AHSEC Class12 History||চিন্তাবিদসকল,বিশ্বাস আৰু স্থাপত্য-সাংস্কৃতিক বিকাশ খৃ:পূ:(600-খৃ:600)||Thinkers ,Belief and Building.Cultural Developments 600 BCE-600 CE||(Assamese Medium Notes)
অতি গুৰুত্বপূৰ্ণ প্রশ্ন:
(1)নং প্ৰশ্ন:-জৈন ধৰ্মৰ মূল নীতিসমূহৰ বিষয়ে কি জানা লিখা।
Ans:-
Intr:-খৃ:পূ:ষষ্ঠ শতিকাত বৰ্দ্ধমান মহাবীৰৰ জন্মৰ আগতেই জৈনসকলৰ মূল ধৰ্ম উত্তৰ ভাৰতত প্ৰচলিত আছিল।বৰ্দ্ধমান মহাবীৰক জৈন ধৰ্মৰ প্ৰবৰ্তক বুলি কোৱা হয় যদিও জৈন ধৰ্মৰ প্ৰকৃত প্ৰবৰ্তক জন আছিল ঋষভ।
জৈন ধৰ্মৰ মূল নীতিসমূহ তলত উল্লেখ কৰা হল-
( 1)জৈন ধৰ্মৰ আটাইতকৈ উল্লেখযোগ্য দৰ্শন হল যে গোটেই পৃথিৱীখনেই সজীৱ,আনকি পাথৰ, শিল আৰু প্ৰানীৰো প্ৰাণ আছে।
(2)জীৱিত বস্তু বিশেষকৈ মানুহ, জন্তু, গছ-গছনি আৰু কীট-পতংগৰো অপকাৰ নকৰাটো জৈন ধৰ্মৰ মূল মন্ত্ৰ।
( 3)জৈন ধৰ্মই অহিংসা নীতিৰ ওপৰত গুৰুত্ব দিছিল।
( 4) জৈন ধৰ্মৰ মতে মানুহে কৰ্মৰ যোগেদি জন্ম আৰু পোন:জন্ম এই বৃত্তৰ মাজত ঘূৰি থাকে।
(5)কৰ্মফলৰ অপবিত্ৰতাৰ পৰা মুক্ত হোৱাটোৱেই জৈন ধৰ্মৰ মূল কথা আছিল।
( 6)অহিংসা, সত্য কথা কোৱা,চুৰি নকৰা,ব্ৰহ্মচৰ্য পালন কৰা, সম্পত্তি আহৰণৰ পৰা বিৰত থকাই জৈন ধৰ্মৰ মূল নীতি আছিল।
সামৰণি:-ইয়াৰ দ্বাৰা কব পাৰি যে জৈন ধৰ্মৰ মূল মন্ত্ৰৰ মতে সকলো বস্তুৰে প্ৰাণ আছে।
_______ ৹৹৹ ________
(2)নং প্ৰশ্ন:-স্তূপসমূহ কিয় আৰু কেনেদৰে নিৰ্মাণ কৰা হৈছিল বৰ্ণনা কৰা।
Ans:-
Intr:-প্ৰাচীন কালৰে পৰা মানুহে কিছুমান ঠাই পবিত্ৰ বুলি গণ্য কৰিছিল।এইবোৰৰ ভিতৰত স্তূপসমূহ অন্যতম আছিল।
স্তূপসমূহ বুদ্ধদেৱৰ অৱশিষ্টৰ সৈতে জড়িত আছিল। যেনে -তেওঁৰ চিতাভস্ম, অস্থি বা তেওঁৰ দ্বাৰা ব্যৱহাৰ কৰা বস্তু তাত পুতি থোৱা হৈছিল।এইবোৰ ঢাপ মাৰি দিয়া হৈছিল আৰু স্তূপ নামে জনা গৈছিল।
স্তূপবোৰ প্ৰথমতে সাধাৰণ মাটিৰ অৰ্দ্ধ গোলাকৃতিৰ ঢিপ দৰে আছিল।লাহে লাহে বৰ্গাকৃতি আৰু সন্তুলিত গোলাকৃতি ৰূপত প্ৰকাশ পালে।
অন্দাৰ ওপৰত হাৰমিক আছিল।ই বেলকণিৰ দৰে আছিল আৰু দেৱতাৰ আৱাস গৃহক প্ৰতিনিধিত্ব কৰিছে।
ঢিপটোৰ চা ৰিওফালে এখন বেৰা/ৰেলিং দিয়া আছিল; যি পবিত্ৰ স্থান টুকুৰাক সাধাৰণ ঠাইৰ পৰা পৃথক কৰিছিল।
সামৰণি:- এনেদৰেই স্তূপসমূহ তৈয়াৰ কৰা হৈছিল।আমৰাৱতী আৰু সাঁচীৰ স্তূপ আজিও বিখ্যাত।
_______ ৹৹৹৹ _____
(3)নং প্ৰশ্ন:-গৌতম বুদ্ধৰ মতে অস্তমাৰ্গ যি প্ৰত্যেক বৌদ্ধধৰ্মী লোকে অনুসৰণ কৰিব লাগে।চমুকৈ লিখা।
Ans:-
গৌতম বুদ্ধই যি অষ্টমাৰ্গৰ কথা কৈছে সেইসমূহ হল-
সৎ বাক্য,সৎ কাৰ্য্য, সৎ জীৱন,সৎ প্ৰচেষ্টা, সৎ চিন্তা, সৎ চেতনা,সৎ প্ৰতিজ্ঞা আৰু সৎ দৰ্শন।
এই অষ্টমাৰ্গসমূহ প্ৰত্যেক জন বৌদ্ধধৰ্মী লোকে অনুসৰণ কৰিব লাগে।বুদ্ধদেৱৰ মতে মানুহৰ জীৱনৰ কামনা, বাসনা,তৃষ্ণা,আসক্তি, মোহ আদি প্ৰবৃত্তি দুখৰ কাৰণ।তেওঁৰ ধাৰণা আছিল সময় মানুহৰ দ্বাৰা সৃষ্ট ভগৱানৰ দ্বাৰা নহয় ।সেয়েহে তেওঁ অষ্টমাৰ্গৰ কথা কৈছে।
(4)নং প্ৰশ্ন:-গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল?
Ans:-
লুম্বিনীত হৈছিল।
_______ ৹৹৹৹ ______
প্রশ্নাৱালী:
বহলাই লিখা:
(1)নং প্ৰশ্ন:-বৌদ্ধ ভিক্ষু আৰু ভিক্ষুনীসকলে পালন কৰা নীতি-নিয়মসমূহ আলোচনা কৰা।
Ans:-
Intr:-বুদ্ধৰ অনুগ্ৰামীসকল বিভিন্ন শ্ৰেণীৰ পৰা আহিছিল।এটা সময়ত সংঘৰ ভিতৰত সকলোকে সমান বুলি গণ্য কৰা হৈছিল।তেওঁলোকে তেওঁলোকৰ আগৰ পৰিচয় সলাই ভিক্ষু আৰু ভিক্ষুনী বুলি পৰিচিত হৈছিল।
বৌদ্ধ ভিক্ষু ভিক্ষুনীসকলে কিছুমান নীতি-নিয়ম পালন কৰিব লাগিছিল।
তেওঁলোকে অতি সহজ-সৰল জীৱন-যাপন কৰিব লাগিছিল।কেৱল মাত্ৰ জীয়াই থাকিবৰ বাবে নূন্যতম প্ৰয়োজনীয়তাখিনিহে গ্ৰহণ কৰিছিল।
বিনয় পিটকত এই সম্পৰ্কে নীতি-নিয়ম উল্লেখ কৰিছে। এজন ভিক্ষুৱে এখন নতুন কম্বল প্ৰস্তুত কৰিলে সেইখন অতি কমেও ছয় বছৰ ব্যৱহাৰ কৰিব লাগিব।যদি ভিক্ষুসকলৰ বিনা অনুমতিত ছয় বছৰ পূৰ্বেই নতুন কম্বল প্ৰস্তুত কৰে,তেনেহল তেওঁ পুৰণা কম্বলখন ত্যাগ কৰক বা নকৰক নতুন কম্বলখনৰ বাবে অপৰাধ স্বীকাৰ কৰিব লাগিব।
কোন গৃহস্থৰ ঘৰত ভিক্ষা কৰাৰ সময়ত এজন ভিক্ষুৱে দুই তিনি বাতি অহাৰ গ্ৰহণ কৰিব পাৰে।কিন্তু ইয়াতকৈ বেছি গ্ৰহণ কৰে ইয়াৰ অপৰাধ কৰিব লাগিব আৰু বেছিকৈ গ্ৰহণ কৰাখিনি আন ভিক্ষুৰ সৈতে ভগাই লব লাগিব।
বিহাৰ বা সংঘত বিছনা-পাতি সামৰি থৈ বা নসমৰাকৈ বা বিদায় নোলোৱাকৈ প্ৰস্থান কৰিলে নিজৰ অপৰাধ স্বীকাৰ কৰিব লাগিব।
সামৰণি:-বৰ্তমানও বৌদ্ধ ভিক্ষুসকলে এইসমূহ নীতি-নিয়ম পালন কৰা দেখা যায় যদিও বহুখিনি পৰিৱৰ্তন ঘটিছে।
______ ৹৹৹ _____
(2)নংপ্ৰশ্ন:-বৌদ্ধ ধৰ্মৰ শিকণিসমূহৰ বিষয়ে বহলাই লিখা।
Ans:-
Intr:-বুদ্ধৰ শিকণিসমূহ পিটকত পোৱা যায়।বিশেষকৈ সুত্ত পিটকত পোৱা যায়।
প্ৰকৃততে বুদ্ধই অলৌকিক শক্তিৰ প্ৰদৰ্শনৰে নহয় বৰঞ্চ যুক্তি-তৰ্ক আৰু বিবেকৰ দ্বাৰাহে মানুহক বুজাবলৈ যত্ন কৰিছিল। উদাহৰণস্বৰূপে এগৰাকী শোকবিহ্বল বৃদ্ধা মাতৃয়ে তেওঁৰ সন্তানৰ মৃত্যুত বুদ্ধৰ ওচৰলৈ আহিছিল, তেতিয়া বুদ্ধই মৃত্যু যে অনিবাৰ্য তাক অতি নম্ৰভাৱে বুজাবলৈ সক্ষম হৈছিল।
বৌদ্ধ দৰ্শন মতে কামনা, বাসনা, তৃষ্ণা, আসক্তি, মোহ আদি প্ৰবৃত্তি দুখৰ কাৰণ।দুখ নিবাৰণৰ কাৰণে সঠিক পথ অনুসৰণ কৰাৰ কথা কৈছিল।
তেওঁ ৰাজন আৰু গৃহপতি সকল দয়াৱান আৰু সদাচাৰী হবলৈ উপদেশ দিছে।কিয়নো ব্যক্তিগত প্ৰচেষ্টাৰেহে সামাজিক পৰিৱেশ পৰিৱৰ্তন কৰাটো সম্ভৱ হয়।
আসক্তি বিনাশৰ কাৰণে বুদ্ধদেৱে অষ্টমাৰ্গৰ কথা কৈছে।যি প্ৰত্যেক বৌদ্ধধৰ্মী লোকে অনুসৰণ কৰিব লাগে।
সামৰণি:-গতিকে কব পাৰি যে বৌদ্ধধৰ্মৰ মতে মানৱ জীৱনহে পাৰ্থিৱ কষ্টসমূহৰ পৰা সঠিক পথ অনুসৰণ কৰি মুক্ত হব পাৰিব।
_________ ৹৹৹ _______
(3)নং প্ৰশ্ন:-সাঁচী স্তূপ সংৰক্ষণৰ ক্ষেত্ৰত ভূপালৰ বেগমৰ ভূমিকা আলোচনা কৰা।
Ans:-
Intr:-সাঁচীৰ কণাক্ষেৰা নামৰ পৰ্বতৰ দাঁতিৰ এখন সৰু গাঁৱত ভূপালৰ আটাইতকৈ প্ৰাচীন সাঁচীৰ স্তূপটো অৱস্থিত।এই স্তূপটো সংৰক্ষণৰ ক্ষেত্ৰত বেগমৰ যথেষ্ঠ ভূমিকা আছে।
ভূপালৰ শাসকদ্বয় ছাহজাহান বেগম আৰু তেওঁৰ উত্তৰাধিকাৰী জেহান বেগমে প্রাচীন ঠাইডোখৰ সংৰক্ষণৰ বাবে অনুদান আগবঢ়াইছিল।
বেগমে তেওঁৰ সঞ্চিত ধনেৰে তাত এটা আলহীঘৰ আৰু যাদুঘৰ নিৰ্মাণ কৰাইছিল।
জন মাৰ্চালে সাঁচীৰ ওপৰত প্ৰকাশ কৰা গ্ৰন্থখনৰ বাবেও বেগমে অনুদান আগবঢ়াইছিল।
সামৰণি:-সময়ৰ লগে লগে পৰিৱৰ্তন সাধন হৈছে যদিও সময়োচিত আৰু দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে সাঁচীৰ স্তূপ আজিও অক্ষত অৱস্থাত আছে।
__________ ৹৹৹৹৹ ________
(4)নং প্ৰশ্ন:-বৈষ্ণৱবাদ আৰু শৈশৱাদৰ সৈতে জড়িত মূৰ্তিকলা বিকাশৰ বিষয়ে আলোচনা কৰা।
Ans:-
Intr:-প্ৰাৰম্ভিক সমাজৰ বৈষ্ণৱবাদ আৰু শৈশৱাদৰ সৈতে জড়িত মূৰ্তিকলা ও আবিষ্কাৰ হৈছে।যাৰ দ্বাৰা গম পোৱা যায় যে দেৱতা বিষ্ণু আৰু শিৱক মুখ্য দেৱতা হিচাপে পূজা-অৰ্চনা কৰিছিল।
বৈষ্ণৱাদৰ বিভিন্ন অৱতাৰসমূহ মূৰ্তি নিৰ্মাণ কৰা হৈছিল।তেওঁৰ বিভিন্ন অৱতাৰক গুৰুত্ব দি পূজা- অৰ্চনা দিয়া হৈছিল।
শিৱক লিংগ কেতিয়াবা কেতিয়াবা মানৱৰ ৰূপটো দেখুৱা হৈছিল।
তেওঁলোকৰ গুণ আৰু প্ৰতিকসমূহ শিৰাভূষণ,অলংকাৰ আৰু আয়ুধ্যৰ,অস্ত্ৰ-শস্ত্ৰ, শুভ চিহ্নযুক্ত বস্তু, ধ্যান শৈলীৰ দ্বাৰাও দেখুৱা হয়।
ইতিহাসবিদসকলে এই মূৰ্তিবোৰৰ অৰ্থ বুজিবৰ বাবে তাৰ সৈতে জড়িত কাহিনীবোৰ অধ্যয়ন কৰিব লগা হৈছিল।
সামৰণি:-এই মূৰ্তিকলাৰ দ্বাৰাই জানিব পাৰি যে দেৱতা শিৱ আৰু বিষ্ণুক পূজা অৰ্চনা কৰিছিল।
___________ ৹৹৹ _________
(5)নং প্ৰশ্ন:-স্তূপসমূহৰ গঠন শৈলী আলোচনা কৰা।
Ans:-
Intr:-স্তূপৰ কিছুমান ঠাই বুদ্ধদেৱৰ অৱশিষ্টৰ সৈতে জড়িত আছিল।এইবোৰ ঢাপ মাৰি দিছিল আৰু স্তূপ নামে জনা গৈছিল।
স্তূপসমূহ প্ৰথমতে সাধাৰণ মাটিৰ অৰ্দ্ধ গোলাকৃতিৰ ঢিপৰ দৰে আছিল,যাক পিছলৈ অন্দা বুলি কোৱা হৈছিল।
লাহে লাহে ইয়াৰ গঠনশৈলী ক্ৰমে জটিল হৈ বৰ্গাকৃতি আৰু সন্তলিত গোলাকৃতি ৰূপত প্ৰকাশ পালে।
অন্দাৰ ওপৰত হাৰমিক আছিল।ই বেলকণিৰ দৰে আছিল আৰু দেৱতাৰ আৱাস গৃহক প্ৰতিনিধিত্ব কৰিছে।
হাৰমিকৰ ওপৰত এটা মাস্তাল আছিল।ইয়াক য়ষ্ঠী বুলি কোৱা হৈছিল। ইয়াৰ ওপৰত আকৌ এটা ছাতি নিৰ্মাণ কৰা হৈছিল।
ঢিপটোৰ চাৰিওফালে এখন বেৰা/ৰেলিং দিয়া আছিল; যি পবিত্ৰ স্থান টুকুৰাক সাধাৰণ ঠাইৰ পৰা পৃথক কৰিছিল।
সামৰণি:-সাঁচী আৰু ভাৰহুতৰ প্ৰাৰম্ভিক স্তূপসমূহৰ গঠন শৈলী সাধাৰণ আছিল যদিও চাৰিওফালে শিলৰ ৰেলিং দিয়া আছিল। এনেদৰেই স্তূপসমূ নিৰ্মাণ কৰা হৈছিল।
_________ ৹৹৹৹ __________
(6)নং প্ৰশ্ন:-সাঁচীৰ ভাস্কৰ্যসমূহৰ অৰ্থ উদ্ধাৰৰ ক্ষেত্ৰত বৌদ্ধ সাহিত্যৰ ভূমিকা কেনে আছিল বুলি ভাৱা?
Ans:-
Intr:-সাঁচী ভাস্কৰ্যসমূহৰ অৰ্থ বুজিবলৈ ইতিহাসবিদসকলে বৌদ্ধ সাহিত্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে।ইয়াৰ ক্ষেত্ৰত বৌদ্ধ সাহিত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
বৌদ্ধ সাহিত্য অশোকবন্দনা মতে অশোকে বুদ্ধদেৱৰ চিতাভস্ম প্ৰত্যেকখন উল্লেখযোগ্য নগৰতে বিলাইছিল।অশোকে প্ৰায় 84000 স্তূপ নিৰ্মাণ কৰিছিল।অশোকবন্দনাৰ ভূমিকা আছিল।
সাঁচীৰ স্তূপৰ মূৰ্তিকলাৰ বিস্তৃত অধ্যায়ণ কৰা কলা ইতিহাসবিদসকলে পুথিগত সাক্ষ্যৰ ভিত্তিতেই ভাস্কৰ্যসমূহ বুজিবলৈ যত্ন কৰিছিল।
সাঁচীৰ ভাস্কৰ্যসমূহত জাতকৰ পৰা লোৱা বহুতো কাহিনী খোদিত কৰা হৈছিল।
ইয়াৰ ক্ষেত্ৰত বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটকৰ ভূমিকাও আছে।
সামৰণি:-গতিকে কব পাৰি যে সাঁচীৰ ভাস্কৰ্যসমূহৰ অৰ্থ উদ্ধাৰৰ ক্ষেত্ৰত বৌদ্ধ সাহিত্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
__________ ৹৹৹ __________
(7)নং প্ৰশ্ন:-বৌদ্ধ ধৰ্মগ্ৰন্থসমূহ কেনেকৈ সংকলন আৰু সংৰক্ষণ কৰা হৈছিল আলোচনা কৰা।
Ans:-
Intr:-বৌদ্ধ ধৰ্মগ্ৰন্থসমূহ কিদৰে প্ৰস্তুত আৰু সংৰক্ষণ কৰা হৈছিল সেইটো এক গুৰুত্বপূৰ্ণ বিষয় আছিল।
আন ধৰ্ম প্ৰচাৰকসকলৰ দৰে বুদ্ধইও ধাৰ্মিক তথা লোক-কল্যাণমূলক তত্ত্ব আৰু উপদেশসমূহ মৌখিক ৰূপত প্ৰচাৰ কৰিছিল।বুদ্ধৰ জীৱন-কালত তেওঁৰ কোনো বক্তৃতা বা ধৰ্মমূলক উপদেশসমূহ লিপিবদ্ধ কৰা হোৱা নাছিল।
তেওঁৰ মৃত্যুৰ পিছত বৈশালীত অনুষ্ঠিত এখন ধৰ্মীয় আলোচনা সভাত তেওঁৰ জ্যেষ্ঠ ভিক্ষুসকলৰ দ্বাৰা তেওঁৰ জ্যেষ্ঠ ভিক্ষুসকলৰ দ্বাৰা তেওঁৰ এই ধৰ্ম বাণীসমূহ সংকলন কৰা হৈছিল।এইখনক ত্ৰিপিটক নামে জনা যায়।
চীনৰ তীৰ্থযাত্ৰী হিউৱেনচাং, ফাহিয়েনে ভালেমান বৌদ্ধ গ্ৰন্থ নিজ দেশলৈ লৈ গৈছিল আৰু তাত পণ্ডিতসকলৰ দ্বাৰা অনুবাদ কৰা হৈছিল।ধৰ্ম প্ৰচাৰৰ কাৰণে যোৱাৰ সময়ত ভাৰতীয় বৌদ্ধ ধৰ্ম গুৰুসকলেও ভালেমান গ্ৰন্থ লগত লৈ গৈছিল।এছিয়াৰ বিভিন্ন প্ৰান্তত ভালেমান বৌদ্ধ বিহাৰত এনে বিভিন্ন গ্ৰন্থৰ পাণ্ডুলিপি সংৰক্ষিত হৈ আছে।
সামৰণি:-পালি,সংস্কৃত, চীনা আৰু তিব্বতী ভাষাত ৰচনা কৰা এই গ্ৰন্থসমূহৰ আধাৰত বিভিন্ন অনুবাদমূলক গ্ৰন্থসমূহ ৰচনা কৰা হৈছে।
____________ ৹৹৹৹৹ ________
(8)নং প্ৰশ্ন:-অমৰাৱতী আৰু সাঁচী স্তূপৰ আৱিষ্কাৰৰ কাহিনী লিখা।
Ans:-
Intr:-প্ৰত্যেকটো স্তূপতে নিজা একোটা ইতিহাস আছে।ইয়াৰ ভিতৰত অমৰাৱতী আৰু সাঁচী স্তূপৰ আৱিষ্কাৰ অন্যতম।
অমৰাৱতীৰ আৱিষ্কাৰ:-1976 খৃ:এজন স্থানীয় ৰজাই অমৰাৱতীত এটা মন্দিৰ নিৰ্মান কৰিবলৈ বিচাৰিছিল।হঠাৎ তাত অমৰাৱতী স্তূপৰ অৱশেষ উদ্ধাৰ হল।তেওঁ মন্দিৰৰ কামত পাথৰৰ ব্যৱহাৰৰ সিদ্ধান্ত ল'লে আৰু দেখাত টিলা যেন লগা ঢিপটোত বহু ধন- সম্পত্তি পুতি থোৱা আছিল বুলি তেওঁৰ ধাৰণা হৈছিল।তাৰ কিছু বছৰৰ পিছত কলিন মেকেঞ্জী নামৰ এজন ব্ৰিটিছ বিষয়াই সেই ঠাইখন পৰিদৰ্শন কৰে।ভালেমান মূৰ্তি উদ্ধাৰ কৰিছিল।1854 অন্ধপ্ৰদেশৰ গৱৰ্ণৰ ৱাল্টাৰ ইলিয়তে পৰিদৰ্শন কৰি ভালেমান খোদিত মূৰ্তি মাদ্ৰাজলৈ লৈ গৈছিল।এনেদৰে যিকোনো নতুন বিষয়াই শিলৰ ভাস্কৰ্যসমূহ লগত লৈ গৈছিল।এসময়ত অমৰাৱতী স্তূপ ধংব্ব গ্রাসহত পৰিণত হৈছিল।
সাঁচীৰ স্তূপ আৱিষ্কাৰ:-1818 খৃ:ত সাঁচী স্তূপ উদ্ধাৰ হৈছিল।সেই সময়ত চাৰিখন তোৰণৰ তিনিখন অক্ষত অৱস্থাত থিয় হৈ আছিল।চাৰি নম্বৰ খন ঠাইতে পৰি আছিল আৰু ঢিপটোও যথেষ্ট ভাল অৱস্থাত পোৱা গৈছিল।বহুতো কাৰকে সাঁচীক নিজৰ স্থানতে ৰখাত সহায় কৰিলে আৰু সেইবাবে সাঁচী আজিও সগৌৰৱৰে থিয় দি আছে।
সামৰণি:-এনেদৰে স্তূপ উদ্ধাৰ হৈছিল।এই স্তূপসমূহে প্ৰাৰম্ভিক সমাজৰ কথা ইংগিত বহন কৰে।
_________ ৹৹৹৹ ________
(9)নং প্ৰশ্ন:-শিল,ইটা,ভাস্কৰ্য, চিত্ৰকলা ইত্যাদিৰ পৰা ইতিহাস পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হোৱা কেইটামান সমস্যা উল্লেখ কৰা।
Ans:-
Intr:-ইতিহাসবিদকলে বহু কষ্টৰ ফলতহে প্ৰাৰম্ভিক সমাজৰ আভাস দিব পাৰে।উদ্ধাৰ হোৱা শিল, ইটা, ভাস্কৰ্য, চিত্ৰকলা ইত্যাদিৰ পৰা কেতিয়াবা ইতিহাস পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হব লগা হয়।
সমস্যাৰ ভিতৰত যেনে-
(1)বহুতো শিল,ভাস্কৰ্য, স্থাপত্য, চিত্ৰকলা শতিকাৰ অন্তত ধংব্ব আৰু লুপ্ত হৈছিল।যাৰ ফলত স্ব:ত স্ফূৰ্তভাৱে বুজি পোৱাত অসুবিধা হৈছিল।
(2)কিছুমান আচহুৱা মূৰ্তি,ভাস্কৰ্য বুজিবলৈ প্ৰাচীন গ্ৰন্থসমূহ অধ্যয়ন কৰিব লগা হৈছিল।
(3)কিছুমান লিপি,চিত্ৰকলা জটিল আছিল বহু ক্ষেত্ৰত ইতিহাসবিদসকলে বুজি পোৱাটো সমস্যাৰ সন্মুখীন হৈছিল।
সামৰণি:-গতিকে কব পাৰি যে ইতিহাসবিদকলে বুজিবলৈ গভীৰ অধ্যয়ন কৰিব লগা হয়।হয়তো বহুতো এতিয়াও ভাস্কৰ্যসমূহ আছে যি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।
_______ ৹৹৹৹৹ _______
চমু প্ৰশ্ন:
(1)সাঁচী স্তূপ ক'ত অৱস্থিত?
Ans:-
কণাক্ষেৰা নামৰ পৰ্বতৰ দাঁতিৰ এখন সৰু গাঁও ভূপালত আছে।
(2)কোনে সাঁচীৰ পূৱফালৰ তুৰণখন নিবলৈ বিচাৰিছিল আৰু ইয়াক কেনেকৈ ৰক্ষা কৰা হল?
Ans:-
ফৰাচীসকলে সাঁচীৰ পূৱফালৰ তুৰণখন নিবলৈ বিচাৰিছিল।
ফৰাচী আৰু ইংৰাজসকলে সাঁচত ঢালি প্ৰস্তুত কৰা মূল তুৰণখন পাই সন্তুষ্ট হৈছিল।ফলত স্তূপৰ মূল তুৰণখন পূৰ্বৰ স্থানতে অক্ষত অৱস্থাত থাকি গল।
(3)সাঁচী স্তূপৰ সংৰক্ষণৰ লগত জড়িত দুজন শাসকৰ নাম লিখা।
Ans:-
(1)ছাহজাহান বেগম;
(2)জেহান বেগম।
(4)দুটা জটিল যজ্ঞৰ নাম লিখা।
Ans:-
(1)ৰাজসূয়;
(2)অশ্বমেধ যজ্ঞ।
(5)বুদ্ধৰ জীৱন পথ সলনি কৰা তিনিটা গুৰুত্বপূৰ্ণ ঘটনা কি আছিল?
Ans:-
বুদ্ধৰ জীৱন সলনি কৰা তিনিটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল।এদিন ৰথৰে ঘৰৰ বাহিৰলৈ যাওঁতে এজন বুঢ়া মানুহ, এজন ৰোগী,এটা মৰাশ দেখিছিল। সেই মুহূৰ্তত তেওঁ অনুভৱ কৰিছিল যে মানৱ দেহৰ অৱনতি আৰু মৃত্যু অনিবাৰ্য।তেওঁ এজন গৃহহীন মগনীয়াও দেখা পাইছিল।এইবোৰে বুদ্ধৰ জীৱনৰ পথ সলনি কৰিছিল।
(6)নং প্ৰশ্ন:-গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল?
Ans:-
লুম্বিনীত।
(7)নং প্ৰশ্ন:-বৌদ্ধ ধৰ্মৰ মতে পৃথিৱীখন কি?
Ans:-
পৃথিৱীখন ক্ষণস্থায়ী।
(8)নং প্ৰশ্ন:-"নিৰ্বাণ"মানে কি বুজা?
Ans:-
"নিৰ্বাণ"মানে হল মুক্তি লাভ কৰা।
(9)নং প্ৰশ্ন:-"চৈত্য"বুলিলে কি বুজা?
Ans:-
বুদ্ধদেৱৰ অন্তিম সংস্কাৰৰ সৈতে জড়িত ঢিপক "চৈত্য" বুলি কোৱা হয়।
(10)নং প্ৰশ্ন:-প্ৰাচীন কালত কোনবিলাক ঠাই পবিত্ৰ বুলি গণ্য কৰা হৈছিল?
Ans:-
বিশেষ গছৰ সৈতে জড়িত ঠাই,অতুলনীয় শিল,বিস্ময়কৰ প্ৰাকৃতিক সৌন্দৰ্য ইত্যাদি পবিত্ৰ বুলি গণ্য কৰা হৈছিল।
(11)নং প্ৰশ্ন:-বৌদ্ধ ধৰ্মৰ লগত জড়িত চাৰিখন উল্লেখযোগ্য ঠাইৰ নাম লিখা।
Ans:-
চাৰিখন উল্লেখযোগ্য ঠাইৰ নাম হল-
(1)তেওঁৰ জন্মস্থান লুম্বিনী;
(2)পৰম জ্ঞান লাভ কৰা বুদ্ধগয়া;
(3)প্ৰথম ধৰ্মোপদেশ দিয়া সাৰনাথ;
(4)মহাপৰিনিৰ্বাণ কুশী নগৰ।
(12)নং প্ৰশ্ন:-মহাযান আৰু হীনযান পন্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা।
Ans:-
(13)নং প্ৰশ্ন:-জৈন ধৰ্মৰ ভিক্ষু আৰু ভিক্ষুনীসকলে পালন কৰিব লগা পাঁচটা নীতি কি আছিল?
Ans:-
পাঁচটা নীতি হল-
(1)অহিংসা;
(2)সত্য কথা কোৱা;
(3)চুৰি নকৰা;
(4)ব্ৰহ্মচৰ্য পালন কৰা;
(5)সম্পত্তি আহৰণৰ পৰা বিৰত থকা।
_______ ৹৹৹৹ ________
Comments
Post a Comment