H.S 1st Year Political Science||POLITICAL THEORY||Chapter-2 স্বাধীনতা||Freedom(Assamese Medium Notes)

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:

ৰচনাধৰ্মী:(Marks:-6)

(1)নং প্রশ্ন:-নকৰাত্মক(নেতিবাচক)আৰু সকৰাত্মক(ইতিবাচক)স্বাধীনতাৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা।(Marks:-6)

Ans:-

       Intr:-স্বাধীনতাৰ দুটা দিশ আছে ।এটা নকৰাত্মক আৰু আন এটা সকৰাত্মক।

       নকৰাত্মক(নেতিবাচক)স্বাধীনতা:-নেতিবাচক স্বতন্ত্ৰতাই স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা আৰোপ নকৰে।নেতিবাচক স্বাধীনতাৰ মূলমন্ত্ৰ হল প্ৰত্যেক ব্যক্তিয়ে নিজৰ স্বাৰ্থ ভালদৰে বুজে।গতিকে ৰাষ্ট্ৰই তেওঁৰ কাৰ্যক নিৰ্দেশনা দিয়া বা উদ্দেশ্যত বাধা দিয়া অনুচিত।

       কিন্তু স্বাধীনতাৰ নেতিবাচক স্বাধীনতা গ্ৰহণযোগ্য নহয়।স্বতন্ত্ৰতাৰ এনে ধাৰণা সমাজত প্ৰযোজ্য হ'ব নোৱাৰে।

       সকৰাত্মক (ইতিবাচক )স্বাধীনতা:-ইতিবাচক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধাৰ কথা আলোচনা কৰে,যিবোৰে ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ইতিবাচক স্বাধীনতা তত্ত্ব ৰাষ্ট্ৰৰ কল্যাণকামী তত্ত্বৰ লগত জড়িত।ইতিবাচক স্বাধীনতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতাক বুজায়।

      সামৰণি:-গতিকে কব পাৰি যে স্বাধীনতাৰ নেতিবাচক স্বাধীনতা একপক্ষীয় আৰু সেয়েহে এনে ধাৰণা গ্ৰহণযোগ্য নহয়।বৰ্তমান ইতিবাচক স্বাধীনতাই গুৰুত্ব লাভ কৰিছে।

            _______৹৹৹______

(2)গণতন্ত্ৰত বাক্- স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে বাখ্যা কৰা।(Marks:-4)

Ans:-

      Intr:-বাক্-স্বাধীনতা হৈছে স্বকীয় মতপ্ৰকাশৰ স্বাধীনতা।বাক্ স্বাধীনতা বৰ্তমান নাগৰিকসকলৰ অন্যতম শ্ৰেষ্ঠ অধিকাৰ।

     এজন মানুহে সকলো বিষয়তে নিজৰ মতামত স্বাধীনতাভাৱে প্ৰকাশ কৰিব পৰাই হৈছে বাক্ স্বাধীনতা বা মতপ্ৰকাশৰ স্বাধীনতা।সামাজিক জীৱনত সংহতি স্থাপনৰ বাবে যেনেকৈ একান্ত প্ৰয়োজন সেইদৰে গণতন্ত্ৰক সাৰ্থক কৰিবলৈ হলেও নাগৰিক সকলৰ এই অধিকাৰ সম্পূৰ্ণ ভাৱে থকা দৰকাৰ।

    কোনো গণতান্ত্ৰিক চৰকাৰৰ শক্তি আৰু স্থায়িত্ব ঘাইকৈ নিৰ্ভৰ কৰে জনমতৰ সমৰ্থনৰ ওপৰত।নাগৰিকৰ বাক্ স্বাধীনতাই প্ৰধানতঃ বিশেষ দিশত জনমত গঠনৰ বাবে দায়ী।

   বক্তৃতাৰ সহায়ত জনমতৰ ওপৰত যিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰা যায়, অন্য কোনো উপায়ে জনমতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাযায়।গতিকে গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ বাবে নাগৰিকৰ বাক্ স্বাধীনতা বা মতপ্ৰকাশৰ স্বাধীনতাক অনুমোদন কৰাটো নিতান্তই প্ৰয়োজন।

   সামৰণি:-গতিকে কব পাৰি যে বাক্ স্বাধীনতা নাগৰিকসকলৰ অন্যতম শ্ৰেষ্ঠ অধিকাৰ।

            ___________৹৹৹_________

প্ৰশ্নৱালী:

ৰচনাধৰ্মী প্ৰশ্ন:(Marks:-6)

(1)নং প্ৰশ্ন:-স্বাধীনতা কি?স্বাধীনতাৰ অৰ্থ বাখ্যা কৰা।

Ans:-

     Intr:-স্বাধীনতাৰ ধাৰণা বিকাশ প্ৰাচীন গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰৰ সময়ৰেপৰাই বিকাশ হোৱা দেখা যায়।

    স্বাধীনতা হৈছে কোনো নিয়ন্ত্ৰণৰ অধীনত নাথাকি নাগৰিকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো কাম কৰিব পৰা ক্ষমতা।

    স্বাধীনতাৰ অৰ্থ:-স্বাধীনতা শব্দটো ইংৰাজী লিবাৰ্টি শব্দটোৰ অসমীয়া ৰূপ।লিবাৰ্টি শব্দটো লেটিন শব্দ লিবাৰ পৰা আহিছে।

      লিবাৰ শব্দৰ অৰ্থ হ'লমুক্ত বা স্বাধীন অৱস্থা।গতিকে ইংৰাজী লিবাৰ্টি শব্দই স্বাধীনতাক বুজায়।

     ৰাজনীতি বিজ্ঞানত স্বাধীনতা শব্দটো এটা বিশেষ অৰ্থতহে ব্যৱহাৰ কৰা হয়।আনৰ স্বাধীনতা হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকে স্বাধীনতা বোলা হয়।অৰ্থাৎ কিছুমান সীমাবদ্ধতাৰ মাজতহে স্বাধীনতা ভোগ কৰিব পাৰি।

     স্বাধীনতাৰ দুটা দিশ আছে,জাতীয় আৰু ব্যক্তিগত।জাতীয় স্বাধীনতা মানে ৰাষ্ট্ৰ এখন কোনো বিদেশী শক্তিৰ অধীন নোহোৱাক বুজায়।ব্যক্তিগত স্বাধীনতা ৰাষ্ট্ৰত বসবাস কৰা নাগৰৰিকসকলৰ স্বাধীনতাক বুজায়।

    সামৰণি:-গতিকে কব পাৰি যে স্বাধীনতা হৈছে মুক্ত অৱস্থা।

              ________৹৹৹_________

(2)নং প্ৰশ্ন:-স্বাধীনতাৰ সংজ্ঞা দিয়া।স্বাধীনতাৰ আদর্শসমূহ আলোচনা কৰা।

Ans:-

     Intr:-স্বাধীনতাৰ ধাৰণা বিকাশ প্ৰাচীন গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰৰ সময়ৰেপৰাই বিকাশ হোৱা দেখা যায়।

    স্বাধীনতাৰ সংজ্ঞা:-বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক চিন্তাবিদে স্বাধীনতাৰ সংজ্ঞা আগবঢ়াইছে।
   (1)অধ্যাপক লাস্কিৰ মতে"মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা"
   (2)অধ্যাপক চিলিৰ মতে"সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণা"
    মুঠতে স্বাধীনতাই এনে এক পৰিৱেশক বুজায় য'ত ব্যক্তিয়ে নিজৰ সামৰ্থ্য আৰু সৃষ্টিশীলতাৰ প্ৰয়োজনীয় বিকাশ সাধন কৰিব পাৰে।

    স্বাধীনতাৰ আদৰ্শ:-স্বাধীনতা অর্জন কৰিবৰ বাবে মানুহে যুগে যুগে সংগ্ৰাম কৰি আহিছে।বহু সময়ত মানুহে স্বাধীনতা অর্জনৰ বাবে নিজৰ জীৱন পৰ্যন্ত আহুতি দিবলৈও কুণ্ঠাবোধ নকৰে।ব্যক্তিৰ লগতে সমজেও স্বাধীনতাক গুৰুত্ব দি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে।

    স্বাধীনতাৰ হকে সংগ্ৰাম কৰা কুৰি শতিকাৰ দুজন মহান সংগ্ৰামী ব্যক্তিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।এজন দক্ষিণ আফ্ৰিকাৰ নেলছন মেণ্ডেলা আৰু ভাৰতৰ মহাত্মা গান্ধী।নেলছন মেণ্ডেলাই সেই সময়ত দক্ষিণ আফ্ৰিকাত চলি থকা বগা চাহাবসকলৰ বৰ্ণবাদী আমোলাৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন গঢ়ি তুলিছিল।তেওঁ আনকি 28 বছৰ কাল কাৰাগাৰতও থাকিব লগা হৈছিল।এইজন মহান ব্যক্তিয়ে দেশৰ স্বাধীনতা অর্জন কৰিবলৈ সমৰ্থ হৈছিল।

     আমাৰ দেশতো মহাত্মা গান্ধীৰ অহিংসাৰ আদর্শই বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিক স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হবলৈ অনুপ্ৰেৰণা দিছিল।

   সামৰণি:-সকলোৱে মৰ্যাদাপূৰ্ণ জীৱন-যাপন উদযাপন কৰিবলৈ ভয়ৰ পৰা মুক্ত হব লাগিব।

             _______৹৹৹_______

(3)নং প্ৰশ্ন:-স্বাধীনতা মানে কি বুজা?ব্যক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰ স্বাধীনতাৰ মাজৰ সম্পৰ্ক আছেনে?

Ans:-

       Intr:-স্বাধীনতাৰ ধাৰণা বিকাশ প্ৰাচীন গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰৰ সময়ৰেপৰাই বিকাশ হোৱা দেখা যায়।

     স্বাধীনতা হৈছে কোনো নিয়ন্ত্ৰণৰ অধীনত নাথাকি নাগৰিকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো কাম কৰিব পৰা ক্ষমতা।

    ব্যক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰ স্বাধীনতাৰ মাজত যথেষ্ঠ সম্পৰ্ক আছে।কাৰণ ৰাষ্ট্ৰ এখনৰ সকলো কাম-কাজ ব্যক্তিৰ ওপৰত পৰে।

    ৰাষ্ট্ৰ স্বাধীনতা মানে হৈছে কোনো বিদেশী শক্তিৰ অধীনত নাথাকি স্বাধীনভাৱে থকাটোক বুজায়।ৰাষ্ট্ৰই এখন সমাজৰ নীতি-নিয়ম,আইন-কানুন তৈয়াৰ কৰে।ৰাষ্ট্ৰই সদায় নিজৰ ৰাষ্ট্ৰত বসবাস কৰা সমাজৰ লগতে প্ৰত্যেকজন ব্যক্তিৰ প্ৰতিভা বিকাশত গুৰুত্ব দিব লাগিব।যদিহে ৰাষ্ট্ৰ এখন আন ৰাষ্ট্ৰৰ বা বিদেশী শক্তিৰ অধীনতে থাকে নিশ্চয়কৈ ব্যক্তি আৰু সমাজৰ উন্নতি দিশ ভাবিবলৈ সমস্যাৰ সৃষ্টি হ'ব।ব্যক্তিও আন বিদেশী শক্তিৰ তলতেই থাকিব লগা হব।

     সেয়েহে ব্যক্তিয়ে স্বাধীনতা পাবলৈ প্ৰথমতে ৰাষ্ট্ৰ খনৰো স্বাধীনতা থাকিব লাগিব।

     সামৰণি:-শেষত ক'ব পাৰো যে ব্যক্তি স্বাধীনতাৰ লগত ৰাষ্ট্ৰ এখনৰ স্বাধীনতা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।

          ________৹৹৹__________

(4)নং প্ৰশ্ন:-স্বাধীনতাৰ সকৰাত্মক আৰু নকৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি কি?

Ans:-

      পার্থক্যসমূহ হ'ল-

     (1)নেতিবাচক স্বাধীনতা চূড়ান্ত আৰু অ-নিয়ন্ত্ৰিত।আনহাতে সকৰাত্মক স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলিও কোৱা হয়।

      (2)নেতিবাচক স্বাধীনতাই কোনো বাধা আৰোপ কৰা প্ৰকাশ নকৰে।আনহাতে সকৰাত্মক স্বাধীনতাৰ প্ৰধান বৈশিষ্ট্য হল নিয়ন্ত্ৰণ।

    (3)নকৰাত্মক স্বাধীনতাই ব্যক্তিগত কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে।কিন্তু সকৰাত্মক স্বাধীনতাই সামাজিক দিশৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে।

    (4)উদাৰনৈতিক চিন্তাবিদসকল ব্যক্তিগত স্বাধীনতাৰ নকৰাত্মক ধাৰণাৰ সমৰ্থক।আনহাতে সমাজবাদসকলে সকৰাত্মক ধাৰণাৰ সমৰ্থক।

                ________৹৹৹_______

(5)নং প্ৰশ্ন:-সামাজিক বাধা নিষেধ মানে কি?স্বাধীনতা উপভোগৰ বাবে সামাজিক বাধা নিষেধৰ প্ৰয়োজনীয়তা আছেনে?

Ans:-

      Intr:-সমাজত সকলোৱে স্বাধীনতা উপভোগ কৰিবলৈ হলে ব্যক্তি স্বাধীনতা ওপৰত কিছু নিয়ন্ত্ৰণ থকাটো প্ৰয়োজনীয়।

     ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত চৰকাৰে জনসাধাৰণৰ স্বাধীনতাৰ ওপৰত প্ৰয়োননীয় বাধা নিষেধ আৰোপ কৰিব পাৰে।ইয়াকে সামাজিক বাধা নিষেধ বুলি কোৱা হয়।

     স্বাধীনতা উপভোগৰ ক্ষেত্ৰত সামাজিক বাধা নিষেধৰ প্ৰয়োজনীয়তাসমূহ হ'ল-

     (1)সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী চলিবলৈ হলে সমাজত বিশৃংখলতাৰ সৃষ্টি হব।তেওঁলোকৰ মাজত সম্পদ আহৰণৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰে।এনেবোৰ নিয়ন্ত্ৰণৰ বাবে স্বাধীনতাৰ ওপৰত বাধা নিষেধ থকাৰ প্ৰয়োজন।

    (2)বিভিন্ন সমস্যাই সমাজত বিবাদ সংঘটিত কৰিব পাৰে আৰু হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।গতিকে সমাজত এনে কিছুমান নীতি-নিয়ম থকা প্ৰয়োজন যিয়ে সমাজত সকলো বিবাদ নিয়ন্ত্ৰণ কৰিব পাৰে।

    (3)বাক্ স্বাধীনতা মানুহৰ মৌলিক অধিকাৰ।এই স্বাধীনতা আছে বুলিয়েই যাৰ যি মন যায় তাকে ক'ব পাৰিলে সমাজত মিলাপ্ৰীতি, ভালপোৱা আদি গুণবোৰৰ অধঃপতন হ'ব।

    (4)স্বাধীনতা উপভোগকাৰী এজন ব্যক্তিয়ে সেই স্বাধীনতাৰ পৰা যাতে বঞ্চিত নহয়,ইয়াৰ কাৰণে সামাজিক বাধা নিষেধৰ প্ৰয়োজন আছে

    সামৰণি:-স্বাধীনতা মানেই একোটা নির্দিষ্ট সীমা আছে।সমাজত ভাল পৰিৱেশৰ সৃষ্টি কৰিবৰ বাবেও স্বাধীনতা উপভোগত কিছু পৰিমানে সামাজিক বাধা-নিষেধৰ প্ৰয়োজন আছে।

           ________৹৹৹________

(6)নং প্ৰশ্ন:-স্বাধীনতা কি?স্বাধীনতা সুৰক্ষাৰ বাবে থকা বিভিন্ন উপায়বোৰ বাখ্যা কৰা।

Ans:-

      Intr:-স্বাধীনতাৰ ধাৰণা বিকাশ প্ৰাচীন গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰৰ সময়ৰেপৰাই বিকাশ হোৱা দেখা যায়।

    স্বাধীনতা হৈছে কোনো নিয়ন্ত্ৰণৰ অধীনত নাথাকি নাগৰিকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো কাম কৰিব পৰা ক্ষমতা।

    তলত উল্লেখ কৰা উপায়সমূহৰ জৰিয়তে নাগৰিক স্বাধীনতাক ৰক্ষা কৰিব পাৰি।

    (1)সংবিধান:-নাগৰিক স্বাধীনতা ৰক্ষাৰ প্ৰথম আৰু প্ৰধান উপায় হ'ল সংবিধান।ব্যক্তিস্বাধীনতাৰ ওপৰত চৰকাৰী হস্তক্ষেপৰ প্ৰতিষেধকৰূপে সংবিধানে কাম কৰে।

    (2)সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্তকৰণ:-সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট থাকিলে,সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়।

  (3)আইনৰ শাসনৰ জৰিয়তে:-আইনৰ শাসন প্ৰচলন থকাৰ কাৰণে নাগৰিকৰ অধিকাৰ ক্ষুণ্ণ নহয়।

   (4)ক্ষমতা পৃথকীকৰণ নীতিৰ জৰিয়তে:-ফৰাচী ৰাজনৈতিক বিজ্ঞানী মন্টেছকিউ মতে নাগৰিক স্বাধীনতাৰ কাৰণে বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা এটাৰ পৰা আনটো বেলেগ আৰু স্বাধীন হ'ব লাগে।

  সামৰণি:-গতিকে কব পাৰি যে নাগৰিক সকল সচেতন নহলে ওপৰত আলোচনা কৰা ব্যৱস্থাসমুহ থাকিলেও নাগৰিকৰ স্বাধীনতা খৰ্ব হ'ব পাৰে।তাৰ বাবে নাগৰিকসকল চিৰ সজাগতা হ'ব লাগিব।

             _______৹৹৹_______

(7)নং প্ৰশ্ন:-স্বাধীনতাৰ সংজ্ঞা লিখি ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা।

Ans:-

     Intr:-স্বাধীনতাৰ ধাৰণা বিকাশ প্ৰাচীন গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰৰ সময়ৰেপৰাই বিকাশ হোৱা দেখা যায়।

    স্বাধীনতাৰ সংজ্ঞা:-বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক চিন্তাবিদে স্বাধীনতাৰ সংজ্ঞা আগবঢ়াইছে।
   (1)অধ্যাপক লাস্কিৰ মতে"মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা"
   (2)অধ্যাপক চিলিৰ মতে"সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণা"
    মুঠতে স্বাধীনতাই এনে এক পৰিৱেশক বুজায় য'ত ব্যক্তিয়ে নিজৰ সামৰ্থ্য আৰু সৃষ্টিশীলতাৰ প্ৰয়োজনীয় বিকাশ সাধন কৰিব পাৰে।

     স্বাধীনতাৰ শ্ৰেণীবিভাজন:-স্বাধীনতাৰ শ্ৰেণীবিভাজন তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

      (1)প্ৰাকৃতিক স্বাধীনতা:-ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা উপভোগ কৰিছিল, তাকেই প্ৰাকৃতিক স্বাধীনতা বোলা হয়।ৰাষ্ট্ৰৰ মাজতে থকা প্ৰাকৃতিক স্বাধীনতাক প্ৰকৃত অৰ্থত স্বাধীনতা আখ্যা দিয়া নহয়।

     (2)নাগৰিক স্বাধীনতা:-ৰাষ্ট্ৰৰ পৰাই নাগৰিক সকলে এই স্বাধীনতা পাই আৰু এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণাবেক্ষণ দিয়ে।

     (3)ৰাজনৈতিক স্বাধীনতা:-ভোটদানৰ স্বাধীনতা, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰি কাৰণে আবেদন কৰাৰ স্বাধীনতা আদিক ৰাজনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়।

     (4)অৰ্থনৈতিক স্বাধীনতা:-কামৰ অধিকাৰ, উপযুক্ত মজুৰিৰ অধিকাৰ,জিৰণিৰ অধিকাৰ আদিক অৰ্থনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়।

     (5)ৰাষ্ট্ৰীয় স্বাধীনতা:-ৰাষ্ট্ৰীয় স্বাধীনতাই কোনো দেশক আন দেশৰ তলতীয়া নোহোৱাক বুজায়।

     সামৰণি:-ওপৰত উল্লেখ কৰা বিভিন্ন স্বাধীনতাসমূহ এজন নাগৰিকৰ বাবে অতি গুৰুত্বপূৰ্ণ।

            __________৹৹৹৹_________

(8)নং প্ৰশ্ন:-নাগৰিকৰ স্বাধীনতা ৰক্ষণাবেক্ষণত ৰাষ্ট্ৰৰ ভূমিকা কি?

Ans:-

      Intr:-নাগৰিকে স্বাধীনতা উপভোগ কৰে ৰাষ্ট্ৰ এখনত বসবাস কৰিয়েই।নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ যথেষ্ঠ ভূমিকা আছে।

    ৰাষ্ট্ৰৰ পৰাই নাগৰিকে স্বাধীনতা পায় আৰু ৰাষ্ট্ৰইহে নাগৰিকসকলক অধিকাৰ ভোগৰ কাৰণে দৰকাৰী ৰক্ষণাবেক্ষণ দিব পাৰে।

     নাগৰিকৰ স্বাধীনতা খৰ্ব নহবৰ বাবে সেইসমূহ সংবিধানত লিপিবদ্ধ কৰা হৈছে।আইন উলংঘা কৰাৰ অপৰাধৰ বাহিৰে আন কোনো ব্যক্তিকে আটক কৰিব পৰা নাযায়।

    কোনো এজন ব্যক্তিয়ে স্বাধীনতা উপভোগ কৰোতে যাতে আন এজন ব্যক্তিৰ স্বাধীনতা উপভোগ কৰা বাধা নাহে তাৰ বাবে ৰাষ্ট্ৰই স্বাধীনতাৰ ওপৰত আইনগত বাধা নিষেধ আৰোপ কৰিব পাৰে।

    সামৰণি:-গতিকে কব পাৰি যে নাগৰিকৰ স্বাধীনতাত ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

            _________৹৹৹৹_________

(9)নং প্ৰশ্ন:-মতপ্ৰকাশৰ স্বাধীনতা কি?তোমাৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি কি?উদাহৰণ দিয়া।

Ans:-

     মতপ্ৰকাশ অৰ্থাৎ বাক্ স্বাধীনতা হৈছে স্বকীয় মত প্ৰকাশৰ স্বাধীনতা।বাক্ স্বাধীনতা বৰ্তমান নাগৰিকসকলৰ অন্যতম শ্ৰেষ্ঠ অধিকাৰ।

    মতপ্ৰকাশৰ স্বাধীনতা বুলিলে কেৱল মাত্ৰ কথা কোৱা স্বাধীনতানকে নুবুজায়।ইয়াৰ লগত সংবাদ মাধ্যম,টেলিভিছন, চিনেমা আদিও ওতঃপ্ৰোতভাৱে জড়িত।এই মতপ্ৰকাশৰ স্বাধীনতা সাৰ্বজনীন নহয়।

     যদি বাক্ স্বাধীনতা ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে নাইবা অন্যান্য নাগৰিকসকলৰ অধিকাৰ বজায় ৰাখিবৰ বাবে ক্ষতিকাৰক হয়, তেন্তে ৰাষ্ট্ৰই সেই অধিকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে।

    বিশেষকৈ যুদ্ধ অথবা জৰুৰী অৱস্থাৰ সময়ত ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে নাগৰিকৰ এই অধিকাৰক নিয়ন্ত্ৰণ কৰা ৰাষ্ট্ৰৰ বাবে একান্ত আৱশ্যক হৈ পৰে।

    1963 চনৰ ষোড়শ সংশোধনৰ ফলত ভাৰত চৰকাৰে ভাৰতৰ সংহতিৰ স্বাৰ্থত বাক্-স্বাধীনতাৰ ওপৰত যুক্তিসংগত বাধা- নিষেধ আৰোপ কৰিব পাৰে।

    উদাহৰণস্বৰূপে আমাৰ স্বাধীনতা ভাৱে কথা কোৱাৰ অধিকাৰ আছে বুলিয়ে আমি যি খুচি তাকে কৰিব পাৰো নাইবা আনক অপমান কৰিব বিচাৰো সেইটোক কেতিয়াও ৰাষ্ট্ৰই সমৰ্থন নকৰে।

    সামৰণি:-গতিকে কব পাৰি যে বাক্-স্বাধীনতাৰ যুক্তিসংগত বাধা থকাটো গুৰুত্বপূৰ্ণ।

                ________৹৹৹৹_________

(10)নং প্ৰশ্ন:-মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা বাখ্যা কৰা।

Ans:-

     Intr:-গান্ধীবা দৰ অন্যতম এটা ধাৰণা হ'ল স্বাধীনতা বা স্বৰাজ।এই শব্দটোৱে ভাৰতৰ ৰাজনৈতিক চিন্তাধাৰাত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।

    " স্বৰাজ"এই শব্দটো "স্ব"আৰু "ৰাজ"এই শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ধাৰণা।"স্ব"মানে নিজা আৰু "ৰাজ"শব্দৰ অৰ্থ হ'ল শাসন।অৰ্থাৎ স্বৰাজ মানে হল নিজে নিজক শাসন কৰা।

     গান্ধীৰ মতে স্বৰাজ হ'ল সত্যৰ এটা অংশ।এই ধাৰণাটোৰ জৰিয়তে গান্ধীজীয়ে স্বৰাজক এটা নৈতিক ৰূপ দিছে।

    স্বৰাজৰ দুটা দিশ আছে।প্ৰথমতে স্বৰাজে অৰ্থনৈতিক ক্ষেত্ৰৰ স্ব-নিৰ্ভৰশীলতাক বুজায়।দ্বিতীয় তে ৰাজনৈতিক স্তৰত ইয়াৰ লক্ষ্য হল "স্ব"শাসন অথবা স্বাধীনতা।

    ভাৰতৰ জনসাধাৰণ স্বৰাজৰ আদৰ্শৰে বৰকৈ প্ৰভাৱিত হৈছিল।জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিল।

    গান্ধীজীয়ে মানুহে মানুহক শোষণ কৰাটো সহ্য কৰিব পৰা নাছিল।তেওঁৰ মতে মানুহে নিজকে নিজে শাসন কৰিব পৰাটোৱেই স্বৰাজ।

   সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে এখন স্বাধীন সমাজেহে ব্যক্তিক নিজৰ বিচাৰ বুদ্ধিৰে কাম কৰিবলৈ প্ৰেৰণা যোগাব পাৰে।

             _________৹৹৹৹________

(11)নং প্ৰশ্ন:-স্বাধীনতা উপভোগৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ উৎসসমূহ বাখ্যা কৰা।

Ans:-

      Intr:-স্বাধীনতাৰ যুক্তিসংগত বাধা থকাটো প্ৰয়োজন।এই বাধাসমূহৰ কিছুমান উৎস আছে।

   ইয়াৰ উৎসসমূহ হ'ল-

     (1)বাহ্যিক নিয়ন্ত্ৰণ আৰু স্বচ্ছাচাৰী শাসন ইয়াৰ অন্যতম বাধাৰ উৎস।

     (2)কোনো চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে ব্যক্তিৰ স্বাধীনতাৰ উপভোগৰ ক্ষেত্ৰত প্ৰয়োজনীয় বাধা আৰোপ কৰিব পাৰে।

     (3)ৰাষ্ট্ৰ তথা ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত চৰকাৰে জনসাধাৰণৰ স্বাধীনতাৰ ওপৰত প্ৰয়োজনীয় বাধা নিষেধ আৰোপ কৰিব পাৰে।

     (4)সমাজত প্ৰচলিত অসমতাৰ ফলতো নাগৰিকৰ স্বাধীনতাৰ উপভোগৰ ক্ষেত্ৰত সীমাবদ্ধতা আহি পৰে।

    সামৰণি:-স্বাধীনতাৰ সীমাবদ্ধতা থাকিলেহে সকলোৱে সমভাৱে স্বাধীনতা উপভোগ কৰিব পাৰিব।

          _____________৹৹৹৹৹___________

(12)নং প্ৰশ্ন:-উদাৰতাবাদ মানে কি বুজা?উদাৰতাবাদৰ বিকাশ সম্পর্কে আলোচনা কৰা।

Ans:-

     Intr:-উদাৰতাবাদে ৰাজনীতি বিজ্ঞানৰ বিকাশত এক নৱধাৰাৰ সংযোজন কৰিছে বুলি বহুতে মতপ্ৰকাশ কৰে।

      সাধাৰণতে যি আদর্শই ব্যক্তিক বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্ৰচলিত সমাজব্যৱস্থাৰ সংস্কাৰৰ ওপৰত প্ৰাধান্য দিয়ে,তাক উদৰতাবাদ বোলা হয়।

     উদৰতাবাদৰ বিকাশ:-উদাৰতাবাদ এটা পুৰণি ধাৰণা।উদাৰতাবাদৰ জন্ম গ্ৰীচ দেশত হৈছিল যদিও পিছত এই ধৰণৰ বিকাশ আন দেশলৈ সম্প্ৰসাৰণ হয়।উদাৰতা বিকাশত যিবিলাক ঐতিহাসিক ঘটনা আৰু ধাৰণাই বৰঙণি যোগাইছে সেইবিলাক হ'ল-

       (1)ষোল শতিকাৰ ধৰ্ম সংস্কাৰ আন্দোলন;

       (2)শিল্প বিপ্লৱ;

       (3)আমেৰিকাৰ বিপ্লৱ;

       (4)ফৰাচী বিপ্লৱ;

      উদাৰনৈতিক ধাৰণাত বিকাশত সোতৰ আৰু ওঠৰ শতিকাত আন কিছুমান ধাৰণাই প্ৰভাৱ বিস্তাৰ কৰিছিল।সেইবোৰ হ'ল-

     (1)ইউৰোপত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সংসদীয় শক্তিৰ উত্থান;

     (2)বিশ্ব বাণিজ্যৰ প্ৰসাৰতা;

     (3)পুঁজিপতি শ্ৰেণীৰ বিকাশ;

     (4)ৰাজনৈতিক আৰু সামাজিক নৱজাগৰণৰ।

     সাধাৰণতে ইংলেণ্ড আৰু ফ্ৰান্সক উদাৰতাবাদৰ কেন্দ্ৰস্থল বুলি কোৱা হয়।এই দুখন দেশত প্ৰথমতে প্ৰচলিত মধ্যযুগীয়া চিন্তাৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হয়।ফৰাচী বিপ্লৱে পোন প্ৰথমে বিশ্বৰ মানুহক গণতন্ত্ৰৰ প্ৰতি আকৃষ্ট কৰে।

    সামৰণি:-এইদৰে বিভিন্ন ধাৰণাৰ ওপৰত ভিত্তি কৰি উদাৰনৈতিক চিন্তাধাৰা তথা উদাৰতাবাদৰ আৰম্ভণি হৈছিল।

         _________৹৹৹_________

(13)নং প্ৰশ্ন:-আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহৰ বিৱৰণ দিয়া।

Ans:-

      Intr:-ইতিবাচক উদাৰতাবাদক আধুনিক বা নতুন উদাৰতাবাদ বুলি কোৱা হয়।

     আধুনিক উদাৰতাবাদৰ মূলনীতিসমূহ হ'ল-

       (1)প্ৰাকৃতিক অধিকাৰ:-আধুনিক উদাৰতাবাদে ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

      (2)ধৰ্ম নিৰপেক্ষতা:-ই ধৰ্মৰ ক্ষেত্রত নিৰপেক্ষতা অৱলম্বন কৰে।ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম থাকিব নোৱাৰে।

      (3)স্বাধীন ব্যক্তি:-ব্যক্তিয়ে নিজৰ নিজেই ভাল-বেয়া বিচাৰ কৰিব পাৰে,সেয়েহে কোনো ব্যক্তিয়ে কোনো ব্যক্তিৰ ওপৰত নিজৰ কৰ্তৃত্ব আৰোপ কৰিব নোৱাৰে।

     (4)ৰাষ্ট্ৰৰ সীমিত কাৰ্য্য:-আধুনিক উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্য্য সীমিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

     (5)জনমত প্ৰতিফলন:-উদাৰতাবাদে সংসদীয় চৰকাৰক অধিক শক্তিশালী কৰাৰ মতপোষণ কৰে।

    (6)মানৱ বিকাশ:-আধুনিক উদাৰতাবাদে মানৱ জাতিৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে।

    সামৰণি:-ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে আধুনিক উদাৰতাবাদৰ এটা সমাজবাদী দিশ আছে।

             ________৹৹৹________

(14)নং প্ৰশ্ন:-স্বাধীনতা কি?তোমাৰ মতে স্বাধীনতা ৰক্ষাৰ আটাইতকৈ উত্তম উপায়টো কি?চমুকৈ বাখ্যা কৰা।

Ans:-

      Intr:-স্বাধীনতাৰ ধাৰণা বিকাশ প্ৰাচীন গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰৰ সময়ৰেপৰাই বিকাশ হোৱা দেখা যায়।

     স্বাধীনতা হৈছে কোনো নিয়ন্ত্ৰণৰ অধীনত নাথাকি নাগৰিকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো কাম কৰিব পৰা ক্ষমতা।

    ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ।গণতান্ত্ৰিক শাসন ব্যৱস্থাত স্বাধীনতা ৰক্ষা কৰাৰ বিভিন্ন ব্যৱস্থা আছে।সকলোবোৰ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও মই ভাবো "সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভূক্তিকৰণ"এই উপায়টো আটাইতকৈ উত্তম।

     সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভূক্তিকৰণ:-সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভূক্তিকৰণ কৰি নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব পাৰি।সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলে, সেই আধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়।বাদযোগ্য মৌলিক অধিকাৰ থাকিলেও সেই আধিকাৰৰ ওপৰত অযথা হস্তক্ষেপ কৰিব পৰা নাযায়।গতিকে সংবিধানত মৌলিক অধিকাৰক সন্নিৱিষ্ট কৰি নাগৰিক স্বাধীনতাক অক্ষুন্ন ৰাখিব পাৰি।

    সামৰণি:-স্বাধীনতা ৰক্ষাৰ উপায়সমূহৰ ভিতৰত কেৱল এই উপায়টো অৱলম্বন কৰিলেই স্বাধীনতা ৰক্ষা কৰা হয় নাযায়।ইয়াৰ বাবে আন উপায়ৰ লগতে চিৰ সজাগতা আটাইতকৈ প্ৰয়োজন।

              _______৹৹৹________

(15)নং প্ৰশ্ন:-সমাজত বাস কৰা ব্যক্তিয়ে কোনো বাধা নোহোৱাকৈ জীৱন-যাপন কৰিব পাৰেনে?যদি নোৱাৰে কিয়?

Ans:-

     Intr:-সমাজ এখনত বাস কৰা ব্যক্তিয়ে কোনো বাধা নোহোৱাকৈ জীৱন-যাপন কেতিয়াও কৰিব নোৱাৰে।সকলোৱে সমভাৱে স্বাধীনতা উপভোগ কৰিবলৈ যুক্তিসংগত বাধা থাকিবই লাগিব।

    সমাজত প্ৰতিজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী চলিবলৈ হ'লে সমাজত বিশৃংখলাতাৰ সৃষ্টি হ'ব।বন্ধনৰ ভয়েহে মানুহক স্বাধীনতাৰ প্ৰতি সচেতন হ'বলৈ শিকায়।এনে ধৰণৰ বাধা নিষধেহে মানুহক নিৰাপত্তাহীনতাৰ পৰা মুক্ত কৰি সমাজত এক অনুকূল পৰিৱেশ আনি দিয়ে।ফলত মানুহে নিজৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ সক্ষম হয়।

    বিভিন্ন সমস্যাই সমাজত বিবাদ সংঘটিত কৰিব পাৰে।গতিকে সমাজত এনে কিছুমান নীতি-নিয়ম থকাৰ প্ৰয়োজন যিয়ে সমাজত শান্তি তথা সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।

     কোনো এজন ব্যক্তি বাধা নোহোৱাকৈ সমাজত জীৱন-যাপন কৰিব বিচাৰে তেন্তে একে স্বাধীনতাৰ অধিকাৰী অন্য এজন ব্যক্তিয়ে সেই স্বাধীনতাৰ পৰা বঞ্চিত হ'ব।

    সামৰণি:-গতিকে কব পাৰি যে কোনো ব্যক্তিয়েই বাধা নোহোৱাকৈ জীৱন-যাপন কৰিব নোৱাৰে।তেনে কৰিলে সমাজত বিশৃংখলতাৰ সৃষ্টি হ'ব।

              ________৹৹৹_______

চমু উত্তৰৰ প্ৰশ্ন:(Marks:4)

(1)নং প্ৰশ্ন:-স্বাধীনতাৰ আদৰ্শ সম্পৰ্কে এটা টোকা লিখা।

Ans:-

     Intr:-এখন আধুনিক ৰাষ্ট্ৰৰ ব্যক্তিত্ব বিকাশৰ বাবে স্বাধীনতা এটা অতি প্ৰয়োজনীয় উপাদান।

    স্বাধীনতা অর্জন কৰাৰ বাবে যুগে যুগে মানুহে সংগ্ৰাম কৰি আহিছে।বহুসময়ত মানুহে স্বাধীনতা অর্জনৰ বাবে নিজৰ জীৱন আহুতি দিবলৈও কুণ্ঠাবোধ কৰা নাই।

   স্বাধীনতা হকে সংগ্ৰাম কৰা কুৰি শতিকাৰ দুজন মহান সংগ্ৰামী ব্যক্তিৰ নাম বিশেভাৱে উল্লেখযোগ্য।এজন দক্ষিণ আফ্ৰিকাৰ নেলছন মেণ্ডেলা আৰু আনজন ভাৰতৰ মহাত্মা গান্ধী।

    নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী শাসক শ্ৰেণীৰ অত্যাচাৰ আৰু নিষ্ঠুৰতাৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন গঢ়ি তুলি দেশৰ স্বাধীনতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল।

    মহাত্মা গান্ধীও অহিংসাৰ আদর্শই বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিক স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ অনুপ্ৰেৰণা যোগাইছিল।

    সামৰণি:-মুঠতে আমি সকলোৱে এক মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে ভয়ৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব লাগিব।

                ______৹৹৹৹______

(2)নং প্ৰশ্ন:-সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ ধাৰণা বাখ্যা কৰা।

Ans:-

      Intr:-নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্বাধীনসংগ্ৰামত বহুতো ভূমিকা আছে।

    সুভাষ চন্দ্ৰ বসুৰ মতে স্বাধীনতাৰ বিভিন্ন অৰ্থ আছে আৰু এক বিৱৰ্তনৰ মাজেৰে গতি কৰিছে।তেওঁৰ ধাৰণা মতে স্বাধীনতা মানে হৈছে সম্পূৰ্ণ স্বতন্ত্ৰা অৰ্থাৎ ব্যক্তি আৰু সমাজৰ স্বতন্ত্ৰা, ধনী আৰু দুখীয়াৰ স্বতন্ত্ৰা,পুৰুষ আৰু নাৰীৰ স্বতন্ত্ৰা, ব্যক্তি আৰু শ্ৰেণীৰ স্বতন্ত্ৰা।

    স্বাধীনতানতাই কোনো ৰাজনৈতিক দাসত্বৰ পৰা মুক্ত হোৱাকে নুবুজায়, ই সম্পদৰ সমবিতৰণ,সামাজিক অসমতা আদিক বুজায়।

    সামৰণি:-তেওঁৰ মতে ওপৰত আলোচনা কৰা আদৰ্শইহে আত্মাক তৃপ্তি দিব পাৰে।

              ________৹৹৹_______

(3)নং প্ৰশ্ন:-মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণাৰ বিষয়ে লিখা।

Ans:-

      Intr:-গান্ধীবাদৰ অন্যতম এটা ধাৰণা হ'ল স্বাধীনতা বা স্বৰাজ।

    " স্বৰাজ"এই শব্দটো "স্ব"আৰু "ৰাজ"এই শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ধাৰণা।"স্ব"মানে নিজা আৰু "ৰাজ"শব্দৰ অৰ্থ হ'ল শাসন।অৰ্থাৎ স্বৰাজ মানে হল নিজে নিজক শাসন কৰা।

     গান্ধীৰ মতে স্বৰাজ হ'ল সত্যৰ এটা অংশ।এই ধাৰণাটোৰ জৰিয়তে গান্ধীজীয়ে স্বৰাজক এটা নৈতিক ৰূপ দিছে।

    স্বৰাজৰ দুটা দিশ আছে।প্ৰথমতে স্বৰাজে অৰ্থনৈতিক ক্ষেত্ৰৰ স্ব-নিৰ্ভৰশীলতাক বুজায়।দ্বিতীয় তে ৰাজনৈতিক স্তৰত ইয়াৰ লক্ষ্য হল "স্ব"শাসন অথবা স্বাধীনতা।

    গান্ধীজীয়ে মানুহে মানুহক শোষণ কৰাটো সহ্য কৰিব পৰা নাছিল।তেওঁৰ মতে মানুহে নিজকে নিজে শাসন কৰিব পৰাটোৱেই স্বৰাজ।

   সামৰণি:-ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে এখন স্বাধীন সমাজেহে ব্যক্তিক নিজৰ বিচাৰ বুদ্ধিৰে কাম কৰিবলৈ প্ৰেৰণা যোগাব পাৰে।

             _________৹৹৹৹________

(4)নং প্ৰশ্ন:-উদাৰতাবাদৰ গুৰুত্ব সম্পৰ্কে বাখ্যা কৰা।

Ans:-

     Intr:-অন্যতম ৰাষ্ট্ৰদৰ্শন হিচাপে উদাৰতাবাদৰ অপৰিসীম মূল্য আছে।

    (1)ৰাষ্ট্ৰ চিন্তাৰ ক্ষেত্ৰত ই এক নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে।

    (2)সাম্য, স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দৰ্শনত প্ৰথম উচ্চাৰিত হয়।

    (3)এই মতবাদে গণতান্ত্ৰিক ধ্যান-ধাৰণা আৰু আদৰ্শৰ প্ৰতি আস্থা পোষণ কৰে।

   (4)মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আবেদন তাৎপৰ্যপূৰ্ণ।

    সামৰণি:-অৱশেষত কব পাৰি যে সমাজ আৰু সভ্যতাৰ নতুন মূল্যায়নত উদাৰনৈতিক দৰ্শনৰ গুৰুত্ব উল্লেখযোগ্য।

          __________৹৹৹৹__________

(5)নং প্ৰশ্ন:-উদাৰতাবাদৰ যিকোনো চাৰিটা ক্ৰুটি উল্লেখ কৰা।

Ans:-

     Intr:-ৰাজনৈতিক বিকাশত উদাৰতাবাদৰ গুৰুত্ব যদিও আছে কিছুমান ক্ৰুটিও দেখা যায়।

    (1)ৰক্ষণশীল:-উদাৰতাবাদক প্ৰতিক্ৰিয়াশীল ধাৰণা বুলি অভিহিত কৰা হৈছে।

    (2)অ-বৈজ্ঞানিক:-উদাৰতাবাদ এটা বিজ্ঞানসন্মত ধাৰণা নহয়।

   (3)বাস্তৱসন্মত নহয়:-এই মতবাদ ব্যৱহাৰিক নহয়।

    (4)ব্যক্তিবাদী দৰ্শন:-উদাৰতাবাদ প্ৰকৃত অৰ্থত এটা ব্যক্তিবাদী ধাৰণা।

    সামৰণি:-উদাৰতাবাদৰ দোষ থাকিলেও এই ধাৰণাকঅস্বীকাৰ কৰিব নোৱাৰি।

            ___________৹৹৹৹________

(6)নং প্ৰশ্ন:-স্বাধীনতাৰ শ্ৰেণী বিভাগ কৰা।

Ans:-

       (1)নাগৰিক স্বাধীনতা:-ৰাষ্ট্ৰৰ পৰাই নাগৰিক সকলে এই স্বাধীনতা পাই আৰু এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণাবেক্ষণ দিয়ে।

     (2)ৰাজনৈতিক স্বাধীনতা:-ভোটদানৰ স্বাধীনতা, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰি কাৰণে আবেদন কৰাৰ স্বাধীনতা আদিক ৰাজনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়।

     (3)অৰ্থনৈতিক স্বাধীনতা:-কামৰ অধিকাৰ, উপযুক্ত মজুৰিৰ অধিকাৰ,জিৰণিৰ অধিকাৰ আদিক অৰ্থনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়।

     (4)ৰাষ্ট্ৰীয় স্বাধীনতা:-ৰাষ্ট্ৰীয় স্বাধীনতাই কোনো দেশক আন দেশৰ তলতীয়া নোহোৱাক বুজায়।

            __________৹৹৹৹_________

(7)নং প্ৰশ্ন:-নাগৰিক স্বাধীনতা বুলিলে কি বুজা?চমুকৈ আলোচনা কৰা।

Ans:-

     নাগৰিক সকলৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ।এই সুযোগ -সুবিধাবোৰক নাগৰিক স্বাধীনতা বোলা হয়।

       ৰাষ্ট্ৰৰ পৰাই নাগৰিক সকলে এই স্বাধীনতা পাই আৰু এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণাবেক্ষণ দিয়ে।

      জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, মতপ্ৰকাশৰ অধিকাৰ, ধর্মীয় অধিকাৰ, স্বাধীনতাভাৱে ভ্ৰমণ কৰাৰ অধিকাৰ আদিক নাগৰিক অধিকাৰ আখ্যা দিয়া হয়।

      লিখিত সংবিধানত থকা দেশত সংবিধানতে এনে কিছুমান স্বাধীনতা সন্নিৱিষ্ট কৰা থাকে।নাগৰিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰৰ এটা উল্লেখযোগ্য অধিকাৰ।

    সামৰণি:-গতিকে কব পাৰি যে নাগৰিক অধিকাৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ।

            __________৹৹৹৹_________

(8)নং প্ৰশ্ন:-স্বাধীনতা ৰক্ষাৰ চাৰিটা উপায় উল্লেখ কৰা।

Ans:-

    Intr:- বিভিন্ন উপায়ৰ জৰিয়তে নাগৰিক স্বাধীনতাক ৰক্ষা কৰিব পাৰি।

    (1)সংবিধান:-নাগৰিক স্বাধীনতা ৰক্ষাৰ প্ৰথম আৰু প্ৰধান উপায় হ'ল সংবিধান। 

    (2)সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্তকৰণ:-সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট থাকিলে,সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়।

  (3)আইনৰ শাসনৰ জৰিয়তে:-আইনৰ শাসন প্ৰচলন থকাৰ কাৰণে নাগৰিকৰ অধিকাৰ ক্ষুণ্ণ নহয়।

   (4)ক্ষমতা পৃথকীকৰণ নীতিৰ জৰিয়তে:-ফৰাচী ৰাজনৈতিক বিজ্ঞানী মন্টেছকিউ মতে নাগৰিক স্বাধীনতাৰ কাৰণে বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা এটাৰ পৰা আনটো বেলেগ আৰু স্বাধীন হ'ব লাগে।

  সামৰণি:-গতিকে কব পাৰি যে নাগৰিক সকল সচেতন নহলে ওপৰত আলোচনা কৰা ব্যৱস্থাসমুহ থাকিলেও নাগৰিকৰ স্বাধীনতা খৰ্ব হ'ব পাৰে।তাৰ বাবে নাগৰিকসকল চিৰ সজাগতা হ'ব লাগিব।

             _______৹৹৹_______

(9)নং প্ৰশ্ন:-নকৰাত্মক স্বাধীনতাৰ ধাৰণা সম্পৰ্কে বাখ্যা কৰা।

  Ans:-

        Intr:-স্বাধীনতাৰ দুটা দিশ আছে ।এটা নকৰাত্মক আৰু আন এটা সকৰাত্মক।

       নকৰাত্মক(নেতিবাচক)স্বাধীনতা:-নেতিবাচক স্বতন্ত্ৰতাই স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা আৰোপ নকৰে।

        নেতিবাচক স্বাধীনতাৰ মূলমন্ত্ৰ হল প্ৰত্যেক ব্যক্তিয়ে নিজৰ স্বাৰ্থ ভালদৰে বুজে।গতিকে ৰাষ্ট্ৰই তেওঁৰ কাৰ্যক নিৰ্দেশনা দিয়া বা উদ্দেশ্যত বাধা দিয়া অনুচিত।

       স্বাধীনতাৰ এই ধাৰণাই অ-হস্তক্ষেপ নীতিৰ পৃষ্ঠপোষকতা কৰে।

      কিন্তু স্বাধীনতাৰ এই ধাৰণা একপক্ষীয়।সেয়ে এই ধাৰণা গ্ৰহণযোগ্য নহয়।

     সামৰণি:-গতিকে কব পাৰি যে এই ধাৰণা সমাজত প্ৰযোজ্য হ'ব নোৱাৰে।

               _______৹৹৹৹_________

(10)নং প্ৰশ্ন:-মতপ্ৰকাশৰ স্বাধীনতাৰ সম্পৰ্কত জন ষ্টুৱাৰ্ট মিলৰ ধাৰণা বাখ্যা কৰা।

Ans:-

     Intr:-মতপ্ৰকাশৰ স্বাধীনতা বৰ্তমান নাগৰিক সকলৰ অন্যতম শ্ৰেষ্ঠ অধিকাৰ।

    জন ষ্টুৱাৰ্ট মিলে তেওঁৰ "On liberty" নামৰ গ্ৰন্থত ব্যক্তিৰ মতামত স্বাধীনতাৰ সমর্থনত কৈছিল যে"যিসকল ব্যক্তিয়ে অসত্য বা ভ্ৰান্ত ধাৰণাক সমৰ্থন কৰে সেই সকল ব্যক্তিৰো মতপ্ৰকাশৰ স্বাধীনতা আছে।"

     মতপ্ৰকাশৰ সমৰ্থনত মিলে চাৰিটা যুক্তি দাঙি ধৰিছে।

    (1)কোনো ধাৰণা বা মতামত অসত্য হ'ব নোৱাৰে।বহু সময়ত অসত্য বুলি বিবেচিত ধাৰণাৰ মাজতো সত্য লুকাই থাকে।

    (2)সত্য নিজে নিজে প্ৰকাশ নহয়।বিৰোধ আৰু বিতৰ্কৰ মাজেৰেহে প্ৰকৃত সত্য উদ্ঘাটন হয়।

    (3)বিৰোধ আৰু বিতৰ্কৰ মাজেৰে উদ্ঘাটন হোৱা মতামত বিশ্বাসযোগ্য বুলি বিশ্বাস কৰিব পাৰে।

    (4)কোনো এটা সময়ত কোনো এখন সমাজে মিছা বুলি বিবেচনা কৰা মতামত পৰৱৰ্তী সময়ত সঁচা বুলি পৰিণত হ'ব পাৰে।

    সামৰণি:-মতপ্ৰকাশৰ বিষয়ে মিলে আগবঢ়োৱা যুক্তি কেইটা গুৰুত্বপূৰ্ণ।

             _________৹৹৹___________

(11)নং প্ৰশ্ন:-"চিৰন্তন সতৰ্কতা স্বাধীনতাৰ মূল"-মন্তব্য দিয়া।

Ans:-

         Intr:-আমাৰ সংবিধানত স্বাধীনতা ৰক্ষাৰ বহুতো উপায় অৱলম্বন কৰিছে।যদিও চিৰন্তন সতৰ্কতা স্বাধীনতাৰ মূল মন্ত্ৰ।

      নাগৰিকসকল ৰাজনৈতিকভাৱে সচেতন নহ'লে স্বাধীনতা ৰক্ষাৰ আন উপায় থাকিলেও নাগৰিকৰ স্বাধীনতা খৰ্ব হ'ব পাৰে।

     চৰকাৰৰ যদি বিশ্বাস হয় যে নাগৰিক সকল ৰাজনৈতিক ভাৱে সচেতন নহয় আৰু তেওঁলোকে ব্যক্তি স্বাধীনতা ৰ ওপৰত হস্তক্ষেপ কৰিলেও তেওঁলোকে তাৰ প্ৰতিবাদ নকৰে, তেতিয়া চৰকাৰে দলীয় স্বাৰ্থৰ খাতিৰত নাইবা আন কোনো কাৰণত নাগৰিকৰ স্বাধীনতাৰ ওপৰত অযথা হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব পাৰে।

     কিন্তু ৰাজনৈতিকভাৱে সচেতন নাগৰিকৰ ব্যক্তি স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিলে তেনে হস্তক্ষেপৰ প্ৰতিবাদ নোহোৱাকৈ নাথাকে।

     সেয়েহে চিৰন্তন সতৰ্কতাকেই স্বাধীনতাৰ চাবি-কাঠি আখ্যা দিয়া হয়।

      সামৰণি:-গতিকে কব পাৰি যে যদিও স্বাধীনতা ৰক্ষাৰ বিভিন্ন উপায় আছে ,চিৰসজাগতা নহলে এই উপায়বোৰ অথলে যাব।

              ___________৹৹৹_________

(12)নং প্ৰশ্ন:-অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বতন্ত্ৰতা কেনেদৰে পৰস্পৰ সম্পৰ্কযুক্ত?

Ans:-

     Intr:-অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতা এটাৰ আনটো পৰিপূৰক।এটাক বাদ দি আন এটা কেতিয়াও কৃতকার্য হ'ব নোৱাৰে।

    নাগৰিক সকলৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ।যিবোৰ নাগৰিকে ৰাষ্ট্ৰৰ পৰা পায় আৰু ৰাষ্ট্ৰই ৰক্ষণাবেক্ষণ দিয়ে।যেনে জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, মতপ্ৰকাশৰ অধিকাৰ, স্বাধীনতাভাৱে ভ্ৰমণ কৰাৰ অধিকাৰ।

     কিন্তু এই অধিকাৰসমূহে কৃতকার্যতা লাভ কৰিব যদিহে অৰ্থনৈতিক অধিকাৰ থাকে।কোনো সমস্যাৰ ওপৰত স্বাধীনতা যেনে দৰকাৰ জীয়াই থকাৰ বাবে খাদ্য,বাসস্থান,বস্ত্ৰ আদিৰো দৰকাৰ।

    অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন।অৰ্থনৈতিক স্বাধীনতা অবিহনে গণতন্ত্ৰ কেতিযাওঁ কৃতকার্য হ'ব নোৱাৰে।

     সামৰণি:-ইয়াৰ দ্বাৰা কব পাৰি যে ৰাজনৈ13তিক স্বতন্ত্ৰতা আৰু অৰ্থনৈতিক স্বতন্ত্ৰতা পৰস্পৰ সম্পৰ্কযুক্ত।

                __________৹৹৹___________

(13)নং প্ৰশ্ন:-স্বাধীনতাক বাধা প্ৰদান কৰা আৱশ্যক বুলি ভাৱানে ?তিনিটা কাৰণ দিয়া।

Ans:-

     Intr:-সকলো নাগৰিকে সমভাৱে স্বাধীনতা উপভোগ কৰিবলৈ হ'লে স্বাধীনতাৰ ওপৰত কিছু যুক্তিসংগত বাধা প্ৰদান প্ৰয়োজনীয় আছে বুলি ভাবো।

    (1)সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী চলিবলৈ হলে সমাজত বিশৃংখলতাৰ সৃষ্টি হব।তেওঁলোকৰ মাজত সম্পদ আহৰণৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰে।এনেবোৰ নিয়ন্ত্ৰণৰ বাবে স্বাধীনতাৰ ওপৰত বাধা নিষেধ থকাৰ প্ৰয়োজন।

    (2)বিভিন্ন সমস্যাই সমাজত বিবাদ সংঘটিত কৰিব পাৰে আৰু হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।গতিকে সমাজত এনে কিছুমান নীতি-নিয়ম থকা প্ৰয়োজন যিয়ে সমাজত সকলো বিবাদ নিয়ন্ত্ৰণ কৰিব পাৰে।

    (3)বাক্ স্বাধীনতা মানুহৰ মৌলিক অধিকাৰ।এই স্বাধীনতা আছে বুলিয়েই যাৰ যি মন যায় তাকে ক'ব পাৰিলে সমাজত মিলাপ্ৰীতি, ভালপোৱা আদি গুণবোৰৰ অধঃপতন হ'ব।

   সামৰণি:সমাজত বাস কৰা প্রতিজন ব্যক্তিৰ যাতে স্বাধীনতা ক্ষুন্ন নহয় তাৰ বাবে বাধা নিষেধ থাকিব লাগিব।

             _________৹৹৹_________

(14)নং প্ৰশ্ন:-নেতিবাচক স্বতন্ত্ৰতা সম্পৰ্কে তিনিটা যুক্তি দিয়া।

Ans:-

     Intr:-স্বাধীনতাৰ দুটা দিশ আছে তাৰে এটা হল নেতিবাচক স্বতন্ত্ৰতা।

    এচাম চিন্তাবিদৰ মতে নেতিবাচক স্বাধীনতাই স্বাধীনতা উপভোগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা আৰোপ নকৰে।

    নেতিবাচক স্বাধীনতা ৰ মূলমন্ত্ৰ হল প্ৰত্যেক ব্যক্তিয়ে নিজৰ স্বাৰ্থ ভালদৰে বুজে ।গতিকে ৰাষ্ট্ৰই তেওঁৰ কাৰ্যৰ নিৰ্দেশনা দিয়া বা উদ্দেশ্যত বাধা দিয়া অনুচিত।

    এই ধাৰণাৰ পৃষ্ঠপোষকসকলৰ মতে ৰাষ্ট্ৰই জনসাধাৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত হস্তক্ষেপ কৰা অনুচিত।

    সামৰণি:-নেতিবাচক স্বাধীনতা একক্ষীয় সেয়ে বৰ্তমান এই ধাৰণা গ্ৰহণযোগ্য নহয়।

        __________৹৹৹________

(15)নং প্ৰশ্ন:-ইন্টাৰনেটৰ যুগত মতপ্ৰকাশৰ স্বাধীনতা সম্বন্ধে চমু টোকা লিখা।

Ans:-

     Intr:-বৰ্তমান তথ্যপ্ৰযুক্তিৰ যুগ।ইতিমধ্যে যোগাযোগ তথা মতপ্ৰকাশৰ মাধ্যম হিচাপে ছ'চিয়েল মিডিয়াই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।

   ইণ্টাৰনেট,টুইটাৰ, ৱাট্ছএপ ইত্যাদিৰ মাধ্যমেৰে মানুহে নিজৰ মতামত প্ৰকাশ কৰে।সামাজিক আন্দোলনৰসমূহ গঢ়ি উঠাৰ ক্ষেত্ৰটো ছ'চিয়েল মিডিয়াই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।

    2000 চনত প্ৰণীত তথ্য প্ৰযুক্তিৰ আইনৰ 2008 চন ত সংশোধন ঘটাই এটা নতুন অনুচ্ছেদ 66-(ক) (66-A) সংযোজন কৰা হয়।এই বিশেষ অনুচ্ছেদৰ জৰিয়তে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কোনোবাই আক্ৰমনাত্মক বাৰ্তা প্ৰেৰণ কৰিলে তেওঁক বিধিগতভাৱে শাস্তি প্ৰদান কৰিব পাৰি।

     সামৰণি:-শেষত কব পাৰি যে আজিকালি social media ক্ষমতা অত্যাধিক।ইণ্টাৰনেটৰ যোগেদি নিজৰ মতপ্ৰকাশৰ সুবিধা নাগৰিকে লাভ কৰিছে।

              _________৹৹৹________

অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks:2)

(1)নং প্রশ্ন:-স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা।

Ans:-স্বাধীনতা ৰক্ষাৰ দুটা উপায় হ'ল-

      (1)সংবিধান:-নাগৰিক স্বাধীনতা ৰক্ষাৰ প্ৰথম আৰু প্ৰধান উপায় হ'ল সংবিধান।ব্যক্তিস্বাধীনতাৰ ওপৰত চৰকাৰী হস্তক্ষেপৰ প্ৰতিষেধকৰূপে সংবিধানে কাম কৰে।

    (2)সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্তকৰণ:-সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট থাকিলে,সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়।

(2)নং প্ৰশ্ন:-অৰ্থনৈতিক স্বাধীনতাই কি বুজায়?

Ans:-

     অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ স্বাধীনতাকেই অৰ্থনৈতিক স্বাধীনতা বোলা হয়।

(3)নং প্ৰশ্ন:-স্বাধীনতাৰ দুটা আদৰ্শ উল্লেখ কৰা।

Ans:-

      স্বাধীনতাৰ দুটা আদৰ্শ হ'ল-

(1)মহাত্মা গান্ধীৰ অহিংসাৰ আদৰ্শ।

(2)দক্ষিণ আফ্ৰিকাৰ নেলছন মেণ্ডেলাই কৰা বৰ্ণ বৈষম্যবাদী বিৰোধীতা।

(4)নং প্ৰশ্ন:-মতপ্ৰকাশৰ যিকোনো দুটা স্বাধীনতাৰ নাম লিখা।

Ans:-

      মতপ্ৰকাশৰ যিকোনো দুটা স্বাধীনতাৰ নাম হল-

      (1)সংবাদ পত্ৰ;

      (2)টেলিভিছন।

(5)নেতিবাচক স্বাধীনতা বুলিলে কি বুজা?

Ans:-

      ৰাষ্ট্ৰই ব্যক্তি স্বাধীনতাৰ ওপৰত কোনো বাধ্য বাধকতা আৰোপ নকৰি ব্যক্তিক নিজ ইচ্ছা অনুসৰি কাম কৰাৰ সুবিধা দিয়াকে নেতিবাচক স্বাধীনতা বোলে।

(6)নং প্ৰশ্ন:-সকৰাত্মক স্বাধীনতা বুলিলে কি বুজা?

Ans:-

      ইতিবাচক বা সকৰাত্মক স্বাধীনতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতাক বুজায়।

(7)নং প্ৰশ্ন:-স্বাধীনতা ৰ সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা লিখা।

Ans:-

       স্বাধীনতাৰ সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা দুটা হ'ল-

     (1)সমাজ বিশঙ্খলতাৰ সৃষ্টি নহবলৈ।

     (2)নাগৰিকৰ মৌলিক অধিকাৰ যাতে খৰ্ব নহয় তাৰ কাৰণেও সীমাবদ্ধতাৰ প্ৰয়োজন আছে।

(8)নং প্ৰশ্ন:-স্বেচ্ছাচাৰী শাসনে কিদৰে ব্যক্তি স্বাধীনতাক হস্তক্ষেপ কৰে?

Ans:-

        যেতিয়া সমাজত স্বেচ্ছাচাৰী শাসন চলে তেতিয়া এই শাসনে ব্যক্তিস্বাধীনতাক বাধা দিব পাৰে।ব্যক্তিস্বাধীনতাক বহু সময়ত শক্তি প্ৰয়োগ কৰি খৰ্ব সীমিত কৰিব পাৰে।

      কোনো উচ্চাকাংক্ষী সামৰিক শাসনে জনসাধাৰণৰ ওপৰত শক্তি বা বল প্ৰয়োগ কৰি ব্যক্তিস্বাধীনতাৰ ওপৰত বাধা আৰোপ কৰিব পাৰে।

(9)নং প্ৰশ্ন:-মতপ্ৰকাশৰ স্বাধীনতাৰ সমৰ্থনত দুটা যুক্তি দিয়া।

Ans:-

     মতপ্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব আছে।

(1)স্বাধীনতা ভাৱে কথা কোৱাৰ অধিকাৰ যদি মানুহৰ নাথাকে তেন্তে তেওঁলোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কেতিয়াও সম্ভৱ পৰা নহয়।

(2)গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ বাবে নাগৰিকৰ মতপ্ৰকাশৰ স্বাধীনতাক অনুমোদন কৰাটো নিতান্ত প্ৰয়োজন।

(10)নং প্ৰশ্ন:-আইনৰ শাসন বুলিলে কি বুজা?

Ans:-

       আইন উলংঘা কৰাৰ বাহিৰে আন কোনো কাৰণত ব্যক্তিক আটক কৰিব পৰা নাযায়।বিশেষ লোকৰ বাবে বিশেষ ব্যৱস্থা নাথাকে।ইয়াকে আইনৰ শাসন বুলি কোৱা হয়।

(11)নং প্ৰশ্ন:-স্বাধীনতাৰ সংজ্ঞা দিয়া।

 Ans:-

         স্বাধীনতাৰ সংজ্ঞা:-বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক চিন্তাবিদে স্বাধীনতাৰ সংজ্ঞা আগবঢ়াইছে।

   (1)অধ্যাপক লাস্কিৰ মতে"মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা"
   (2)অধ্যাপক চিলিৰ মতে"সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণা"
    মুঠতে স্বাধীনতাই এনে এক পৰিৱেশক বুজায় য'ত ব্যক্তিয়ে নিজৰ সামৰ্থ্য আৰু সৃষ্টিশীলতাৰ প্ৰয়োজনীয় বিকাশ সাধন কৰিব পাৰে।

(12)নং প্ৰশ্ন:-স্বাধীনতাৰ দুটা বৈশিষ্ট্য লিখা।K

Ans:-

      দুটা বৈশিষ্ট্য হ'ল-

    (1)কিছুমান যুক্তিসংগত সীমাবদ্ধতাৰ মাজত থাকিহে স্বাধীনতাক ভোগ কৰিব পৰা যায়।

    (2)স্বাধীনতাৰ দুটা দিশ আছে।

(13)নং প্ৰশ্ন:-প্ৰাকৃতিক স্বাধীনতা কি?

Ans:-

     ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল, তাকেই প্ৰাকৃতিক স্বাধীনতা বোলা হয়।

   ___________৹৹৹◆৹৹৹___________

বস্তুনিষ্ঠ প্ৰশ্নৱালী:(Marks:1)

(1)নেলচন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি?

Ans:-

      "লং ৱাক টু ফ্ৰীডম"।

(2)স্বাধীনতা ৰক্ষাৰ এটা উপায় উল্লেখ কৰা।

Ans:-

      সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভূক্তকৰণ।

(3)সমতা আৰু স্বাধীনতা পৰস্পৰ পৰিপূৰক(হয় নে নহয় লিখা)

Ans:-

      সমতা আৰু স্বাধীনতা পৰস্পৰ পৰিপূৰক হয়।

(4)চিৰন্তন সতৰ্কতাই স্বাধীনতাৰ মূল(শুদ্ধ নে অশুদ্ধ লিখা)

Ans:-

       শুদ্ধ।

(5)স্বাধীনতাৰ এটা আদৰ্শ লিখা।

Ans:-

      অহিংসা হৈছে স্বাধীনতাৰ এটা আদৰ্শ।

(6)স্বাধীনতাৰ এটা দিশ নকৰাত্মক আৰু আনটো কি?

Ans:-

      সকৰাত্মক দিশ।

(7)স্বৰাজৰ ধাৰণাৰ লগত জড়িত ব্যক্তিজনৰ নাম কি?

Ans:-

       মহাত্মা গান্ধী।

(8)স্বৰাজ শব্দৰ অৰ্থ কি?

Ans:-

       "স্ব"শাসন আৰু "ৰাজ" মানে নিজা।অৰ্থাৎ নিজে নিজক শাসন কৰা।

(9)স্বাধীনতা উপভোগত থকা এটা বাধা লিখা।

Ans:-

      বাক্ স্বাধীনতা আছে বুলিয়েই যাৰ যি মন যায় তাকে কব নোৱাৰে।

(10)উদাৰতাবাদীসকলে স্বাধীনতাক সমৰ্থন কৰেনে?(হয় বা নহয় লিখা)

Ans:-

     সমৰ্থন কৰে।

(11)সমাজবাদীসকলৰ এটা উদ্দেশ্য উল্লেখ কৰা।

Ans:-

      সমাজৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া।

(12)এটা বাক্যত স্বাধীনতাৰ সংজ্ঞা দিয়া।

Ans:-

      মুক্ত অৱস্থা।

(13)"মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা।"-কোনে কৈছিল।

Ans:-

       অধ্যাপক লাস্কিয়ে কৈছিল।

(14)"Liber" কোন ভাষাৰ শব্দ?

Ans:-

       লেটিন ভাষা।

(15)নেলচন মেণ্ডেলা ক'ৰ ব্যক্তি?

Ans:-

     দক্ষিণ আফ্ৰিকাৰ।

(16)"লং ৱাক টু ফ্ৰীডম"নামৰ গ্ৰন্থখনৰ লিখক কোন?

Ans:-

     নেলছন মেণ্ডেলা।

(17)নেলছন মেণ্ডেলাক কিমান বছৰৰ বাবে কাৰাবন্দী কৰি ৰাখিছিল?

Ans:-

      ২৮ বছৰ।

(18)আ‌ঙ্ক ছান ছ্যু কী ক'ৰ ব্যক্তি?

Ans:-

     ম্যানমাৰৰ।

(19)আ‌ঙ্ক ছান ছ্যু কীয়ে স্বাধীনতা সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি ?

Ans:-

      "Freedom of Fear".

(20)"স্বৰাজ আমাৰ জন্মগত অধিকাৰ,আমি ইয়াক পাবই লাগিব।"-কোনে কৈছিল?

Ans:-

       বাল গংগাধৰ তিলকে কৈছিল।

(21)গান্ধীজীয়ে স্বৰাজ সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি?

Ans:-

     "হিন্দ স্বৰাজ"।

(22)উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থকৰ নাম লিখা?

Ans:-

      অধ্যাপক লাস্কি।

(23)কোনটো মতবাদৰ মতে ৰাষ্ট্ৰ এটা "প্ৰয়োজনীয় অ-কল্যাণকৰ অনুষ্ঠান"?

Ans:-

     সনাতন উদাৰতাবাদী মতবাদৰ মতে।

(24)"On liberty" নামৰ গ্ৰন্থখনৰ লিখক কোন?

Ans:-

      জন ষ্টুৱাৰ্ট মিল।

(25)ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বাক্-স্বাধীনতা উল্লেখ আছে?

Ans:-

     19 নং অনুচ্ছেদ।

(26)ব্যক্তিগত স্বাধীনতা বুলিলে কি বুজা?

Ans:-

     ৰাষ্ট্ৰত বসবাস কৰা নাগৰিক সকলে ব্যক্তিগতভাৱে উপভোগ কৰিব পৰা আছুতীয়া স্বাধীনতা কেই ব্যক্তিগত স্বাধীনতা বুলি কোৱা হয়।

      __________৹৹◆৹৹◆৹৹____________



     

   

    





Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-