AHSEC Class12 History Chapter-6||Medieval India||Through The Eyes Of Travellers||10th-17th C||মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী||পৰ্যটকৰ দৃষ্টিভংগীৰে(Assamese medium notes)

      অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:(Marks:6)

(1)নং প্ৰশ্ন:-আলবেৰুনী কোন আছিল?আলবেৰুনীৰ ওপৰত এটি চমু টোকা যুগুত কৰা।(2020)

Ans:-

      Intr:-প্ৰাচীন যুগৰে পৰা মানুহ ভ্ৰমণৰ লগত জড়িত হৈ আহিছে।কিছু ক্ষেত্ৰত ভ্ৰমনকাৰীসকলে বিভিন্ন টোকা লিখি থৈ গৈছে।ইয়াৰ পৰা অতীতৰ সমাজৰ কথাও গম পাব পাৰি।

       আলবেৰুনী এজন একাদশ শতিকাত উজবেকিস্তানৰ পৰা অহা ভাৰতীয় পৰ্যটক।

        বৰ্তমান উজবেকিস্তানৰ খোৱাৰিজম নামে ঠাইত আলবেৰিনীৰ জন্ম হৈছিল।খোৱাৰিজমতে তেওঁ সকলো শিক্ষা গ্ৰহণ কৰে।অতি কম সময়ৰ ভিতৰতে চিৰিয়া,আৰৱী,পাৰ্চী,হিব্ৰু, সংস্কৃত ভাষাত পাৰ্গত হৈ উঠিছিল।

        1017 খৃ:ত গজনীৰ চুলতান মামুদে খিবা ৰাজ্য আক্ৰমণ কৰে আৰু ৰাজ্যৰ মূৰব্বীসকলৰ লগতে আলবেৰুনীকো বন্দী কৰি গজনীলৈ লৈ যায়।জীৱনৰ বাকী কালছোৱা গজনীতে কটায়।

        গজনীৰ চুলতান মামুদে ভাৰত আক্ৰমণ কৰোতে আলবেৰুনী তেওঁৰ সহচৰ আছিল।

        গজনীত থকা সময়তে তেওঁ ভাৰতৰ প্ৰতি দুৰ্নিবাৰ আকৰ্ষণ হৈছিল।কিয়নো,সংস্কৃত ভাষাত লিখা জ্যোতিবিদ্যা, গণিত শাস্ত্ৰ, চিকিৎসা বিজ্ঞান আৰৱী ভাষালৈ অনুবাদ কৰা হৈছিল।

        আলবাৰুনীয়ে কিছুদিন ব্ৰাহ্মণ পণ্ডিত আৰু পুৰোহিতসকলৰ লগত থাকি সংস্কৃত ভাষা শিকাৰ লগতে হিন্দু ধৰ্মগ্ৰন্থ আৰু দৰ্শন সম্পৰ্কীয় গ্ৰন্থসমূহ অধ্যয়ন কৰে।

         তেওঁ ভাৰতৰ প্ৰতি হোৱা আকৰ্ষনত ভাৰত ভ্ৰমণ কৰিবলৈ মন মেলিছিল আৰু ভ্ৰমণ অভিজ্ঞতাৰ ভিত্তিত সহজ-সৰল আৰৱী ভাষাত "কিতাব উল-হিন্দ" গ্ৰন্থখন ৰচনা কৰিছিল। 40 তা অধ্যায়ত বিভক্ত গ্ৰন্থখনৰ পৰা সমসাময়িক ভাৰতীয় সমাজৰ প্ৰকৃত স্বৰূপ জানিব পৰা পাৰি।

       সামৰণি:-গতিকে কব পাৰি যে ভাৰতৰ কথা আলবেৰুনীয়ে যি বিৱৰণ দি গৈছে।ইয়াৰ পৰা অতীতৰ সমাজৰ কথা ইতিহাসবিদসকলে জানিবলৈ সক্ষম হৈছে।

                    ______০০০_____

(2)নং প্ৰশ্ন:-ভাৰতবৰ্ষৰ ওপৰত ইবন বটুটাই লিখা টোকাৰ ওপৰত এটি চমু আলোচনা কৰা।

Ans:-

      Intr:-আৰৱী ভাষাত লিখা ইবনবটুতাৰ ভ্ৰমণ কাহিনী ৰিহ্লা নামে জনাজাত গ্ৰন্থখনত 14 শতিকাৰ ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱস্থাৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়।

         ইবনবটুটাই উল্লেখ কৰিছে যে যিকোনো এজন সম্পদশালী দক্ষ পৰ্যটকৰ কাৰণেই উপমহাদেশখনৰ নগৰসমূহ উত্তেজনাৰ খোৰাকেৰে ভৰপূৰ।তেওঁৰ লিখনিৰ পৰা এইটোৱেই জানিব পৰা গৈছে যে নগৰৰ সৰহসংখ্যক ৰাস্তাই জনসমাগমপূৰ্ণ আৰু বিভিন্ন জাকজমকীয়া সামগ্ৰীৰে নগৰৰ বজাৰবোৰ পৰিপূৰ্ণ আছিল। তেওঁ ভাৰতৰ ভিতৰত দিল্লীয়েই আটাইতকৈ বৃহৎ জনবসতিপূৰ্ণ নগৰ বুলি উল্লেখ কৰিছে।

        বজাৰসমূহ কেৱল অৰ্থনৈতিক আদান -প্ৰদানৰ স্থানেই নাছিল বৰঞ্চ সামাজিক কাম-কাজ আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰস্থলো আছিল।

       তেওঁ লিখিছিল যে সাৰুৱা মাটিৰ কাৰণে ভাৰতীয় কৃষি ব্যৱস্থা যথেষ্ট উৎপাদনশীল আছিল আৰু কৃষকসকলে বছৰত দুবাৰকৈ খেতি কৰিছিল।

         ভাৰতীয় বস্ত্ৰ বিশেষকৈ কপাহী বস্ত্ৰ, পাট বস্ত্ৰ, কিংখাব আৰু চাৰ্টিন বস্ত্ৰৰ যথেষ্ট চাহিদা আছিল।তেওঁ উল্লেখ কৰিছে যে কিছুমান অতি উন্নত মানদণ্ডৰ ৰেচমী কাপোৰ ইমানেই খৰচী আছিল যে সেইবোৰ কেৱল ধনী আৰু আমোলাসকলেহে ব্যৱহাৰ কৰিব পাৰিছিল।

       ইবনবটুটাই বণিকসকলে তথ্য আৰু টকা-পইচা আৰু বস্তু প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা উপযুক্ত ডাক ব্যৱস্থা দেখি আচৰিত হৈছিল।ডাক ব্যৱস্থা ইমানেই দক্ষ আছিল যে সিন্দুৰ পৰা দিল্লী পাবলৈ 50 দিন সময় লাগিছিল,তাত গুপ্তচৰৰ বাৰ্তা চুলতানৰ ওচৰ পাবলৈ মাত্ৰ 5 দিন সময় লাগিছিল।

        দৌলতাবাদ সম্পৰ্কে ইবনবটুতাই কৈছিল যে তাৰাবাদ নামে পুৰুষ আৰু মহিলা গায়কসকলৰ কাৰণে এখন বজাৰ আছিল।এইখন বৰ বিখ্যাত আৰু ধুনীয়া আছিল।

         সামৰণি:-ইবনবটুতাৰ এই লিখনিসমূহৰ পৰাই অতীতৰ সমাজখনৰ কথা বৰ্ণনা কৰিব পাৰি।

                   _____ ৹৹৹ _____

চমু প্ৰশ্ন:

(3)নং প্ৰশ্ন:-খৃ:10-17 শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা চাৰিজন ভ্ৰমনকাৰীৰ নাম লিখা।

Ans:-

      চাৰিজন ভ্ৰমণকাৰীৰ নাম হল-

(1)উজবেকিস্তানৰ আলবেৰুনী;

(2)মৰেক্কোৰ ইবনবটুতা;

(3)ফ্ৰান্সৰ ফ্ৰান্সকোচ;

(4)ইটালীৰ মাৰ্কপল।

          ________ ৹৹৹৹৹ _______

_


  




Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-