AHSEC Class 12 Political Science||Chapter-6 সাংবিধানিক ব্যৱস্থাৰ সংকট||The Crisis of Constitutional Order||Assamese Medium Notes.
(1)নং প্ৰশ্ন:-জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহন কৰা শিক্ষাৰ বিষয়ে বাখ্যা কৰা।
Ans:-
Intr:-1975 চনৰ 25 জুনৰ ৰাতি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল।জৰুৰীকালীন অৱস্থাৰ প্ৰভাৱক দুটা দিশৰ পৰা লক্ষ্য কৰিব পৰা যায়।
তলত জৰুৰী অৱস্থাৰ ভাৰতে গ্ৰহন কৰা শিক্ষাৰ বিষয়ে আলোচনা কৰা হল-
জৰুৰী অৱস্থাৰ সময়ছোৱাত সকলোবিলাক ক্ষমতা কেৱল কেন্দ্ৰৰ হাতত কেন্দ্ৰীভূত হৈছিল আৰু আন অনুষ্ঠানসমূহৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে লোপ পাইছিল অৰ্থাৎ অতি কম সময়ৰ ভিতৰতে গণতান্ত্ৰিক কামসমূহৰ সংকোচন ঘটে।এনে অভিজ্ঞতাৰ ভাৰতীয় গণতন্ত্ৰত জৰুৰী অৱস্থা বলবৎ কৰাটো যে শুদ্ধ গণতান্ত্ৰিক পৰম্পৰা নহয় এই কথা সকলোৱে বুজি উঠিছিল।
দ্বিতীয়তে, 1975 চনৰ জৰুৰী অৱস্থাৰ ঘোষণাৰ পাছত সাংসদ আৰু ৰাষ্ট্ৰপতিৰ ভূমিকা সম্পৰ্কে আলোচনা হয়।জৰুৰী শাসন অন্ত পৰাৰ পাছত গঠিত জনতা চৰকাৰৰ দিনত সেয়েহে সিদ্ধান্ত লোৱা হয় যে কেৱল সহস্ৰ বিদ্ৰোহৰ দ্বাৰা জাতীয় ঐক্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হলেহে দেশত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিব পৰা যাব আৰু কেন্দ্ৰীয় মন্ত্ৰীপৰিষদে জৰুৰী অৱস্থাৰ ঘোষণাৰ বাবে ৰাষ্ট্রপতিক লিখিতভাৱে পৰামৰ্শ দিব লাগিব।
তৃতীয়তে জৰুৰী অৱস্থাৰ ঘোষণাই নাগৰিকসকলক তেওঁলোকৰ স্বাধীনতাৰ প্ৰতি সচেতন কৰি তোলে।এই অভিজ্ঞতাৰ ফলত নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ উদ্দেশ্য বিভিন্ন নাগৰিক সংস্থা গঢ়ি উঠিছিল।
আনহাতে আন এটা দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে কিছুমান সমস্যাৰ সমাধানত প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাছিল।জৰুৰী অৱস্থাৰ ঘোষণাৰ প্ৰাকমুহূৰ্তত গণতান্ত্ৰিক চৰকাৰৰ সন্মুখত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্য্যসূচীয়ে প্ৰত্যহ্বানৰ সৃষ্টি কৰিছিল অৰ্থাৎ চৰকাৰ আৰু প্ৰতিবাদী দল সংগঠনসমূহে সম্পূৰ্ণ বিপৰীত স্থানত অৱস্থান কৰিছিল।
দ্বিতীয়তে জৰুৰী অৱস্থাৰ সময়ছোৱাত প্ৰশাসন আৰু আৰক্ষী বাহিনী ৰাজনৈতিক হেঁচাৰ বলি হব লগা হৈছিল।লক্ষণীয় কথা এইয়ে যে জৰুৰী অৱস্থাৰ পৰিৱৰ্তনৰকালতো এই সমস্যাৰ ওৰ পৰা নাই।
সামৰণি:-গতিকে কব পাৰি যে জৰিকালীন অৱস্থাৰ পৰা পোৱা শিক্ষাৰ প্ৰভাৱ দুটা দিশৰ পৰা লক্ষ্য কৰিব পৰা যায়।
_________ ৹৹৹৹৹ ________
(2)নং প্ৰশ্ন:-1977 চনৰ লোকসভা নিৰ্বাচনৰ যিকোনো তিনিটা প্ৰধান ফলাফল বাখ্যা কৰা।
Ans:-
Intr:-1977 চনৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফলে ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য পৰিৱৰ্তন সূচনা কৰে।এই ফলাফল ঘোষণাৰ সময়তহে জৰুৰী অৱস্থাৰ প্ৰকৃত প্ৰভাৱৰ বিষয়ে জনসাধাৰণ অৱগত হবলৈ ধৰে।
প্ৰধান ফলাফলসমুহ হল-
এই নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ আসনত মাত্ৰ 154 খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।অন্যহাতে, জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে 542খন আসনৰ 330 খন আসন লাভ কৰে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল যে জনতা পাৰ্টিয়ে অকলেই 295 খন আসনত জয় লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল।উত্তৰ ভাৰতত প্ৰায় সংখ্যক লোকেই কংগ্ৰেছ দলৰ বিৰুদ্ধে ভোটদান কৰিছিল।তাৰোপৰি বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু পঞ্জাৱৰ কোনো এটা সমষ্টিতে কংগ্ৰেছ দলে জয়লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
1977 চনৰ সময়ৰে পৰা ভাৰতীয় ৰাজনীতিত পিছপৰা সম্প্ৰদায়ৰ লোকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এই নিৰ্বাচনৰ এটা উল্লেখনীয় ঘটনা হল উত্তৰ ভাৰতৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ কংগ্ৰেছ দল ত্যাগ। লোকসভাৰ নিৰ্বাচনৰ ঠিক পাছতে বহুতো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমুহত কংগ্ৰেছ বিৰোধী দলসমূহে নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
বিহাৰত অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণৰ বিষয়টো লৈ বিতৰ্কৰ সৃষ্টি হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত জনতা চৰকাৰে বিন্দেশ্বৰী প্ৰসাদ মণ্ডলক সভাপতি হিচাপে লৈ "মণ্ডল আয়োগ" গঠন কৰিছিল।
সামৰণি:-গতিকে কব পাৰি যে 1977 চনৰ লোকসভা নিৰ্বাচনত জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।বিৰোধী দলৰ উত্থান ঘটিছিল।পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ গুৰুত্ব বাঢ়িছিল আৰু কংগ্ৰেছে অতি কম আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।
___________ ৹৹৹৹ ___________
(3)নং প্ৰশ্ন:-1977 চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰে।এই বিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা।
Ans:-
Intr:-1971 চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে বিপুল জয় সাব্যস্ত কৰে ।কিন্তু লাহে লাহে চৰকাৰৰ বিৰুদ্ধে দেশৰ চাৰিওফালে ব্যাপক অসন্তুষ্টি বৃদ্ধি পাবলৈ ধৰিছিল।1977 চনৰ নিৰ্বাচনত কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰে।
ইয়াৰ কাৰণসমূহ তলত আলোচনা কৰা হল-
(1)প্ৰথমতে ইন্দিৰা গান্ধী চৰকাৰৰ অন্যতম শ্লগান আছিল দেশত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।কিন্তু দেশৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ চৰকাৰ ক্ৰমে অক্ষম হৈ পৰিছিল।সেয়েহে 1977 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে আসন মাত্ৰ 154 খনহে লাভ কৰিবলৈ সক্ষম হৈছিল।
(2)দ্বিতীয়তে 1975 চনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল।ইয়াৰ পৰিণতিত জনসাধাৰণ কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি হৈছিল।
(3)দেশত দ্ৰব্যসামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছিল। তেলৰ মূল্য বহুগুণে বৃদ্ধি পাইছিল।
(4)সেই সময়ত ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা বেয়াৰ দিশে ঢাল খাইছিল।এনে পৰিস্থিতি অৱসান ঘটোৱাৰ উদ্দেশ্য চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিছিল।
(5)ঠায়ে ঠায়ে বিৰোধী দলসমূহ সক্ৰিয় হৈ উঠিছিল।প্ৰতিবাদী দল সংগঠনসমূহৰ লগত যোগ দিছিল।
(6)চাৰিওফালে দেশত অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল।"ইন্দিৰা হাটাও" শ্লগানেৰে মুখৰিত হৈছিল।
সামৰণি:-গতিকে কব পাৰি যে উপৰোক্ত কাৰণসমূহৰ বাবে জনসাধাৰণ কংগ্ৰেছ দলৰ প্ৰতি অসন্তুষ্টিৰ সৃষ্টি হৈছিল।1977 চনৰ নিৰ্বাচনত সেয়েহে বিৰোধী দলৰ বিকাশ ঘটিছিল।
________ ৹৹৹৹ _____
(5)নং প্ৰশ্ন:-ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাত ভাৰতত সংঘটিত হোৱা কাৰ্য্যপালিকা আৰু ন্যায়াপালিকাৰ মাজৰ সংঘাতৰ বিষয়ে চমুকৈ লিখা।
Ans:-
Intr:-ভাৰতীয় সংবিধানৰ অভিভাৱক হল ন্যায়িক ব্যৱস্থা,বিশেষকৈ উচ্চতম ন্যায়ালয়। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এনে বহুবোৰ দৃষ্টান্ত পোৱা যায় যত ন্যায়ালয় আৰু সংসদৰ মাজত মতবিৰোধ হৈছে।ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাতো এনে মত বিৰোধ ঘটিছিল।
প্ৰথম আছিল চৰকাৰে নিৰ্দেশাত্মক নীতি প্ৰয়োগৰ বাবে মৌলিক অধিকাৰৰ পৰিৱৰ্তন কৰিব অথবা সালসলনি ঘটাব পাৰে নে?এই প্ৰশ্নক কেন্দ্ৰ কৰি চৰকাৰ আৰু ন্যায়ালয়ৰ মাজত মতবিৰোধ গঢ়ি উঠিছিল।উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে সংসদে ৰাজ্যৰ নিৰ্দেশাত্মক নীতি বলবৎ কৰিবৰ বাবে মৌলিক অধিকাৰ সংশোধন ঘটাব নোৱাৰে।এই বিৰোধ বা সংঘাতৰ অন্ত পেলোৱা হৈছিল কেশৱানন্দ ভাৰতী গোচৰৰ জৰিয়তে।
1973 চনত কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পাছতেই দুটা গুৰুত্বপূৰ্ণ সংঘাত গঢ়ি উঠিছিল।প্ৰথমটো আছিল উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশক একাষৰীয়া কৰি ন্যায়াধীশ এ.এন.ৰায়ক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দিয়া নিযুক্তি।অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশগৰাকীক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া যি পৰম্পৰা তাৰ বিৰুদ্ধে গল।ই এক বিতৰ্কিত ৰাজনৈতিক সিদ্ধান্ত আছিল।
1975 চনৰ চৰকাৰ আৰু ন্যায়ালয়ৰ মাজৰ দণ্ড তুংগত উঠিছিল।এই বিৰোধৰ কাৰণ আছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে এক বিতৰ্কিত ৰায়ৰ জৰিয়তে1971 চনত ইন্দিৰা গান্ধী জয়ী হোৱা নিৰ্বাচনক অবৈধ বুলি কৰা ঘোষণা।এই ঘোষণাৰ পাছতেই ভাৰতীয় গণতন্ত্ৰ এক গভীৰ সংকটত সোমাই পৰিছিল।
জৰুৰীকালীন অৱস্থা চলি থকা সময়ত কেইবাখনো উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে জৰুৰী অৱস্থা বাহাল থকা সময়ত কোনো ব্যক্তিয়ে গ্ৰেপ্তাৰৰ কাৰণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হলে ন্যায়ালয়ে তেওঁক বন্দী প্ৰত্যক্ষীকৰণৰ অধীনত ন্যায় প্ৰদান কৰিব পাৰে।কিন্তু চৰকাৰে যুক্তি দৰ্শাইছিল যে জৰুৰী অৱস্থাৰ সময়ত এনে অভিযোগ মূল্যহীন হৈ পৰে আৰু এই ক্ষেত্ৰত ন্যায়ালয় সম্পূৰ্ণ কৰ্তৃত্বহীন।অৱেশ্য 1976 চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠে চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰে যদিও এই ৰায়ক কেন্দ্ৰ কৰি পৰিৱৰ্তিকালত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে।
সামৰণি:-এনেদৰে এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ চৰকাৰ আৰু ন্যায়ালয়ৰ মাজত সংঘাত দেখা যায়।
_______ ৹৹৹৹◆৹৹৹৹ _____
(6)নংপ্ৰশ্ন:-গুজৰাটৰ "নৱ নিৰ্মাণ "আন্দোলনৰ ওপৰত এটা টোকা লিখা।
Ans:-
Intr:-ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়ত মূল্যবৃদ্ধি, দ্ৰব্যসামগ্ৰীৰ অনাটন,দুৰ্নীতি আদি সমস্যাৰ বিৰুদ্ধে দেশৰ কেইবাখনটো বিশেষকৈ ছাত্ৰ সমাজৰ মাজত প্ৰতিবাদ গঢ়ি উঠিছিল।এনে প্ৰতিবাদৰ ভিতৰত গুজৰাটৰ আন্দোলন বিশেষভাৱে উল্লেখনীয়।
দ্ৰব্যসামগ্ৰীৰ অনাটন তথা মূল্যবৃদ্ধি,দুৰ্নীতি আদি সমস্যাৰ বিৰুদ্ধে 1974 চনৰ জানুৱাৰী মাহত গুজৰাটৰ ছাত্ৰ সমাজৰ মাজত এক আন্দোলন গঢ়ি উঠে আৰু ইয়াৰ প্ৰতি বিৰোধী দলসমূহে সহায়-সমৰ্থন আগবঢ়ায়।এই আন্দোলনক নৱনিৰ্মান আন্দোলন বা সামাজিক পুণৰ নিৰ্মাণ আন্দোলন বুলি জনা যায়।এই আন্দোলন আঢ়ৈ মাহ ধৰি চলিছিল।কংগ্ৰেছৰ দলৰ প্ৰধান বিৰোধী দলসমূহে ৰাজ্যিক বিধানসভাৰ নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনায়।আনকি মোৰাৰজী দেশায়ো নতুন নিৰ্বাচন নোহোৱা পৰ্যন্ত আমাৰণ অনশনৰ ভাবুকি দিয়ে। গুজৰাটৰ সেই সময়ৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই আন্দোলনকাৰীয়ে ঠায়ে ঠায়ে বন্ধ, হৰতাল আদিৰ ঘোষণা কৰে।চৰকাৰে উপায়ন্তৰ হৈ 1975 চনৰ জুন মাহত নতুনকৈ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়।এই নিৰ্বাচনত কংগ্ৰেছ দল ক্ষমতাচ্যুত হয় আৰু গুজৰাটত মৰ্চা চৰকাৰ গঠন হয়।
সামৰণি:-এইদৰে গুজৰাটত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল।
_______ ৹৹৹৹◆৹৹৹ _______
(7)নং প্ৰশ্ন:-জৰুৰীকালীন অৱস্থাৰ সৈতে বিতৰ্ক সমূহ আলোচনা কৰা? তুমি জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো প্ৰয়োজনীয় আছিল বুলি ভাবানে ?
Ans:-
Intr:-1975 চনৰ জাতীয় জৰুৰী অৱস্থাক ভাৰতীয় ৰাজনীতিৰ এক বিতৰ্কিত অধ্যায় হিচাপে আখ্যা দিয়া হয়।
জৰুৰী অৱস্থাৰ ঘোষণাৰ দুই ধৰণে বিতৰ্ক হৈছিল।একচামে সমৰ্থন কৰিছিল।আনহাতে একচামে বিৰোধিতা কৰিছিল।
ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে যুক্তি আগবঢ়াইছিল যে এখন গণতান্ত্ৰিক চৰকাৰত বিৰোধী দলসমূহে শাসনাধিষ্ঠ দলক চৰকাৰী কাম -কাজ পৰিচালনা কৰাত সম্পূৰ্ণ সহায় সমৰ্থন আগবঢ়োৱা উচিত আৰু চৰকাৰৰ নীতি অনুসৰি কাম কাজ কৰাৰ সন্মতি প্ৰদান কৰিব লাগে।প্ৰশাসনৰ ক্ষেত্ৰত জটিলতাৰ বাবেই জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছিল।
আনহাতে যিসকলে জৰুৰী অৱস্থাৰ ঘোষণাৰ সমালোচনা কৰিছিল, তেওঁলোকৰ মতে ভাৰতীয় ৰাজনীতিত সংগ্ৰামৰ এক দীঘলীয়া ইতিহাস আছে।আন্দোলন চলি থকা সময়ত যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসকলৰ বেছিভাগেই প্ৰকৃততে কোনো গোচৰত অভিযুক্ত নাছিল।চৰকাৰে সকলোবোৰ আওকাণ কৰি জৰুৰী অৱস্থাৰ দৰে কঠোৰ পদ্ধতি গ্ৰহণ কৰি সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সংকটৰ সৃষ্টি কৰে।
ইয়াৰ উপৰিও জৰুৰীকালীন অৱস্থাৰ সময়ত চৰকাৰী পদৱীত নথকা লোকৰদ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ বিষয়েও বিৰ্তক পৰিলক্ষিত হয়।
গতিকে জৰুৰী অৱস্থাৰ ঘোষণাৰ প্রয়োজন আছিল নে বুলি কোৱা প্ৰশ্নটোৰ উত্তৰ দিয়াটো এটা জটিল বুলিব পাৰি।এইক্ষেত্ৰত সম্পূৰ্ণ যুক্তি নাই বুলিও ক'ব নোৱাৰি আৰু যুক্তি আছে বুলিও ক'ব নোৱাৰি।
সামৰণি:-শেষত কব পাৰি যে জৰুৰী অৱস্থা ঘোষণাই ৰাজনৈতিক দিশত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটালে।
________৹৹৹★৹৹৹_______
Comments
Post a Comment