H.S 2nd years political science ||Chapter:-4 ক্ষমতাৰ বিকল্প কেন্দ্ৰ(Alternative Centres Of Power)Assamese medium notes.

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

 (1)নং প্ৰশ্ন–চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ কাৰণবোৰ বাখ্যা কৰা।(Marks:6)

Ans:-

        Intr:-বৰ্তমান সময়ত চীনৰ অৰ্থনীয়ে বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে।চীনত উৎপাদিত পণ্যই পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে।

           চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ কাৰণ বহুতো আছে।

         (1)সমাজবাদী চীন দেশত 1978 চনত অৰ্থনীতি সংস্কাৰ কাৰ্য্যসূচী আৰম্ভ হয়।সেই সময়ৰ পৰাই চীনৰ অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়।

         (2)চীনৰ জনসংখ্যা, বৃহৎ ভূখণ্ড,প্ৰচুৰ সম্পদ, ইয়াৰ ভৌগোলিক অৱস্থিতি আৰু তাৰ জৰিয়তে দেশখনে পূৱ এছিয়াত পেলোৱা ৰাজনৈতিক প্ৰভাৱ এই সকলোবোৰে চীনৰ অৰ্থনীতিক অনন্য মাত্ৰা প্ৰদান কৰিছে।

        (3)অৰ্থনীতি নিৰ্মাণৰ সমান্তৰালভাৱে চীনে কেতবোৰ কথাত অত্যন্ত গুৰুত্ব দিছিল।তাৰে ভিতৰত অন্যতম হল-কৰ্মসংস্থাপন, সামূহিক কল্যাণ, শিক্ষা আৰু স্বাস্থ্য।

       (4)1970ৰ দশকত চীনা অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ হল।প্ৰধানমন্ত্ৰী চৌ.এন লায়ৰ নেতৃত্বত চাৰিটা খণ্ড-কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হল।1978 চনত চীনৰ অৰ্থনীতিৰ বৈপ্লৱিক পৰিৱৰ্তন ঘটিলে।

        (5)নিজা পৰিস্থিতি,পৰিৱেশ সঠিকভাৱে অনুধাৱন কৰি চীনে বজাৰ অৰ্থনীতিৰ পথত ভৰি দিছিল।

         (6)চীনে বাণিজ্যৰ ক্ষেত্ৰত সূচনা কৰা নতুন নীতি আৰু নতুনকৈ স্থাপন কৰা বিশেষ অৰ্থনীতিক মণ্ডল সমূহেও বৈদেশিক বিনিয়োজন বৃদ্ধিত অৰিহনা যোগালে।

           সামৰণি:-বৰ্তমান বিশ্ব অৰ্থনীতিত চীনে গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে।আজিকালি উত্তৰ -পূৱ ভাৰত বিশেষকৈ উত্তৰ পূৱ ভাৰতৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত চীনৰ উৎপাদিত ইলেকট্ৰনিক সামগ্ৰীৰ যথেষ্ট পয়োভৰ ঘটিছে।

           _______________৹৹৹৹৹৹__________

(2)নং প্ৰশ্ন:- চীন-ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।(Marks:6)

  Ans:- 

         Intr:-চীন আৰু ভাৰত দুয়োখন দেশৰ মাজত যদিও সীমা বিবাদ ঘটিছিল।1970 ৰ দশকত নেতৃত্বৰ পৰিৱৰ্তন আৰু এই নতুন নেতৃত্বই বাস্তৱ দৃষ্টিভংগীৰ ওপৰত দিয়া প্ৰাধান্যৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নতি ঘটিল।

          তলত চীন আৰু ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হল।

        শীতল যুদ্ধৰ অৱসানৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই নতুন গতি লাভ কৰিলে। সীমা বিবাদ নিষ্পত্তি কৰাৰ লক্ষ্যৰে 1981 চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হল।

        1988 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰা চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহনা যোগালে।তেতিয়াৰ পৰাই দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ কাৰণে আৰু সীমান্ত অঞ্চলত শান্তিৰ আৰু বন্ধুত্বৰ ভাৱ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে।

       সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান প্ৰযুক্তিৰ সহযোগৰ বাবে দুয়োখন দেশৰ মাজত চুক্তি সম্পাদিত হৈছে। বাণিজ্য সম্প্ৰসাৰণৰ বাবে সীমান্তৰ চাৰিটা অঞ্চল মুকলি কৰি দিয়া হৈছে।

        শেহতীয়াভাৱ দুয়োখন দেশে সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূহতো সহযোগিতা কৰাৰ নীতি গ্ৰহণ কৰিছে।এই ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সু-সম্পৰ্ক স্থাপন হৈছে।

         অতি সম্প্রতি উত্তৰ পূৱ ভাৰতত চীনক কেন্দ্ৰ কৰি কিছুমান নতুন বিতৰ্কৰ আৰম্ভ হৈছে।এই বিতৰ্কৰ মূলতে আছে ব্ৰহ্মপুত্ৰ নদী।মাজে সময়ে এনে বাতৰি পৰিৱেশন হৈছে যে চীনে ব্ৰহ্মপুত্ৰক ভেঁটি বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে।কেন্দ্ৰীয় চৰকাৰে এনে বাতৰি ভিত্তিহীন বুলি কৈ আহিছে।

         সামৰণি:- ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক ব্যাহত নকৰে সেই কথাত ভাৰত চৰকাৰে গুৰুত্ব দিব লাগেআৰু মানুহৰ মাজত গঢ়ি উঠা শংকা দূৰীকৰণৰ বাবে পদক্ষেপ হাতত লব লাগে।

     _________________৹৹৹৹৹৹৹____________

(3)নং প্ৰশ্ন:-ASEAN ৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা।(marks:2)

Ans:-ASEAN ৰ দুটা মূল উদ্দেশ্য হল-

         (1)সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।

          (2)উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।

             ___________৹৹৹৹৹_________

(4)নং প্ৰশ্ন:-ইউৰোপীয়ান সংঘৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা।(marks:2)

 Ans:-ইউৰোপীয়ান সংঘৰ দুটা মূল উদ্দেশ্য হল-

         (1)একাধিক উমৈহতীয়া নীতি আৰু সহযোগিতা নিৰ্মাণ ।

        (2)অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।

        _____________৹৹৹৹৹৹___________

(5)ASEAN ৰ সম্পূৰ্ণ অৰ্থ কি?

Ans:-Association of South East Asian Nations.

(6)ASEAN ৰ যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা

Ans:- চিংগাপুৰ।

(7)কোন চনত চীনে অৰ্থনীতিৰ ক্ষেত্ৰত "open door policy"গ্ৰহণ কৰিছিল?

Ans:-1978

(8)চীন কেতিয়া বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল?

Ans:-2001

(9)কোন চনত চীনে কৃষিক ব্যক্তিগতকৰন কৰিছিল?

Ans:-1982

(10)কোন চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?

Ans:-1988

(11)ইউৰোপীয়ান সংঘৰ মুদ্ৰাক কি কয়?

Ans:-"ইউৰো" বুলি জনা যায়।

    _______________৹৹৹৹৹৹__________

আৰ্হি প্ৰশ্নাৱলী:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-শ্ৰেষ্ঠ জাতীয় সংগঠন হিচাপে ইউৰোপীয়ান সংঘৰ ভূমিকা আলোচনা কৰা।

Ans:-

     Intr:-ছোভিয়েট সংঘৰ পতনৰ পাছত ইউৰোপৰ দেশসমূহৰ মাজত একত্ৰীকৰণ প্ৰক্ৰিয়াই দ্ৰুত গতি লাভ কৰিছিল আৰু 1992 চনত ইউৰোপীয় সংঘ প্ৰতিষ্ঠা কৰা হৈছিল।

    এই সংঘৰ প্ৰতিষ্ঠাই ইউৰোপৰ দেশসমূহৰ মাজত একাধিক উমৈহতীয়া নীতি আৰু সহযোগিতা নিৰ্মাণত অৰিহনা যোগালে।এইবোৰৰ ভিতৰত-উমৈহতীয়া বৈদেশিক নীতি,ন্যায় আৰু দেশীয় স্বাৰ্থ প্ৰসাৰণৰ আধাৰত গঢ়ি তোলা সহযোগিতা তথা এক উমৈহতীয়া বা একক ইউৰোপীয় মুদ্ৰাৰ প্ৰচলন।

    ইউৰোপীয় সংঘৰ বহুবোৰ উমৈহতীয়া উপাদান আছে যেনে-উমৈহতীয়া পতাকা, জাতীয় সংগীত, প্ৰতিষ্ঠা দিন আৰু ইউৰোপীয় মুদ্ৰা যাক ইউৰো বুলি জনা যায়।

    ইউৰোপীয় সংঘই  অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক আৰু সামৰিক এই সকলোবোৰ দিশতে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।ইউৰোপীয় সংঘৰ অৰ্থনীতি বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি।

   নিজৰ অৰ্থনৈতিক ক্ষমতা আৰু কূটনৈতিক কৌশলেৰে ইউৰোপীয় সংঘই বহুবোৰ আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা দেখা যায়।

   সামৰণি:-গতিকে ক'ব পাৰি যে শ্ৰেষ্ঠ জাতি সংগঠন হিচাপে ইউৰোপীয় সংঘৰ যথেষ্ট ভূমিকা আছে।

                    _____৹৹৹_____

(2)নং প্ৰশ্ন:-ASEAN(Association of South-East Asian Nations)-ৰ লক্ষ্য আৰু সফলতা বৰ্ণনা কৰা।

Ans:-

    Intr:-দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহে দক্ষিণ-পূৱ এছিয় জাতীয় সংস্থা গঠন কৰিছিল।

   এছিয়ানৰ মূল লক্ষ্য হ'ল-

   (1)সদস্য ৰাষ্ট্রবোৰৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।

   (2)আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিৰ ওপৰত ভিত্তি কৰি আঞ্চলিক শান্তি আৰু স্থিৰতা ৰক্ষা কৰা।

   (3)দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনির্ভৰশীলতা বৃদ্ধি কৰা।

  এছিয়ান কাৰ্য্য-কলাপত জাতীয় "সাৰ্বভৌমত্বক সন্মান"জনোৱা হয়।এছিয়ানৰ যথেষ্ট সফলতা আছে।

    এছিয়ানে পৃথিৱীৰ আঠ শতাংশ মানুহক সামৰি লয় আৰু 2003 চনত ইয়াৰ মুঠ জি. ডি. পি হ'ল আমেৰিকাৰ 8700 বিলিয়ন ডলাৰ।

     এছিয়ানে কেইখনমান চুক্তি সম্পাদন কৰে আৰু এই চুক্তিৰ জৰিয়তে সদস্য ৰাষ্ট্ৰবিলাকে শান্তি, নিৰপেক্ষতা, সহযোগিতা, অ-হস্তক্ষেপ আৰু সাৰ্বভৌমত্বৰ অধিকাৰক সন্মান প্ৰদৰ্শন কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ হয়।

    এছিয়ানে মুক্ত বাণিজ্য অঞ্চল গঠন কৰি শ্ৰমিক আৰু চাকৰিৰ ব্যৱস্থা কৰে।

    সামৰণি:-ইয়াৰ দ্বাৰা ক'ব পাৰি যে বৰ্তমান এছিয়ানে ইয়াৰ সদস্য দেশসমূহৰ মাজত বিকাশৰ আঞ্চলিক সহযোগিতাৰ এজেঞ্চি হিচাপে কাম কৰে।

              _______৹৹৹______

(3)নং প্ৰশ্ন:-আন্তৰ্জাতিক সম্প্ৰদায়ত এছিয়ানৰ শক্তি বৃদ্ধিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত?

Ans:-

     Intr:-দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহে দক্ষিণ-পূৱ এছিয় জাতীয় সংস্থা গঠন কৰিছিল।

   আন্তৰ্জাতিক সম্প্ৰদায়ত এছিয়ানৰ শক্তি বৃদ্ধি কৰিব হলে-সহযোগিতাৰ ভিত্তিত সকলো সমস্যাৰ কথা চিন্তা-চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগিব।

   ইয়াৰ সদস্য দেশসমূহৰ উপৰিও অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰিব লাগিব।

   এছিয়ানৰ শীৰ্ষ সন্মিলন নিয়মিতভাৱে অনুষ্ঠিত নহয়।যদিহে নিয়মিত অনুষ্ঠিত কৰা হয় এছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগত ভাৱধাৰা আদান প্ৰদান কৰাত সহায় হ'ব।

   সামৰণি:-উমৈহতীয়া আঁচনি,নিয়মিত শীৰ্ষ সন্মিলন অনুষ্ঠিত, উন্নয়নশীল দেশৰ লগত সহযোগিতা, সামূহিক আত্মনির্ভৰশীলতা ইত্যাদিয়ে এছিয়ানৰ শক্তি বৃদ্ধি কৰাত অৰিহণা যোগায়।

              ________৹৹৹৹________

(4)নং প্ৰশ্ন:-চীন আৰু ভাৰতৰ সম্পৰ্ক মুল্যায়ন কৰা।

Ans:-

     Intr:-চীন আৰু ভাৰতৰ সম্পৰ্ক যদিও আগতে বিবাদ আছিল বৰ্তমান বহুখিনি উন্নত হৈছে।

    চীন আৰু ভাৰতৰ বিবাদ :- 

             1950 চনত চীনে তিব্বতক নিজৰ কৰ্তৃত্বলৈ অনাৰ প্ৰশ্নত চীন আৰু ভাৰতৰ মাজৰ সীমাৰ চুড়ান্তকৰণৰ প্ৰশ্নত দুয়োখন দেশৰ মাজত মতানক্য গঢ়ি উঠিছিল।

         অৰুণাচল প্ৰদেশ আৰু লাদেখৰ আকচাইচীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি 1962 চনত দুয়োখন দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটিছিল।

         চীনে ভাৰতবৰ্ষৰ প্ৰতিবেশী দেশ পাকিস্তানৰ পাৰমাণৱিক শক্তি প্ৰতিষ্ঠিতাত অৰিহনা যোগাইছে বুলি ভাৰতবৰ্ষই বিশ্বাস কৰে।সেইদৰে চীনে বাংলাদেশ আৰু ম্যানমাৰৰ লগতো সামৰিক সম্পৰ্ক চলাই আছে।

      অতি সম্প্ৰতি উত্তৰ-পূৱ ভাৰতত চীনক কেন্দ্ৰ কৰি কিছুমান নতুন বিতৰ্ক আৰম্ভ হৈছে।এই বিতৰ্কৰ মূলতঃ হৈছে ব্ৰহ্মপুত্ৰৰ পানী ।

    চীন ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক:-

        1981 চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছিল।1988 চনত ৰাজীৱ গান্ধীয়ে কৰা চীন ভ্ৰমনে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হয়।

      সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান প্ৰযুক্তিৰ সহযোগৰ বাবে দুয়োখন দেশৰ মাজত চুক্তি সম্পাদিত হৈছে।

    সামৰণি:-ইয়াৰ দ্বাৰা ক'ব পাৰি যে-ভাৰত চীনৰ সম্পৰ্ক বিবাদ আছিল যদিও বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ঠ উন্নত হৈছে।

                  _____৹৹৹৹______

(5)নংপ্ৰশ্ন:-ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সদস্যপদৰ বিষয়ে কি জানা লিখা।

Ans:-

     Intr:-ইউৰোপীয় দেশসমুৰ অৰ্থনীতি উন্নতিৰ কৰাৰ লক্ষ্যৰে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ সৃষ্টি হৈছিল।

   1957 চনত ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ গঠিত হৈছিল।1973 চনৰ জানুৱাৰী মাহত ডেনমার্ক, আয়াৰলেণ্ড আৰু ব্ৰিটেইন ইউৰোপীয়ান সম্প্ৰদায়ত যোগদান কৰে।

    পশ্চিমীয়া ইউৰোপৰ প্ৰায়বোৰ দেশেই এই সম্প্ৰদায়ৰ সদস্য আছিল।

    বেলজিয়াম,ফ্ৰান্স,জাৰ্মানী,ইটালী, নেদাৰলেণ্ড ইয়াৰ সদস্য।

      সামৰণি:-এইদৰে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ সদস্য লাহে লাহে বৃদ্ধি পাইছিল।

                   _____৹৹৹_____

(6)নংপ্ৰশ্ন:-ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সফলতাৰ ওপৰত চমুকৈ লিখা

Ans:-

      Intr:-ইউৰোপীয় দেশসমুৰ অৰ্থনীতি উন্নতিৰ কৰাৰ লক্ষ্যৰে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ 1957 সৃষ্টি হৈছিল।

     এই সংগঠনে ইউৰোপীয় দেশসমূহৰ মাজত এক ধৰণৰ এজত্ৰীকৰণৰ প্ৰক্ৰিয়া সূচনা হোৱাত অৰিহণা যোগালে।

     দেশসমূহৰ মাজত বাণিজ্য প্ৰসাৰণ কৰাত অৰ্থনৈতিক সম্প্ৰদায়ৰ সফলতাৰ উল্লেখযোগ্য।

    এই ইউৰোপীয়ান অৰ্থনৈতিক সমাজে সকলো বাণিজ্যক বাধা-বিঘিনি আঁতৰাই এখন উমৈহতীয়া বজাৰ সৃষ্টি কৰে।

    ইউৰোপীয়ান সংঘৰ অৰ্থনীতি হ'ল বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি হিচাপে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

    এই অৰ্থনৈতিক ক্ষমতাৰ আধাৰতেই ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ে নিজৰ প্ৰভাৱ এছিয়া আৰু আফ্ৰিকালৈকো প্ৰসাৰিত কৰিছে।

    সামৰণি:-গতিকে ক'ব পাৰি যে ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ বহুতো সফলতা লাভ কৰিছে।

                     ____৹৹৹৹_____

চমু উত্তৰৰ প্ৰশ্ন(Marks:4)

(1)নং প্ৰশ্ন:-ইউৰোপীয়ান সংঘৰ চাৰিটা বৈশিষ্ট্য লিখা।

Ans:-

    1992 চনত ইউৰোপীয়ান সংঘ প্ৰতিষ্ঠা হৈছিল।ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল-

    (1)ইউৰোপীয়ান সংঘৰ মূল উদ্দেশ্য হ'ল-ইউৰোপৰ দেশসমূহৰ মাজত একত্ৰীকৰণ প্ৰক্রিয়া সূচনা কৰা।

    (2)ইউৰোপীয় সংঘৰ একাধিক উমৈহতীয়া উপাদান আছে।

    (3)ইউৰোপীয় সংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰোপীয় মুদ্ৰা যাক "ইউৰো"বুলি কোৱা হয়।

     (4)ইউৰোপীয় সংঘৰ অৰ্থনীতি হ'ল-বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি।

     এনেদৰে ইউৰোপীয় সংঘৰ বহুবোৰ বৈশিষ্ট্যই দেখা যায়।

                 ______৹৹৹______

(2)নং প্ৰশ্ন:-ভাৰত আৰু চীনৰ সীমা বিবাদৰ চমু আভাস দিয়া।

Ans:-

     Intr:-ভাৰত আৰু চীনৰ দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰিও সীমা বিবাদও আছে।

    অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি 1962 চনত দুয়োখন দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটিছিল।

  এই কথাটোৱে চীন আৰু ভাৰতৰ সম্পৰ্কৰ যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায়।1976 চন পৰ্যন্ত কূটনৈতিক সম্পৰ্ক অতি দুৰ্বল হৈ পৰিল।

    1988 চনত ৰাজীৱ গান্ধীৰ চীন ভ্ৰমনে দুয়োখন দেশৰ মাজৰ সম্পৰ্কই নতুন গতি লাভ কৰিলে।দুয়োখন দেশে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে।

   বাণিজ্য প্ৰসাৰণৰ বাবে সীমান্তৰ চাৰিটা অঞ্চল মুকলি কৰি দিয়া হৈছে।

    সামৰণি:-শেহতীয়াকৈ দুয়োখন দেশে সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূত সহযোগিতা সৃষ্টি কৰিছে।

                ______৹৹৹______

(3)নং প্ৰশ্ন:-ভাৰত আৰু চীনৰ মাজৰ প্ৰধান উত্তেজিত কৰা বিষয় কি কি?

Ans:-

     Intr:-ভাৰত আৰু চীনৰ সম্পৰ্ক ব্যাহত হোৱা বহুতো কাৰণ আছে।

    অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি 1962 চনত দুয়োখন দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটিছিল।

    চীনে ভাৰতবৰ্ষৰ প্ৰতিবেশী দেশ পাকিস্তানৰ পাৰমাণৱিক শক্তি প্ৰতিষ্ঠাত অৰিহণা যোগাইছে বুলি ভাৰতবৰ্ষই বিশ্বাস কৰে।সেইদৰে চীনে বাংলাদেশ আৰু ম্যানমাৰৰ লগটো সামৰিক সম্পৰ্ক চলাই আহিছে।

   অতি সম্প্ৰতি উত্তৰ-পূৱ ভাৰতত চীনক কেন্দ্ৰ কৰি কিছুমান নতুন বিতৰ্ক আৰম্ভ হৈছে।এই বিতৰ্কৰ মূল হৈছে ব্ৰহ্মপুত্ৰ নদী।কিন্তু কেন্দ্ৰীয় চৰকাৰে এনে বাতৰি ভিত্তিহীন বুলি কৈ আহিছে।

   সামৰণি:-বৰ্তমান চীন আৰু ভাৰতৰ উত্তেজিত কৰিব পৰা ক্ষেত্ৰসমূহ দুয়োখন দেশে সহযোগিতা স্থাপন কৰাত যথেষ্ঠ চেষ্টা কৰি আহিছে।

             _______৹৹৹৹______

(5)নং প্ৰশ্ন:-ইউৰোপীয় সংঘই কেনেদৰে ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰে?

Ans:-

     Intr:-ইউৰোপীয় সংঘই অৰ্থনৈতিক, কূটনৈতিক, ৰাজনৈতিক আৰু সামৰিক এই সকলোবোৰ দিশতে গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

   ৰাজনৈতিক প্ৰভাৱ:-বহুবোৰ জাতি-ৰাষ্ট্রক লৈ গঠিত ইউৰোপীয় সংঘই এখন জাতি ৰাষ্ট্ৰৰ নিচিনাকৈ কাম কৰাৰ আৰম্ভ কৰিলে।দেশসমূহৰ মাজত বহুবোৰ উমৈহতীয়া উপাদান আছে।তাৰে ভিতৰত হল-উমৈহতীয়া পতাকা,জাতীয় সংগীত, প্ৰতিষ্ঠা দিন আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ ইউৰোপীয় মুদ্ৰা যাক ইউৰো বুলি জনা যায়।

    কূটনৈতিক প্ৰভাৱ:ইউৰোপীয় কূটনৈতিক প্ৰভাৱ গুৰুত্বপূৰ্ণ।ইউৰোপৰ দেশসমূহৰ উপৰিও এছিয়া আৰু আফ্ৰিকাৰ বহুবোৰ দেশৰ লগতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে।

     ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ উপৰিও অস্থায়ী সদস্য হিচাপে ইউৰোপৰ বহুবোৰ দেশে কাৰ্যনিৰ্বাহ কৰি আছে।

    মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ লগত সম্পৰ্ক গঢ় লৈ উঠিছে।নিজৰ অৰ্থনৈতিক আৰু কূটনৈতিক কলা-কৌশলেৰে বহুবোৰ আন্তৰ্জাতিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

     সামৰণি:-গতিকে ক'ব পাৰি যে-ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক যথেষ্ঠ গুৰুত্বপূৰ্ণ।

            _______৹৹৹______

(6)নং প্ৰশ্ন:-1970 চনৰ চীনৰ নীতিৰ প্ৰধান পৰিৱৰ্তনবিলাক কি কি?

Ans:-

     Intr:-1970 -ৰ দশকত চীনৰ নীতিৰ বহুবোৰ পৰিৱৰ্তন ঘটিছিল।

   1970-ৰ দশকত চীনা অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ হৈছিল।1972 চনত অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ স'তে সম্পৰ্ক স্থাপন কৰিলে।

     প্ৰধানমন্ত্ৰী চৌ.এন.লায়ে চাৰিটা খণ্ড কৃষি, উদ্যোগ,বিজ্ঞান আৰু প্ৰযুক্তিৰ তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল 1973 চনত।

    চীনৰ অৰ্থনৈতিক পৰিৱৰ্তন ঘটিছিল 1978 চনত।সেই সময়তে চীনত মুক্ত দুৱাৰ নীতি কাৰ্যসূচী আৰম্ভ হৈছিল।এই নীতিৰ জৰিয়তে বহি:দেশৰ পৰা লোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগৰে উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল।

    1982 চনত কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ সূচনা হৈছিল।তাৰোপৰি 1970-ৰ দশকতে ভাৰত আৰু চীনৰ মাজত চুক্তি সম্পাদিত হৈছিল যাৰ ফলত চীন আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছিল।

    সামৰণি:-এইদৰে 1970-ৰ দশকত ভালেকেইটা নীতিৰ পৰিৱৰ্তন হৈছিল।

                ______৹৹৹৹______

অতি চমু উত্তৰৰ প্ৰশ্ন(Mark's:2)

(1)নং প্ৰশ্ন:-ইউৰোপীয় সংসদ বুলিলে কি বুজা?

Ans:-

     ইউৰোপীয় সংসদ ইউৰোপৰ দেশসমূহৰ এজত্ৰিকৰণৰ বাবে গঠন কৰা হৈছিল।

     ৰাজনৈতিক সহযোগিতা প্ৰসাৰণৰ বাবে এই সংসদ অত্যন্ত তাৎপৰ্যপূৰ্ণ  ।

(2)নং প্ৰশ্ন:-1978 চনৰ আগত আৰু পাছত চীনে অনুসৰণ কৰা দুটা নীতি লিখা।

Ans:-

     1978 চনৰ আগত চীনে অনুসৰণ কৰা নীতি হ'ল-1972 চনত চীনে অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ স'তে সম্পৰ্ক স্থাপন কৰিছিল।

    পাছৰ নীতি আছিল-2001 চনত চীনে বিশ্ব বাণিজ্য স'তে নিজকে একত্ৰিত কৰি তুলিছিল।

(3)নং প্ৰশ্ন:-ASEAN-ৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা।

Ans:-

     এছিয়ানৰ দুটা মূল উদ্দেশ্য হ'ল-

    (1)ক্ষিপ্ৰগতিত অৰ্থনৈতিক উন্নয়নৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা।

    (2)আইনৰ শাসন আৰু ৰাষ্ট্রসংঘৰ চনদৰ নীতিৰ ওপৰত ভিত্তি কৰি অঞ্চলিক শান্তি আৰু স্থিৰতা ৰক্ষা কৰা।

(4)নং প্ৰশ্ন:-ASEAN-ৰ দুটা সফলতা লিখা।

Ans:-

     ASEAN-ৰ দুটা সফলতা হ'ল-

     (1)এছিয়ানে পৃথিৱীৰ আঠ শতাংশ মানুহক সামৰি লয় আৰু 2003 চনত ইয়াৰ মুঠ জি. ডি. পি হ'ল আমেৰিকাৰ 8700 বিলিয়ন।

    (2)এছিয়ানে মুক্ত বাণিজ্য অঞ্চল গঠন কৰি শ্ৰমিক আৰু চাকৰিৰ ব্যৱস্থা কৰে।

(5)নং প্ৰশ্ন:-চীনৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট্য লিখা।

Ans:-

     চীনৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট্য হ'ল-

    (1)চীনৰ জনসংখ্যা, বৃহৎ ভূ-খণ্ড, প্ৰচুৰ সম্পদ আদিয়ে চীনৰ অৰ্থনীতিত অন্যান্য মাত্ৰা প্ৰদান কৰিছে।

    (2)অৰ্থনীতি নিৰ্মাণৰ ক্ষেত্ৰত চীনে কিছুমান কথাত গুৰুত্ব দিছিল যেনে-কৰ্মসংস্থাপন, সামূহিক কল্যাণ, শিক্ষা আৰু স্বাস্থ্য।

(6)নং প্ৰশ্ন:-ইউৰোপীয়ান সংঘৰ দুটা বৈশিষ্ট্য লিখা।

Ans:-

     ইউৰোপীয়ান সংঘৰ দুটা বৈশিষ্ট্য হ'ল-

    (1)ইউৰোপীয় সংঘৰ বহুতো উমৈহতীয়া উপাদান আছে।

    (2)ইউৰোপীয় সংঘৰ অৰ্থনীতি হ'ল-বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি।

(7)নং প্রশ্ন:-ভাৰত আৰু চীনৰ মাজৰ কাজিয়াৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

Ans:-

    ভাৰত আৰু চীনৰ মাজৰ কাজিয়াৰ দুটা প্ৰধান কাৰণ হ'ল-

   (1)সীমাক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত কাজিয়া হৈছিল।

   (2)চীনে পাকিস্তানৰ পাৰমাণৱিক শক্তি প্ৰতিষ্ঠাত অৰিহনা যোগাইছে বুলি ভাৰতবৰ্ষই বিশ্বাস কৰে।

(8)নং প্ৰশ্ন:-ইউৰোপীয়ান সংঘৰ দুটা দুৰ্বলতা কি কি?

Ans:-

     ইউৰোপীয়ান সংঘৰ দুৰ্বলতাসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি-

    (1)ইউৰোপীয় সংঘই জাতিৰাষ্ট্রৰ সীমা অতিক্ৰম কৰিছে।

    (2)বৈদেশিক নীতিৰ প্ৰশ্নত সদস্য ৰাষ্ট্ৰসমূহৰ নিজা নিজা স্থিতি পৰিলক্ষিত হয়।

(9)নং প্ৰশ্ন:-ASEAN-ৰ দুটা বৈশিষ্ট্য লিখা।

Ans:-

     ASEAN-ৰ দুটা বৈশিষ্ট্য হ'ল-

   (1)দৰিদ্ৰতা দূৰীকৰণ আৰু অৰ্থনৈতিক অনাগ্ৰসৰতা দূৰীকৰণ।

   (2)এছিয়ান কাৰ্য্য-কলাপত জাতীয়"সাৰ্বভৌমত্বক সন্মান"জনোৱা হয়।

(10)ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা।

Ans:-

    ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ হ'ল-

   (1)ইউৰোপৰ দেশসমূহৰ মাজত একত্ৰিকৰণৰ বাবে,

   (2)দেশসমূহৰ অৰ্থনৈতিক বিকাশৰ কাৰণেও ইউৰোপীয় সংঘ গঠন কৰা হৈছিল।

(11)নং প্ৰশ্ন:-ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম লিখা।

Ans:-

     ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম হ'ল-

    (1)সংসদ;

    (2)ইউৰোপীয় পৰিষদ।

          __________৹৹৹৹__________

বস্তুনিষ্ঠ প্ৰশ্নাৱালী(Mark's:1)

(1)নং প্ৰশ্ন:-ASEAN-ৰ যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

Ans:-

     ইণ্ডোনেছিয়া।

(2)নং প্ৰশ্ন:-কোন চনত চীনে অৰ্থনীতিৰ ক্ষেত্ৰত"Open door policy"নীতি গ্ৰহণ কৰিছিল?

Ans:-

     1978 চনত।

(3)নং প্ৰশ্ন:-চীন কেতিয়া বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল?

Ans:-

        2001 চনত।

(4)নং প্ৰশ্ন:-কোন চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল?

Ans:-

     1982 চনত।

(5)নং প্ৰশ্ন:-কোন চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?

Ans:-

       1988 চনত।

(6)নং প্ৰশ্ন:-ইউৰোপীয় সংঘৰ মুদ্ৰাক কি কয়?

Ans:-

     ইউৰো বুলি কয়।

(7)নং প্ৰশ্ন:-1992 চনত কোনখন আঞ্চলিক সংগঠন গঠন হৈছিল?

Ans:-

     ইউৰোপীয় সংঘ।

(8)নং প্ৰশ্ন:-এছিয়াৰ এটা প্ৰধান শক্তিৰ নাম লিখা।

Ans:-

      ASEAN.

             _________***_________

    

      



     



   

  




    







Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-