AHSEC Class 12 Political Science Chapter-8 পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ(Environment And Natural Resources)Assamese medium notes.

 গুৰুত্বপূৰ্ণ প্ৰশ্ন:

(1)নং প্ৰশ্ন:-সম্পদৰ ভূ-ৰাজনীতিৰ বিষয়ে সমালোচনামূলক আলোচনা কৰা।

Ans:-

      Intr:-সম্পদক কেন্দ্ৰ কৰি প্ৰাকৃতিক সম্পদত চহকী বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গঢ়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা ব্যাপ্তিকে সম্পদকেন্দ্ৰিক ভৌগোলিক ৰাজনীতি বুলিব পাৰি।

        বিশ্ব ৰাজনীতিত প্ৰধান গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ হিচাপে তেলৰ ভূমিকা অ-পৰিৱৰ্তনীয় হৈ ৰয়। প্ৰাকৃতিক সম্পদ হিচাপে তেলৰ ওপৰত নিয়ন্ত্ৰণক লৈ ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষও হোৱা দেখা যায়।

      তেলৰ দৰে পানীও বিশ্ব ৰাজনীতিত এক উল্লেখযোগ্য সম্পদ। পৃথিৱীৰ সকলো অঞ্চলতে পানী উপলব্ধ হলেও অঞ্চলভেদে ইয়াৰ গুণাগুণৰ তাৰতম্য দেখা যায়।সেয়েহে পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ মাজত অংশীদাৰীত্ব থকা জল সম্পদক কেন্দ্ৰ কৰি সংঘাত গঢ়ি উঠাৰ সম্বৱনা গাঢ় কৰি তুলিছে।21 শতিকাত এই প্রশ্ন কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰসমূহৰ মাজত ব্যাপক সংঘাত আৰু সংঘৰ্ষ গঢ়ি উঠিব বুলি অনুমান কৰা হৈছে। কিছুমান চিন্তাবিদে এনেধৰণৰ সংঘৰ্ষক জল যুদ্ধ হিচাপে নামকৰণ কৰিছে।

     সামৰণি:-গতিকে দেখা গল যে প্ৰাকৃতিক সম্পদসমূহে ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

       _____________৹৹৹৹৹৹___________

(2)নং প্ৰশ্ন:-"বিশ্বজনীন উমৈহতীয়া"মানে কি বুজা?"বিশ্বজনীন উমৈহতীয়া"ৰক্ষণাবেক্ষণৰ বাবে তিনিটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া।

  Ans:-

         পৃথিৱীৰ কিছুমান অঞ্চল কোনো ৰাষ্ট্ৰৰে সাৰ্বভৌম কতৃত্বৰ ভিতৰত নপৰে।এনে অঞ্চলসমূহ আন্তৰ্জাতিক সম্প্ৰদায়ৰ জৰিয়তে পৰিচালনা কৰা হয়।এই অঞ্চলসমূহক বিশ্বৰ উমৈহতীয়া সম্পদ হিচাপে জনা যায়।

    বিশ্বৰ উমৈহতীয়া সম্পদসমূহৰ ক্ষেত্ৰত কোনো ৰাষ্ট্রৰে একচেতীয়া সাৰ্বভৌম কতৃত্ব নাথাকে যদিও সকলোবোৰে সহায় সহযোগিতাৰে এইবিলাক পৰিচালনা কৰা হয়।এই উদ্দেশ্য আন্তৰ্জাতিক মহলত কিছুমান যুগান্তকাৰী চুক্তিত স্বাক্ষৰ কৰা হয়।ইয়াৰ ভিতৰত 1959 চনৰ এণ্টাৰ্কটিকা সন্ধি ইত্যাদি উল্লেখনীয়।

        "বিশ্বজনীন উমৈহতীয়া"ৰক্ষণাবেক্ষণৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই সমভাৱে দায়বদ্ধতা অনুভৱ কৰাতো উচিত।

       ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ দায়বদ্ধতা আন দেশৰ তুলনাত বেছি হোৱা উচিত।

            সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে "বিশ্বজনীন উমৈহতীয়া"ৰক্ষণাবেক্ষণৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই দায়বদ্ধতা থকা উচিত।

           _____________৹৹৹৹৹৹৹____________

(3) বহনক্ষম উন্নয়ন কাক বোলে?

Ans:-অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মৰ বাবে থকা দায়বদ্ধতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হয়।ইয়াক বহনক্ষম উন্নয়ন বুলি কোৱা হয়।

(4)ভাৰতে কায়টো প্ৰট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?

Ans:-2002 চনৰ আগষ্ট মাহত।

(5)কায়টো প্ৰট'কল কি?

Ans:-সেউজ গৃহৰ ভাৱ নিৰ্গমন নিৰ্মূলকৰণৰ বাবে উদ্যোগিক দেশসমূহক সতৰ্ক কৰাৰ উদ্দেশ্যে 1997 চনত জাপানৰ কিঅ'টত কিঅ'ট আন্তৰ্জাতিক চুক্তিপত্ৰত স্বাক্ষৰ কৰা হৈছিল।



     


Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-