AHSEC Class 12 History||Chapter-2 ৰজা,কৃষক আৰু নগৰসমূহ||প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা(খৃ:পূ:৬০০-খৃ:৬০০)Kings,Farmers and Town||Early State and Economic C-600 BCE-600 CE||(Assamese Medium Notes)

          অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

(1)নং প্ৰশ্ন:-মহাজনপদসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Ans:-

     Intr:-প্ৰাচীন বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহত উল্লেখ থকা ষোল্লখন ৰাজ্যকে মহাজনপদ বুলি কোৱা হৈছিল।মহাজনপদৰ ভিতৰত বিজ্জী, মগধ, কোশল,কুৰু, পাঞ্চাল, গান্ধাৰ, অৱন্তী এইকেইখন উল্লেখযোগ্য আছিল।

        মহাজনপদৰ প্ৰধান বৈশিষ্ট্যসমূহ হল

       (ক)বেছিভাগ মহাজনপদত ৰজাই শাসন কৰিছিল, কিছুমানত দুই চাৰিজন লোকে শাসন কৰিছিল।যিবোৰক গণ বা সংঘ বোলা হৈছিল।

      (খ)প্ৰত্যেকখন মহাজনপদৰে একোখন ৰাজধানী নগৰ আছিল যিবোৰ গঢ় মাৰি সুৰক্ষিত কৰা হৈছিল।

      (গ)সম্পদ আহৰণৰ কাৰণে ওচৰ-চুবুৰীয়া ৰাজ্যবোৰ আক্ৰমণ কৰাটো বিধিসন্মত আছিল।

      (ঘ)কিছুমান ৰাজ্যত স্থায়ী সৈন্য বাহিনী আৰু আমোলাতন্ত্ৰ ৰাখি শাসন কৰা প্ৰণালী আৰম্ভ হৈছিল।

      (ঙ)শাসকসকলে খেতিয়ক,ব্যৱসায়ী আৰু কাৰিকৰীসকলৰ পৰা কৰ আৰু শুল্ক সংগ্ৰহ কৰিছিল।

      (চ)ষোল্লখন মহাজনপদৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদ আছিল মগধ।

          সামৰণি:-প্ৰাচীন ভাৰতৰ ইতিহাসত খৃ:পূ:ষষ্ঠ শতিকাৰ নগৰ অৰ্থাৎ মহাজনপদসমূহৰ বিকাশ ঘটিছিল।

        ______________ ৹৹৹৹ ___________

(2)নং প্ৰশ্ন:-উত্তৰ মৌৰ্য কালত বিকশিত হোৱা ৰাজধৰ্মৰ নতুন ধাৰণা সম্পৰ্কে আলোচনা কৰা।

Ans:-

      Intr:-ঊনবিংশ আৰু বিংশ শতিকাৰ প্ৰথমছোৱাত ভাৰতীয় ইতিহাসবিদসকলে দেখিছিল যে প্ৰাচীন ভাৰতত এখন সাম্ৰাজ্য আছিল যিখনে শত্ৰুক প্ৰত্যাহ্বানো জনাব পাৰিছিল আৰু উত্তেজিত কৰিব পাৰিছিল।ইতিহাসবিদসকলে উনুকিয়াইছে যে ডাঙৰ ডাঙৰ উপাধি গ্ৰহণ কৰা অশোকৰ পৰৱৰ্তী শাসকসকলতকৈ অশোক আছিল বেছি শক্তিশালী, কৰ্মঠ আৰু নম্ৰ।

           উত্তৰ মৌৰ্য কালত ৰাজধৰ্মৰ নতুন ধাৰণা আবিৰ্ভাৱ হৈছিল।দাক্ষিণাত্য আৰু সুদূৰ দক্ষিণত যিবোৰ নতুন ৰাজ্যৰ আবিৰ্ভাৱ হৈছিল তাৰ ভিতৰত তামিলকমত ।চোল, চেৰা,পাণ্ড্যই স্থায়ী আৰু সম্পদশালী ৰাজ্য হিচাপে নিজকে প্ৰমাণ কৰিছিল।

        মধ্য আৰু পশ্চিম ভাৰতে শাসন কৰা সাতবাহনসকল আৰু উপমহাদ্বীখনৰ পশ্চিম আৰু উত্তৰ পশ্চিম অঞ্চলত শাসন কৰা মধ্য এছিয়া মূলৰ শকসকল আছিল উল্লেখযোগ্য।

        সামৰণি:-গতিকে কব পাৰি যে উত্তৰ মৌৰ্য কালত নতুন নতুন ৰাজধৰ্মৰ আবিৰ্ভাৱ ঘটিছিল।

           ____________ ৹৹৹৹ _________

(3)নং প্ৰশ্ন:-খৃ:পূ: 600 খৃ: 600 ভিতৰত কৃষি জগতলৈ অহা পৰিৱৰ্তনবোৰ আলোচনা কৰা।

Ans:-

     Intr:-খৃ:পূ: 600 খৃ:600 ভিতৰত কৃষি জগতত পৰিৱৰ্তন ঘটিছিল।কিছুমান নতুন নতুন কৌশলৰ আৱিষ্কাৰ হৈছিল।

         সেই সময়ত উৎপাদন বৃদ্ধি পোৱাৰ বাবে লোৱা এটা কৌশল আছিল হালবাই খেতি কৰা।খৃষ্ট পূৰ্ব ষষ্ঠ শতিকাত গঙ্গাৰ পৰা কাবেৰী উপত্যকালৈকে বিস্তৃত সাৰুৱা মাটিত হালবাই কৃষিকার্য কৰা হৈছিল।যথেষ্ট বৰষুণ হোৱা অঞ্চলৰ কৃষিভূমি নাঙলত লোহাৰ ফাল লগাই চহোৱা হৈছিল।

        গংগা উপত্যকাৰ কিছু অংশত এঠাইৰ পৰা নি আন ঠাইত ৰোপন কৰা পদ্ধতিৰে কৰা খেতিৰ বাবে নাটকীয়ভাৱে ধানৰ উৎপাদন বৃদ্ধি হৈছিল।

      কৃষি উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহন কৰা আন এটা কৌশল হল জলসিঞ্চনৰ ব্যৱহাৰ।নাদ, পুখুৰী আৰু কিছুপৰিমানে খালেৰে খেতি পথাৰত পানী যোগান ধৰা হৈছিল।উমৈহতীয়া বা ব্যক্তিগতভাৱে জলসিঞ্চন প্ৰণালীবোৰ নিৰ্মাণ কৰা হৈছিল।

       সেই সময়ত বৃহৎ জমিদাৰ বা ভেল্লাৰ,হালোৱা বা উজহাভাৰ, দাস বা আদিমাই আদি বৰ্গীকৰণ পোৱা গৈছিল।

      সামৰণি:-গতিকে কব পাৰি যে সেই সময়ত কৃষিৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তন ঘটিছিল।ভূমিদান বহু প্ৰাচীন কালৰে পৰাই আছিল যদিও এই সময়ছোৱাতহে প্ৰমাণ পোৱা যায়।

         ______________ ৹৹৹৹ __________

(4)নং প্ৰশ্ন:-আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি আছিল?

Ans:-

      মগধ আছিল।

(5)নং প্ৰশ্ন:-"পিয়দাসী"মানে কি বুজা?

Ans:-

      1915 চনত আবিষ্কৃত হোৱা লিপিত "ৰজা অশোক পিয়দাসী "বুলি উল্লেখ আছে।সেয়েহে মৌৰ্য সম্ৰাট অশোককে "পিয়দাসী"বুলি কোৱা হয়।

(6)নং প্ৰশ্ন:-মগধৰ আদি ৰাজধানী কত আছিল?

Ans:-

       ৰাজগৃহত(বৰ্তমান বিহাৰৰ ৰাজগীৰ)আছিল।

(7)নং প্ৰশ্ন:-কোনে সুদৰ্শন হ্ৰদ নিৰ্মাণ কৰাইছিল?

Ans:-

       মৌৰ্য যুগৰ এজন স্থানীয় শাসকে।

               ________ ৹৹৹ _______

                  প্ৰশ্নাৱালী:

(1)নং প্ৰশ্ন:-প্ৰাৰম্ভিক ঐতিহাসিক নগৰসমূহৰ শিল্পকলা উৎপাদনৰ প্ৰমাণ সম্পৰ্কে আলোচনা কৰা।হৰপ্পা নগৰৰ প্ৰমাণৰ সৈতে এইবোৰৰ পাৰ্থক্য উল্লেখ কৰা।

Ans:-

       Intr:-প্ৰাৰম্ভিক ঐতিহাসিক নগৰসমূহৰ শিল্পকলা উৎপাদনৰ  সম্পৰ্কে খনন কাৰ্য্য কৰোতে প্ৰমাণ পোৱা যায়।

            খৃ:পূ:ষষ্ঠ শতিকা মানৰ পৰাই উপ-মহাদেশখনৰ বিভিন্ন প্ৰান্তত নতুন নগৰসমূহৰ বিকাশ সাধন হোৱা দেখিবলৈ পোৱা যায়।এই অঞ্চলসমূহৰ পৰা বৃহৎ পৰিমাণৰ প্ৰত্নতাত্বিক সমল উদ্ধাৰ কৰা হৈছে।এইবোৰৰ ভিতৰত ধুনীয়া চিকচিকিয়াকৈ সজা মাটিৰ বাচন-বৰ্তনবোৰ উল্লেখযোগ্য; যিবোৰক NBPW বুলি জনা যায়। 

           সোন,ৰূপ,ব্ৰঞ্জ, হাতী দাঁত, আইনা, শামুক, পোৰা মাটিৰে বৃহৎ পৰিমাণৰ দৈনন্দিন ব্যৱহাৰৰ সা-সামগ্ৰী যেনে-অলংকাৰ হাতীয়াৰ ,সঁজুলি, অস্ত্ৰ-শস্ত্ৰ, কলহ ইত্যাদি তৈয়াৰ কৰিছিল।

           খৃ:পূ:দ্বিতীয় শতিকাৰ পৰাই বহু সংখ্যক নগৰত চমু সংকলিত লিপিসমূহ দেখা পোৱা গৈছে।এইবোৰত দান কৰোঁতাজনৰ নাম আৰু কেতিয়াবা কেতিয়াবা তেওঁৰ জীৱিকাৰ কথাও উল্লেখ আছে।এইবোৰৰ কিছুমানত কাৰিকৰী, শিল্পী, বিভিন্ন বস্তুৰ উৎপাদনকাৰী আৰু সদাগৰসকলৰ সংগঠন গিল্ডৰ কথা উল্লেখ আছে। এই গিল্ডসমূহে সম্ভৱতঃ কেঁচামাল যোগাৰ কৰি দিয়া, উৎপাদন নিয়ম মতে চলোৱা, উৎপন্ন বস্তুৰ বেচা কিনাৰ কাম কৰিছিল ।

      হৰপ্পাৰ নগৰৰ প্ৰমাণৰ সৈতে এইসমূহৰ পাৰ্থক্য তলত আলোচনা কৰা হল-

            প্ৰাৰম্ভিক সমাজতো বিভিন্ন মণি-মুকুতা পোৱা গৈছিল হৰপ্পাৰ দৰে।কিন্তু হৰপ্পাত ফয়ান্সৰ দৰে মূল্যৱান ধাতুৰে নিৰ্মিত সুগন্ধি দ্ৰব্যৰ সৰু পাত্ৰ উদ্ধাৰ হৈছে।

            হৰপ্পাত উদ্ধাৰ হোৱা সোণৰ অলংকাৰসমূহ জমা কৰি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল।এই বস্তুসমূহ মূল গৰাকীয়ে উদ্ধাৰ নকৰা পৰ্যন্ত একে স্থানতে থাকিব যদিহে কোনো পুৰাতত্ত্ববিদে উদ্ধাৰ নকৰে।আনহাতে প্ৰাৰম্ভিক সমাজত তেনেদৰে পোৱা নাছিল।

          প্ৰাৰম্ভিক সমাজৰ বিলাসিতা জীৱনৰ প্ৰমাণ পোৱা নাযায় ।আনহাতে হৰপ্পা সভ্যতাৰ ক্ষেত্ৰত বিলাসিতাৰ জীৱনৰ কথা প্ৰমাণ পোৱা যায়।ইয়াৰ ভিতৰত ফয়ান্স,বালি,শিল বা ছিলিকৰ লগত আঠা আৰু ৰং মিহলাই পুৰি তৈয়াৰ কৰা এবিধ ধাতুৰ এবিধ সৰু টেকেলিক এনে মূল্যৱান ধাতু বুলি ধৰা হৈছিল।

           পুৰাতত্ত্ববিদসকলে পৰীক্ষাৰ পৰা এইটো জানিব পাৰিছে যে হালধীয়া কেঁচা সামগ্ৰী আৰু মণিসমূহ উৎপাদনৰ বিভিন্ন পৰ্যায়ত জুইত পুৰি জাৰ্ণিলিয়নৰ ৰঙা ৰঙটো পোৱা গৈছিল।আনহাতে প্ৰাৰম্ভিক সমাজত এনে প্ৰমাণ পোৱা নাযায়।

          সামৰণি:-গতিকে ইয়াৰ পৰা এইটোৱেই কব পাৰি যে প্ৰাৰম্ভিক আৰু হৰপ্পাৰ নগৰীতেই যদিও শিল্পৰ প্ৰমাণ পোৱা যায়।কিন্তু হৰপ্পাৰ নগৰীৰ শিল্পজাত প্ৰমাণ বেছিকৈ পোৱা যায়।

          ____________ ৹৹৹৹ ___________

(2)নং প্ৰশ্ন:-ইতিহাসবিদসকলে সৰ্বসাধাৰণ লোকৰ জীৱন প্ৰণালী কেনেদৰে পুনৰ উদ্ধাৰ কৰিছে?

Ans:-

      Intr:-ইতিহাসবিদসকলে সৰ্বসাধাৰণ লোকৰ জীৱন প্ৰণালী জানিবলৈ বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।কিছুক্ষেত্ৰত আধৰুৱাহৈ  ৰৈ গৈছে।

             বিভিন্ন ধৰণৰ লিপি,সমল,লিখনি ইত্যাদিৰ পৰা সৰ্বসাধাৰণ লোকৰ জীৱন প্ৰণালী জানিব পাৰিছে।

            খনন কাৰ্য্যত উদ্ধাৰ হোৱা মোহৰ,ফলি আদিৰ পৰাও জানিব পাৰিছে।

            ভূমিদান কৰা যি প্ৰমাণ পোৱা গৈছিল সেই লিপিসমূহৰ পৰাও সৰ্বসাধাৰণ লোকৰ কথা জানিব পাৰি।লিপিসমূহে গ্ৰাম্য জনসাধাৰণৰ কথাও ধাৰণা দিয়ে।

            বহুক্ষেত্ৰত ইতিহাসবিদসকলে উদ্ধাৰ হোৱা গ্ৰন্থ, সাধু ইত্যাদিৰ পৰাও সাধাৰণ মানুহৰ জীৱন প্ৰণালী পুনৰ উদ্ধাৰ কৰিছে।

           সামৰণি:-গতিকে কব পাৰি যে মুদ্ৰা, স্থাপত্য-ভাস্কৰ্য ইত্যাদিৰ পৰাও ইতিহাসবিদকলে সৰ্বসাধাৰণ লোকৰ জীৱন প্ৰণালী পুনৰ উদ্ধাৰ কৰিছে।

            __________ ৹৹৹৹ _______ 

(3)নং প্ৰশ্ন:-লিপিতত্ত্ববিদসকলে সন্মুখীন হোৱা সমস্যাসমূহ কি কি?

Ans:-

       Intr:-ইতিহাসবিদসকলে লিপিসমূহ অধ্যয়ন কৰি ইয়াৰ ভাষা,লেখাৰ ধৰণ, ইত্যাদিৰ পৰা সেই সময়ত সমাজৰ কথা ধাৰণা কৰে।কিন্তু বহুতো ক্ষেত্ৰত লিপিসমূহ উদ্ধাৰ কৰোতে কেতিয়াবা কেতিয়াবা সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।

           কেতিয়াবা কেতিয়াবা কাৰিকৰী সীমাবদ্ধতাও আহি পৰে। যেনে আখৰবোৰ ভালদৰে খোদিত নকৰাৰ ফলত পঢ়াটো কঠিন হৈ পৰে, আকৌ বহু সময়ত লিপিবোৰ নষ্ট হৈ যোৱাত আখৰবোৰ নষ্ট হৈ যোৱাতো পাঠোদ্বাৰ কৰিব পৰা হোৱা নাই।

          লিপিসমূহৰ খোদিত শব্দসমূহৰ প্ৰকৃত অৰ্থ উদ্ধাৰ কৰাটো সম্ভৱ নহয়।কিয়নো, কিছুমান শব্দৰ অৰ্থ কিছু বিশেষ স্থান বা সময়ৰ লগত জড়িত আছিল।

          যদিও বা কেইবাহাজাৰো লিপি উদ্ধাৰ হৈছে তথাপি এই সকলোবোৰৰ অৰ্থ উদ্ধাৰ কৰাটো সম্ভৱ হোৱা নাই।তদুপৰি সকলোবোৰ প্ৰকাশিত হোৱা নাই বা অনুবাদো কৰা নাই।

          অধিক লিপি হয়তো সমাজৰ কৰাল গ্রাসত হেৰাই গল।মূল লিপিসমূহৰ মাত্ৰ এটা অংশহে এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।

          ৰাজনৈতিক আৰু অৰ্থনৈতিক কথাবোৰ লিপিসমূহত উল্লেখ কৰা নাছিল।

         সামৰণি:-গতিকে কব পাৰি যে প্ৰাচীন ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ইতিহাস পুনৰ ৰচনাৰ কাৰণে লিপিসমূহৰ পৰা পোৱা তথ্য পৰ্যাপ্ত নহয়।

       ____________ ৹৹৹৹৹ __________

(4)নং প্ৰশ্ন:-মৌৰ্য প্ৰকাশন ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।ইয়াৰ কোনবোৰ বিষয় অশোকৰ লিপিসমূহৰ পৰা পোৱা গৈছে?

Ans:-

      Intr:-মৌৰ্য যুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যৱান সমল হ'ল মহান সম্ৰাট অশোকৰ শিলালিপিসমূহ।এই লিপিসমূহৰ পৰাই মৌৰ্য প্ৰকাশনৰ বিষয়ে ভালেমান কথা জানিব পৰা যায়।

      মৌৰ্য প্ৰকাশনৰ ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ হল

        (1)মৌৰ্য সাম্ৰাজ্যখন পাঁচখন মুখ্য ৰাজনৈতিক কেন্দ্ৰ বা প্ৰদেশত বিভক্ত আছিল।সেইকেইখন হ'ল ৰাজধানী পাটলীপুত্ৰ,তক্ষশীলা,উজ্জয়িনী, তোশালী আৰু সুবৰ্ণগিৰী।

     (2)ৰাজধানী অঞ্চল আৰু প্ৰাদেশিক কেন্দ্ৰবোৰত প্ৰশাসনিক নিয়ন্ত্ৰণ সম্ভৱত: আটাইতকৈ শক্তিশালী আছিল।এই কেন্দ্ৰবোৰ সাৱধানৰে নিৰ্বাচন কৰা হৈছিল।

     (3)সাম্ৰাজ্যখনৰ স্থিতি সুদৃঢ় কৰিবৰ কাৰণে স্থল পথ আৰু জলপথ দুয়োটা যোগাযোগ ব্যৱস্থাই প্ৰয়োজন আছিল।

      (4)ভ্ৰমনকাৰীসকলৰ সুৰক্ষাৰ সু-ব্যৱস্থা কৰা হৈছিল।সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সৈন্যবাহিনীয়ে গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল।

      ইয়াৰ প্ৰায়ভাগেই অশোকৰ লিপিৰ পৰা লোৱা হৈছে।যেনে 

         ক)সাম্ৰাজ্যখন পাঁচখন মুখ্য ৰাজনৈতিক কেন্দ্ৰ বা প্ৰদেশত বিভক্ত থকা।

        খ)প্ৰশাসনিক নিয়ন্ত্ৰণ

          গ)সাম্ৰাজ্যত অন্তৰ্গত অঞ্চলবোৰ ভিন্ন ধৰ্মী আছিল।

         ঘ)ৰজা আৰু প্ৰজাসকলৰ নিজৰ বাণীসমূহ।

    সামৰণি:-মুঠতে কব পাৰি যে মৌৰ্য প্ৰকাশনৰ ব্যৱস্থাৰ কথা বেছিভাগ অশোকৰ লিপিৰ পৰাই ইতিহাসবিদসকলে উদ্ধাৰ কৰিছে।

                 ________ ৹৹৹৹ _____

(4)নং প্ৰশ্ন:-ডি. চি. চৰকাৰৰ মতে "ভাৰতীয়সকলৰ জীৱন সংস্কৃতি আৰু গতিবিধিৰ এনে কোনো বিষয় নাই যিবোৰ লিপিসমূহত প্ৰতিবিম্বিত হোৱা নাই"বাখ্যা কৰা।

Ans:-

      Intr:-প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্যতম প্ৰধান সমল হল লিপিসমূহ। লিপিসমূহৰপৰাই প্ৰাচীন ভাৰতৰ জীৱন,সংস্কৃতি আৰু গতিবিধিৰ বিষয়ে জানিব পৰা যায়।

     লিপিসমূহত ৰাজ্যত ঘটা ডাঙৰ ঘটনা বা ৰচনাৰ কাৰ্য্যৱালী,ধৰ্মীয় অনুদান, ব্ৰাহ্মণৰ মাটি বৃত্তি দান দিয়া, সমসাময়িক সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি খোদিত কৰা হৈছিল।

     বহুবোৰ লিপিৰ তাৰিখ আৰু সময় উল্লেখ আছিল।সময় উল্লেখ নথকাবোৰ হস্তলিপি তত্ত্ব বা লিখন শৈলীৰ আধাৰত সময় নিৰ্ধাৰণ কৰা হয়।এইসমূহৰ পৰা প্ৰাচীন ভাৰতৰ ইতিহাস ভালেমান জনা যায়।

     ভাৰতৰ সৰ্বসাধাৰণ লোকৰ জীৱন-জীৱিকা বিষয়েও লিপিত উল্লেখ আছিল।বিভিন্ন শিল্পকলা,তেওঁলোকে ব্যৱহাৰ কৰা মণি-মুকুতা, সোন,ৰূপ, ইত্যাদি যে ব্যৱহাৰ কৰিছিল লিপিসমূহতেই লিপিবদ্ধ আছে।

       প্ৰশাসনিক ব্যৱস্থা, সামাজিক ,সাংস্কৃতিক নীতি-নিয়ম এই বিষয়ে জানিবলৈ ইতিহাসবিদসকলে বহুখিনি লিপিসমূহৰ ওপৰতেই নিৰ্ভৰ কৰি আহিছে।

        সামৰণি:-গতিকে কব পাৰি যে ডি. চি. চৰকাৰৰ উপৰোক্ত এই কথাষাৰ যুক্তিপূৰ্ণ।

           ___________ ৹৹৹৹ ________

(5)নং প্ৰশ্ন:-মৌৰ্যসকলৰ ইতিহাস পুনৰ গঠনৰ বাবে ইতিহাসবিদসকলে ব্যৱহাৰ কৰা যিকোনো দুটা গুৰুত্বপূৰ্ণ সমল উল্লেখ কৰা।

Ans:-

       Intr:-মৌৰ্যসকলৰ ইতিহাস পুনৰ গঠনৰ বাবে ইতিহাসবিদসকলে দুইপ্ৰকাৰৰ সমল গ্ৰহণ কৰিছিল। এইসমূহ তলত উল্লেখ কৰা হল

       (1)লিখিত সমল:-ইয়াৰ ভিতৰত কৌটিল্যৰ অৰ্থশাস্ত্ৰ, মেগাস্থেনিছৰ ইণ্ডিকা, বৌদ্ধ আৰু জৈন সাহিত্য আদি উল্লেখযোগ্য।

       (2)প্ৰত্নতাত্বিক সমল:-অশোকৰ শিলালিপি, স্তম্ভলিপি,গুহালিপি,স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱেশসমূসেই প্ৰধান।

          ___________ ৹৹৹৹ ________

     চমু উত্তৰৰ প্ৰশ্ন:

(1)মহাজনপদ মানে কি?কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদৰ নাম লিখা।

Ans:- 

      জনপদৰ পৰা মহাজনপদ হৈছে।জন মানে মানুহ আৰু পদ মানে ঠাই।আকাৰত ডাঙৰ জনপদসমূহক মহাজনপদ বুলি কোৱা হয়।

          কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদ হল-

বিজ্জি,মগধ,কোশল, কুৰু, পঞ্চাল,গান্ধাৰ আৰু অৱন্তী।

(2)মগধৰ প্ৰাৰম্ভিক ৰাজধানীৰ নাম কি আছিল?

Ans:-ৰাজগৃহ আছিল।

(3)প্ৰতিবেদসকল  কোন আছিল?তেওঁলোকৰ কৰ্তব্যসমুহ আলোচনা কৰা।

(4)সংগম সাহিত্য মানে কি?

Ans:- 

     প্ৰাচীন তামিলতম সাহিত্যক সংগম সাহিত্য বুলি কোৱা হয়।   

(5)মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত আবিৰ্ভাৱ ঘটা কেইটামান আঞ্চলিক শক্তিৰ নাম লিখা।

Ans:- 

      চোল,চেৰা,পাণ্ড্য,সাতবাহন।

(6)অশোকৰ ধৰ্ম মানে কি বুজা?

Ans:-

      অশোকৰ ধৰ্ম সৰলতা,বিশ্বজনীনতাৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে।মানৱতা আৰু ভাতৃত্ত্ববোধৰ মাজেৰে অন্তৰ জয় কৰিব পৰাটোৰ ওপৰতেই গুৰুত্ব দিছিল।

(7)কোনে কেতিয়া ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল?

Ans:- 

       1838 খৃ:ত জেমচ প্ৰিন্সচেপে অশোকৰ ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল।  

(8)অশোকৰ লিপিসমূহ কি কি ভাষাত খোদিত কৰা হৈছিল?

Ans:-

        খাৰোষ্ঠী, ব্ৰাহ্মী আৰু প্ৰাকৃত ভাষাত।

(9)মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।

Ans:-

         মহাজনপদ আৰু গণসংঘৰ দুটা বৈশিষ্ট্য হল-

(1)মহাজনপদত ৰজাই শাসন কৰিছিল।

         আনহাতে গনসংঘত এক শ্ৰেণীৰ দুই চাৰিজন লোকে শাসন কৰিছিল।

(2)গণসংঘৰ সম্পদ যেনে মাটি সংঘবদ্ধভাৱে নিয়ন্ত্ৰণ কৰিছিল।

     কিন্তু মহাজনপদৰ নিয়ন্ত্ৰণ সংঘবদ্ধভাৱে কৰা নাছিল।

(10)মগধৰ উত্থানৰ চাৰিটা কাৰণ লিখা।

Ans:- 

        মগধৰ উত্থানৰ চাৰিটা কাৰণ হল-

(1)মগধত সুযোগ্য শক্তিশালী নেতা আৰু সৈন্যবাহিনী আছিল।

(2)মগধ আছিল প্ৰকৃতি প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য।

(3)মগধত খনিজ সম্পদ মূলতঃ লো পোৱা গৈছিল প্ৰচুৰ পৰিমাণে।

(4)যাতায়ত আৰু যোগাযোগৰ ব্যৱস্থা সুচল আছিল।

(11)হৰিসেন কোন আছিল?

Ans:-

        সমুদ্ৰগুপ্তৰ ৰাজকবি আছিল।

(12)মনুস্মিতি কি?ইয়াত ৰজাসকলৰ প্ৰতি কি উপদেশ দিছে?

Ans:-

(13)প্ৰভাৱতিগুপ্ত কোন?তেওঁৰ এটা অন্যতম প্ৰধান কাৰ্য্য উল্লেখ কৰা।

Ans:- 

          দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়েক আছিল।

           তেওঁৰ অন্যতম কাৰ্য্য আছিল মাটি দান কৰা।

(14)খৃ:ষষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ তিনিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।

Ans:-

        তিনিটা বৈশিষ্ট্য হল-

(1)সৰহ সংখ্যকেই মহাজনপদবোৰৰ ৰাজধানী আছিল।

(2)সকলোবোৰ মুখ্য নগৰ ৰাজমাৰ্গসমূহৰ কাষত অৱস্থিতি আছিল।

(3)ৰজা আৰু বাছকবনীয়া ভাল ভাল শাসকসকলে সুৰক্ষিত নগৰত বাস কৰিছিল।

(4)নগৰসমূহৰ যোগাযোগৰ পথ সুগম আছিল।

(15)গিল্ড বা শ্ৰেণী মানে কি বুজা?

Ans:-

        সদাগৰসকলৰ সংগঠনক গিল্ড বা শ্ৰেণী বুলি কোৱা হৈছিল।

(16)অগ্ৰহাৰসমূহ কি আছিল?

Ans:-

      ব্ৰাহ্মণসকলক দান কৰা ভূমিভাগক অগ্ৰহাৰ বুলি কোৱা হৈছিল।

(17)প্ৰয়াগ প্ৰশস্তি কোনে কেতিয়া লিখিছিল?

Ans:-

      খৃ:চতুৰ্থ শতিকাত।সমুদ্ৰগুপ্তৰ ৰাজকবি হৰিসেনে লিখিছিল।

         ___________ ৹৹৹৹৹ _______

        



       



    


     


Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-