AHSEC Class 12 Political Science Chapter-7 সাম্প্রতিক বিশ্বৰ নিৰাপত্তা(Security In The Contemporary World)Assamese medium notes.
(1)নং প্ৰশ্ন:-অ-পৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তা মানে কি বুজা?মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা।
Ans:-
ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তা বা সামৰিক নিৰাপত্তাৰ বিপৰীতে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত এই দিশবোৰক অ-পৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তা বুলি কোৱা হয়।
তলত মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা হল-
(1)সন্ত্ৰাসবাদ:-সন্ত্ৰাসবাদ নিৰ্বিচাৰভাৱে সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া একধৰণৰ ৰাজনৈতিক হিংসা।আজি গোটেই বিশ্বজুৰি এনে ঘটনা সংঘটিত হব ধৰিছে।সন্ত্ৰাসবাদী গোটসমূহে জনসাধাৰণৰ সমবেত হোৱা ঠাই যেনে-বজাৰ, চিনেমা গৃহ,আদালত বা মছজিদ চৌহদ অথবা জনসাধাৰণে ব্যৱহাৰ কৰা যোগাযোগ সেৱা ব্যবস্থা যেনে-বিমান, ৰেল, বাছ ইত্যাদিক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয়।
(2)প্ৰব্ৰজন:-প্ৰব্ৰজন বৰ্তমান বিশ্বৰ অন্য এক নিৰাপত্তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্ন।দৰিদ্ৰতা, ৰাজনৈতিক হাৰাশাস্তি ইত্যাদি বিভিন্ন কাৰণত এখন দেশৰ অন্য এখন দেশলৈ যায়। প্ৰব্ৰজনকাৰীসকলে প্ৰতিটো মুহূৰ্ততে বিভিন্ন দুৰ্দশা লগত কঢ়িয়াই লৈ ফুৰে।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে-প্ৰব্ৰজনকাৰী,সন্ত্ৰাসবাদ, স্বাস্থ্য,মহামাৰী ইত্যাদি উৎসসমূহে মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।
________৹৹৹৹৹৹৹৹৹______
(2)নং প্ৰশ্ন:-বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।
Ans:-
Intr:-নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা উৎসসমূহৰ ভিতৰত হৈছে বিশ্ব দৰিদ্ৰতা অন্যতম।
সাধাৰণ মানুহৰ দৈনন্দিন নিৰাপত্তাক আটাইতকৈ বেছিকৈ বিঘ্নিত কৰে দৰিদ্ৰতাই ।দৰিদ্ৰতা হল এনে এক অৱস্থা য'ত মানুহৰ জীৱিকাৰ বা আয়ৰ পৰ্যাপ্ত সুবিধা নাই।ফলত মানুহে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় নূন্যতম আয় আহৰণ কৰিব নোৱাৰে।প্ৰয়োজনীয় আয় আহৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে দুবেলা দুমুঠি খাবলৈ নাপায়,উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়,লৰা-ছোৱালীয়ে উপযুক্ত ধৰণৰ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, মাতৃ আৰু শিশু পুষ্টিহীনতাত ভোগে,উপযুক্ত শৌচাগাৰ আৰু খুৱাপানীৰ ব্যৱস্থাৰ পৰা বঞ্চিত হয় ইত্যাদি ইত্যাদি।
সামৰণি:-চমু কথাত দৰিদ্ৰতাই মানুহক তিল তিলকৈ শাস্তি প্ৰদান কৰে আৰু জীয়াই থকাৰ অৰ্থ হৈ পৰে বঞ্চনাৰ নামান্তৰ।
__________৹৹৹৹৹৹_______
(3)নং প্ৰশ্ন:-বাহ্যিক আক্ৰমণৰ ভাবুকিৰ প্ৰতিহিত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি?
Ans:-
Intr:-ভাৰতবৰ্ষই পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত বহি: আৰু আভ্যন্তৰীণ উভয় ক্ষেত্ৰতেই প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে।নিৰাপত্তাৰ এনে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই প্ৰধানকৈ চাৰিটা কৌশল অৱলম্বন কৰিছে।
(ক)বহি:নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি= চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ সীমাবিবাদ আৰু অন্যান্য সংঘাত আছে।এই পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই নিজৰ সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দি আহিছে।ভাৰতে ব্যয়ৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা এটা ক্ষেত্ৰ হল-প্ৰতিৰক্ষা।
(খ)আন্তৰ্জাতিক প্ৰমূল্য আৰু সহযোগিতা তথা আন্তৰ্জাতিক প্ৰতিস্থানৰ জৰিয়তে নিৰাপত্তা বৃদ্ধি কৰা= আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতবৰ্ষই শান্তিপূৰ্ণ সহ-অৱস্থানৰ ওপৰত গুৰুত্ব দি আহিছে।সেয়েহে আন্তৰ্জাতিক ৰাজনীতিত বিভিন্ন শিবিৰে গঢ়ি তোলা সামৰিক শিবিৰক ভাৰতবৰ্ষই সমৰ্থন নকৰে।
(গ)আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে সামৰিক আৰু ৰাজনৈতিক কৌশল অৱলম্বন=আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ নানান প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আহিছে।এই পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই সামৰিক আৰু ৰাজনৈতিক এই দুয়োটা পন্থাই অৱলম্বন কৰি আহিছে।উদাহৰণ স্বৰূপে সহস্ৰ বিদ্ৰোহৰ দমনৰ বাবে সামৰিক বাহিনী আইন,1958 দৰে পাশৱিক পন্থা অৱলম্বন কৰাৰ উপৰিও বৃহৎ হাৰত সামৰিক, অৰ্ধ-সামৰিক বা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীক মোতায়েন কৰিছে।
(ঘ)অৰ্থনৈতিক আৰু মানৱ বিকাশৰ জৰিয়তে অ-পৰম্পৰাগত নিৰাপত্তা প্ৰসাৰণৰ প্ৰচেষ্টা=স্বাধীনতা লাভৰ সময়ৰেপৰা ভাৰতবৰ্ষই সামাজিক ন্যায় প্ৰতিষ্ঠাৰ এক আহিলা হিচাপে অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দি আহিছে।সেই লক্ষ্যত উপনীত হবৰ বাবেই ভাৰতীয় পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল।
সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে নিৰাপত্তাৰ ভাবুকি প্ৰতিহত কৰিবৰ বাবে ভাৰতবৰ্ষই বিভিন্ন কৌশল অৱলম্বন কৰিছে।
____________৹৹৹৹৹৹___________
(4)নিৰাপত্তা কি?
Ans:-সাধাৰণ অৰ্থত নিৰাপত্তা বুলিলে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটা অৱস্থা বা পৰিৱেশৰ কথাকে বুজোৱা হয়।
(5)সন্ত্ৰাসবাদ কাক বোলে?
Ans:-সন্ত্ৰাসবাদ হল নিৰ্বিচাৰভাৱে সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া একধৰণৰ ৰাজনৈতিক হিংসা।
(6)N.P.T ৰ সম্পূৰ্ণ অৰ্থ কি?
Ans:- Nucelear Non-Proliferation Treaty.
(7)জৈৱিক অস্ত্ৰ অভিৱৰ্তন কেতিয়া হৈছিল?
Ans:-1972 চনত।
(8)ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন কেতিয়া হৈছিল?
Ans:-1992 চনত।
___________৹৹৹৹৹৹৹________
Comments
Post a Comment