AHSEC Class 12||History||A brief history of Adam||অসমৰ সংক্ষিপ্ত ইতিহাস||প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে(Assamese Medium Notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
ৰচনাধৰ্মী প্ৰশ্ন:
(1)নং প্ৰশ্ন:-19 শতিকাত অসমত হোৱা কৃষকবিদ্ৰোহৰ কাৰণ কি?কৃষক বিদ্ৰোহত "ৰাইজ -মেল"বিলাকৰ ভূমিকা নিৰ্ণয় কৰা।
Ans:-
Intr:-আৰম্ভণিৰ পৰাই বিদেশী ইংৰাজ শাসনৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ ভিতৰত অন্যতম হল 19 শতিকাত হোৱা কৃষক আন্দোলন।
1858 চনৰ বিদ্ৰোহৰ কাৰণে প্ৰশাসনীয় খেলি-মেলিও জগৰীয়া বুলি বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ সম্ৰাজ্ঞৰ শাসনলৈ নিছিল।বিদ্ৰোহত হোৱা ক্ষতি পূৰাবলৈ আৰু ক্ষমতা হস্তান্তৰ ফলত পোৱা কোম্পানীৰ সম্পত্তি কিনিবলৈ ধন ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলৰপৰাই সংগ্ৰহ কৰিবলৈ ধৰিছিল। নতুন চৰকাৰৰ কৰ বৃদ্ধিৰ হাৰ 100% হৈছিলগৈ ।আনকি চৰণীয়া পথাৰত গৰু ম'হ চৰুৱাৰ বাবদটো কৰ দিব লগা হৈছিল।
কৃষকৰপৰা কৰ-কাটল সংগ্ৰহ কৰিলেও কৃষিৰ উন্নতিকল্পে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।আনকি প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, দুৰ্ভিক্ষ সময়তো চৰকাৰৰ পৰা সকাহ নোপোৱাত ৰাইজ বিতুষ্ট হৈছিল আৰু ফলত 19 শতিকাত অসমত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।
কৃষক বিদ্ৰোহৰ নেতৃত্ব লৈছিল ৰাইজ-মেল বিলাকে।ৰাইজ -মেলবিলাক গাওঁবুঢ়া, দলৈ,গোহাঁই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল।সকলো ৰাইজ একগোট হৈ সমূহীয়া সিদ্ধান্ত লৈছিল।বিদ্ৰোহ কাৰ্য্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্ৰিক প্ৰশিক্ষণ লৈছিল।
সামৰণি:-শেষত ক'ব পাৰি যে কৃষক বিদ্ৰোহৰ ফলত কিছু পৰিমাণে হলেও চৰকাৰে খাজনাৰ পৰিমাণ হ্রাস কৰিবলৈ বাধ্য হৈছিল।এইক্ষেত্ৰত ৰাইজ মেলৰ ভূমিকাও যথেষ্ট আছিল।
______ ৹৹৹৹ _____
(2)নং প্ৰশ্ন:-ফুলগুৰি ধেৱা কি?এই বিদ্ৰোহ কিয় হৈছিল আৰু ইয়াৰ পৰিণতি কি আছিল?
Ans:-
Intr:-বিদেশী ইংৰাজ শাসনৰ বিৰুদ্ধে হোৱা ফুলগুৰি ধেৱা বিদ্ৰোহ অসম বুৰঞ্জীত আজিও জিলিকি আছে।ফুলগুৰি ধেৱা বিদ্ৰোহ একপ্ৰকাৰৰ কৃষক বিদ্ৰোহ আছিল।
ফুলগুৰি ধেৱা আছিল বৃটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমত হোৱা এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ।বৃটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিব লোৱাত আফু খেতি কৰি প্ৰবৰ্তোৱা কৃষকসকল বিক্ষোদ্ধ হৈছিল। আফু খেতি কৰা চৰ-চাপৰি আৰু পথাৰত চৰকাৰে খাজনা 30% বৃদ্ধি কৰিছিল।ইয়াৰ ফলত আফু খেতি কৰা নগাঁওৰ কৃষকেই অধিক ভুগিব লগা হৈছিল।এইবিলাক প্ৰতিবাদ কৰিবলৈ নগাঁওৰ পৰা 12 কি:মি: আঁতৰৰ ফুলগুৰিত 1861ৰ 17 ছেপ্টেম্বৰত ৰাইজ মেল অনুষ্ঠিত হৈছিল।এই বিদ্ৰোহকে ফুলগুৰি ধেৱা বুলি জনা যায়।
এই বিদ্ৰোহ কৃষকসকলে ইংৰাজসকলৰ খাজনা বৃদ্ধি কৰাৰ বাবে হৈছিল।
ফুলগুৰি ধেৱা বিদ্ৰোহৰ পৰিণতি অতি ভয়াৱহ আছিল।
(1)ৰাইফলেৰে সু-সজ্জিত সেনাৰ লগত ধনু কাড়েৰে যুঁজি বহুজন হতাহত হয়। 39 জনে বৃটিছ সৈনিকৰ গুলিত প্ৰাণ হেৰুৱায়।
(2)বিদেশী চৰকাৰখনে ফুলগুৰি আৰু ওচৰৰ গঞা ৰাইজৰ ওপৰত সন্ত্ৰাস চলাইছিল।
(3)হাজাৰজনক আনি ফুলগুৰি আৰু ৰহাত নিৰ্মাণ কৰা অস্থায়ী কাৰাগাৰত মুকলি আকাশৰ তলত ৰ'দে-বৰষুণে,ভোকে-লঘোণে কেইবামাহো ধৰি আটক কৰি ৰাখিছিল।
(4)লক্ষণ সিং ডেকা,সংবৰ লালুং,ৰংবৰ ডেকাক নগাঁও জেলত ফাঁচী দিছিল।
সামৰণি:-ফুলগুৰি ধেৱা কৃষক বিদ্ৰোহ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক গৌৰৱজ্জল অধ্যায়।
______ ৹৹৹ ______
Comments
Post a Comment