AHSEC Political Science Class 12||এটা দলৰ অধিপত্যৰ যোগ||Era Of One-Party Dominance(Assamese Medium Notes)
(1)নং প্ৰশ্ন:-ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনৰ আলম লৈ এক দলীয় প্ৰাধান্যৰ ওপৰত বহলাই আলোচনা কৰা।
নাইবা/
প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা।
Ans:-
Intr:-ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ আধিপত্য তিনিটা সাধাৰণ নিৰ্বাচন-ক্ৰমে 1951-52,1957 আৰু 1962-ৰ নিৰ্বাচনত অব্যাহত থাকে।সেয়েহে এই সময়ছোৱাক ভাৰতীয় ৰাজনীতিত এটা দলৰ আদিপত্যৰ যোগ নামেৰে জনা যায়।
ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰে পৰা 1967 চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলেই প্ৰাধান্য বিস্তাৰ কৰিছিল আৰু অ-প্ৰতিদ্বন্বী দল হিচাপে দেশৰ শাসন ক্ষমতা একচেতীয়াভাৱে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয়।কংগ্ৰেছৰ জয়লাভক প্ৰত্যহ্বান জনাব পৰাকৈ আন কোনো শক্তিশালী দল নথকাৰ বাবে কিছুমানে ভাৰতীয় দলীয় ব্যৱস্থাক প্ৰাধান্যকাৰী দল হিচাপে আখ্যা দিয়ে।
1951 চনৰ অক্টোবৰ মাহৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দেশত অনুষ্ঠিত হোৱা প্ৰথম লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে 364 খন আসন লাভ কৰে। বিধানসভা নিৰ্বাচনতো মুঠ আসনৰ 68.5%লাভ কৰে।
ঠিক এনেদৰে দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কেইখনমান ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱায়। 494 খন আসনৰ ভিতৰত 371 খন আসন লাভ কৰে।
তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ পূৰ্বৰ আধিপত্য হ্রাস পালেও আন বিৰোধী দলসমূহে কংগ্ৰেছ বিকল্প হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পৰা নাছিল।লোকসভাৰ মুঠ 494 খন আসনৰ 361 খন আসন লাভ কৰিছিল।সেই সময়ছোৱাত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী পদত আছিল আৰু তেওঁ শাসনকালত কংগ্ৰেছ দল ৰাজনৈতিকভাৱে যথেষ্ট শক্তিশালী আছিল
1952-1967 চনলৈকে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ একক আধিপত্যৰ আন এটা কাৰণ হৈছে স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা।
জাতীয় আন্দোলনৰ মূল নেতৃত্ব আছিল কংগ্ৰেছ।আন্দোলনৰ আগশাৰীৰ বহু নেতাই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্বিতা কৰিছিল।কংগ্ৰেছ দল আগৰেপৰাই সুসংৱদ্ধ দল হিচাপে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল।
জৱাহৰলাল নেহৰু শাসনৰলৈকে মন কৰিলে দেখা যায় যে গণতন্ত্ৰ, আইনৰ শাসন,ব্যক্তি স্বাধীনতা আৰু মৰ্য্যদাৰ প্ৰতি সন্মান আদি নীতিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট সচেতন আছিল।নেহৰুৰ নেতৃত্বই কংগ্ৰেছৰ দলীয় সদস্যসকলৰ মাজত একতাৰ বান্ধোন সুদৃঢ় কৰি দলটোক শক্তিশালী কৰি তুলিছিল। এনেবোৰ কাৰণেই কংগ্ৰেছৰ একক আধিপত্য বিস্তাৰত সহায় কৰে।
সামৰণি:-স্বাধীনতা আন্দোলত আগশাৰী নেতাই লোৱা নেতৃত্ব, সুসংৱদ্ধ দল,জনসাধাৰণৰ বিকাশ সাধনৰ বাবে গ্ৰহণ কৰা আঁচনি ইত্যাদিয়ে কংগ্ৰেছৰ একক আধিপত্য বিস্তাৰত সহায় কৰিছিল।
____________৹৹৹৹৹৹___________
(2)নং প্ৰশ্ন:-ভাৰতৰ জনসংঘৰ নীতি আৰু আদৰ্শ আলোচনা কৰা।
Ans:-
Intr:-শ্যামা প্ৰসাদ মুৰ্খাজীক প্ৰতিষ্ঠাপক সভাপতি হিচাপে লৈ 1951 চনত ভাৰতীয় জনসংঘ দল গঠন কৰা হয়। আদৰ্শ আৰু কাৰ্যসূচীৰ ফালৰ পৰা জনসংঘ অন্যান্য দলবিলাকৰ পৰা পৃথক ।
ভাৰতীয় জনসংঘৰ আদৰ্শ আৰু নীতিসমূহ আলোচনা কৰা হল-
(1)ইয়াৰ আদৰ্শ হল এক দেশ,এক সংস্কৃতি আৰু এক জাতি।
(2)ভাৰতীয় জনসংঘই বিশ্বাস কৰে যে ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ ওপৰত ভিত্তি কৰি দেশ আধুনিক, উন্নতিশীল আৰু শক্তিশালী হব পাৰিব।
(3)অখণ্ড ভাৰত গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান এক গোট হোৱাটো বিচাৰে।
(4)ইংৰাজী পৰিৱৰ্তে হিন্দী ভাৰতৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা হব লাগে আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যালঘিষ্ঠক বিশেষ সুবিধা প্ৰদান কৰাটোৰ পক্ষপাতিত্ব নহয়।
(5)এই দলে ভাৰতে আণৱিক অস্ত্ৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
সামৰণি:-ভাৰতীয় জনসংঘৰ মূল হল স্বাধীনতাৰ আগৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু হিন্দু মহাসভা।
________________৹৹৹৹৹৹৹___________
(3)নং প্ৰশ্ন:-ভাৰতীয় দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য লিখা।
Ans:-
ভাৰতীয় দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য হল-
(1)ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় সমাৱেশ ঘটিছে।ইয়াত সৰ্বভাৰতীয় আৰু আঞ্চলিক ভিত্তিত বহুতো ৰাজনৈতিক দল আছে।
(2)শক্তিশালী বিৰোধী দলৰ অভাৱ দেখা যায়।
(3)ভাৰতীয় দলীয় ব্যৱস্থাত প্ৰতিখন কেন্দ্ৰীয় চৰকাৰেই একো একোখন মৰ্চা চৰকাৰ।
(4)ভাৰতীয় দলীয় ব্যৱস্থাত আঞ্চলিক দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।
___________৹৹৹৹৹৹৹____________
(4)নং প্ৰশ্ন:-ভাৰতীয় দলীয় ব্যৱস্থাৰ চাৰিটা প্ৰকৃতি লিখা।
Ans:-
ভাৰতীয় দলীয় ব্যৱস্থাৰ চাৰিটা প্ৰকৃতি হল-
(1)পাশ্চাত্যৰ গণতান্ত্ৰিক দেশবোৰৰ দৰে আমাৰ দেশ ভাৰতত গণতান্ত্ৰিক দলীয় ব্যৱস্থাত এতিয়াও পূৰ্ণ পৰ্যায়ত বিকশিত হব পৰা নাই।
(2)ভাৰতৰ ৰাজনৈতিক দলবোৰৰ সংগঠন আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য কৰি সিবিলাকক বিভিন্নৰূপে ভাগ কৰিব পাৰি যেনে-ধৰ্মনিৰপেক্ষ আৰু ধৰ্মনিৰপেক্ষবিহীন,সুপন্থী আৰু বাওঁপন্থী দল ইত্যাদি।
(3)শক্তিশালী, সক্ৰিয় আৰু গঠনমূলক কাৰ্য্যসূচীৰ অধিকাৰী কোনো বিৰোধী দল আজিলৈকে দেখিবলৈ পোৱা নাযায়।
(4)ভাৰতৰ আঞ্চলিক ভিত্তিত গঠিত ৰাজনৈতিক দলৰ বিকাশ ক্ৰমবৰ্ধমান হাৰত বাঢ়ি থকা পৰিলক্ষিত হয়।
___________৹৹৹৹৹৹___________
(5)নং প্ৰশ্ন:-ভাৰতত নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচন আয়ুক্ত কোন আছিল?
Ans:-
ভাৰতত নিৰ্বাচন আয়োগ 1950 চনত গঠন কৰা হৈছিল।
ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন আছিল।
(6)নং প্ৰশ্ন:-ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
Ans:-
ভাৰতীয় জনসংঘ 1951 চনত গঠন কৰা হৈছিল।
ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হল শ্যামা প্ৰসাদ মুখাৰ্জী।
_________৹৹৹৹৹৹৹_________
(7)নং প্ৰশ্ন:-লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ প্ৰথম তিনিটা নিৰ্বাচনত সাম্যবাদী দলৰ কৃতকাৰ্যতা ব্যাখ্যা কৰা ? (Marks-4)
Ans:-
Intr:-প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছে আধিপত্য লাভ কৰিছিল।যিটো সময়ত কোনো শক্তিশালী বিৰোধী দল নাছিল যদিও দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল সাম্যবাদী দলে।
স্বাধীনতা সংগ্ৰাম চলি থকা সময়তে ভাৰতত সাম্যবাদী দল গঠন হৈছিল।কংগ্ৰেছৰ লগতে এই দলৰ বিষয়ে মানুহৰ মাজতজনপ্ৰিয় হৈ পৰিছিল।
এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰ আছিল।জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপন কৰা সফল হৈছিল।
শ্ৰমিক,কৃষকসকলক এই দলে যথেষ্ঠ গুৰুত্ব দিছিল।জনসাধাৰণৰ স্বাৰ্থসমূহক ৰক্ষণাবেক্ষণ দিয়া,জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰা,সামাজিক আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণ ইয়াৰ অন্যতম লক্ষ্য হিচাপে ঘোষণা কৰা হৈছিল।
সামৰণি:- গতিকে ক'ব পাৰি যে সাম্যবাদী দল কেইবছৰমান ভিতৰতে দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে পৰিগণিত হবলৈ সক্ষম হৈছিল।
_________৹৹৹৹_________
Comments
Post a Comment