AHSEC Class12 History||বন্ধুত্ব, জাতি আৰু শ্ৰেণীত||প্ৰাৰম্ভিক সমাজ খৃ: পূ: 600-600 খৃ: লৈ||Kingship,Caste And Class,Early Societies||C-600 BCE-600CE||(Assamese Medium Notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
(1)নং প্ৰশ্ন:-মহাভাৰতৰ কাহিনীভাগ ইতিহাবিদসকলে কিদৰে বিভক্ত কৰিছিল?
Ans:-
Intr:-সাধাৰণতে ইতিহাসবিদসকলে এখন গ্ৰন্থ বিশ্লেষণ কৰোতে কিছুমান উপাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এনে ক্ষেত্ৰত মহাভাৰতৰ দৰে এখন বিশাল আৰু জটিল গ্ৰন্থৰ ক্ষেত্ৰত সকলোবোৰ তথ্য আহৰণ কৰা সম্ভৱ নহয়।
ইতিহাসবিদসকলে গ্ৰন্থখনৰ কাহিনীভাগ দুটা ভাগত ভাগ কৰিছে -বৰ্ণনাত্মক আৰু উপদেশাত্মক। প্ৰথমভাগত গ্ৰন্থখনৰ কাহিনীভাগ আৰু দ্বিতীয় ভাগত সমাজৰ ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ আৰু ইয়াৰ মানদণ্ড বৰ্ণনা কৰিছে।
সৰহসংখ্যক ইতিহাসবিদ একমত যে মহাভাৰত বাস্তৱিকতে এক নাটকীয় আখ্যান আছিল।পিছতহে সমাজৰ কল্যাণৰ কথা চিন্তা কৰি তথা নীতি স্পষ্ট কৰিবৰ কাৰণে উপদেশাত্মক অংশসমূহ জড়িত কৰা হৈছিল।
ইতিহাসবিদসকলৰ ধাৰণা যে আত্মীয়স্বজনৰ মাজত হোৱা যুদ্ধৰ স্মৃতি আছিল মহাভাৰতৰ মুখ্য কাহিনী।
আনহাতে এচাম বুৰঞ্জীবিদে আঙুলিয়াই দিছে যে যুদ্ধৰ কথাটো দৃঢ়তাৰে প্ৰমাণ কৰিবৰ কাৰণে আন কোনো তথ্য নাই।
সামৰণি:-মহাভাৰতক ইতিহাসবিদসকলে প্ৰাৰম্ভিক সংস্কৃত পৰম্পৰাৰ এখন "ইতিহাস"বুলি কৈছে।ইতিহাসবিদসকলৰ বাবেও বিশাল গ্ৰন্থখনৰ সম্পূৰ্ণ তথ্য আহৰণ কৰাটো অত্যন্ত জটিল আৰু সম্ভৱৰ নহয়।
_______________ ৹৹৹৹৹ __________
(2)নং প্ৰশ্ন:-গান্ধাৰী কোন আছিল?তেওঁ দুৰ্যোধনক কি উপদেশ দিছিল?
Ans:-
গান্ধাৰী পাণ্ডৱৰ মাতৃ আছিল।
কৌৰৱ পাণ্ডৱৰ যুদ্ধ আৱশ্যম্ভাৱী হৈ পৰিছিল তেতিয়া গান্ধাৰীয়ে দুৰ্যোধনক শেষবাৰৰ কাৰণে যুদ্ধ নকৰিবৰ বাবে উপদেশ দিছিল।
(3)নং প্ৰশ্ন:-গোত্ৰ কি?গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি কি?
Ans:-
গোত্ৰ জন্মসূত্রে লাভ কৰে।প্ৰতিটো গোত্ৰ এজন ঋষিৰ নামেৰে ৰখা হৈছিল।
দুটা উল্লেখযোগ্য বিধান হল
(1)কন্যাৰ বিবাহৰ পিছত পিতৃ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰা।
(2)সমগোত্ৰীয় লোকৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন নকৰা।
_____________৹৹৹৹ _________
Comments
Post a Comment