AHSEC Class12 ||History Chapter-9||কৃষক,জমিদাৰ আৰু ৰাজ্য(কৃষক,সমাজ আৰু মোগল সাম্ৰাজ্য খৃ:16-17 শতিকা)Present,Zamindar's and the states:Argarian society and the Mughal empire(Assamese medium notes)

  অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-কৃষি প্ৰধান সমাজত মহিলাসকলৰ ভূমিকা আলোচনা 

Ans:-

      Intr:-মধ্য যুগত কৃষি প্ৰধান সমাজত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।কৃষি প্ৰধান সমাজত পুৰুষ-মহিলা উভয়ে কিছুমান কাম কৰিছিল।

     পুৰুষসকলে হাল বাইছিল, মহিলাসকলে শস্য সিঁচা, চপোৱা,নিৰোৱা আৰু শস্য জৰা-ফুঁকা কৰি চাফা কৰা কাম কৰিছিল।

     সূতা কটা,কাপোৰ বোৱা,চিলাই কৰা,ফুল বচা আদি কাৰিকৰী কামসমূহ মহিলা শ্ৰমিকসকলৰ ওপৰত নিৰ্ভৰশীল আছিল। আৱশ্যক হলে নিয়োগকর্তাৰ ঘৰত আৰু বজাৰটো কাম কৰিছিল।

     মধ্য যুগত কৃষি প্ৰধান সমাজত বিবাহিত মহিলাৰ সংখ্যা কম আছিল।কিয়নো, সেই সময়ত পুষ্টিহীনতা,সন্তান জন্ম হওঁতে মৃত্যু হোৱা মহিলাৰ হাৰ বেছি আছিল।

    বিবাহিত মহিলাসকলে স্বামীৰ ঘৰত নিৰ্যাতিত হোৱাৰ অভিযোগ আবেদনসমূহত উত্থাপন কৰিছিল।কিন্তু পুৰুষসকলক অপকৰ্ম কাৰণে কোনো শাস্তি প্ৰদান কৰা হোৱা নাছিল।

    ভূমি সম্পত্তি থকা সম্ভ্ৰান্ত পৰিয়ালত মহিলাসকলৰ সম্পত্তিৰ উত্তৰাধিকাৰী অধিকাৰ আছিল। হিন্দু আৰু মুছলমান মহিলাসকলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা জমিদাৰী বিক্ৰী বা বন্ধকত ৰাখিব পাৰিছিল।

      সামৰণি:-গতিকে কব পাৰি যে মধ্য যুগত মহিলাসকলে সম্পূৰ্ণ স্বাধীনতা পোৱা নাছিল। মহিলাসকলক পুৰুষসকলৰ কঠোৰ অধীনত ৰখা হৈছিল।

           ________ ৹৹৹৹ __________

(2)নং প্ৰশ্ন:-মোগল যুগত জমিদাৰসকলৰ ভূমিকা ব্যাখ্যা কৰা।

Ans:-

      Intr:-মোগল যুগত জমিদাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।জমিদাৰসকলৰ আয়ৰ উৎস কৃষি আছিল যদিও প্ৰত্যক্ষভাৱে কিন্তু এওঁলোক কৃষিৰ লগত জড়িত নাছিল।

     অজস্ৰ ভূমি-সম্পত্তি আৰু ক্ষমতাৰ অধিকাৰী এই জমিদাৰসকলে সমাজত উচ্চ আসন লাভ কৰাৰ লগতে কিছুমান সামাজিক আৰু আৰ্থিক সুবিধাও লাভ কৰিছিল।

     জমিদাৰসকলৰ ক্ষমতাৰ উৎস আছিল তেওঁলোকৰ বিস্তৃত পৰিমাণৰ ব্যক্তিগত ভূমি যাক মিল্কিয়ত বা সম্পত্তি বুলি কোৱা হৈছিল।

     ৰাজ্য হৈ কৰ সংগ্ৰহ কৰাৰ অধিকাৰ প্ৰাপ্ত জমিদাৰসকলে বিত্তীয় ক্ষমতাও লাভ কৰিছিল।

      বেছিভাগ জমিদাৰৰে আশ্বাৰোহী, অস্ত্ৰধাৰী আৰু পদাতিক সৈন্যৰ একোটা গোটৰ সৈতে নিজস্ব দুৰ্গ আছিল।

      সমসাময়িক তথ্যৰ ধাৰণা মতে শক্তিশালী সৈনিক চৰ্দাৰৰ দ্বাৰা দুখীয়া লোকসকলৰ ভূমি বেদখল কৰি জমিদাৰসকলে তেওঁলোকৰ পৰিসৰ বৃদ্ধি কৰিছিল।

     জমিদাৰসকলে কৃষি উপযোগী ভূমি অধিগ্ৰহণত সদায় আগ-ভাগ লৈছিল।বহু সময়ত কৃষি শ্ৰমিকসকলক খেতিৰ সা-সঁজুলি আৰু ঋণ দি কৃষি উপযোগী ভূমিত সংস্থাপন কৰিছিল।

      সামৰণি:-গতিকে কব পাৰি যে মধ্য যুগত জমিদাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সেইসময়ত কৃষকসকলে ৰাজ্য আৰু সম্ৰাটৰ বিৰুদ্ধে যি কৃষক বিদ্ৰোহ কৰিছিল, সেইবোৰলৈ জমিদাৰসকলে সহায়ৰ হাত আগবঢ়াইছিল।

         _____________ ৹৹৹৹৹৹ __________

(3)নং প্ৰশ্ন:-"আইনী-ই-আকবৰী"ক কিয় অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ সম্বল বুলি বিবেচনা কৰা হয়?এই "আইনী-ই-আকবৰী"ৰ দুটা আসোঁৱাহ উল্লেখ কৰা।

Ans:-

       Intr:-সম্ৰাট আকবৰৰ নিৰ্দেশত আবুল ফজলে ৰচনা কৰা আইন-ই-আকবৰী মোগল যুগৰ ঐতিহাসিক দলিল।পাঁচবাৰ সংশোধনৰ অন্তত সম্ৰাট আকবৰৰ ৰাজত্বৰ 42তম বৰ্ষত অৰ্থাৎ1598 খৃ:ত গ্ৰন্থখনৰ কাম সম্পূৰ্ণ হৈছিল।

     ইতিহাসৰ সম্বল বুলি কোৱা কাৰণসমূহ হল-

       গ্ৰন্থখনত দৰবাৰ,প্ৰশাসন,সৈন্য,সাহিত্য সকলো ধৰণৰ বৰ্ণনা আছিল।

      গ্ৰন্থখনে আকবৰৰ বিস্তৃত সাম্ৰাজ্যখনত প্ৰচলিত বিভিন্ন ৰীতি নীতি,আচাৰ-ব্যৱহাৰৰ তথ্য দিয়ে।

     বিভিন্ন প্ৰান্তৰৰ  সূক্ষ্ম আৰু বিতৰ্কিত বিষয়সমূহৰো তথ্য সন্নিৱিষ্ট কৰা হৈছিল।

     মোগল সাম্ৰাজ্য আৰু ভাৰতীয় লোকৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা আইনী-ই-আকবৰী সহায়ত ইতিহাসবিদসকলে সমকালীন ভাৰতৰ সামাজিক ব্যৱস্থাৰ ইতিহাস পুনৰ ৰচনা কৰিবলৈ সক্ষম হৈছে।

       তৎসত্বেও ইয়াৰ আসোঁৱাহ নথকা নহয়।যেনে

(1)ভালেমান প্ৰদেশৰ জমিদাৰসকলৰ জাতিৰ বিষয়ে বিস্তৃত তথ্য সন্নিৱিষ্ট কৰা হৈছে।কিন্তু বংগ আৰু উৰিষ্যাৰ জমিদাৰৰ সম্পৰ্কে এনে তথ্য নাই।

(2)কিছুমান গুৰুত্বপূৰ্ণ মাপক ৰাজধানী আগ্ৰা আৰু তাৰ আশে পাশে থকা অঞ্চলসমূহৰ পৰাহে সংগ্ৰহ কৰা হৈছিল।

        সামৰণি:-সীমাবদ্ধতা থকা সত্বেও গ্ৰন্থখন সেই সময়ৰ এখন অসামান্য অতুলনীয় দস্তাৱেজ হিচাপে পৰিগণিত হৈছে।

           _________ ৹৹৹ _________

চমু প্ৰশ্ন:

(1)নং প্ৰশ্ন:-আইন-ই-আকবৰী পুথিখন অনুবাদ কৰা ইংৰাজ অনুবাদ দুজনৰ নাম লিখা।তেওঁলোকে অনুবাদৰ কাম কেতিয়া সম্পূৰ্ণ কৰিছিল?

Ans:-

       আইন-ই -আকবৰী অনুবাদ কৰা ইংৰাজ অনুবাদ দুজন হল-

(1)হেনৰী ব্লকমেন

(2)এইচ.এচ. জেৰেট।

      তেওঁলোকে অনুবাদৰ কাম ক্ৰমে 1873 আৰু1891-1894 লৈকে কৰিছিল।



Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-