AHSEC Class12||History Chapter-10||সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ,16শ-17শ শতিকা||King and Chronicles,Michal court,16th-17th century||(Assamese medium notes)

 অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:-

বহলাই লিখা:

(1)নং প্ৰশ্ন:-আকবৰ কোন?তেওঁৰ যিকোনো তিনিটা কাৰ্য্যৱলীৰ বিষয়ে লিখা।

Ans:-

       Intr:-মোগল সম্ৰাটে নিজকে বিশাল আৰু বহুজাতিক সাম্ৰাজ্যখনৰ আইন সংগত শাসক বুলি ভাবিছিল।

     আকবৰ মোগল সাম্ৰাজ্যৰ 1556-1605 খৃ:ৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট,হোমায়ুনৰ পুত্ৰ আছিল।

      তেওঁৰ যিকোনো তিনিটা কাৰ্য্যৱলী হল-

(1)মোগল সাম্ৰাজ্যক এখন শক্তিশালী বৃহৎ আৰু অৰ্থনৈতিকভাৱে সৱল সাম্ৰাজ্য হিচাপে গঢ়ি তুলিছিল।

(2)মোগল সাম্ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰৰ পৰা হিন্দুকুশ পৰ্বতলৈ আৰু হিমালয়ৰ পৰা নৰ্মদালৈ বিস্তৃত কৰিছিল।

(3)তেওঁ তুৰাণৰ উজবেগ আৰু ইৰাণৰ সফাৱী সাম্ৰাজ্যৰ সাম্ৰাজ্যবাদী নীতিক প্ৰতিহত কৰিছিল।

       সামৰণি:-গতিকে কব পাৰি যে মোগল সম্ৰাট আকবৰেই পোন প্ৰথমবাৰৰ বাবে বহু চিন্তা-চৰ্চাৰ অন্তত ফৰাচী ভাষাক দৰবাৰী ভাষা হিচাপে স্বীকৃতি দিছিল।

                _______ ৹৹৹৹ _______

(2)নং প্ৰশ্ন:-বাদশাহ নামাৰ ওপৰত এটি টোকা লিখা।

Ans:-

      Intr:-বদশাহ নামা চিত্ৰ সম্বলিত মোগল ইতিহাসসমূহৰ ভিতৰত সৰ্বাধিক প্ৰসিদ্ধ এখন ইতিহাস।

     আব্দুল হামিদ লাহিৰীক"বাদশাহ নামা" গ্ৰন্থখনৰ লিখক বুলি জনা যায়।এই গ্ৰন্থখন তিনিটা অধ্যয়ত লিপিবদ্ধ আছিল।

     ইয়াৰ প্ৰতিটো খণ্ডতে দহ চন্দ্ৰ বৰ্ষৰ ইতিহাস লিপিবদ্ধ আছে। লাহিৰীয়ে বাদশাহ আকবৰৰ শাসন কালৰ প্ৰথম দুটা দশক প্ৰথম দুটা খণ্ডত অন্তৰ্ভুক্ত কৰিছে।

    বাদশাহ নামা গ্ৰন্থখন ছাদুল্লাহ খানে সংশোধন কৰিছিল।বার্ধক্যজনিত কাৰণত লাহিৰীয়ে তৃতীয় অধ্যায়টো লিখিব নোৱাৰাত ইতিহাসবিদ ৱাৰিছে এই কামটো সম্পূৰ্ণ কৰিছে।

    বাদশাহ নামাৰ কিছু নিৰ্বাচিত অংশহে আজিলৈকে অনুবাদ কৰা হৈছে। মোগল যুগত বহু মূল্যৱান পাণ্ডুলিপি উপহাৰ দিয়াটো এক প্ৰতিষ্ঠিত প্ৰথা আছিল।এই প্ৰথা অনুসৰি 1799 খৃ:ত আৱাধৰ নৱাবে বাদশাহ নামা গ্ৰন্থখন ইংলেণ্ডৰ সম্ৰাট তৃতীয় জর্জক উপহাৰ হিচাপে দিছিল।তেতিয়াৰ পৰাই গ্ৰন্থখন ইংৰাজৰ ৰাজকীয় সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।

      সামৰণি:-বাদশাহ নামাৰ চিত্ৰসমূহ পোন প্ৰথমবাৰৰ বাবে 1997 চনত দিল্লী,লণ্ডন, ৱাশ্বিংটনত হোৱা প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল।মোগল যুগৰ ৰাজনৈতিক ইতিহাস হিচাপে বাদশাহ নামা আজিও জিলিকি আছে।

           ___________ ৹৹৹৹_________





Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-