AHSEC Political Science Class 12||পৰিকল্পিত বিকাশৰ ৰাজনীতি||Politics Of Planned Development(Assamese medium Notes)

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

 (1)নং প্ৰশ্ন:-ভাৰতৰ পৰিকল্পনা আয়োগৰ গঠন আৰু কাৰ্যৱলী আলোচনা কৰা।(Mark's:6)

Ans:-

      Intr:--ছোভিয়েট ইউনিয়নৰ দৰে ভাৰতবৰ্ষয়ো পাঁচবছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছে।1920 দশকত জৱাহৰলাল নেহৰুৱে ছোভিয়েট ইউনিয়ন ভ্ৰমণৰ পাছতেই ভাৰতীয় জাতীয় কংগ্ৰেছও স্বাধীনতাৰ পৰৱৰ্তীকালত ছোভিয়েটৰ আৰ্হিত পৰিকল্পিত অৰ্থনীতি গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

           পৰিকল্পনা আয়োগৰ গঠন:-1944 চনত ভাৰতবৰ্ষৰ একাংশ উদ্যগপতিয়ে "বুম্বে প্লেন"নামেৰে জনাজাত এক আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল। এই আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষৰ উঠি অহা উদ্যগপতিসকলে দেশৰ উদ্যোগ তথা অন্য ক্ষেত্ৰবোৰৰ বিকাশৰ বাবে চৰকাৰক সক্ৰিয় ভূমিকা পালনৰ আহ্বান জনাইছিল।অন্য কথাত স্বাধীনতাৰ পাছত যে দেশখনে পৰিকল্পিত অৰ্থনীতিৰ পথ গ্ৰহণ কৰিব, সেই সম্পৰ্কত সকলোৰে মাজত এক সহমত গঢ়ি উঠিছিল।সেয়েহে স্বাধীনতাৰ পাছত 1950 চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় পৰিকল্পনা আয়োগ গঠন কৰে।এই পৰিকল্পনা আয়োগৰ সভাপতিৰ পদত অধিষ্ঠিত কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীক।

            পৰিকল্পনা আয়োগৰ কাৰ্যৱলী:-ভাৰতবৰ্ষই বিকাশৰ অগ্ৰাধিকাৰ আৰু নীতি গ্ৰহণ কৰোতে পাঁচ বছৰৰ কথা সন্মুখত ৰাখি পৰিকল্পনা কৰে।এনে পৰিকল্পনাই অৱশ্যে চৰকাৰে বছৰি খৰছ কৰা নিয়মীয়া শিতানসমূহ সাঙুৰি নলয়।সেয়েহে ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ বছেৰেকীয়া বাজেসমূহৰ ব্যয়ৰ দুটা শিতান থাকে।পৰিকল্পনাৰ অন্তৰ্ভুক্ত শিতান আৰু পৰিকল্পনাৰ বৰ্হিভূত শিতান।

          পৰিকল্পনাৰ বৰ্হিভূত ব্যয়সমূহক নিয়মীয়া কাম কাজৰ বাবে বছেৰেকীয়া ভিত্তিত আবন্টন দিয়া হয়।অন্যহাতে পৰিকল্পনাৰ অন্তৰ্ভুক্ত ব্যয় পাঁচ বছৰৰ বাবে বিশেষ পৰিকল্পনাই নিৰ্ণয় কৰা অগ্ৰাধিকাৰৰ ভিত্তিত আবন্টন দিয়া হয়।পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ জাতীয় অৰ্থনীতি তথা বিকাশৰ বুনিয়াদ নিৰ্মাণত গুৰুত্বপূৰ্ণ অৰিহনা আছে।চৰকাৰৰ উদ্যোগত চলা ৰাজপথ নিৰ্মাণ অথবা পৰিৱহণ ব্যৱস্থাৰ বিকাশেও জনসাধাৰণৰ মানদণ্ড উন্নীতকৰণত,দেশৰ সকলো প্ৰান্ততে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান তথা স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহেও নিৰক্ষৰতা দূৰ কৰাত অৰিহনা আছে।

        কৃষিখণ্ডক শক্তিশালী কৰিবৰ বাবে প্ৰথম পৰিকল্পনাৰ সময়ত গভীৰভাৱে চিন্তা -চৰ্চা কৰা হৈছিল।ইয়াৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা, কৃষি ভূমি বিতৰণ, আৰু জাতীয় আয় বৃদ্ধিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল।দ্বিতীয় আৰু তৃতীয় পৰিকল্পনাত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।1951 চনত সূচনা হোৱা পৰিকল্পনাই দেশৰ জনসাধাৰণৰ মাজত প্ৰবল উৎসাহ-উদ্দীপনা জগাই তুলিছিল।কিন্তু লাহে লাহে উৎসাহ -উদ্দীপনা স্তিমিত হৈ আহিল।

           সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে সীমাবদ্ধতা থকা স্বত্বেও পৰিকল্পিত বিকাশৰ কাৰ্য্যসূচীয়ে দেশৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অৰিহণা যোগাই গৈছে।সেইবোৰক একেবাৰে আওকান কৰিব নোৱাৰি।

              _____________৹৹৹৹৹৹_____________

(2)নং প্ৰশ্ন:-সেউজ বিপ্লৱ বুলিলে কি বুজা ?সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা।(Mark's:6)

Ans:-

       ভাৰত চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে বহুবোৰ নতুন কৌশল গ্ৰহণ কৰিছিল।এই কৌশল বা নীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডক এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়।এই নীতিসমূহক সেউজ বিপ্লৱ বুলি জনা যায়।

      সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল:-সেউজ বিপ্লৱ সংঘটিত কৰাৰ বাবে চৰকাৰে কৃষিখণ্ডত কিছুমান বিশেষ আঁচনি ৰূপায়ন কৰিছিল।কৃষকসকলক অধিক উৎপাদনৰ বাবে উৎসাহিত কৰাৰ লক্ষ্য আগত ৰাখি কৃষকৰ পৰা উৎপাদিত শস্য সঠিক মূল্য আহৰণৰ বাবেও বিশেষ ব্যৱস্থা হাতত লোৱা হয়। তাৰ বাবে,চৰকাৰে1965 চনত কৃষিজাত সামগ্ৰীৰ মূল্য নিৰূপণ আয়োগ গঠন কৰে।এই বিনিয়োগ আৰু আঁচনিসমূহে দেশত জলসিঞ্চনৰ ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰণ সাধন কৰে।এই সময়ছোৱাত দ্ৰুতহাৰত কৃষিখণ্ডত বৈদ্যুতিক তথা ডিজেল পাম্পচেট আৰু নলীনাদ যোগান ধৰা হল।ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰো দ্ৰুত প্ৰয়োগ ঘটিবলৈ ধৰিলে।তৎসত্বেও ইয়াৰ ৰাজনৈতিক ফলাফলৰ সীমাবদ্ধতাও নথকা নহয়।সেউজ বিপ্লৱে দেশত এক শক্তিশালী কৃষক শ্ৰেণীৰ উত্থান ঘটালে।এই শ্ৰেণীটো ক্ৰমান্বয়ে ৰাজনৈতিকভাৱেও শক্তিশালী হৈ উঠিল আৰু কৃষিখণ্ডলৈ আগবঢ়োৱা ৰাজ সাহায্য তেওঁলোকে হস্তগিত কৰিবলৈ ধৰিলে।

          সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফল:-এই ব্যৱস্থাসমূহে কৃষিখণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিত অৰিহণা যোগালে।উদাহৰনস্বৰূপে,1967-68 আৰু 1970-71 চনৰ সময়ছোৱাত দেশত খাদ্যসামগ্ৰীৰ উৎপাদন 35% বৃদ্ধি পালে। আমদানিৰো পৰিমাণ হ্রাস পাবলৈ ধৰিলে।একেই সময়ছোৱাত খাদ্যদ্ৰব্যৰ মজুত 73.5 নিযুত টনৰ পৰা 99.5 নিযুত টনলৈ বৃদ্ধি পালে।সেউজ বিপ্লৱৰ এই সফলতাই দেশত বিক্রীযোগ্য খাদ্যদ্ৰব্যৰ ৰাহিও যথেষ্ট পৰিমাণে বৃদ্ধি কৰিলে।

         সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে সেউজ বিপ্লৱৰ ৰাজনৈতিক, অৰ্থনৈতিক ফলাফল আছে যদিও সীমাবদ্ধতা আছে।

        ______________৹৹৹৹৹৹৹__________

  (3)নং প্ৰশ্ন:-ভাৰতত পৰিকল্পনাৰ প্ৰথম উদ্দেশ্যসমূহ কি কি?(Mark's:6)

Ans:-

      Intr:-ছোভিয়েট ইউনিয়নৰ দৰে ভাৰতবৰ্ষয়ো পাঁচবছৰেকীয়া পৰিকল্পনা গ্ৰহণ কৰিছে।প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল দেশৰ কৃষিখণ্ডক শক্তিশালী কৰা।

         পৰিকল্পনাৰ প্ৰথম উদেশ্যসমূহ হল-

              (1)কৃষিখণ্ডৰ উন্নয়নৰ বাবে জলসিঞ্চন ব্যৱস্থাৰ প্ৰসাৰণ।তাৰে লক্ষ্য আগত ৰাখি বহুমুখী নদী প্ৰকল্প স্থাপনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল।

             (2)ভূমি সংস্কাৰৰ ওপৰতো গুৰুত্ব দিছিল।

              (3)প্ৰথম পৰিকল্পনাৰ আন এটা উদ্দেশ্য আছিল জাতীয় আয় বৃদ্ধি কৰা।জনসাধাৰণৰ ব্যয় ক্ৰয় ক্ষমতা কম হোৱা সত্ত্বেও সঞ্চয়ৰ ওপৰত চৰকাৰে দিয়া প্ৰাধান্যৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সঞ্চয় ক্ষমতা প্ৰথমাৱস্থাত বৃদ্ধি পালে।

            (4)প্ৰথম পৰিকল্পনাত দেশৰ অৰ্থনীতি আৰু বিকাশৰ গতিপথ নিৰ্ণয়ৰ বাবে কৃষিখণ্ডৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছিল।

          সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে ভাৰতত পৰিকল্পনাৰ প্ৰথম উদ্দেশ্য আছিল কৃষিখণ্ডৰ বিকাশ।

                 __________৹৹৹৹৹৹___________

(4)নং প্ৰশ্ন:-ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।(Mark's:6)

Ans:-

      Intr:-স্বাধীনতাৰ আৰম্ভণিতে পৰিকল্পিত বিকাশৰ সৈতে জড়িত বহুবোৰ বিতৰ্ক হৈছিল।ব্ৰিটিছ ঔপনিবেশিক শাসনে সম্পদৰ ওপৰত লুণ্ঠন চলাইছিল আৰু ভাৰতবৰ্ষৰ স্বকীয় অৰ্থনৈতিক ভেঁটি যাতে গঢ়ি উঠিব নোৱাৰে সেই নীতিহে গ্ৰহণ কৰিছিল।

       বিতৰ্কসমূহৰ বিষয়ে তলত আলোচনা কৰা হল-

              স্বাধীনতা লাভ কৰাৰ পাছতেই দেশৰ স্বাধীন চৰকাৰৰ বাবে অৰ্থনীতিৰ ভেঁটি সুদৃঢ় কৰাটোৱেই গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল।

               জাতি নিৰ্মাণ প্ৰক্ৰিয়াও এক প্ৰত্যাহ্বান আছিল।

                দেশৰ অৰ্থনীতি কিদৰে নিৰ্মাণ কৰা হব, ইয়াৰ চৰিত আৰু বৈশিষ্ট্য কি হব ইয়াক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল।

               ক্ষুদ্ৰ উদ্যোগে অগ্ৰাধিকাৰ পাবনে বৃহৎ উদ্যোগে প্ৰাধান্য পাব,অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াটো কোনে নিয়ন্ত্ৰণ কৰিব, অৰ্থনৈতিক বিকাশৰ লগত বৃহত্তৰ সমাজৰ বিকাশ কিদৰে জড়িত হৈ পৰিব ইত্যাদি বিভিন্ন প্ৰশ্নক কেন্দ্ৰ কৰি স্বাধীনতা আন্দোলনৰ সময়তে বিতৰ্ক আৰম্ভ হৈছিল।

               মহাত্মা গান্ধীয়ে বিকাশৰ কেন্দ্ৰ গাওঁবোৰতেই হব লাগে বুলি যুক্তি দৰ্শাইছিল।তাৰ বিপৰীতে জৱাহৰলাল নেহৰুৱে সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হোৱা পৰিকল্পিত বিকাশৰ হকে যুক্তি আগবঢ়াইছিল।

               সামৰণি:-গতিকে কব পাৰি যে বিকাশক কেন্দ্ৰ কৰি বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে।

              ___________৹৹৹৹৹৹৹_________

(5)দ্বিতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ দুটা উদেশ্য লিখা।(Mark's:2)

Ans:-

       দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা উদেশ্য হল-

         (1)বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশ তথা দ্ৰুত উদ্যোগীকৰণ ।

          (2)ৰাজহুৱা খণ্ডৰ অধীনত বিদ্যুৎ, ৰেলওৱে,তীখা যন্ত্ৰ-পাতি তথ্য যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰণত যথেষ্ট গুৰুত্ব দিয়া হৈছিল।

            _____________৹৹৹৹৹৹৹_______

         অতি চমু উত্তৰৰ প্ৰশ্ন:(Mark's:1)

(1)কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল?

Ans:-

       জৱাহৰলাল নেহৰু।

(2)পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক'ৰপৰা লৈছিল?

Ans:-

       ছোভিয়েট ইউনিয়নৰ আৰ্হিত।

(3)কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

Ans:-

       1950 চনত।

(4)সেউজ বিপ্লৱ কাক বোলে?(Marks:2)

Ans:-

       ভাৰত চৰকাৰে কৃষিখণ্ডত আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে বহুবোৰ নতুন কৌশল গ্ৰহণ কৰিছিল।এই কৌশল বা নীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়।এই নীতিসমূহক সেউজ বিপ্লৱ বুলি জনা যায়।

(5)"ভাৰতৰ দুগ্ধমানৱ"কাক কোৱা হয়?

Ans:-

       ভাৰ্গিজ কুৰেইনক।

(6)ভাৰত বিকাশৰ কাৰণে প্ৰথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল?

Ans:-কৃষিখণ্ডৰ উন্নয়নৰ ওপৰত।

          _______৹৹৹৹৹৹________

আৰ্হি প্ৰশ্নাৱলী:

ৰচনাধৰ্মী প্ৰশ্ন:(Mark's:6)

(1)নং প্ৰশ্ন:-পৰিকল্পনা মানে কি বুজা?বিকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কি?

Ans:-

      Intr:-বিকাশৰ বাবে পৰিকল্পনাৰ অতি গুৰুত্বপূৰ্ণ।

    পৰিকল্পনা হৈছে পূৰ্বপৰিকল্পিত এক প্ৰক্রিয়া বা আঁচনি, যাৰ জৰিয়তে এটা ধাৰণা লোৱা হয়।কিদৰে বিকাশৰ আৰ্হি গঠন কৰা হ'ব,অৰ্থনৈতিক কিমান ব্যয় হ'ব ইত্যাদি কথা পৰিকল্পনাত আলোচনা কৰা হয়।

    বিকাশৰ বাবে পৰিকল্পনাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

     পৰিকল্পনা আয়োগে দেশৰ অৰ্থনীতি আৰু বিকাশৰ গতিপথ নিৰ্ণয় কৰে।

    বিকাশৰ কৌশল,বিকাশৰ আৰ্হি কিদৰে গঠন কৰা হ'ব,বিকাশে সকলো লোককে সাঙুৰিব নাই ইত্যাদি প্ৰশ্নবোৰৰ পৰিকল্পনা জড়িত হৈ থাকে।

    পৰিকল্পনা নকৰাকৈ বিকাশ সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰে।গুৰুত্বপূৰ্ণ বহুতো বিষয়-বস্তু পৰিকল্পনা নকৰিলে হয়তো বাদ পৰিও যাব পাৰে।

   পৰিকল্পিত বিকাশত এটা স্পষ্ট লক্ষ্য বান্ধি লোৱা হয়।এই লক্ষ্য উপনীত হ'ব পৰাকৈ আঁচনি আৰু কাৰ্যসূচী প্ৰস্তুত কৰা হৈছিল।

   সামৰণি:-গতিকে ক'ব পাৰি যে পৰিকল্পনাই বিকাশত সহায় কৰে।

                _____৹৹৹_____

(2)নং প্ৰশ্ন:-ভাৰতত পৰিকল্পনা আৰু বিকাশৰ চমু বৰ্ণনা দিয়া।

Ans:-

      Intr:-ছোভিয়েট ইউনিয়নৰ দৰে ভাৰতবৰ্ষয়ো পাঁচবছৰেকীয়া পৰিকল্পনা গ্ৰহণ কৰিছে।

   স্বাধীনতা আন্দোলনৰ সময়ৰ পৰাই ভাৰতীয় জাতীয় আন্দোলনে "বিকাশ"-ৰ পথ কি হ'ব সেইটোৰ ওপৰত বিতৰ্ক কৰিছিল।

   স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই গ্ৰহণ কৰা বিকাশৰ আৰ্হিৰ মূল বৈশিষ্ট্যসমূহ হ'ল-

  (1)মিশ্ৰ অৰ্থনীতি

   (2)উদ্যোগীকৰন আৰু কৃষিখণ্ডৰ বিকাশৰ ওপৰত সমগুৰুত্ব,

  (3)উৎপাদন আৰু বিতৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰা,

  (4)পৰিকল্পিত বিকাশ।

    ভাৰতবৰ্ষই বিকাশৰ অগ্ৰাধিকাৰ আৰু নীতি গ্ৰহণ কৰোতে পাঁচ বছৰৰ কথা সমুখত ৰাখি পৰিকল্পনা কৰে।

   প্ৰথম পৰিকল্পনাত নেহৰুৱে কৃষিখণ্ডক শক্তিশালী কৰা।এই খণ্ডৰ বাবে প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক ধনৰ আবণ্টন দিয়া হৈছিল।

   দ্বিতীয় আৰু তৃতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ ওপৰত গুৰুত্ব দিছিল।

  সামৰণি:-ভাৰতীয় পৰিকল্পনা ব্যৱস্থাৰ সমালোচকসকলে আঙুলিয়াই দিয়ে যে ভাৰতীয় পৰিকল্পনাই উদ্যোগখণ্ডৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়াৰ ফলত কৃষিখণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে।

                 _____৹৹৹_____

(3)নং প্ৰশ্ন:-দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতৰ কৃষি বনাম শিল্পৰ ক্ষেত্ৰত হোৱা বিতৰ্ক পৰীক্ষা কৰা।

Ans:-

     Intr:-দ্বিতীয় পৰিকল্পনাৰ পাছত বিকাশৰ কৌশল আৰু অগ্ৰাধিকাৰসমূহক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।

    সমালোচকসকলে ক'ব খোজে যে-ভাৰতবৰ্ষৰ বিকাশৰ প্ৰক্ৰিয়া কৃষিৰ পৰিৱৰ্তে উদ্যোগখণ্ডই প্ৰাধান্য লাভ কৰি আহিছে।যাৰ ফলত কৃষি খণ্ডৰ প্ৰাধান্যতা লাহে লাহে কমি আহিছে।

    1950 দশকত সূচনা কৰা ভূমি সংস্কাৰৰ নীতিৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰতো চৰকাৰে মনোনিৱেশ নকৰিলে।

   উদ্যোগীকৰণৰ বেলিকাও গ্ৰাম্য অঞ্চলৰ পৰিৱৰ্তে নগৰ অঞ্চলেহে অধিক গুৰুত্ব লাভ কৰিলে।

   আনহাতে উদ্যোগীকৰণৰ বাবে চৰকাৰে দিয়া গুৰুত্বৰ ওকালতি কৰাসকলে কয় যে বিকাশ বা পৰিকল্পনাই কৃষিখণ্ডক মুঠেও অৱহেলা কৰা নাই।

  তেওঁলোকৰ মতে ভাৰতবৰ্ষৰ সকলো লোকেই ভূমি সংস্কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।তাৰ উপৰিও গ্ৰাম্য অঞ্চলৰ বাবেও চৰকাৰৰ একাধিক কাৰ্য্যসূচী আছে।

   সামৰণি:-গতিকে ক'ব পাৰি যে-দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতৰ কৃষি বনাম শিল্পৰ ক্ষেত্ৰত যথেষ্ঠ বিতৰ্ক সৃষ্টি হৈছিল।

               ______৹৹৹৹_______

(4)নং প্ৰশ্ন:-সেউজ বিপ্লৱ কি?সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফলাফল উল্লেখ কৰা।

Ans:-

    ভাৰত চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে বহুবোৰ নতুন কৌশল গ্ৰহণ কৰিছিল।এই কৌশল বা নীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডক এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়।এই নীতিসমূহক সেউজ বিপ্লৱ বুলি জনা যায়।

    সেউজ বিপ্লৱৰ দুটা ইতিবাচক ফলাফল হ'ল-

    (1)কৃষকসকলক অধিক উৎপাদনৰ বাবে উৎসাহিত কৰাৰ লক্ষ্য আগত ৰাখি কৃষকৰ পৰা উৎপাদিত শস্য সঠিক মূল্যত আহৰণৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হয়।

   (2)প্ৰতিষ্ঠিত ধনী কৃষকলসকল এই বিপ্লৱৰ সময়ত অধিকভাৱে সাহায্য আগবঢ়োৱা হয়।

    সেউজ বিপ্লৱৰ দুটা নেতিবাচক ফলাফল হ'ল-

    (1)সেউজ বিপ্লৱ দেশৰ সকলো ৰাজ্য বা প্ৰান্ততে সংঘটিত হোৱা নাছিল।

    (2)কৃষিখণ্ডত প্ৰয়োগ হোৱা ৰাসায়নিক দ্ৰব্য তথা কীটনাশক ঔষধসমূহে ভূমিৰ প্ৰাকৃতিক ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাবলৈ ধৰিলে।

    সামৰণি:-গতিকে ক'ব পাৰি যে সেউজ বিপ্লৱৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশেই আছে।

               ______৹৹৹৹______

(5)নং প্ৰশ্ন:-বিকাশৰ ধাৰণাটো চমুকৈ বৰ্ণনা কৰা।

Ans:-

     Intr:-"বিকাশ"ৰ এটা সাৰ্বজনীন গ্ৰহণযোগ্য ধাৰণা বা সূত্ৰ নাই।তাৰ পৰিৱৰ্তে বিকাশৰ বহুবোৰ ধাৰণা বা সূত্ৰ আছে।

    সাধাৰণতে বিকাশ বুলি কলে কিছুমান ধাৰণা আহে:

    (1)আধুনিকীকৰণ

    (2)উদ্যোগীকৰণ

    (3)উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ

    (4)উৎপাদন বৃদ্ধি

     (5)প্ৰতিযোগিতামূলক অৰ্থনীতি।

     বিকাশৰ এই ধাৰণাটো আহিছে পশ্চিমীয়া দেশৰ অভিজ্ঞতাৰ পৰা।পশ্চিমীয়া ঔদ্যোগিক দেশসমূহক মাপকাঠি হিচাপে লৈয়েই পৃথিৱীৰ বিভিন্ন দেশক উন্নত, উন্নয়নশীল,অনুন্নত-এই তিনিটা স্তৰত বিভক্ত কৰা হৈছিল।

      স্বাধীনতা অর্জন কৰাৰ সময়ত ভাৰতবৰ্ষত বিকাশৰ আৰ্হি দুই প্ৰকাৰৰ আছিল।

    (1)উদাৰ-পুঁজিবাদী আৰ্হি

    (2)সমাজবাদী আৰ্হি।

    স্বাধীনতাৰ পাছত বিকাশৰ আৰ্হি মূল বৈশিষ্ট্যসমূহ হ'ল-মিশ্ৰ অৰ্থনীতি, উদ্যোগিকৰণ আৰু কৃষিখণ্ডৰ বিকাশ, পৰিকল্পিত বিকাশ ইত্যাদি।

    সামৰণি:-ভাৰতবৰ্ষই গ্ৰহণ কৰা বিকাশৰ আৰ্হিটো অৱশ্যে বৰ্তমান নানান প্ৰশ্ন আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

               _______৹৹৹৹______

(6)নং প্ৰশ্ন:-প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ ওপৰত এখন চমু ৰচনা লিখা।

Ans:-

     Intr:-প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাত কৃষিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

     প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল-দেশৰ কৃষিখণ্ডক শক্তিশালী কৰি তোলা।ইয়াৰ বাবে ধনৰ আবণ্টন দিয়া হৈছিল।

    এই পৰিকল্পনাৰ মূল লক্ষ্য হ'ল-

   (1)কৃষি খণ্ডৰ উন্নয়নৰ বাবে জলসিঞ্চন ব্যৱস্থাৰ প্ৰসাৰণ কৰা।

  (2)সামন্তীয় ব্যৱস্থাৰ মাজত সোমাই থকা কৃষিখণ্ডত খেতিয়কৰ মাজত কৃষিভূমিৰ বিতৰণ আছিল বৈষম্যপূৰ্ণ।

  (3)জাতীয় আয়ৰ বৃদ্ধিৰ ওপৰতো এই পৰিকল্পনাই যথেষ্ট গুৰুত্ব দিছিল।

   সামৰণি:-গতিকে ক'ব পাৰি যে-প্ৰথম পৰিকল্পনাত কৃষিখণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

               ______৹৹৹৹______

(7)নং প্ৰশ্ন:-ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ ওপৰত এটা চমু আলোচনা কৰা।

Ans:-

    Intr:-চৰকাৰে সকলো কাম ৰাজহুৱা খণ্ডৰ উপৰিও ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ পোষকতা কৰে।

     ভাৰতীয় অৰ্থনীতি হ'ল-মিশ্ৰ অৰ্থনীতি।কৃষি,বাণিজ্য তথা উদ্যোগৰ বহুবোৰ খণ্ড ব্যক্তিগত খণ্ডৰ হাতত এৰি দিছিল।কিন্তু অৰ্থনীতি বা বিকাশৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্ত:গাঁথনি নিৰ্মাণ তথা বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে নিজাকৈ বিনিয়োগ আৰু পৃষ্ঠপোষকতা কৰিছিল।

     সমালোচক সকলে আঙুলিয়াই দিয়ে যে ,ৰাষ্ট্ৰই বিনিয়োজনৰ জৰিয়তে নিৰ্মাণ কৰি দিয়া আন্ত:গাঁথনি-যেনে-বৈদ্যুতিক শক্তিয়ে সৰ্বসাধাৰণ ৰাইজতকৈ ব্যক্তিগত খণ্ডৰ উদ্যোগপতিসকলেহে অধিকভাৱে সহায় কৰিছে।

    সামৰণি:-ভাৰতবৰ্ষই গ্ৰহণ কৰা মিশ্ৰ অৰ্থনীতি বিভিন্ন দিশৰ পৰা সমালোচনা হ'লেও গুৰুত্ব নুই কৰিব নোৱাৰি।

               ______৹৹৹_______

চমু টোকা:(Mark's:4)

(1)নং প্ৰশ্ন:-প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যবোৰ কি আছিল?

Ans:-

       Intr:-প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাত কৃষিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

    এই পৰিকল্পনাৰ মূল লক্ষ্য হ'ল-

   (1)কৃষি খণ্ডৰ উন্নয়নৰ বাবে জলসিঞ্চন ব্যৱস্থাৰ প্ৰসাৰণ কৰা।

    (2)সামন্তীয় ব্যৱস্থাৰ মাজত সোমাই থকা কৃষিখণ্ডত খেতিয়কৰ মাজত কৃষিভূমিৰ বিতৰণ আছিল বৈষম্যপূৰ্ণ।

     (3)জাতীয় আয়ৰ বৃদ্ধিৰ ওপৰতো এই পৰিকল্পনাই যথেষ্ট গুৰুত্ব দিছিল।

   সামৰণি:-গতিকে ক'ব পাৰি যে-প্ৰথম পৰিকল্পনাত কৃষিখণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

                _______৹৹৹৹______

(2)নং প্ৰশ্ন:-দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা কি?

Ans:-

     Intr:-পৰিকল্পনা আয়োগে দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

   পৰিকল্পনা আয়োগৰ মূল লক্ষ্য হ'ল আৰ্থ-সামাজিক  বিকাশ আৰু গণতান্ত্ৰিক ৰাজনীতি ভেঁটি সুদৃঢ় কৰা।সেয়েহে প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ড শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছিল।

   দেশৰ কৃষিখণ্ডক শক্তিশালী কৰিব নোৱাৰিলে যে দেশৰ অৰ্থনীতি বা বিকাশৰ ভেঁটি সুদৃঢ় নহ'ব সেই কথা পৰিকল্পনাৰ সময়ত গভীৰভাৱে উপলব্ধি কৰা হৈছিল।

    দেশৰ ঘৰুৱা উদ্যোগসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ লক্ষ্যৰে উদ্যোগজাত সামগ্ৰীৰ আমদানি ওপৰত যথেষ্ট গুৰুত্ব দিছিল।

    বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো দ্বিতীয় আৰু তৃতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনাত গুৰুত্ব দিয়া হৈছিল।

   সামৰণি:-এইদৰে পৰিকল্পনা আয়োগে সামাজিক আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

            ______৹৹৹৹৹________

(3)নং প্ৰশ্ন:-পৰিকল্পনা আয়োগে ইয়াৰ কাৰ্য্য কেনেদৰে পৰিচালনা কৰে?

Ans:-

    Intr:-1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল।

   ভাৰতবৰ্ষই পাঁচ বছৰীয়া পৰিকল্পনা আয়োগ গঠন কৰিছে।অৱশ্যে পৰিকল্পনাই চৰকাৰে বছৰি খৰছ হোৱা নিয়মীয়া শিতানসমূহ সাঙুৰি নলয়।

    পৰিকল্পনাৰ অন্তৰ্ভুক্ত ব্যয় পাঁচ বছৰৰ বাবে বিশেষ পৰিকল্পনাই নিৰ্ণয় কৰা অগ্ৰাধিকাৰ ভিত্তিত আবণ্টন দিয়া হয়।

     কোনো এটা বিভাগ যদি এটা বিশেষ পৰিকল্পনাৰ অধীনত স্থাপন কৰা হয়, তেন্তে সেই পৰিকল্পনাৰ ম্যাদ উকলি যোৱাৰ লগে লগে সেই বিভাগটোত নিয়োজিত কৰ্মচাৰীৰ ম্যাদো উকলি যাব।

    পৰিকল্পনা আয়োগে কৃষি আৰু বিজ্ঞান প্ৰযুক্তিৰ বাবে প্ৰথম , দ্বিতীয় আৰু তৃতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনা কৰিছিল।

    সামৰণি:-পৰিকল্পনা আয়োগৰ যথেষ্ঠ সমালোচনা আছে যদিও একেবাৰে গুৰুত্বক নুই কৰিব নোৱাৰি।

              ________৹৹৹______

(4)নং প্ৰশ্ন:-দশম পাঁচবছৰীয়া পৰিকল্পনাৰ উদ্দেশ্যে কি কি?

Ans:-

     Intr:-দশম পাঁচ বছৰীয়া পৰিকল্পনাৰ উদ্দেশ্য যথেষ্ঠ গুৰুত্বপূৰ্ণ আছিল।

    (1)কৃষি খণ্ডৰ আধুনিকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে নতুন কৌশল অৱলম্বন।

   (2)দেশৰ কেইখনমান বিশেষ ৰাজ্যক কৃষি বিপ্লৱ আৰু সেউজ বিপ্লৱৰ বাবে বাছি লোৱা হয়।

  (3)ব্যক্তিগত খণ্ড তথা বৈদেশিক কোম্পানীসমূহক দেশৰ বিকাশ প্ৰক্ৰিয়াটোৰ সক্ৰিয় অংশীদাৰ কৰি তোলা হয়।

   (4)দেশত জলসিঞ্চন ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰণ কৰা।

   সামৰণি:-ভাৰতীয় অৰ্থনীতিৰ বিকাশ সাধন কৰাই আছিল দশম পাঁচবছৰীয় পৰিকল্পনাৰ মূল উদ্দেশ্য।

               _______৹৹৹৹______

(5)নং প্ৰশ্ন:-ভাৰতৰ আধুনিকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।

Ans:-

     Intr:-দেশৰ আধুনিকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে যথেষ্ঠ ভূমিকা পালন কৰি আহিছে।

    প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাত কৃষি খণ্ডৰ বিকাশৰওপৰত গুৰুত্ব দিয়া হৈছিল।কাৰণ,কৃষিখণ্ডৰ শক্তিশালী হ'লেহে আন আন ক্ষেত্ৰত বিকাশ হোৱাটো সম্ভৱ।

   বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশ তথা দ্ৰুত উদ্যোগীকৰণ ক্ষেত্ৰতো পৰিকল্পনা আয়োগে যথেষ্ঠ ভূমিকা পালন কৰিছে।

   যাতায়ত আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ বাবেও এই পৰিকল্পিত বিকাশে বিশেষভাৱে মনোনিৱেশ কৰিছিল।

   সীমিতভাৱে হ'লেও দেশৰ সকলো প্ৰান্ততে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান তথা স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহেও নিৰক্ষৰতা তথা কুসংস্কাৰ দূৰীকৰণ আৰু সূচৰা ৰোগ নিৰাময়ত অৰিহণা যোগাইছিল।

   সামৰণি:-এইদৰে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে ভূমিকা পালন কৰিছিল।

               ______৹৹৹৹______

(6)নং প্ৰশ্ন:-মিশ্ৰ অৰ্থনীতিৰ ওপৰত চমু টোকা লিখা।

Ans:-

    Intr:-ভাৰতীয় অৰ্থনীতিক মিশ্ৰ অৰ্থনীতি বুলি জনা যায়।

   ভাৰতবৰ্ষই সম্পূৰ্ণকৈ ছোভিয়েট সমাজবাদী অৰ্থনীতি অনুসৰণ কৰিব খোজা নাছিল।অৰ্থাৎ ভাৰতবৰ্ষত দেশৰ অৰ্থনীতি বা বিকাশৰ প্ৰক্রিয়াটোক চৰকাৰে সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব খোজা নাছিল। তাৰ পৰিৱৰ্তে দেশৰ বিকাশৰ প্ৰক্রিয়াটোত চৰকাৰ বা ৰাজহুৱাখণ্ডৰ উপৰিও ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ পোষকতা কৰিছিল চৰকাৰে। সেইবাবেই ভাৰতীয় অৰ্থনীতিক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়।

   মিশ্ৰ অৰ্থনীতিত ব্যক্তিগত খণ্ডৰ ওপৰত সম্পূৰ্ণকৈ অৰ্থনীতিৰ প্ৰক্ৰিয়া এৰি দিয়া নহয়।ভাৰত চৰকাৰেও কৃষি,বাণিজ্য তথা উদ্যোগৰ বহুবোৰ খণ্ড ব্যক্তিগত খণ্ডৰ হাতত এৰি দিছিল।কিন্তু অৰ্থনীতি বা বিকাশৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্ত:গাঁথনি নিৰ্মাণ তথা বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে নিজাকৈ বিনিয়োগ আৰু পৃষ্ঠপোষকতা কৰিছিল।

   সামৰণি:-ভাৰতবৰ্ষৰ মিশ্ৰ অৰ্থনীতি বহু দিশৰ পৰা সমালোচনাও হৈ আহিছে।তথাপি মিশ্ৰ অৰ্থনীতিৰ সফলতাক নুই কৰিব নোৱাৰি।

                _____৹৹৹৹______

(7)নংপ্ৰশ্ন:-বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্ৰাসংগিকতা কি?

Ans:-

    Intr:-বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্ৰাসংগিকতা আছে।পৰিকল্পনই যথেষ্ট সহায় কৰিছে।

   প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাত কৃষি খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।ইয়াৰ ফলত যথেষ্ট উৎপাদন হৈছিল।কৃষিখণ্ডৰ বিকাশে বজাৰ অৰ্থনীতিও উন্নত কৰিছিল।

   বজাৰ অৰ্থনীতিৰ বাবে দ্বিতীয় আৰু তৃতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনাও অপৰিহাৰ্য আছিল।কাৰণ বজাৰৰ বাবে প্ৰয়োজন হয় উদ্যোগত উৎপাদিত সামগ্ৰী।পৰিকল্পনা আয়োগে স্ব-নিৰ্ভৰশীলতাক গুৰুত্ব দি উদ্যোগ প্ৰতিষ্ঠাত গুৰুত্ব দিছিল।

    সামৰণি:-গতিকে ক'ব পাৰি যে-বজাৰ অৰ্থনীতিত পৰিকল্পনা আয়োগৰ যথেষ্ট ভূমিকা আছে।

              _______৹৹৹৹______

(8)নং প্ৰশ্ন:-পৰিকল্পনাৰ অৰ্থ বাখ্যা কৰা।

Ans:-

    Intr:-বিকাশৰ বাবে পৰিকল্পনাৰ অতি গুৰুত্বপূৰ্ণ।

     পৰিকল্পনা হৈছে পূৰ্বপৰিকল্পিত এক প্ৰক্রিয়া বা আঁচনি, যাৰ জৰিয়তে এটা ধাৰণা লোৱা হয়।কিদৰে বিকাশৰ আৰ্হি গঠন কৰা হ'ব,অৰ্থনৈতিক কিমান ব্যয় হ'ব ইত্যাদি কথা পৰিকল্পনাত আলোচনা কৰা হয়।

      পৰিকল্পিত বিকাশত এটা স্পষ্ট লক্ষ্য বান্ধি লোৱা হয়।এই লক্ষ্য উপনীত হ'ব পৰাকৈ আঁচনি আৰু কাৰ্যসূচী প্ৰস্তুত কৰা হৈছিল।

     আমাৰ দেশ ভাৰতবৰ্ষত ছোভিয়েট ইউনিয়নৰ আৰ্হিত পাঁচবছৰেকীয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল।

    যিকোনো কাম কৰিবলৈ পৰিকল্পনাৰ জৰিয়তেহে কৰিলে বিকাশ অতি সহজতে লাভ কৰিব পাৰি।

   সামৰণি:-গতিকে ক'ব পাৰি যে পৰিকল্পনা হৈছে পূৰ্বপৰিকল্পিত এটা ধাৰণা।

            ______৹৹৹_____ 

(9)নং প্ৰশ্ন:-সেউজ বিপ্লৱ বুলিলে কি বুজা বাখ্যা কৰা।

Ans:-

     Intr:-সেউজ বিপ্লৱ হ'ল-কিছুমান নীতি বা কৌশল।

     ভাৰত চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে বহুবোৰ নতুন কৌশল গ্ৰহণ কৰিছিল।এই কৌশল বা নীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডক এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়।এই নীতিসমূহক সেউজ বিপ্লৱ বুলি জনা যায়।

    এই বিপ্লৱে ভিক্ষাৰ পাত্ৰ লৈ খাদ্যৰ বাবে আনৰ ওপৰত হাত পাতিবলগীয়া হোৱা ভাৰতবৰ্ষৰ ভাৱমূৰ্তি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি ভাৰতবৰ্ষক এখন খাদ্য ৰাহি দেশলৈ ৰূপান্তৰিত কৰা বুলিও দাবী কৰা হয়।

    এই বিপ্লৱ সংঘটিত কৰিবৰ বাবে চৰকাৰে কৃষিখণ্ডত বিভিন্ন আচঁনিও ৰূপায়ণ কৰিছিল।যেনে-চৰকাৰে আনুষ্ঠানিক বিত্ত দুগুণলৈ বৃদ্ধি কৰে।

   সামৰণি:-গতিকে ক'ব পাৰি যে-সেউজ বিপ্লৱ হৈছে কৃষিখণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া।

            ________৹৹৹৹_______

(10)নং প্ৰশ্ন:-বিকেন্দ্ৰীভূত পৰিকল্পনাৰ অৰ্থ বাখ্যা কৰা।

Ans:-

      Intr:-পৰিকল্পনা কেন্দ্ৰীভূত আৰু বিকেন্দ্ৰীভূত দুই প্ৰকাৰৰ হ'ব পাৰে।

    যি পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বেছিকৈ নিয়ন্ত্ৰিত নহয়,জনসাধাৰণৰ কথা চিন্তা-চৰ্চা কৰা হয়।এনে পৰিকল্পনাক বিকেন্দ্ৰীভূত বুলিব পাৰি।

    বিকাশ কি দৰে কৰিলে জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিব পাৰি।বিকাশৰ আৰ্হি প্ৰস্তুত কৰোতে বিকেন্দ্ৰীভূত পৰিকল্পনাই সদায় সৰ্বসাধাৰণ ৰাইজৰ বিকাশ হোৱাটো বিচাৰে।

   সামৰণি:-ভাৰতবৰ্ষৰ পৰিকল্পনা ব্যৱস্থা অতি-কেন্দ্ৰিক বুলি সমালোচনা হৈ আহিছে।যদিও পৰিকল্পনাৰ গুৰুত্বক নুই কৰিব নোৱাৰি।

                      _____৹৹৹_____

অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks:2)

(1)নং প্ৰশ্ন:-ভাৰতৰ বিকাশত পৰিকল্পনাৰ ভূমিকা কি?

Ans:-

     ভাৰতৰ অৰ্থনীতি আৰু বিকাশৰ বুনিয়াদী ৰচনা কৰাত পৰিকল্পনাই যথেষ্ঠ সহায় কৰিছে।

(2)নং প্ৰশ্ন:-অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা লিখা।

Ans:-

     অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা হ'ল-

      (1)দেশৰ অৰ্থনীতি বিকাশত সহায় কৰে।

      (2)স্ব-নিৰ্ভৰশীল হোৱাত সহায় কৰে।

(3)নং প্ৰশ্ন:-প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans:-

       প্ৰথম পৰিকল্পনাৰ দুটা বৈশিষ্ট্য হ'ল-

     (1)কৃষি খণ্ডৰ উন্নয়নৰ বাবে জলসিঞ্চন ব্যৱস্থাৰ প্ৰসাৰণ।

    (2)জাতীয় আয়ৰ বৃদ্ধি কৰা।

(4)নং প্ৰশ্ন:-কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু কোন ইয়াৰ সভাপতি আছিল?

Ans:-

    1950 চনত পৰিকল্পনা আয়োগ গঠন হৈছিল।

    এই পৰিকল্পনা আয়োগৰ সভাপতি পদত অধিষ্ঠিত কৰা হয় দেশৰ প্ৰধানমন্ত্ৰী।

(5)নং প্ৰশ্ন:-প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা।

Ans:-

    দুটা উদ্দেশ্য হ'ল-

    (1)কৃষিখণ্ডৰ উন্নয়ন কৰা।

    (2)ভূমিসংস্কাৰৰ ওপৰত গুৰুত্ব দিছিল।

(6)নং প্ৰশ্ন:-দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

Ans:-

      দুটা উদ্দেশ্য হ'ল-

     (1)কৃষি খণ্ডৰ আধুনিকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে নতুন কৌশল অৱলম্বন।

   (2)দেশৰ কেইখনমান বিশেষ ৰাজ্যক কৃষি বিপ্লৱ আৰু সেউজ বিপ্লৱৰ বাবে বাছি লোৱা হয়।

(7)নং প্ৰশ্ন:-তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান উদ্দেশ্য লিখা।

Ans:-

     তিনিটা প্ৰধান উদ্দেশ্য-

     (1)বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশ তথা দ্ৰুত উদ্যোগীকৰণ।

     (2)ঔদ্যোগিক খণ্ডত স্ব-নিৰ্ভৰশীলতা আহৰণ।

(8)নং প্ৰশ্ন:-জাতীয় পৰিকল্পনা সমিতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোন তাৰ সভাপতি আছিল?

Ans:-

     1938 চনত জাতীয় পৰিকল্পনা সমিতি গঠন হৈছিল।

    ইয়াৰ সভাপতি আছিল জৱাহৰলাল নেহৰু।

(9)নং প্ৰশ্ন:-ভাৰতৰ নতুন অৰ্থনৈতিক নীতি কোনে ঘোষণা কৰিছিল?ইয়াৰ প্ৰধান উদ্ভাৱক কোন আছিল?

Ans:-

     ভাৰতৰ নতুন অৰ্থনৈতিক নীতি পি.ভি.নৰসিংহ ৰাৱে ঘোষণা কৰিছিল।

    ইয়াৰ প্ৰধান উদ্ভাৱক ড৹ মনমোহন সিং আছিল।

              _______৹৹৹৹_______

বস্তুনিষ্ঠ প্ৰশ্নাৱলী:(Mark's:1)

(1)নং প্ৰশ্ন:-কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল?

Ans:-

     জৱাহৰলাল নেহৰুৱে।

(2)নং প্ৰশ্ন:-পৰিকল্পনা ধাৰণাটো ভাৰতে ক'ৰ পৰা লৈছিল?

Ans:-

     ছোভিয়েট ৰাছিয়াৰ পৰা।

(3)নং প্ৰশ্ন:-কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

Ans:-

     1950 চনৰ মাৰ্চ মাহত।

(4)নং প্ৰশ্ন:-কোন বছৰৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল?

Ans:-

     1951 চনত।

(5)নং প্ৰশ্ন:-কেতিয়া পৰা দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল?

Ans:-

      2002 চনৰ পৰা।

(6)নং প্ৰশ্ন:-দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো কি?

Ans:-

     বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুতবিকাশ তথা উদ্যোগীকৰণ।

(7)নং প্ৰশ্ন:-পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি?

Ans:-

     অৰ্থ-সামাজিক উন্নয়ন আৰু বিকাশ সাধন কৰা।

(8)নং প্ৰশ্ন:-ভাৰতৰ সেউজ বিপ্লৱৰ বিখ্যাত লোকজন কোন?

Ans:-

      এম.এছ.স্বামী নাথন।

(9)নং প্ৰশ্ন:-ভাৰত বিকাশৰ কাৰণে প্ৰথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল?

Ans:-

      কৃষিখণ্ডৰ বিকাশ সাধনৰ ওপৰত।

(10)নং প্ৰশ্ন:-বৰ্তমানলৈ কেইখন পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে?

Ans:-

     দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কৰা হৈছে।

              _______৹৹৹৹_______

11)নং প্ৰশ্ন:-সেউজ বিপ্লৱ কি?ভাৰতৰ সেউজ বিপ্লৱৰ বিষয়ে সমালোচনাত্মক আলোচনা আগবঢ়োৱা।(H.S 2018)

Ans:-

       ভাৰত চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে বহুবোৰ নতুন কৌশল গ্ৰহণ কৰিছিল।এই কৌশল বা নীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডক এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়।এই নীতিসমূহক সেউজ বিপ্লৱ বুলি জনা যায়।

    সেউজ বিপ্লৱৰ সীমাবদ্ধতাসমূহ হ'ল-

(1)সেউজ বিপ্লৱ দেশৰ সকলো ৰাজ্য বা প্রান্ততে সংঘটিত হোৱা নাছিল।

 (2)কৃষিখণ্ডলৈ আগবঢ়োৱা ৰাজসাহায্য এচাম লোকেহে উপভোগ কৰিছিল।

(3)কৃষি বিপ্লৱৰ দ্বাৰা অৱহেলিত অঞ্চল আৰু কৃষকসকলৰ মাজত মাওবাদী শক্তিসমূহ শক্তিশালী হৈ উঠিছিল।

(4)ভূমিসংস্কাৰৰ কাৰ্যসূচীসমূহ দুৰ্বল হৈ পৰিছিল।

(5)এই বিপ্লৱৰ জৰিয়তে কৃষিখণ্ডত প্ৰয়োগ হোৱা ৰাসায়নিক দ্ৰব্য তথা কীটনাশক ঔষধসমূহে ভূমিৰ প্ৰাকৃতিক ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছিল।

     সামৰণি:-গতিকে ক'ব পাৰি যে এই বিপ্লৱৰ সফলতা যিমান সীমাবদ্ধতাও আছে।

             _____৹৹৹★৹৹৹____

     






  

    


    

   



    






  

    


    

   



    

   

   


   







Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-