H.S 1st years Political Science||Chapter:-3 Election and Representation||নিৰ্বাচন আৰু প্ৰতিনিধিত্ব(Assamese medium notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:
ৰচনাধৰ্মী প্রশ্ন:(Marks:6)
(1)নং প্ৰশ্ন:-ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন,ক্ষমতা আৰু কাৰ্য্যৱলী আলোচনা কৰা।
Ans:-
Intr:-ভাৰতবৰ্ষত যিকেইটা প্ৰতিষ্ঠানে আটাইতকৈ সফলভাৱে কাৰ্যনিৰ্বাহ কৰি আছে তাৰ ভিতৰত অন্যতম হ'ল ভাৰতীয় নিৰ্বাচনী আয়োগ।
ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন:এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন আয়ুক্তসহ মুঠ তিনিজন সদস্যক লৈ বৰ্তমান সময়ত ভাৰতীয় নিৰ্বাচনী আয়োগ গঠিত হৈছে।নিৰ্বাচনী আয়োগৰ সদস্যসকলক কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।আয়োগৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ।
নিৰ্বাচনী আয়োগৰ ক্ষমতা আৰু কাৰ্যৱলী:ভাৰতৰ নিৰ্বাচন আয়োগক যথেষ্ট ক্ষমতা অৰ্পণ কৰা হৈছে।সেইসমূহ হ'ল-
(1)ভোটৰ তালিকা প্ৰস্ততকৰণ:-ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা,মৃত্যু হোৱা লোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা এই সকলোবোৰ তদাৰক নিৰ্বাচনী আয়োগে কৰে।
(2)নিৰ্বাচনৰ সময় নিৰ্ধাৰণ আৰু নিৰ্বাচনী সূচী প্ৰস্তুতকৰণ:-নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সঠিক দিন ঠিক কৰাৰ লগতে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ,মনোনয়ন পত্ৰ উঠাই লোৱা সকলোবোৰ কৰে।
(3)মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা:-নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে কিছুমান আচৰণ-বিধি প্ৰস্তুত কৰে।
(4)ৰাজনৈতিক দলৰ স্বীকৃতি আৰু দলীয় চিহ্ন প্ৰদান:-নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক দলক দলীয় চিহ্ন প্ৰদান কৰে।
সামৰণি:-নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰিচালনাৰ সুবিধাৰ্থে প্ৰত্যেক ৰাজ্যতে একোজন মুখ্য নিৰ্বাচনী বিষয়া নিযুক্তি দিয়া হয়।
______৹৹৹_____
(2)নং প্ৰশ্ন:-সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা?ইয়াৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি দিয়া।
Ans:-
Intr:-ভাৰতীয় সংবিধানে সাৰ্বজনীন নীতি বলৱৎ কৰিছে।সংবিধানে স্বীকৃতি দিয়া সমতাৰ অধিকাৰৰ পূৰ্ণ প্ৰতিফলন ঘটিছে"সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ" নীতিত।
জাতি,ধৰ্ম,বৰ্ণ, লিংগ নিৰ্বিশেষে ১৮ বছৰৰ ওপৰৰ সকলোকে ভোট দানৰ অধিকাৰ দিয়াকে "সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ"বুলি কোৱা হয়।
সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সপক্ষে দুটা যুক্তি হ'ল-
(1)ভোটাধিকাৰৰ ক্ষেত্ৰত কোনো বৈষম্যমূলক আচৰণ প্ৰদান কৰা নাই।
(2)সমতাৰ অধিকাৰৰ পূৰ্ণ প্ৰতিফলন ঘটিছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰত।
সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বিপক্ষে দুটা যুক্তি হ'ল-
(1)বহু লোকে যুক্তি আগবঢ়াব খোজে যে নূন্যতম শিক্ষাগত অৰ্হতা আহৰণ নকৰালৈকে কোনো নাগৰিককে ভোটাধিকাৰ প্ৰদান কৰিব নালাগে।
(2)সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বৰ ব্যয় বহুল আৰু যথেষ্ট সময়ৰ আৱশ্যক হয়।
সামৰণি:-আমাৰ ভাৰতবৰ্ষই সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰত জাতি, ধর্ম ,বৰ্ণ লিংগ নিৰ্বিশেষে সকলোকে সামৰি লৈছে।
______৹৹৹______
চমু উত্তৰৰ প্ৰশ্ন:(Marks:4)
(1)নং প্রশ্ন:-ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ যিকোনো চাৰিটা দুৰ্বলতা উল্লেখ কৰা।
Ans:-
Intr:-আমাৰ নিৰ্বাচনী ব্যৱস্থাত বহুতো গুৰুত্বপূৰ্ণ আসোঁৱাহ আছে।বিগত সময়ছোৱাত এই ব্যৱস্থাটো নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
তলত চাৰিটা দুৰ্বলতা আলোচনা কৰা হ'ল-
(1)নিৰ্বাচনত ধনবল আৰু বাহুবলৰ ক্ৰমবৰ্ধিত প্ৰভাৱ;
(2)মহিলাৰ পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ;
(3)নিৰ্বাচনী হিংসা আৰু ৰাজহুৱা সম্পদৰ অপব্যৱহাৰ;
(4)জাতিবাদী আৰু সাম্প্ৰদায়িক শক্তিৰ ক্ৰমবৰ্ধিত প্ৰসাৰণ।
সামৰণি:-এই প্ৰত্যাহ্বানসমূহ সমাধান কৰিবৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
______৹৹৹৹_____
প্ৰশ্নাৱলী:
ৰচনাধৰ্মী প্রশ্ন:(Marks:6)
(1)নিৰ্বাচন কাক বোলে?প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ মাজৰ পাৰ্থক্য কি কি?
Ans:-
প্ৰতিনিধি বাছি উলিয়াবৰ বাবে অৱলম্বন কৰা পদ্ধতিটোকে নিৰ্বাচন বোলে।
প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ মাজৰ পাৰ্থক্যসমূহ হ'ল-
(1)প্ৰত্যক্ষ নিৰ্বাচনত জনসাধাৰণে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে।আনহাতে পৰোক্ষ নিৰ্বাচনত জনসাধাৰণে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলহে অংশগ্ৰহণ কৰে।
(2)প্ৰত্যক্ষ নিৰ্বাচনত নাগৰিকসকলে চৰকাৰৰ দৈনন্দিন সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু চৰকাৰৰ পৰিচালনাত অংশগ্ৰহণ কৰিব পাৰে।আনহাতে পৰোক্ষ নিৰ্বাচনত এই নীতি প্ৰয়োগ কৰিব পৰা নাযায়।
(3)প্ৰত্যক্ষ নিৰ্বাচনে জনসাধাৰণ আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰে।আনহাতে পৰোক্ষ নিৰ্বাচনত এনে সম্পৰ্ক স্থাপন নকৰে।
(4)প্ৰত্যক্ষ নিৰ্বাচন পৰোক্ষ নিৰ্বাচনতকৈ জটিল নহয়।আনহাতে পৰোক্ষ নিৰ্বাচন জটিল পদ্ধতি।
পাৰ্থক্য থাকিলেও দুয়োটা পদ্ধতিৰ নিৰ্বাচনৰে অত্যন্ত গুৰুত্ব আছে।
________৹৹৹_______
(2)নং প্রশ্ন:-প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচন কাক বোলে?উভয়ৰে গুণ আৰু দোষবোৰ আলোচনা কৰা।
Ans:-
Intr:-ভাৰতৰ নিৰ্বাচন দুইপ্ৰকাৰৰে অৰ্থাৎ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰা হয়।দুয়োটা পদ্ধতিয়ে গুৰুত্বপূৰ্ণ।
প্ৰত্যক্ষ নিৰ্বাচন:- যি নিৰ্বাচন পদ্ধতিত জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰে ইয়াকে প্ৰত্যক্ষ নিৰ্বাচন বুলি কোৱা হয়।
পৰোক্ষ নিৰ্বাচন:- যি নিৰ্বাচন পদ্ধতিত জনসাধাৰণে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলেহে অংশগ্ৰহণ কৰে ইয়াকে পৰোক্ষ নিৰ্বাচন বুলি কোৱা হয়।
প্ৰত্যক্ষ নিৰ্বাচনৰ গুণ:-
(1)প্ৰতিনিধি আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ স্থাপন কৰে।
(2)নাগৰিকসকলে চৰকাৰৰ দৈনন্দিন সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ আৰু চৰকাৰ পৰিচালনাত অংশগ্ৰহণ কৰে।
প্ৰত্যক্ষ নিৰ্বাচনৰ দোষ:-
(1)প্ৰত্যক্ষ নিৰ্বাচনত দলীয় স্বাৰ্থই অধিভাৱে গুৰুত্ব লাভ কৰে।
(2)প্ৰত্যক্ষ নিৰ্বাচন ব্যয়বহুল।
পৰোক্ষ নিৰ্বাচনৰ গুণ:-
(1)ভাৰতবৰ্ষৰ দৰে বিশাল জনবহুল দেশত পৰোক্ষ নিৰ্বাচনৰ গুৰুত্ব আছে।
(2)পৰোক্ষ নিৰ্বাচন কম খৰচী।
পৰোক্ষ নিৰ্বাচনৰ দোষ:-
(1)পৰোক্ষ নিৰ্বাচনে জনসাধাৰণ আৰু জনপ্ৰতিনিধিৰ মাজত পোনপটীয়াকৈ যোগাযোগৰ সুবিধা প্ৰদান নকৰে।
(2)পৰোক্ষ নিৰ্বাচনৰ বিষয়ে সাধাৰণ লোকৰ ৰাজনৈতিক শিক্ষা কম।
সামৰণি:-গতিকে কব পাৰি যে যদিও প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ দোষ আছে তথাপিও প্ৰয়োজনীয়তা দুয়োটা পদ্ধতিতেই আছে।
________৹৹৹_______
(3)নং প্রশ্ন:-নিৰ্বাচন কাক বোলে আৰু ভাৰতীয় নিৰ্বাচন সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা।
Ans:-
প্ৰতিনিধি বাছি উলিয়াবৰ বাবে অৱলম্বন কৰা পদ্ধতিটোকে নিৰ্বাচন বুলি কোৱা হয়।
ভাৰতৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনসমূহ হ'ল-লোকসভাৰ নিৰ্বাচন,বিধানসভাৰ নিৰ্বাচন, ৰাজ্যসভাৰ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন,উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, স্থানীয় চৰকাৰৰ নিৰ্বাচন।ইয়াৰ ভিতৰত লোকসভাৰ, বিধানসভাৰ,স্থানীয় চৰকাৰৰ নিৰ্বাচনত জনসাধাৰণে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে।
আনহাতে, ৰাষ্ট্ৰপতি,উপৰাষ্ট্রপতি আৰু ৰাজ্যসভাৰ নিৰ্বাচনত জনসাধাৰণে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলেহে অংশগ্ৰহণ কৰে।
ভাৰতীয় সংবিধানে বিভিন্ন পদবী বা সদস্যৰ নিৰ্বাচনৰ বাবে বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰিছে।
ভাৰতবৰ্ষত যিকেইটা প্ৰতিষ্ঠানে আটাইতকৈ সফলভাৱে কাৰ্যনিৰ্বাহ কৰি আছে তাৰ ভিতৰত অন্যতম হ'ল ভাৰতীয় নিৰ্বাচনী আয়োগ।দেশৰ প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থাত সফলভাবে প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াক ধাৰাবাহিকভাৱে বৰ্তাই ৰখাৰ ক্ষেত্ৰত ভাৰতীয় নিৰ্বাচনী আয়োগৰ অৱদান উল্লেখযোগ্য।
সামৰণি:-ভাৰতীয় নিৰ্বাচন আৰু প্ৰতিনিধিত্বৰ অনুশীলনে প্ৰায় ছটা দশক অতিক্ৰম কৰিলে।এই ছটা দশক নিৰ্বাচনী ব্যৱস্থাটোৱে ভাৰতীয় গণতন্ত্ৰক অধিকভাৱে মানুহৰ কাষ চপাই নিয়া বুলি নিশ্চিতভাৱে কব পাৰি।
_________৹৹৹৹_________
(4)নং প্রশ্ন:-First past the post system মানে কি বুজা?ভাৰতত এই ব্যৱস্থাটো কিয় গ্ৰহণ কৰা হৈছিল?
Ans:-
Intr:-ভাৰতবৰ্ষৰ লোকসভা, বিধানসভা আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনত FPPT পদ্ধতি প্ৰয়োগ কৰা হয়।
নিৰ্বাচনত যিজন প্ৰাৰ্থীয়ে বেছি ভোট পায় অৰ্থাৎ প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথম স্থান দখল কৰে তেওঁকেই নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।ইয়াকে First past the post system বুলি কোৱা হয়।
ভাৰতত এই পদ্ধতিটো গ্ৰহণ কৰাৰ কাৰণসমূহ হ'ল-
(1)বৃটিছ সংসদীয় ব্যৱস্থাৰ পৰা আহৰণ কৰা অভিজ্ঞতা:-ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বদায়ীসকল তথা জনসাধাৰণ বৃটিছ সংসদীয় ব্যৱস্থাটোৰ সৈতে পৰিচিত হৈ উঠিছিল।
(2)ভাৰতীয় সমাজৰ বহুতত্ত্ববাদী চৰিত্ৰ আৰু তাৰ প্ৰতিনিধিত্ব:-ভাৰতবৰ্ষই বহুদলীয় ব্যৱস্থা প্ৰবৰ্তন কৰিছে।এনে ব্যৱস্থাত প্ৰতিটো নিৰ্বাচনত বহুবোৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে।
(3)প্ৰতিনিধি আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগ:-ভাৰতবৰ্ষই এনে ব্যৱস্থা গ্ৰহণ কৰা কাৰণ হ'ল জনসাধাৰণ যেনেকৈ নিজৰ প্ৰতিনিধিজনৰ সম্পৰ্কত অৱগত হৈ ৰয় ঠিক তেনেদৰে জনপ্ৰতিনিধিজনো নিজৰ সমষ্টি সম্পৰ্কত সজাগ আৰু সচেতন হৈ ৰবলৈ বাধ্য।
(4)চৰকাৰৰ স্থায়িত্ব:-চৰকাৰৰ স্থায়িত্বৰ বাবেই এই পদ্ধতি ভাৰতবৰ্ষই গ্ৰহন কৰিছে।
সামৰণি:-গতিকে কব পাৰি যে-ভাৰতীয় নিৰ্বাচনত পৰোক্ষভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলতকৈ জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত প্ৰতিনিধিৰ গুৰুত্ব আৰু ভূমিকা অধিক।
_________৹৹৹৹________
(5)নং প্ৰশ্ন:-"ভাৰতীয় গণতন্ত্ৰ এতিয়া first past the Post system-ৰ পৰা আনুপাতিক প্রতিনিধিত্ব পদ্ধতিলৈ পৰিৱৰ্তন কৰিবলৈ সাজু"এই উক্তিৰ লগত তুমি একমতনে?
Ans:-
Intr:-ভাৰতৰ দৰে বিশাল দেশত FPPT আৰু অনুপাতিক দুয়োটা পদ্ধতিৰে সমানে গুৰুত্ব আছে।উপৰোক্ত কথাষাৰত সম্পূৰ্ণ একমত বুলি কব নোৱাৰোঁ।
তলত সপক্ষে আৰু বিপক্ষে যুক্তি দাঙি ধৰা হ'ল-
সপক্ষে:-(1)আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিত খৰছ আৰু সময় দুয়োটাই কম লাগে।
(2)আনুপাতিক প্ৰতিনিধিত পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়,ভোটাৰসকল ৰাজনৈতিকভাৱে অভিজ্ঞতাসম্পন্ন।
গতিকে কব পাৰি যে ভাৰতীয় গণতন্ত্ৰ যদিহে FPPT ৰ পৰা আনুপাতিক প্রতিনিধিত্বতলৈ পৰিৱৰ্তন হয় খৰছ আৰু সময় বেছিকৈ নহয়।বিশাল ভাৰতবৰ্ষৰ জনসাধাৰণ কোনোবা নিৰ্দিষ্ট স্থানত লগ হৈ চৰকাৰৰ সকলোবোৰ প্রতিনিধিক নিৰ্বাচিত কৰিব নোৱাৰি।এইক্ষেত্ৰত আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা সকলো প্ৰতিনিধিৰ ক্ষেত্ৰত কৰিলে অতি সোনকালে নিৰ্বাচন সম্পূৰ্ণ হব।
কিন্তু যদিহে লক্ষ্য কৰা যায় সকলো প্ৰতিনিধিৰ ক্ষেত্ৰত আনুপাতিক ব্যৱস্থা কৰিলে কিছুমান অসুবিধা আহিব।
বিপক্ষে:-(1)FPPT ব্যৱস্থাত জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতিনিধিৰ মাজত এটা প্ৰত্যক্ষ যোগাযোগ থাকে।জনসধাৰণে ভাল বেয়া নিজে বিচাৰ কৰি প্ৰাৰ্থীক নিৰ্বাচিত কৰিব পাৰে।
(2)জনসাধাৰণৰ ৰাজনীতিৰ সম্পৰ্কে এটা সুস্পষ্ট ধাৰণা দিয়ে।শিক্ষিত -নিৰক্ষৰ সকলোৱে ভোট প্ৰদান কৰাৰ বাবে নিৰ্বাচন সম্পৰ্কে এটা ধাৰণা আহে।
(3)চৰকাৰৰ দৈনন্দিন সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনসধাৰণে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰে।
FPPT ব্যৱস্থা নাথাকিলে হয়তু জনসাধাৰণৰ নিৰ্বাচনৰ সম্পৰ্কে কোনো ধাৰণা নাথাকিল হয়।কাৰণ কিতাপত পঢ়াতকৈ অভিজ্ঞতা ভিত্তিত যিকোনো বিষয় সোনকালে বুজিব পাৰি।
সামৰণি:-গতিকে উক্ত কথাষাৰ কিছু ক্ষেত্ৰত সুবিধা আছে যদিও সম্পূৰ্ণ একমত নহয়।
_______৹৹৹_______
(6)নং প্ৰশ্ন:-ভাৰতৰ নিৰ্বাচন পদ্ধতিটো আলোচনা কৰা।
Ans:-
Intr:-ভাৰতৰ নিৰ্বাচন পদ্ধতি দুইপ্ৰকাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ।
ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনসমূহ হৈছে-লোকসভাৰ, ৰাজ্যসভাৰ, বিধানসভাৰ, ৰাষ্ট্ৰপতি,উপৰাষ্ট্রপতি, স্থানীয় চৰকাৰৰ নিৰ্বাচন,লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন।
এই নিৰ্বাচনসমূহৰ ভিতৰত লোকসভাৰ নিৰ্বাচন,বিধানসভাৰ নিৰ্বাচন আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনত জনসাধাৰণে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে।অন্যহাতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন,উপৰাষ্ট্রপতি নিৰ্বাচন,ৰাজ্যসভাৰ নিৰ্বাচনত জনসাধাৰণে পঠিওৱা প্ৰতিনিধিসকলেহে অংশগ্ৰহণ কৰে।
ভাৰতবৰ্ষত লোকসভা আৰু বিধানসভাসমূহত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে কিছুমান সমষ্টি সংৰক্ষণ হৈ আহিছে।
ভাৰতবৰ্ষই মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে।
ভাৰতৰ নিৰ্বাচনৰ আটাইবোৰ কাম যেনে মনোনয়ন পত্ৰ দাখিল,নিৰ্বাচনৰ তাৰিখ নিৰ্ণয় কৰা, নিৰ্বাচনৰ সময় আদি সকলো কামৰ বাবে নিৰ্বাচনী আয়োগ গঠন কৰা হৈছে।
ভাৰতে প্ৰথম স্থান লাভ কৰিলেই জয়ী হোৱা পদ্ধতি আৰু আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি প্ৰয়োগ কৰিছে।
সামৰণি:-গতিকে কব পাৰি যে ভাৰতবৰ্ষৰ নিৰ্বাচনৰ পদ্ধতি দুইপ্ৰকাৰে কৰা হয়।
________৹৹৹৹_________
(7)নং প্ৰশ্ন:-বৰ্তমানৰ ভাৰতৰ নিৰ্বাচন ব্যৱস্থাটোৰ দোষবিলাক ব্যাখ্যা কৰা।
Ans:-
Intr:-ভাৰতীয় নিৰ্বাচনী আয়োগৰ তৎপৰতা আৰু নিৰপেক্ষ ভূমিকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাটো বিশ্বৰ বহুবাৰ দেশৰ তুলনাত সফলভাৱে চলি আছে।তৎসত্বেও আমাৰ নিৰ্বাচনী ব্যৱস্থাটোত বহুবোৰ গুৰুত্বপূৰ্ণ আসোঁৱাহ আছে।
আসোঁৱাহসমূহ হ'ল-
(1)নিৰ্বাচনত বহুবল আৰু ধনবলৰ ক্ৰমবৰ্ধিত প্ৰভাৱ;
(2)জাতিবাদী আৰু সাম্প্ৰদায়িক শক্তিৰ ক্ৰমবৰ্ধিত প্ৰসাৰণ;
(3)নিৰ্বাচনত লাভ কৰা ভোটৰ শতাংশ আৰু আসনৰ শতাংশৰ মাজত থকা ব্যৱধান;
(4)মহিলাৰ পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ;
(5)দলীয় পদ্ধতিত ৰাজনৈতিক দলসমূহৰ আভ্যন্তৰীণ গণতন্ত্ৰৰ অভাৱ;
(6)নিৰ্বাচনী হিংসা আৰু ৰাজহুৱা সম্পদৰ অপব্যৱহাৰ;
(7)নিৰ্বাচনৰ সময়ত শাসকীয় দলৰ দ্বাৰা চৰকাৰী সুবিধাৰ ব্যৱহাৰ ইত্যাদি।
সামৰণি:-এই দোষসমূহ আঁতৰাবৰ বাবে বহুবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।কিন্তু জনসাধাৰণৰ সজাগতা আৰু সক্ৰিয়তাইহে নিৰ্বাচনী ব্যৱস্থাটো নিকা কৰিব পাৰিব।
_______৹৹৹______
(8)নং প্রশ্ন:-ভাৰতৰ নিৰ্বাচন ব্যৱস্থাটো সংস্কাৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা।
Ans:-
Intr:-ভাৰতীয় নিৰ্বাচনী সংস্কাৰৰ বাবে বহুবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।ইয়াৰ বাবে কিছুমান কমিটিও গঠন কৰি দিয়া হৈছে।
তলত পৰামৰ্শসমূহ উল্লেখ কৰা হ'ল-
(1)ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ ওপৰত অধিক কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিব লাগে যাতে ধনৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমি আহে;
(2)বাহুবল আৰু হিংসা ৰোধ কৰিবৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত নাগৰিক সমিতিসমূহক জড়িত কৰিব লাগে;
(3)নিৰ্বাচনী প্ৰচাৰৰ সময়ত গণমাধ্যমসমূহক অপব্যৱহাৰ কৰাটো বন্ধ কৰা;
(4)নিৰ্বাচনী ব্যয় ৰাজহুৱাভাৱে দাখিল কৰাটো বাধ্যতামূলক কৰি তুলিব লাগে;
(5)নিৰ্বাচনী সময়ত সৰ্বদলীয় জাতীয় চৰকাৰ গঠন কৰা;
(6)প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় ৰাজকোষৰ পৰা ব্যয় কৰা।
সামৰণি:-এই প্ৰমৰ্শসমূহৰ উপৰিও আৰু বহুবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।সহমত উপনীত হব নোৱাৰিলে এই পৰামৰ্শসমূহ কাৰ্য্যকৰী কৰিব পৰা নাযাব।জনসাধাৰণৰ সজাগতাইহে নিৰ্বাচনী নিকা কৰিব পাৰিব।
_________৹৹৹৹_______
(9)নং প্রশ্ন:-এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নিৰ্বাচনৰ কাৰ্যৱলী আলোচনা কৰা।
Ans:-
Intr:-নিৰ্বাচন নোহোৱাকৈ বৰ্তমান সময়ত গণতন্ত্ৰ বাছি থাকিব নোৱাৰে।গণতন্ত্ৰত নিৰ্বাচন আৰু প্ৰতিনিধিত্ব মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে।
এজন প্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ যাওঁতে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ যাব লাগে।প্ৰথমতে প্ৰাৰ্থীজনে মনোনয়ন পত্ৰ দাখিল কৰে;মনোনয়ন পত্ৰ নাকচ হব পাৰে; কোনো প্ৰাৰ্থীয়ে ইচ্ছা কৰিলে মনোনয়ন পত্ৰ উঠাই ল'ব পাৰে।
নিৰ্বাচনৰ বাবে কিছু নীতি নিয়মৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ চলাব লাগে; নিৰ্দিষ্ট দিনত ভোটদান অনুষ্ঠিত হয়।তাৰ পাছত নিৰ্দিষ্ট দিনত ভোট গণনা হয় আৰু বিজয়ী প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।এই গোটেই প্ৰক্ৰিয়াটো নিৰ্বাচনী আয়োগে তদাৰক কৰে।
গণতান্ত্ৰিক দেশৰ সংবিধানে নিৰ্বাচন সম্পৰ্কীয় প্ৰয়োজনীয় মৌলিক নীতি -নিৰ্দেশনা সংবিধানত লিপিবদ্ধ কৰি ৰাখে।
সামৰণি:-ভাৰতবৰ্ষত যিহেতু সংবিধানৰ সৰ্বোচ্চতা এতিয়াও বৰ্তি আছে গতিকে নিৰ্বাচনী ব্যৱস্থাটোও সফলভাৱে চলি আছে।
________৹৹৹৹_______
Comments
Post a Comment