কিছুমান প্ৰশ্নত পাকিস্তানৰ প্ৰতি গ্ৰহণ কৰা নীতি বা দৃষ্টিভংগী গান্ধীৰ বাবে গ্ৰহণযোগ্য নাছিল।

    গান্ধীৰ দৃষ্টিভংগীক হিন্দু-মুছলমানৰ উগ্ৰ সাম্প্ৰদায়িক গোটসমূহে সহজে ল'ব পৰা নাছিল।হিন্দু সাম্প্ৰদায়িক শক্তিসমূহে আনকি গান্ধীক হত্যা কৰাও চেষ্টা চলাইছিল।

    গান্ধীয়ে সামৰিক সুৰক্ষা নলয়,নিয়মীয়াকৈ প্ৰাৰ্থনা সভা কৰি গ'ল।অৱশেষত,1948 চনৰ 30 জানুৱাৰী তাৰিখে নাথুৰাম গডছে নামৰ হিন্দু সাম্প্ৰদায়িক শক্তিৰ এজন সদস্যই দিল্লীত গান্ধীৰ প্ৰাৰ্থনা সভাত প্ৰৱেশ কৰি গান্ধীৰ ওপৰত গুলিবৰ্ষণ কৰে আৰু থিতাতে গান্ধীৰ মৃত্যু হয়।

     সামৰণি:-মহাত্মা গান্ধীয়ে নিজৰ দেশৰ বাবে প্ৰাণ ত্যাগ কৰাকেই মহাত্মা গান্ধীৰ আত্মবলিদান বুলি কোৱা হয়।

               ______৹৹৹৹______

চমু উত্তৰৰ প্ৰশ্ন(Mark's:4)

(1)নং প্ৰশ্ন:-জাতি গঠন প্ৰক্ৰিয়াটো আলোচনা কৰা।

Ans:-

    Intr:-দেশ বিভাজন আছিল এক বেদনাদায়ক আৰু তিক্ত অভিজ্ঞতা।

   প্ৰধানত: চাৰিটা সমস্যাই জটিলতা সৃষ্টি কৰিছিল-

    (1)ব্ৰিটিছসকলে শাসন কৰা ভাৰতবৰ্ষৰ কোনো এটা বিশেষ ব্লেটত মুছলিম সংখ্যাগৰিষ্ঠতা নাছিল। 

    (2)মুছলিম সংখ্যাগৰিষ্ঠতা থকা সকলো অঞ্চলো পাকিস্তানৰ অন্তৰ্ভুক্ত হ'ব খোজা নাছিল।

    (3)বেংগল আৰু পঞ্জাৱ মুছলিম সংখ্যাগৰিষ্ঠতা আছিল।কিন্তু দুয়োখন প্ৰদেশৰ বহুবোৰ এনে অঞ্চল আছিল য'ত অ-মুছলমান লোকৰ সংখ্যাগৰিষ্ঠতা আছিল।

    (4)ধৰ্মৰ ভিত্তিত বিভক্ত হোৱা দেশ দুখনত বহু লোক ধৰ্মীয় সংখ্যালঘু হৈ পৰিছিল।

    সামৰণি:-শেষত ক'ব পাৰি যেবিভাজন প্ৰক্ৰিয়া ইমানতেই শেষ হোৱা নাছিল টাইপ ৰাইটাৰ পৰা প্ৰিন্টিং প্ৰেছকে ধৰি অন্যান্য সম্পদও ভাগ কৰিব লগীয়া হৈছিল।

                   _____৹৹৹_____

(2)নং প্ৰশ্ন:-"দ্বি-জাতি তত্ত্ব"সম্পৰ্কে চমুকৈ লিখা।(Marks-4 H.S-2024)

Ans:-

      Intr:-দেশ বিভাজনৰ মূল আধাৰ আছিল "দ্বি-জাতি তত্ব"।

     মুছলিম লীগে দ্বি-জাতি তত্ব উত্থাপন কৰিছিল।এই তত্ত্বক বৃটিছ ঔপনিৱেশিক শাসকসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন জনাইছিল।

    এই তত্বৰ মূল কথা এইয়ে যে ভাৰতবৰ্ষ আচলতে এটা জাতিৰ দ্বাৰা গঠিত হোৱা নাই,ই দুটা পৃথক জাতিৰ সমষ্টি।এই পৃথক জাতি দুটাৰ আধাৰ হ'ল-ধৰ্ম আৰু জাতি।জাতি দুটা হ'ল-হিন্দু জাতি আৰু মুছলিম জাতি।

    এই দুয়োটা জাতি মুছলিম লীগৰ মতে এখন জাতি ৰাষ্ট্ৰৰ অধীনত থাকিব নোৱাৰে।গতিকে হিন্দু আৰু মুছলিমসকলৰ বাবে পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে।

    এই তত্বৰ আধাৰতে মুছলিম লীগে পাকিস্তানৰ দাবী কৰিছিল।যদিও ভাৰতীয় জাতীয় কংগ্ৰেছে মানি লোৱা নাছিল, শেষত দেশ বিভাজন হব লগা হৈছিল।

    সামৰণি:-গতিকে ইয়াৰ পৰা এইটোৱেই কব পাৰি যে দ্বি-জাতি তত্ত্বৰ ফলতেই ভাৰত বিভাজনৰ সৃষ্টি হ'ল।

                    ________৹৹৹৹_________

(3)নং প্ৰশ্ন:-দেশ বিভাজনত প্ৰক্ৰিয়াত জড়িত নীতি আৰু জটিলতাসমূহ আলোচনা কৰা।(Marks-6 H.S 2024)

Ans:-

     Intr:-দেশ বিভাজন আছিল এক বেদনাদায়ক আৰু তিক্ত অভিজ্ঞতা।

     দেশ বিভাজনৰ মূল নীতি আছিল "ধৰ্মীয় সংখ্যাগৰিষ্ঠতা"।অৰ্থাৎ মুছলিম সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহক লৈয়েই পাকিস্তান গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

    মুছলিম লীগৰ মতে দুটা জাতি এখন জাতি-ৰাষ্ট্ৰৰ মাজত থাকিব নোৱাৰে এই নীতিৰে দেশ বিভাজনৰ আৰম্ভ হৈছিল।

    দেশ বিভাজনৰ সময়ত বহুতো জটিলতাৰ সৃষ্টি হৈছিল।সেইসমূহ হ'ল-

    (1)ব্ৰিটিছসকলে শাসন কৰা ভাৰতবৰ্ষৰ কোনো এটা বিশেষ ব্লেটত মুছলিম সংখ্যাগৰিষ্ঠতা নাছিল।দুটা অঞ্চলত মুছলিমসকলৰ জনবসতি ঘন আছিল।কিন্তু তাৰে এটা অঞ্চল আছিল পশ্চিমত আৰু আনটো আছিল পূবত।

   (2)মুছলিম সংখ্যাগৰিষ্ঠতা থকা সকলো অঞ্চলো পাকিস্তানৰ অন্তৰ্ভুক্ত হ'ব খোজা নাছিল।

  (3)তৃতীয়টো সমস্যা আহিছিল দুখন প্ৰদেশক কেন্দ্ৰ কৰি।সেই দুখন হ'ল-বেংগল আৰু পঞ্জাৱ।

  (4)ধৰ্মৰ ভিত্তিত বিভক্ত হোৱা দুখন দেশত বহু লোক ধৰ্মীয় সংখ্যালঘু হৈ পৰিছিল।

   সামৰণি:-গতিকে ক'ব পাৰি যে-দেশ বিভাজন অত্যন্ত জটিল প্ৰক্ৰিয়া আছিল।

               ________৹৹৹______

(3)নং প্ৰশ্ন:-ব্ৰিটিছ ভাৰতীয় প্ৰদেশ বুলিলে কি বুজা?দেশীয় ৰাজ্যসমূহৰ লগত ইয়াৰ পাৰ্থক্য কি আছিল?(H.S 2024)

Ans:-

     Intr:-ব্ৰিটিছ ঔপনিবেশিক ব্যৱস্থাৰ সময়ত ব্ৰিটিছসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থকা প্ৰদেশসমূহকেই ব্ৰিটিছ ভাৰতীয় প্ৰদেশ বুলি কোৱা হয়।

    ব্ৰিটিছ ভাৰতীয় প্ৰদেশসমূহ সম্পূৰ্ণ ব্ৰিটিছসকলৰ নিয়ন্ত্ৰণত আছিল আনহাতে দেশীয় ৰাজ্যসমূহক আভ্যন্তৰীণ শাসন পৰিচালনাৰ বেলিকা কিছু স্বায়ত্বতা প্ৰদান কৰা হৈছিল।

                      ______৹৹৹_______




   


 

Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-