Ahsec Class12History Chapter-14||মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন:সমসাময়িক দৃষ্টিৰে||Mahatmas Gandhi And National Movement:Through Contemporary Eyes(Assamese medium notes)

  অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-দাণ্ডী যাত্ৰাৰ তাৎপৰ্য বাখ্যা কৰা।

Ans:-

     Intr:-চৰকাৰে গ্ৰহণ কৰা লোণ আইনৰ প্ৰতিবাদ কৰিবলৈ গান্ধীজীৰ নেতৃত্বত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল।

     লোণ আইনে চৰকাৰক ভাৰতীয়সকলৰ অতি প্ৰয়োজনীয় লোণ তৈয়াৰ আৰু বিক্ৰী কৰাত একচেতীয়া স্বত্ব দিছিল।চৰকাৰে নিজৰ নিয়ন্ত্ৰণত ৰাখি অধিক দামত বিক্ৰী কৰিছিল।

     কম দাম পালে বা কম লাভ পালে আৰু উপকূল অঞ্চলৰ স্থানীয় ৰাইজে নিজৰ বাবে ব্যৱহাৰ কৰাৰ  কাৰণে লোণ সংগ্ৰহ কথা জানিব পাৰিলে চৰকাৰী বিষয়াই সেইবোৰ নষ্ট কৰি দিছিল।

     ইয়াৰ ফলত লোণকেন্দ্ৰিক গাওঁসমূহ ধ্বংস মুখলৈ গৈছিল।এই কথা গান্ধীজীয়ে চৰকাৰক অৱগত কৰাটো চৰকাৰে একো কানসাৰেই দিয়া নাছিল।

     সেয়ে গান্ধীজীয়ে 1930 ৰ 12 মাৰ্চত তেওঁ সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডী নামৰ ঠাইলৈ 78 জন বছা বছা সত্যাগ্ৰহীৰ সৈতে 200 মাইলৰ পৰিক্ৰমা আৰম্ভ কৰে আৰু 6 এপ্ৰিলত ইয়াৰ প্ৰাকৃতিক নিমখ নিজ হাতে তুলি লৈ আন্দোলনৰ সফল সমাপ্তি ঘটাইছিল।ইতিহাসৰ পাতত ইয়াকে দাণ্ডী যাত্ৰা বুলি কোৱা হয়।

    সামৰণি:-এই আন্দোলনত গান্ধীজীকে ধৰি প্ৰায় 6,000 লোকক আটক কৰা হৈছিল।এই দাণ্ডী যাত্ৰা গুৰুত্বপূৰ্ণ আছিল।

             _________ ৹৹৹৹ ________

(2)নং প্ৰশ্ন:-গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গণ্য কৰা হৈছিল?আলোচনা কৰা।

Ans:-

       Intr:-গান্ধীজী ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাগলোৱা সকলো নেতাতকৈ সৰ্বাধিক প্ৰভাৱশালী আৰু সন্মানিত লোক আছিল।গান্ধীজীৰ ৰাজনৈতিক জীৱন তেওঁ বাস কৰা সমাজখনে গঢ় দিছিল।

      গান্ধীজী দক্ষিণ আফ্ৰিকাত উকীল হিচাপে কাৰ্য্য নিৰ্বাহ কৰাই নহয় তাৰ ভাৰতীয়সকলৰো নেতৃত্ব বহন কৰিছিল।দক্ষিণ আফ্ৰিকাই গান্ধীজীক " মহাত্মা" বনাইছিল।

      তেওঁ ভাৰতত প্ৰথমবাৰৰ বাবে ভাগ লৈছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ মুকলি সভাত।দেশৰ মুক্তিৰ বাবে যে সকলো জনসাধৰণে আগভাগ লব লাগিব সেই কথা তেওঁ পৰামৰ্শ দিছিল।

     গান্ধীজীয়ে বেছিভাগ সময় চাম্পাৰণৰ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে কটাইছিল।পিছৰ বছৰত নিজ ৰাজ্য গুজৰাটৰ আহমেদাবাদৰ এটা কাপোৰ মিলৰ শ্ৰমিকসকলৰ বাবে সুষ্ঠ পৰিৱেশৰ দাবী কৰিছিল।

     খেতি ভাল নোহোৱাৰ বাবে খেদাৰ কৃষকসকলক খাজনা ৰেহাই দিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছিল।

      এইদৰে চম্পাৰণ,আহমেদাবাদ, খেদাত লোৱা পদক্ষেপৰ বাবে গান্ধীজী দৰিদ্ৰজনৰ ত্ৰাণকৰ্তা জাতীয়তাবাদী নেতা হিচাপে চিহ্নিত হৈছিল।

       সামৰণি:-এইদৰে গান্ধীজী পিছলৈ সম্পূৰ্ণভাৱে সৰ্বভাৰতীয় নেতৃত্ব ল'ব লগা হৈছিল।

          _________ ৹৹৹৹ _________

(3)নং প্ৰশ্ন:-আইন অমান্য আন্দোলনৰ স্বৰূপ কি?গান্ধীজীয়ে কিয় এই আন্দোলন কৰিছিল?

Ans:-

      Intr:-বৃটিছ বিৰোধী বহুকেইটা আন্দোলন ভাৰতত সংঘটিত হৈছিল।ইয়াৰে গান্ধীজীৰ নেতৃত্বত হোৱা আইন অমান্য আন্দোলন অতি গুৰুত্বপূৰ্ণ।

     ব্ৰিটিছে গ্ৰহণ আইনৰ বিৰোধিতা কৰি গান্ধীজীৰ নেতৃত্বত সমগ্ৰ ভাৰততে আইন ভংগৰ প্ৰতিবাদ কাৰ্য্যসূচী হৈছিল,যাক আইন অমান্য আন্দোলন বুলি কোৱা হয়।এই আন্দোলনত পুৰুষ মহিলা সকলো ভাৰতীয় একেলগে বৃটিছৰ বিৰুদ্ধে ওলাই আহিছিল।এই আন্দোলনৰ কৰ্মীসকলে শান্তিপূৰ্ণ অহিংস উপায়েৰে কংগ্ৰেছৰ কৰ্মীসকলে স্বৰাজ পালন কৰিছিল আৰু জেললৈ যাবলৈ বা শাস্তি লবলৈ সাজু আছিল।

      অসসহযোগ আন্দোলনৰ পিছত চৰকাৰে ভাৰতৰ সমস্যাসমূহ সমাধানৰ পথ উলিয়াবৰ বাবে চাইমন কমিচন নিযুক্তি দিছিল।কিন্তু ভাৰতীয়সকলৰ সপক্ষে নোযোৱাত কমিচনক বৰ্জন কৰা হৈছিল।ইয়াৰ পিছত স্বায়ত্ব শাসনৰ দিয়া পৰামৰ্শ চৰকাৰে গ্ৰহণ নকৰাত লাহোৰ কংগ্ৰেছে চৰকাৰৰ ওচৰত পূৰ্ণ স্বৰাজ দাবী কৰিছিল।এই দাবী মানি নোলোৱাত গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল।

      সামৰণি:-গতিকে কব পাৰি যে দাণ্ডী যাত্ৰাৰে আৰম্ভ কৰা এই আইন অমান্য আন্দোলন গুৰুত্বপূৰ্ণ আছিল।

        ___________ ৹৹৹৹৹ __________

      প্ৰশ্নাৱলী:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-গান্ধীজীয়ে খিলাফট আন্দোলন কিয় ভাৰতীয় জাতীয় আন্দোলনৰ লগত চামিল কৰিছিল?

Ans:-

       Intr:-ইংলেণ্ডে তুৰস্কৰ ওপৰত কৰা কিছুমান বাধা নিষেধৰ ফলতেই খিলাফট আন্দোলন হৈছিল।

      ইংলেণ্ডে কিছুমান পৱিত্ৰ অঞ্চল যেনে আৰৱ,চিৰিয়া, ইৰাক,পেলেষ্টাইন খলিফাৰ নিয়ন্ত্ৰণৰ বাহিৰত ৰাখিছিল।তুৰস্কৰ শাসক খলিফা আছিল অন্যান্যৰ লগতে ভাৰতৰ মুছলমানৰো ধৰ্মগুৰু আছিল।গান্ধীজীৰ খিলাফটৰ নেতাসকলৰ লগত ভাল সম্পৰ্ক আছিল।গান্ধীজীয়ে আশা কৰিছিল যে হিন্দু আৰু মুছলমান, ভাৰতৰ এই দুই ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ঐক্য সম্প্ৰীতি প্ৰতিষ্ঠা কৰি ঔপনিবেশিক শাসনৰ ওৰ পেলাব পৰা যাব।সেয়েহে তেওঁ খিলাফট আন্দোলনক অসহযোগ আন্দোলনৰ লগত যুক্ত কৰিছিল।

        তেওঁ হিন্দু আৰু মুছলমান দুই সম্প্ৰদায়কে সমান চকুৰে চাইছিল।সকলোৱে মিলিলেহে বিদেশী শক্তিৰ পৰা ভাৰত মুক্ত হব পাৰিব।সেইবাবেইও খিলাফট আন্দোলনক অসহযোগ আন্দোলনৰ লগত চামিল কৰিছিল।

       সামৰণি:-গতিকে কব পাৰি যে হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ৰ মাজত যাতে ঐক্যৰে ঔপনিবেশিক শাসন ওৰ পেলাব পাৰি তাৰ বাবেই গান্ধীজীয়ে খিলাফট আন্দোলনক ভাৰতীয় জাতীয় আন্দোলনৰ লগত চামিল কৰিছিল।

               _______ ৹৹৹৹ _______

 (2)নং প্ৰশ্ন:-জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰা।

Ans:-

      Intr:-ভাৰতৰ কুখ্যাত গনহত্যা আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড।

     গান্ধীজীয়ে কুখ্যাত ৰাউলাত আইনৰ বিৰুদ্ধে জনমত গঠন কৰিছিল।হৰতালৰ প্ৰভাৱ বেছিকৈ পঞ্জাৱতেই পৰিছিল।হৰতালত বহুতো ইংৰাজক হত্যা কৰা হৈছিল।সেয়ে চৰকাৰে সমদল যাত্ৰা আৰু সভা-সমিতি নিষিদ্ধ কৰিছিল।

      13 আছিল বৈশাখী দিৱস।সেই তাৰিখে চৰকাৰৰ নিষেধাজ্ঞা ভংগ কৰি অমৃতসৰৰ জালিয়ানৱালাবাগত ৰাউলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কেইবাহাজাৰ লোক সমাবেত হৈছিল।জেনেৰেল ডায়াৰে বে-আইনী অথচ গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্যস্ত কৰা জনতাৰ ওপৰত নিৰ্বিচাৰ গুলী চালনাৰ আদেশ দিছিল।দলত চাৰিশতকৈ অধিক লোকৰ মৃত্যু হৈছিল,1208 জন জখম হৈছিল।এই হত্যাকাণ্ডকে বিখ্যাত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি জনা যায়।

       ইয়াৰ ফলাফলত-

(1)ভাৰতবাসীক অধিক বৃটিছ বিৰোধী কৰি তুলিছিল।

(2)ৰবীন্দ্ৰনাথ ঠাকুৰে বৃটিছে দিয়া সন্মানীয় "নাইট" উপাধি চৰকাৰক ঘূৰাই দিছিল।

(3)গান্ধীজীয়ে বৃটিছৰ ওপৰত আস্থা হেৰুৱাইছিল আৰু ভাৰতীয়ক লৈ এক নতুন সবল জাতীয় আন্দোলনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।

       সামৰণি:-গতিকে কব পাৰি যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডই সমগ্র ভাৰতক জোকাৰি যোৱা এক কুখ্যাত হত্যাকাণ্ড আছিল।ইয়াৰ পিছৰ পৰা ভাৰতক বৃটিছৰ বিৰুদ্ধে আৰু শক্তিশালী কৰি তুলিছিল।

         __________ ৹৹৹৹ _________

(3)নং প্ৰশ্ন:-ভাৰতীয়সকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীসমূহ কেনেকৈ ৰূপায়িত কৰিছিল?

Ans:-

       Intr:-গান্ধীজীয়ে ভাৰতৰ দীৰ্ঘদিনীয়া স্বাধীনতাৰ দাবী পূৰণৰ অৰ্থে জীৱন মৰণ পণ কৰি এক সবল পদক্ষেপ গ্ৰহণ কৰিছিল।বৃটিছ চৰকাৰক ভাৰত ত্যাগৰ জাননী দিছিল।

     1942ৰ আঠ আগষ্টত বম্বেত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভা অনুষ্ঠিত কৰি বিখ্যাত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।এই প্ৰস্তাৱত কোৱা হৈছিল যে চৰকাৰী চাকৰিয়ালসকলে মুকলিকৈ কংগ্ৰেছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব,বৃটিছ ভাৰতীয় বাহিনীৰ হহিন্দুস্তানী সৈনিকসকলে স্বাধীনতা কৰ্মীসকলৰ ওপৰত গুলী চলাবলৈ অমান্তি হব।

     ছাত্ৰ-ছাত্ৰীয়ে স্বেচ্ছাই স্কুল কলেজ এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু জেললৈ যাব লগা হৈছিল।কৃষক শ্ৰমিকৰ অংশগ্ৰহণ এই আন্দোলনৰ এটা উল্লেখনীয় দিশ।

    কংগ্ৰেছৰ জয়প্ৰকাশ নাৰায়ণকে প্ৰমুখ্যে কৰি সমাজবাদীসকলে আত্মগোপন কৰি আন্দোলন আগুৱাই নিছিল।

    অসম,বংগদেশ,বিহাৰ আদি ঠাইত কৃষক আৰু শ্ৰমিকে বিভিন্ন কাৰণত বিদেশী চৰকাৰৰ বিৰুদ্ধে জাতীয় স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায়ত সক্ৰিয় অংশগ্ৰহণ কৰি আহিছিল।

    সামৰণি:-এইদৰেই ভাৰতীয়সকলে গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীসমূহ ৰূপায়িত কৰিছিল।

                   _____৹৹৹______


   

     


Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-