Ahsec class12||History Modern India Chapter-11||Colonialism and Rural Society(official Archives)||আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী গ-অংশ||উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ (Assamese medium notes)

  অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

বহলাই লিখা:

(1)নং প্ৰশ্ন:-জমিদাৰসকলতকৈ প্ৰায়ে গাঁৱলীয়া জোতদাৰসকল বেছি প্ৰভাৱশালী।দুটা উদাহৰণ দিয়া।

 Ans:-

       Intr:-চহকী খেতিয়ক আৰু মণ্ডল অৰ্থাৎ গাওঁবুঢ়াসকলক জোটদাৰ বুলি কোৱা হৈছিল।গাঁৱলীয়া জোতদাৰসকল প্ৰায়ে জমিদাৰসকলতকৈ প্ৰায়ে শক্তিশালী আছিল।

      জমিদাৰসকল সাধাৰণতে নগৰী অঞ্চলত বাস কৰিছিল।আনহাতে জোতদাৰসকল ৰাইজৰ মাজত থাকি ৰাইজক প্ৰভাৱান্বিত কৰিব পাৰিছিল।

     জমিদাৰসকলৰ নিলামত যোৱা জমী কিনিলৈ জোটদাৰসকল ঐশ্বৰ্য্যশালী হৈছিল।সেয়েহে জমিদাৰৰ জাইগীৰ নিলাম হোৱালৈ তেওঁলোকে লুলোপ দৃষ্টিৰে বাট চাই আছিল।

    তেওঁলোকে স্থানীয় বাণিজ্য আৰু ধন ধৰে দিয়া ব্যৱসায় চলাইও যথেষ্ট সম্পদশালী হৈছিল,দুখীয়া কৃষকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল।

     জোটদাৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে তেওঁলোকৰ কথাহে শুনিছিল। জোটদাৰে জমিদাৰক খাজনা শোধাওতে অযথা পলম কৰিছিল। জোটদাৰসকলে জমিদাৰসকলক কমকৈ ৰাজহ আদায় দিছিল।

      সামৰণি:-এইদৰেই জোটদাৰসকলৰ শক্তিবৃদ্ধিয়ে জমিদাৰৰ শক্তি হ্ৰাস কৰিছিল। তৎসত্বেও জোটদাৰসকলে জমিদাৰবিলাকক সম্পূৰ্ণ ক্ষমতাহীন কৰিব পৰা নাছিল।

              ________৹৹৹৹________

অতি চমু প্ৰশ্ন:

(1)চিৰস্থায়ী বন্দোৱস্ত কেতিয়া প্ৰৱৰ্তন হৈছিল?

Ans:-

      1793 চনত।

(2)চিৰস্থায়ী বন্দবস্ত প্ৰৱৰ্তন কৰা গবৰ্ণৰ জেনেৰেলজনৰ নাম লিখা।

Ans:-

     লৰ্ড কৰ্ণৱালিছ।

(3)জোটদাৰসকল কোন আছিল?

Ans:-চহকী খেতিয়ক আৰু মণ্ডল অৰ্থাৎ গাওঁবুঢ়াসকল আছিল।তেওঁলোকে কৰ সংগ্ৰহ কৰি জমিদাৰসকলক দিছিল।

               _______°°°°_____

          প্ৰশ্নাৱলী:

(1)নং প্ৰশ্ন:-চিৰস্থায়ী বন্দবস্তৰ ইতিবাচক আৰু নেতিবাচক দিশ বৰ্ণনা কৰা।

Ans:-

      Intr:-1793 চনত লৰ্ড কৰ্ণৱালিছে চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল।দিন যোৱাৰ লগে লগে চিৰস্থায়ী বন্দোবস্তৰ ইতিবাচকৰ লগতে নেতিবাচক দিশসমূহো প্ৰকট হব ধৰিছিল।

      চিৰস্থায়ী বন্দোবস্তৰ ইতিবাচক দিশ হল-

(1)জমিদাৰসকলে মাটিৰ উৎপাদনশীলতা বৃদ্ধিত গুৰুত্ব দিছিল।

(2)জমিদাৰসকল মাটিৰ মালিকৰূপে স্বীকৃত হোৱাত তেওঁলোক চৰকাৰৰ প্ৰতি কৃতজ্ঞ হৈ উঠিছিল।

(3)কৃষকসকলৰ পৰা ভৱিষ্যতে বৰ্দ্ধিত হাৰত ভূমি ৰাজহৰ আদায়ৰ ঘাট বন্ধ হৈছিল।

     নেতিবাচক দিশসমূহ হল-

(1)খাজনা পৰিশোধ কৰিব নোৱাৰা জমিদাৰী নিলামত দিয়া হৈছিল।

(2)ভবামতে কৃষকৰ অৱস্থাৰ উন্নতি হোৱা নাছিল।

(3)কৃষকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আইন নথকাত তেওঁলোক জমিদাৰৰ ভৃত্যত পৰিণত হৈছিল।

     সামৰণি:-এইদৰে চিৰস্থায়ী বন্দোৱস্তত দুয়োটা দিশেই দেখা পোৱা গৈছিল।

               ______৹৹৹৹________

(2)নং প্ৰশ্ন:-চিৰস্থায়ী বন্দোৱস্তই গ্ৰামাঞ্চলত কেনেদৰে প্ৰভাৱ পেলাইছিল?

Ans:-

       Intr:-গবৰ্ণৰ লৰ্ড কৰ্ণৱালিছে চিৰস্থায়ী বন্দোৱস্ত প্ৰৱৰ্তন কৰিছিল।এই বন্দোৱস্তই গ্ৰামাঞ্চলত ইতিবাচকৰ লগতে নেতিবাচকও প্ৰভাৱ পেলাইছিল।

      এই ব্যৱস্থাৰ ফলতেই জমিদাৰসকলে মাটিৰ উৎপাদনশীলতা বৃদ্ধিত গুৰুত্ব দিছিল ।

    চিৰস্থায়ী বন্দোৱস্তৰ ফলত কৃষকসকলৰ পৰা ভৱিষ্যতে বৰ্দ্ধিত হাৰত ভূমি ৰাজহ আদায়ৰ বাট বন্ধ হৈছিল ।

     এই ব্যৱস্থাৰ কিছু নেতিবাচক প্ৰভাৱ গ্ৰামাঞ্চলৰ ওপৰত পৰিছিল।খেতিয়কৰ অৱস্থাৰ উন্নতৰ বাবে চৰকাৰে কেতিয়াও চকু দিয়া নাছিল।আনহাতে জমিদাৰে চৰকাৰক শোধাব লগাখিনি জোৰ-জুলুম কৰি কৃষকৰ পৰা সংগ্ৰহ কৰিছিল।

     কৃষকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে কোনো আইন নথকাত তেওঁলোক জমিদাৰৰ ভৃত্যত পৰিণত হৈছিল।যিকোনো সামাজিক অন্যায়ৰ বিৰুদ্ধে গোচৰ তোলাৰ অধিকাৰ আছিল যদিও অশিক্ষিত,অসচেতন কৃষকে বাস্তৱত ইয়াৰ সুবিধা ল'ব পৰা নাছিল।

     চিৰস্থায়ী বন্দোৱস্তৰ ফলত জোটদাৰসকল স্থানীয় লোকৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰিছিল।

    সামৰণি:-এনেদৰেই চিৰস্থায়ী বন্দোৱস্তৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱেই গ্ৰামঞ্চলৰ লোকসকলৰ ওপৰত পৰিছিল।

         _____________ ৹৹৹৹ ___________

(3)নং প্ৰশ্ন:-চিৰস্থায়ী বন্দোৱস্তৰ পিছত কিয় বহুতো জমিদাৰী নিলামত দিয়া হৈছিল?

Ans:-

      Intr:-গবৰ্ণৰ লৰ্ড কৰ্ণৱালিছে ভাৰতত জমিদাৰসকলৰ লগত দহ বছৰৰ কাৰণে মাটিৰ বন্দোবস্তি দিছিল।এই ব্যৱস্থা মতে জমিদাৰসকল মাটিৰ গৰাকী হব আৰু যিমান দিনলৈকে তেওঁলোকে খাজনা শোধাই থাকিব, সিমান দিনলৈকে তেওঁলোকে জমিদাৰী ভোগ কৰি থাকিব পাৰিব।

      কিন্তু অধিকাংশ জমিদাৰে নিৰ্ধাৰিত পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি নিজৰ ভূমি সম্পত্তি হেৰুৱাব লগা হৈছিল।খাজনা পৰিশোধ কৰিব নোৱাৰা জমিদাৰৰ জমিদাৰী নিলামত দিয়া হৈছিল।উদাহৰণস্বৰূপে বংগৰ বৰ্ধমানৰ জমিদাৰে বহুত পৰিমাণৰ খাজনা দিবলৈ থকাত জমিদাৰী নিলামত গৈছিল।

     আনহাতে নিলামত সৰ্বোচ্চ পৰিমাণৰ ঋণ দি জমিদাৰী কিনি লোৱা সকলৰ ভিতৰত "ৰাজাৰ"ভৃত্যও আছিল।তেওঁলোকে ৰাজাৰ হৈ ভূমি ক্ৰয় কৰিছিল।সেয়ে বাস্তৱ অৰ্থত জমিদাৰেই জমিদাৰীৰ নিয়ন্ত্ৰণত থাকি গল।এইদৰে 18 শতিকাত 75%ৰো অধিক জমিদাৰৰ ভূমি চিৰস্থায়ী বন্দোৱস্তৰ পিছত নিলামত গৈছিল।

      জমিদাৰসকলৰ অসুবিধা হ'লে জোটদাৰসকলে আনন্দ পাইছিল।জমিদাৰৰ জাইগীৰ নিলাম হোৱালৈ তেওঁলোকে লুলোপ দৃষ্টিৰে বাট চাই আছিল।নিলামত যোৱা জাইগীৰ তেওঁলোকে কিনি লৈছিল।আনকি ৰায়তক জমিদাৰৰ পৰা বিচ্ছিন্ন কৰিবলৈ শক্তি প্ৰয়োগ কৰিছিল।

     সামৰণি:-এইদৰে চিৰস্থায়ী বন্দোৱস্তৰ পিছত যদিও জমিদাৰৰ জমিদাৰী নিলাম গ'লেও জমিদাৰসকল সদায় স্থানচ্যুত হোৱা নাছিল।

        ___________ ৹৹৹৹ __________

(4)নং প্ৰশ্ন:-পাহাৰীয়া বিলাকৰ  জীৱন-যাপন পদ্ধতি সন্থাল বিলাকতকৈ কোন ক্ষেত্ৰত পৃথক আছিল?

Ans:-

     Intr:-19শ শতিকাত কিছু পৰিৱৰ্তন ঘটিছিল।বংগৰ সেমেকাৰ পৰা শুকান অঞ্চললৈ আৰু স্থায়ী খেতিৰ পৰা সঘনে স্থান সলনি কৰি জুম খেতিলৈ সলনি কৰা হৈছিল।সন্থাল জনজাতিসকলেও পাহাৰীয়াসকলক আঁতৰাই ৰংমহল পাহাৰৰ নামনি অঞ্চলত বসতি কৰিবলৈ লৈছিল।

      পাহাৰীয়াসকল ৰাজমহলৰ পাহাৰত বসবাস কৰিছিল ।তেওঁলোকে জুম খেতি কৰিছিল।অৰণ্যৰ পৰা তেওঁলোকে মহুৱা ফুল,পাট পলু,ধূনা,খৰি বিক্ৰী কৰিছিল।তেওঁলোক চিকাৰী,জুম খেতিয়ক,আহাৰ সংগ্ৰাহক আছিল।এইদৰে তেওঁলোকৰ জীৱন পদ্ধতি অৰণ্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।

      আনহাতে সন্থাল জনজাতিসকলে অঘৰী জীৱন-যাপন পালন কৰিছিল।হাবি ভাঙি হালবায় খেতি কৰি জীৱিকা অর্জন কৰিছিল ।জমিদাৰসকলে সন্থাল জনজাতিসকলক হাবি ভাঙি কৃষিভূমি উলিয়াবৰ বংগলৈ মাতি আনি ৰাজমহলত স্থায়ীভাৱে থাকিবলৈ দিছিল।

     পাহাৰীয়াসকলে যদিও নিজৰ পাহাৰীয়া অঞ্চল হেৰুৱাইছিল তথাপিও আনৰ তলতীয়া হব নালাগিছিল।আনহাতে সন্থালসকলে জংঘল চাফা উলিওৱা খেতি মাটিৰ ওপৰত খাজনা দিব নোৱাৰিলে খেতি মাটি কাঢ়ি নিছিল।জমিদাৰে নিজৰ কতৃত্বও স্থাপন কৰিছিল।

        সামৰণি:-গতিকে কব পাৰি যে পাহাৰীয়া আৰু সন্থালসকলৰ জীৱন পদ্ধতি সম্পূৰ্ণ পৃথক আছিল।পাহাৰীয়াসকলৰ অৰণ্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল।

          _________৹৹৹৹_________

      

      

   


Comments

Popular posts from this blog

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-