AHSEC Political Science Class 12||Chapter-9 গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি||Democratic Upsurge And Coalition Politics(Assamese Medium Notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
(1)নং প্ৰশ্ন:-ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে?(Mark's:4)
Ans:-
Intr:-1967 চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিক দলৰ আবিৰ্ভাব হয়।
ভাৰত এখন বিচিত্ৰ দেশ।ইয়াত বিভিন্ন ভাষা, ধৰ্ম,জাতি আৰু উপজাতিৰ লোক বাস কৰে।সেয়েহে অঞ্চলিকতাবাদৰ গুৰুত্ব বাঢ়িছে।
ৰাজনৈতিকভাৱে সচেতন লোকে নিজৰ নিজৰ অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত একো একোটা আঞ্চলিক দল গঠন কৰিছে।
দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়েও আঞ্চলিক দলৰ সৃষ্টিত বৰঙণিজনাইছে।
আঞ্চলিক দলবিলাক বিশেষকৈ স্থানীয় সমস্যাৰ লগত জড়িত।যাৰ বাবে আঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে।
সামৰণি:-শেষত ক'ব পাৰি যে-বৰ্তমান কোনো সৰ্বভাৰতীয় দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে।বৰ্তমান মৰ্চা চৰকাৰ গঠন কৰাত ৰাজনৈতিক দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
______৹৹৹৹_____
(2)মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।(Mark's:4)
Ans:-
Intr:-বৰ্তমান ভাৰতবৰ্ষত মৰ্চা চৰকাৰৰ গুৰুত্ব বৃদ্ধি পাইছে।
মৰ্চা চৰকাৰৰ চাৰিটা বৈশিষ্ট্য হ'ল-
(1)মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাধান্য থকা দেখা যায়।
(2)কংগ্ৰেছ অথবা ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ বাহিৰত ৰখা লক্ষ্যই মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্ট্য।
(3)দলিত আৰু পিছপৰা শ্ৰেণীসমূহৰ পৰিচয়ৰ ভিত্তিত গঠিত ৰাজনৈতিক দলসমূহৰ ক্ৰমবৰ্ধিত শক্তি।
(4)সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ মাজত থকা ব্যৱধান ক্ৰমাগত অৱসান।
সামৰণি:-ওপৰত উল্লেখ কৰাবোৰেই মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্ট্য।
______৹৹৹______
(3)নং প্ৰশ্ন:-ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।(Mark's:2)
Ans:-
ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য হল-
(1)ভাৰতৰ সন্মিলিত চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰাধান্য থকা দেখা যায়।
(2)কংগ্ৰেছ অথবা ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ বাহিৰত ৰখা।
(4)নং প্ৰশ্ন:-মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা।(Mark's:2)
Ans:-
মণ্ডল আয়োগৰ দুটা পৰামৰ্শ হল-
(1)কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ 27% চাকৰিৰ আসন অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণ কৰা।
(2)অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ আৰ্থিক আৰু সামাজিকভাৱে লাভাৱান্বিত কৰা।
_______ ৹৹●৹_____
(5)নং প্ৰশ্ন:-ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা।(Mark's:4)
Ans:-
ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম হ'ল-
(1)ডি. এম.কে
(2)তেলেগু দেশম
(3)অসম গণ পৰিষদ
(4)এ.ডি.এম.কে।
____৹৹৹_____
আৰ্হি প্ৰশ্নাৱলী:(Mark's:6)
(1)নং প্ৰশ্ন:-জনতা দলৰ নীতি আৰু আঁচনি আলোচনা কৰা।
Ans:-
Intr:-1977 চনত এটা নতুন দলৰ উৎপত্তি হৈছিল।এই দলটোৱে "জনতা দল" নাম গ্ৰহণ কৰে।
জনতা দলৰ নীতি:
(1) এই দল গণতন্ত্ৰ,স্বাধীনতা আৰু জনসাধাৰণৰ ক্ষমতাৰ সমৰ্থক।
(2)এই দল একনায়ত্ববাদৰ ঘোৰ বিৰোধী।
(3)ইয়াৰ আন এটা লক্ষ্য হ'ল-মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি সংস্কাৰৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ মাধ্যমেৰে সমাজবাদ প্ৰতিষ্ঠা কৰা।
(4)জাতীয় সংহতি,দ্ৰব্যমূল্য নিয়ন্ত্ৰণ, নিবনুৱা সমস্যাৰ সমাধান এই দলে বিশেষ গুৰুত্ব আৰোপ কৰে।
জনতা দলে বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল।কৰ্মমুখী শিক্ষা ব্যৱস্থা কৰা, স্বাস্থ্য ব্যৱস্থা, নিবনুৱা সমস্যা সমাধান, খোৱাপানী ব্যৱস্থা ইত্যাদি বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল।
সামৰণি:-জনতা দল পিছলৈ নিজৰ ভিতৰতে কন্দলৰ সৃষ্টি হৈ নতুন দল "ভাৰতীয় জনতা পাৰ্টি 'গঠন হয়।
____৹৹৹____
(2)নং প্ৰশ্ন:-ভাৰতীয় জনতা দলৰ নীতি আৰু আঁচনি বাখ্যা কৰা।
Ans:-
Intr:-1980 চনত শ্ৰীঅটলবিহাৰী বাজপেয়ীৰ নেতৃত্বত ৰাজনৈতিক মঞ্চত ভাৰতীয় জনতা দল নামে নতুন এটা দলে আত্মপ্ৰকাশ কৰে।
ভাৰতীয় জনতা দলৰ নীতি:-
(1)জাতীয়তাবাদী, ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ।
(2)ই গণতান্ত্ৰিক আদৰ্শ আৰু নীতি কাৰ্যকৰী কৰিবলৈ দৃঢ় প্ৰতিজ্ঞবদ্ধ।
(3)এই দলে সামগ্ৰিক কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
(4)বৈদেশিক ক্ষেত্ৰত ভাৰতীয় জনতা দলে স্বাধীন আৰু প্ৰকৃত গোষ্ঠীনিৰপেক্ষ নীতিক সমৰ্থন কৰে।
এই দলে বিভিন্ন আঁচনি হাতত লৈছিল।কৃষিৰ উন্নয়ন, দৰিদ্ৰতা নিৰ্মূল,খোৱাপানীৰ যোগান,স্বাস্থ্য ব্যৱস্থা, শিল্প উন্নয়ন ইত্যাদি বিভিন্ন কামৰ ওপৰত গুৰুত্ব দিছিল।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে ভাৰতীয় জনতা দলৰ অত্যন্ত ভূমিকা আছে।
______৹৹৹৹______
(3)নং প্ৰশ্ন:-এন. ডি. এ-ৰ নীতি আৰু আঁচনি বাখ্যা কৰা।
Ans:-
Intr:-N. D. A(এন.ডি. এ) National Democratic Alliance অৰ্থাৎ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হৈছিল।
N. D. A ৰ নীতি:-
(1)ভাৰতীয় জনতা পাৰ্টীক কেন্দ্ৰত ক্ষমতাধিষ্ঠিত কৰা।
(2)শক্তিশালী চৰকাৰ গঠন কৰা।
(3)এই মৰ্চা চৰকাৰৰ অংশীদাৰ ৰাজনৈতিক দলসমূহে নিজৰ অঞ্চলৰ ভাষাগত,জাতিগত,নিবনুৱা সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰা।
এই মৰ্চা চৰকাৰে স্বাস্থ্য, কৰ্মসংস্থাপন,নিবনুৱা সমস্যাৰ সমাধানৰ বাবে বিভিন্ন আঁচনি হাতত লৈছিল।
সামৰণি:-বৰ্তমানো ৰাষ্ট্রীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অন্যান্য দলৰ লগত লগ লাগি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰে।
______৹৹৹_____
(4)নং প্ৰশ্ন:-"মৰ্চা ৰাজনীতিত ৰাজনৈতিক দলবোৰ আদৰ্শৰ ভিত্তিত গোষ্ঠীভুক্ত হোৱা নাছিল"-বাখ্যা কৰা।
Ans:-
Intr:-1989 চনৰ পৰা মৰ্চা ৰাজনীতি আৰম্ভ হয়।
মৰ্চা ৰাজনীতি ৰাজনৈতিক দলবোৰ আদৰ্শৰ ভিত্তিত গোষ্ঠীভুক্ত হোৱা নাছিল।
প্ৰথম অৱস্থাত মৰ্চা ৰাজনীতিৰ আঞ্চলিক ৰাজনৈতিক দলবোৰৰ আদৰ্শৰ ভিত্তিত গঠন হৈছিল যদিও পিছলৈ মৰ্চা চৰকাৰৰ ৰাজনীতিত গোষ্ঠীভুক্ত আদৰ্শ দেখা পোৱা নাযায়।
ভাৰতবৰ্ষত দুই সৰ্বভাৰতীয় দলক কেন্দ্ৰ কৰি মৰ্চাচৰকাৰৰ গঠন হৈছে যিহেতু মৰ্চাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশীদাৰ গোটসমূহে ক্ষমতাৰ লক্ষ্য আগত ৰাখি এটা মৰ্চাৰ পৰা আনটো মৰ্চালৈ স্থান সলাইছে।
মৰ্চাত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে এই দলবোৰে ধৰ্মনিৰপেক্ষতা অথবা সাম্প্ৰদায়িকতাৰ নীতিগত পাৰ্থক্য মানি চলা নাই।
সামৰণি:-মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ মূল লক্ষ্য কংগ্ৰেছ বা বিজেপিক ক্ষমতাৰ বাহিৰত ৰখা।
______৹৹৹৹______
(5)নং প্ৰশ্ন:-ভাৰতত সংযুক্ত চৰকাৰৰ বৈশিষ্ট্যবিলাক আলোচনা কৰা।
Ans:-
Intr:-বৰ্তমান ভাৰতবৰ্ষত সংযুক্ত চৰকাৰৰ গুৰুত্ব বৃদ্ধি পাইছে।
সংযুক্ত চৰকাৰৰ চাৰিটা বৈশিষ্ট্য হ'ল-
(1)আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাধান্য
(2)কংগ্ৰেছ অথবা ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ বাহিৰত ৰখা লক্ষ্যই মৰ্চা গঠনত পালন কৰা নিৰ্ণায়ক ভূমিকা।
(3)দলিত আৰু পিছপৰা শ্ৰেণীসমূহৰ পৰিচয়ৰ ভিত্তিত গঠিত ৰাজনৈতিক দলসমূহৰ ক্ৰমবৰ্ধিত শক্তি।
(4)সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ মাজত থকা ব্যৱধান ক্ৰমাগত অৱসান।
সামৰণি:-ওপৰত উল্লেখ কৰাবোৰেই সংযুক্ত চৰকাৰৰ প্ৰধান বৈশিষ্ট্য।
______৹৹৹______
(6)নং প্ৰশ্ন:-ভাৰতত সাম্প্ৰদায়িকতাৰ উত্থানৰ কাৰণবোৰ কি কি?
Ans:-
Intr:-ভাৰত এখন বিচিত্ৰ দেশ।ধৰ্মনিৰপেক্ষ দেশ হিচাপে জনাজাত হলেও বহু ক্ষেত্ৰত সাম্প্ৰদায়িকতাৰ উত্থান নঘটাও নহয়।
ভাৰতত সাম্প্ৰদায়িকতাৰ কাৰণসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি-
(1)হিন্দু-মুছলিম দুই ধৰ্মৰ লোকে নিজৰ নিজৰ ধৰ্মৰ ঐতিহ্য আৰু অস্তিত্ব ৰক্ষণাবেক্ষণৰ বাবে চলোৱা প্রচেষ্টা।
(2)উগ্ৰ সাম্প্ৰদায়িক মনোভাৱৰ কিছুমান সংগঠনৰ বাবে।
(3)সাম্প্ৰদায়িক গোটসমূহ ৰাজনীতিৰ মেৰপাকত বহু সময়ত লক্ষ্য কৰা যায় ।
সামৰণি:-গতিকে ক'ব পাৰি যে-ভাৰতত সাম্প্ৰদায়িকতাৰ উত্থানৰ কাৰণবোৰৰ ভিতৰত অ-ৰাজনৈতিক দলবোৰো অন্যতম কাৰণ।
_____৹৹৹______
(7)নং প্ৰশ্ন:-"সাম্প্ৰদায়িকতাবাদ অভিশাপ"-ইয়াক কেনেকৈ উচ্ছেদ কৰিব পাৰি?চাৰিটা পৰামৰ্শ আগবঢ়োৱা।
Ans:-
Intr:-সাম্প্ৰদায়িকতাৰ বীজে গণতান্ত্ৰিক আদৰ্শক কুলুষিত কৰে।ইয়াক উচ্ছেদ কৰিবলৈ হ'লে কিছুমান কামৰ প্ৰচেষ্টা চলোৱা প্ৰয়োজন।
(1)ৰাজনৈতিক দলসমূহ উগ্ৰ সাম্প্ৰদায়িকতা সংগঠনসমূহৰ পৰা আঁতৰত থাকিব লাগিব।সেয়া হয়তো হিন্দু হওক বা মুছলমানেই হওক।
(2)বৰ্তমান সামাজিক মাধ্যম হৈছে বহুলভাৱে প্ৰচাৰিত।সেয়ে সামাজিক মাধ্যমত সাম্প্ৰদায়িকতা মনোভাৱ ব্যক্ত কৰা উচিত নহয়।
(3)হিন্দু- মুছলিমৰ সংঘাতসমূহ যেনে ৰাম মন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণৰ এইসমূহৰ পৰা ৰাজনীতিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক থাকিব নালাগে।
(4)শেষত চিৰ সজাগতা অৰ্থাৎ আমি সকলোৱে সচেতন হোৱা উচিত।যিমানদূৰ সম্ভৱ সাম্প্ৰদায়িককতাৰ পৰা আঁতৰত থকা উচিত।
সামৰণি:-গতিকে ক'ব পাৰি যে-সাম্প্ৰদায়িকতাৰ মনোভাৱ আঁতৰ হ'লেহে সুন্দৰ গণতান্ত্ৰিক সমাজ এখন বৰ্তি থাকিব।
______৹৹৹______
(8)নং প্ৰশ্ন:-দলিত ৰাজনীতি মানে কি বুজা?দলিত ৰাজনীতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।
Ans:-
Intr:-1980-ৰ দশকত দলিতসকল ৰাজনৈতিকভাৱে সংগঠিত হ'বলৈ ধৰে।
অন্যান্য পিছপৰা, শোষিত লোকসকল ৰাজনৈতিকভাৱে সংগঠিত হোৱাকে দলিত ৰাজনীতি বুলি কোৱা হয়।
দলিতসকলৰ ৰাজনীতিত আগভাগ লোৱা দলটো আছিল বিশেষকৈ বহুজন সমাজ পাৰ্টি।কাশীৰাম বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাতা আছিল।
কাশীৰামে B.A.M.C.E.F নামৰ এটা সংগঠন গঢ়ি তুলিছিল।এই সংগঠনৰ পৰাই পৰৱৰ্তী সময়ত দলিত-শোষিত সমাজ সংঘৰ্ষ সমিতি গঢ় লৈ উঠিছিল।
বহুজন সমাজ পাৰ্টিত ভাৰতীয় সমাজ আৰু ৰাজনীতিত অৱহেলিত তথা শোষিত সকলো সম্প্ৰদায় বা গোটকে সাঙুৰি লৈছে।এই দলৰ আটাইতকৈ শক্তিশালী সমৰ্থনৰ ভেঁটি আছে দলিতসকলৰ মাজত।
কিন্তু অতি সম্প্ৰতি দলিতসকল আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহে নিজা -নিজাকৈ ৰাজনৈতিক সংগঠন গঢ়ি তুলিছে আৰু এটাই আনটোৰ সৈতে প্ৰতিযোগিতাত নামিছে।
সামৰণি:-এই সকলো ঘটনা-পৰিঘটনাৰ মাজেৰে 1980-ৰ দশকত শেষৰ পৰা ভাৰতীয় ৰাজনীতিত অন্যান্য পিছপৰা শ্ৰেণীসমূহ তথা দলিতসকলে শক্তিশালী স্থান লাভ কৰিছে।
_____৹৹৹৹_____
(9)নং প্ৰশ্ন:-পিছপৰা শ্ৰেণী বুলিলে কি বুজা?পিছপৰা শ্ৰেণীৰ বাবে থকা সাংবিধানিক ব্যৱস্থাসমূহ বাখ্যা কৰা।
Ans:-
Intr:-বিগত সময়ছোৱাত ভাৰতীয় ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ ৰাজনৈতিক উত্থান।
অনুসূচিত জাতি আৰু জনজাতি, ভিতৰুৱা অঞ্চলৰ সুবিধা নোপোৱা লোকসকলক পিছপৰা শ্ৰেণী বুলি কোৱা হয়।
ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত সাংবিধানিকভাৱে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলৰ বাবে কিছুমান বিশেষ ব্যৱস্থা প্ৰৱৰ্তন কৰি অহা হৈছে।চৰকাৰী চাকৰিৰ উপৰিও তেওঁলোকৰ বাবে বিধানসভা অথবা লোকসভাতো আসন সংৰক্ষণৰ ব্যৱস্থা আছে।
সংবিধানৰ 15(4) আৰু 16(4) অনুচ্ছেদত কোৱা হৈছে যে-"পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত ব্যৱস্থা" গ্ৰহণ কৰা হ'ব।
1935 আৰু 1936 চনতেই অনুসূচিত জাতি আৰু জনজাতিত অন্তৰ্ভুক্ত সম্প্ৰদায়সমূহক চিনাক্ত কৰি তেওঁলোকৰ পৃথক পৃথক তালিকা তৈয়াৰ কৰা হ'ল আৰু স্বাধীনতা লাভৰ বাবে বিশেষ সংৰক্ষণ তথা সুৰ8ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল।
1979 চনত পিছপৰা শ্ৰেণীৰ বাবে second backward class commission গঠন কৰিছিল।এই আয়োগে "জাতিভিত্তিক" সুৰক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ বাবে পৰামৰ্শ আগবঢ়ায়।
সামৰণি:-এইদৰে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংবিধানত বিশেষ ব্যৱস্থাৰ সংৰক্ষণ কৰা হৈছে।
_____৹৹৹_____
চমুটোকা:(Mark's:4)
(1)নং প্ৰশ্ন:-2014 চনৰ লোকসভা নিৰ্বাচনৰ সম্পৰ্কে চমুকৈ লিখা।
Ans:-
Intr:-2014 চনত অনুষ্ঠিত ষষ্ঠ লোকসভা নিৰ্বাচনে ভাৰতীয় ৰাজনীতিত এক নতুন ধাৰা নিৰ্মাণ কৰিলে।
1989 চনৰ পৰা অনুষ্ঠিত কোনো এটা সাধাৰণ নিৰ্বাচনতে কোনো এটা বিশেষ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল।
2004 চনৰ পৰা 2014 চনলৈ কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰে দেশ শাসন কৰিছিল।এনে এক ধাৰণা গঢ় লৈ উঠিছিল যে দেশত মৰ্চা চৰকাৰ স্থায়ী হৈ পৰিব।কিন্তু 2014 চনত এই কথা ভুল বুলি প্ৰমাণিত কৰিলে।
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই দেশজুৰি ব্যাপক প্ৰচাৰ চলাইছিল।
গণ মাধ্যমসমূহে নিৰ্বাচনী প্ৰচাৰ চলোৱাত সক্ৰিয় ভূমিকা পালন কৰিছিল।দুমাহ ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত 16 মে' 2014 তাৰিখে ভোট গণনা অনুষ্ঠিত হৈছিল।
ভাৰতীয় জনতা পাৰ্টিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল।26 মে' 2014 তাৰিখে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকলৰ লগত শপত গ্ৰহণ কৰি শাসনভাৰ গ্ৰহণ কৰিলে।
সামৰণি:-এইদৰে 2014 চনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।
_______৹৹৹৹______
(2)নং প্ৰশ্ন:-এন.ডি. এ -ৰ ওপৰত চমুটোকা লিখা।
Ans:-
Intr:-N. D. A(এন.ডি. এ) National Democratic Alliance অৰ্থাৎ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হৈছিল।
এই মৰ্চা চৰকাৰৰ অংশীদাৰ গোটসমূহৰ ভিতৰত অন্যতম আছিল শিৱসেনা,শিৰোমণি আকালি দল,ৰাষ্ট্ৰীয় লোকদল,অসম গণ -পৰিষদ ইত্যাদি।
এই চৰকাৰৰ শক্তিশালী অংশীদাৰ গোট আছিল ক্ৰমে-এ.আই.ডি. এম.কে আৰু তৃণমূল কংগ্ৰেছ।
এই চৰকাৰে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰে।ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে এখন মৰ্চা চৰকাৰে সম্পূৰ্ণ কাৰ্যকাল পূৰ্ণ কৰাৰ দৃষ্টান্তও প্ৰতিষ্ঠা হয়।
সামৰণি:-বৰ্তমান মৰ্চা চৰকাৰ ভাৰতীয় গণতান্ত্ৰিক চৰকাৰৰ অন্যতম বৈশিষ্ট্য হিচাপে পৰিলক্ষিত হৈছে।
______৹৹৹৹______
(3)নং প্ৰশ্ন:-ইউ.পি.এ চৰকাৰৰ ওপৰত চমুটোকা লিখা।
Ans:-
Intr:-U. P. A(United Progressive Alliance)সংযুক্ত প্ৰগতিশীল মৰ্চা কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল।
এই মৰ্চা চৰকাৰ গঠন কৰা হৈছিল ড° মনমোহন সিঙৰ নেতৃত্বত গঠন হৈছিল।
এই মৰ্চাৰ অংশীদাৰ গোটসমূহৰ অন্যতম আছিল তামিলনাডুৰ ডি. এম.কে আৰু বিহাৰৰ লালু প্ৰসাদ যাদৱৰ নেতৃত্বতাধীন ৰাষ্ট্ৰীয় জনতা দল,লোকজন শক্তি দল,নেছনেলিষ্ট কংগ্ৰেছ পাৰ্টি ইত্যাদি।
সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য কৰ্মসংস্থাপন নিশ্চিতকৰণ আইন আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ প্ৰৱৰ্তন কৰে।
সামৰণি:-2014 চনত ষষ্ঠদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ তথা সংযুক্ত প্ৰগতিশীল মৰ্চা পৰাজিত হয়।
_____৹৹৹_____
(4)নং প্ৰশ্ন:-জনতা দলৰ চাৰিটা প্ৰধান নীতি উল্লেখ কৰা।
Ans:-
Intr:-1977 চনত ভাৰতৰ ৰাজনৈতিক মঞ্চত জনতা দল নামৰ এটা নতুন দল গঠন হৈছিল।
জনতা দলৰ নীতি:-
(1)জনতা দল গণতন্ত্ৰ,স্বাধীনতা আৰু জনসাধাৰণৰ ক্ষমতাৰ সমৰ্থক।
(2)এই দল একনায়ত্ববাদৰ ঘোৰ বিৰোধী।
(3)সৰ্বাংগীন উন্নতিৰ মধ্যমেৰে সমাজবাদ প্ৰতিষ্ঠা কৰা।
(4)জাতীয় সংহতি,দ্ৰব্যমূল্য নিয়ন্ত্ৰণ, নিবনুৱা সমস্যাৰ সমাধান ইত্যাদিত এই দলে গুৰুত্ব আৰোপ কৰিছিল।
সামৰণি:-এই দল পিছলৈ বিভাজন ঘটে আৰু ৰাজনৈতিক মঞ্চত এটা নতুন দল ভাৰতীয় জনতা পাৰ্টি গঠন হয়।
______৹৹৹______
(5)নং প্ৰশ্ন:-1989 চনৰ পৰা 1992 চনলৈ ৰাষ্ট্ৰই দেখা পোৱা চাৰিটা প্ৰধান ঘটনা উল্লেখ কৰা।
Ans:-
Intr:-1989 চনৰ পৰা 1992 চনলৈ ৰাষ্ট্ৰই বহুতো সমস্যাৰ সন্মুখীন হৈছিল।
1989 চনৰ পৰা 1992 চনলৈ সন্মুখীন হোৱা ঘটনসমূহ হ'ল-
(1)1989 মৰ্চা চৰকাৰ গঠন হৈছিল।
(2)কংগ্রেছৰ আধিপত্যৰ অৱসান ঘটিছিল।
(3)বাবৰি মছজিদ ধ্বংসকৰণ হৈছিল।
(4)1990 -ৰ দশকৰপৰা বিশ্বায়নৰ ধাৰণা গোটেই পৃথিৱীজুৰি বহুলভাৱে প্ৰচাৰিত হ'বলৈ ধৰিলে।
সামৰণি:-1989 চনৰ পৰা ভাৰতীয় গণতন্ত্ৰই এটা নতুন অভিজ্ঞতা লাভ কৰিছিল।
_____৹৹৹_____
(6)নং প্ৰশ্ন:-ওলমা সংসদৰ বিষয়ে চমুকৈ লিখা।
Ans:-
Intr:-কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে মিত্ৰজোঁট গঠন কৰি চৰকাৰ গঠন কৰে ইয়াকে ওলমা সংসদ বুলি কোৱা হয়।
ভাৰতীয় গণতন্ত্ৰত 1989 চনৰ পৰা 2009 চনলৈকে এই দুটা দশকত কোনো এটা ৰাজনৈতিক দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই।প্ৰায় সকলো চৰকাৰেই মিত্ৰজোঁটৰ চৰকাৰ।
ভাৰতীয় ৰাজনীতিত নতুনকৈ আৰম্ভ হোৱা মিত্ৰজোঁটৰ চৰকাৰৰ ৰাজনীতি পাথম অৱস্থাত গভীৰ অনিশ্চয়তা আৰু অস্থিৰতা অতিক্ৰম কৰি বৰ্তমান সুস্থিৰ দিশে গতি কৰিছে।
সামৰণি:-সংখ্যাগৰিষ্ঠতা নোপোৱা বাবেই ওলমা সংসদ আখ্যা দিয়া হয়।
_____৹৹৹_____
(7)নং প্ৰশ্ন:-ভাৰতত মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ উল্লেখ কৰা।
Ans:-
Intr:-ভাৰতত মৰ্চা চৰকাৰৰ ৰাজনীতি আৰম্ভ হৈছিল 1989 চনৰপৰা।মৰ্চা চৰকাৰৰ গুণ আৰু দোষ দুটাই দেখা যায়।
মৰ্চা চৰকাৰৰ গুণ:-
(1)মৰ্চা চৰকাৰৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।
(2)দলিত আৰু পিছপৰা শ্ৰেণীৰ দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সুবিধা পাইছে।
মৰ্চা চৰকাৰৰ দোষ:-
(1)মৰ্চাত অংশগ্ৰহণ কৰা কিছুমান ৰাজনৈতিক দলে ধৰ্মনিৰপেক্ষতা অথবা সাম্প্ৰদায়িকতাৰ নীতিগত পাৰ্থক্য মানি চলা নাই।
(2)মৰ্চা ৰাজনীতিত ৰাজনৈতিক দলবোৰ আদৰ্শৰ ভিত্তিত গোষ্ঠীভুক্ত হোৱা নাছিল।
সামৰণি:-গতিকে ক'ব পাৰি যে মৰ্চা চৰকাৰৰ গুণ আৰু দোষ দুয়োটাই আছে।
_____৹৹৹৹______
অতি চমু উত্তৰৰ প্ৰশ্ন:(Mark's:2)
(1)নং প্ৰশ্ন:-2014 চনৰ নিৰ্বাচনত বি.জে. পি আৰু এন.ডি. এ-ই কিমানখনকৈ আসন লাভ কৰিছিল?
Ans:-
2014 চনত বিজেপিয়ে আৰু এন.ডি. এ-ই 282 খন আসন লাভ কৰিছিল।
(2)নং প্ৰশ্ন:-2009 চনৰ নিৰ্বাচনত বিজেপি-এ কিমান আৰু ইউ.পি.এ কিমানখনকৈ আসন লাভ কৰিছিল?
Ans:-
2009 চনত বিজেপিয়ে 116 খন(জাতীয় গণতান্ত্ৰিক মৰ্চা 159 খন) আৰু ইউ.পি.এ 206 খন আসন লাভ কৰিছিল।
(3)নং প্ৰশ্ন:-আঞ্চলিক দলৰ উত্থানৰ তিনিটা কাৰণ লিখা।
Ans:-
আঞ্চলিক দলৰ উত্থানৰ তিনিটা কাৰণ হ'ল-
(1)দেশৰ বিভিন্ন অঞ্চলৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়ে আঞ্চলিক দলৰ সৃষ্টিত অৰিহণা যোগাইছে।
(2)কেন্দ্ৰৰ দ্বাৰা বঞ্চিত মনোভাৱক সাৰথি কৰিয়েই আঞ্চলিক দল দেশৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে।
(3)নিজ নিজ অঞ্চলৰ আৰ্থ-সামাজিক সমস্যাৰ সমাধান কৰাৰ সিদ্ধান্ত উদ্দেশ্যে।
(4)নং প্ৰশ্ন:-সংযুক্ত ৰাজনীতিত আঞ্চলিক দলৰ বৰ্ধিত ভূমিকাৰ এটা কাৰণ বাখ্যা কৰা।
Ans:-
কংগ্ৰেছৰ আধিপত্যৰ অৱসান ঘটাৰ পিছত কেন্দ্ৰত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।ইয়াৰ ফলত আঞ্চলিক দলসমূহ লগ লাগি একো একোটা মৰ্চা বা সংযুক্ত চৰকাৰ গঠিত হৈছে।
(5)নং প্ৰশ্ন:-আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন আছে নেকি?তোমাৰ উত্তৰৰ সপেক্ষে বা বিপক্ষে দুটা যুক্তি দিয়া।
Ans:-
নিশ্চয় আঞ্চলিক দলৰ গুৰুত্ব যথেষ্ট আছে।কাৰণ-
(1)কেন্দ্ৰ চৰকাৰৰ দ্বাৰা অৱহেলিকত যিকোনো স্থানীয় সমস্যা আঞ্চলিক দলৰ দ্বাৰা সমাধান কৰিব পাৰি।
(2)স্থানীয় আৰ্থ-সামাজিক প্ৰতিষ্ঠা ক্ষেত্ৰত আঞ্চলিক দলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(6)নং প্ৰশ্ন:-মৰ্চা চৰকাৰ বুলিলে কি বুজা?ভাৰতত পোন প্ৰথমবাৰ কেতিয়া সংযুক্ত চৰকাৰ গঠন হৈছিল?
Ans:-
বহুকেইটা আঞ্চলিক দলৰ সহযোগত গঠিত চৰকাৰকেই মৰ্চা চৰকাৰ বুলি কোৱা হয়।
ভাৰতত প্ৰথমবাৰ মৰ্চা চৰকাৰ আৰম্ভ হয় 1989 চনৰ পৰা।
(7)নং প্ৰশ্ন:-ইউ.পি.এ মানে কি?
Ans:-
সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰ।
_______৹৹৹_______
বস্তুনিষ্ঠ প্ৰশ্নাৱলী:(Mark's:1)
(1)নং প্ৰশ্ন:-কোন বছৰত ভি.পি.সিং ক্ষমতাত অধিষ্ঠিত হৈছিল?
Ans:-
1989 চনত।
(2)নং প্ৰশ্ন:-কোন চনত জনতা দল গঠন হৈছিল?
Ans:-
1977 চনত।
(3)নং প্ৰশ্ন:-ভাৰতীয় জনতা দল কোন চনত প্ৰতিষ্ঠা হৈছিল?
Ans:-
1980 চনত।
(4)নং প্ৰশ্ন:-1989 চনৰ মৰ্চা চৰকাৰৰ মূৰব্বী কোন আছিল?
Ans:-
বিশ্বনাথ প্ৰতাপ সিং।
(5)নংপ্ৰশ্ন:-1999 চনৰ পৰা 2004 চনলৈ মৰ্চা চৰকাৰসমূহৰ মূৰব্বী কোন আছিল?
Ans:-
অটল বিহাৰী বাজপেয়ী।
(6)নং প্ৰশ্ন:-কোন দলে এন.ডি. এ.-ৰ নেতৃত্ব দিছিল?
Ans:-
ভাৰতীয় জনতা পাৰ্টি।
(7)নং প্ৰশ্ন:-2014 চনৰ মৰ্চা চৰকাৰৰ মূৰব্বী কোন?
Ans:-
নৰেন্দ্ৰ মোদী।
(8)নং প্ৰশ্ন:-কেন্দ্ৰত কেতিয়াৰ পৰা মৰ্চা চৰকাৰৰ সূচনা হৈছিল?
Ans:-
1989 চনৰ পৰা।
(9)নং প্ৰশ্ন:-কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ আদৰ্শক অনুসৰণ কৰে?
Ans:-
ভাৰতীয় জনতা পাৰ্টিয়ে।
(10)নং প্ৰশ্ন:-ভাৰতৰ কোনজন বিত্তমন্ত্ৰীয়ে নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তন কৰিছিল?
Ans:-
পি.ভি.নৰসিংহ ৰাও।
(11)নং প্ৰশ্ন:-2009 চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছিল?
Ans:-
ভাৰতীয় জাতীয় কংগ্ৰেছেৰ নেতৃত্বত গঠন হোৱা সংযুক্ত প্ৰগতিশীল মৰ্চাই।
(12)নং প্ৰশ্ন:-2014 চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছিল?
Ans:-
ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হোৱা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই।
(13)নং প্ৰশ্ন:-অসমৰ বিজেপিৰ সভাপতি কোন?
Ans:-
জয়ন্ত কুমাৰ দাস।
_______৹৹৹_____
Comments
Post a Comment