AHSEC Class-12||Political Science Chapter-4 ভাৰতৰ বৈদেশিক সম্পৰ্ক(India's External Relations)Assamese medium notes
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:(Mark's:6)
(1)নং প্ৰশ্ন:-ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল?জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ বাখ্যা কৰা।
Ans:-
ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি আছিল জৱাহৰলাল নেহৰু।
জৱাহৰলাল নেহৰু নিজে নিজৰ বৈদেশিক মন্ত্ৰী আছিল। নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ তলত আলোচনা কৰা হল-
(ক)কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা:-এই উদেশ্যৰ জৰিয়তে নেহৰুৱে ভাৰতৰ স্বতন্ত্ৰতা আৰু সাৰ্বভৌমত্বৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।
(খ)দেশৰ অখণ্ডতা ৰক্ষা কৰা:-এই উদ্দেশ্যৰ জৰিয়তে নেহৰুৱে জাতি,ধৰ্ম ,বৰ্ণৰ বাসভূমি ভাৰতত সকলোৰে মাজত ঐক্যতা আৰু মিলাপ্ৰীতি স্থাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল।
(গ)দ্ৰুত গতিত অৰ্থনৈতিক উন্নয়ন লাভ কৰা:-ব্ৰিটিছ শাসনৰ ফলত দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰিছিল।নেহৰুৰ তৃতীয় উদেশ্যৰ জৰিয়তে অৰ্থনীতিক পুনৰ সবলৰূপে প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।
সামৰণি:-বৰ্তমানো ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেঁটি হিচাপে জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ এই উদ্দেশ্যসমূহ বৰ্তি আছে।
______________৹৹৹৹৹৹৹___________
(2)নং প্ৰশ্ন:-ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Ans:-
Intr:-ভাৰতৰ কাৰণে পাৰমাণৱিক আঁচনিৰ জৰিয়তে পিল্লাৰৰ আঁচনি 1940 চনত হোমি. জে. ভাৱাই প্ৰস্তুত কৰিছিল।
ভাৰতে শান্তিৰ কাৰণে পাৰমাণৱিক শক্তি উৎপাদন কৰিছিল।ভাৰতে পাৰমাণৱিক অ-প্ৰসাৰণতা চুক্তিক প্ৰভেদকামী নীতি বুলি ইয়াত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।
ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষাক শান্তিপূৰ্ণ অনুসন্ধান বুলি অভিহিত কৰিছিল।যি সময়ত পাৰমাণৱিক শক্তি পৰীক্ষা কৰা হৈছিল সেই সময়ত ভাৰতৰ আভ্যন্তৰীণ ৰাজনৈতিক সংকটপূৰ্ণ আছিল।
নেহৰুৱে বৃহৎ শক্তিগোষ্ঠীক বিস্তৃত আকাৰত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আঁচনি প্ৰস্তুতিৰ ওকালতি কৰিছিল।তথাপিও পাৰমাণৱিক অস্ত্ৰ গ্ৰহণ কৰা হৈছিল।কিন্তু সেয়া সীমিতহে আছিল।
সামৰণি:-ভাৰতত 1974 চনত প্ৰথম পাৰমাণৱিক বিস্ফোৰণ কাৰ্য্য সম্পাদন কৰে।1998 চনত কেইবাটাও পৰীক্ষা সম্পাদন কৰিছিল।তথাপিও N.P.T, C.T.B.T ত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল।
____________৹৹৹৹৹৹৹___________
(3)নং প্ৰশ্ন:-ভাৰতে কিয় গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছে? কাৰণ দৰ্শোৱা।
Ans:-
Intr:-ভাৰতৰ বৈদেশিক নীতিক আদৰ্শ আৰু বাস্তৱৰ এক সুন্দৰ সংমিশ্ৰণ বুলিব পাৰি।ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ আঁৰত কেইটামান কাৰণ আছে।
(1)ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰ এখনে কোনো শক্তিগোষ্ঠীৰ লগ নলগাকৈ স্বধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনীতিত সন্মানসূচক আসন গ্ৰহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।
(2)অৰ্থনৈতিক উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন।সেয়েহে ভাৰতে কোনো বিশেষ গোষ্ঠীৰ সৈতে মিত্ৰতা ৰক্ষাৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।
(3)স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক দিশত শক্তিশালী নাছিল।গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ দ্বাৰা যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা পোৱা সহজ হল।
(4)অৰ্থনৈতিক উন্নয়নৰ বাবে বৈদেশিক সাহাৰ্য্যৰ প্ৰয়োজন।গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰি দুই শক্তিগোষ্ঠীৰ পৰা অৰ্থনৈতিক সাহাৰ্য্য লাভ কৰা সম্ভৱ হব বুলি আমাৰ নেতাসকলে বিশ্বাস কৰিছিল।
(5)ভাৰতৰ গোষ্ঠীনিৰপেক্ষ নীতিয়ে আভ্যন্তৰীণ দিশতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
(6)নিৰাপত্তাৰ দিশত বৈদেশিক সাহাৰ্য্যৰ প্ৰয়োজনীয়তাৰ ওপৰত ভাৰতে গুৰুত্ব নিদি গোষ্ঠীনিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰে।
সামৰণি:-ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত বিশ্বৰ দুই শক্তিগোষ্ঠী আছিল আমেৰিকা আৰু ৰাছিয়া।বহুবিলাক দেশে এই দুই শক্তিৰ যিকোনো এটাৰ সৈতে মিত্ৰগোষ্ঠী গঠন কৰিছিল।কিন্তু ভাৰতে সকলো ৰাষ্ট্ৰ আৰু গোষ্ঠীৰ সৈতে সাম্ভাব্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।
__________৹৹৹৹_________
(4)নং প্ৰশ্ন:-বৈদেশিক নীতি মানি কি বুজা ?ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো চৰিটা নীতি উল্লেখ কৰা।
Ans:-
যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে সেই নীতিকেই বৈদেশিক নীতি বুলি কোৱা হয়।
ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো চাৰিটা নীতি হল-
(1)গোষ্ঠীনিৰপেক্ষ:-গোষ্ঠীনিৰপেক্ষ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য।ভাৰতে বিশ্বৰ সকলো ৰাষ্ট্ৰ আৰু গোষ্ঠীৰ সৈতে সম্ভাব্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে গোষ্ঠীনিৰপেক্ষ নীতি ঘোষণা কৰিছিল।
(2)বৰ্ণ -বৈষম্য নীতিৰ বিৰোধিতা:-বৰ্ণ বৈষম্য বিৰোধীতা কৰাটো ভাৰতৰ বৈদেশিক নীতিৰ আন এটা বৈশিষ্ট্য।জাতিৰ ভিত্তিত থকা এই বৈষম্যৰ ভাৰতে সদায়ে বিৰোধীতা কৰি আহিছে।
(3)শান্তিপূৰ্ণ সহ-অৱস্থান:-ভাৰতে সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে ।
(4)মানৱ অধিকাৰক সন্মান:-ভাৰতৰ মানৱ অধিকাৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে।
____________৹৹●৹৹__________
(4)নং প্ৰশ্ন:-"পঞ্চশীল" বুলিলে কি বুজা?এই নীতিবোৰ উল্লেখ কৰা।
Ans:-
তিব্বত সম্পৰ্কত ভাৰত আৰু চীন দেশৰ মাজত 1954 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়ত পাঁচটা নীতি ৰচনা কৰা হৈছিল।এই পাঁচটা নীতিকেই পঞ্চশীল নীতি বোলে।
পঞ্চশীল নীতিসমুহ হল-
(1)প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা;
(2)আন দেশক আক্ৰমণৰ পৰা বিৰত থকা;
(3)আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা;
(4)সকলো দেশক সমভাবে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া;
(5)শান্তিপূৰ্ণ সহ-অৱস্থানৰ প্ৰতি সমৰ্থন জনোৱা।
_____________৹৹৹●৹৹৹___________
Comments
Post a Comment