AHSEC Class 12||Chapter-1হৰপ্পা সভ্যতা||প্ৰত্নতত্ব,প্ৰাচীন ভাৰতবৰ্ষৰ স্থাপত্য,ভাস্কৰ্য আৰু অসম||Harappa Civilisation||Archeology,Ancient India & Assam through the Ages.(Assamese Medium Notes)

   অতি গুৰুত্বপূৰ্ণ প্রশ্ন:

(1)নং প্ৰশ্ন:- হৰপ্পা সভ্যতাৰ নলা-নৰ্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি তুমি ভাবানে ? যুক্তি দৰ্শোৱা।

Ans:- 

       Intr:-হৰপ্পা খনন কাৰ্য্যতউদ্ধাৰ হোৱা নলা-নৰ্দমাৰ পৰাই কব পাৰি যে এই সভ্যতাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে।

       হৰপ্পাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল জল নিষ্কাশন ব্যৱস্থা বা নলা নিৰ্মাণ প্ৰণালী।বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিলৰ নাইবা ইটাৰ ঢাকনি দি ৰখাৰ প্ৰমাণ পোৱা গৈছে।তেনে নলা পৰিস্কাৰ কৰি ৰাখিবলৈ ঢাকনীৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছিল।

        নগৰসমূহৰ ঘৰৰ লেতেৰা পানীবোৰ নলাত পেলাব পৰাকৈ প্ৰত্যেক ঘৰৰ যিকোনো এখন দেৱাল ৰাস্তাৰ কাষত আছিল।

         কিছু বিশেষ ক্ষেত্ৰত ঢাকনী হিচাপে চূণশিল ব্যৱহাৰ কৰা হৈছিল।ঘৰৰ নলাসমূহৰ পানীৰ লগত যিকোনো আৱৰ্জনা যায় সেইবোৰ বন্ধ কৰাৰ কাৰণে নলাৰ কিছুমান ঠাইত গাঁত খান্দি ৰখা হৈছিল আৰু তাৰপৰাহে লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পৰিছিলগৈ।

           বৰ দীঘল নলাবোৰ নিৰ্দিষ্ট দূৰে দূৰে চাফা কৰাৰ ব্যৱস্থাও আছিল।এইটো পুৰাতত্ত্ববিদসকলৰ কাৰণে এক অবুজ সাঁথৰ আছিল যে নলাসমূহৰ কাষে কাষে ইফালে সিফালে জাৱৰৰ দম,বিশেষকৈ বালিৰ দম দেখা যায়।সম্ভৱত নলাসমূহ চাফা কৰাৰ পিছত সেইবোৰ তাৰপৰা আঁতৰ কৰা হোৱা নাছিল।

    সামৰণি:-গতিকে কব পাৰি যে হৰপ্পা সভ্যতাত আৱিষ্কাৰ হোৱা নলাসমূহৰ প্ৰণালী বৰ্তমানৰ নগৰসমূহত থকাৰ দৰে যথেষ্ঠ মিল আছে।ইয়াৰ পৰাই কব পাৰি যে হৰপ্পা সভ্যতাৰ নলা-নৰ্দমাৰ ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে। 

              __________ ৹৹৹৹ ________

(2)নং প্ৰশ্ন:-হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ কি কি আছিল আৰু এইবোৰ ক'ৰপৰা সংগ্ৰহ কৰা হৈছিল?/হৰপ্পাৰ লোকসকলে হস্তনিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ কেঁচামাল কিদৰে সংগ্ৰহ কৰিছিল?

Ans:-

      Intr:-মহেঞ্জোদাৰোতকৈ আয়তনত সৰু চাহুনদাৰো শিল্প উদ্যোগৰ কাৰণে বিখ্যাত আছিল।এই সভ্যতাৰ মানুহে টিনৰ আৰু তামৰ মিশ্ৰণেৰে ব্ৰঞ্জৰ ধাতু প্ৰস্তুত কৰিবলৈ জানিছিল।

               হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহৰ ভিতৰত মাটি, পাথৰ, ধাতু, শংখ আদিয়ে প্ৰধান।

              মাটি স্থানীয়ভাৱেই পোৱা গৈছিল যদিও কাঠকে ধৰি আন উপাদানসমূহ সাৰুৱা অঞ্চলৰ বাহিৰৰ পৰা আনিছিল।

            নাগেশ্বৰ আৰু বালিকোটত বসতি স্থাপন কৰি শংখ সংগ্ৰহ কৰিছিল।দক্ষিণ ভাৰতৰ ৰাজস্থান আৰু আফগানিস্তানৰপৰা তাম আমদানি কৰি তামৰ প্ৰয়োজন পূৰাইছিল।শ্বেত পাথৰ আৰু আন ধাতুও আমদানি কৰিছিল।

         সিন্ধু সভ্যতাবাসীয়ে নদীৰ বালিৰপৰা সোন সংগ্ৰহ কৰিছিল।

        ৰাজপুতনা, দক্ষিণ ভাৰত আদিৰপৰা সীহ আমদানি কৰিছিল।এইদৰে বিদেশৰ পৰা মূল্যৱান পাথৰো আমদানি কৰাৰ ব্যৱস্থা আছিল।

       সামৰণি:-গতিকে কব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে উপাদান কৰা বিভিন্ন শিল্পজাত সামগ্ৰীৰ কাৰণে আৱশ্যক হোৱা কেঁচামালসমূহ বিভিন্ন উপায়েৰে সংগ্ৰহ কৰিছিল।

                 _________৹৹৹৹________

(3)নং প্ৰশ্ন:-হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা।

Ans:-

      Intr:-হৰপ্পা সভ্যতা ধ্বংস হোৱাৰ কাৰণ সম্পৰ্কত ঐতিহাসিকসকলে বিভিন্ন মতামত দাঙি ধৰিছে।খৃ:পূ: 2000 পিছত হৰপ্পা সভ্যতাৰ বিলুপ্তি খৰকতীয়া হৈ পৰে।তেতিয়াই মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰীৰ অস্তিত্ব লোপ পাইছিল।

          তলত কাৰণসমূহ আলোচনা কৰা হল-

          (1)হৰপ্পা সভ্যতাৰ দলে দলে মানুহ পূৰ্বৰ বসতি স্থান এৰি অন্য ঠাইলৈ আঁতৰি গৈছিল। খৃ:পূ: 1800 ত চোলিস্তানৰ দৰে পূৰ্ণ বিকশিত হৰপ্পাৰ স্থানসমূহ পৰিত্যক্ত হৈ পৰিছিল।চীল,মোহৰ,দগা, মণি অভিলেখা দূৰণিবটীয়া ব্যৱসায় আৰু শিল্প উদ্যোগসমূহৰ অৱসান ঘটিছিল। মেচোপটেমিয়া আৰু সিন্ধু সভ্যতাৰ লগত থকা বৈদেশিক বাণিজ্য লোপ পোৱাত হৰপ্পা সভ্যতাৰ পতন ঘটিছিল।

          (2)ঘৰৰ কৌশল ক্ৰমাৎ নিম্নগ্ৰামী হৈছিল।বৃহৎ ৰাজহুৱা ভৱনসমূহৰ নিৰ্মাণ বন্ধ হৈ পৰিছিল।এই সকলোবোৰে তেওঁলোকৰ সাংস্কৃতিক গ্ৰামীণ জীৱন শৈলীৰ পিনে ধাৱমান কৰি তুলিছিল।

         (3)কিছুসংখ্যক পণ্ডিতৰ মতে হৰপ্পা সভ্যতাৰ ধ্বংস হোৱাৰ অন্যতম কাৰণ হল ভূ-প্ৰাকৃতিক পৰিৱৰ্তন।ভূমিৰ উৰ্বৰতা ক্ৰমাৎ কমি আহিছিল যাৰ ফলত বহু ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল। অৱশ্যে হৰপ্পা সভ্যতাৰ ধ্বংসৰ ই একমাত্ৰ কাৰণ নহয়।

        (4)কোনো কোনো পণ্ডিতে বানপানী, ভূমিকম্প বা মহামাৰীয়েই সিন্ধু সভ্যতাৰ ধ্বংসৰ অন্যতম কাৰণ বুলি কব খোজে।বিশৃংখলভাৱে পৰি থকা নৰকংকালসমূহৰ পৰা অনুমান কৰিব পাৰি যে হঠাতে উদ্ভৱ হোৱা কোনো দুৰ্যোগৰ ফলতেই হয়তো এই সভ্যতাৰ চূড়ান্ত পতন ঘটিছিল।

        (5)হৰপ্পাবাসীয়ে ইয়াৰ পৰিৱেশৰো বিৰাট ক্ষতিসাধন কৰিছিল।গছ-গছনি কাটি, জীৱ-জন্তু বধ কৰি অঞ্চলটোৰ জৈৱ বৈচিত্ৰৰ ভাৰসাম্য নষ্ট কৰাৰ ফলত সভ্যতা বিদাপন্ন হৈ পৰিছিল।খাদ্য বস্তুৰ নাটনি, মাৰি মৰক আদিৰ কাৰণটো জনশূন্য অৱস্থা হব পাৰে।

       (6)প্ৰত্নতাত্ত্বিক সমলৰ ভেঁটিতে কব খোজা হয় যে বহি:আক্ৰমণত  সিন্ধু সভ্যতাৰ ধ্বংস হৈছিল।এই আক্ৰমনকাৰীসকল কোন আছিল এই প্ৰশ্নক লৈও বিতৰ্ক নোহোৱাকৈ থকা নাই।

      সামৰণি:-সৰ্বশেষত কব পাৰি যে শক্তিশালী একত্ৰিকৰণ শক্তিৰ কাৰণতেই সিন্ধু সভ্যতাৰ ধ্বংস হৈছিল।আন ঠাইত এনে এটা সভ্যতা বিকাশ হবলৈ ভাৰত উপ-মহাদেশে কেইবাহাজাৰো অধিক বছৰ অপেক্ষা কৰিব লাগিব।

            ____________৹৹৹৹ __________

(4)নং প্ৰশ্ন:-হৰপ্পা সভ্যতাৰ নগৰ কেন্দ্ৰসমূহৰ আঁচনিৰ এটি বিৱৰণ দিয়া।

Ans:-

       Intr:-হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্য হল নগৰ পৰিকল্পনা,হৰপ্পাৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা নগৰসমূহৰ অন্যতম প্ৰধান নগৰ হল মহেঞ্জোদাৰো।

            সেই সময়ত উদ্ধাৰ হোৱা নগৰসমূহৰ আৱাসিক অঞ্চলসমূহ দুটা ভাগত ভাগ কৰা হৈছিল।

         (1)সৰু অথচ ওখ অঞ্চলত নিৰ্মাণ কৰা,

          (2)ডাঙৰ অথচ নিম্ন অঞ্চলত নিৰ্মাণ কৰা।

পুৰাতত্ত্ববিদশকলে এই আৱাসিক অঞ্চলসমূহত ক্ৰমে দুৰ্গ আৰু নিম্ন নগৰ বুলি নামকৰণ কৰিছে।মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰৰ ঘৰবোৰ পোৰা আৰু ৰ'দত শুকোৱা এই দুইবিধ ইটাৰে নিৰ্মাণ কৰা হৈছিল।ঘৰ সজা কামত কাঠ ব্যৱহাৰ কৰাৰো প্ৰমাণ পোৱা গৈছে।ঘৰবোৰ যথেষ্ঠ আবোৰ আছিল।

         প্ৰত্যেকটো থকা ঘৰৰ লগত একোটাকৈ পকী নাদ, ৰান্ধনী ঘৰ আৰু স্নানগাৰ আৰু স্নানগাৰৰ পৰা আহিবলৈ পানী ওলাই যাব পৰা নলা আছিল।

        হৰপ্পা সভ্যতাত দুৰ্গ নিৰ্মাণ কৰা হৈছিল।দুৰ্গৰ ভিতৰত গুদাম ঘৰ বা ভঁৰাল নিৰ্মাণ কৰা হৈছিল।ইয়াৰ ভিতৰত হৰপ্পাৰ বৃহৎ ৰাজহুৱা ভঁৰালটোৰ কথা উল্লেখ কৰিব পাৰি।

       হৰপ্পা সভ্যতাৰ নগৰকেন্দ্ৰিক আঁচনিসমূহৰ ভিতৰত নলা নিৰ্মাণ প্ৰণালীটো উল্লেখযোগ্য।বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিলৰ নাইবা ইটাৰ ঢাকনী দি ৰখাৰ প্ৰমাণ পোৱা গৈছে।

       হৰপ্পা সভ্যতাবাসীয়ে "বিলাসিতা"জীৱনো উল্লেখযোগ্য।নিত্য ব্যৱহার্য সামগ্ৰীসমূহ শিল বা মাটিৰে নিৰ্মাণ কৰা হৈছিল।সোন,ৰূপসমূহ আজিৰ দৰে তেতিয়াও মূল্যৱান আছিল।

       ব্যৱসায়-বাণিজ্যৰ বাবে মোহৰ, চীল, লিপি আদি ব্যৱহাৰ কৰিছিল।কাৰু শিল্পীসকলে সোণৰ, ৰূপৰ, শংখৰ সামগ্ৰী, ধাতু, দগা আদি নিৰ্মাণ কৰিছিল।

      সামৰণি:-গতিকে কব পাৰি যে হৰপ্পা সভ্যতাৰ লগত নগৰ পৰিকল্পনা বৰ্তমানৰ নগৰৰ লগত ভালেমান সাদৃশ্য দেখা যায়।আন ঠাইত এনে এটা সভ্যতা বিকাশ হবলৈ ভাৰত উপ-মহাদেশ কেইবাহাজাৰো অধিক বছৰ অপেক্ষা কৰিব লাগিব।

              ____________ ৹৹৹৹৹৹ _________




Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-