AHSEC Class 12 Political Science Chapter-5 সমসাময়িক দক্ষিণ এছিয়া(Contemporary South Asia)Assamese medium Notes
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
(1)নং প্ৰশ্ন:-ছাফটা(SAFTA) কি উদ্দেশ্যেৰে গঠিত হৈছে?ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা।(Marks-6)
Ans:-
দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ কৰাই SAFTAৰ প্ৰধান উদ্দেশ্য।
SAFTA হৈছে এটা দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য আঞ্চলিক সহযোগিতা সংস্থা।দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত অৰ্থনৈতিক উন্নতি সাধন কৰাই SAFTA ৰ প্ৰধান উদ্দেশ্য।
SAARC ৰ সদস্য ৰাষ্ট্ৰবিলাকে দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰি এটা মুক্ত বাণিজ্য মণ্ডল সমগ্ৰ দক্ষিণ এছিয়াৰ কাৰণে গঠন কৰাত ব্যৰ্থ হৈছিল।2004 চনত SAFTA স্বাক্ষৰ কৰা হয় আৰু 2006 চনৰ পৰা কাৰ্য্যকৰী হয়।
SAFTA ৰ লক্ষ্য হল-2007 চনত 20% টেৰিফ নিম্নগামী কৰা।এই চুক্তিয়ে 2015 চনৰ ভিতৰত সকলো বাধা আঁতৰাই অঞ্চলটোত মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰিব বুলি কোৱা হৈছে।
_____________৹৹৹৹৹৹________
(2)নং প্ৰশ্ন:-SAARC ৰ উদেশ্য আৰু নীতিবিলাক আলোচনা কৰা।(Marks-6)
Ans:-
Intr:-SAARC হৈছে দক্ষিণ এছিয়াৰ এটা আঞ্চলিক সহযোগিতা সংস্থা।1985 চনত বাংলাদেশৰ ঢাকাত SAARC গঠন কৰা হৈছিল।
SAARC ৰ প্ৰধান নীতিসমূহ হৈছে-
(1)দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা।
(2)সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক উন্নয়ন কৰা।
(3)সদস্য দেশসমূহৰ সমস্যা সমাধান কৰা,ইত্যাদি।
ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল-
(1) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ শান্তি আৰু সহযোগিতা স্থাপন কৰা হল SAARC ৰ প্ৰধান উদ্দেশ্য।
(2)SAARC ৰ সদস্য ৰাষ্ট্ৰবিলাকে দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰি এটা মুক্ত বাণিজ্য মণ্ডল সমগ্ৰ দক্ষিণ এছিয়াৰ কাৰণে গঠন কৰাত প্ৰতিজ্ঞাবদ্ধ হৈছিল।
(3) দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ কৰাও SAARC আন এটা উদ্দেশ্য।
সামৰণি:-ইয়াৰ দ্বাৰা কব পাৰি যে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু সহযোগিতা প্ৰতিষ্ঠা কৰাই হৈছে SAARC ৰ প্ৰধান উদ্দেশ্য আৰু নীতি।
______________৹৹৹৹৹৹৹৹__________
(3)নং প্ৰশ্ন:-SAFTA ৰ ওপৰত চমু বৰ্ণনা দিয়া।(Marks-4)
Ans:-
Intr:-SAFTA হৈছে দক্ষিণ এছিয়াৰ দেশমসুমহৰ এটা মুক্ত বাণিজ্য আঞ্চলিক সহযোগিতা সংস্থা।
SAFTA ৰ সম্পূৰ্ণ অৰ্থ হৈছে-South Asian Free Trade Agreement. দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ কৰাই SAFTA ৰ প্ৰধান উদ্দেশ্য।
এই চুক্তিখন 2004 চনত স্বাক্ষৰ কৰা হয় আৰু 2006 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্য্যকৰী হয়।
SAFTA ৰ লক্ষ্য হল 2007 চনত 20% টেৰিফ নিম্নগামী কৰা।
এই চুক্তিয়ে 2015 চনৰ ভিতৰত সকলো বাধা আঁতৰাই অঞ্চলটোত মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰিব বুলি কোৱা হৈছে।
সামৰণি:-শেষত ক'ব পাৰি যে সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন উন্নতি সাধন কৰাই SAFTA ৰ উদ্দেশ্য।
__________৹৹৹৹৹৹৹৹___________
(4)নং প্ৰশ্ন:-পূৱ পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আঙুলিয়াই দেখুওৱা।(Marks-6)
Ans:-
Intr:-পাকিস্তানৰ ৰাজনৈতিক ইতিহাস উত্থান-পতন আৰু অস্থিৰতাৰ ইতিহাস।বহুতো কাৰণতে পূৱ পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হল।
1970 চনত দেশখনত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।পশ্চিম পাকিস্তানৰ জুলিফিকৰ আলী ভুট্টোৰ নেতৃত্বত পাকিস্তান পিপলছ পাৰ্টিয়ে জয়লাভ কৰাৰ বিপৰীতে পূৱ পাকিস্তানত শ্বেখ মজিবুৰ ৰহমানৰ নেতৃত্বত আৱামী লীগে জয়লাভ কৰে।জাতীয় সংসদত সংখ্যাগৰিষ্ঠ লাভ কৰে আৱামী লীগে।কিন্তু সংখ্যাগৰিষ্ঠ লাভ কৰাৰ পাছতো আৱামী লীগক চৰকাৰ গঠন কৰিবলৈ দিয়া নহল।এনে পৰিস্থিতিত জাতীয় সংসদ ভংগ কৰি দিয়া হয়আৰু দেশত গৃহযুদ্ধ সূত্ৰপাত ঘটে।পূৱ পাকিস্তানে আৱামী লীগৰ নেতৃত্বত নিজকে স্বাধীন বুলি ঘোষণা কৰে।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে পূৱ পাকিস্তানে মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়াহোৱাৰ কাৰণ হল পশ্চিম পাকিস্তানৰ লগত সংঘাত।
__________৹৹৹৹৹৹৹____________
(5)নংপ্রশ্ন:-ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ আলোচনা কৰা।(Marks-6)
Ans:-
Intr:-শীতল যুদ্ধৰ পিছতো সংঘাত আৰু উত্তেজনা শামকটা বুলি কব নোৱাৰি।ইয়াৰ প্ৰায়বিলাক সংঘাতৰ লগত ভাৰত জড়িত।এই সংঘাতবিলাকৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত হল বিশেষ তাৎপৰ্যপূৰ্ণ।
ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ বিবাদ হৈছিল।পাকিস্তানৰ চৰকাৰে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ।1947-48 চনৰ যুদ্ধৰ ফলত কাশ্মীৰ প্ৰদেশ পাকিস্তানৰ অধিকৃত কাশ্মীৰ আৰু জম্বু আৰু কাশ্মীৰৰ ভাৰতৰ ভাগক 1971 চনৰ নিয়ন্ত্ৰণ ৰেখাই ভাগ কৰে।ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এখন যুদ্ধত জয়লাভ কৰে যদিও কাশ্মীৰ সমস্যা সমাধান নহল।
1971 চনত বাংলাদেশ স্বাধীন হোৱাৰ সময়ত ভাৰতে সমৰ্থন কৰি ধন আৰু সামৰিক বাহিনীৰে সহায় কৰিছিল।ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত 1971 চনত যুদ্ধ সংঘটিত হয়।
চিয়াচিন গ্লেছিয়াৰ আৰু অস্ত্ৰ সংগ্ৰহ লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত অনুষ্ঠিত হয়।
দুয়োখন চৰকাৰে ইখনে সিখনক সন্দেহৰ চকুৰে চাইছিল।ভাৰত চৰকাৰে পাকিস্তানৰ চৰকাৰক কাশ্মীৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা আৰু ভাৰত বিৰোধী কাৰ্য্য কৰিবলৈ উচটনি দিয়াৰ বাবে নিন্দা কৰিছিল।
ভাৰত আৰু পাকিস্তানৰ মাজত পানীৰ ভাগ বতৰা লৈ সমস্যা আছে ।1960 চন পৰ্যন্ত ইণ্ডাছ বেচিনৰ নদীৰ পানী ব্যৱহাৰ লৈ ভীষণ বাদ প্ৰতিবাদ কৰিছিল।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ভাৰত আৰু পাকিস্তানৰ সংঘাত কেতিয়াও সমাপ্ত হোৱা নাই।বৰ্তমানও যুদ্ধ সংঘটিত হৈ আছে।
___________৹৹৹৹৹___________
(6)নং প্ৰশ্ন:-সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ আলোচনা কৰা।
Ans:-
Intr:-পাকিস্তানৰ ৰাজনৈতিক ইতিহাস উত্থান আৰু অস্থিৰতাৰ ইতিহাস। সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ বহুতো ব্যৰ্থ দেখা যায়।
সংবিধান প্ৰণয়ণৰ কাৰ্য্য চলি থকাৰ মাজতে পাকিস্তানে বহুবোৰ ৰাজনৈতিক পৰিৱৰ্তন দেখিবলৈ পায়।1951 চনত লিয়াকট আলীক হত্যা কৰা হয়।1958 চনত আভ্যন্তৰীণ প্ৰত্যাহ্বানৰ সম্মুখীন হৈ ৰাষ্ট্ৰপতি ইচকাণ্ড মিৰ্জাই সংবিধান উঠাই লয় আৰু সামৰিক শাসন প্ৰৱৰ্তন কৰে।
1970 চনত দেশখনত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।পশ্চিম পাকিস্তানৰ জুলিফিকৰ আলী ভ ভুট্টোৰ নেতৃত্বত পাকিস্তান পিপলছ পাৰ্টিয়ে জয়লাভ কৰাৰ বিপৰীতে পূৱ পাকিস্তানত শ্বেখ মজিবুৰ ৰহমানৰ নেতৃত্বত আৱামী লীগে জয়লাভ কৰে।কিন্তু সংখ্যাগৰিষ্ঠ লাভ কৰাৰ পাচতো আৱামী লীগক চৰকাৰ গঠন কৰিবলৈ দিয়া নহল।এনে পৰিস্থিতিত জাতীয় সংসদ ভংগ কৰি দিয়া হয় আৰু দেশত গৃহযুদ্ধৰ সূত্ৰপাত ঘটে।
সামৰণি:-এনেবোৰ কাৰণতে পাকিস্তানৰ সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ সৃষ্টি হৈছিল।
___________৹৹৹৹৹৹৹৹_________
(7)নং প্ৰশ্ন:-ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।
Ans:-
ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ এটা কাৰণ হল-
(1)ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত বিভিন্ন বিষয়ৰ লগতে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ অংশ লৈ মতানৈক্য আছে।বাংলাদেশৰ পৰা ভাৰতলৈ অহা অবৈধ প্ৰব্ৰজনত ভাৰত চৰকাৰ সন্তুষ্ট নহয়।
আনহাতে সহযোগিতাৰ এটা কাৰণ হল-
(1)বাংলাদেশ ভাৰতৰ " পূৱৰ পিনে চোৱা নীতি"ৰ এটা অংশ যিয়ে ম্যানমাৰৰ জৰিয়তে দক্ষিণ পূৱ -এছিয়াক সংযোগ কৰিব বিচাৰে।
__________৹৹৹৹৹৹_________
(8)নং প্ৰশ্ন:-ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।
Ans:-
ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা ক্ষেত্ৰ হল-
(1)কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত সংঘাত সৃষ্টি হৈছিল।
(2)নদীৰ পানীক লৈও সংঘাত চলিছিল।
_______৹৹৹৹৹৹৹_____
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
বস্তুনিষ্ঠ প্ৰশ্নাৱলী:(Marks:1)
(1)দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰ আছে?
Ans:-সাতখন।
(2)শ্ৰীলংকা কেতিয়াৰ পৰা স্বাধীন ৰাষ্ট্ৰ হয়?
Ans:-1948 চনত।
(3)SAARC ৰ সম্পূৰ্ণ অৰ্থ কি?
Ans:-South Asian association for Regional co-operation.
(4)বাংলাদেশ আৰু পাকিস্তানে কোন চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল?
Ans:-1976 চনত
(5)কোন ৰাষ্ট্ৰৰ লগত ভাৰতে "ফাৰাক্কা চুক্তি" সম্পাদন কৰিছিল?
Ans:-বাংলাদেশৰ মাজত।
(6) SAFTA ৰ সম্পূৰ্ণ অৰ্থ কি?
Ans:-South Asian free trade agreement.
(7)SAARC ৰ এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
Ans:-নেপাল।
(8)SAARC ৰ প্রথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হয়?
Ans:-বাংলাদেশৰ ঢাকাত।
(9) কোন চনত ভাৰতে শ্ৰীলংকালৈ "শান্তি ৰক্ষা বাহিনী"পঠিয়াইছিল?
Ans:-1987
(10)কোন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল?
Ans:-অটল বিহাৰী বাজপেয়ী।
(11)চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল?
Ans:- মাও- চে টুং।
(12)শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা।
Ans:-1)সিংহলী
2)তামিল সম্প্ৰদায়।
_________৹৹৹৹৹৹৹৹৹_________
আৰ্হি প্ৰশ্নাৱালী:
ৰচনাধৰ্মী প্ৰশ্ন:(Marks:6)
(1)নং প্ৰশ্ন:-সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত ভাৰত-পাকিস্তানৰ সম্পৰ্ক পৰীক্ষা কৰা।
Ans:-
Intr:-ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক যুদ্ধ আৰু সংঘাতৰে সমৃদ্ধ আছিল যদিও বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ঠ উন্নত হৈছে।
দুয়োখন দেশে যুদ্ধৰ পৰিৱৰ্তে দুয়োখন দেশৰ মাজত বিশ্বাসযোগ্যঅর্জনৰ চেষ্টা চলোৱা হৈছে।সক্ৰিয় সমাজকর্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বাতাৱৰণৰ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে।
নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাবিলাক সমাধানৰ পথ বিচাৰিছে।
ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত বছসেৱা আৰম্ভ হৈছে।পাঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে।
পাৰ -পত্ৰ সহজলভ্য কৰি দিয়া হৈছে।ক্ৰীড়া জগততো দুয়োখন দেশৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছে।
সামৰণি:-গতিকে ক'ব পাৰি যে-সাম্প্ৰতিক কালত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ বুলি ক'ব পাৰি।
_______৹৹৹৹______
(2)নং প্ৰশ্ন:-ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা কাৰণবোৰ বাখ্যা কৰা।
Ans:-
Intr:-ভাৰত আৰু পাকিস্তানৰ আন্তৰ্জাতিক প্ৰকৃতিৰ সংঘাত এতিয়াও চলি আছে যাৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।
কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত হোৱা বিবাদে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।
দুয়োখন দেশে ইখনে সিখনক সন্দেহৰ চকুৰে চোৱা ফলত দুয়োখন দেশৰ সম্পৰ্ক বিদাপন্ন হোৱা দেখা যায়।
নদীৰ পানীক লৈ হোৱা ভাগ বতৰা,আণৱিক অস্ত্ৰ-শস্ত্ৰ ইত্যাদিয়ে দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক হোৱাত যথেষ্ঠ বাধাৰ সৃষ্টি কৰিছে।
সামৰণি:-গতিকে ক'ব পাৰো যে-সীমাবিবাদ, পানী বিবাদ সন্ত্ৰাসবাদ আদিৰ ফলতেই দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক হোৱাত বাধা দিয়ে।
________৹৹৹৹______
(3)নং প্ৰশ্ন:-পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকৈ উন্নত কৰিব পাৰি?
Ans:-
Intr:-পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক যুদ্ধ আৰু সংঘাতৰে পৰিপূৰ্ণ।
পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক উন্নত কৰিবলৈ হ'লে দুয়োখন দেশে বিভিন্ন সমস্যাৰ সমাধান বুজা-বুজি আৰু শান্তিপূৰ্ণভাৱে কৰা উচিত।
বেপাৰ -বাণিজ্য,সাংস্কৃতিক আদান-প্ৰদান, পৰ্যটন আদিৰ জৰিয়তেও সম্পৰ্ক উন্নত কৰিব পাৰি।
সময়ে সময়ে দুয়োখন দেশৰ নেতাই মিলিত হৈ আলোচনা কৰিলে বহুতো উন্নত হ'ব ।
সামৰণি:-গতিকে ক'ব পাৰি যে-দুয়োখন দেশে শান্তিপূৰ্ণভাৱে উত্তেজনা হ্ৰাস কৰি,বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিলেই দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ঠ উন্নত কৰিব পাৰি।
________৹৹৹৹_______
(4)নং প্ৰশ্ন:-বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।
Ans:-
Intr:-বাংলাদেশ আৰু ভাৰতৰ দুয়োখন দেশৰ অন্যান্য পাৰ্থক্য থাকিলেও বহুবিলাক বিষয়ত দুয়োখন দেশে সহযোগ কৰে।
অৰ্থনৈতিক সম্বন্ধ দুয়োখন দেশৰ যথেষ্ঠ উন্নত হৈছে।
বাংলাদেশ ভাৰতৰ "পূৱৰ পিনে চোৱা নীতি"-ৰ এটা অংশ যিয়ে ম্যানমাৰৰ জৰিয়তে দক্ষিণ-পূৱ এছিয়াক সংযোগ কৰিব বিচাৰে।
দুৰ্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ক বিষয়বোৰৰ ক্ষেত্ৰত উভয় দেশে সহযোগ কৰে।
দুয়োখন দেশে বৰ্তমান বিভিন্ন সমস্যাসমূহৰ আলোচনা কৰিছে।
অৰ্থনৈতিক ক্ষেত্ৰত দুয়োখন দেশে সহায় সহযোগিতা কৰি আহিছে।
তথাপিও দুয়োখন দেশৰ মাজত সংঘাত নথকা নহয়।দুয়োখন দেশৰ মাজত গংগা আৰু ব্ৰহ্মপুত্ৰৰ পানীক লৈ সংঘাত আছে।
বাংলাদেশৰ পৰা প্ৰব্ৰজনকাৰীসকল ভাৰতলৈ প্ৰৱেশ কৰাৰ ফলতো সময়ে সময়ে ভাৰত আৰু বাংলাদেশৰ সংঘাত লাগি থকা দেখা যায়।
সামৰণি:-গতিকে ক'ব পাৰি যে-বৰ্তমান দুয়োখন দেশে শান্তিপূৰ্ণভাৱে বিভিন্ন সমস্যাসমুহ সমাধানৰ পথ বিচাৰি উলিয়াছে।
______৹৹৹______
(5)নং প্ৰশ্ন:-ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত দেখা দিয়া প্ৰধান সংঘাত আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰা।
Ans:-
Intr:-ভাৰত আৰু নেপালৰ মাজত এনে বিশেষ সম্পৰ্ক আছে যি পৃথিৱীত বিৰল।
দুয়োখন দেশৰ মাজত সম্পাদিত এখন চুক্তিৰ জৰিয়তে ভাৰত আৰু নেপালৰ জনসাধাৰণে দুয়োখন দেশলৈ কোনো পাৰ -পত্ৰ নোহোৱাকৈ ভ্ৰমণ আৰু কাম কৰাৰ কাৰণে অহা-যোৱা কৰিব পাৰে।
বৈজ্ঞানিক সহযোগিতা, উমৈহতীয়া প্ৰাকৃতিক সম্পদ, বিজুলী বাতি উৎপাদন আদিয়ে উভয় দেশক একগোট কৰি ৰাখিছে।
আশা কৰা যায় যে গণতন্ত্ৰৰ উত্থানে নেপাল আৰু ভাৰতৰ সম্বন্ধ অধিক দৃঢ় কৰি গঢ়ি তুলিব।
এই বিশেষ সম্পৰ্ক থকা সত্বেও অতীতত দুয়োখন দেশৰ মাজত বাণিজ্য সম্পৰ্কীয় বিবাদ আছিল।ভাৰত চৰকাৰে নেপাল আৰু চীনৰ মাজত সু-সম্পৰ্কত সন্তোষ প্ৰকাশ কৰা নাছিল।
ভাৰতৰ নিৰাপত্তা সংস্থাবোৰে নেপালৰ মাওবাদীসকলৰ কাৰ্য-কলাপ আৰু নিৰাপত্তাৰ ভাবুকিৰ ফলত নক্সালবাদীসকল ভাৰতৰ বিভিন্ন ৰাজ্যত বিয়পি পৰে।
নেপালৰ বহু নেতা আৰু নাগৰিকে ভাবে যে ভাৰত চৰকাৰে নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে।
সামৰণি:-গতিকে ক'ব পাৰি যে নেপাল আৰু ভাৰতৰ এটা সুন্দৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।
_______৹৹৹_______
(6)নং প্ৰশ্ন:-ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক মূল্যায়ন কৰা।
Ans:-
Intr:-ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক যুদ্ধ আৰু সংঘাতেৰে সমৃদ্ধ তথাপি শান্তি প্ৰতিষ্ঠাৰ বাবে যথেষ্ঠ ব্যৱস্থা চলোৱা হৈছে।
ভাৰত আৰু পাকিস্তানৰ কাশ্মীৰক লৈ বিবাদ আৰম্ভ আছিল।চিয়াচীন আৰু গ্লেচিয়াৰ অস্ত্ৰ সংগ্ৰহ লৈও দুয়োখন দেশৰ মাজত উত্তেজিত সংঘটিত হৈছিল।পানীৰ ভাগ বতৰা লৈও সমস্যাৰ সৃষ্টি হৈ আহিছে।
বৰ্তমান উত্তেজনা হ্ৰাস কৰি শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টাৰ উপৰিও চেষ্টা চলোৱা হৈছে।দুয়োখন দেশে যুদ্ধৰ পৰিৱৰ্তে দুয়োখন দেশৰ মাজত বিশ্বাসযোগ্য অর্জনৰ চেষ্টা কৰা হৈছে।
সক্ৰিয় সমাজকর্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বৰ বাতাৱৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে।
নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাবিলাক সমাধানৰ পথ বিচাৰিছে।
ভাৰত আৰু পাকিস্তানৰ মাজত বছসেৱা আৰম্ভ কৰা হৈছে।পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে।
বৰ্তমান দুয়োখন দেশৰ পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে।ক্ৰীড়া জগতৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে।
সামৰণি:-গতিকে ক'ব পাৰি যে-বিভিন্ন সমস্যা থাকিলেও দুয়োখন দেশৰ সম্পৰ্ক উন্নত হৈছিল যদিও বৰ্তমান পুনৰ দুয়োখন দেশৰ মাজত যুদ্ধ সংঘটিত হৈছে।
_________৹৹৹৹________
(7)নং প্ৰশ্ন:-ভাৰত আৰু শ্ৰীলংকাৰ সম্পৰ্ক আলোচনা কৰা।
Ans:-
Intr:-ভাৰত আৰু শ্ৰীলংকাৰ মাজত কিছুমান সমস্যা আছে যদিও বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ঠ উন্নত।
ভাৰত চৰকাৰ আৰু শ্ৰীলংকাৰ মাজৰ সম্বন্ধৰ প্ৰতিবন্ধকতাটো হ'ল দ্বীপ ৰাষ্ট্ৰখনৰ নৃ-গোষ্ঠীয় সমস্যা।যেতিয়া তামিলসকল ৰাজনৈতিকভাৱে বিতুষ্ট তেতিয়া ভাৰতৰ নেতা আৰু নাগৰিকসকল নিৰপেক্ষভাৱে বহি থাকিব পৰা নাছিল।
ভাৰতে শ্ৰীলংকাৰ লগত মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দৃঢ় কৰে।
দুয়োখন দেশে বৰ্তমান ক্ৰীড়া জগতত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে।
অৱশ্য 2012 চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰাষ্ট্রসংঘত উত্থাপিত মানৱ অধিকাৰ উলংঘনৰ প্ৰস্তাৱত ভাৰতবৰ্ষই শ্ৰীলংকাৰ বিৰুদ্ধে ভোটদান কৰিছিল।তৎসত্বেও দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ঠ উন্নত।
সামৰণি:-গতিকে ক'ব পাৰি যে-শ্ৰীলংকা আৰু ভাৰতৰ সম্পৰ্ক বৰ্তমান বন্ধুত্বপূৰ্ণ।
______৹৹৹৹______
(8)নং প্ৰশ্ন:-SAARC গঠন হোৱাৰ পিছত ই কি কাৰ্য্য কৰিবলৈ লৈছিল?
Ans:-
Intr:-SAARC দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্ৰচেষ্টা।
SAARC-ৰ সদস্য ৰাষ্ট্ৰবিলাকে দক্ষিণ এছিয়াত মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰি এটা মুক্ত বাণিজ্য মণ্ডল সমগ্ৰ দক্ষিণ এছিয়াৰ কাৰণে গঠন কৰাত প্ৰতিজ্ঞাবদ্ধ হৈছিল।
দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতা আনিবলৈ চেষ্টা কৰিছিল।
দক্ষিণ এছিয়াৰ সকলো সমস্যা সমাধানৰ বাবে চেষ্টা চলাইছিল।
SAARC গঠন হোৱাৰ পিছত মুক্ত বাণিজ্যৰ বাবে SAFTA গঠন হৈছিল।
সামৰণি:-গতিকে ক'ব পাৰি যে-SAARC এ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত শান্তি আৰু সুস্থ পৰিৱেশ অনাৰ বাবে চেষ্টা কৰিছিল।
_______৹৹৹______
(9)নং প্ৰশ্ন:-SAARC ত ভাৰতৰ ভূমিকা আলোচনা কৰা।
Ans:-
Intr:-ভাৰত 1985 চনত SAARC ৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল।
SAARC-ৰ সদস্য হোৱাৰ পিছত ভাৰতে বিভিন্ন ওচৰ-চুবুৰীয়া দেশৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল।মুক্ত বাণিজ্য সম্প্ৰসাৰণ ঘটিছিল।
চুবুৰীয়া দেশ পাকিস্তানৰ লগত সু-সম্পৰ্ক গঠন হৈছিল।দুয়োখন দেশে যুদ্ধৰ পৰিৱৰ্তে বিশ্বাসযোগ্য অর্জনৰ চেষ্টা কৰা হৈছে।পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে।
দক্ষিণ এছিয়াৰ চীন আৰু ভাৰতৰ সম্বন্ধ এতিয়া যথেষ্ঠ উন্নত।ভাৰতৰ উত্তৰ-পূৱ বিশেষকৈ গুৱাহাটীৰ বজাৰত আজি চীনৰ উৎপাদিত সামগ্ৰীয়ে যথেষ্ঠ সমাদৰ লাভ কৰিছে।
সামৰণি:-গতিকে ক'ব পাৰি যে-SAARC ত ভাৰতৰ ভূমিকা যথেষ্ঠ আছে।
________৹৹৹৹________
চমু উত্তৰৰ প্ৰশ্ন:(Marks:4)
(1)নং প্ৰশ্ন:-"ছিমলা চুক্তি"চমুকৈ বৰ্ণনা কৰা।
Ans:-
Intr:-ছিমলা চুক্তি এখন শান্তি প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা চুক্তি।
1972 চনৰ 3 জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু জুলিফিকৰ আলী ভূট্টোৰ মাজত "ছিমলা চুক্তি" সম্পাদন কৰা হয়।
চিমলা চুক্তিৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ সংঘাতসমুহ শান্তিপূৰ্ণৰে মীমাংসা কৰা হৈছিল।চিমলা চুক্তিৰ কিছুমান নীতি আছিল যেনে-
(1) দুয়োপক্ষৰ বিবাদসমূহ দ্বী -পাক্ষিক চুক্তিৰ দ্বাৰা শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব।
(2)দুয়োখন দেশে সন্দেহৰ চকুৰে চোৱাৰ পৰা বিৰত থাকিব।
(3)দুয়োখন দেশৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব, ঐক্য,সংহতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব।
সামৰণি:-ছিমলা চুক্তি সম্পাদন হোৱাৰ পাছ বিবাদ ওৰ পৰিছিল যদিও দুয়োখন দেশৰ মাজত সম্পূৰ্ণৰূপে শান্তি বাতাৱৰণও নাছিল।
_____৹৹৹৹______
(2)নং প্ৰশ্ন:-শ্ৰীলংকাৰ নৃ-গোষ্ঠীয় সংঘৰ্ষৰ ওপৰত চমু বৰ্ণনা দিয়া।
Ans:-
Intr:-শ্ৰীলংকাৰ ভাবুকি সেনা-বাহিনী বা ৰাজতন্ত্ৰৰ পৰা নহয় আহিছিল নৃ-গোষ্ঠীৰ পৰাহে।
স্বাধীনতা পিছৰপৰাই শ্ৰীলংকাৰ ৰাজনীতি সংখ্যকগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰ অধিপত্যত পৰিচালিত হৈছিল।তেওঁলোকে ভাৰতৰ পৰা প্ৰব্ৰজন কৰি শ্ৰীলংকাত বসবাস কৰা তামিলসকলৰ লগত শত্ৰুতা কৰিছিল।
সিংহলী জাতীয়তাবাদীসকলে ভাবিছিল যে শ্ৰীলংকাই তামিল সকলক সুবিধা দিয়াটো অনুচিত কিয়নো শ্ৰীলংকা সিংহলী জনসাধাৰণৰহে আৱাসভূমি।
শ্ৰীলংকাৰ এই সমস্যাটোৰ লগত ভাৰতীয় বংশোদ্ভৱও জড়িত হৈ পৰিছিল।ভাৰতীয় সেনা উপস্থিতি শ্ৰীলংকা বাসীয়ে সহজভাৱে লব পৰা নাছিল।ভাৰতে উদ্দেশ্য সফল নোহোৱাকৈয়ে ভাৰতীয় শান্তিৰক্ষা বাহিনী উভতাই আনিছিল।
শ্ৰীলংকাৰ সংকট ক্ৰমে ভয়াৱহ হবলৈ ধৰিলে।এ.টি. টি.ই -ৰ নেতা প্ৰভাকৰণক হত্যা কৰাৰ পাছত এই নৃ-গোষ্ঠীয় সমস্যা অন্ত পৰে।
সামৰণি:-আভ্যন্তৰীণ কন্দল থাকিলেও কিন্তু শ্ৰীলংকাই গণতান্ত্ৰিক পৰম্পৰা বৰ্তাই ৰাখিছে।
_______৹৹৹৹_______
(3)নং প্ৰশ্ন:-পঞ্চদশ SAARC শীৰ্ষ সন্মিলনৰ ওপৰত কি জানা লিখা।
Ans:-
Intr:-দক্ষিণ এছিয়াৰ সহযোগিতা সংস্থা দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্ৰচেষ্টা।
1985 চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত সাতখন দক্ষিণ এছিয়াৰ ৰাষ্ট্রক লৈ দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থা গঠন কৰে।
ৰাষ্ট্রকেইখন আছিল-বাংলাদেশ,ভূটান,মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা।পৃথিৱীৰ মুঠ 3.5 শতাংশ আৰু 21 শতাংশ জনসংখ্যা এই সংস্থাৰ অন্তৰ্ভুক্ত।
SAARC ৰ সদস্য ৰাষ্ট্ৰবিলাকে দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰি এটা মুক্ত বাণিজ্য মণ্ডল সমগ্ৰ দক্ষিণ এছিয়াৰ কাৰণে গঠন কৰাত প্ৰতিজ্ঞাবদ্ধ হৈছিল।
সামৰণি:-কিন্তু ৰাজনৈতিক আকোঁৰ-গোজ মনোভাৱৰ বাবে SAARC এ বিশেষ কৃতকার্যতা কৰিব পৰা নাই।
_________৹৹৹৹_________
(4)নং প্ৰশ্ন:-SAARC-ৰ যিকোনো চাৰিটা সফলতা বৰ্ণনা কৰা।
Ans:-
Intr:-SAARC দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্ৰচেষ্টা।
SAARC এ বহুতো সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে।
(1)দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে।
(2)মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
(3)দক্ষিণ এছিয়াৰ দেশসমূহৰ সমস্যাসমূহ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিবলৈ সক্ষম হৈছে।
(4)SAARC- এ আঞ্চলিক নিৰাপত্তা আৰু শান্তি প্ৰতিষ্ঠা কৰিছে।
সামৰণি:-শেষত ক'ব পাৰি যেৰাজনৈতিক আকোঁৰ গোজ মনোভাৱৰ বাবে SAARC এ সম্পূৰ্ণকৈ কৃতকাৰ্যতা লাভ কৰিব পৰা।
______৹৹৹______
(4)নংপ্ৰশ্ন:-SAARC গঠন কৰা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।
Ans:-
SAARC গঠন কৰা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম হ'ল-
(1)ভাৰত
(2)বাংলাদেশ
(3)নেপাল
(4)পাকিস্তান।
_____৹৹৹_____
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন(Mark's:2)
(1)নং প্ৰশ্ন:-আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে SAARC-ৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ ভাবাৰ্থ লিখা।
Ans:-
আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে SAARC ৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ ভাবাৰ্থ হ'ল-
(1)দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা।
(2)আঞ্চলিক নিৰাপত্তা আৰু শান্তি প্ৰতিষ্ঠা কৰা।
______৹৹৹৹_____
(2)নং প্ৰশ্ন:-SAARC-ক এক কাৰ্যকৰী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ দুটা প্ৰচেষ্টা উল্লেখ কৰা।
Ans:-
ভাৰতৰ দুটা প্ৰচেষ্টা হ'ল-
(1)ভাৰতে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত থকা বিভিন্ন সমস্যাসমূহ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিছে।
(2)দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ মনোভাৱৰ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে।
______৹৹৹_____
(3)নং প্ৰশ্ন:-ভাৰতৰ উত্তৰে অৱস্থিত SAARC-ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা।
Ans:-
ৰাষ্ট্ৰ দুখনৰ নাম হ'ল-
(1)ভূটান
(2)নেপাল।
(4)নং প্ৰশ্ন:-ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সু-সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুটা নীতি বাখ্যা কৰা।
Ans:-
দুটা নীতি উল্লেখ কৰা হ'ল-
(1)বাংলাদেশ ভাৰতৰ পূৱৰ পিনে চোৱা নীতি জৰিয়তে দুয়োখন দেশৰ মাজত সু-সম্পৰ্ক স্থাপন হৈছে।
(2)ভাৰত চৰকাৰে শ্ৰীলংকাৰ স'তে মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দৃঢ় কৰে।
______৹৹৹৹______
(5)নং প্ৰশ্ন:-"ছিমলা চুক্তি"-ৰ দুটা চৰ্ত উল্লেখ কৰা।
Ans:-
"ছিমলা চুক্তি"ৰ দুটা চৰ্ত হ'ল-
(1)ভাৰত আৰু পাকিস্তানৰ মাজৰ যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে মীমাংসা কৰা।
(2)দুয়োখন দেশৰ ঐক্য,সাৰ্বভৌম আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা।
(6)নং প্ৰশ্ন:-দক্ষিণ এছিয়াৰ দুখন দেশৰ নাম উল্লেখ কৰা।
Ans:-
দক্ষিণ এছিয়াৰ দুখন দেশৰ নাম হ'ল-
(1)ভাৰত
(2)পাকিস্তান।
(7)নং প্ৰশ্ন:-ভাৰত আৰু পাকিস্তানে কেতিয়া স্বাধীনতা লাভ কৰিছিল?
Ans:-
ভাৰতে 1947 চনৰ 15 আগষ্ট আৰু পাকিস্তান 1947 চনৰ 14 আগষ্টত।
(8)নং প্ৰশ্ন:-দক্ষিণ এছিয়াৰ জন্মৰ পৰাই গণতান্ত্ৰিক হৈ থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।
Ans:-
দক্ষিণ এছিয়াৰ জন্মৰ পৰাই গণতান্ত্ৰিক হৈ থকা দুখন ৰাষ্ট্ৰৰ নাম হ'ল-
(1)ভাৰত আৰু
(2)শ্ৰীলংকা।
(9)নং প্ৰশ্ন:-SAARC-ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
Ans:-
দুখন সদস্য ৰাষ্ট্ৰৰ নাম হল-
(1)ভূটান
(2)নেপাল।
______৹৹৹______
(10)নং প্ৰশ্ন:-আঞ্চলিক সহযোগিতা সংগঠন হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতা উল্লেখ কৰা।(Marks-6)
Ans:-
Intr:-SAARC দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্ৰচেষ্টা।
SAARC ভূমিকা:-
(1)দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে।
(2)মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
(3)দক্ষিণ এছিয়াৰ দেশসমূহৰ সমস্যাসমূহ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিবলৈ সক্ষম হৈছে।
(4)SAARC- এ আঞ্চলিক নিৰাপত্তা আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
তৎসত্বতেও SAARC ৰ সীমাবদ্ধতা নথকা নহয়।ৰাজনৈতিক আকোঁৰ-গোজ মনোভাৱৰ বাবে SAARC এ বিশেষ কৃতকাৰ্যতা লাভ কৰিব পৰা নাই।
সামৰণি:-শেষত ক'ব পাৰি যে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সহযোগিতা কৰাত SAARC ৰ যথেষ্ট ভূমিকা আছে।
_________৹৹৹★৹৹৹________
Comments
Post a Comment