AHSEC Political Science Class 12 ||Chapter-5 কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনঃ প্ৰতিষ্ঠা||Challenges to and Restoration of the Congress System(Assamese Medium Notes)

 (1)নং প্ৰশ্ন:-1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল?আলোচনা কৰা।

Ans:-

      Intr:-1967 চনৰ বছৰটো ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসৰ এক ঐতিহাসিক ঘটনা হিচাপে চিহ্নিত হৈছে।1967 চনৰ ফেব্ৰুৱাৰী মাহত লোকসভা আৰু ৰাজ্যিক বিধানসভাবোৰৰ চতুৰ্থ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।কংগ্ৰেছে প্ৰথমবাৰৰ বাবে নেহৰুৰ অবিহনে নিৰ্বাচনত অনুষ্ঠিত হয়।

      তলত ফলাফলসমুহ আলোচনা কৰা হল

       1967 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে লোকসভা সংখ্যাগৰিষ্ঠতা পাব বুলি আশা কৰিছিল যদিও 1952 চনৰ পৰা 1967 চনলৈকে হোৱা আটাইবোৰ নিৰ্বাচনৰ ভিতৰত কম ভোট তথা আসন লাভ কৰিছিল।

      ইন্দিৰা গান্ধী মন্ত্ৰীসভাৰ আধাতকৈ বেছিসংখ্যক সদস্যই পৰাজয়বৰণ কৰিছিল।কংগ্ৰেছে সাতখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল ।দুখন ৰাজ্যত দলত্যাগ হোৱাৰ ফলত চৰকাৰ গঠন কৰিব পৰা নাছিল।

     1967 চনৰ সাধাৰণ নিৰ্বাচনে সংযুক্ত চৰকাৰৰ ছবি এখন স্পষ্ট ৰূপত দাঙি ধৰিছিল।অ-কংগ্ৰেছী দলবিলাক একগোট হৈ যুটীয়া ব্যৱস্থাপক দল গঠন কৰি অ-কংগ্ৰেছী চৰকাৰ গঠন কৰিছিল।এই চৰকাৰে প্ৰায়বোৰ ৰাজ্যতে কংগ্ৰেছৰ একাধিপত্য ন্যাচাৎ কৰে।

      1967 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰা বিধায়িকাই তিনিখন ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰ স্থাপন  কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এই তিনিখন ৰাজ্য আছিল হাৰিয়ানা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ।

       মাদ্ৰাজ ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দল ডি.এম.কেই স্পষ্ট সংখ্যাগৰিষ্ঠা লাভ কৰি চৰকাৰ গঠন কৰিছিল।

          সামৰণি:-1967 চনৰ ফলাফলে কংগ্ৰেছক লোকসভা আৰু বিধানসভাত বাৰুকৈয়ে ধাক্বা মাৰে।বহুতো সমসাময়িক ৰাজনৈতিক বিশ্লেষকে এই নিৰ্বাচনক" ৰাজনৈতিক ভূমিকম্প"বুলি অভিহিত কৰে। 9 খন ৰাজ্য যত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পৰা নাছিল, সেইকেইখন ৰাজ্য আছিল পঞ্জাৱ,হাৰিয়ানা,  উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, ,উৰিষ্যা, মাদ্ৰাজ আৰু কেৰেলা।এইদৰে 1967 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছৰপৰা কংগ্ৰেছৰ অধিপত্যৰ পৰিসমাপ্তি ঘটে।

       ______________৹৹৹৹৹___________

(2)নং প্ৰশ্ন:-কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা।

Ans:-

      Intr:-ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ আধিপত্য তিনিটা সাধাৰণ নিৰ্বাচন 1951-52, 1957,1962 ৰ নিৰ্বাচনত অব্যাহত থাকে।কিন্তু 1967 চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ আধিপত্যৰ অৱনতি ঘটে।

               তলত কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা হল-

               1964 চনৰ মে মাহত জৱাহৰলাল নেহৰুৰ মৃত্যু ঘটে।তেওঁৰ মৃত্যুয়ে কংগ্ৰেছ অৱনতিৰ ফালে ঢাল খায়।1964-1966 চনলৈ যদিও লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী আছিল তেওঁৰ প্ৰধানমন্ত্ৰীৰ কালছোৱা অতি চমু আছিল।দেশে দুটা ডাঙৰ সংকটৰ সন্মুখীন হৈছিল।প্ৰথমতে আছিল ভাৰতে চীনৰ লগত হোৱা যুদ্ধৰ ফলত অৰ্থনৈতিক অৱনতিৰ পুনৰ উদ্ধাৰত ব্যস্ত আছিল, সেই সময়তে মনচুনৰ অভাৱ,অনাবৃষ্টি আৰু গুৰুত্বপূৰ্ণ খাদ্য সংকটে এটা গভীৰ ভাবুকিৰ ইংগিত দিছিল।দ্বিতীয়তে,1965 চনত ভাৰত পাকিস্তানৰ লগত এখন যুদ্ধত অৱতীৰ্ণ হৈছিল।

             শাস্ত্ৰীয়ৰ মৃত্যুৰ পিছত মোৰাৰজী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত এক প্ৰচণ্ড প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল।প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ পাছতেই ইন্দিৰা গান্ধীয়ে লোকসভাৰ নিৰ্বাচনৰ কাৰণে দল পৰিচালনা কৰিব লগা হৈছিল।এই সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা আৰু শোচনীয় হৈছিল যিয়ে তেওঁৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিছিল।

          খেতিৰ উৎপাদন হ্ৰাস,খাদ্যৰ সংকট, শিল্প বাণিজ্যৰ ক্ষেত্ৰত বৈদেশিক আদান- প্ৰদান হ্ৰাস, সামৰিক খৰছ বৃদ্ধি ইত্যাদিয়ে অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছিল।ইন্দিৰা গান্ধীৰ চৰকাৰৰ প্ৰথম সিদ্ধান্ত হল টকাৰ মূল্য হ্রাস কৰা হৈছিল আমেৰিকাৰ হেঁচাত। আগতে আমেৰিকাৰ এক ডলাৰ পাঁচ টকাৰো কমত কিনা হৈছিল আৰু এতিয়া ইয়াৰ মূল্য সাত টকাৰো অধিক।

            অৰ্থনৈতিক দুৰৱস্থাৰ ফলত দেশত মূল্য বৃদ্ধি অভূতপূৰ্বভাৱে বাঢ়ে।জনসাধাৰণে আৱশ্যকীয় মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰে। খাদ্যৰ অভাৱ,নিবনুৱা সমস্যা আৰু সামগ্ৰিকভাৱে দেশৰ অৰ্থনৈতিক অৱস্থা আছিল অতি শোচনীয়।সমগ্ৰ দেশতে ধৰ্মঘট, হৰতাল আদি সঘনে হব ধৰিলে।দেশৰ আইন শৃংখলাৰ সমস্যা জটিল হৈ উঠিছিল।জনসাধাৰণৰ মাজত অসন্তষ্টি আৰু অশান্তিয়ে গা কৰি উঠিছিল।

          সাম্যবাদী আৰু সমাজবাদী দলবিলাকে সকলোৰে মাজত সমতাৰ ধ্বনিৰে সমগ্ৰ দেশ কঁপাই তুলিছিল।সাম্যবাদী দলৰ এটা অংশই সশস্ত্ৰ বিপ্লৱ তথা কৃষকসকলক উত্তেজিত কৰি তুলিছিল।এই কালছোৱাতে হিন্দু-মুছলিমৰ সংঘৰ্ষৰ সূচনা হৈছিল।

        বিৰোধী ৰাজনৈতিক দলবোৰে জনসাধাৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল। আদৰ্শৰ আৰু আঁচনিৰ প্ৰভেদ থকা সত্বেও দলবিলাক একগোট হৈ কংগ্ৰেছ বিৰোধী গোট কিছুমান ৰাজ্যত গঠন কৰি আসন ভাগ-বটৰা কৰি লৈছিল।

        এনে পৰিস্থিতিয়ে 1967 চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। 1952 চনৰ পৰা হোৱা আটাইবোৰ নিৰ্বাচনৰ ভিতৰতে আটাইতকৈ কম আসন লাভ কৰিছিল। এইদৰে 1967 চনৰ নিৰ্বাচনৰ পিছৰপৰা কংগ্ৰেছৰ আধিপত্যৰ পৰিসমাপ্তি ঘটে।

             সামৰণি:-তৎকালীনভাৱে উত্তৰাধিকাৰী হোৱা দুজন প্ৰধানমন্ত্ৰীৰ মৃত্যু হৈছিল আৰু নতুন প্ৰধানমন্ত্ৰী ৰাজনৈতিকভাৱে ন-শিকাৰো।ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত দেখা দিয়া দুৰ্ভিক্ষ, অসমতা,সাম্প্ৰদায়িক আৰু আঞ্চলিক বিভাজন আদিয়ে কংগ্ৰেছৰ আধিপত্যৰ পৰিসমাপ্তি ঘটায়।

              ___________৹৹৹৹৹_________

(3)নং প্ৰশ্ন:-1969 চনৰ ৰাষ্ট্ৰপতিৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।

Ans:-

      Intr:-1967 চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।কিন্তু ছিণ্ডিকেটৰ বিদ্রোহী গোট আৰু ইন্দিৰা গান্ধীৰ মাজৰ সংঘাতে 1969 চনত বিকট ৰূপ ধাৰণ কৰিছিল।

          ভাৰতৰ ৰাষ্ট্ৰপতি জাকিৰ হুইছেনৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতিৰ পদ খালী হয়। ইন্দিৰা গান্ধীৰ বাধা সত্ত্বেও ছিণ্ডিকেটে তেওঁৰ বহুদিনৰ বিৰোধী আৰু সেই সময়ৰ লোকসভাৰ অধ্যক্ষ এন.সঞ্জীৱা ৰেড্ডীক কংগ্ৰেছৰ অফিচিয়েল প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।ইন্দিৰা গান্ধীয়ে ইয়াৰ বিপৰীতে সেই সময়ৰ উপ-ৰাষ্ট্ৰপতি ভি.ভি.গিৰীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেচন পেপাৰ দাখিল কৰিবলৈ অনুপ্ৰেৰণা দিয়ে।

          সেই সময়ৰ কংগ্ৰেছৰ সকলো সাংসদ আৰু বিধানসভাৰ সদস্যই ৰেড্ডীক ভোট দিয়াৰ কাৰণে হুইপ জাৰি কৰিছিল।ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ বিশেষ বৈঠক আহ্বান কৰিছিল কিন্তু ইয়াক বাধা দিয়া হৈছিল।প্ৰধানমন্ত্ৰীয়ে মনে প্ৰাণে ভি.ভি.গিৰীক সমৰ্থন কৰি সকলোকে বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাইছিল।নিৰ্দলীয় প্ৰাৰ্থী ভি.ভি.গিৰী অৱশেষত জয়যুক্ত হয়।

           সামৰণি:-দলীয় প্ৰাৰ্থীৰ পৰাজয়ে কংগ্ৰেছক আনুষ্ঠানিকভাৱে বিভাজিত কৰিছিল। কংগ্ৰেছৰ সভাপতিয়ে প্ৰধানমন্ত্ৰীক দলৰপৰা বহিস্কাৰ কৰিছিল।1969 চনৰ নৱেম্বৰ মাহৰ পৰা কংগ্ৰেছ(ও)আৰু ইন্দিৰা গান্ধীৰ দলক কংগ্ৰেছ(আৰ)বুলি জনা যায়।গতিকে কব পাৰি যে 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন বহু বিতৰ্কিত মাজেৰে অনুষ্ঠিত হৈছিল।

            _______________৹৹৹৹৹৹__________

(4)নং প্ৰশ্ন:-ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে বিশ্লেষণ কৰা।

Ans:-

        Intr:-ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ আধিপত্যৰ তিনিটা সাধাৰণ নিৰ্বাচন 1951-52,1957 আৰু 1962ৰ নিৰ্বাচনত অব্যাহত থাকে।কিন্তু 1967 চনৰ নিৰ্বাচনে এই ধাৰাৰ আমূল পৰিৱৰ্তন সাধন কৰে।

          1951 চনৰ অক্টোবৰ মাহৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দেশত অনুষ্ঠিত হোৱা প্ৰথম লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ 364 খন আসন লাভ কৰিছিল।

          দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কেইখনমান ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱায়।

           তৃতীয় সাধাৰণ নিৰ্বাচনৰ সময়তো কংগ্ৰেছে দলৰ পূৰ্বৰ আধিপত্য হ্রাস পালেও আন বিৰোধী দলসমূহেই কংগ্ৰেছৰ বিকল্প হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পৰা নাছিল।

          কংগ্ৰেছৰ আধিপত্যৰ আন এটা কাৰণ হল স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা।জাতীয় আন্দোলনৰ মূল নেতৃত্ব আছিল কংগ্ৰেছ।আন্দোলনৰ বহু আগশাৰীৰ নেতাই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।কংগ্ৰেছ দলে আগৰেপৰাই সুসংৱদ্ধ দল হিচাপে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল।

       যেতিয়া জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পদত আছিল, তেওঁৰ শাসনকালত কংগ্ৰেছ দল ৰাজনৈতিকভাৱে যথেষ্ট শক্তিশালী আছিল।নেহৰু মৃত্যুৰ পাছত 1964 চনত লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ যদিও দলৰ ভিতৰৰ বহুতো সদস্যই ইয়াত সমৰ্থন জনোৱা নাছিল।শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰী কালছোৱাত দেশে দুটা ডাঙৰ সংকটৰ সন্মুখীন হৈছিল।যেতিয়া ভাৰত চীনৰ লগত হোৱা যুদ্ধৰ ফলত অৰ্থনৈতিক অৱনতিৰ পুনৰ উদ্ধাৰত ব্যস্ত আছিল সেই সময়তে মনচুনৰ অভাৱ,অনাবৃষ্টি আৰু গুৰুত্বপূৰ্ণ খাদ্য সংকটে এটা গভীৰ ভাবুকিৰ ইংগিত দিছিল।1965 চনত ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধ হৈছিল।

       1966 চনত শাস্ত্ৰীৰ আকস্মিক মৃত্যুত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।সেইসময়ত দেশত মূল্যবৃদ্ধি, খাদ্য সংকট আদি বিভিন্ন সমস্যাই দেখা দিছিল আৰু ইয়াৰ প্ৰতিবাদত ঠায়ে ঠায়ে আন্দোলন গঢ়ি উঠিছিল আৰু গান্ধী চৰকাৰ এনে সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বিফল হয়।ইয়াৰ ফলশ্ৰুতিত 1967 চনৰ চতুৰ্থ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও বহুকেইখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱায় আৰু এনেদৰেই ভাৰতৰ ৰাজনীতিত একক দলৰ আধিপত্যৰ সামৰণি পৰে।

         1971 চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ পঞ্চম লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়।যদিও কংগ্ৰেছ প্ৰথা পুনৰ সংস্থাপন হল।1975 চনৰ জৰুৰীকালীন ব্যৱস্থা ঘোষণাৰ পাছত লাহে লাহে জনপ্ৰিয়তা লোপ পাই।

        সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে কংগ্ৰেছৰ আধিপত্য যদিও 1967 চনৰ পৰা সামৰণি পৰে তথাপিও কংগ্ৰেছ ব্যৱস্থাক কেতিয়াও নুই কৰিব নোৱাৰি।আজিও কংগ্ৰেছ দল ৰাষ্ট্ৰীয় পৰ্যায়ত সুসংৱদ্ধ দল হিচাপে জিলিকি আছে।

       __________৹৹৹৹৹__________

(5)নং প্ৰশ্ন:-1967 চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিৱৰ্তন কৰিছিল?

Ans:-

       Intr:-1967 চনৰ বছৰটো ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসৰ এক ঐতিহাসিক ঘটনা হিচাপে চিহ্নিত হৈছে।1952 চনৰ পৰা কংগ্ৰেছ দলে ৰাষ্ট্ৰখনত আধিপত্য বিস্তাৰ কৰি আহিছে।কিন্তু 1967 চনৰ নিৰ্বাচনে এই ধাৰাৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল।

            এই নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা বহুখিনি পৰিৱৰ্তন কৰে।

          1967 চনৰ সাধাৰণ নিৰ্বাচনে সংযুক্ত চৰকাৰ ছবি এখন স্পষ্ট ৰূপত দাঙি ধৰে।যিহেতু কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই সেইবাবে অ-কংগ্ৰেছী দলবিলাক একগোট হৈ যুটীয়া ব্যৱস্থাপক দল গঠন কৰি অ-কংগ্ৰেছী চৰকাৰ গঠন কৰে।

        1967 চনৰ নিৰ্বাচনৰ পিছত ভাৰতীয় ৰাজনীতিত দলত্যাগ ৰাজনীতিৰ সৃষ্টি হৈছিল।কংগ্ৰেছ দল ত্যাগ কৰা বিধায়িকাই তিনিখন ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

        বহুকেইখন ৰাজ্যত কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল।

         আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আছিল 1969 চনৰ নৱেম্বৰ মাহৰ পৰা কংগ্ৰেছ(ও) আৰু ইন্দিৰা গান্ধীৰ দলক কংগ্ৰেছ(আৰ)বুলি জনা গৈছিল,অৰ্থাৎ কংগ্ৰেছ আনুষ্ঠানিকভাৱে বিভাজিত হৈছিল।

         সামৰণি:-গতিকে কব পাৰি যে 1967 চনৰ নিৰ্বাচনে কংগ্ৰেছৰ গতিশীলতা সম্পূৰ্ণ পৰিৱৰ্তন কৰিছিল।

      ______________৹৹৹৹৹৹৹৹___________

(6)নং প্ৰশ্ন:-"দলত্যাগ"বাক্যষাৰ বাখ্যা কৰা।

Ans:-

        "দলত্যাগ"মানে হল নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যি দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰা।

          1967 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰা বিধায়িকাই তিনিখন ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

         ____________৹৹৹________











     



Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-