AHSEC Class12 Political Science Chapter-9 বিশ্বায়ন(Globalisation)

 (1)নং প্ৰশ্ন:-বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমুহ কি কি?আলোচনা কৰা।

Ans:-

      Intr:-বিশ্বায়ন হৈছে এক ৰাজনৈতিক প্ৰভাৱ।বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক প্ৰভাৱ দেখা যায়।

     (ক) ৰাজনৈতিক প্ৰভাৱ:-বিশ্বায়নৰ ধাৰণাটো ৰাজনৈতিক ব্যবস্থাৰ লগত ওতঃপোতভাৱে জড়িত।বিশ্বায়নৰ ৰাজনৈতিক প্ৰভাৱ তিনিটা দিশৰপৰা বিবেচনা কৰিব পাৰি।

     বিশ্বায়নে জাতি ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যৱলীৰ ক্ষেত্ৰত এক সীমাবদ্ধতা আনি দিছে।সমাজবাদীসকলে পোষণ কৰা কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা বৰ্তমান সীমিত ৰাষ্ট্রলৈ পৰ্যবসিত হৈছে আৰু ৰাষ্ট্ৰৰ কাৰ্য্যৱলী মাত্ৰ কেইটামান ঐচ্ছিক কাৰ্য্য যেনে-দেশৰ ভিতৰত আইন শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণক নিৰাপত্তা দিয়া আদিতে সীমাবদ্ধ হৈ পৰিছে।আন এটা দিশৰ পৰা বিবেচনা কৰিলে দেখা যায় যে বিশ্বায়ন ব্যৱস্থাই ৰাষ্ট্ৰৰ কাৰ্য্য ক্ষমতাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

        (খ)অৰ্থনৈতিক প্ৰভাৱ:-বিশ্বায়নৰ ধাৰণাটো মূলতঃ মুক্ত অৰ্থনীতিৰ লগত জড়িত।বিশ্বায়নৰ অৰ্থনৈতিক ধাৰণাটোক ঠেক গণ্ডীৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব নোৱাৰি ।অৰ্থনৈতিক বিশ্বায়নে সাধাৰণতে বিশ্বৰ দেশসমূহৰ মাজত সম্পদৰ বিতৰণ আৰু বিনিয়োগ ব্যৱস্থাক বুজায়।বিশ্বায়নৰ ফলশ্ৰুতিত ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যক লেন-দেন আৰু আদান প্ৰদান ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে।বিশ্বায়নৰ অৰ্থনৈতিক প্রভাৱৰ ফলতেই কম্পিউটাৰ, ইণ্টাৰনেট আদি সেৱা সহজেই উপলব্ধ হৈ পৰিছে।

        (গ)সাংস্কৃতিক প্রভাৱ:-সাংস্কৃতিক ক্ষেত্ৰত আমাৰ থকা ,খোৱা,পিন্ধা-উৰা,চিন্তা-চৰ্চাৰ লগতে ৰুচি আদি সকলোতে বিশ্বায়নৰ প্ৰভাৱ বিদ্যমান।বিশ্বায়নৰ প্ৰক্ৰিয়াৰ ফলত এখন সমাজৰ ৰীতি-নীতি,ধ্যান-ধাৰণাক আন এখন সমাজে গ্ৰহণ কৰিছে,যাৰ ফলত বিশ্বৰ সমুহ জনসাধাৰণৰ মাজত এক সাংস্কৃতিক ঐক্য দেখিবলৈ পোৱা যায় ।

           সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে বিশ্বায়নৰ ধাৰণাই এক অবিৰত প্ৰৱাহক বুজায়।

     ______________৹৹৹৹৹৹৹____________

(2)নং প্ৰশ্ন:-বিশ্বায়নৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ আলোচনা কৰা।

Ans:-

       Intr:-বিশ্বায়নৰ ধাৰণাটো ৰাজনৈতিক ব্যৱস্থাৰ লগত ওতঃপোতভাৱে জড়িত।সমসাময়িক বিশ্বায়ন প্ৰক্ৰিয়াই ৰাজনৈতিক ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাইছে,সেই লৈ সাম্প্ৰতিক সময়ৰ চিন্তাবিদসকলৰ মাজত যথেষ্ট বিতৰ্ক পৰিলক্ষিত হয়।

                বিশ্বায়নে জাতি ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্য্যৱলীৰ ক্ষেত্ৰত এক সীমাবদ্ধতা আনি দিছে।অৰ্থাৎ বিশ্বায়নৰ ফলত ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ কাৰ্য্যৱলী ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে।অৰ্থনৈতিক আৰু সামাজিক কল্যাণমূলক কার্যসমূহ সম্পাদনৰ বাবে ৰাষ্ট্ৰৰ পৰিৱৰ্তে অগ্ৰাধিকাৰ লাভ কৰিছে বিভিন্ন বহুজাতিক কোম্পানীসমূহে।

            দ্বিতীয়তে ,কিছুমান চিন্তাবিদৰ মতে বিশ্বায়ন ব্যৱস্থাই জাতি ৰাষ্ট্ৰৰ সামৰ্থ্য আৰু সাৰ্বভৌমত্বৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই।

          আন এটা দিশৰপৰা বিবেচনা কৰিলে দেখা যায় যে বিশ্বায়ন ব্যৱস্থাই ৰাষ্ট্ৰৰ কাৰ্য্য ক্ষমতাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

          সামৰণি:-মুঠৰ ওপৰত কব লাগিব বিশ্বায়ন প্ৰক্ৰিয়াই এহাতে নতুন নতুন সুযোগ সুবিধাৰ সৃষ্টি কৰি ৰাষ্ট্ৰৰ কাৰ্য্যৱলীসমূহ সম্পন্ন কৰাত সহায় কৰিছে আৰু অন্যহাতে, মুক্ত বজাৰ ব্যৱস্থাৰ জৰিয়তে জাতি ৰাষ্ট্ৰৰ সীমা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

           __________৹৹৹৹৹৹_______




Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-