H.S 1st years Political Science||Chapter-2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ||Rights in the Indian Constitution(Assamese medium notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
ৰচনাধৰ্মী প্ৰশ্ন:
(1)নং প্রশ্ন:-ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ আলোচনা কৰা।
Ans:-
Intr:-আৰম্ভণিতে সংবিধানত নাগৰিকৰ বাবে সাত প্ৰকাৰৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল।44তম সংশোধনী আইনে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিছে।
বৰ্তমান মৌলিক অধিকাৰ ছয় প্ৰকাৰৰ।তলত সেইসমূহ আলোচনা কৰা হ'ল-
(1)সমতাৰ অধিকাৰ:-ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে নাগৰিকৰ সমতাৰ অধিকাৰ সম্পৰ্কে উল্লেখ আছে।আইনৰ দৃষ্টিত সমান,আইনৰ সমান সুৰক্ষা, নিয়োগৰ ক্ষেত্ৰত সমান সুযোগ-সুবিধা ইত্যাদি উল্লেখ আছে।
(2)স্বাধীনতাৰ অধিকাৰ:-সংবিধানৰ 19,20,21 আৰু 22 নং অনুচ্ছেদত এই অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে।19 নং অনুচ্ছেদত 6 টা বিশেষ অধিকাৰ অন্তৰ্ভুক্ত আছে।
(3)শোষণৰ বিৰুদ্ধে অধিকাৰ:-সমাজৰ durbl শ্ৰেণীৰ লোকক যাতে আনে শোষণ কৰিব নোৱাৰে সংবিধানত তেনে ব্যৱস্থাও সন্নিৱিষ্ট আছে।
(4)ধর্মীয় অধিকাৰ:-প্ৰস্তাৱনাত উল্লেখ থকা ধৰ্মীয় স্বাধীনতাৰ লগত সংগতি ৰাখি ধৰ্মীয় বিষয়ত ভাৰতবৰ্ষত বাস কৰা সকলো লোককে স্বাধীনতা দিয়া হৈছে।
(5)সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ:-সকলো লোকে যাতে নিজৰ নিজৰ ভাষা-সংস্কৃতি বজাই ৰাখিব পাৰে আৰু শিক্ষালাভৰ সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ দিয়া হৈছে।
(6)সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ:-নাগৰিকসকলে যাতে তেওঁলোকৰ অধিকাৰসমূহ ভোগ কৰিব পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনোৱে অযথা হস্তক্ষেপ কৰিব নোৱাৰে তাৰ ব্যৱস্থাও ভাৰতীয় সংবিধানত আছে।
সামৰণি:-গতিকে কব পাৰি যে নাগৰিকৰ বাবে সংবিধানত অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাও আছে।
________৹৹৹ ______
(2)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহৰ বিষয়ে লিখা।
Ans:-
Intr:-সংবিধানৰ 42তম সংশোধনী আইনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে।
তলত মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হ'ল-
(1)সংবিধান মানি চলা আৰু ইয়াৰ আদর্শ তথা অনুষ্ঠানসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা;
(2)স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা;
(3)ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা;
(4)দেশখনক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;
(5)ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভাতৃত্বভাবৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্য্যদা হানিকৰ আচৰণ ত্যাগ কৰা;
(6)ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা;
(7)বননি, হ্ৰদ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি অতি দয়াপৰৱশ হোৱা;
(8)বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱবতাবোধ ভাবৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা;
(9)ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা;
(10)ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা;
(11)2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হল"ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব"এইটো হ'ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য।
সামৰণি:-এই কৰ্তব্যসমূহ নাগৰিকে পালন কৰাটো বাধ্যতামূলক নহয় যদিও সকলোৱে মানি চলাটো উচিত।
________ ৹৹৹৹ _______
(3)নং প্ৰশ্ন:-নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ মাজত থকা পাৰ্থক্যসমূহ চমুকৈ লিখা।
Ans:-
নিৰ্দেশাত্মক আৰু মৌলিক অধিকাৰৰ পাৰ্থক্যসমূহ হ'ল-
(1)মৌলিক অধিকাৰসমূহ বাদযোগ্য।আনহাতে নিৰ্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয়।
(2)মৌলিক অধিকাৰসমূহ চৰিত্ৰগতভাৱে নঞাৰ্থক।কিন্তু নিৰ্দেশাত্মক নীতিসমূহ হৈছে যোগাত্মক নীতিৰ সমষ্টি।
(3)মৌলিক অধিকাৰৰ ভেঁটি হৈছে ব্যক্তিবাদ।আনহাতে নিৰ্দেশক নীতিৰ ভেঁটি হৈছে সমাজবাদ।
(4)মৌলিক অধিকাৰসমূহ জনসাধাৰণৰ উদ্দেশ্য দিয়া হৈছে।কিন্তু নিৰ্দেশক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া হৈছে।
(5)মৌলিক অধিকাৰ কাৰ্য্যকৰীকৰণৰ বাবে কোনো নতুন বিধি দৰকাৰ নহয়।আনহাতে নিৰ্দেশক নীতিসমূহ কাৰ্য্যকৰী কৰিবলৈ চৰকাৰে নতুন বিধি প্ৰণয়ন কৰিবলগা হয়।
(6)জৰুৰী অৱস্থা বাহাল থাকিলে মৌলিক অধিকাৰ বাতিল হয়।অন্যহাতে জৰুৰী অৱস্থা বাহাল থাকিলে নিৰ্দেশক নীতি বাতিল হৈ নাযায়।
_____৹৹৹______
(4)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নিৰ্দেশক নীতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Ans:-
Intr:-আমাৰ সংবিধানৰ চর্তুথ অধ্যায়ত নিৰ্দেশক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে।আদৰ্শৰ ওপৰত ভিত্তি কৰি নিৰ্দেশক নীতিসমূহক চাৰিটা ভাগত ভগাব পাৰি।
তলত নিৰ্দেশক নীতিসমূহ আলোচনা কৰা হ'ল-
(1)অৰ্থনৈতিক নীতি:-সংবিধানৰ 39,41,42,43 নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলক অৰ্থনৈতিক স্বাধীনতা দিয়া এই নীতিৰ প্ৰধান উদ্দেশ্য।
(2)গান্ধীবাদী নীতি:-গান্ধীবাদী নীতি কিছুমানক এই নীতিত সন্নিৱিষ্ট কৰা হৈছে।সংবিধানৰ 40,43,46,47,48 নং অনুচ্ছেদত এনে নীতি কিছুমানক সন্নিৱিষ্ট কৰা হৈছে।
(3)আন্ত:ৰাষ্ট্ৰীয় নীতি:-আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত পালন কৰিবলগা নীতি কিছুমানো নিৰ্দেশক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে।51 নং অনুচ্ছেদত এই নীতিসমূহ দিয়া আছে।
(4)বিবিধ নীতি:-44,45,49,50নং অনুচ্ছেদত এই তিনিটা নীতিৰ বাদেও আন কিছুমান নীতিও সন্নিৱিষ্ট কৰা হৈছে।
সামৰণি:-এই নিৰ্দেশক নীতিসমূহে ভাৰতবৰ্ষক এক স্থায়ী নীতি পালন কৰাত সহায় কৰিছে।
______৹৹৹______
অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks-2)
(1)নং প্রশ্ন:-সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ দুটা পাৰ্থক্য লিখা।
Ans:-
সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ পাৰ্থক্য হ'ল-
(1)মৌলিক অধিকাৰসমূহ সংবিধানপ্ৰদত্ত।আনহাতে সাধাৰণ অধিকাৰসমূহ সংবিধানপ্ৰদত্ত নহয়।
(2)মৌলিক অধিকাৰসমূহ অলংঘনীয়।অন্যহাতে সাধাৰণ অধিকাৰ তেনে নহয়।
(2)নং প্ৰশ্ন:-মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা।
Ans:-
মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য হ'ল-
(1)সংবিধানৰ অভিন্ন অংগ:-মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন অংগ।সাধাৰণ বিধি প্ৰক্ৰিয়াৰ দ্বাৰা সেইবোৰৰ পৰিৱৰ্তন নাইকিয়া কৰিব নোৱাৰি।
(2)চৰ্তবিহীন নহয়:-ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ নিৰ্দিষ্ট সীমাৰ মাজত আৱদ্ধ।
বস্তুনিষ্ঠ প্রশ্ন:-(Marks-1)
(1)নং প্ৰশ্ন:-ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে?
Ans:-
চতুৰ্থ অধ্যায়ত।
(2)নং প্ৰশ্ন:-মৌলিক অধিকাৰসমুহ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ(হয় বা নহয় লিখা)
Ans:-
হয়।
_______৹৹৹৹৹_______
প্ৰশ্নাৱলী:(পাঠভিত্তিক)
ৰচনাধৰ্মী প্রশ্ন:
(1)নং প্রশ্ন:-মৌলিক অধিকাৰৰ অৰ্থ বাখ্যা কৰা।
Ans:-
Intr:-ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰসমূহ।এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ নৈতিক শক্তি দিয়ে।
নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে,যিবোৰ লিখিত সংবিধানত বিধিবদ্ধ থাকে আৰু সংবিধানৰ দ্বাৰা সংৰক্ষিত হয় সেইবোৰক মৌলিক অধিকাৰ বোলে।
মৌলিক অধিকাৰসমূহ সংবিধান প্ৰদত্ত আৰু সংবিধানত সুস্পষ্টভাৱে লিখা থাকে।এই অধিকাৰসমূহ কোনেও ভংগ কৰিব নোৱাৰে।
মৌলিক অধিকাৰসমূহক ন্যায়ালয়ে ৰক্ষণাবেক্ষণ দিয়ে।অধিকাৰেই ৰাষ্ট্ৰৰ প্ৰকৃত ভিত্তি।
সামৰণি:-সকলো নাগৰিকৰে মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰই নাগৰিকৰ মৌলিক অধিকাৰ উপভোগৰ পৰিসীমা বান্ধি দিব পাৰে।
______৹৹৹_____
(2)নং প্ৰশ্ন:-মৌলিক অধিকাৰ কি?ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা।
Ans:-
Intr:-ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰসমূহ।এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ নৈতিক শক্তি দিয়ে।
নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে,যিবোৰ লিখিত সংবিধানত বিধিবদ্ধ থাকে আৰু সংবিধানৰ দ্বাৰা সংৰক্ষিত হয় সেইবোৰক মৌলিক অধিকাৰ বোলে।
মৌলিক অধিকাৰসমূহ নাগৰিকৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অতি লাগতিয়াল।
এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ নৈতিক শক্তি দিয়ে।
ব্যক্তিগত আৰু সামাজিকভাৱে নাগৰিকক উৎপাদনক্ষম কৰি তোলে।
নাগৰিকৰ মৌলিক অধিকাৰসমূহ থাকিলে চৰকাৰে স্বেচ্ছাচাৰী শাসন চলোৱাত ব্যৰ্থ হয় আৰু নাগৰিকসকলে মৌলিক অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ যাওঁতে নিজৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ সুবিধা লাভ কৰে।
সামৰণি:-গতিকে কব পাৰি যে নাগৰিকৰ জীৱনৰ বাবে মৌলিক অধিকাৰসমূহ অতিকৈ প্ৰয়োজনীয়।
_________৹৹৹৹________
(3)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্ব বাখ্যা কৰা।
Ans:-
Intr:-ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ।এই বিশেষ মৰ্য্যদা আৰু গুৰুত্বসম্পন্ন।
সংবিধানত এইবোৰ সন্নিৱিষ্ট কৰাৰ কাৰণবোৰ হল
(1)সংবিধানত এই অধিকাৰসমূহ বিধিবদ্ধ থাকিলে চৰকাৰে ইচ্ছা মতে সেইবোৰ অস্বীকাৰ কৰিব নোৱাৰে।
(2)অধিকাৰসমূহ যদি মৌলিক আকাৰত সংবিধানত লিপিবদ্ধ থাকে তেন্তে শাসনত অধিষ্ঠিত সংখ্যাগৰিষ্ঠসকলে সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰে।
(3)মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট থাকিলে সেইবোৰ সম্পৰ্কে নাগৰিকসকলৰ এটি সুস্পষ্ট ধাৰণা হয় আৰু তেওঁলোক এই বিষয়ে সচেতন হৈ থাকিব পাৰে।
(4)যদি কোনোবাই এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰে তেন্তে সাংবিধানিক উপায়েৰে ইয়াৰ প্ৰতিকাৰ কৰা সহজ হয়।
(5)এই অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ থাকিলে কাৰ্য্যপালিকা আৰু বিধানমণ্ডল নাগৰিকৰ অধিকাৰৰ প্ৰতি সদায় সচেতন থাকিব।
(6)নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম কৰি তুলিবলৈ এই অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা হৈছে।
সামৰণি:-গতিকে কব পাৰি যে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্ব আছে।
______৹৹৹______
(4)নং প্ৰশ্ন:-আমাৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য বাখ্যা কৰা।
Ans:-
Intr:-ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰৰ সম্পৰ্কে বহলভাৱে আলোচনা কৰা হৈছে।
তলত সংবিধানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ'ল-
(1)সংবিধানৰ অভিন্ন অংগ:-মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ।
(2)সম্বন্ধবাচক:-মৌলিক অধিকাৰসমূহ সম্বন্ধবাচক।
(3)চৰ্তবিহীন নহয়:-মৌলিক অধিকাৰসমূহ নিৰ্দিষ্ট সীমাৰ মাজত আৱদ্ধ।
(4)অলংঘনীয়:-কোনো বিশেষ অৱস্থাৰ সৃষ্টি নহলে চৰকাৰেও সেইবোৰ আইন ভংগ কৰিব নোৱাৰে।
(5)ন্যায় বিচাৰযোগ্য:-মৌলিক অধিকাৰৰ প্ৰকৃত প্ৰয়োগ আৰু ইয়াৰ সংৰক্ষণৰ বাবে যথাবিহিত ব্যৱস্থাও সংবিধানত ৰাখিছে
(6)অধিকাৰসমুহ কেৱল নাগৰিকৰ বাবে:-সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰসমূহ ভোগ কৰাৰ অধিকাৰ কেৱল নাগৰিকসকলৰহে।
সামৰণি:-পৃথিৱীৰ আন কোনো সংবিধানত মৌলিক অধিকাৰৰ বিষয়ে এনেদৰে আলোচনা কৰা নাই যিদৰে আমাৰ ভাৰতীয় সংবিধানত কৰা হৈছে।
________৹৹৹৹_______
(5)নং প্ৰশ্ন:-মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনে?যুক্তি দিয়া।
Ans:-
Intr:-মৌলিক অধিকাৰসমূহ সংবিধানপ্ৰদত্ত আৰু সংবিধানত সুস্পষ্টভাৱে লিখা থাকে।
মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে নোৱাৰি এই সম্পৰ্কে দ্বীমত দেখা যায়।কিছুমানৰ মতে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি; আন কিছুমানে বিশ্বাস কৰে যে মৌলিক অধিকাৰ সংশোধন কৰিব নোৱাৰি।
গোলকনাথ গোচৰীয়াৰ মতে সংবিধান সংশোধন আইন ৰচনাৰ বাহিৰে একো নহয়; যিহেতু মৌলিক অধিকাৰ ব্যাহত কৰা যিকোনো আইন অবৈধ,সেয়েহে মৌলিক অধিকাৰক সংশোধন কৰিব পৰা নাযায়।
কিন্তু সংবিধান সংশোধন কৰি 368(2)অনুচ্ছেদ মতে মৌলিক অধিকাৰ সংশোধন কৰিব পৰাৰ ব্যৱস্থা কৰি লোৱা হৈছে।কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় দি কৈছে যে মৌলিক অধিকাৰকে ধৰি সংবিধানৰ আন অনুচ্ছেদৰ সংশোধন কৰিব পৰা যায়।
বাস্তৱ দৃষ্টিভংগীৰে বিচাৰ কৰিলে দেখা যায় যে মৌলিক অধিকাৰ সংশোধন কৰিব নোৱাৰাৰ কোনো গ্ৰহণযোগ্য যুক্তি থাকিব নোৱাৰে।
সামৰণি:-গতিকে কব পাৰি যে পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাব পৰাকৈ মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি।
_______৹৹৹_______
(6)নং প্ৰশ্ন:-স্বাধীনতা অধিকাৰৰ 19নং অনুচ্ছেদত উল্লেখ থকা ছয়টা স্বাধীনতা কি কি?যিকোনো এটা বহলাই লিখা।
Ans:-
Intr:-মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতা অধিকাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ।
19 নং অনুচ্ছেদত উল্লেখ থকা ছয়টা স্বাধীনতা হল-
(1)বা্ক স্বাধীনতা আৰু মতপ্ৰকাশৰ স্বাধীনতা;
(2)অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ;
(3)সংস্থা বা সংগঠন গঠনৰ অধিকাৰ;
(4)ভাৰতবৰ্ষৰ চৰিসীমাৰ ভিতৰত মুক্ত বিচৰণ অধিকাৰ;
(5)ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ আৰু
(6)যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।
বা্ক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা:-স্বাধীনতাৰ এই অধিকাৰ চৰম নহয়।চৰকাৰে এইবোৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।অৱশ্যে এই বাধা যুক্তিসংগত হৈছে নাই ন্যায়ালয়ে তাৰ বিচাৰ কৰিব পাৰে।
এই স্বাধীনতা ভোগ কৰা কাৰ্য্যৰ ফলত আন লোকৰ যশস্যা হানি হলে ,আদালতক অৱমাননা কৰিলে,সামাজিক বিশৃংখলাৰ সৃষ্টি হলে চৰকাৰে এইবোৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
সামৰণি:-গতিকে কব পাৰি যে স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে যদিও এই অধিকাৰসমূহ চৰম নহয়।চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
________৹৹৹৹_______
(7)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানত দিয়া মৌলিক অধিকাৰসমূহৰ প্ৰকৃতি আৰু তাৎপৰ্য বাখ্যা কৰা।
Ans:-
Intr:-প্ৰত্যেক লিখিত সংবিধানে নাগৰিকক কিছুমান অধিকাৰ প্ৰদান কৰে।
মৌলিক অধিকাৰৰ প্ৰকৃতি:-
ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ প্ৰকৃতি গুৰুত্বপূৰ্ণ।সাধাৰণ বিধি প্ৰক্ৰিয়াৰ দ্বাৰা সেইবোৰৰ পৰিৱৰ্তন বা নাইকিয়া কৰিব নোৱাৰি।
মৌলিক অধিকাৰসমূহৰ সম্বন্ধ ব্যক্তিৰ লগতে সমাজ আৰু দেশৰ লগতো জড়িত।
কোনো বিশেষ অৱস্থাৰ সৃষ্টি নহলে চৰকাৰেও সেইবোৰ ভংগ কৰিব নোৱাৰে।তথাপি মৌলিক অধিকাৰ চৰ্তবিহীন নহয়।ই নিৰ্দিষ্ট সীমাৰ মাজত আৱদ্ধ।
এই অধিকাৰসমূহ বিদেশীয়ে ভোগ কৰিব নোৱাৰে।কেৱল নাগৰিক সকলৰ বাবেহে মৌলিক অধিকাৰসমূহ।
মৌলিক অধিকাৰৰ তাৎপৰ্য:-এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ মানুহক নৈতিক শক্তি দিয়ে।
নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু গুৰুত্বপূৰ্ণ কৰি তোলে।
নাগৰিকৰ এনে অধিকাৰ থাকিলে চৰকাৰে স্বেচ্ছাচাৰী শাসন চলোৱাত ব্যৰ্থ হয়।
সামৰণি:-গতিকে কব পাৰি যে মৌলিক অধিকাৰৰ অত্যাধিক তাৎপৰ্য আছে।এই অধিকাৰসমুহ নাগৰিকৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অতি লাগতিয়াল।
_______৹৹৹৹_______
(8)নং প্ৰশ্ন:-মৌলিক অধিকাৰৰ পাঁচটা সীমাবদ্ধতা বাখ্যা কৰা।
Ans:-
Intr:-ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্বৰ লগতে যুক্তিসংগত বাধা নিষেধ ও আছে।
তলত মৌলিক অধিকাৰৰ পাঁচটা সীমাবদ্ধতা আলোচনা কৰা হ'ল-
(1)সংবিধানত সমতাৰ অধিকাৰৰ ব্যৱস্থা আছে যদিও, চৰকাৰে বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব পাৰে।
(2)স্বাধীনতা অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(3)দেশৰ জৰুৰী অৱস্থা বাহাল থাকিলে মৌলিক অধিকাৰ বাতিল হৈ যায়।
(4)মৌলিক অধিকাৰৰ ভিতৰত কোনো অৰ্থনৈতিক অধিকাৰ সন্নিৱিষ্ট কৰা নাই।
(5)মৌলিক অধিকাৰ ৰক্ষা কৰাটো বৰ ব্যয় বহুল।
সামৰণি:-মৌলিক অধিকাৰৰ ক্ষেত্ৰত কিছুমান বাধা নিষেধ আৰোপ কৰা হৈছে যদিও এই অধিকাৰসমূহ আৱশ্যকতা নহয়।
_________৹৹৹৹________
(9)নং প্ৰশ্ন:-ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বুলিলে কি বুজা?নিৰ্দেশাত্মক নীতি অৱজ্ঞা কৰিলে ন্যায়ালয়লৰ সহায় লব পাৰিনে?
Ans:-
Intr:-ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভূক্তি আমাৰ সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।
নিৰ্দেশাত্মক নীতি হ'ল কিছুমান মৌলিক নীতি,যিবোৰ ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰোতে অনুসৰণ কৰিব লাগে।
ভাৰতৰ শাসনকাৰ্য পৰিচালনা আৰু আইন প্ৰণয়ন কৰোতে নিৰ্দেশক নীতিৰ আৰ্দশসমূহ কেন্দ্ৰীয় সংসদ,ৰাজ্যিক বিধানমণ্ডল, স্থানীয় চৰকাৰ সকলোৱে মানি চলিব লাগে।
এই নীতিসমূহ বাদযোগ্য নহয়।সেয়েহে এই নীতিসমূহ কাৰ্য্যকৰী কৰিবলৈ আদালতৰ জৰিয়তে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি।
সামৰণি:-নিৰ্দেশক নীতিসমূহক আদালতৰ জৰিয়তে সাব্যস্ত কৰিব নোৱাৰি যদিও এই নীতি তাৎপৰ্যহীন নহয়।
_________৹৹৹৹________
(10)নং প্ৰশ্ন:-আদৰ্শৰ ভিত্তিত নিৰ্দেশাত্মক নীতিসমূহ ভাগ কৰি যিকোনো এটাৰ বৰ্ণনা কৰা।
Ans:-
Intr:-আদৰ্শৰ ভিত্তিত নিৰ্দেশাত্মক নীতিসমুক চাৰিটা ভাগত ভাগ কৰিব পাৰি।
নিৰ্দেশাত্মক নীতিসমূহ হ'ল-
(1)অৰ্থনৈতিক নীতি;
(2)গান্ধীবাদী নীতি;
(3)আন্তঃৰাষ্ট্ৰীয় নীতি;
(4)বিবিধ নীতি।
অৰ্থনৈতিক নীতিৰ বিষয়ে চমু বৰ্ণনা:-সংবিধানৰ 39,41,42,43নং অনুচ্ছেদত কিছুমান অৰ্থনৈতিক নীতি অন্তৰ্ভুক্ত কৰা হৈছে।এই নীতিসমূহ এনেধৰণৰ-
(1)পুৰুষ মহিলাভেদে নাগৰিকসকলৰ জীৱিকাৰ পৰ্যাপ্ত জীৱিকাৰ উপায়ৰ ব্যৱস্থা কৰা।
(2)জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থৰক্ষাৰ কাৰণে সম্পদৰ বিতৰণ কৰা।
(3)সৰ্বসাধাৰণৰ অহিতে যাতে সম্পদ কেন্দ্ৰীভূত নহয়,তাৰ ব্যৱস্থা কৰা।
(4)পুৰুষ-মহিলা উভয়কে সমান কামৰ কাৰণে সমান মজুৰি দিয়াৰ ব্যৱস্থা কৰা।
সামৰণি:-মৌলিক অধিকাৰসমূহ যেনেকৈ ভাগ কৰা হৈছে নিৰ্দেশাত্মক নীতিসমূহ তেনেকৈ ভাগ কৰা হোৱা নাই।আদৰ্শৰ ভিত্তিতহে ভাগ কৰা হৈছে।
_______ ৹৹৹৹ _______
(11)নং প্ৰশ্ন:-গান্ধীবাদী নীতি বুলিলে কি বুজা?সেইবোৰ কি কি?
Ans:-
Intr:-আদৰ্শৰ ভিত্তিত নিৰ্দেশাত্মক নীতিসমুক ভাগ কৰা হৈছে।তাৰে ভিতৰত গান্ধীবাদী নীতি অন্যতম।
গান্ধীজীৰ মতবাদৰ অংশবিশেষ নীতি কিছুমানক নিৰ্দেশাত্মক নীতিৰ অধ্যায়ত স্থান দিয়া হৈছে।ইয়াকে গান্ধীবাদী নীতি বুলি কোৱা হয়।
গান্ধীবাদী নীতিসমূহ হ'ল-
(1)পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা।
(2)ব্যক্তিগতভাৱে বা সমবায়ৰ ভিত্তিত কুটীৰ শিল্পৰ প্ৰসাৰণৰ ব্যৱস্থা কৰা।
(3)সমাজৰ দুৰ্বল, পিছপৰা শ্ৰেণীৰ লোক আৰু অনুসূচীত জাতি আৰু জনজাতি লোকক শিক্ষালাভৰ সুবিধা দিয়া আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষা কৰা।
(4)জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰা।
(5)আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত কৃষি আৰু পশুপালনৰ ব্যৱস্থা কৰা,গো বধ বন্ধ কৰা।
সামৰণি:-গতিকে কব পাৰি যে এই নীতিত গান্ধীজীৰ মতবাদৰ আদর্শই স্থান পাইছে।
_________৹৹৹৹________
(12)নং প্ৰশ্ন:-তোমাৰ মতে কোনটো মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ?ইয়াৰ ব্যৱস্থাবোৰ সংক্ষেপ কৰা আৰু যুক্তি আগবঢ়াই দেখুওৱা কিয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ?
Ans:-
Intr:-নাগৰিকৰ জীৱনৰ বাবে মৌলিক অধিকাৰসমূহ অতিকৈ গুৰুত্বপূৰ্ণ।এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে কাম কৰিবলৈ অনুপ্ৰেৰণা দিয়ে।
ছয়টা মৌলিক অধিকাৰে গুৰুত্বপূৰ্ণ।এটাই বেছি লাগতিয়াল বুলিব নোৱাৰি যদিও মই ভাবোঁ স্বাধীনতা অধিকাৰ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ অধিকাৰ।
স্বাধীনতা অধিকাৰসমুৰ মতপ্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণ ভাৱে সমবেত হোৱা,সংস্থা গঠনৰ, ভাৰতৰ চাৰিসীমা ভিতৰত মুক্তভাৱে বিচৰণ, ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰা,চাকৰি কৰা এই অধিকাৰসমূহ হৈছে স্বাধীনতা অধিকাৰ।
যদিহে নাগৰিকৰ এই অধিকাৰসমূহ নাথাকে।সংখ্যালঘুৰ ওপৰত সদায় শোষণ চলিল হয়।
বসবাস কৰা ,চলন ফুৰণ অধিকাৰ নথকা হলে বহুতো লোক আনৰ অত্যাচাৰ সহিব লগা হল হয়।
গতিকে সেয়েহে কব বিচাৰো স্বাধীনতা অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ।ইয়াক বাদ দি। আন অধিকাৰ কথা ভাবিব নোৱাৰি।
সামৰণি:-শেষত কব পাৰি যে অকল স্বাধীনতা অধিকাৰ যে গুৰুত্বপূৰ্ণ আন অধিকাৰ গুৰুত্বহীন বুলি কব পৰা নাযায়।
________৹৹৹_______
চমু উত্তৰৰ প্ৰশ্ন:-(Marks-4)
(1)নং প্রশ্ন:-ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ উদ্দেশ্যে কি?
Ans:-
Intr:-পৃথিৱীৰ প্ৰত্যেক লিখিত সংবিধানে নাগৰিকক কিছুমান অধিকাৰ প্ৰদান কৰে।আমাৰ সংবিধানেও মৌলিক অধিকাৰ প্ৰদান কৰিছে।
ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য হ'ল-
মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ থাকিলে কাৰ্যপালিকা আৰু বিধানমণ্ডল নাগৰিকৰ অধিকাৰৰ প্ৰতি সদায় সচেতন থাকিব।
এই অধিকাৰসমূহ কোনো ব্যক্তি বা চৰকাৰে ক্ষুণ্ণ কৰিব নোৱাৰে তাৰ বাবে সংবিধানত লিপিবদ্ধ কৰি থোৱা আছে।
সকলো নাগৰিকৰে মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈও সংবিধানত সন্নিবিষ্ট কৰা হৈছে।
সংবিধানত সন্নিৱিষ্ট থাকিলে মৌলিক অধিকাৰৰ সম্পৰ্কে নাগৰিকসকলৰ এটি সুস্পষ্ট ধাৰণা হয় আৰু তেওঁলোক এই বিষয়ে সচেতন হৈ থাকিব পাৰে।
সামৰণি:-গতিকে কব পাৰি যে সংবিধানত এই অধিকাৰসমূহ লিপিবদ্ধ থাকিলে অধিকাৰসমূহ অধিক সুৰক্ষিত হৈ থাকিব।
________৹৹৹৹________
(2)নং প্ৰশ্ন:-সাংবিধানিক নিৰাময়ৰ অধিকাৰ কেতিয়া আৰু কি পদ্ধতিৰে স্থাপিত কৰিব পাৰি?
Ans:-
Intr:-ভাৰতীয় নাগৰিকসকলে যাতে তেওঁলোকক প্ৰদান কৰা মৌলিক অধিকাৰসমূহ ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা সংবিধানত আছে।
সংবিধানৰ 32 নং আৰু 226 নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকে মৌলিক অধিকাৰ সংৰক্ষণৰ বাবে আদালতৰ ওচৰ চাপিব পাৰে।
কোনো কাৰণত যদি মৌলিক অধিকাৰ ক্ষুণ্ণ হয় বা ক্ষুণ্ণ হোৱাৰ উপক্ৰম হয়, তেতিয়া অধিকাৰ সংৰক্ষণৰ বাবে সংবিধানৰ 32 নং অনুচ্ছেদ অনুসৰি উচ্চতম বা উচ্চ ন্যায়ালয়ত প্ৰতিকাৰৰ আবেদন কৰিব পাৰে।
ন্যায়ালয়ে মৌলিক অধিকাৰ সংৰক্ষণৰ বাবে ন্যায়ালয়ৰ বন্দী প্রত্যক্ষীকৰণ,পৰমাধিদেশ,নিষেধাজ্ঞা আদি বিভিন্ন লেখ জাৰি কৰিব পাৰে।
সামৰণি:-এইদৰে উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ে বিভিন্ন সমাদেশ আদি জাৰি কৰি নাগৰিক অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে।
________৹৹৹৹৹_________
(3)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানৰ 19নং অনুচ্ছেদত সন্নিৱিষ্ট অধিকাৰকেইটা উল্লেখ কৰা।এই অনুচ্ছেদৰ পৰা কোনটো অধিকাৰক উঠাই দিয়া হৈছে?
Ans:-
Intr:-মৌলিক অধিকাৰৰ ভিতৰত স্বাধীনতা অধিকাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ।19 নং অনুচ্ছেদত ছয়টা বিশেষ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
তলত অধিকাৰসমূহ উল্লেখ কৰা হ'ল-
(1)বা্ক-স্বাধীনতা আৰু মতপ্ৰকাশৰ অধিকাৰ;
(2)অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ;
(3)সংস্থা বা সংগঠন গঠনৰ অধিকাৰ;
(4)ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত মুক্ত বিচৰণৰ অধিকাৰ;
(5)ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ;
(6)যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।
এই অনুচ্ছেদৰ পৰা সম্পত্তিৰ অধিকাৰক উঠাই দিয়া হৈছে।
______৹৹৹______
(4)নং প্ৰশ্ন:-ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ বিষয়ে চমুকৈ লিখা।
Ans:-
Intr:-গণতন্ত্ৰৰ ধাৰক আৰু বাহক হিচাপে ভাৰতীয় নাগৰিক সকলৰ বাবে স্বাধীনতাৰ গুৰুত্ব অপৰিসীম।স্বাধীনতাৰ অধিকাৰসমূহৰ ভিতৰত বৰ্তমান নাগৰিকসকলৰ অন্যতম অধিকাৰ হ'ল জীৱন আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ।
আইনৰ অধিকাৰৰ বাহিৰে কোনো ব্যক্তিক জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি।এই অধিকাৰ এফালে পৌৰ অধিকাৰ আনফালে ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ হিচাপে বিবেচিত হব পাৰে।
উপযুক্ত কোনো কাৰণ নোহোৱাকৈ কোনো ব্যক্তিকে গ্ৰেপ্তাৰ বা আটক কৰিব নোৱাৰি।কিবা অজুহাতত গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে নিজকে ৰক্ষণাবেক্ষণৰ বাবে নিজৰ পছন্দৰ আইন নিয়োগ কৰাৰ অধিকাৰ আছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰাটো বাধ্যতামূলক।
সামৰণি:-গতিকে কব পাৰি যে ইয়াৰ পৰিসৰ আৰু বহুত বেছি।
________৹৹৹৹________
(5)নং প্ৰশ্ন:-মানৱ অধিকাৰৰ বিষয়ে কি জানা লিখা।
Ans:-
Intr:-ৰাষ্ট্ৰৰ সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ সম্পূৰ্ণ কাৰ্য্যকৰী হ'লেহে জনসাধাৰণে সুফল লাভ কৰিব পৰিব।
সংবিধানত উল্লেখ থকা অধিকাৰসমূহৰ উপৰিও আন এবিধ অধিকাৰে বৰ্তমান অত্যন্ত বুৎপত্তি লাভ কৰিছে যিবোৰ সমাজৰ দুখীয়া, অশিক্ষিত সকলো শ্ৰেণীৰ মানুহে সমানে ভোগ কৰিব পাৰে।ইয়াক মানৱ অধিকাৰ বুলি কোৱা হয়।
মানৱ অধিকাৰ বুলি কওঁতে এনে কিছুমান মৌলিক আৰু অ-হস্তান্তৰবিহীন অধিকাৰক বুজাই যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃত মানুহ হিচাপে জীৱন-ধাৰণ কৰিব নোৱাৰে।
এই অধিকাৰ জাতি,ধর্ম, বৰ্ণ, ভাষা, লিংগ,ধনী-দুখীয়া নিৰ্বিশেষে এই অধিকাৰ ভোগ কৰিব পাৰে।
1993 চনত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল,যাতে2 সকলোৱে এই অধিকাৰসমূহ ভোগ কৰিব পাৰে।
সামৰণি:-গতিকে কব পাৰি যে মানৱ অধিকাৰ জন্মগত অধিকাৰ।
________৹৹৹৹________
(6)নং প্ৰশ্ন:-নিৰ্দেশক নীতিৰ লক্ষ্যসমূহ উল্লেখ কৰা।
Ans:-
Intr:-ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ অন্তৰ্ভূক্তি আমাৰ সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।
নিৰ্দেশক নীতিৰ মূল লক্ষ্যসমূহ হ'ল-
(1)আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা;;
(2)এই নীতিৰ মূল লক্ষ্য হ'ল দেশৰ জনসাধাৰণক এনে কিছুমান সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুযোগ-সুবিধা দিয়া যাতে ভাৰতবৰ্ষই নিজকে এখন প্ৰকৃত কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰিব পাৰে;
(3)সামাজিক আৰু সমতা প্ৰতিষ্ঠা কৰা;
(4)ভাৰতবৰ্ষক এক স্থায়ী নীতি প্ৰচলন কৰা।
সামৰণি:-গতিকে কব পাৰি যে সমাজৰ মংগল সাধন কৰাই নিৰ্দেশক নীতিৰ মূল লক্ষ্য।
_______৹৹৹৹______
(7)নং প্রশ্ন:-ভাৰতীয় সংবিধানত কিয় মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে?চাৰিটা কাৰণ দিয়া।
Ans:-
Intr:-পৃথিৱীৰ প্ৰত্যেক লিখিত সংবিধানে নাগৰিকক কিছুমান অধিকাৰ প্ৰদান কৰিছে।
ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ।এইবোৰ সংবিধানত সন্নিৱিষ্ট কৰাৰ কাৰণ হ'ল-
সংবিধানত এই অধিকাৰসমূহ বিধিবদ্ব কৰা থাকিলে চৰকাৰে ইচ্ছামতে সেইবোৰ অস্বীকাৰ কৰিব নোৱাৰে।
মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট থাকিলে সেইবোৰ সম্পৰ্কে নাগৰিকসকলৰ এটা সুস্পষ্ট ধাৰণা হয়।
যদি কোনোবাই এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰে তেন্তে সাংবিধানিক উপায়ৰ যোগেদি ইয়াৰ প্ৰতিকাৰ কৰা সহজ হয়।
মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা থাকিলে কাৰ্য্যপালিকা আৰু বিধানমণ্ডল নাগৰিকৰ অধিকাৰৰ প্ৰতি সদায় সচেতন থাকিব।
সামৰণি:-গতিকে কব পাৰি যে গণতন্ত্ৰৰ আদৰ্শ ৰক্ষা কৰিবলৈ মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে।
_______৹৹৹৹______
(8)নং প্ৰশ্ন:-মৌলিক অধিকাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
Ans:-
Intr:-ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰৰ সম্পৰ্কে যিদৰে বহলভাৱে আলোচনা কৰা হৈছে, পৃথিৱীৰ আন কোনো সংবিধানত মৌলিক অধিকাৰৰ বিষয়ে এনেদৰে আলোচনা কৰা হোৱা নাই।
মৌলিক অধিকাৰৰ চাৰিটা বৈশিষ্ট্য হ'ল-
(1)সংবিধানৰ অভিন্ন অংগ:-মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন বা অবিচ্ছেদ্য অংগ।
(2)চৰ্তবিহীন নহয়:-মৌলিক অধিকাৰসমূহ নিৰ্দিষ্ট সীমাৰ মাজত আৱদ্ধ।
(3)অলংঘনীয়:-কোনো বিশেষ অৱস্থাৰ সৃষ্টি নহ'লে চৰকাৰেও সেইবোৰ ভংগ কৰিব নোৱাৰে।
(4)অধিকাৰসমূহ কেৱল নাগৰিকৰ বাবে:-কোনো বিদেশী লোকৰ এই অধিকাৰ ভোগ কৰাৰ অধিকাৰ নাই।
সামৰণি:-ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰৰ গুৰুত্ব যথেষ্ঠ আছে।
_______৹৹৹৹৹_______
(9)নং প্ৰশ্ন:-মৌলিক কৰ্তব্যৰ তাৎপৰ্য বাখ্যা কৰা।
Ans:-
Intr:-সংবিধানৰ 42তম সংশোধনী দ্বাৰা মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছে।
মৌলিক অধিকাৰৰ তাৎপৰ্যসমূহ তলত আলোচনা কৰা হ'ল-
এখন স্বাধীন দেশৰ নাগৰিকে নিজৰ স্বাৰ্থ ৰক্ষা কাৰণে এই কৰ্তব্যসমূহ পালন কৰিব লাগিব।
গণতান্ত্ৰিক ৰাষ্ট্ৰত নিজ নিজ কৰ্তব্য পালন নকৰিলে গণতন্ত্ৰ কেতিয়াও কৃতকার্য হব নোৱাৰে।
মৌলিক কৰ্তব্যৰ পালনে দেশৰ গণতন্ত্ৰৰ ভেঁটি অধিক শক্তিশালী কৰি তোলে।
ভাৰতৰ গণতন্ত্ৰৰ ভৱিষ্যত দেশৰ নাগৰিকসকলৰ কৰ্তব্যৰ পালনৰ ওপৰত নিৰ্ভৰ কৰে।
সামৰণি:-গতিকে কব পাৰি যে মৌলিক কৰ্তব্যৰ আইনগত বাধ্য-বাধকতা নাথাকিলেও এইবোৰক মূল্যহীন বুলি কব নোৱাৰি।
______৹৹৹_____
(10)নং প্ৰশ্ন:-ভাৰতীয় নাগৰিকে উপভোগ কৰা স্বাধীনতা অধিকাৰ বাখ্যা কৰা।
Ans:-
Intr:-মৌলিক অধিকাৰৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ।সংবিধানৰ 19,20,21,22 অনুচ্ছেদত এই অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে।
19 নং অনুচ্ছেদত 6 টা বিশেষ অধিকাৰ অন্তৰ্ভুক্ত।এইকেইটা অধিকাৰ হ'ল-
(1)বাক্ স্বাধীনতা আৰু মতপ্ৰকাশৰ স্বাধীনতা;
(2)অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ;
(3)সংস্থা বা সংগঠন গঠন কৰাৰ অধিকাৰ;
(4)ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত মুক্ত বিচৰণ অধিকাৰ;
(5)ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ;
(6)যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।
20 নং অনুচ্ছেদত জনসাধাৰণক কিছুমান ক্ষেত্ৰৰ ৰক্ষণাবেক্ষণ দিয়া হৈছে।21 আৰু22 নং অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণৰ ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা হৈছে।
22 নং অনুচ্ছেদত আছে যে কোনো লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণ জনাব লাগিব।
সামৰণি:-এই স্বাধীনতা অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা যেনেকৈ সংবিধানত আছে, তেনেদৰে চৰকাৰে এই অধিকাৰসমূহ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
________৹৹৹_________
(12)নং প্রশ্ন:-নিৰ্দেশাত্মক নীতিৰ সাংবিধানিক তাৎপৰ্য বাখ্যা কৰা।
Ans:-
Intr:-নিৰ্দেশাত্মক নীতিৰ সাংবিধানিক তাৎপৰ্য সম্পৰ্কে সংবিধান বিশেষজ্ঞসকলৰ মাজত মতভেদ আছে।
কিছুমানৰ মতে এই নীতিসমূহ আমাৰ সংবিধানৰ অংশবিশেষ যদিও ইয়াৰ সাংবিধানিক তাৎপৰ্য নাই।এই নীতিসমূহ বাদযোগ্য নহয়।
আন কিছুমানে আকৌ নিৰ্দেশাত্মক নীতিসমূহক নিৰ্বাচনী ইস্তাহাৰৰ লগত তুলনা কৰে।যেনেকৈ,নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰাৰ পাছত ইস্তাহাৰত উল্লেখ কৰা আৰ্দশসমূহ কাৰ্য্যকৰী কৰিবলৈ কোনো ব্যৱস্থা নকৰিলেও চৰকাৰক একো কৰিব পৰা নাযায়।
নিৰ্দেশাত্মক নীতিসমূহক আদালতৰ জৰিয়তে সাব্যস্ত কৰিব নোৱাৰি যদিও এই নীতি তাৎপৰ্যহীন নহয়।সংবিধানত 37 নং অনুচ্ছেদত উল্লেখ আছে যে এই নীতিসমূহ বাদযোগ্য নহয় যদিও দেশৰ প্ৰশাসনৰ ক্ষেত্ৰত এই নীতিসমূহ মৌলিক নীতি হিচাপে জ্ঞান কৰিব লাগে।
পৰিৱৰ্তিত সমাজব্যৱস্থাত এই নীতি অৰ্থহীন হব বুলি আশা কৰাৰ কোনো গ্রহণযোগ্য যুক্তি নাই।সময়ৰ লগত খাপ খাব পৰাকৈ এই নীতিসমূহ সংশোধন কৰিব পৰা যায়।
সামৰণি:-গতিকে কব পাৰি নিৰ্দেশাত্মক নীতিসমূহৰ প্রধান তাৎপৰ্য এই যে এই নীতিসমূহে জনসাধাৰণৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতা প্ৰকাশ কৰিছে।
________৹৹৹৹৹_________
অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks:2)
(1)নং প্রশ্ন:-মৌলিক অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পৰা দুটা পৰিস্থিতি বাখ্যা কৰা।
Ans:-
মৌলিক অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পৰা দুটা পৰিস্থিতি হ'ল-
(1)দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষাৰ কাৰণে আৰু সমাজত শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে চৰকাৰে মৌলিক অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(2)ভাৰতীয় নাগৰিকসকলক মতপ্ৰকাশৰ স্বাধীনতা দিয়া হৈছে যদিও আদালতক অৱমাননা কৰিলে,বিদেশৰ লগত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ব্যাহত হলে চৰকাৰে মৌলিক অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(2)নং প্রশ্ন:-দুটা কাৰণ প্ৰদৰ্শন কৰা যে মৌলিক অধিকাৰ চূড়ান্ত নহয়।
Ans:-
মৌলিক অধিকাৰ চূড়ান্ত নহয়।ই নিৰ্দিষ্ট সীমাৰ মাজত আৱদ্ধ।
(1)ভাৰতীয় নাগৰিকসকলক বাক্ স্বাধীনতা আৰু মতপ্ৰকাশৰ স্বাধীনতা দিয়া হৈছে যদিও এই স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত আন লোকৰ যশস্যা হানি হলে,আদালতৰ অৱমাননা কৰিলে এই অধিকাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(2)অস্ত্ৰবিহীন অৱস্থাত সমবেত হোৱাৰ অধিকাৰো চৰম নহয়।দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষাৰ কাৰণে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(3)নং প্রশ্ন:-অধিকাৰসমূহ কিয় প্ৰয়োজনীয় দুটা কাৰণ লিখা।
Ans:-
অধিকাৰসমূহ প্ৰয়োজনীয় দুটা কাৰণ হ'ল
(1)অধিকাৰসমূহ নাগৰিকৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়;
(2)অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ নৈতিক শক্তি দিয়ে।
(4)নং প্ৰশ্ন:-মৌলিক অধিকাৰ কি?
Ans:-
নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে ,যিবোৰ লিখিত সংবিধানত বিধিবদ্ধ থাকে আৰু সংবিধানৰ দ্বাৰা সুৰক্ষিত হয় সেইবোৰক মৌলিক অধিকাৰ বোলে।
(5)নং প্ৰশ্ন:-দুটা সমতাৰ অধিকাৰৰ নাম লিখা।
Ans:-
দুটা সমতাৰ অধিকাৰৰ নাম হ'ল-
(1)জাতি,ধৰ্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত ৰাষ্ট্ৰই নাগৰিকৰ মাজত বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব।
(2)চৰকাৰৰ অধীনৰ চাকৰিৰ পদত নিয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰে সুযোগৰ সুবিধা থাকিব।
(6)নং প্রশ্ন:-সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ এটা পাৰ্থক্য লিখা।
Ans:-
সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ পাৰ্থক্য হ'ল-
(1)মৌলিক অধিকাৰসমূহ সংবিধানপ্ৰদত্ত আৰু সংবিধানত সুস্পষ্টভাৱে লিখা থাকে।
আনহাতে সাধাৰণ অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ নাথাকে।
(7)নং প্রশ্ন:-দক্ষিণ আফ্ৰিকাৰ সংবিধানত উল্লেখিত দুটা অধিকাৰ লিখা।
Ans:-
দক্ষিণ আফ্ৰিকাৰ সংবিধানত উল্লেখিত দুটা অধিকাৰ হ'ল-
(1)শিশুৰ অধিকাৰ;
(2)তথ্য জনাৰ অধিকাৰ।
(8)নং প্রশ্ন:-নিবাৰক নিৰোধ মানে কি বুজা?
Ans:-
ভৱিষ্যতে কোনো অপৰাধ বা হিংসাত্মক কাৰ্য কৰিব পাৰে এই আশংকাত যদি কোনো লোকক বিনা বিচাৰে আটক কৰি ৰখা হয়, তেন্তে তেনে প্ৰক্রিয়াক নিবাৰক নিৰোধ বোলা হয়।
নিবাৰক নিৰোধৰ বাবে প্ৰমাণৰ প্ৰয়োজন নহয়-সন্দেহেই ইয়াৰ ভিত্তি।
(9)নং প্রশ্ন:-ধর্মীয় স্বাধীনতাৰ কি?
Ans:-
সংবিধানৰ 25,26,27 আৰু 28 নং অনুচ্ছেদৰ জৰিয়তে ধর্মীয় অধিকাৰ দিয়া হৈছে।ভাৰতবৰ্ষত বাস কৰা সকলো লোকে নিজৰ নিজৰ অভিৰুচি মতে যিকোনো ধৰ্ম গ্ৰহণ, ধর্ম চৰ্চা আৰু ধর্ম প্ৰচাৰ কৰিব পাৰে।
(10)নং প্রশ্ন:-তিনিটা নিৰ্দেশক নীতি উল্লেখ কৰা।
Ans:-
তিনিটা নিৰ্দেশক নীতি হ'ল-
(1)অৰ্থনৈতিক নীতি;
(2)গান্ধীবাদী নীতি;
(3)আন্ত:ৰাষ্টীয় নীতি।
(11)নং প্রশ্ন:-মৌলিক অধিকাৰৰ গুৰুত্ব বুলিলে কি বুজা?
Ans:-
ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংশ।
চৰকাৰে ইচ্ছামতে সেইবোৰ অস্বীকাৰ কৰিব নোৱাৰে।
(12)নং প্রশ্ন:-মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজৰ দুটা পাৰ্থক্য লিখা।
Ans:-
মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজৰ দুটা পাৰ্থক্য হ'ল-
(1)মৌলিক অধিকাৰসমূহ বাদযোগ্য আনহাতে নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয়।
(2)মৌলিক অধিকাৰসমূহৰ ভেঁটি হৈছে ব্যক্তিগত আনহাতে নিৰ্দেশক নীতিসমূহৰ ভেঁটি হৈছে সমাজবাদ।
(13)নং প্ৰশ্ন:-পেটৰ অধিকাৰ বুলিলে কি বুজা?
Ans:-
সকলো লোকৰে অন্নৰ অধিকাৰ আছে।কৰ্মৰ যোগেদি দুবেলা দুমুঠি খাদ্যৰ অধিকাৰ পোৱাকে পেটৰ অধিকাৰ বুলি কোৱা হয়।
(14)নং প্রশ্ন:-মানৱ অধিকাৰ আয়োগৰ ওপৰত এটি টোকা লিখা।
Ans:-
1993 চনত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে।আয়োগৰ এজন সচিব আছে।এই আয়োগে মানৱ অধিকাৰ উলংঘন হোৱা কোনো ব্যক্তি অথবা বলি হোৱা ব্যক্তি জনৰ হকে কোনো গোচৰ যদি কোনো আদালতত দীৰ্ঘদিন ধৰি পৰি থাকে তেন্তে সেই আদালতৰ আগতীয়াকৈ অনুমোদন লৈ তেনে গোচৰত হস্তক্ষেপ কৰিব পাৰে।
(15)নং প্রশ্ন:-নিৰ্দেশাত্মক নীতিত থকা গান্ধীৰ নীতিৰ ওপৰত এটা টোকা লিখা।
Ans:-
গাঁও অঞ্চলত গাঁও পঞ্চায়তৰ ব্যৱস্থা কৰা, অনুসূচীত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণী লোকৰ শিক্ষাৰ ব্যৱস্থা কৰা,কুটীৰ শিল্পৰ প্ৰসাৰণ ঘটোৱা আদি গান্ধীজীৰ মতবাদৰ অংশবিশেষ আছিল।
নিৰ্দেশক নীতিৰ অধ্যায়ত এই নীতিক সন্নিৱিষ্ট কৰি নীতিসমূহ কাৰ্য্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে।
(16)নং প্ৰশ্ন:-সংখ্যালঘুক প্ৰদান কৰা দুটা মৌলিক নীতি লিখা।
Ans:-
সংখ্যালঘুক প্ৰদান কৰা দুটা মৌলিক নীতি হ'ল-
(1)সংখ্যলঘুসকলৰ শিক্ষানুষ্ঠান স্থাপনৰ অধিকাৰ;
(2)সংখ্যালঘুসকলৰ ভাষা-সংস্কৃতিৰ সুৰক্ষা।
______৹৹৹৹_______
বস্তনিষ্ঠ প্ৰশ্নৱালী:(Marks:1)
(1)নং প্ৰশ্ন:-ভাৰতীয় সংবিধানৰ কোনটো অধ্যয়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে?
Ans:-
চর্তুথ অধ্যায়ত।
(2)নং প্রশ্ন:-ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে?
Ans:-
ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে।
(3)নং প্রশ্ন:-ভাৰতীয় সংবিধানে নাগৰিকক বাক্ স্বাধীনতাৰ অধিকাৰৰ দিছে নে?
Ans:-
দিছে।
(4)কোনটো অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই লোৱা হৈছে?
Ans:-
সম্পত্তিৰ অধিকাৰ।
(5)নং প্রশ্ন:-ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰক সংবিধানৰ "হিদপিণ্ড আৰু আত্মা"বুলি বিবেচনা কৰা হয়?
Ans:-
সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক।
(6)নং প্ৰশ্ন:-226নং অনুচ্ছেদৰ অধীনত ভাৰতৰ কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলৱৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে?
Ans:-
উচ্চতম ন্যায়ালয়ে।
(7)ভাৰতৰ ৰাজধৰ্ম বা ৰাষ্ট্রধৰ্ম বুলি কিবা আছেনে?
Ans:-ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।ইয়াত ৰাজধৰ্ম বা ৰাষ্ট্রধৰ্ম নাই।
(8)মৌলিক অধিকাৰৰ ধাৰনাটো কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰি লোৱা হৈছিল?
Ans:-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা।
(9)সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ নে?
Ans:-
মৌলিক অধিকাৰ নহয়।
(10)সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পশ্যতা উঠাই দিয়া হৈছে?
Ans:-
17 নং অনুচ্ছেদৰ জৰিয়তে।
(11)সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰা কোন সংশোধনী মতে সন্নিৱিষ্ট কৰা হৈছে?
Ans:-
42তম সংশোধনীৰ মতে।
(12)ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নিৰ্দেশক নীতিৰ অধ্যায়টো কোন সংবিধান পৰা আহৰণ কৰা হৈছে?
Ans:-
আয়াৰলেণ্ডৰ সংবিধানৰ পৰা।
(13)সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰ উল্লেখ আছে?
Ans:-
12 ৰ পৰা 35 নং অনুচ্ছেদত উল্লেখ আছে।
(14)মৌলিক অধিকাৰ কোনে স্থগিত ৰাখিব পাৰে?
Ans:-
ৰাষ্ট্ৰপতিয়ে।
(15)মৌলিক অধিকাৰবোৰ চুড়ান্ত নে?
Ans:-
চূড়ান্ত নহয়।
(16)নিৰ্দেশক নীতিসমূহ গ্ৰহণযোগ্য নে?
Ans:-
নিৰ্দেশক নীতিসমূহ গ্ৰহণযোগ্য।
(17)মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে?
Ans:-
উচ্চতম ন্যায়ালয়ে।
(18)মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন অংশ(হয় বা নহয় লিখা)
Ans:-
সংবিধানৰ অভিন্ন অংশ হয়।
_________৹৹৹৹____________
Comments
Post a Comment