Class 12 ৰাজনীতি বিজ্ঞানৰ প্ৰজেক্ট কেনেকৈ তৈয়াৰ কৰিম?How to Prepare Project (Assamese Medium)

AHSECৰ নতুনকৈ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰজেক্ট অৰ্থাৎ প্ৰকল্পও অন্তৰ্ভুক্ত কৰা হৈছে।এতিয়াৰ পৰা 80 marks theory (কিতাপৰ প্ৰশ্ন উত্তৰসমুহ)আৰু 20 marks Project ৰ ওপৰত পৰীক্ষাত আহিব।

                   প্ৰজেক্ট কি? What is project:- project হৈছে আমি অধ্যয়ন কৰা জ্ঞান।ধৰি লোৱা আমি ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা বিষয়-বস্তু বাছনি কৰি ললোঁ।সেই বিশেষ বিষয়টোৰ ওপৰত তন্ন তন্নকৈ নিৰীক্ষণ কৰি কৰিব লাগিব।বিষয়-বস্তুটোৰ ওপৰত সামঞ্জস্য থকা ঠাই পৰিদৰ্শন কৰি বুজ লব লাগিব(প্ৰয়োজনসাপেক্ষে)।আমি অকল শ্ৰেণীৰ কিতাপৰ পাঠটিৰ ওপৰতেই নিৰ্ভৰ কৰি প্ৰকল্পৰ কাম শেষ বুলিব নোৱাৰো।

           প্ৰজেক্টৰ তৈয়াৰ কৰিবলৈ কি কৰিম:-প্ৰথমতে আমি বিষয়-বস্তু ভালকৈ বুজিব লাগিব। শ্ৰেণীৰ পাঠ্য পুঠিত সেই বিষয়ে পঢ়িব লাগিব।

          ইয়াৰ কাৰণে তোমালোকে অন্য শ্ৰেণীৰ কিতাপ, আলোচনী, বাতৰি কাকত,উপন্যাস, ইণ্টাৰনেট আদি ব্যৱহাৰ কৰিব পাৰা।

        ঠাই ভ্ৰমণ কৰিবলৈ গলে ভালকৈ বুজিব পাৰি।

        পুৰণি কথাবোৰ কিন্তু আমাৰ জ্যেষ্ঠজনে ভালকৈ জানে যেনে আইতা,ককা,মা,দেউতা বা অন্য কোনো, তেওঁলোকক সুধিবও পাৰা।বহু কথা কিতাপত আমি পঢ়িবলৈ পোৱা কথা তেওঁলোকে নিজে চকুৰে দেখিছে বা সেই সময় পাৰ কৰি আহিছে।

     প্ৰজেক্ট কেনেকৈ লিখিম:-প্ৰথমতে পৰিপাটিকৈ এখন ফাইল বনাই লবা। 

        সদায় বেটুপাত ধুনীয়াকৈ সজাব লাগে।নিজৰ নাম ঠিকনা স্পষ্টকৈ লিখিবা।

       বিষয়-বস্তু ওপৰত ভিত্তি কৰি ছবি যোগ কৰিব পাৰা(ছবি আঁকিব পাৰা কিন্তু বিষয়টোৰ লগত খাপ খোৱা) 

   প্ৰথমতে বিষয়বস্তুৰ পৰিচয়, উদ্দেশ্য, বৈশিষ্ট্য, ধাৰণা, প্ৰাসংগিকতা, নিজৰ মতামত আদি অন্তৰ্ভুক্ত কৰিব লাগে।

         প্ৰজেক্টত 20 marks পোৱাৰ পিছত therory(main books)10পালেই মুঠ 30 হব ।পাছ marks বুলি ধৰা হব নেকি?কেতিয়াও নহয় সেইটো ধাৰণা লৈ পঢ়িলে পাছ নকৰো।প্ৰজেক্টত 20 পালেও theory অতি কমেও 27/28/30 পাব লাগিব। 

      গম পালোঁ যে প্ৰজেক্ট এটা আমি সহজতেই তৈয়াৰ কৰিব পাৰো।



         

      

  

          

        

       

Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-