AHSEC Class12||History Chapter-12||1857_ৰ বিদ্রোহ, ইয়াৰ স্বৰূপ||Rebellion of 1857 it's representations(Assamese medium notes)

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

বহলাই লিখা:

(1)নং প্ৰশ্ন:-1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব আৰু প্ৰকৃতি বৰ্ণনা কৰা।

Ans:-

      Intr:-চিপাহী বিদ্ৰোহীসকল মূল লক্ষ্যত উপনীত হব নোৱাৰাৰ বাবেই 1857 চনৰ বিদ্রোহ বিফল হৈছিল বুলি কব নোৱাৰি।        

      ইয়াৰ গুৰুত্ব সমূহৰ ভিতৰত 1858ৰ আইনমতে মহাৰাণীৰ হৈ আগৰ Board of control সভাপতিৰ ঠাইত ভাৰত সচিবে ভাৰতীয় প্ৰশাসন নিয়ন্ত্ৰণ কৰিবলৈ ললে।ভাৰতত অধিক অঞ্চল দখল নকৰা,ধৰ্মীয় সহিষ্ণুতা মানি চলা, দেশীয় ৰজাৰ অধিকাৰ মানি লোৱা,ভাৰতীয়সকলৰ অধিক উন্নতি আদিৰ প্ৰতিশ্ৰুতি দিছিল।

     চিপাহী বিদ্রোহ হিচাপে আৰম্ভ হলেও এই বিদ্রোহ ইয়াৰ মাজতে সীমাবদ্ধ নাছিল।এক সৰ্বভাৰতীয় উদ্দেশ্যৰে তেওঁলোকে বেৰেকৰ পৰা ওলাই আহিছিল আৰু অসামৰিক ভাৰতীয়ক বিভিন্ন উপায়েৰে সৰ্বভাৰতীয় লক্ষ্যত উপনীত হবলৈ তেওঁলোকৰ মাজলৈ ওলাই আহিবলৈ ভাৰতৰ সকলো শ্ৰেণীৰ লোকক আহ্বান জনাইছিল।

     1857 বিদ্ৰোহত ভাৰতৰ দুয়োটা প্ৰধান সম্প্ৰদায় একেলগে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে থিয় দি উজ্জল নিদৰ্শন দেখুৱাইছিল।

    বৃটিছক খেদি দেশখন স্বাধীন কৰাৰ অদমনীয় উৎসাহ চিপাহীবিলাকৰ চকুৱে মুখে ফুটি উঠিছিল আৰু তাক জানি বুজি ভুক্তভোগী জনসাধাৰণো ওলাই আহিছিল।

    সামৰণি:-গতিকে কব পাৰি যে এই বিদ্রোহ  চিপাহী বিদ্ৰোহৰ মাজতে সীমাবদ্ধ নাথাকি বিদ্ৰোহৰ প্ৰকৃতি স্বাধীনতা যুদ্ধলৈ পৰিণত হৈছিল।

                 ________৹৹৹______

(2)নং প্ৰশ্ন:-চিপাহী বিদ্রোহটো দমন কৰিবলৈ চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছিল?

Ans:-

        চিপাহী বিদ্রোহ চিপাহী মাজতে সীমাবদ্ধতা নাথাকি জনবিদ্রোহলৈ ৰূপান্তৰিত হৈছিল।এই বিদ্রোহ দমন কৰিবলৈ চৰকাৰে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিল।

     বৃটিছ চৰকাৰে কেইবাখনো বৈষম্যমূলক আইন প্ৰণয়ন কৰিছিল।সমগ্ৰ উত্তৰ ভাৰতত সামৰিক বিচাৰ ব্যৱস্থাৰ কবললৈ আনে আনকি সাধাৰণ ইংৰাজ এজনকো সন্দেহযুক্ত বিদ্রোহীক শাস্তি দিবলৈ ক্ষমতা দিছিল।

      ইংলেণ্ডৰ পৰা অনা অতিৰিক্ত সৈন্যৰ সহায়ত বিদ্রোহ দমন কৰিছিল।

     বৃটিছ চৰকাৰে বিদ্রোহ দমন কৰিবলৈ কূটনৈতিক কৌশলও অৱলম্বন কৰিছিল।বিদ্রোহীসকলৰ বৰ্বৰতাৰ অতিৰঞ্জিত প্ৰচাৰ চলাইছিল যাতে ইংলেণ্ড আৰু ভাৰতৰ মানুহ বিদ্ৰোহীসকলৰ বিৰুদ্ধে যায়।

    বিদ্রোহীসকলক বৰ্বৰতাৰে গুলিয়াই জ্বলাই শাৰী কৰাই বৰটোপৰে উৰুৱাই ফাঁচী দি ভৱিষ্যতে যাতে কোনো ভাৰতীয়ই বিদ্রোহ দমন কৰিবলৈ সাহস নকৰে তাৰ ব্যৱস্থা কৰিছিল আৰু প্ৰদৰ্শন কৰিছিল।

       সামৰণি:-এইদৰে চিপাহী বিদ্রোহ দমন কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।আনহাতে মানৱতা আৰু মহানুভৱতা দেখুৱাই বিদ্ৰোহীৰ ওপৰত সাধাৰণ ক্ষমাদান ঘোষণা কৰিছিল যাতে তেওঁলোকৰ প্ৰতি ভাৰতীয়সকল অনুৰক্ত হৈ থাকে।

         ___________ ৹৹৹৹ _________

(3)1857 চনৰ চিপাহী বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰা।

Ans:-

      Intr:-বৃটিছৰ অৰ্থনৈতিক শোষণ,ভাৰতীয় চিপাহীৰ ক্ষোভ আদি বিভিন্ন কাৰণত 1857 চনত মহাবিদ্ৰোহ সংঘটিত হৈছিল।

      চিপাহী বিদ্ৰোহৰ বিভিন্ন কাৰণ আছিল।তলত সেইসমূহ আলোচনা কৰা হল-

(1)ৰাজনৈতিক কাৰণ:-লৰ্ড ডেলহাউছিৰ স্বৰ্তবিলোপ নীতিৰ ফলত ভাৰতীয় বহুতো ৰাজ্য ইংৰাজ সাম্ৰাজ্যবাদত চামিল হৈছিল।দেশীয় ৰজাবিলাকৰ তুলনীয়া পুত্ৰক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাত নি:সন্তান ৰজাবিলাকে ৰাজ্য হেৰুৱাব লগা হৈছিল।এই কথাত ভাৰতীয়সকল ক্ষুণ্ণ হৈছিল।

(2)আৰ্থিক কাৰণ:-বৃটিছ চৰকাৰে ভাৰতৰ পৰা কম দামত কেঁচামাল সংগ্ৰহ কৰিছিল, ইংলেণ্ডত নিৰ্মিত বস্তু অধিক দামত আনি উপনিবেশত বিক্ৰী কৰিছিল।ৰাজহৰ বোজাত সাধাৰণ লোক কোঙা হৈছিল।

(3)সামাজিক আৰু ধৰ্মীয় কাৰণ:-ইংৰাজী শিক্ষাৰ প্ৰচলন আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰে ভাৰতৰ পুৰণি চামৰ লোক আৰু হিন্দু-মুছলমান উভয় ধৰ্মাৱলম্বী লোকক বিতুষ্ট কৰিছিল।

(4)সামৰিক কাৰণ:-ই 1857 বিদ্ৰোহৰ মূল কাৰণ।বৃটিছ ভাৰতীয় সৈন্য -বাহিনীৰ 1/6 ভাগহে ইউৰোপীয় সিংহভাগ ভাৰতীয় লোক।

(5)তৎকালীন কাৰণ:-এই কাৰণো সামৰিক আৰু ধৰ্মীয়।ভাৰতীয় চিপাহীসকলৰ মাজত প্ৰচাৰ হৈছিল যে এনফিল্ড ৰাইফলৰ কাৰ্তিজবোৰত সানি থোৱা চৰ্বি গৰু আৰু গাহৰিৰ।ইয়াৰ কাৰণে হিন্দু আৰু মুছলমান চিপাহীসকল বিক্ষুব্ধ হৈ পৰিছিল।

       সামৰণি:-গতিকে কব পাৰি যে এইসমূহ কাৰণৰ বাবেই চিপাহী বিদ্রোহ সংঘটিত হৈছিল।পিছলৈ জনবিদ্রোহলৈ ৰূপান্তৰিত হৈছিল।

          ___________ ৹৹৹৹ ________

      


      

Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-