H.S 1st Year ||ৰাজনৈতিক তত্ব Lesson-3 সমতা(EQUALITY)||( Assamese Medium Notes)

 অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী প্ৰশ্ন:(Mark's:6)

(1)নং প্ৰশ্ন:-সমতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা।

Ans:-

     Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ।সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়।

   সমতাৰ সংজ্ঞা:- 

                      (1)লাস্কিৰ মতে "বিশেষ সুযোগ-সুবিধাৰ অনুপস্থিতিয়েই হৈছে সমতা"।

                    (2)লয়েডৰ মতে"সমতাৰ অৰ্থ হ'ল সকলো মানুহকে সমান বুলি গণ্য কৰি সকলোকে সমান সুযোগ-সুবিধা দিব লাগে।"

      ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাকে বুজায়।

    সমতাৰ শ্ৰেণীবিভাজন:- ৰাজনীতি বিজ্ঞানী সকলে বিভিন্ন ধৰণে সমতাৰ শ্ৰেণীবিভাজন কৰিছে।

    (1)নাগৰিক সমতা:-নাগৰিক সমতাই ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰক বুজায়।জাতি,ধৰ্ম,বৰ্ণ  নিৰ্বিশেষে সকলো আইনৰ চকুত সমান।

    (2)সামাজিক সমতা:-সমাজত থকা বিভিন্ন জাতি-উপজাতিৰ মাজত বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি।

    (3)প্ৰাকৃতিক সমতা:-মানুহে মানুহৰ মাজত সৃষ্টি কৰা বৈষম্য নাথাকিলে প্ৰাকৃতিক সমতা থকা বুলি ক'ব পাৰি।

   (4)ৰাজনৈতিক সমতা:-ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়।

  (5)অৰ্থনৈতিক সমতা:-জীৱন- ধাৰণৰ বাবে নিম্নতম আৰ্থিক সুবিধা সকলোৱে পাব লাগে।

   সামৰণি:-গতিকে কব পাৰি যে সমতাক বিভিন্ন শ্ৰেণীত ভগাব পাৰি।

                  ______৹৹৹_______

(2)নং প্ৰশ্ন:-সমতা কি?সমতাৰ ধাৰণা বাখ্যা কৰা।

Ans:-

     Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ। 

        সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়।

      সমতাৰ ধাৰণা:- সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ।স্বাধীনতা আৰু সমতাক গণতন্ত্ৰৰ ভেঁটি আখ্যা দিব পাৰি।

    অতি প্ৰাচীন কালৰে পৰাই সমতাৰ ধাৰণাই ৰাজনৈতিক চিন্তাবিদসকলৰ চিন্তাধাৰাত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।আধুনিক চিন্তাবিদ থমাছ হবছ্ , জন ল'ক,ৰুচো আদি ৰাজনৈতিক দৰ্শনীকসকলে সমতাক মানুহৰ জন্মগত অধিকাৰ বুলি আখ্যা দিছিল।

    সাধাৰণ অৰ্থত সমতাৰ অৰ্থই সকলোকে সমান বুজায়।এই সমতাৰ ধাৰণাই এক শক্তিশালী নৈতিক আৰু ৰাজনৈতিক আদৰ্শক বুজায়।

    সমতাৰ ধাৰণাটো সকলো ধৰ্মৰ লগত জড়িত হৈ আছে যিয়ে মানুহ ভগৱানৰ সৃষ্টি বুলি প্ৰচাৰ কৰে।জাতি,ধর্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহ সমান বুলি বিশ্বাস কৰে।

   বৰ্তমান সময়ত ৰাষ্ট্ৰ আৰু বিভিন্ন সমাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ক্ষেত্ৰবোৰৰ বিৰুদ্ধে চলা সংঘৰ্ষ, প্ৰতিবাদ আদি মানুহৰ মাজত সমতা স্থাপনৰ ধ্বনি বুলি ক'ব পাৰি।

   সামৰণি:-বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এটা গ্ৰহণযোগ্য আদৰ্শ হিচাপে বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে।

                 ________৹৹৹________

(3)নং প্ৰশ্ন:-"অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন"-বাখ্যা কৰা।

Ans:-

       Intr:-অৰ্থনৈতিক সমতাই আন সকলো সমতাৰ মূল ভেঁটি।

     নাগৰিকসকলৰ মাজত অৰ্থনৈতিক সমতা নাথাকিলে আন আন সমতাবিলাকৰ তাৎপৰ্য কমি যায়। অৰ্থনৈতিক সমতাই সকলো নাগৰিকৰে সমান সম্পত্তি থকাকে নুবুজায়।অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাকৈ অৰ্থনৈতিক সমতা বুলি ক'ব পাৰি।

      যিবোৰ স্বাধীনতাৰ জৰিয়তে নাগৰিক সকলে ৰাষ্ট্ৰৰ ক্ৰিয়া-কলাপত প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে অংশগ্ৰহণ কৰিব পাৰে, তেনেবোৰ স্বাধীনতাকেই ৰাজনৈতিক স্বাধীনতা বুলি কোৱা হয়।এই ক্ষেত্ৰত লাগিব অৰ্থনৈতিক সমতা।

      যদিহে সমাজত অতি কম সংখ্যক ব্যক্তিয়ে শক্তি,সম্পদ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰি থাকে তেতিয়াহ'লে সমাজত অসমতা বৃদ্ধি হ'ব।অসমতা বৃদ্ধি পালে ৰাজনৈতিক স্বাধীনতা নাথাকিব।

   সামৰণি:-সেয়েহে কব পাৰি যে অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অর্থহীন।

               ________৹৹৹_______

(4)নং প্ৰশ্ন:-সমতাৰ অধিকাৰৰ ওপৰত এটি টোকা লিখা।

Ans:-

     Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ। স্বাধীনতা আৰু সমতাক গণতন্ত্ৰৰ ভেঁটি আখ্যা দিব পাৰি।

       সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়।ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্রতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাকহে বুজায়।

       প্ৰকৃতিয়ে সকলো মানুহকে সমান হিচাপে সৃষ্টি নকৰে, সেয়ে সকলোকে একে পৰ্যায়ভুক্ত কৰা কেতিয়াও সম্ভৱ নহয়।গতিকে সমতাই জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ কাৰণে সুবিধা মুকলি কৰি ৰাখিব লাগে, মানুহৰ মাজত বৈষম্য সৃষ্টি হ'ব নালাগে।

      সমতাৰ কল্পনাক সকৰাত্মক আৰু নকৰাত্মক এই দুই ধৰণে প্ৰকাশ কৰিব পাৰি।সকৰাত্মকভাৱে কবলৈ গলে সকলো লোকৰ কাৰণে সুযোগ-সুবিধা মুকলি থাকিব লাগে, বিশেষ শ্ৰেণীৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নালাগে।নকৰাত্মকভাৱে কবলৈ কোনো শ্ৰেণীৰ লোককে সমান সুযোগ-সুবিধা পোৱাৰ পৰা বঞ্চিত কৰিব নালাগে।

      সামৰণি:-বহু ধৰণৰ বিতৰ্ক হলেও সাম্প্ৰতিক কালত সমতা এটা সকলোৰে গ্ৰহণযোগ্য আদৰ্শ।সকলো ক্ষেত্ৰতে মানুহে সমতা বিচাৰে।

             ________৹৹৹________

(5)নং প্ৰশ্ন:-"আইনৰ চকুত সমান"বুলি ক'লে তুমি কি বুজা?(marks-2)

Ans:-

     জাতি,ধর্ম, বৰ্ণ ,গোষ্ঠী নিৰ্বিশেষে সকলো সমান বুলি বিবেচনা কৰাকে আইনৰ চকুত সমান বুলি কোৱা হয়।

               ________৹৹৹_______

       প্ৰশ্নাৱলী:

ৰচনাধৰ্মী প্ৰশ্ন:(Marks:6)

(1)নং প্ৰশ্ন:-চৰম অৰ্থনৈতিক সমতা সম্ভৱো নহয়, বিচাৰিবও নোৱাৰি।যুক্তি দৰ্শোৱা।

Ans:-

     Intr:-অৰ্থনৈতিক সমতাই আন সকলো সমতাৰ মূল ভেঁটি।কিন্তু চৰম অৰ্থনৈতিক সমতা সম্ভৱো নহয় আৰু বিচাৰিবও নোৱাৰি।

    আৰ্থিক ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদ থকাটো  স্বাভাৱিক।সকৰাত্মকভাৱে অৰ্থনৈতিক সমতাই জীৱন-ধাৰণৰ বাবে নিম্নতম আৰ্থিক সুবিধা সকলোৱে পাব লাগে।

     কিন্তু ইয়াৰ ভিতৰত কিছুমান সীমাবদ্ধতা আছে।নকৰাত্মকভাৱে অৰ্থনৈতিক সমতাই বিশেষ লোকৰ বাবে বিশেষ সুযোগ-সুবিধা ব্যৱস্থা থাকিব নালাগে বুলি কোৱা হয় যদিও বিশেষ লোকৰ সুবিধা নথকা নহয়।অনুসূচীত জাতি,জনজাতিৰ পিছপৰা লোকৰ বাবে সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ আৰ্থিক সাহায্য ব্যৱস্থা আছে।

    গতিকে অৰ্থনৈতিক সমতা চৰম নহয়।কিছুমান যোগাত্মক পদক্ষেপৰ মাজেৰে অৰ্থনৈতিক সমতা উপভোগ কৰিব লাগিব।যিটো সকলোৱে মানি চলিলে সমতা প্ৰতিষ্ঠা হ'ব।

    সামৰণি:-সেয়েহে ক'ব পাৰি যে চৰম অৰ্থনৈতিক সম্ভৱো নহয়।

            _________৹৹৹________

(2)নং প্ৰশ্ন:-সমতাৰ অৰ্থ বাখ্যা কৰা।বিশ্ব অসমতাৰ তালিকা এখন প্ৰস্তুত কৰা।

Ans:-

      Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ। 

       সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়।ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্রতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাকহে বুজায়।

     বিশ্ব অসমতাৰ তালিকা:-

     (1)বিশ্বৰ 50 গৰাকী আটাইতকৈ ঐশ্বৰ্য্যশালী ব্যক্তিৰ মুঠ আয় আটাইতকৈ দুখীয়া 40 কোটি মানুহতকৈ বেছি।

     (2)বিশ্বৰ জনসংখ্যাৰ 40% শতাংশ মানুহে বিশ্ব আয়ৰ 5% শতাংশহে লাভ কৰে।

     (3)জনমূৰী আয়ৰ ভিত্তিত উন্নত উদ্যোগপ্ৰধান ৰাষ্ট্ৰত বাস কৰা এজন বাসিন্দাই চীন বা ভাৰতৰ নিচিনা উন্নয়নশীল দেশৰ এজন বাসিন্দাতকৈ পানী,শক্তি,লো,ষ্টীল, কাগজ বহুত গুণে বেছি ব্যয় কৰে।

    (4)সমগ্ৰ বিশ্বতে ইন্ধন জ্বলনৰ ফলত নিৰ্গত হোৱা কাৰ্বন-ডাই অক্সাইডৰ তিনি ভাগৰ দুই ভাগৰ কাৰণে দায়ী প্ৰথম বিশ্বৰ উদ্যোগপ্ৰধান ৰাষ্ট্ৰসমূহ।

    সামৰণি:-গতিকে ক'ব পাৰি যে বিশ্বত বহুতো অসমতাই বিৰাজ কৰি আছে।তাৰ কাৰণে নাগৰিকসকল সচেতন হ'ব লাগিব।

              ________৹৹৹_______

(3)নং প্ৰশ্ন:-সুযোগ-সুবিধাৰ সমতা সম্পৰ্কে আলোচনা কৰা।

Ans:-

      Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ। স্বাধীনতা আৰু সমতাক গণতন্ত্ৰৰ ভেঁটি আখ্যা দিব পাৰি।

     সমান সুযোগ-সুবিধা মানে  প্রতিজন ব্যক্তি মানুহ হিচাপে সমান সুযোগ -সুবিধা আৰু অধিকাৰ লাভ কৰাৰ বাবে উপযুক্ত। যাতে তেওঁলোকে সামাজিক,ৰাজনৈতিক, অৰ্থনৈতিক ক্ষেত্ৰত নিজৰ নিজৰ পাৰদৰ্শিতা আৰু বিকাশ সাধন কৰা লক্ষ্যত উপনীত হ'ব পাৰে।

     এখন সমাজত জনসাধাৰণৰ মাজত ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কোনো পাৰ্থক্য থাকিব নালাগে।

    সমাজত প্ৰত্যেকেই সমভাৱে উন্নতিৰ পথত কৃতকার্যতা লাভ কৰিব নোৱাৰিলে বুলিয়েই সমাজখন অসমতাৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ভবাটো অনুচিত।

    বাসস্থানৰ নিৰাপত্তা, জনস্বাস্হ্য আৰু সুশিক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সমান সা-সুবিধাৰ পৰা বঞ্চিত হ'লে সমাজনখন অসমতাৰ ভেঁটিত প্ৰতিষ্ঠিত হোৱা বুলি ক'ব পাৰি।

    সামৰণি:-গতিকে ক'ব পাৰি যে সমাজখন সমতাৰ ভেঁটিত প্ৰতিষ্ঠিত হ'বলৈ হ'লে সকলোৱে সমান সুযোগ-সুবিধা পাব লাগিব।

          __________৹৹৹৹___________

(4)নং প্ৰশ্ন:-প্ৰাকৃতিক আৰু সামাজিক অসমতাৰ ওপৰত এটি টোকা লিখা।

Ans:-

      Intr:-আধুনিক ৰাজনীতি বিজ্ঞানৰ অধ্যয়ণত প্ৰাকৃতিক অসমতা আৰু সামাজিক অসমতাই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।

    যদিও মানুহ জন্মতে সমান তথাপি মানুহৰ মাজত থকা সামৰ্থ্য, প্ৰতিভা আৰু বিভিনতাৰ ভিত্তিত তেওঁলোকৰ মাজত সাধাৰণতে প্ৰাকৃতিক অসমতাৰ সৃষ্টি হয়।কিয়নো প্ৰকৃতিয়ে সকলো মানুহক সমান কৰি সৃষ্টি নকৰে।

   প্ৰাকৃতিক অসমতা যিহেতু জন্মগত আধুনিক কালত বৈজ্ঞানিক উন্নয়নেও প্ৰাকৃতিক অসমতা কিছুমানক সলনি কৰিব পৰা নাই।

   আনহাতে সামাজিক অসমতা মানৱসৃষ্ট।সৰহভাগ মানুহক বঞ্চিত আৰু লুণ্ঠিত কৰি মুষ্টিমেয় ব্যক্তিক বিশেষ সুবিধা প্ৰদান কৰাটো আৰু তেনেদৰে জাতি,ধৰ্ম, বৰ্ণ লিংগৰ মাজত প্ৰভেদ অনাটো সামাজিক অসমতাৰ স্পষ্ট নিৰ্দেশন।

   যেতিয়া মানুহৰ আচাৰ-আচৰণ, ব্যৱহাৰৰ ক্ষেত্ৰত অসমতা বহু বছৰৰ পৰাই প্ৰচলিত হৈ থকা দেখা পোৱা যায় সেইবোৰক বহু সময়ত ন্যায়সংগত যেন লাগে।কাৰণ সেইবোৰ প্ৰাকৃতিক অসমতাৰ সমাৰ্থক।

    আধুনিক কালত ৰাজনীতি বিজ্ঞানীসকলে ক'ব খোজে যে প্ৰাকৃতিক অসমতা সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰিব নোৱাৰি যদিও কিছু পৰিমাণে সলনি কৰিব পৰা গৈছে।

    সামৰণি:-শেষত ক'ব পাৰি যে প্ৰাকৃতিক অসমতা আৰু সামাজিক অসমতাৰ ধাৰণা এটা জটিল ধাৰণা।

                _______৹৹৹_______

(5)নং প্ৰশ্ন:-সমতা মানে কি বুজা?ৰাজনৈতিক আৰু সামাজিক সমতা বাখ্যা কৰা।

Ans:-

     Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ। 

       সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়।

       ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্রতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাকহে বুজায়।

      ৰাজনৈতিক সমতা:-    ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়।এই অধিকাৰে তিনিটা কথাক বুজায়-

      (1)জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে।

      (2)অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে।

   কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মাজতহে ৰাজনৈতিক সমতা থাকিব লাগে।

    সামাজিক সমতা:- সমাজত থকা বিভিন্ন জাতি- উপজাতিৰ মাজত বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি কব পাৰি।বৰ্তমান সময়ত সুযোগৰ সমতাও কম বেছি পৰিমাণে ইয়াৰ লগত জড়িত হৈ পৰিছে।

    সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জাতিৰ ভিত্তিত বা জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু, উচ্চ-নীচৰ ভাৱ থাকিব নালাগে।

     সামৰণি:- সকলোৱে সমান সা -সুবিধা যাতে পাই তাৰ কাৰণে ৰাষ্ট্ৰই বিভিন্ন পদক্ষেপও গ্ৰহণ কৰিছে।

             ________৹৹৹_________

(6)নং প্ৰশ্ন:-সমতা আৰু নাৰীবাদ সম্পৰ্কে কি জানা লিখা।

Ans:-

     Intr:-নাৰীবাদক পুৰুষ আৰু মহিলাৰ মাজত সম অধিকাৰৰ বাবে কৰা এটা ৰাজনৈতিক আন্দোলন বা মতবাদ বুলিব পাৰি।

    মহিলাৰ মূল্য আৰু ব্যক্তিগত মৰ্যাদা,ধর্মীয় আৰু নৈতিক আদৰ্শৰ উদ্ভাৱন, শিক্ষাগত, ভোট বা নিৰ্বাচন ব্যৱস্থাৰ বিশেষ সংস্কাৰৰ বাবে কৰা আন্দোলনকে নাৰীবাদ আখ্যা দিয়া হয়।

    যুগে যুগে মহিলা বিভিন্ন সামাজিক সুবিধা আৰু মৰ্যদাৰ পৰা বঞ্চিত হৈ আহিছে।নাৰীবাদে ক'ব খোজে যে পুৰুষ আৰু নাৰীৰ মাজৰ অসমতা প্ৰাকৃতিক নহয়, সমাজেহে সৃষ্টি কৰা অসমতা।

     লিংভেদে পুৰুষ আৰু মহিলাৰ মাজত কাৰ্যবিভাজনৰ সৃষ্টি কৰা হৈছে।কিন্তু নাৰীসকলে ক'ব খোজে যে যুগৰ পৰিৱৰ্তন আৰু বৰ্তমানৰ বিশ্বায়নৰ যুগত বিশ্বৰ বেছিভাগ মহিলাই দ্বৈত ভূমিকা পালন কৰে।গতিকে নাৰীবাদীসকলে দাবী কৰে যে লিংগভিত্তিক এই অসমতাক সহজে নোহোৱা কৰিব পৰা যায় আৰু কৰাটো উচিত।

    সামৰণি:-বৰ্তমান আমাৰ ভাৰতৰ সংবিধান আৰু আইনেও নাৰী আৰু পুৰুষৰ উভয়ৰ সম অধিকাৰক স্বীকৃতি প্ৰদান কৰি বহু আইন প্ৰণয়ন কৰি কাৰ্য্যকৰী কৰিছে।

               ________৹৹৹______

(7)নং প্ৰশ্ন:-সমতা কি?ইয়াৰ প্ৰয়োজন সম্পৰ্কে আলোচনা কৰা।

Ans:-

     Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ। 

        সাধাৰণ অৰ্থত সমতা শব্দই সকলোকে সমান বুজায়।

      সমতাৰ প্ৰয়োজন সম্পৰ্কে তলত আলোচনা কৰা হ'ল-

      (1)সমতা থাকিলেহে ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে নিজৰ যোগ্যতা অনুসৰি ৰাষ্ট্ৰৰ পৰা সমান সা-সুবিধা লাভ কৰিব।

     (2)প্ৰত্যেক মানুহৰ নিজৰ প্ৰতিভা আৰু পাৰদৰ্শিতাসমূহৰ বিকাশৰ বাবে সমতাৰ প্ৰয়োজন আছে।

    (3)সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে নাগৰিকে সমান সুযোগ সুবিধা যাতে লাভ কৰে।

   (4)বাসস্থানৰ নিৰাপত্তা, জনস্বাস্থ্য,সুশিক্ষাৰ ক্ষেত্ৰত যদি জনসাধাৰণ সমান সুযোগ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হয় তেতিয়া সমাজখন অন্যায় আৰু অসমতাৰ সৃষ্টি হব।

    (5)যিহেতু মানুহ জন্মতে সমানে জন্মগ্ৰহণ কৰে সকলো সা-সুবিধা পোৱাতো জন্মগত অধিকাৰ।

    (6)সমতাৰ অধিকাৰ হৈছে নাগৰিকৰ মৌলিক অধিকাৰ।এই অধিকাৰ নাথাকিলে নাগৰিকৰ জীৱন বিদাপন্ন হব।

    সামৰণি:-বৰ্তমান সমতাক সমগ্ৰ বিশ্বৰ এটা গ্ৰহণযোগ্য আদৰ্শ হিচাপে বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে।

            _______৹৹৹_______

(8)নং প্ৰশ্ন:-কোনবিলাক বৈষম্যমূলক আচৰণ গ্ৰহণীয় আৰু কোনবিলাক নহয় সেইটো নিৰ্ধাৰণ কৰাটো এটা সমস্যা।

Ans:-

     Intr:-সমতা প্ৰতিষ্ঠা কৰিবৰ বাবে কোনবিলাক বৈষম্যমূলক আচৰণ গ্ৰহণীয় আৰু কোনবিলাক নহয় সেইটো নিৰ্ধাৰণ কৰাটো এটা সমস্যা আছে। 

    ভাৰতীয় সংবিধানত পুৰুষ-মহিলাৰ সম অধিকাৰ দিয়াৰ পিছতো সমাজত নাৰীসকল বৈষম্যৰ বলী হৈ  আহিছে।সমাজত পুৰুষ-মহিলা কামৰ বিভাজন কৰা হৈছে যিটো বিশেষকৈ ভাৰতীয় সমাজত যোগ যোগ ধৰি চলি আহিছে।এনেবোৰৰ বৈষম্যমূলক আচৰণ গ্ৰহণীয় নহয় যদিও ভাৰতীয় সমাজত বেছিকৈ পুৰুষতান্ত্ৰিক সমাজ দেখা যায়।

    সমতা প্ৰতিষ্ঠাৰ বাবে বহু ক্ষেত্ৰত যোগাত্মক পদক্ষেপ হাতত লব লগা হয়।যেনে অনুসূচীত জাতি,জনজাতিৰ বাবে পদ সংৰক্ষণৰ ব্যৱস্থা আছে।কাৰণ বহুসময়ত উচ্চবৰ্ণৰ দ্বাৰা তেওঁলোক নিপীড়িত হ'ব লগা হৈছিল।কিন্তু এনে যোগাত্মক বৈষম্যই আর্থিকভাৱে দুৰ্বল সকলো বৰ্ণৰ লোককে সাঙুৰি লোৱা নাই।এইক্ষেত্ৰত বৈষম্যমূলক আচৰণ কোনবোৰ গ্ৰহণীয় আৰু কোনবোৰ নহয় নিৰ্ধাৰণ কৰাটো সমস্যা আহি পৰে।

    সামৰণি:-গতিক ক'ব পাৰি যে বৈষম্যমূলক আচৰণসমূহ কোনোবা গ্ৰহণ কৰিবলগীয়া কোনবোৰ নোৱাৰি সেইটো নিৰ্ধাৰণ কৰাটো এটা ডাঙৰ সমস্যা আহি পৰে।

              ________৹৹৹৹_______

(9)নং প্ৰশ্ন:-স্বাভাৱিক আৰু সামাজিক অসমতাৰ বিষয়ে উদাহৰণসহ বুজাই লিখা।

Ans:-

     Intr:-আধুনিক ৰাজনীতি বিজ্ঞানত স্বাভাৱিক অসমতা আৰু সামাজিক অসমতাই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।

       যদিও মানুহ জন্মতে সমান তথাপি মানুহৰ মাজত থকা সামৰ্থ্য,প্ৰতিভা আৰু বিভিন্নতাৰ ভিত্তিত তেওঁলোকৰ মাজত সাধাৰণতে স্বাভাৱিক অসমতাৰ সৃষ্টি হয়।এনে ধৰণৰ অসমতা সামাজিক অসমতাৰ পৰা সম্পূৰ্ণ পৃথক।বিদ্যা,বুদ্ধি,আকাৰ, আকৃতি আদি বিভিন্ন ক্ষেত্ৰত প্ৰকৃতিয়ে মানুহৰ মাজত প্ৰভেদৰ সৃষ্টি কৰে।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যদিও কিছুমান ক্ষেত্ৰত পৰিৱৰ্তন কৰিব পাৰিছে কিন্তু সম্পূৰ্ণৰূপে সলনি কৰিব পৰা নাই।

      যেতিয়া মানুহৰ আচাৰ,আচৰণ,ব্যৱহাৰৰ ক্ষেত্ৰত অসমতা বহু বছৰৰ আগৰেপৰাই প্ৰচলিত হৈ থকা দেখা যায় তেনে ক্ষেত্ৰত সেইবোৰক ন্যায়সংগত যেন লাগে।উদাহৰণস্বৰূপে,নীতি মতে কম বুদ্ধি -বৃত্তিৰ প্ৰাণীবোৰে বেছি বুদ্ধিসম্পন্ন শ্ৰেণীবোৰৰ আদেশ মতে চলিব লাগে।

     আনহাতে সামাজিক অসম তা মানৱসৃষ্ট।সৰহভাগ মানুহক বঞ্চিত আৰু লুণ্ঠিত কৰি মুষ্টিময়েব্যক্তিক বিশেষ সুবিধা প্ৰদান কৰাটো আৰু তেনেদৰে জাতি,ধর্ম, বৰ্ণ লিংগৰ মাজত প্ৰভেদ অনাটো হ'ল সামাজিক অসমতাৰ স্পষ্ট নিৰ্দেশন।

   সামৰণি:-শেষত ক'ব পাৰি যে স্বাভাৱিক অসমতা আৰু সামাজিক অসমতাৰ ধাৰণা এক জটিল ধাৰণা।

                ________৹৹৹________

(10)নং প্ৰশ্ন:-যোগাত্মক পদক্ষেপ কি?সমালোচনামূলক মন্তব্য আগবঢ়োৱা।

Ans:-

      Intr:-সমতা প্ৰতিষ্ঠা কৰিবৰ বাবে বহু সময়ত যোগাত্মক পদ্ধতি গ্ৰহণ কৰিব লগা হয়।

     ভাৰত চৰকাৰে বৃহত্তৰ সমাজত থকা বৈষম্য দূৰ কৰি সমতা প্ৰতিষ্ঠাৰ বাবে সংৰক্ষণৰ নীতি অনুসৰণ কৰি আহিছে।এনে নীতিক সমতা প্ৰতিষ্ঠাৰ যোগাত্মক পদক্ষেপ বুলি কোৱা হয়।

     যোগাত্মক পদক্ষেপসমুক কেন্দ্ৰ কৰি ভাৰতবৰ্ষত যথেষ্ট বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে।উদাহনস্বৰূপে অনুসূচীত জাতি,জনজাতি অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে শিক্ষানুষ্ঠান, কৰ্মসংস্থাপন আৰু পদোন্নতিৰ ক্ষেত্ৰত আসন আৰু পদ সংৰক্ষণৰ ব্যৱস্থা আছে।এনে পদক্ষেপৰ বিৰূদ্ধে এটা গুৰুতৰ অভিযোগ আছে।সেইটো হ'ল সমতা প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা যোগাত্মক বৈষম্য নীতিসমূহে আর্থিকভাৱে দুর্বল সকলো শ্ৰেণীৰ লোককে সাঙুৰি লোৱা নাই।

     সংবিধানে লিংগৰ প্ৰশ্নত কোনো বৈষম্য থাকিব নালাগে বা নোৱাৰে বুলি কোৱাৰ পাছতো সঁচা অৰ্থত মহিলাসকলে পুৰুষৰ স'তে সম অধিকাৰ ভোগ নকৰে।এনে পৰিপ্ৰেক্ষিতত মহিলাসকলৰ উন্নতিৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে।

      সামৰণি:-গতিকে ক'ব পাৰি যে আৰ্থ-সামাজিক অথবা সাংস্কৃতিক আৰু ভৌগোলিক অৱস্থানৰ ক্ষেত্ৰত বৈষম্যই বিৰাজ কৰা সমাজত সমতা প্ৰতিষ্ঠাৰ বাবে যে যোগাত্মক পদক্ষেপ উল্লেখনীয় সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।

              ________৹৹৹_______

(11)নং প্ৰশ্ন:-সমতাক কেনেকৈ উন্নত কৰিব পাৰি?সমতা আহৰণৰ কাৰণে যিকোনো এটা নীতি আলোচনা কৰা।

Ans:-

      Intr:-সমতাৰ মূল লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উদাৰতাবাদী আৰু সমাজবাদীসকলৰ মাজত কিছু মৌলিক পার্থক্য পৰিলক্ষিত হয়।

     বিভিন্ন ক্ষেত্ৰত মানুহৰ মাজত যিহেতু অসমতা আছে সেয়েহে সকলোকে একে পৰ্যায়ভুক্ত কৰাটো কেতিয়াও সম্ভৱ নহয়।তথাপি সমান আহৰণৰ কাৰণে কি নীতি আৰু কার্যধাৰা গ্ৰহণ কৰা উচিত আৰু ন্যায়সংগত হব সেই বিষয়ে আলোচনা কৰা নিশ্চয় প্ৰয়োজন আছে।কিছুমান ৰীতি-নীতিৰে,পৃথক কাৰ্যসূচীৰ জৰিয়তে যোগাত্মক পদক্ষেপৰে সমতাক উন্নত কৰিব পাৰি।

      ৰীতিনিষ্ট সমতা স্থাপন:-ৰীতিনিষ্ট অসমতা আৰু যিবোৰ বিশেষ ব্যক্তিৰ কাৰণে থকা বিশেষ ব্যৱস্থা প্ৰতিৰোধ কৰি সমতা স্থাপন কৰাটোৱেই প্ৰথম পদক্ষেপ হিচাপে ল'ব লাগে।

     সমাজৰ ৰীতি-নীতি আৰু বহু সময়ত আইনী ব্যৱস্থাই সমগ্ৰ বিশ্বতে সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক অসমতাক সুৰক্ষা দিয়ে।

    বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিত সকলো প্ৰকাৰৰ অসমতাক নিৰ্মূল কৰি সমাজত সমতা প্ৰতিষ্ঠা কৰা উচিত হ'ব।সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ হ'ব চৰকাৰ আৰু ৰাষ্ট্ৰীয় আইনত থকা অসমতা ব্যৱস্থাসমূহ বন্ধ কৰা।

      আইনৰ চকুত সকলো সমান -এই নীতি দৃঢ়ভাৱে কাৰ্যকৰী হ'ব লাগিব।সকলো লোকৰ কাৰণে সমান সুযোগ-সুবিধাৰ ব্যৱস্থা মুকলি থাকিব লাগে।

     সামৰণি:-বৰ্তমান বিশ্বৰ প্ৰায় সকলো দেশৰ গণতান্ত্ৰিক চৰকাৰে আনুষ্ঠানিকভাৱে অসমতাৰ নীতিক বৰ্জন কৰি সমতাৰ নীতি প্ৰতিষ্ঠিত কৰা দেখা যায়।

                 ________৹৹৹________

চমু উত্তৰৰ প্ৰশ্ন(Marks:4)

(1)নং প্ৰশ্ন:-সমতাৰ সামাজিক ধাৰণা বাখ্যা কৰা।

Ans:-

     Intr:-সমতাৰ বিভিন্ন প্ৰকাৰৰ আছে তাৰে ভিতৰত সামাজিক ধাৰণাতো অন্যতম।সামাজিক সমতা নাথাকিলে এখন সমাজ শান্তিপূৰ্ণভাৱে কেতিয়াও চলিব নোৱাৰে।

     সমাজত থকা বিভিন্ন জাতি-উপজাতি মাজত বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি।সমাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু থাকিব নালাগে ।

    সমতা প্ৰতিষ্ঠাৰ বাবে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে আৰু এই নীতি পালন নকৰা লোকক আইন মতে শাস্তি দিয়াৰ ব্যৱস্থা আছে।

    ভাৰতীয় সংবিধানত সামাজিক সমতা প্ৰতিষ্ঠাৰ ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰে সমতা প্ৰতিষ্ঠাৰ বাট মুকলি কৰিছে।

     সমাজৰ সকলো স্তৰৰ মানুহে যাতে খাদ্য, শিক্ষা, স্বাস্থ্য, বাসস্থান,নিম্নতম মজুৰীৰ ব্যৱস্থা আদি উন্নয়নমূলক আঁচনি চৰকাৰে গ্ৰহণ কৰিছে।

     সামৰণি:-গতিকে ক'ব পাৰি যে সামাজিক ক্ষেত্ৰত সমতা স্থাপন কৰিবলৈ চৰকাৰৰ লগতে জনসাধাৰণো সচেতন হ'ব লাগিব।

                   _______৹৹৹_______

(2)নং প্ৰশ্ন:-"সমতা অবিহনে স্বাধীনতা অৰ্থহীন।"তোমাৰ উত্তৰৰ সপেক্ষে যুক্তি দিয়া।

Ans:-

      Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ।স্বাধীনতা আৰু সমতাক গণতন্ত্ৰৰ ভেঁটি আখ্যা দিব পাৰি।

    সমতা থাকিলেহে স্বাধীনতা থাকিব।ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুবিধা লাভ কৰা ব্যৱস্থাকে সমতা বুজায়।এজন নাগৰিকে স্বাধীনতা পাব যদিহে তেওঁ বাস কৰা ৰাষ্ট্ৰৰ পৰা সুযোগ-সুবিধা লাভ কৰিব।কাৰণ ৰাষ্ট্ৰৰ স্বাধীনতা নহলে ব্যক্তিগত স্বাধীনতা কেতিয়াও সাৰ্থক নহয়।

   ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰত সমতা নাথাকিলে এজন ব্যক্তি স্বাধীনতাৰ পৰাও বঞ্চিত হ'ব।

    জাতি,ধৰ্ম,বৰ্ণ,লিংগ ভিত্তিত বৈষম্যহীনতা হ'লেহে এজন নাগৰিকে স্বাধীনতা উপভোগ কৰিব পাৰিব।

   সামৰণি:-গতিকে ক'ব পাৰি যে নাগৰিকে স্বাধীনতা লাভ কৰিবলৈ সমতা অতিকৈ প্ৰয়োজন।

               __________৹৹৹_______

(3)নং প্ৰশ্ন:-সমতাৰ যোগাত্মক আৰু নকৰাত্মক দিশ আলোচনা কৰা।

Ans:-

     Intr:-সমতাৰ ধাৰণাটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক আদৰ্শ।স্বাধীনতা আৰু সমতাক গণতন্ত্ৰৰ ভেঁটি আখ্যা দিব পাৰি।

    সমতাৰ যোগাত্মক দিশ :-সকৰাত্মকভাৱে কবলৈ হ'লে সকলো লোকৰ কাৰণে সুযোগ-সুবিধা মুকলি থাকিব লাগে,বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নালাগে।

     জীয়াই থকাৰ কাৰণে নিম্নতম সুবিধা সকলোৱে পাব লাগে।

    

সমতাৰ নকৰাত্মক দিশ :-নকৰাত্মক ভাৱে ক'বলৈ হ'লে কোনো শ্ৰেণীৰ লোককে  সমান সুযোগ-সুবিধা পোৱাৰ পৰা বঞ্চিত কৰিব নালাগে।

        সামৰণি:-গতিকে ক'ব পাৰি যে সমতাৰ সকৰাত্মক আৰু নকৰাত্মক দুয়োটা দিশেই আছে যদিও বৰ্তমান চৰকাৰে সমতা প্ৰতিষ্ঠাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। 

 
                 _________৹৹৹___________

        

                                                                                                                       

(4)নং প্ৰশ্ন:-চাৰি প্ৰকাৰৰ সমতা আলোচনা কৰা।

Ans:-

      Intr:- ৰাজনীতি বিজ্ঞানী সকলে বিভিন্ন ধৰণে সমতাৰ শ্ৰেণীবিভাজন কৰিছে।

      (1)নাগৰিক সমতা:-নাগৰিক সমতাই ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰক বুজায়।জাতি,ধৰ্ম,বৰ্ণ  নিৰ্বিশেষে সকলো আইনৰ চকুত সমান।

      (2)সামাজিক সমতা:-সমাজত থকা বিভিন্ন জাতি-উপজাতিৰ মাজত বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি।

    (3)প্ৰাকৃতিক সমতা:-মানুহে মানুহৰ মাজত সৃষ্টি কৰা বৈষম্য নাথাকিলে প্ৰাকৃতিক সমতা থকা বুলি ক'ব পাৰি।

   (4)ৰাজনৈতিক সমতা:-ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়। 

      সামৰণি:-গতিকে কব পাৰি যে সমতাক বিভিন্ন শ্ৰেণীত ভগাব পাৰি।

            ________৹৹৹_________

(5)নং প্ৰশ্ন:-সমতা আৰু স্বাধীনতাৰ মহত্ব সম্পৰ্কে আলোচনা কৰা।

Ans:-

    Intr:-সমতা আৰু স্বাধীনতাৰ মহত্ব অতি গুৰুত্বপূৰ্ণ। দুয়োটাৰ মাজত পৰস্পৰ সম্পর্ক আছে।

      সমতা থাকিলেহে স্বাধীনতা থাকিব।ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুবিধা লাভ কৰা ব্যৱস্থাকে সমতা বুজায়।এজন নাগৰিকে স্বাধীনতা পাব যদিহে তেওঁ বাস কৰা ৰাষ্ট্ৰৰ পৰা সুযোগ-সুবিধা লাভ কৰিব।কাৰণ ৰাষ্ট্ৰৰ স্বাধীনতা নহলে ব্যক্তিগত স্বাধীনতা কেতিয়াও সাৰ্থক নহয়।

       ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰত সমতা নাথাকিলে এজন ব্যক্তি স্বাধীনতাৰ পৰাও বঞ্চিত হ'ব।

      জাতি,ধৰ্ম,বৰ্ণ,লিংগ ভিত্তিত বৈষম্যহীনতা হ'লেহে এজন নাগৰিকে স্বাধীনতা উপভোগ কৰিব পাৰিব।

      সামৰণি:-গতিকে ক'ব পাৰি যে নাগৰিকে স্বাধীনতা উপভোগ কৰিবলৈ হ'লে সমতা অতিকৈ প্ৰয়োজন।

             ________৹৹৹________

(6)নং প্ৰশ্ন:-কিছুমান মানুহে যুক্তি দৰ্শাই যে অসমতা থকাটো স্বাভাৱিক, আনহাতে কিছুমানে কয় যে সমতাহে স্বাভাৱিক আৰু আমাৰ চাৰিওফালে যি অসমতা দেখা পাওঁ সেইবোৰ সমাজে সৃষ্টি কৰা।তুমি কোনটো মত সমৰ্থন কৰা?কাৰণ দৰ্শোৱা।

Ans:-

     Intr:-সাধাৰণ অৰ্থত সমতা শব্দ অৰ্থই সকলোকে সমান বুজায়।

     সকলো সময়ত জন্মৰ সময়ত সমান বুলি কোৱা হয় যদিও, প্ৰকৃতিয়ে সকলো মানুহকে সমান হিচাপে সৃষ্টি নকৰে।আকৃতি, প্ৰকৃতি,বিদ্যা,বুদ্ধি,শাৰীৰিক শক্তি আদি বিভিন্ন ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদ দেখা যায়।সেয়েহে সমাজত অসমতা দেখা যায়।আধুনিক কালত বৈজ্ঞানিক পদ্ধতিয়েও সম্পূৰ্ণৰূপে এই অসমতাক আঁতৰাব নোৱাৰে।এইফালৰ পৰা চাবলৈ গলে অসমতা থকাটো স্বাভাৱিক।

    বহু অসমতা আমাৰ সমাজেও সৃষ্টি কৰে।প্ৰকৃতিয়ে সৃষ্টি কৰা অসমতা সকলো অ-পৰিৱৰ্তনীয় নহয়।গতিকে ক'ব পাৰি যে আমাৰ চাৰিওফালে বিৰাজ কৰা অসমতা যদিও সমাজে সৃষ্টি কৰা তথাপিও কিছু অসমতা থকাটো স্বাভাৱিক।

     সামৰণি:-শেষত ইয়াকে ক'ব পাৰি যে আজিৰ এই বিশ্বায়নৰ যুগত মানুহৰ মাজত থকা সকলো অসমতাক নিৰ্মূল কৰিবলৈ চেষ্টা কৰা উচিত।

              _________৹৹৹_______

(7)নং প্ৰশ্ন:-এটা প্ৰচলিত মত আছে যে চূড়ান্ত অৰ্থনৈতিক সমতা সম্ভৱো নহয় কাম্যও নহয়।সমাজে খুব বেছি ধনী আৰু দুখীয়াৰ মাজত থকা পাৰ্থক্যটো নূন্যতম স্তৰলৈ আনিব পাৰে।কথাটো তুমি মানি লোৱানে?

Ans:-

      Intr:-অৰ্থনৈতিক সমতাই আন সকলো সমতাৰ মূল ভেঁটি।কিন্তু চৰম অৰ্থনৈতিক সমতা সম্ভৱো নহয় আৰু বিচাৰিবও নোৱাৰি।

     আৰ্থিক ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদ থকাটো  স্বাভাৱিক।সকৰাত্মকভাৱে অৰ্থনৈতিক সমতাই জীৱন-ধাৰণৰ বাবে নিম্নতম আৰ্থিক সুবিধা সকলোৱে পাব লাগে।

     কিন্তু ইয়াৰ ভিতৰত কিছুমান সীমাবদ্ধতা আছে।নকৰাত্মকভাৱে অৰ্থনৈতিক সমতাই বিশেষ লোকৰ বাবে বিশেষ সুযোগ-সুবিধা ব্যৱস্থা থাকিব নালাগে বুলি কোৱা হয় যদিও বিশেষ লোকৰ সুবিধা নথকা নহয়।অনুসূচীত জাতি,জনজাতিৰ পিছপৰা লোকৰ বাবে সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ আৰ্থিক সাহায্য ব্যৱস্থা আছে।

     সমাজে সম্পূৰ্ণৰূপে অৰ্থনৈতিক সমতা স্থাপন কৰিব নোৱাৰে।সকলো ব্যক্তিৰ কৰ্ম শক্তি যিহেতু একে নহয় সেয়েহে সমাজত ধনী, দুখীয়া থকাটো স্বাভাৱিক।সমাজে সকলোকে একে কামত নিয়োজিত কৰাব নোৱাৰে।ধনী আৰু দুখীয়াৰ ভেদাভেদহে আঁতৰ কৰিব পাৰে।

    গতিকে অৰ্থনৈতিক সমতা চৰম নহয়।কিছুমান যোগাত্মক পদক্ষেপৰ মাজেৰে অৰ্থনৈতিক সমতা উপভোগ কৰিব লাগিব।যিটো সকলোৱে মানি চলিলে সমতা প্ৰতিষ্ঠা হ'ব।

    সামৰণি:-সেয়েহে ক'ব পাৰি যে চূড়ান্ত অৰ্থনৈতিক সমতা সম্ভৱো নহয় আৰু কাম্যও নহয় এই কথাটো মই মানি লওঁ।

               _______৹৹৹_______

(8)নং প্ৰশ্ন:-খেতিয়কৰ সমস্যাৰ ওপৰত দাখিল কৰা চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে যে ক্ষুদ্ৰ আৰু উপান্ত কৃষকে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়।প্ৰতিবেদনে চুপাৰিছ কৰে যে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি সঠিক মুল্যৰ ব্যৱস্থা কৰিব লাগে।এই চুপৰিছ সমতা নীতিৰ লগত সামঞ্জস্য আছে নেকি?

Ans:-

     Intr:-উপৰোক্ত প্ৰশ্নৰ কথাখিনি অৰ্থনৈতিক সমতা জড়িত হৈ আছে।

  ৰাষ্ট্ৰত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে যাতে সমান সা সুবিধা পায়, সেয়ে সমতা বুজায়।জীৱন-ধাৰণৰ বাবে নিম্নতম আৰ্থিক সুবিধা যিহেতু সকলোৱে পাব লাগে।গতিকে খেতিয়কৰ সমস্যাও দূৰ হ'ব লাগে।

     খেতিয়কে সামগ্ৰীৰ উচিত মূল্য যদি নাপায় সমাজত অসমতাৰ সৃষ্টি হ'ব।

      সামৰণি:-গতিকে ক'ব পাৰি যে এই চুপাৰিছ সমতা নীতিৰ লগত সামঞ্জস্য আছে।

           ________৹৹৹_________

(9)নং প্ৰশ্ন:-সমতা অধিকাৰৰ ওপৰত এটি টোকা লিখা।

Ans:-

     Intr:-আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰবোৰত সমতাৰ অধিকাৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।প্ৰায়বোৰ ৰাষ্ট্ৰৰ সংবিধানত সমতাৰ অধিকাৰে স্বীকৃতি লাভ কৰিছে।

    সমতাৰ অধিকাৰত নাগৰিকৰ মাজত জাতি,ধৰ্ম,বৰ্ণ, ভাষা,লিংগ আদিৰ ভিত্তিত কোনো বৈষম্যনীতি থাকিব নালাগে।

      আইনৰ চকুত সমান ব্যৱহাৰ পোৱাৰ অধিকাৰ নাগৰিকৰ আছে।সেয়ে সকলো মানুহৰ সমান সা-সুবিধাৰ অধিকাৰ থকা উচিত।

     জাতিৰ ভিত্তিত যাতে মানুহৰ মাজত ডাঙৰ-সৰু,উচ্চ-নীচৰ ভাৱ আহিব নোৱাৰে তাৰ কাৰণে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে।

      সামৰণি:-গতিকে ক'ব পাৰি যে সমতাৰ অধিকাৰে সকলোৱে সমান সা-সুবিধা পোৱাকে বুজায়।

         __________৹৹৹________

(10)নং প্ৰশ্ন:-সকলো সামাজিক আৰু অৰ্থনৈতিক অসমতাৰ এখন তালিকা প্ৰস্তুত কৰা।

Ans:-

     Intr:-সমতা শব্দই সকলোকে সমান বুজায়।কিন্তু বহু ক্ষেত্ৰত সামাজিক আৰু অৰ্থনৈতিক অসমতা সমাজত বিৰাজমান হৈ থকা দেখা যায়।

      (1)বিশ্বৰ 50 গৰাকী আটাইতকৈ ঐশ্বৰ্য্যশালী ব্যক্তিৰ মুঠ আয় আটাইতকৈ দুখীয়া 40 কোটি মানুহতকৈ বেছি।

     (2)বিশ্বৰ জনসংখ্যাৰ 40% শতাংশ মানুহে বিশ্ব আয়ৰ 5% শতাংশহে লাভ কৰে।

     (3)জনমূৰী আয়ৰ ভিত্তিত উন্নত উদ্যোগপ্ৰধান ৰাষ্ট্ৰত বাস কৰা এজন বাসিন্দাই চীন বা ভাৰতৰ নিচিনা উন্নয়নশীল দেশৰ এজন বাসিন্দাতকৈ পানী,শক্তি,লো,ষ্টীল, কাগজ বহুত গুণে বেছি ব্যয় কৰে।

    (4)সমগ্ৰ বিশ্বতে ইন্ধন জ্বলনৰ ফলত নিৰ্গত হোৱা কাৰ্বন-ডাই অক্সাইডৰ তিনি ভাগৰ দুই ভাগৰ কাৰণে দায়ী প্ৰথম বিশ্বৰ উদ্যোগপ্ৰধান ৰাষ্ট্ৰসমূহ।

    সামৰণি:-গতিকে ক'ব পাৰি যে বিশ্বত বহুতো অসমতাই বিৰাজ কৰি আছে।তাৰ কাৰণে নাগৰিকসকল সচেতন হ'ব লাগিব।

              ________৹৹৹_______

(11)নং প্ৰশ্ন:-কিছুমান স্বাভাৱিক অসমতা এতিয়া অ-পৰিৱৰ্তনীয় বুলি ভবা নহয়।উদাহৰণ দি বুজাই দিয়া।

Ans:-

     Intr:-আধুনিক কালত কিছুমান ৰাজনীতি বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে মানুহৰ মাজত উদ্ভৱ পার্থক্য যিবোৰক প্ৰাকৃতিক বুলি গণ্য কৰা হয় সেই সকলো প্ৰভেদ অ-পৰিৱৰ্তনীয় নহয়।

    বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ মানৱ সমাজ বহু পৰিমাণে উপকৃত হৈছে।অসাধ্য সাধাৰণ কৰিছে।যেনে চিকিৎসা বিদ্যাই বহুতো অক্ষম লোকক কম্পিউটাৰৰ সহায়ত সমগ্ৰ বিশ্বৰ মানুহৰ অগ্ৰগতি বা প্ৰগতিত সহায় কৰিছে।

     আজিকালি শৰীৰত কৃত্ৰিম অংগ প্ৰত্যঙ্গ সংযোগ আৰু বহু সময়ত এজন ব্যক্তিৰ মুখ আৰু শৰীৰৰ অৱয়ব প্ৰসাধানিক অস্ত্ৰোপচাৰৰ সহায়ত সলনি কৰিছে।

     শিক্ষাৰ ক্ষেত্ৰতো বৈজ্ঞানিক পদ্ধতিৰ বিভিন্ন কলা কৌশল অৱলম্বন কৰি ল'ৰা ছোৱালীক শিক্ষিত কৰা হৈছে। এই ক্ষেত্ৰত প্ৰাকৃতিক অসমতা এতিয়া অ-প্ৰাসংগিক হৈ পৰিছে।

    সামৰণি:-ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে কিছুমান স্বাভাৱিক অসমতা অ-পৰিৱৰ্তনীয় নহয় যদিও জন্মগত অসমতাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাযায়।

                   ______৹৹৹_____

(12)নং প্ৰশ্ন:-ৰাম মনোহৰ লোহিয়াৰ"সপ্ত ক্ৰান্তি" কি?

Ans:-

     Intr:-ৰাম মনোহৰ লোহিয়া ভাৰতৰ এজন বিশিষ্ট সমাজবাদী চিন্তাবিদ আছিল।তেওঁৰ সাত প্ৰকাৰৰ বিপ্লৱক "সপ্ত ক্ৰান্তি"বুলি কোৱা হয়।

    লোহিয়াই ভাৰতীয় সমাজত পাঁচ প্ৰকাৰৰ অসমতাৰ কথা উল্লেখ কৰিছে।

     (1)পুৰুষ আৰু মহিলাৰ মাজত অসমতা;

     (2)চাল আৰু গাৰ ৰঙৰ অসমতা;

    (3)জাতিগত অসমতা;

     (4)কিছুমান দেশৰ আন কিছুমান দেশৰ ওপৰত থকা ঔপনিবেশিক শাসন;

    (5)অৰ্থনৈতিক অসমতা।

     ৰাম মনোহৰ লোহিয়াই আনবিপ্লৱৰ কথা উল্লেখ কৰিছে।প্ৰথমটো, হ'ল-ব্যক্তিগত স্বতন্ত্ৰাৰ ওপৰত অ-প্ৰয়োজনীয় হস্তক্ষেপৰ বিৰুদ্ধে নাগৰিক স্বতন্ত্ৰতাৰ দাবীৰ সংগ্ৰাম। দ্বিতীয়তে, অহিংসা আন্দোলনত সত্যাগ্ৰহৰ সপক্ষে অস্ত্ৰ-শস্ত্ৰৰ সম্বৰণ কৰা।

     তেওঁৰ এই সাত প্ৰকাৰৰ বিপ্লৱে অৰ্থাৎ সপ্ত ক্ৰান্তিয়ে তেওঁক সমাজবাদৰ শ্ৰেষ্ঠ আদৰ্শ হিচাপে চিহ্নিত কৰিছে।

     সামৰণি:-ৰাম মনোহৰ লোহিয়াৰ এই সপ্ত ক্ৰান্তি অতিকৈ গুৰুত্বপূৰ্ণ।

              ________৹৹৹______

অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks:2)

(1)নং প্ৰশ্ন:-কি কি উপায়ে ৰাজনৈতিক সমতা লাভ কৰিব পাৰি?

Ans:-

     ৰাজনৈতিক সমতা লাভ কৰিবলৈ হ'লে-

(1)ৰাষ্ট্ৰৰ নাগৰিক হ'ব লাগিব;

(2)ভোটদানৰ জৰিয়তে;

(2)নং প্ৰশ্ন:-দুই প্ৰকাৰৰ সমতাৰ নাম লিখা।

Ans:-

      (1)সামাজিক সমতা;

      (2)ৰাজনৈতিক সমতা।

(3)নং প্ৰশ্ন:-তিনিবিধ নাগৰিক সমতা উল্লেখ কৰা।

Ans:-

      তিনিবিধ নাগৰিক সমতা হ'ল-

    (1)সামাজিক;

    (2)ৰাজনৈতিক;

    (3)আৰু অৰ্থনৈতিক সমতা।

(4)নং প্ৰশ্ন:-দুই প্ৰকাৰৰ অৰ্থনৈতিক সমতাৰ নাম লিখা।

Ans:-

     দুই প্ৰকাৰৰ অৰ্থনৈতিক সমতা হ'ল-

(1)নিম্নতম আৰ্থিক সুবিধা সকলোৱে প্ৰাপ্য অধিকাৰ;

(2)সমান কামৰ বাবে সমান মজুৰিৰ অধিকাৰ।

(5)নং প্ৰশ্ন:-সমতাৰ কিয় আৱশ্যক দুটা কাৰণ উল্লেখ কৰা।

Ans:-

    সমতাৰ দুটা আৱশ্যক হ'ল-

(1)ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সুযোগ-সুবিধা যাতে লাভ কৰে।

(2)এখন সমাজত জনসাধাৰণৰ মাজত ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ বাবে সমতাৰ আৱশ্যক।

(6)নং প্ৰশ্ন:-সমতাৰ তিনিটা দিশ কি কি?

Ans:-

    সমতাৰ তিনিটা দিশ হ'ল-

(1)প্ৰাকৃতিক সমতা;

(2)নাগৰিক সমতা;

(3)সামাজিক সমতা।

(7)নং প্ৰশ্ন:-সকলোৰে বাবে সমান সুযোগ-সুবিধাই কি বুজায়?

Ans:-

     সকলোৰে বাবে সমান সুযো-সুবিধাৰ পথ খোলা ৰাখি সমভাৱে সকলোৱে ব্যক্তিত্ব বিকাশৰ পথৰ অন্তৰায়সমূহ দূৰ কৰাকে সকলোৰে বাবে সমান সুযোগ-সুবিধা বুজায়।

(8)নং প্ৰশ্ন:-সমতা মানে কি বুজা?

Ans:-

      ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভ কৰা ব্যৱস্থাক সমতা বুলি কোৱা হয়।

(9)নং প্ৰশ্ন:-আইনৰ চকুত সমতা বুলিলে কি বুজা?

Ans:-

       জাতি,ধর্ম, বৰ্ণ ,গোষ্ঠী নিৰ্বিশেষে সকলো সমান বুলি বিবেচনা কৰাকে আইনৰ চকুত সমান বুলি কোৱা হয়

(10)নং প্ৰশ্ন:-ৰাজনৈতিক সমতা কি?

Ans:-

       ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধা থকা ব্যৱস্থাকে ৰাজনৈতিক সমতা বোলে।

(11)নং প্ৰশ্ন:-মাৰ্ক্সৰ সমতাৰ ধাৰণা কি?

Ans:-

      মাৰ্ক্সৰ সমতাৰ ধাৰণা মূলতঃঅৰ্থনৈতিক যুক্তিৰ ভিত্তিত গঠিত।

(12)নং প্ৰশ্ন:-নাৰীবাদ মানে কি বুজা?

Ans:-

      মহিলাৰ মূল্য,ব্যক্তিগত মৰ্য্যদা,ধর্মীয় আৰু নৈতিক আদৰ্শৰ উদ্ভাৱন, ৰাষ্ট্ৰীয় আইনগত,শিক্ষাগত,ভোট বা নিৰ্বাচন ব্যৱস্থাৰ বিশেষ সংস্কাৰৰ বাবে কৰা আন্দোলনকে নাৰীবাদ বুলি কোৱা হয়

(13)নং প্ৰশ্ন:-ৰাজনৈতিক সমতাৰ অৰ্থ বাখ্যা কৰা।

Ans:-

     ৰাজনৈতিক সমতাই তিনিটা অধিকাৰক বুজায়।

    (1)জাতি,ধৰ্ম,বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে;

   (2)অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুবিধা পাব লাগে;

    (3)অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে।

(14)নং প্ৰশ্ন:-ৰাজনৈতিক আদৰ্শ হিচাপে সমতাই কি বুজা?

 Ans:-

     ৰাজনৈতিক আদৰ্শ হিচাপে সমতাই তিনিটা অধিকাৰক বুজায়।

    (1)জাতি,ধৰ্ম,বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে;

   (2)অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুবিধা পাব লাগে;

    (3)অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে।

(15)নং প্ৰশ্ন:-স্বাভাৱিক অসমতা কি বুজাই লিখা।

Ans:-

      মানুহ জন্মতে সমান তথাপি মানুহৰ মাজত থকা সামৰ্থ,প্ৰতিভা আৰু বিভিন্নতাৰ ভিত্তিত তেওঁলোকৰ মাজত স্বাভাৱিক অসমতাৰ সৃষ্টি হয়।

(16)নং প্ৰশ্ন:-সংৰক্ষণৰ ব্যৱস্থাটো স্থায়ী হোৱা উচিত নে?

Ans:-

      সমাজখন গতিশীল।সমাজৰ লগে লগে সমতাৰ পৰিৱৰ্তন হয়,তথাপিও সংৰক্ষণৰ ব্যৱস্থা স্থায়ী হোৱাটো উচিত।যাতে সকলো লোকেই সমানে উপকৃত হয়।

            __________৹৹৹৹__________

বস্তনিষ্ঠ প্ৰশ্নাৱালী:(Marks:1)

(1)নং প্ৰশ্ন:-স্বাধীনতা সমতাৰ বিৰোধী নে?(হয় বা নহয় লিখা)

Ans:-

        নহয়।

(2)নং প্ৰশ্ন:-এটা সামাজিক সমতা উল্লেখ কৰা।

Ans:-

          জাতি-উপজাতিৰ মাজত বৈষম্য নথকা।

(3)নং প্ৰশ্ন:-বেছিভাগ গণতন্ত্ৰই জনসাধাৰণক সমান সুযোগ-সুবিধা দিব বিচাৰে ।(শুদ্ধ নে অশুদ্ধ)

Ans:-

        শুদ্ধ।

(4)নং প্ৰশ্ন:-কৰ্মৰত মহিলাই মাতৃত্ব লাভৰ ছুটি পোৱা উচিত।(হয় বা নহয় লিখা)

Ans:-

        হয়।

(5)নং প্ৰশ্ন:-অৰ্থনৈতিক সমতাৰ এটা উদাহৰণ দিয়া।

Ans:-

       জীৱন ধাৰণৰ বাবে আৰ্থিক সুবিধা সকলোৱে পাব লাগে ।

(6)নংপ্ৰশ্ন:-অৰ্থনৈতিক সমতা অবিহনে  সমাজত ধনী আৰু দুখীয়া এই দুটা শ্ৰেণীৰ সৃষ্টি হয়।(শুদ্ধ নে অশুদ্ধ লিখা)

Ans:-

          অশুদ্ধ।

(7)নংপ্ৰশ্ন:-ভাৰতৰ বিখ্যাত সমাজবাদী নেতাজনৰ নাম লিখা।

Ans:-

     ৰাম মনোহৰ লোহিয়া।

(8)নং প্ৰশ্ন:-মাৰ্ক্সৰ মতে অসমতাৰ মূল কাৰণ এটাৰ নাম লিখা।

Ans:-

       অৰ্থনৈতিক।

(9)নং প্ৰশ্ন:-গণতন্ত্ৰত ৰাজনৈতিক সমতা অপৰিহাৰ্য নে?(হয় বা নহয় লিখা)

Ans:-

         হয়।

(10)নং প্ৰশ্ন:-ৰাম মানোহৰ লোহিয়া কোন মতবাদৰ সমৰ্থক আছিল?

Ans:-

          বিশিষ্ট সমাজবাদী আছিল।

(11)নং প্ৰশ্ন:- সমতাৰ এটা দিশৰ নাম লিখা।

Ans:-

        সামাজিক অধিকাৰ।

(12)নং প্ৰশ্ন:-"মানুহ প্ৰকৃতিগত ভাৱে সমান"-কোনে কৈছিল?

Ans:-

      ৰুছোৱে কৈছিল।

(13)নং প্ৰশ্ন:- দেশত বৰ্ণ বৈষম্য প্ৰচলন আছিল?

Ans:-

           দক্ষিণ আফ্ৰিকাত।

(14)বৈধ সমতাৰ দাবী উত্থাপিত হৈছিল-

(ক)১৭ শতিকাত       (খ)১৯ শতিকাত

(গ)১৮ শতিকাত          (ঘ)20 শতিকাত

Ans:-

      20 শতিকাত।

    ____________৹৹৹___________


    

     



    

     

   


                                                             


    




     

     



     





    



Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-