AHSEC Class12 ||History Chapter-8||এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ||An imperial capital vijayanagar(14th-16th century)||(Assamese medium notes)

  অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-বিজয় নগৰৰ পতনৰ কাৰণসমূহ আলোচনা কৰা।

Ans:-

      Intr:-কৃষ্ণদেৱ ৰায়ৰ ৰাজত্ব কাল বিজয় নগৰ ৰাজ্যৰ বিস্তাৰ আৰু সুদৃঢ়কৰণৰ কাৰণে বিখ্যাত আছিল।তেওঁৰ দিনতেই বিজয় নগৰ সাম্ৰাজ্যৰ চৰম উন্নতি লাভ কৰিছিল।তেওঁ মৃত্যুৰ পিছত বিজয় নগৰ পতন হবলৈ ধৰিলে।

      বিজয় নগৰৰ পতনৰ কাৰণসমূহ তলত আলোচনা কৰা হল-

      কৃষ্ণদেৱ ৰায়ৰ মৃত্যুৰ পিছত সদাশিৱ ৰায় তেওঁৰ ক্ষমতাশালী মন্ত্ৰী ৰাম ৰায়ৰ হাতৰ পুতলা হৈ পৰিছিল।ৰাম ৰায় পৰ্তুগীজসকলৰ মিত্ৰ হৈ পৰিছিল আৰু বিজাপুৰলৈ পৰ্তুগীজ ঘোঁৰা ৰপ্তানি কৰাটো বন্ধ কৰি দিছিল।ইয়াৰ পিছতে তেওঁ বিজাপুৰ ৰাজ্য আক্ৰমণ কৰে।কিন্তু শেষত দাক্ষিণাত্যৰ কেউখন চুলতানী ৰাজ্য ঐক্যবদ্ধ হৈ বিজয় নগৰ হৈ যুদ্ধ ঘোষণা কৰিছিল।যুঁজত ৰাম ৰায় বন্দী হয় আৰু আহমেদ নগৰৰ চুলতানে তেওঁক হত্যা কৰে।

      মুছলমান সৈন্যই বিজয় নগৰ লুটপাত কৰি অতি নৃশংসভাৱে ইয়াক ধ্বংস কৰিছিল।

      ইতিহাসবিদসকলৰ ধাৰণা অনুসৰি বিজয় নগৰ সাম্ৰাজ্য আৰু চুলতানী সাম্ৰাজ্যই পৰস্পৰে পৰস্পৰক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল।কিন্তু ৰামৰায়ে দাক্ষিণাত্যৰ চুলতানসকলৰ মাজত চলি থকা প্ৰতিদ্বন্দিতাৰ সুবিধা লৈ তেওঁলোক ইখনৰ বিৰ সিখন ব্যৱহাৰ কৰি মুছলমানসকলৰ শক্তি বিনষ্ট কৰিছিল যাৰ ফলত কেউখন মুছলমান ৰাজ্য একত্ৰিত হৈ বিজয় নগৰৰ পতন সুনিশ্চিত কৰিছিল।

       সামৰণি:-গতিকে কব পাৰি যে টালিকোটৰ যুদ্ধৰ পিছৰ পৰা বিজয় নগৰ সাম্ৰাজ্য ক্ৰমাৎ পতনৰ পিনে গতি কৰিছিল।17 শ শতিকাৰ শেষৰ ভাগত ই সম্পূৰ্ণৰূপে পতন হয়।

             __________ ৹৹৹৹৹ ________

(2)নং প্ৰশ্ন:- বিজয় নগৰ সাম্ৰাজ্যৰ অমৰ নায়কসকলৰ ভূমিকা আলোচনা কৰা।

Ans:-

      Intr:-বিজয় নগৰ সাম্ৰাজ্যৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত সেনাধ্যক্ষসকল আছিল অন্যতম।তেলেগু আৰু কানাড়া ভাষী সেনাধিনায়কসকলক সাধৰণে নায়ক বুলি জনা গৈছিল।

     অমৰ নায়ক প্ৰণালী বিজয় নগৰ সাম্ৰাজ্যৰ এক উল্লেখযোগ্য ৰাজনৈতিক সংস্কাৰ আছিল। অমৰ নায়কসকল সেনাধ্যক্ষ আছিল।তেওঁলোকৰ ওপৰত একো একোখন প্ৰদেশৰ শাসনভাৰ অৰ্পণ কৰা হৈছিল।

     বহুক্ষেত্ৰত এই অমৰ নায়কসকল স্বাধীন শাসক আছিল।তেওঁলোকে প্ৰজাৰ পৰা ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল। ৰাজহৰ এটা অংশ হাতী-ঘোঁৰা আৰু সৈনিকসকলৰ পৰিচালনাৰ কাৰণে ৰাহিখিনি ৰজাক দিব লাগিছিল।

     তেওঁলোকে আৱশ্যক অনুসৰি ৰজাক সামৰিক বাহিনীও যোগান ধৰিব লাগিছিল।এই ব্যৱস্থাৰে বিজয় নগৰ সম্ৰাটে এক শক্তিশালী সৈন্য বাহিনীৰ সহায়ত সমগ্ৰ দক্ষিণ ভাৰত নিজৰ অধীনত ৰাখিবলৈ সক্ষম হৈছিল।

     অমৰ নায়কসকলে বছৰত এবাৰ ৰজাৰ আগত নিজৰ আনুগত্য প্ৰকাশ কৰিবৰ কাৰণে বাৰ্ষিক কৰ আৰু মূল্যৱান উপহাৰৰ সৈতে উপস্থিত হব লাগিছিল। কেতিয়াবা কেতিয়াবা ৰজাই তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবৰ বাবে। এখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ স্থানান্তৰিতও কৰিছিল।

       সামৰণি:-এইদৰে অমৰ নায়কসকলে কেন্দ্ৰীয় শাসনৰ অধীন হলেও কোনো কোনো ক্ষেত্ৰত এই স্বতন্ত্ৰৰীয়া শাসন ক্ষমতাই তেওঁলোকক অত্যাচাৰী আৰু উচ্চাকাংক্ষী কৰি তুলিছিল।ফলত ৰাজ্যখনৰ বিভাজন তথা পতনমুখী প্ৰক্ৰিয়া এটাৰ আৰম্ভ হৈছিল।

            ________ ৹৹৹৹ ________

(3)নংপ্ৰশ্ন:-কলিন মেকেনজি কোন আছিল?বিজয় নগৰৰ ইতিহাসলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বিষয়ে লিখা।

Ans:-

      Intr:-বিজয় নগৰ অৰ্থাৎ " City of victory" নামটোৱে সাম্ৰাজ্য আৰু ৰাজধানী দুয়োটাই বুজাইছিল।

     কলিন মেকেনজি আছিল এজন অভিযন্তা, চাৰ্ভেয়ৰ আৰু মানচিত্ৰকাৰ।তেওঁৱেই 1800 খৃ:ত হাম্পী চহৰৰ ধ্বংসাৱশেষ আবিষ্কাৰ কৰিছিল।

     বিজয় নগৰৰ ইতিহাসলৈ তেওঁ আগবঢ়োৱা অৱদান অন্যতম।কলিন মেকেনজিয়েই পোন প্ৰথমবাৰৰ বাবে হাম্পী স্থানৰ জৰীপ মেপ তৈয়াৰ কৰিছিল।তেওঁ বীৰুপাক্ষ মন্দিৰৰ পুৰোহিত আৰু পাম্পদেৱীৰ স্মৃতিৰ ওপৰত ভিত্তি কৰি সৰহ সংখ্যক প্ৰাথমিক তথ্য আহৰণ কৰিছিল।

     পিছলৈ 1856 খৃ:ত ফটোগ্ৰাফাৰসকলে ইয়াৰ ভগ্নাৱশেষসমূহৰ ফটো সংগ্ৰহ কৰে আৰু এইবোৰে ইতিহাসবিদসকলক বিজয় নগৰ সাম্ৰাজ্যৰ ইতিহাস অধ্যয়নত সহায় কৰে।

     বিভিন্ন ধৰণৰ লিপি উদ্ধাৰ কৰাৰ লগতে ইতিহাস সংকলন আৰু স্থানীয় জৰীপৰ কাৰ্য্য হাতত লৈছিল।

    বিজয় নগৰ ৰাজ্য অধ্যয়ন কৰি মেকেনজি এইটো বিশ্বাস হৈছিল যে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে সেই সময়ৰ বিভিন্ন সংস্থা আৰু তেওঁলোকে প্ৰভাৱিত কৰা বিভিন্ন অনুষ্ঠান,ৰীতি-নীতি,আইন-কানুন সম্পৰ্কে যিবোৰ তেতিয়াও জাতি-জনজাতিৰ মাজত প্ৰচলিত আছিল সেইবোৰৰ মহত্বপূৰ্ণ তথ্য আহৰণ কৰিব পাৰিব।

      সামৰণি:-গতিকে কব পাৰি যে বিজয় নগৰ স্থাপনৰ ক্ষেত্ৰত কলিন মেকেনজিৰ ভূমিকা গুৰুত্বপূৰ্ণ।

          ________ ৹৹৹৹ ________

(4)নং প্ৰশ্ন:-বিজয় নগৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এটি বৰ্ণনা দিয়া।এই ব্যৱস্থাই কৃষি ক্ষেত্ৰকো কিয় পৰিবেষ্টিত কৰিছিল?

Ans:-

       Intr:-বিজয় নগৰ শক্তিশালী সামৰিক বাহিনী অশ্বাৰোহী সৈনিকৰ ওপৰত নিৰ্ভৰশীল আছিল।তেওঁলোকে সৈন্যবাহিনী আৰু দুৰ্গবোৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল।

      বিজয় নগৰৰ সাম্ৰাজ্যৰ বিভিন্ন ভাগসমূহ দুৰ্গ সদৃশ বিশাল প্ৰাচীৰেৰে ঘেৰি ৰখা হৈছিল।ইখনৰ পিছত সিখনকৈ সাতখন প্ৰাচীৰেৰে নগৰখন বেৰি ৰখা হৈছিল।

      আটাইতকৈ বাহিৰৰ প্ৰাচীৰখন চহৰখনৰ চাৰিওফালে আৱৰি পাহাৰলৈকে বিস্তৃত আছিল।শিল আৰু বুৰুজেৰে নিৰ্মিত প্ৰাচীৰবোৰত কেইখনমান শক্তিশালী প্ৰৱেশদ্বাৰ আছিল।

      এই দুৰ্গ নিৰ্মাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল যে ই কৃষিভূমিসমূহকো ঘেৰি ৰাখিছিল।আব্দুৰ ৰজ্জকে উল্লেখ কৰিছে যে তিনিখন প্ৰাচীৰৰ মাজত কৃষিভূমি,উদ্যান আৰু ৰাজগৃহসমূহ আছিল।

      মধ্যযুগত যুদ্ধসমূহত প্ৰায়ে আক্ৰমনকাৰী সৈনিকসকলে শত্ৰুপক্ষৰ খাদ্যসামগ্ৰীসমুহ হস্তগত কৰি শত্ৰুপক্ষক আত্ম সমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল।সেইকাৰণে শাসকসকলে দুৰ্গৰ ভিতৰত কৃষি ভূমিসমূহ আৰু খাদ্য সামগ্ৰীৰ ভঁৰালসমূহ নিৰ্মাণ কৰিছিল।

      সামৰণি:-গতিকে কব পাৰি যে বিজয় নগৰ প্ৰতিৰক্ষা ব্যৱস্থা অতি সুৰক্ষিত আছিল।

           _________ ৹৹৹ ________

(4)নং প্ৰশ্ন:-কোনে,কেতিয়া বিজয় নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

(5)বিজয় নগৰ সাম্ৰাজ্যৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন কোন আৰু তেওঁ কোন ৰাজবংশৰ আছিল?

(6)বিজয় নগৰ সাম্ৰাজ্যত বিকশিত হোৱা মন্দিৰ স্থাপত্যৰ দুটা নতুন বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা।




Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-