AHSEC Class12||History Chapter-7||ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ, খৃ:৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ||Bhakti and Sufi tradition,changes in religious beliefs and devotional text,century 8th to18th century ||(Assamese medium notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
ৰচনাধৰ্মী প্ৰশ্ন:
(1)নং প্ৰশ্ন:-চুলতান আৰু চুফীসকলৰ মাজত বিৰোধ আছিলনে?
Ans:-
Intr:- খৃ:13 শ শতিকাত তুৰ্কী আৰু আফগানসকলৰ নেতৃত্বত দিল্লীত চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল।মধ্য যুগত চুফীবাদ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল।
চুলতান আৰু চুফীসকলৰ সংঘাতৰ উদাহৰণ থাকিলেও সম্পৰ্কও যথেষ্ট আছিল।এইফালৰ পৰা চুলতান আৰু চুফীসকলৰ মাজত বিৰোধ আছিল বুলি কব নোৱাৰি।
চুফীসকলে ৰাজনৈতিক বিষয়াসকলে আগবঢ়োৱা দান-অনুদান গ্ৰহণ কৰিছিল।চুলতানে খানকাহৰ কৰমুক্ত ভূমি (ইনাম)অনুদান দিছিল আৰু দাতব্য ন্যাস প্ৰতিষ্ঠা কৰিছিল।
চুফিসকলৰ ধৰ্মনিষ্ঠা,পাণ্ডিত্য, দয়া,ক্ষমা, ঐশ্বৰিক গুণৰ মহিমাই তেওঁলোকক জনপ্ৰিয় কৰি তুলিছিল।শাসকসকলেও এওঁলোকৰ সমৰ্থন পাবৰ কাৰণে সততে যত্নপৰ হৈছিল।
তুৰ্কীসকলে দিল্লী চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ত উলেমাসকলে চৰিয়ত প্ৰয়োগ কৰিব বিচৰা কাৰ্য্যক চুলতানসকলে বাধা আৰোপ কৰিছিল। কিয়নো, তেওঁলোকে জানিছিল যে ৰাজ্যৰ অধিকাংশ প্ৰজাই আছিল অমুছলমান।এই সময়ত তেওঁলোকে চুফী সন্তসকলৰ সহায় লৈছিল।
চুফীসকলে মধ্যস্থতাকাৰী হিচাপে সৰ্বসাধাৰণৰ ভৌতিক আৰু আধ্যাত্মিক উন্নতি সাধনৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সম্ভৱ সেই কাৰণেই সম্ৰাটসকলে নিজৰ কৱৰ চুফী দৰগাহ আৰু খানকাহৰ ওচৰত দিয়াটো বিচাৰিছিল।
বহুসময়ত চুলতান সম্ৰাট আৰু চুফীসকলৰ মাজত সংঘাতৰ সৃষ্টি হোৱা উদাহৰণ আছে।নিজৰ নিজৰ পদ মৰ্য্যদা আৰু ক্ষমতাৰ দোহাই দি দুয়োজনে(চুলতান আৰু চুফীসন্ত)তেওঁলোকৰ প্ৰতি কিছুমান আচাৰ পালন যেনে-সাষ্টাঙ্গে প্ৰণিপাত আৰু ভৰি ছুই প্ৰণাম কৰাটো দাবী কৰিছিল।কেতিয়াবা কেতিয়াবা চুফীসকলকো আড়স্বৰপূৰ্ণ উপাধিৰে সম্বোধন কৰা হৈছিল।ইয়াতো চুলতান কিছু পৰিমাণে বিতুষ্ট হৈ পৰিছিল।
সামৰণি:-গতিকে কব পাৰি যে চুলতান আৰু চুফীসকলৰ মাজত বিৰোধ আছিল বুলি কব নোৱাৰি।
____ ৹৹৹ ____
(2)নং প্ৰশ্ন:-খান কাহ কি?চিষ্টি খানকাহত কেনেদৰে জীৱন কটোৱা হয় চমুকৈ লিখা।
Ans:-
Intr:-11 শ শতিকালৈকে চুফীবাদে কোৰাণ আৰু চুফী মতবাদৰ সৈতে জড়িত নিজস্ব সাহিত্যৰ সৈতে এক পূৰ্ণ বিকশিত আন্দোলন ৰূপে আত্মপ্ৰকাশ কৰিছিল।
খান কাহ হৈছে সংস্থাগত দৃষ্টিৰে চুফীসকলে নিজকে প্ৰতিষ্ঠা কৰা এক সংগঠিত সম্প্ৰদায়।খান কাহৰ নিয়ন্ত্ৰণ শ্বেইখ আৰু পীৰৰ হাতত আছিল।তেওঁৰ শিষ্যসকলক খান কাহত ভৰ্তি কৰিছিল আৰু উত্তৰাধিকাৰী নিয়োগ কৰিছিল।
খান কাহত ভক্ত আৰু অতিথিসকল থকা আৰু প্ৰাৰ্থনা কৰাৰ কাৰণে কিছুমান সৰু সৰু কোঠা আৰু এটা ডাঙৰ কোঠা আছিল।
শ্বেইখ ছাদৰ ওপৰৰ এটা সৰু কোঠাত আছিল য'ত তেওঁ পুৱা-গধূলি অতিথিসকলৰ লগত মিলিত হৈছিল।
দান-দক্ষিণাৰে চলা এটা সামূহিক ৰন্ধন শালত আহাৰ প্ৰস্তুত কৰা হৈছিল।চিপাহী,গোলাম,গায়ক, কবি,ব্যৱসায়ী, হিন্দু,যোগী, ধনী-দুখীয়া আদি বিভিন্ন ধৰণৰ লোকে পুৱাৰে পৰা ৰাতি দুপৰলৈকে ইয়াত ভিৰ কৰিছিলহি।
খান কাহৰ বাসিন্দাসকলে শ্বেইখৰ সন্মুখত প্ৰণাম কৰা,অতিথিক পানীৰে আপ্যায়ন কৰা, দীক্ষাৰ সময়ত মুগুন কৰা,যৌগিক ব্যায়াম আদি ব্যৱহাৰৰ যোগেদি স্থানীয় পৰম্পৰাৰ লগত মিলি যাবলৈ প্ৰয়াস কৰিছিল।
শ্বেইখ নিজামুদ্দিনে বহুকেইজন আধ্যাত্মিক উত্তৰাধিকাৰী নিয়োগ কৰি উপমহাদেশৰ বিভিন্ন প্ৰান্তত খান কাহ প্ৰতিষ্ঠা কৰাৰ অনুমতি প্ৰদান কৰিছিল।ফলস্বৰূপে চিষ্টি আৰু নিজামুদ্দিনৰ নাম চাৰিওফালে প্ৰচাৰ হোৱাত তেওঁৰ দৰগাহলৈ তীৰ্থযাত্ৰীৰ আগমন বৃদ্ধি পাবলৈ ধৰিছিল।
সামৰণি:-গতিকে কব পাৰি যে খান কাহে সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়তা অর্জন কৰিছিল।
________ ৹৹৹৹ ________
চমু প্ৰশ্ন:
(1)নং প্ৰশ্ন:-ভক্তি আৰু চুফী পৰম্পৰাগত আঞ্চলিক ভাষাসমূহ প্ৰয়োগ কৰাৰ কাৰণ কি বুলি ভাবা?
Ans:-
ভক্তি আৰু চুফী পৰম্পৰাগত আঞ্চলিক ভাষাসমূহেই ব্যৱহাৰ কৰিছিল।ইয়াৰ কাৰণ হল-অঞ্চলৰ সকলো লোকেই যাতে তেওঁলোকৰ সাহিত্য বুজিব পাৰে।
(2)নং প্রশ্ন:-কৰ্ণাটকত নতুন ধর্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
Ans:-বাসৱনা নামৰ এজন ব্ৰহ্মণে ।
(3)কবিৰৰ অনুগামীসকলক কি বুলি জনা যায়?
Ans:-কবিৰপন্থী বুলি জনা যায়।
_________ ৹৹৹৹ ________
প্ৰশ্নাৱলী:
ৰচনাধৰ্মী প্ৰশ্ন:
(1)নং প্ৰশ্ন:-চুফী পৰম্পৰাৰ বিকাশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা আৰু খান কাহ আৰু ছিলছিলাৰ বিষয়ে কি জানা লিখা।
Ans:-
Intr:-মধ্য যুগত বহুকেইটা ধৰ্মীয় পৰম্পৰা আবিৰ্ভাৱ হৈছিল ।তাৰে ভিতৰত চুফীবাদও এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল।
ইছলামৰ প্ৰাৰম্ভিক শতাব্দী কেইটাতে ধৰ্মীয় তথা ৰাজনৈতিক সংস্থা খিলাফতৰ গোড়ামীৰ বিৰুদ্ধে কিছু আধ্যাত্মিক লোকৰ মাজত বৈৰাগ্য আৰু ৰহস্যবাদী চিন্তাৰ উদ্ৰেক হয়।ইয়াকে চুফীবাদ বুলি কোৱা হয়।
চুফীবাদৰ ইছলামৰ প্ৰতিশব্দ হল "তচউফ",ইতিহাসবিদসকলৰ মতে এই শব্দটো" চুৰ্ফ" শব্দৰ পৰা আহিছে,যাৰ অৰ্থ হৈছে ঊণ।আন এচাম পণ্ডিতৰ মতে চুফী শব্দটো "চাফ" শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে পৰিস্কাৰ।পয়গম্বৰ মছজিদৰ বাহিৰত ধৰ্মীয় কথা আলোচনা কৰাৰ স্থান "চোফা"ৰ পৰাও চুফী শব্দৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে।
খান কাহ :- 11শ শতিকালৈকে চুফীবাদে কোৰাণ আৰু চুফী মতবাদৰ সৈতে জড়িত নিজস্ব সাহিত্যৰ সৈতে এক পূৰ্ণ বিকশিত আন্দোলন ৰূপে আত্মপ্ৰকাশ কৰিছিল। সংস্থাগত দৃষ্টিৰে চুফীসকলে নিজকে এক সংগঠিত সম্প্ৰদায় খান কাহৰ নিজকে প্ৰতিষ্ঠা কৰিছিল।
খান কাহৰ নিয়ন্ত্ৰণ শ্বেইখ আৰু পীৰৰ হাতত আছিল।তেওঁৰ শিষ্যসকলক খান কাহত ভৰ্ত্তি কৰিছিল আৰু উত্তৰাধিকাৰী নিয়োগ কৰিছিল।
খান কাহ আছিল সামাজিক জীৱন-যাপনৰ কেন্দ্ৰ বিন্দু।ইয়াত ভক্ত আৰু অতিথিসকল থকা আৰু প্ৰাৰ্থনা কৰাৰ কাৰণে কিছুমান সৰু সৰু কোঠা আৰু ডাঙৰ এটা কোঠা আছিল।
দান-দক্ষিণাৰে চলা এটা সামূহিক ৰন্ধন শালত আহাৰ প্ৰস্তুত কৰা হৈছিল।চিপাহী, গোলাম,কবি,ব্যৱসায়ী, পৰ্যটক,ধনী-দুখীয়া, হিন্দু, যোগী, আদি বিভিন্ন ধৰণৰ লোকে পুৱাৰে পৰা ৰাতি দুপৰলৈকে ইয়াত ভিৰ কৰিছিল যৌগিক ব্যায়াম কৰি হিন্দুৰ মাজত "সিদ্ধপুৰুষ"হিচাপে জনাজাত হৈছিল।
ছিলছিলা:-12 শ শতিকাৰ আশে পাশে ইছলাম সমাজত চুফী ছিলছিলাৰ গঠন হৈছিল।ছিলছিলাৰ শব্দগত অৰ্থ শিকলি, যি গুৰু আৰু শিষ্যৰ মাজত এক নিৰৱচ্ছিন্ন সম্পৰ্কৰ ইংগিত বহন কৰে।
ছিলছিলাত দীক্ষাৰ ব্যৱস্থা আছিল। চুলি খুৰাই ফটা বস্ত্ৰ পিন্ধি নিষ্ঠা আৰু ভক্তিৰ শপত বাক্য পাঠ কৰি দীক্ষা গ্ৰহণ কৰিব লাগিছিল।
সৰহসংখ্যক চুফী ছিলছিলাৰ নাম তেওঁলোকৰ প্ৰতিষ্ঠাৰ নামৰ পৰা উদ্ভৱ হৈছিল ।আন কিছুমান ছিলছিলাৰ নাম তেওঁলোকৰ জন্ম স্থানৰ পৰা উদ্ভৱ হৈছিল,যেনে চিষ্টি।
সামৰণি:-এইদৰে চুফী পৰম্পৰাৰ বিকাশ ঘটিছিল।এইসমূহ চুফী সাহিত্য মৌখিক বাৰ্তাৰ দ্বাৰা ইতিহাসবিদসকলে জনাত সহায় হৈছে।
_________ ৹৹৹৹৹ _________
(2)নং প্ৰশ্ন:-চুফী সন্ত আৰু ৰাজ্যৰ মাজত সম্পৰ্ক আলোচনা কৰা।
Ans:-
Intr:-চুফীবাদ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল আৰু চুফী সন্তসকলৰ লগত ৰাজ্যৰ সম্ৰাটৰ সম্পৰ্কও উল্লেখনীয়।
চুফীসকলে ৰাজনৈতিক বিষয়াসকলে আগবঢ়োৱা দান-অনুদান গ্ৰহণ কৰিছিল।চুলতানে খান কাহসমূহৰ কৰমুক্ত ভূমি অনুদান দিছিল।
শাসকসকলে তেওঁলোকৰ সমৰ্থন পাবৰ কাৰণে সততে যত্নপৰ হৈছিল।তুৰ্কীসকলে দিল্লী চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ত উলেমাসকলে চৰিয়ত প্ৰয়োগ কৰিব বিচৰা কাৰ্য্যক চুলতানসকলে বাধা দিছিল। কিয়নো, অধিকসংখ্যক প্ৰজাই অমুছলমান আছিল।এই সময়ত তেওঁলোকে চুফী সন্তসকলৰ সহায় লৈছিল।
তেওঁলোকে জীৱন-যাপনত দান-দক্ষিণাত সম্ৰাট সহায় সহযোগিতাও আগবঢ়াইছিল।চুফী সন্তসকলেও সাংসাৰিক জীৱনৰ পৰা আঁতৰত ৰাখিছিল যদিও ৰাজনৈতিক জীৱনৰ পৰা একেবাৰে আঁতৰত নাছিল।
সৰ্বসাধাৰণ জনতাৰ মাজত চুফী সন্তসকল জনপ্ৰিয় হৈ পৰিছিল।সম্ৰাটসকলেও নিজৰ কৱৰ চুফী দৰগাহ আৰু খান কাহৰ ওচৰত দিয়াটো বিচাৰিছিল।
সামৰণি:-গতিকে কব পাৰি যে চুফী সন্ত আৰু ৰাজ্যৰ মাজত সম্পৰ্ক আছিল।তৎসত্বেও বহু সময়ত চুফী সন্ত আৰু সম্ৰাটৰ মাজত সংঘাতৰো উদাহৰণ আছে।
_____________ ৹৹৹৹৹ _________
(3)নং প্ৰশ্ন:-ভক্তি পৰম্পৰাৰ বিকাশ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।
Ans:-
Intr:-ভক্তি উপাসনাৰ পৰম্পৰা আমাৰ সমসাময়িক সময়ৰ অধ্যয়নতকৈ প্ৰায় এহেজাৰ বছৰ পুৰণি।সেই সময়ত ভক্তি উপাসনা নিত্য নৈমিতিক কাৰ্য্য আছিল। ভক্তসকলে মন্দিৰত ইষ্ট দেৱতাৰ সন্মুখত আনন্দ উল্লাসেৰে ধৰ্মীয় গীতসমূহ গাইছিল আৰু নিজকে ভগৱানৰ ওচৰত বিলীন কৰি দিছিল।
ভক্তি পৰম্পৰাৰ ক্ৰমবিকাশৰ লগে লগে বহু সন্ত কবিয়ে ধৰ্মগুৰু বা ধর্মীয় নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু তেওঁৰ আশে-পাশে থকা ভক্তসকল লৈ এটা সম্প্ৰদায় গঠন কৰিছিল। এই ভক্তি পৰম্পৰাই জাতি-বৰ্ণ আৰু পুৰুষ-নাৰী নিৰ্বিশেষে সকলোকে একেলগে ভগৱানক অৰ্চনা কৰাৰ অধিকাৰ প্ৰদান কৰিছিল।
প্ৰাৰম্ভিক ভক্তি আন্দোলন তামিলনাডুত আলৱাৰ আৰু নয়নাসকলৰ নেতৃত্বত আৰম্ভ হৈছিল।তেওঁলোকে বিভিন্ন ঠাই পৰিভ্ৰমণ কালত কিছুমান পূণ্যস্থানক তেওঁলোকৰ আৰাধ্য দেৱতাৰ আৱাসস্থল বুলি ঘোষণা কৰিছিল।
ভক্তি পৰম্পৰাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিশেষত্ব হ'ল স্ত্ৰী ভক্তৰ উপস্থিতি।উদাহৰণস্বৰূপে আণ্ডাল নামেৰে আলৱাৰ স্ত্ৰী ভক্ত গৰাকীৰ ভক্তি-গীতসমূহ ব্যাপক ৰূপত গোৱা হৈছিল আৰু আজিও গোৱা হয়।
সামৰণি:-এনেদৰেই ভক্তি আন্দোলন পৰম্পৰাৰ বিকাশ ঘটিছিল।আমাৰ অসমতো ভক্তি আন্দোলনৰ সূচনা হৈছিল 16 শ শতিকাত শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত।
___________ ৹৹৹৹ ________
Comments
Post a Comment