AHSEC Class12 Political Science ||Chapter-8 আঞ্চলিক প্ৰত্যাশা||Regional Aspirations

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

 (1)নং প্ৰশ্ন:-ভাৰতত আঞ্চলিকতাবাদৰ বিকাশৰ কাৰণবোৰ কি কি?(Mark's:6)

Ans:-

      Intr:-সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে সৰ্বভাৰতীয় দলৰ উপৰিও আঞ্চলিক দলসমূহৰ বিকাশ ঘটিছে।

         ভাৰতত অঞ্চলিকতাবাদৰ বিকাশৰ কাৰণবোৰ হল-

      (1)স্বায়ত্তাৰ দাবী:-বিভিন্ন ৰাজ্যৰ ভিতৰতে বিভিন্ন নৃ-গোষ্ঠীয়ে নিজৰ জিলা তথা অঞ্চলত অথবা বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা নিজৰ নৃ-গোষ্ঠীৰ বাবে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰি আহিছে ।যাৰ বাবে সৃষ্টি হৈছে আঞ্চলিকতাবাদৰ।

      (2)বিকাশৰ ক্ষেত্ৰত হোৱা ভাৰসাম্যহীন অৱস্থা আৰু এটা অঞ্চলৰ সম্পদক অন্য এটা অঞ্চলৰ বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ কৌশলে আঞ্চলিকতাবাদী প্ৰকাশক তীব্ৰতৰ কৰি তোলে।

      (3)ভাষিক-সাংস্কৃতিক দাবী:-নিজৰ অঞ্চলৰ বাবে ৰাজ্যৰ ভাষিক-সাংস্কৃতিক বজাই ৰাখিবৰ বাবেও আঞ্চলিকতাবাদ চিন্তা চেতনাৰ উদ্ভৱ হয়।

     (4)সাৰ্বভৌমত্ব ৰক্ষা আৰু পৃথক ৰাজ্যৰ দাবী:-বহুক্ষেত্ৰত দেখা যায় যে স্বাধীন আৰু ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণকৈ পৃথক স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবীৰ ফলত আঞ্চলিকতাবাদৰ বিকাশ ঘটে।

    সামৰণি:-গতিকে কব পাৰি যে স্বায়ত্বতাৰ দাবীত,পৃথক ৰাজ্য ,সাৰ্বভৌমত্ব,নিজৰ অঞ্চলৰ ভাষা-সংস্কৃতি ৰক্ষাত,ভাষাক মৰ্য্যদা দিয়াক লৈ বিভিন্ন কাৰণত আঞ্চলিকতাবাদৰ বিকাশ ঘটিছে।তাৰ ফলত গঢ় লৈ উঠিছে কিছুমান আঞ্চলিক দলৰ।যেনে অসম গণ পৰিষদ,D. M. K. আকালী দল ইত্যাদি।

            ________৹৹৹◆৹৹৹_____

(2)নং প্ৰশ্ন:-ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰণ লিখা।(Mark's:2)

Ans:-

       ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰণ হল-

  (1)দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়ে আঞ্চলিক দলৰ সৃষ্টিত বৰঙণি যোগাইছে।

    (2)সাধাৰণতে কেন্দ্ৰৰ দ্বাৰা বঞ্চিত মনোভাৱক সাৰথি কৰিয়েই আঞ্চলিক দলৰ দেশৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে।

         __________ ৹৹৹৹ ________

(3)নং প্ৰশ্ন:-কাশ্মীৰৰ সমস্যাৰ বিষয়ে চমুকৈ লিখা।(Mark's:4)

Ans:-

         Intr:-কাশ্মীৰক কেন্দ্ৰ কৰি বিগত ছয় দশকৰো অধিককাল ধৰি জম্বু-কাশ্মীৰৰ অব্যাহত থকা সংকট আৰু সংঘাত ভাৰতবৰ্ষৰ এক আভ্যন্তৰীণ সমস্যা হৈ ৰোৱা নাই।ই ভাৰতবৰ্ষৰ বাবে এক দ্বী-পাক্ষিক সমস্যাও। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত চলি আহিছে।

        কাশ্মীৰ সমস্যা:--প্ৰথম সমস্যা আছিল ভাৰত আৰু পাকিস্তানৰ সীমাত অৱস্থিত জম্বু-কাশ্মীৰ আছিল এখন ৰাজশাসিত ৰাজ্য। কাশ্মীৰৰ ৰজা হৰিসিঙে ভাৰত আৰু পাকিস্তানৰ কোনো এখন দেশৰ লগতে অন্তৰ্ভুক্ত হোৱাৰ পৰিৱৰ্তে স্বাধীনভাৱে কাশ্মীৰ শাসনৰ পোষকতা কৰিছিল।কাশ্মীৰ অঞ্চলৰ সংখ্যাগৰিষ্ঠ লোক মুছলিম হোৱাৰ হেতুকে পাকিস্তানে জম্বু-কাশ্মীৰক পাকিস্তানৰ অন্তৰ্ভূক্তিৰ হোৱাৰ পোষকতা কৰিছিল।1947 চনৰ পাকিস্তানৰ পাঠান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰে।এনে এক পৰিস্থিতিৰ সন্মুখীন হৈ কাশ্মীৰৰ মহাৰজাই ভাৰত চৰকাৰক সামৰিক সাহায্য বিচাৰিবলৈ বাধ্য হৈ পৰে।ভাৰতবৰ্ষৰ লগত অন্তৰ্ভূক্তিৰ চুক্তি স্বাক্ষৰিত নোহোৱাকৈ যিহেতু ভাৰত চৰকাৰে কাশ্মীৰলৈ সেনা পঠিয়াব নোৱাৰে গতিকে 26 অক্টোবৰ তাৰিখে মহাৰজাই ভাৰতবৰ্ষৰ লগত অন্তৰ্ভূক্তিৰ চুক্তিত স্বাক্ষৰ কৰে।এই 1947 চনৰ পৰাই ভাৰত-পাক সংঘাতৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

            ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত 370 নং অনুচ্ছেদৰ জৰিয়তে কাশ্মীৰক বিশেষ মৰ্য্যদা দিয়া হৈছিল।এই অনুচ্ছেদক কেন্দ্ৰ কৰি বিতৰ্ক চলি আহিছিল। কাশ্মিৰীসকলৰ একাংশই কব খোজে যে বিশেষ পৰিস্থিতিত ভাৰতবৰ্ষৰ সৈতে অন্তৰ্ভূক্তিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত প্ৰতিশ্ৰুতি দিয়া হৈছিল যে জনসাধাৰণৰ মতামতৰ ওপৰত ভিত্তি কৰিহে এনে অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হব।কিন্তু এনে সিদ্ধান্ত দিয়াৰ সুযোগ কাশ্মিৰীসকলক কেতিয়াও দিয়া নহল।

          বৰ্তমান 370 নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে।সংবিধানৰ 370 নং অনুচ্ছেদৰ অধীনত কাশ্মীৰত যি বিধানসভাই নিজা সংবিধান প্ৰণয়ন ক্ষমতা, দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলৱৎ নোহোৱা আদি বাতিল কৰা হব।ইয়াক লৈও বহু বিতৰ্ক হৈছে।ওমৰ আব্দুল্লা, প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে বিৰোধীতা কৰাৰ বাবে আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখিছিল।

          সামৰণি:-শেহতীয়াকৈ গম পোৱা যায় যে জম্বু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰা সিদ্ধান্তক কাশ্মীৰ বাসীয়ে আদৰি লৈছে।যদিও কাশ্মীৰ সমস্যা সম্পূৰ্ণৰূপে এতিয়াও ওৰ পৰা নাই।

           _________ ৹৹৹৹●৹৹৹________

আৰ্হি প্ৰশ্নাৱলী:(Mark's:6)

(1)নং প্ৰশ্ন:-ভাৰতত আঞ্চলিক দলৰ উত্থানৰ কাৰণবোৰ আলোচনা কৰা।

Ans:-

    Intr:-মৰ্চা চৰকাৰ আৰম্ভ হোৱাৰ পৰা ভাৰতত অঞ্চলিক দলৰ উত্থান যথেষ্ট বাঢ়িছে।

   আঞ্চলিক দলৰ উত্থানৰ বিভিন্ন কাৰণ আছে-

    (1)নিজ নিজ অঞ্চলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আঞ্চলিক দলসমূহ সংঘবদ্ধ হোৱা দেখা যায়।

    (2)নিজ নিজ অঞ্চলৰ আৰ্থ-সামাজিক সমস্যা সমাধানৰ বাবে।

    (3)দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়েও আঞ্চলিক দলৰ সৃষ্টিত বৰঙণি যোগাইছে।

    (4)সাধাৰণতে কেন্দ্ৰৰ দ্বাৰা বঞ্চিত মনোভাৱক সাৰথি কৰিয়েই আঞ্চলিক দল দেশৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে।

    (5)বিভিন্ন স্থানীয় সমস্যাৰ সমাধানৰ বাবে আঞ্চলিক দলসমূহৰ উদ্ভৱ হৈছে।

    (6)আমাৰ ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ।ইয়াত বিভিন্ন ভাষা-ভাষী,জাতি,ধৰ্মৰ লোকে বসবাস কৰে।সেয়ে বিভিন্ন অঞ্চলত কিছুমান আঞ্চলিকতাৰ মনোভাৱৰ ভিত্তিতেই গঢ় লৈ উঠিছে আঞ্চলিক দলৰ।

    সামৰণি:-গতিকে ক'ব পাৰি যে বৰ্তমান অঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বাঢ়ি আহিছে।

               ______৹৹৹_____

(2)নং প্ৰশ্ন:-ভাৰতৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ ভূমিকা আলোচনা কৰা।

Ans:-

     Intr:-ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ।বিভিন্ন জাতি,ধৰ্ম, বৰ্ণৰ লোকে বসবাস কৰা ভাৰতত আঞ্চলিকতাবাদৰ মনোভাৱ গঢ় লৈ উঠিছে।

   ভাৰতত ৰাজনীতিত অঞ্চলিকতাবাদৰ ভূমিকা যথেষ্ঠ আছে।বৰ্তমান আঞ্চলিক দলসমূহে ৰাজনৈতিক বৈধতা তথা ৰাজনৈতিক ক্ষমতা লাভৰ সুযোগ পাইছে।

   বিগত সময়ছোৱাত বিভিন্ন আঞ্চলিকতাবাদী ৰাজনৈতিক দলে কেন্দ্ৰীয় চৰকাৰতো অংশগ্ৰহণ কৰা ঘটনাই এই কথা প্ৰমাণ কৰে যে আঞ্চলিকতাবাদী ৰাজনীতিয়ে জাতিনিৰ্মাণ প্ৰক্ৰিয়াৰ অন্যতম আধাৰ হিচাপে গা কৰি উঠিছে।

   আঞ্চলিক দলসমূহে বিভিন্ন অঞ্চলৰ জাতিগত সমস্যা, ভাষাগত সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

   সামৰণি:-মৰ্চা চৰকাৰ গঠন হোৱাৰ পাছত আঞ্চলিক দলসমূহে গুৰুত্বপূৰ্ণ দপ্তৰসমূহ লাভ কৰিবলৈ সক্ষম হৈছে।

                     _____৹৹৹_____

(3)নং প্ৰশ্ন:-নেচনেল কনফাৰেন্সৰ আদৰ্শ আৰু নিৰ্বাচনী কৃতকাৰ্যতা আলোচনা কৰা।

Ans:-

     Intr:-কাশ্মীৰৰ জনপ্ৰিয় নেতা শ্বেখ আব্দুল্লাই নেচনেল কনফাৰেন্স দলৰ নেতৃত্ব দিছিল।

   আদৰ্শ:-

(1)ধৰ্মনিৰপেক্ষ নীতিত বিশ্বাসী।

(2)গণতান্ত্ৰিক চৰকাৰক সমৰ্থন কৰিছিল।

   জম্বু কাশ্মীৰৰ আঞ্চলিক প্ৰত্যাশা প্ৰতিফলিত কৰাৰ ক্ষেত্ৰত নেচনেল কনফাৰেন্স দলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

    1975 চনত শ্বেখ আব্দুল্লা পুনৰবাৰ জম্বু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হোৱাত নেচনেল কনফাৰেন্স দল শক্তিশালী হৈ উঠে।

   1977 চনত মধ্যৱৰ্তীকালীন নিৰ্বাচনত নেচনেল কনফাৰেন্স দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু শ্বেখ আব্দুল্লা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

   1983 চনৰ নিৰ্বাচনতো নেচনেল কনফাৰেন্স দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে।

   কিন্তু জি.এম.শ্বাহে নেচনেল কনফাৰেন্স দলৰ বিভাজন ঘটায়।

   সামৰণি:-এনেদৰে নেচনেল কনফাৰেন্স দলে নিৰ্বাচনী কৃতকাৰ্যতা লাভ কৰিছিল।

                  _____৹৹৹_____

(4)নং প্ৰশ্ন:-ডি. এম.কে- ৰ নীতি আৰু আঁচনি আলোচনা কৰা।

Ans:-

     Intr:- তামিলনাডুৰ প্ৰধান আঞ্চলিক দল হ'ল D.M.K. তামিলনাডুত ব্ৰাহ্মণ বিৰোধী, উত্তৰ ভাৰত বিৰোধী আৰু হিন্দী বিৰোধী আন্দোলনৰ ফলস্বৰূপে এই আঞ্চলিক দল গঠন হৈছিল।

   ডি. এম.কে-ৰ নীতি আৰু আঁচনি:-

    (1) এই দলে তামিলসকলৰ ভাষা-সংস্কৃতি ৰক্ষা ওপৰত গুৰুত্ব দিয়ে।

   (2)সমাজবাদী আৰু গণতান্ত্ৰিক দৃষ্টিভংগীক সমৰ্থন কৰে।

   (3)দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকৰ উন্নতিৰ ওপৰত এই দলে যথেষ্ঠ গুৰুত্ব দিয়ে।

  (4)জমিদাৰ শ্ৰেণীৰ লোকৰ ভূ-সম্পত্তিৰ নিৰাপত্তা দিয়া নীতিৰ ওপৰতো গুৰুত্ব দিয়ে।

  (5)স্থানীয় লৰা-ছোৱালীক দুপৰীয়াৰ আহাৰ যোগান ধৰা, বৃদ্ধসকলক পেঞ্চন দিয়া,শাৰী বিতৰণ কৰা আদি নীতিও এই চৰকাৰে গ্ৰহণ কৰিছে।

  এই দলে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে।সামাজিক কল্যাণমূলক আঁচনিৰ জৰিয়তে দুখীয়া শ্ৰেণীক যথেষ্ঠ সহায় কৰিবলৈ সক্ষম হৈছে।

   কৃষক শ্ৰেণীৰ লোকক আৰ্থিক সাহায্য দিয়া আৰু ঋণদান কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

    সামৰণি:-গতিক ক'ব পাৰি যে-পিছপৰা আৰু দুখীয়া শ্ৰেণীৰ লোকৰ প্ৰতি এই দলৰ বিশেষ সঁহাৰি আছে।

                 ______৹৹৹______

(5)নং প্ৰশ্ন:-"অসম গণ পৰিষদ"-ৰ নীতি আৰু আঁচনি সম্পৰ্কে আলোচনা কৰা।

Ans:-

      Intr:-অসমৰ আঞ্চলিক দল বুলিলে সাধাৰণতে "অসম গণ-পৰিষদ"ক বুজায়।বিভিন্ন ৰাজনৈতিক সমস্যাৰ পৰিপ্ৰেক্ষিতত 1985 চনৰ শেষ ভাগত "অসম গণ পৰিষদ" নামৰ আঞ্চলিক দল এটা অসমত সৃষ্টি হৈছিল।

     অসম গণ-পৰিষদৰ নীতি আৰু আঁচনি:-

    (1)অসম গণ পৰিষদ চৰকাৰে নিকা,শোষণ-দুৰ্নীতি মুক্ত চৰকাৰ প্ৰতিষ্ঠা কৰাতো হৈছে অন্যতম নীতি।

    (2)বিদেশী বহিস্কাৰ আন্দোলনৰ ওপৰত গুৰুত্ব দিছিল।

    (3)অসমৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ বাবে বিশেষ গুৰুত্ব দিছিল।

    (4)অসম গণ পৰিষদে গণতন্ত্ৰ, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতিও সমৰ্থন জনাইছিল।

    অসম গণ পৰিষদে "অসম চুক্তি" কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

    গণ পৰিষদে এখন নতুন অসম গঢ়ি তোলাৰ বাবে আঁচনি গ্ৰহণ কৰিছিল।কিন্তু বহুক্ষেত্ৰত গণ পৰিষদে বিফল হৈ ৰ'ল যদিও বৰ্তমানো যথেষ্ঠ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

     সামৰণি:-গতিকে ক'ব পাৰি যে-অসম গণ পৰিষদৰ বিভিন্ন নীতি আৰু আঁচনি গ্ৰহণ কৰিছিল।

              ______৹৹৹৹______

চমুটোকা:(Mark's:4)

(1)নং প্ৰশ্ন:-অন্যকৰ মাজত ঐক্য স্থাপনৰ কাৰণে অঞ্চলিকতাবাদে কৰা প্ৰয়াস।

Ans:-

     Intr:-অন্যকৰ মাজত ঐক্য স্থাপনৰ কাৰণে অঞ্চলিকতাবাদে গুৰুত্বপূৰ্ণ প্ৰয়াস কৰিছে।

    একো একোটা অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত অঞ্চলিকতাবাদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

    ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতিয়ে ক্ৰমাগতভাৱে আঞ্চলিক ৰাজনৈতিক চেতনাক দেশীয় ৰাজনীতিৰ অন্যান্য অংগ বুলি স্বীকাৰ কৰি লৈছে অৰ্থাৎ আঞ্চলিক প্ৰত্যাশাক জাতীয় সংহতিৰ প্ৰতিবন্ধক বুলি ভবাৰ বিপৰীতে এনে চেতনা আৰু প্ৰত্যাশাৰ স্বীকৃতি তথা তাক সন্মান সহকাৰে যথাযোগ্য স্থান দিয়াটোহে জাতীয় সংহতিৰ নিৰ্মাণৰ এক কৌশল হিচাপে গণ্য কৰিব ধৰিলে।

     বৰ্ণাঢ্য সংস্কৃতি,ভাষা বা প্ৰত্যাশা গণতন্ত্ৰৰ বাবে এক সম্পদ-ই প্ৰতিবন্ধক নহয়।ভাৰত চৰকাৰে প্ৰথম অৱস্থাত এই বৰ্ণাঢ্য ৰূপটোৰ আধাৰত গঢ়ি উঠা আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশাক জাতীয় সংহতিৰ প্ৰতিবন্ধক বুলি গণ্য কৰিছিল।বৰ্তমান এই দৃষ্টিভংগী সলনি হৈছে।এনে এক প্ৰক্ৰিয়াই জাতীয় সংহতিৰ ভেঁটি শক্তিশালী কৰি তুলিছে মতপ্ৰকাশ কৰা হৈছে।

     সামৰণি:-গতিকে ক'ব পাৰি যে বৰ্তমান আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশাই ইতিবাচক স্বীকৃতি লাভ কৰিছে।

                  ______৹৹৹_____

(2)নং প্ৰশ্ন:-ভাৰতত আজি পৃথকতাবাদী ধাৰণাৰ মূল ভিত্তি কি?

Ans:-

      Intr:-বিগত সময়চোৱাত ভাৰতত পৃথকতাবাদী আন্দোলনে নতুন ৰূপ ধাৰণ কৰিছে।বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন অঞ্চলত পৃথকতাবাদী আন্দোলন গঢ়ি উঠিছে।

    ভাৰতত আজি পৃথকতাবাদী আন্দোলনৰ মূল ভিত্তি হ'ল-

    (1)সাৰ্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰৰ দাবী:-বিভিন্ন গোটে ভাৰতবৰ্ষৰ পৰা সম্পূৰ্নকৈ পৃথক হৈ স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে।

    (2)পৃথক ৰাজ্যৰ দাবী:-পৃথক ৰাজ্যৰ দাবীৰ ভিত্তিতেই আজি ভাৰতবৰ্ষত পৃথকতাবাদী আন্দোলন গঢ়ি উঠিছে।

   (3)স্বায়িত্বশাসিত পৰিষদৰ দাবী:-বিভিন্ন ৰাজ্যৰ ভিতৰতে বিভিন্ন নৃ-গোষ্ঠীয়ে নিজ জিলা তথা অঞ্চলত পৃথকতাবাদী আন্দোলন গঢ়ি তুলিছে।

   (4)সম্পদ নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী:-বিগত সময়ছোৱাত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত প্ৰাকৃতিক সম্পদ, বিশেষকৈ জলসম্পদ আৰু বনজ সম্পদৰ ওপৰত জনসাধাৰণৰ পূৰ্ণ নিয়ন্ত্ৰণৰ দাবীত বিভিন্ন গণ আন্দোলন গঢ়ি উঠিছে।

   সামৰণি:-গতিকে ক'ব পাৰি যে-ভাষাৰ ভিত্তিত,জাতিৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন অঞ্চলত পৃথকতাবাদী আন্দোলনৰ গঢ় লৈ উঠিছে।

                   ______৹৹৹৹______

(3)নং প্ৰশ্ন:-ভাৰতৰ নৰ্থ পূৱ(উত্তৰ-পূৱ)প্ৰান্তৰ আঞ্চলিক ৰাজনৈতিক আন্দোলনৰ বাখ্যা কৰা।

Ans:-

     Intr:-উত্তৰ-পূৱ ভাৰত আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশাৰ ৰংগমঞ্চ।স্বাধীনতাৰ ঠিক পিছতে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন নৃ-গোষ্ঠীয়ে আঞ্চলিক ৰাজনৈতিক প্ৰত্যাশা ব্যক্ত কৰি আহিছে।

    স্বাধীনতাৰ পিছতে গঢ়ি উঠা নগা বিদ্রোহে ভাৰত ৰাষ্ট্ৰৰ পৰা পৃথক হৈ স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবী তুলিছিল।1980-ৰ দশকত এই অঞ্চলত আঞ্চলিক প্ৰত্যাশাই নতুন মাত্ৰা লাভ কৰিলে।

    1979 চনৰ পৰা আৰম্ভ হোৱা ছবছৰীয়া অসম আন্দোলনৰ সমান্তৰালভাৱে গঢ়ি উঠিছিল সংযুক্ত মুক্ত বাহিনী,অসম চমুকৈ আলফাৰ স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ সশস্ত্ৰ সংগ্ৰাম।

   স্বায়ত্বতাৰ দাবী,পৃথক ৰাজ্যৰ দাবী,বহিৰাগত বিৰুদ্ধে হোৱা আন্দোলনৰ দাবী এনেধৰণৰ আঞ্চলিক ৰাজনৈতিক দলৰ আন্দোলনৰ ফলতেই "বৰ অসম"খন ভাগ ভাগ হৈ পৰিল।

   সামৰণি:-বৰ্তমানো উত্তৰ-পূৱ ভাৰতত আঞ্চলিক দলসমূহে পৃথক ৰাজ্যৰ দাবী কৰা দেখা পোৱা যায়।

               ______৹৹৹৹____

(4)নং প্ৰশ্ন:-ভাৰতত আজি পৃথকতাবাদী ভাৱধাৰা জাগ্ৰত হোৱাৰ চাৰিটা কাৰণ লিখা।

Ans:-

     Intr:-বিগত সময়চোৱাত ভাৰতত পৃথকতাবাদী আন্দোলনে নতুন ৰূপ ধাৰণ কৰিছে।বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন অঞ্চলত পৃথকতাবাদী আন্দোলন গঢ়ি উঠিছে।

    ভাৰতত আজি পৃথকতাবাদী আন্দোলনৰ মূল ভিত্তি হ'ল-

    (1)সাৰ্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰৰ দাবী:-বিভিন্ন গোটে ভাৰতবৰ্ষৰ পৰা সম্পূৰ্নকৈ পৃথক হৈ স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে।

    (2)পৃথক ৰাজ্যৰ দাবী:-পৃথক ৰাজ্যৰ দাবীৰ ভিত্তিতেই আজি ভাৰতবৰ্ষত পৃথকতাবাদী আন্দোলন গঢ়ি উঠিছে।

   (3)স্বায়িত্বশাসিত পৰিষদৰ দাবী:-বিভিন্ন ৰাজ্যৰ ভিতৰতে বিভিন্ন নৃ-গোষ্ঠীয়ে নিজ জিলা তথা অঞ্চলত পৃথকতাবাদী আন্দোলন গঢ়ি তুলিছে।

    (4)সম্পদ নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী:-বিগত সময়ছোৱাত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত প্ৰাকৃতিক সম্পদ, বিশেষকৈ জলসম্পদ আৰু বনজ সম্পদৰ ওপৰত জনসাধাৰণৰ পূৰ্ণ নিয়ন্ত্ৰণৰ দাবীত বিভিন্ন গণ আন্দোলন গঢ়ি উঠিছে।

   সামৰণি:-গতিকে ক'ব পাৰি যে-ভাষাৰ ভিত্তিত,জাতিৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন অঞ্চলত পৃথকতাবাদী আন্দোলনৰ গঢ় লৈ উঠিছে।

             ______৹৹৹৹____

(5)নং প্ৰশ্ন:-উত্তৰ-পূৱ ৰাজনীতি আৰু অঞ্চলটোত স্বায়ত্ব শাসনৰ দাবীৰ বিষয়ে বৰ্ণনা কৰা।(H. S 2020 Marks-6)

Ans:-

      Intr:- "স্বায়ত্বতা'ৰ দাবীৰ পৰিপ্ৰেক্ষিততেই উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিল।

    উত্তৰ-পূৱ ভাৰতৰ বিশেষকৈ অসমৰ কথা কব পাৰি,অসমত আজিও স্বায়ত্বতাৰ দাবীত বিভিন্ন আন্দোলন চলি আছে।এই ক্ষেত্ৰত বিশেষভাৱে বড়ো,কাৰ্বি,ডিমাছাসকলে গঢ়ি তোলা আন্দোলনৰ কথা কব পাৰি।

    ষষ্ঠ অনুসূচীৰ আধাৰত উত্তৰ কাছাৰ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ সৃষ্টি কৰা হৈছিল।2003 চনত বড়োসকলকো Bodo territorial council নামেৰে স্বায়ত্ব শাসিত পৰিষদৰ মৰ্য্যদা দিয়া হয়।

  ইয়াৰ উপৰিও মিচিং, তিৱা,ৰাভা,দেউৰী আদিকো ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নকৰাকৈয়ে স্বায়ত্ব শাসনৰ সুবিধা দিয়া হৈছে।এই জনগোষ্ঠীসুমহে বৰ্তমান তেওঁলোকৰ বাবে ষষ্ঠ অনুসূচীৰ মৰ্য্যদা দাবী কৰি আহিছে।

    উত্তৰ-পূৱ ভাৰতৰ নাগালেণ্ড আৰু মিজোৰামত ও এনে গঢ়ি উঠা দেখা যায়।নগাসকলে তেওঁলোকে নিজকে পৃথক জাতি বুলি গণ্য কৰে আৰু তেওঁলোকৰ স্বকীয় ইতিহাস আৰু পৰম্পৰাগত স্বশাসনৰ ভিত্তিত পৃথক জাতি ৰাষ্ট্ৰৰ দাবী তুলি আহিছে।

   ভাৰতীয় সংবিধানে স্বায়ত্বতাৰ দাবী পূৰণ কৰিব পৰাকৈ তিনিটা পন্থা গ্ৰহণ কৰিছে-ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা, পৃথক ৰাজ্য গঠন কৰা।

    সামৰণি:-গতিকে আমি ক'ব পাৰো যে-চৰকাৰে বিভিন্ন পন্থা গঠন কৰিলেও আজিও স্বায়ত্ব শাসনৰ দাবীৰ বাবে বিভিন্ন বিছিন্নবাদী আন্দোলন গঢ় লৈ উঠা দেখা যায়।

            ________৹৹৹৹_____


  



     


  

   

   

  



               

Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-