H.S 1st years Political Science Part-A||INDIAN CONSTITUTION ||Chapter-1সংবিধান:কিয় আৰু কেনেকৈ?Constitution:Why and How?(Assamese medium notes)

 অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-ভাৰতৰ সংবিধানৰ মূল বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

Ans:-

      Intr:-প্ৰত্যেক ৰাষ্ট্রৰে সুকীয়া আদৰ্শ আৰু লক্ষ্য থাকে।ভাৰতৰ সংবিধানৰো কিছুমান বৈশিষ্ট্য আছে।

       বৈশিষ্ট্যসমূহ হল-

          (1)প্ৰস্তাৱনা:-ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলে আমেৰিকাৰ আৰ্হিত আমাৰ দেশৰ সংবিধানত এটা প্ৰস্তাৱনা সংযোগ কৰিছে।

          (2)দীৰ্ঘতম সংবিধান:-ভাৰতৰ সংবিধানখন বৰ দীঘল।

          (3)লিখিত সংবিধান:-ভাৰতীয় সংবিধানখন লিখিত ৰূপত আছে।

           (4)সংবিধানৰ প্ৰাধান্য:-ই ৰাষ্ট্ৰৰ সৰ্বোত্তম আইন।

            (5)গণতান্ত্ৰিক সংবিধান:-সংবিধানে ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন কৰিছে।

           (6)জনসাধাৰণৰ সাৰ্বভৌমত্ব:-ভাৰতীয় সংবিধানৰ নৈতিক ভেঁটি হল জনগণ।

          সামৰণি:-ইয়াৰ পৰা বুজা যায় যে ভাৰতবৰ্ষৰ সংবিধানৰ যথেষ্ঠ তাৎপৰ্য আছে।

                 _____ ৹৹৹ ______

(2)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা।

Ans:-

      Intr:- ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে বিভিন্ন ৰাষ্ট্ৰৰ সংবিধান আৰু বিভিন্ন উৎসৰ পৰা ভাল ভাল সমলবোৰ আনি আমাৰ সংবিধানত সন্নিবিষ্ট কৰিছে।

     ভাৰতীয় সংবিধানৰ উৎসসমূহ হল-

       (1)ভাৰত শাসন আইন:-ভাৰত শাসন আইনবিলাকৰ ভিতৰত 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ভাল ভাল সমলবোৰ আনি আমাৰ সংবিধানত সন্নিবিষ্ট কৰা হৈছে।

       (2)বৃটেইনৰ শাসন ব্যৱস্থা:-ভাৰতৰ সংবিধানে বৃটিছ সংসদীয় শাসন ব্যৱস্থা হুবহু অনুকৰণ কৰিছে।

       (3)অন্যান্য সংবিধানৰ প্ৰভাৱ:-আমেৰিকা, কানাডা, আয়াৰলেণ্ড,আদি দেশৰ সংবিধানৰ প্রভাৱ আমাৰ দেশৰ সংবিধানৰ ওপৰত বাৰুকৈয়ে পৰিলক্ষিত হয়।

       (4)সংবিধান সভাৰ আলোচনা আৰু বিতৰ্ক:-সংবিধান সভাত হোৱা আলাপ-আলোচনা আৰু বিতৰ্কৰ ভিত্তিতেই ভাৰতৰ নতুন সংবিধান ৰচিত হৈছে।

      (5)সংবিধান সংশোধন:-সংবিধানৰ সংশোধনীসমূহক ভাৰতীয় সংবিধানৰ উৎস বুলি কোৱা হয়।

     (6)আইন আৰু আধ্যাদেশ:-ভাৰতৰ শংসদে সময়ে সময়ে গ্ৰহণ কৰা কিছুমান আইনক সংবিধানৰ উৎস বুলি গণ্য কৰিব পাৰি।

      সামৰণি:-ভাৰতীয় সংবিধানৰ বহুতো উৎস আছে আৰু এইবিলাকৰ ওপৰত ভিত্তি কৰি সংবিধানখন ৰচনা কৰা হৈছে।

                ______ ৹৹৹______

চমু উত্তৰৰ প্ৰশ্ন:( Marks- 2)

(1)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট দুটা আদৰ্শ উল্লেখ কৰা।

Ans:-

       প্ৰস্তৱনাত উল্লেখিত দুটা আদৰ্শ হল-

      (1)ন্যায়:-প্ৰস্তাৱনাত ভাৰতীয় নাগৰিকসকলক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ন্যায়ৰ আশ্বাস দিয়া হৈছে।

     (2)সমতা:-ইয়াত জাতি,ধৰ্ম বা সম্প্ৰদায়ৰ ভিত্তিত কোনো ভেদাভেদ নাই।

(2)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা।

Ans:-

     ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা হল

    (1)সংবিধানে মৌলিক অধিকাৰ ওপৰত সীমিত সীমাবদ্ধতা আৰূপ কৰে।

    (2)সংবিধানে বিভিন্ন ধৰণে চৰকাৰৰ ক্ষমতা সীমিত কৰে।

(3)নং প্ৰশ্ন:-সংবিধানৰ দুটা কাৰ্য্যৰ নাম লিখা।

Ans:-

      সংবিধানৰ দুটা কাৰ্য্য হল-

     (1)সংবিধানে সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰে।

     (2)সিদ্ধান্ত গ্ৰহনকাৰী ক্ষমতা নিৰ্দিষ্টকৰণত সহায় কৰে।

           _________ ৹৹৹৹ ________

অতি চমু উত্তৰৰ প্রশ্ন:(Marks-1)

(1)ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?

Ans:-ড°ৰাজেন্দ্ৰ প্ৰসাদ।

(2)সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক "ৰাজ্যসমূহৰ সংঘ"বুলি কোৱা হৈছে?

Ans:- সংবিধানৰ 1 নং অনুচ্ছেদ।

(3)ভাৰতীয় সংবিধানখনৰ খচৰা সমিতিখনৰ সভাপতি কোন আছিল?

Ans:-ড°বি.আৰ. আম্বেদকাৰ।

(4)ভাৰতৰ সংবিধানৰ স্থায়ী সভাপতি কোন আছিল?

Ans:-ড°ৰাজেন্দ্ৰ প্ৰসাদ।

(5)ভাৰতবৰ্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ।(হয় নে নহয় লিখা)

Ans:-হয়।

            _________ ৹৹৹৹ _________

পাঠভিত্তিক প্ৰশ্নাৱলী:

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-সংবিধানৰ অৰ্থ বাখ্যা কৰা আৰু ইয়াৰ দুটা সংজ্ঞা দাঙি ধৰা।

Ans:-

      Intr:-সংবিধান হল জাতিৰ সপোনস্বৰূপ।প্ৰত্যক ৰাষ্ট্ৰৰ এখন নিজস্ব সংবিধান থাকে।

     লেটিন শব্দ"Constitute"ৰ পৰা ইংৰাজী প্ৰতিশব্দ "Constitution"ৰ উৎপত্তি হৈছে।"Constitution" শব্দটিত অসমীয়া ভাঙনি হৈছে"সংবিধান"।এই শব্দৰ অৰ্থ হল গঠন বা প্ৰতিষ্ঠা কৰা।

    সংকীৰ্ণ অৰ্থত সংবিধান বুলিলে কেৱল লিখিত নিয়ম-কানুনসমূহক বুজায়।

    ব্যাপক অৰ্থত সংবিধান বুলিলে লিখিত আৰু অলিখিত, আইনগত আৰু আইনবৰ্হিভূত সকলো ধৰণৰ নিয়ম-কানুনকে বুজায়।

   কোনো দেশৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতি সকলো সংবিধানত ব্যক্ত কৰা হয়।

     সংবিধানৰ দুটা সংজ্ঞা হল-

(1)কুলীৰ মতে" সংবিধান হল সেইবিলাক মৌলিক নীতি আৰু নিয়মাৱলী যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰা হয়।"

(2)অধ্যাপক লাস্কিৰ মতে"প্ৰত্যেক সুসংবদ্ধ ৰাষ্ট্ৰৰ একোখনকৈ সংবিধান থাকে,যাৰদ্বাৰা চূড়ান্তভাৱে আইন অনুজ্ঞাসমূহ প্ৰণয়ন কৰা হয়।"

        সামৰণি:-গতিকে কব পাৰি যে সংবিধান ৰাষ্ট্ৰৰ উপৰিও সমাজৰ লগতো জড়িত।

            _______ ৹৹৹ _______

(2)নং প্ৰশ্ন:-সংবিধান কাক বোলে? আমাক এখন সংবিধান কিয় প্ৰয়োজন?

Ans:-

      Intr:-সংবিধান হল জাতিৰ সপোনস্বৰূপ।সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি।

    সংবিধান হল সেইবিলাক বিধি-বিধানৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা,শাসিতৰ অধিকাৰ, শাসক-শাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয়।

      সংবিধানৰ প্ৰয়োজন সম্পৰ্কে তলত আলোচনা কৰা হল-

       (1)সংবিধানে সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰে।

        (2)সিদ্ধান্ত গ্ৰহনকাৰী ক্ষমতা নিৰ্দিষ্টকৰণত সহায় কৰে।

       (3)চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আনি দিয়ে।

      (4)সমাজৰ আশা-আকাংখ্যা আৰু লক্ষ্যসমূহ পূৰণ কৰে।

      সামৰণি:-গতিকে কব পাৰি যে সংবিধানে চৰকাৰক সমাজৰ সামূহিক মংগলৰ নীতি অনুসৰণ কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

                      _______৹৹৹৹_____

(3)নং প্ৰশ্ন:-সংবিধান সভাৰ গঠন আৰু কাৰ্যৱলী আলোচনা কৰা।

Ans:-

      Intr:-ভাৰতবৰ্ষৰ বাবে 1946 চনত সংবিধান সভা গৃহীত হৈছিল আৰু এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰিছিল।

       ভাৰতৰ সংবিধান সভাৰ গঠনৰ পৰামৰ্শ প্ৰথমে মানবেন্দ্ৰনাথ ৰায়ে আগবঢ়াইছিল।কিন্তু তেওঁৰ পৰামৰ্শ বিশেষভাৱে আকৰ্ষণ নাছিল।

     1934 চনৰ জাতীয় কংগ্ৰেছৰ অধিবেশনত সংবিধান সভা গঠনৰ প্ৰস্তাৱ গৃহীত হয় যদিও বহুতো কংগ্ৰেছী লোকে সন্মিলনৰ জৰিয়তেহে সংবিধান ৰচনাৰ পোষকতা কৰিছিল।

      1940 চনৰ আগষ্ট প্ৰস্তাৱৰ জৰিয়তে বৃটিছ চৰকাৰে ভাৰতীয় জনতাৰ মূল কথাখিনি মানি লৈছিল।কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি 1946 চনত সংবিধান সভাৰ আঁচনি প্ৰস্তুত কৰা হৈছিল।

     1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথম অধিৱেশন দিল্লীত অনুষ্ঠিত হৈছিল।মুঠ 207 জন সদস্যই যোগদান কৰিছিল।11 ডিচেম্বৰত ড°ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল।এইদৰে সংবিধান সভা গঠন হৈছিল ।

     সংবিধান সভাৰ কাৰ্য্যৱালীসমূহ আছিল-

(1)ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰিছিল।

(2)সংবিধান সভাই কেন্দ্ৰীয় সংবিধান ৰচনা সমিতি গঠন কৰি দিছিল।

     সামৰণি:-বহু ঘাট প্ৰতিঘাটৰ মাজেৰে সংবিধান সভাখন গঠন হৈছিল।

                 ______৹৹৹______

(4)নং প্ৰশ্ন:-সংবিধান ৰচনাৰ খচৰা কমিটিৰ গঠন প্ৰক্ৰিয়া আলোচনা কৰা।ইয়াৰ সভাপতি কোন আছিল?

Ans:-

      Intr:-1946 চনত সংবিধান সভা গৃহীত হৈছিল।এই সভাই খচৰা সমিতি গঠন কৰে।

     সংবিধান সভাৰ চর্তুথ অধিৱেশন 1947 চনৰ 14 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছিল।এই অধিৱেশনৰ 29 তাৰিখে ড°বি.আৰ. আম্বেদকাৰক সভাপতি হিচাপে লৈ সাতজন সদস্যৰে এখন খচৰা সমিতি গঠন কৰা হৈছিল

     বি.এন.ৰাওক খচৰা সমিতিৰ সাংবিধানিক উপদেষ্টা নিয়োগ কৰা হৈছিল।এছ.এন মুখাৰ্জীক সমিতিৰ সদস্য সচিব নিয়োগ কৰা হৈছিল।

     বি.এন.ৰাওয়ে প্ৰথম খচৰাখন প্ৰস্তুত কৰিছিল।চূড়ান্ত খচৰাখন এচ. এন.মুখাৰ্জীয়ে প্ৰস্তুত কৰিছিল।

    1948 চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ হৈছিল।1949 ড°ৰাজেন্দ্ৰ প্ৰসাদে তাত চহী কৰে।এইখনেই স্বাধীন ভাৰতৰ সংবিধান নামে অভিহিত হয়।

    ইয়াৰ সভাপতি ড°ৰাজেন্দ্ৰ প্ৰসাদ আছিল।

    সামৰণি:-এইদৰে বহু কষ্টৰ মাজেৰে সংবিধান খচৰা সমিতি গঠন কৰি সংবিধানৰ কাম আৰম্ভ হৈছিল।

                   ______৹৹৹_______

(5)নং প্ৰশ্ন:-এখন দেশৰ বাবে ক্ষমতাৰ স্পষ্ট সীমাবদ্ধতা আৰু দায়বদ্ধতাৰ বাবে সংবিধান কিয় আৱশ্যক?এনেকুৱা সীমাবদ্ধতা আৰু দায়বদ্ধতা নহ'লে কি ঘটিব পাৰে?

Ans:-

      Intr:-সংবিধান হ'ল জাতিৰ সপোনস্বৰূপ।সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।

      কিছুমান মৌলিক নীতি-নিয়মৰ ওপৰত ভিত্তি কৰিয়েই এখন ৰাষ্ট্ৰ গঠিত আৰু শাসিত হয়।এই নীতি নিয়মসমূহ কেনে হোৱা উচিত, কি নীতিয়ে শাসন কৰিব।এই সকলোবোৰ সংবিধানেহে নিৰ্ধাৰণ কৰিব পাৰে।

    ক্ষমতাৰ বিতৰণ কেনেদৰে হব তাক নিৰ্ধাৰণ কৰা,কেনেধৰণৰ আইন গ্ৰহণ কৰা হব তাক নিশ্চিত কৰা আদি সিদ্ধান্তসমূহ সংবিধানহে নিৰূপন কৰিব পাৰে।

   ক্ষমতাৰ ৰাগীত চৰকাৰ বহু সময়ত স্বৈৰাচাৰী হৈ পৰিব পাৰে।কেৱলমাত্ৰ সংবিধানে চৰকাৰৰ ক্ষমতা সীমিত কৰে।

    এনেকুৱা দায়বদ্ধতা আৰু সীমাবদ্ধতা নহলে-

(1)সমাজ উশৃংখল হব।

(2)বহু সময়ত চৰকাৰ স্বৈৰাচাৰী হৈ পৰিব পাৰে।

(3)চৰকাৰে কেনেদৰে গঠন কৰা হব,কি কাম কৰিব লাগিব সেই বিষয়ে নিশ্চিত ৰূপে সিদ্ধান্ত লব পৰা নগল হয়।

      সামৰণি:-গতিকে কব পাৰি যে এখন দেশ সুচাৰুৰূপে চলিবলৈ সংবিধানৰ অতি প্ৰয়োজন।

                  ________৹৹৹_______

(5)নং প্ৰশ্ন:-শাসকসকলৰ বাবে সীমাবদ্ধতা সংবিধানত কিয় আৱশ্যক?এনেকুৱা সংবিধান থাকিব পাৰে নেকি য'ত নাগৰিকৰ কোনো অধিকাৰ থাকিব নোৱাৰে?

Ans:-

      Intr:-সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথাই কল্পনা কৰিব নোৱাৰি।সংবিধান হ'ল কিছুমান মৌলিক নীতি-নিয়মৰ ভঁৰাল।

     ৰাষ্ট্ৰীয় বা সামাজিক জীৱন পৰিচালনাৰ বাবে চৰকাৰৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ।কিন্তু ক্ষমতাৰ ৰাগীত চৰকাৰ বহু সময়ত স্বৈৰাচাৰী হৈ পৰিব পাৰে।

    শাসকসকলৰ বাবে সংবিধানত সীমাবদ্ধতা নাথাকিলে বহু ক্ষেত্ৰত গৃহযুদ্ধ সূচনা হব পাৰে।

     সংবিধানত ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ উল্লেখ থাকে।শাসকে যাতে এই অধিকাৰ খৰ্ব কৰিব নোৱাৰে ইয়াৰ কাৰণে সংবিধানে বহুখিনি সীমাবদ্ধতা পোষকতা কৰিছে।

     জনসাধাৰণৰ ওপৰত যাতে শোষণ আৰু উৎপীড়ণ চলাব নোৱাৰে।

     দেশ শাসন কৰোতে নীতি-নিয়মৰ দ্বাৰাহে যাতে চলাই,সেয়েহে শাসকসকলৰ সীমাবদ্ধতা সংবিধানত আৱশ্যক।

    এনেকুৱা সংবিধান থাকিব কেতিয়াও নোৱাৰে য'ত নাগৰিকৰ অধিকাৰ নাথাকে।

     সামৰণি:-গতিকে কব পাৰি যে সংবিধান হল এটা জাতিৰ জীৱন্ত প্ৰতিচ্ছবি।

                    _______ ৹৹৹ _____

(6)নং প্ৰশ্ন:-1946 চনৰ লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱটো চমুকৈ আলোচনা কৰা।

Ans:-

      Intr:-সংবিধান সভাৰ প্ৰথম অধিৱেশনত পণ্ডিত জৱাহৰলাল নেহৰুৱে সভাৰ মূল লক্ষ্যসমূহ এটা প্ৰস্তাৱ আকাৰে দাঙি ধৰে।এই প্ৰস্তাৱকে সংবিধান সভাৰ লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ বোলা হয়।

     প্ৰস্তাৱসমূহ হল-

       সংবিধান সভাই ভাৰতবৰ্ষক এখন স্বাধীন,সাৰ্বভৌম গণৰাজ্যত পৰিণত কৰাৰ কাৰণে বদ্ধপৰিকৰ।

       ভাৰতক এখন "ৰাজ্যসমূহৰ সংঘ"বা "ইউনিয়ন"বুলি কোৱা হব।

      অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকিব।

     সাৰ্বভৌম ভাৰতৰ সৰ্বোচ্চ ক্ষমতাৰ উৎস হব জনসাধাৰণ।

      জাতি,ধৰ্ম নিৰ্বিশেষে সকলোৱে সামাজিক, অৰ্থনৈতিক অধিকাৰ লাভ কৰিব।

      বিশ্ব শান্তি  ৰক্ষা কৰা আৰু বিশ্ব মানৱজাতিৰ কল্যাণৰ হকে কাম কৰা।

     সামৰণি:-ভাৰতৰ স্বাধীনতাৰ চনদত সংবিধান সভাৰ এই মূল লক্ষ্যসমূহ ব্যক্ত কৰা হৈছে।

                     _____৹৹৹_____

চমু উত্তৰৰ প্ৰশ্ন:(Marks-4)

(1)নং প্ৰশ্ন:-কেনেকুৱা পৰিস্থিতিত সংবিধান সভা গঠন কৰা হৈছিল?

Ans:-

      Intr:-এক জটিল পৰিস্থিতিত সংবিধান সভা গঠন কৰা হৈছিল।

     প্ৰথম মহাসমৰৰ সময়তে ভাৰতৰ কিছুসংখ্যক প্ৰগতিশীল জাতীয়তাবাদী নেতাই ভাৰতৰ বাবে এখন সংবিধান ভাৰতীয় জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে ৰচিত হব লাগে বুলি দাবী উত্থাপন কৰিছিল।

       1922 চনত মহাত্মা গান্ধীয়ে এই দাবী উত্থাপন কৰিছিল।কিন্তু বৃটিছ চৰকাৰে দাবীসমূহৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল।1942 চনত স্বৰাজ্য দলেও একেই দাবীকেই জনাইছিল।

      কিন্তু সেই সময়ৰ বৃটিছ গবৰ্ণৰ জেনেৰেলে ভাৰতীয় সদস্যসকলক জনাইছিল যে ভাৰতৰ মহান জনসাধাৰণৰ সন্মতি থকা এখন সংবিধান পাৰিলে প্ৰণয়ন কৰক।

       1935 ভাৰত চৰকাৰৰ আইনে ভাৰতবাসীক সন্তুষ্ট কৰিব পৰা নাছিল।এনে  পৰিস্থিতিৰ মাজতে দ্বিতীয় মহাসমৰৰ সূচনা হৈছিল।

       অৱশেষত 1940 চনত আগষ্ট প্ৰস্তাৱ জৰিয়তে বৃটিছ চৰকাৰে সংবিধান সভাৰ মূল কথাখিনি মানি লৈছিল।

      সামৰণি:-গতিকে কব পাৰি যে বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে ভাৰতীয় সংবিধান সভাৰ কাম আৰম্ভ হৈছিল।

                _______ ৹৹৹৹ _____

(2)নং প্রশ্ন:-সংবিধান সভাৰ গঠন প্ৰণালী বাখ্যা কৰা।

Ans:-

      Intr:-বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে সংবিধান সভা গঠন হৈছিল।

    1946 চনত সংবিধান সভা গঠন হৈছিল।সংবিধান সভাৰ প্ৰথম অধিৱেশন 1946 চনৰ 9 ডিচেম্বৰ পৰা 23 ডিচেম্বৰ তাৰিখলৈকে বিভক্ত ভাৰতৰ সংবিধান সভাত পুনৰ মিলিত হৈছিল।

     1935 চনৰ প্ৰাদেশিক বিধানমণ্ডলৰ সদস্যসকলে সংবিধান সভাৰ সদস্যসকলক নিৰ্বাচিত কৰিছিল।

    কেবিনেট মিছনৰ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি সংবিধান সভাখন গঠন কৰা হৈছিল।প্ৰদেশবোৰৰ পৰা 296 জন আৰু দেশীয় ৰাজ্যবোৰৰ পৰা 93 জন সদস্যৰ ব্যৱস্থা কৰা হৈছিল।

    ড°ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি আৰু ড°সচিদানন্দ সিংহ অস্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল।

    সামৰণি:-এইদৰে সংবিধান সভাই স্বাধীনভাৱে ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰিছিল।

                  _____ ৹৹৹ ______

(3)নং প্ৰশ্ন:-লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱটো কি?

Ans:-

      Intr:-সংবিধান সভাৰ মূল লক্ষ্যসমূহেই হৈছে লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ।

      সংবিধান সভাৰ প্ৰথমখন অধিৱেশন 1946 চনৰ 9 ডিচেম্বৰ পৰা 23 ডিচেম্বৰ তাৰিখলৈ হৈছিল।এই প্ৰথম অধিৱেশনতে পণ্ডিত জৱাহৰলাল নেহৰুৱে সভাৰ মূল লক্ষ্যসমূহ এটা প্ৰস্তাৱ আকাৰে দাঙি ধৰিছিল।এই প্ৰস্তাৱকে সংবিধান সভাৰ "লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ"বোলা হৈছিল।

     ভাৰতক এখন স্বাধীন, সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাই সংবিধান সভাৰ মূল লক্ষ্য।এইসমূহেই প্ৰস্তাৱত উল্লেখ আছিল।

    সংবিধান সভাৰ দ্বিতীয় অধিৱেশনত "লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱটোৰ" ওপৰত বিশদভাৱে আলোচনা কৰা হৈছিল।

   সামৰণি:-গতিকে কব পাৰি যে লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱৰ ভিত্তিতেই ভাৰতৰ স্বাধীনতাৰ চনদ গৃহীত হৈছিল।

          ________ ৹৹৹৹ ________

(4)নং প্ৰশ্ন:-সংবিধান সভাৰ খচৰা কমিটিৰ বিষয়ে চমুটোকা লিখা।

Ans:-

      Intr:-সংবিধান সভাৰ চতুৰ্থ অধিৱেশনত খচৰা কমিটি গঠন কৰা হৈছিল।

     ড°বি.আৰ. আম্বেদকাৰক সভাপতি হিচাপে লৈ  7 জন সদস্যৰে খচৰা সমিতি গঠন কৰা হৈছিল।

     বি.এন.ৰাওক খচৰা সমিতিৰ সাংবিধানিক উপদেষ্টা হিচাপে নিয়োগ কৰা হৈছিল।এচ. এন.মুখাৰ্জীক সমিতিৰ সদস্য সচিব নিয়োগ কৰা হৈছিল।

   বি.এন.ৰাওয়ে প্ৰথম খচৰাখন প্ৰস্তুত কৰিছিল আৰু তাৰ পিছত খচৰা প্ৰস্ততকাৰী সমিতিয়ে আলোচনাৰ যোগেদি আৱশ্যকীয় সংকোচন আদি কৰিছিল।

   সংবিধানৰ চূড়ান্ত খচৰাখন প্ৰস্তুত কৰিছিল এচ. এন.মুখাৰ্জীয়ে ।সংবিধানৰ খচৰা 1948 জানুৱাৰী মাহত প্ৰকাশ কৰা হৈছিল।

       সামৰণি:-এইদৰে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে সংবিধানৰ খচৰা সমিতিয়ে ভাৰতীয় সংবিধানখন ৰচনা কৰিছিল।

         _________ ৹৹৹৹ ________

(5)নং প্ৰশ্ন:-আমাক এখন সংবিধান কিয় লাগে বুজাই লিখা।

Ans:-

      Intr:-সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।

     সংবিধানৰ প্ৰয়োজনসমূহ হল-

     (1)সংবিধানে সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰে।

     (2)সিদ্ধান্ত গ্ৰহনকাৰী ক্ষমতা নিৰ্দিষ্টকৰণত সহায় কৰে।

      (3)চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আনি দিয়ে।

       (4)সমাজৰ আশা-আকাংখ্যা আৰু লক্ষ্যসমূহ পূৰণত সহায় কৰে।

       সামৰণি:-গতিকে কব পাৰি যে প্ৰত্যেক ৰাষ্ট্রৰে একোখন সংবিধান থকাটো নিতান্তই অপৰিহাৰ্য।

                  _______ ৹৹৹৹ _______

(6)নং প্ৰশ্ন:-সংবিধান এক সমন্বয় আৰু আশ্বাস-বুজাই লিখা।

Ans:-

      Intr:-সংবিধান জাতিৰ সপোনস্বৰূপ।সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিবই নোৱাৰি।

      নিয়মনুসাৰে আগুৱাই নগলে মানুহে কোনো উদেশ্যতেই সফল হব নোৱাৰে।সংবিধানৰ প্ৰথম আৰু প্ৰধান কাম হৈছে সমাজৰ সকলো লোকৰ মাজত সমন্বয়ৰ নিশ্চয়তা প্ৰদান কৰা।

     সংবিধানে সমাজৰ ৰীতি-নীতিসমূৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰতিভা প্ৰকাশৰ পথ সুগম কৰে।জনসাধাৰণক আশ্বাস দিয়ে।

      জনসাধাৰণৰ মৌলিক অধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে।জাতি,ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ন্যায় প্ৰদান কৰে।

      সামৰণি:-সেয়ে কব পাৰি যে সংবিধানে সমন্বয়তা আনি দিয়ে।

                   ______৹৹৹৹_____

(7)নং প্ৰশ্ন:-চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতাই কি বুজায়?

Ans:-

       Intr:-প্ৰত্যেক ৰাষ্ট্ৰৰ এখন সংবিধান থাকে।সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।

     ৰাষ্ট্ৰ বা সামাজিক জীৱন পৰিচালনাৰ বাবে চৰকাৰৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ।ক্ষমতাৰ ৰাগীত বহু সময়ত চৰকাৰ স্বৈৰাচাৰী হৈ পৰিব পাৰে।কেৱলমাত্ৰ সংবিধানে বিভিন্ন ধৰণে চৰকাৰৰ ক্ষমতা সীমিত কৰে।

     সীমাবদ্ধতাসমূহ মৌলিক  আৰু সেয়ে চৰকাৰে কেতিয়াও সেই সীমাবদ্ধতাসমূহ অতিক্ৰম কৰি যাব নোৱাৰে।

      নাগৰিকসকলৰ অধিকাৰসমূহ সংবিধানে ৰক্ষণাবেক্ষণ দিয়ে।কি কাৰণত এই অধিকাৰসমূহ প্ৰত্যাহাৰ কৰিব পাৰে সেই কথাও উল্লেখ কৰে।চৰকাৰে ইচ্ছা কৰিলেই মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰে।

     সামৰণি:-সেয়েহে সংবিধানে চৰকাৰৰ ওপৰত সীমাবদ্ধতাসমূহ আনি দিছে। 

             ______৹৹৹______

(8)নংপ্ৰশ্ন:-সংবিধানৰ কৰ্তৃত্বই কি সূচায় বুজাই লিখা।

Ans:-

      Intr:-সংবিধান হল জাতিৰ দাপোনস্বৰূপ।সংবিধান অবিহনে বৰ্তমান ৰাষ্ট্ৰৰ কল্পনা কৰিব নোৱাৰি।

     সংবিধান হল কিছুমান অনুচ্ছেদ সন্নিৱিষ্ট থকা জটিল দলিল যত ৰাষ্ট্ৰ এখনৰ সংগঠিত ৰূপটোৰ লগত ৰাষ্ট্ৰই কি নিৰ্দেশনা পালন কৰিব তাৰ বাখ্যা থাকে।

      সংবিধান হল এটা জাতিৰ জীৱন্ত প্ৰতিচ্ছবি।এখন ৰাষ্ট্ৰ নীতি-নিয়মনুসাৰে চলিবলৈ সংবিধানে সহায় কৰে।

      সংবিধানত চুড়ান্তভাৱে আইনৰ অনুজ্ঞাসমূহ প্ৰণয়ন কৰা হয়।

      সামৰণি:-গতিকে কব পাৰি যে সংবিধান নহলে ৰাষ্ট্ৰত কোনো ৰীতি নীতি নাথাকিব যাৰ ফলত সমাজ উশৃংখল হব।

                   ______৹৹৹______

(9)নং প্রশ্ন:-ভাৰতৰ সংবিধানৰ কাৰ্যপদ্ধতি বৰ্ণনা কৰা।

Ans:-

     Intr:-বৰ্তমান সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ কথা কল্পনা কৰিব নোৱাৰি।

    ভাৰতীয় সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজত ক্ষমতা ভাগ কৰি দিছে।তাৰোপৰি বিভিন্ন ধৰণৰ নিৰপেক্ষ সাংবিধানিক অনুষ্ঠান নিৰ্বাচনী আয়োগ, লোকসেৱা আয়োগ আদিৰ মাজতো ক্ষমতা ভাগ-বতৰা কৰি দিছে।

    কোনো এটা অনুষ্ঠানে সাংবিধানিক অৱদমিত কৰিব বিচাৰিলে আনবিলাক অনুষ্ঠানে ইয়াক বাধা দি প্ৰতিহত কৰিব।

    নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে প্ৰয়োজনীয় সীমাবদ্ধতাও প্ৰদান কৰিছে।

    চৰকাৰ যাতে স্বৈৰাচাৰী হব নোৱাৰে তাৰ বাবেও সংবিধানে চৰকাৰৰ ওপৰত সীমিত সীমাবদ্ধতা আৰোপ কৰিছে।

     সামৰণি:-ভাৰতীয় সংবিধানক এক জীৱন্ত নথি হিচাপে বৰ্ণনা কৰিব পাৰি।

              ______ ৹৹৹ _______

অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks-2)

(1)নং প্ৰশ্ন:-আমেৰিকা সংবিধানৰ কি কি সমল ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছে?

Ans:-

      বহুকেইটা সমল সন্নিৱিষ্ট কৰা হৈছে

(1)মৌলিক অধিকাৰ,

(2)ন্যায়িক সমীক্ষাৰ অধিকাৰ,

(3)ন্যায়পালিকাৰ স্বাধীনতা।

(2)নং প্ৰশ্ন:-সমাজত সংবিধানৰ কাম কি?

Ans:-

      সমাজত সংবিধানৰ কাম হল

(1)নীতি-নিয়ম প্ৰৱৰ্তন কৰা।

(2)সমাজৰ আশা-আকাংখ্যা আৰু লক্ষসমূহ পূৰণ কৰা।

(3)নং প্ৰশ্ন:-ভাৰতীয় সংবিধান কি ধৰণৰে প্ৰস্তুত কৰা হৈছিল?

Ans:-

       আনুষ্ঠানিকভাৱে সংবিধান সভাই ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰিছিল।

      1935 চনৰ প্ৰাদেশিক বিধানমণ্ডলৰ সদস্যসকলে সংবিধান সভাৰ সদস্যসকলক নিৰ্বাচিত কৰিছিল।

(4)নং প্ৰশ্ন:-জনসাধাৰণৰ মৌলিক পৰিচয়ে কি বুজায়?

Ans:-

     সংবিধানে মানুহৰ কাৰ্য্য-কলাপৰ ওপৰত প্ৰয়োজনসাপেক্ষে কতৃত্বশীল বাধা আৰোপ কৰিব পাৰে।

    ইয়াৰ ভিতৰত ব্যক্তিয়ে ব্যক্তিগত আশা-আকাংক্ষা, উদ্দেশ্য, ইচ্ছা পূৰণৰ দিশ অনুসৰণ কৰে।ইয়াকে জনসাধাৰণৰ মৌলিক পৰিচয় বুলি কোৱা হয়।

               ______ ৹৹৹ ________

(5)নং প্ৰশ্ন:-সংবিধান এখন সফল হোৱাৰ দুটা কাৰণ লিখা।

Ans:-

      এখন সংবিধান সফল হবলৈ হলে-

(1)জনসাধাৰণৰ আশা-আকাংখ্যাৰ ওপৰত গুৰুত্ব দিব লাগিব।

(2)ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰতিভা প্ৰকাশৰ পথ সুগম কৰিব লাগিব লগতে লাগিব দায়িত্বশীল নেতাই সংবিধান ৰচনা কৰিলেহে সংবিধান সফল হব পাৰিব।

(6)নং প্ৰশ্ন:-উদ্দেশ্যে প্ৰস্তাৱৰ দুটা দিশ উল্লেখ কৰা।

Ans:-

     দুটা দিশ হল-

(1)ভাৰতীয় গণতন্ত্ৰত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে সামাজিক আৰু অৰ্থনৈতিক দিশত ন্যাৰ্য্য অধিকাৰ লাভ কৰিব।

(2)স্বাধীন ভাৰতে বিশ্বশান্তি ৰক্ষা আৰু বিশ্ব মানৱজাতিৰ কল্যাণৰ হকে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব।

(7)নং প্ৰশ্ন:-সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্যৰ নাম লিখা।

Ans:-

       সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্য হ'ল-

(1)ড°বি.আৰ. আম্বেদকাৰ,

(2)গোপালকৃষ্ণ আয়েংগাৰ।

(8)নং প্ৰশ্ন:-সংবিধান সভাৰ দুখন কমিটি কি কি?

Ans:-

       সংবিধান সভাৰ দুখন কমিটি হ'ল-

(1)কেন্দ্ৰীয় সংবিধান সমিতি,

(2)খচৰা সমিতি।

(9)নং প্ৰশ্ন:-ভাৰতীয় সংবিধান এখন জীৱন্ত দলিল নে?

Ans:-

       ভাৰতীয় সংবিধানে স্থায়িত্ব আৰু গতিশীলতাৰ মাজত এক ভাৰসাম্য প্ৰতিষ্ঠা কৰিব পাৰিছে।সেয়েহে ভাৰতীয় সংবিধান এখন জীৱন্ত দলিল বুলি কব পাৰি।

(10)নং প্রশ্ন:-লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱৰ দুটা নীতি লিখা।

Ans:-

     দুটা নীতি হ'ল-

(1)ভাৰতীয় গণতন্ত্ৰত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে সামাজিক আৰু অৰ্থনৈতিক দিশত ন্যাৰ্য্য অধিকাৰ লাভ কৰিব,

(2)স্বাধীন ভাৰতে বিশ্ব-শান্তি ৰক্ষা আৰু বিশ্ব মানৱজাতিৰ কল্যাণৰ হকে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব।(উদ্দেশ্য প্ৰস্তাৱৰ দিশ প্রশ্নটোৰ সৈতে উত্তৰ একেই হব)

(11)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল ? ই কেতিয়াৰ পৰা কাৰ্যকৰী হয়?

Ans:-

      ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত গ্ৰহণ কৰা হৈছিল।

      1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হয়।

(12)নং প্ৰশ্ন:-"ভাৰতৰ সংবিধান এখন ধাৰ কৰা সংবিধান "-মন্তব্য দিয়া।

Ans:-

       ভাৰতৰ সংবিধান প্ৰণেতাসকলে বিভিন্ন ৰাষ্ট্ৰৰ সংবিধান আৰু বিভিন্ন উৎসৰ পৰা ভাল ভাল সমলবোৰ আনি আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছে।অৰ্থাৎ পৃথিৱীৰ যিবোৰ ভাল নীতি আছে সেইবোৰ সংবিধানত ঠাই পাইছে।সেয়েহে "ভাৰতৰ সংবিধান এখন ধাৰ কৰা সংবিধান"বুলি কোৱা হৈছে।

                    _____৹৹৹______    

বস্তুনিষ্ঠ প্ৰশ্নৱালী:

(1)নং প্ৰশ্ন:-সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

Ans:-

       1946 চনত হৈছিল।

(2)নং প্রশ্ন:-সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নিৰ্বাচিত কৰা হৈছিল?

Ans:-

         ড°সচিদানন্দ সিংহ।

(3)নং প্রশ্ন:-সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া আৰম্ভ হৈছিল?

Ans:-

        1946 চনৰ 9 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈ চলিছিল।

(4)নং প্রশ্ন:-আমাক সংবিধান এখন কিয় লাগে এটা কাৰণ উল্লেখ কৰা।

Ans:-

         সমাজ আৰু দেশ ৰীতি-নীতিৰ মতে চলিবলৈ লাগে।

(5)নং প্ৰশ্ন:-এখন সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় দাঙি ধৰে নে?

Ans:-

         নিশ্চয় ধৰে।

(6)ন9নং প্ৰশ্ন:-ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।(হয় নে নহয় লিখা)

Ans:-

         ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

(7)নং প্রশ্ন:-সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন যাক সকলো নাগৰিকে মানি চলিবলৈ বাধ্য।(হয় নে নহয় লিখা)

Ans:-

          হয়।

      ____________৹৹◆৹৹________________






Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-