H.S 1st YEAR POLITICAL SCIENCE||ৰাজনৈতিক তত্ব (POLITICAL THEORY)||Lesson-3 SOCIAL JUSTICS সামাজিক ন্যায়(Assamese Medium Notes)

 অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন:(Marks:6)

ৰচনাধৰ্মী প্ৰশ্ন:

(1)নং প্ৰশ্ন:-সামাজিক ন্যায়ৰ বিভিন্ন দিশসমূহ বাখ্যা কৰা।

Ans:-

     Intr:-বৰ্তমান যুগত ন্যায়ক প্ৰাকৃতিক,বৈধিক ৰাজনৈতিক, অৰ্থনৈতিক,এইকেইটা দিশত ভগাব পাৰি।

    (1) প্ৰাকৃতিক ন্যায়:-মানুহৰ প্ৰকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ন্যায়কে প্ৰাকৃতিক ন্যায় বুলি ক'ব পাৰি।

    (2)বৈধিক ন্যায়:-প্ৰচলিত বিধি বিধানৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক দোষৰ উপযুক্ত শাস্তি বিধান কৰা ব্যৱস্থাকে বৈধিক ন্যায় আখ্যা দিব পাৰি।

    (3)সামাজিক ন্যায়:-যি সমাজত জাতি,ধৰ্ম,ভাষা,বৰ্ণ আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ,সৰু-ডাঙৰ আদিৰ ব্যৱস্থা নাই সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

    (4)ৰাজনৈতিক ন্যায়:-যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

   (5)অৰ্থনৈতিক ন্যায়:-জীৱন ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলো পোৱাকে অৰ্থনৈতিক ন্যায় বুলিব পাৰি।

    সামৰণি:-এই বিভিন্ন দিশ সামৰি ন্যায় এটা গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে প্ৰতিফলিত হৈছে।

                ________৹৹৹________

(2)নং প্ৰশ্ন:-জন্ ৰাউলছৰ ন্যায়ৰ তত্বটো চমুকৈ আলোচনা কৰা।

Ans:-

     Intr:-প্ৰখ্যাত দার্শনিক জন ৰাউলছে তেওঁৰ "A Theory of Justice" গ্ৰন্থখনত ন্যায়ৰ তত্ব সম্পৰ্কে আলোচনা আগবঢ়াইছে।

     "ন্যায়ৰ তত্ব"আলোচনাত তেওঁ দুটা নীতিৰ পোষকতা কৰিছে।এটা সমতাৰ নীতি আন এটা অসমতাৰ নীতি।

      সমতাৰ নীতিৰ জৰিয়তে তেওঁ কৈছে যে প্ৰত্যেকজন ব্যক্তিয়েই ভোগ কৰা সকলোবোৰ স্বাধীনতা সমভাৱে ভোগ কৰাৰ অধিকাৰ লাভ কৰিব লাগে।অন্য কাৰোবাৰ বাবে নিজৰ স্বাধীনতা ত্যাগ কৰাৰ প্ৰশ্নই নুঠে।

     কিন্তু তাৰ লগতে সমাজত বাস কৰা দুৰ্বল লোকসকল যাতে সামাজিক ন্যায়ৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবৰ বাবে অসমতাৰ নীতিৰ পোষকতা কৰিছে।এই অসমতাৰ নীতিৰ উদ্দেশ্য হ'ল সমাজত সমতাৰ সৃষ্টি কৰা।

     ৰাউলছে কৈছে যে অসমতাৰ নীতিক এনেদৰে প্ৰয়োগ কৰিব লাগে যাতে আটাইতকৈ দুৰ্গত লোকসকলহে তাৰ দ্বাৰা আটাইতকৈ লাভৱান্বিত হয়।এই দুয়োটা নীতিৰ ভিতৰত অৱশ্যে সমতাৰ নীতিয়ে অসমতাৰ নীতিতকৈ অগ্ৰাধিকাৰ পাব লাগে বুলিও ৰাউলছে উল্লেখ কৰিছে।

     ভাৰতবৰ্ষৰ সংবিধানত ৰাউলছৰ নীতিৰ কিছু প্ৰতিফলন পৰিলক্ষিত হৈছে।ভাৰতীয় সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে।

     সামৰণি:-জন ৰাউলছৰ এই নীতিসমূহ অতি গুৰুত্বপূৰ্ণ ।এই নীতিসমূহ প্ৰয়োজনীয় বুলি ভাৰতীয় সংবিধানে স্বীকাৰ কৰি লৈছে।

                ________৹৹৹৹_________

(3)নং প্ৰশ্ন:-বিতৰণমূলক ন্যায়ৰ সংজ্ঞা দিয়া।ভাৰত চৰকাৰে সমাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ উল্লেখ কৰা।(Marks:4)

Ans:-

     এৰিষ্ট'টলৰ মতে প্ৰত্যেকেই নিজৰ যোগ্যতা অনুসৰি পদমৰ্য্যদা পাব লাগে।ইয়াকে বিতৰণমূলক ন্যায় বোলে।

    ভাৰত চৰকাৰে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।তাৰে ভিতৰত দুটা পদক্ষেপ আলোচনা কৰা হ'ল-

(1)দুৰ্বল বা পিছপৰা সম্প্ৰদায় তথা ব্যক্তিৰ বাবে বিশেষ সুৰক্ষা বা সুবিধাৰ স্বীকৃত

(2)সঠিক বিতৰণৰ দ্বাৰা

               ________°°°_______ 

(4)নংপ্ৰশ্ন:-ৰাজনৈতিক ন্যায় বুলিলে কি বুজা নাইবা টোকা লিখা।

Ans:-

           Intr:-ন্যায়ৰ সংকল্পনাক বিভিন্ন ভাগত ভাগ কৰা হৈছে।ইয়াৰ ভিতৰত ৰাজনৈতিক ন্যায় হৈছে অন্যতম।

        যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

      ৰাজনৈতিক ন্যায়ে তলত উল্লেখ কৰা ব্যৱস্থাকেইটাক বুজায়-

     (1)জাতি,ধৰ্ম, বৰ্ণ ,ভাষা নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিকৰে ভোটাধিকাৰ থাকিব লাগে।

     (2)অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি থাকিব লাগে।

    (3)অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে চৰকাৰী চাকৰি লাভৰ কাৰণে আবেদন কৰাৰ সুবিধা থাকিব লাগে।

     সামৰণি:-ওপৰত আলোচনা কৰা এনেবোৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক ক্ষেত্ৰত সমাজত ন্যায় থকা বুলি কোৱা হয়।

              ________৹৹৹________

(5)নং প্ৰশ্ন:-ন্যায়ৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা।

Ans:-

     Intr:-সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বেলিকা তিনিধৰণৰ নীতি মানি চলিবলগীয়া হয়।

     নীতিসমূহ হ'ল-

     (1)সকলোৰে প্ৰতি সমমৰ্য্যদা আৰু সমব্যৱহাৰৰ নীতি বলবৎ কৰা:-    

                   উদাৰতাবাদী গণতান্ত্ৰিক নীতিৰ আধাৰত ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নত সকলোকে সম অধিকাৰ প্ৰদান কৰা হৈছে।জীৱনৰ অধিকাৰ, ভোটদানৰ অধিকাৰ আদিৰ ক্ষেত্ৰত জাতি,ধৰ্ম, বৰ্ণ ভাষা আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য আচৰণ কৰিব নোৱাৰি।অৰ্থাৎ আইনৰ চকুত সকলো সমান।

(2)দক্ষতা আৰু মেধাৰ ভিত্তিত যোগ্যজনক পুৰস্কৃত কৰা:- 

        ন্যায়ৰ অন্য এক ধাৰণা অনুসৰি কোনো ব্যক্তিকে তেওঁৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰি।কিন্তু এই "প্ৰাপ্য "ৰ ধাৰণা সমতাৰ ধাৰণাৰ পৰা কিছু পৃথক।উদাহৰণস্বৰূপে বিহু কুঁৱৰী বা সম্ৰাগী খিতাপ লাভ কৰা গৰাকীক যথেষ্ট লোভনীয় পুৰস্কাৰ দিয়া হয়।এই প্ৰতিযোগিতাক ন্যায়সংগতভাৱে অনুষ্ঠিতকৰিবলৈ হ'লে সমতাৰ পৰিৱৰ্তে আনুপাতিক দক্ষতাৰ নীতি অনুসৰণ কৰা হয়।

(3)দুৰ্বল আৰু পিছপৰা শ্ৰেণী,বৰ্ণ বা ব্যক্তি বিকাশৰ বাবে বিশেষ সা-সুবিধা প্ৰদান কৰা:-

         ঐতিহাসিক অভিজ্ঞতা,সমাজত প্ৰচলিত জাতি আৰু বৰ্ণ বিভাজন, লিংগ তথা আঞ্চলিক বৈষম্য ইত্যাদি দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই সামাজিক ন্যায়ৰ এই নীতি গ্ৰহণ কৰা হৈছে।

      সামৰণি:-গতিকে ক'ব পাৰি যে এই তিনিটা নীতিৰ মাজত সামঞ্জস্য ৰাখিব পৰিলেহে ভাৰতবৰ্ষৰ দৰে সমাজত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পৰা যাব।

           __________৹৹৹___________

     প্ৰশ্নাৱালী:

ৰচনাধৰ্মী প্ৰশ্ন:(Mark's:6)

(1)নং প্ৰশ্ন:-ন্যায়ৰ অৰ্থ বহলাই বাখ্যা কৰা।

Ans:-

     Intr:-সমাজ বিজ্ঞান বিশেষকৈ ৰাজনীতি বিজ্ঞানত ন্যায় এটা গুৰুত্বপূৰ্ণ আৰু পুৰণি ধাৰণা।

     ন্যায় এই শব্দটো গ্ৰীক শব্দ "Dikaiosume"-ৰ পৰা উৎপত্তি হৈছে।ইয়াৰ অৰ্থ হ'ল সকলো প্ৰকাৰৰ দোষৰ শাস্তি প্ৰদান কৰি শান্তি আৰু সমতাক ৰক্ষা কৰা।

    আন কথাত ন্যায় বুলিলে আনৰ অন্যায় নকৰাকৈ সজ আৰু সহজভাৱে নিজৰ দায়িত্ব পালন কৰাকে বুজায়।

    বিভিন্নজনে ন্যায়ৰ সম্পৰ্কে বিভিন্ন মতামত আগবঢ়াইছে।

   (1)  ছেফালাছৰ মতে,"সঁচা কথা কোৱা আৰু আনৰ ধাৰ পৰিশোধ কৰাই হৈছে ন্যায়"।

  (2)পোলেমাৰ্কাছৰ মতে,"যাৰ যি প্ৰাপ্য তেওঁক সেইখিনি দিয়াই হৈছে ন্যায়"।

    আনহাতে প্লেটোৱে ন্যায়ৰ সংকল্পনাক সামাজিক আৰু ব্যক্তিগত এই দুটা ভাগত ভাগ কৰিছিল।

     এৰিষ্ট'টলে ন্যায়ক বিতৰণমূলক ন্যায় আৰু সংশোধনমূলক ন্যায় এই দুটা ভাগত ভাগ কৰিছে।

     সামৰণি:-শেষত, ক'ব পাৰি যে আনৰ অন্যায় নকৰাকৈ ব্যক্তিয়ে ভোগ কৰা অধিকাৰেই হৈছে ন্যায়।

            _______৹৹৹_______

(2)নং প্ৰশ্ন:-ন্যায়ৰ আধুনিক অৱধাৰণা বাখ্যা কৰা।

Ans:-

      Intr:-প্ৰাচীন কালত ন্যায়ক সামাজিক আৰু নৈতিক দৃষ্টিকোনৰ পৰা বিচাৰ কৰি চোৱা হৈছিল।কিন্তু আধুনিক কালত ন্যায়ৰ অৱধৰণাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰা দেখা যায়।

     ইয়াৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে।

    অধ্যাপক বাৰ্কাৰ-ৰ মতে"ব্যক্তিৰ আত্মউপলব্ধিৰ বাবে প্ৰয়োজনীয় স্বাধীনতা, সমতা আৰু ভাতৃত্ব এই তিনিওটাৰে সংযোজন কৰি ভাৰসাম্য ৰক্ষা কৰা নামেই হল ন্যায়।"

    কাণ্টৰ মতে,"স্বাধীনতা আৰু সমতাৰ মাজত সমন্বয় ৰক্ষা কৰি যি ব্যৱস্থা গ্ৰহণ কৰা হয়।"

    এইদৰে আধুনিক যুগত ন্যায়ৰ অৱধাৰণাক বৈধিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আদিৰ দিশৰ পৰা বিচাৰ কৰি চোৱা হয়।

     কিন্তু বহল অৰ্থত ন্যায়ৰ ধাৰণাক স্থিতিশীল বুলি ক'ব নোৱাৰি।ন্যায়ৰ ধাৰণা গতিশীল আৰু সেয়ে সময় আৰু অৱস্থাভেদে ন্যায়ৰ ধাৰণাৰ পৰিৱৰ্তন হয়।

    ন্যায়ৰ ধাৰণাৰ লগত সমাজ ব্যৱস্থাৰ নৈতিকতা, ধৰ্ম,সম্পত্তি,স্বতন্ত্ৰতা,অৰ্থনৈতিক অৱস্থা, আইন,ৰীতি-নীতি আদি ভালেমান বিষয় জড়িত হৈ থাকে।

    সামৰণি:-ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে ন্যায়ৰ ধাৰণা সময়ৰ লগে লগে সলনি হৈ থাকে।

        _________৹৹৹_______

(3)নং প্ৰশ্ন:-ন্যায়ৰ আধুনিক শ্ৰেণী বিভাজন চমুকৈ আলোচনা কৰা।

Ans:-

    Intr:-বৰ্তমান যুগত ন্যায়ক প্ৰাকৃতিক,বৈধিক ৰাজনৈতিক, অৰ্থনৈতিক,এইকেইটা দিশত ভগাব পাৰি।

    (1) প্ৰাকৃতিক ন্যায়:-মানুহৰ প্ৰকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ন্যায়কে প্ৰাকৃতিক ন্যায় বুলি ক'ব পাৰি।

    (2)বৈধিক ন্যায়:-প্ৰচলিত বিধি বিধানৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক দোষৰ উপযুক্ত শাস্তি বিধান কৰা ব্যৱস্থাকে বৈধিক ন্যায় আখ্যা দিব পাৰি।

    (3)সামাজিক ন্যায়:-যি সমাজত জাতি,ধৰ্ম,ভাষা,বৰ্ণ আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ,সৰু-ডাঙৰ আদিৰ ব্যৱস্থা নাই সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

    (4)ৰাজনৈতিক ন্যায়:-যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

   (5)অৰ্থনৈতিক ন্যায়:-জীৱন ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলো পোৱাকে অৰ্থনৈতিক ন্যায় বুলিব পাৰি।

        সামৰণি:-এই বিভিন্ন দিশ সামৰি ন্যায় এটা গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে প্ৰতিফলিত হৈছে।

            __________৹৹৹_________

(4)নং প্ৰশ্ন:-"প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ প্ৰাপ্য পোৱা উচিত"বুলি কোৱা নীতিবোৰে কি বুজায়?সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ধৰণাৰ কি ধৰণে পৰিৱৰ্তন হৈছে?

Ans:-

     Intr:-ন্যায়ৰ অন্য এক ধাৰণা অনুসৰি প্ৰত্যজন ব্যক্তিকে তেওঁৰ প্ৰাপ্যৰ পৰা কেতিয়াও বঞ্চিত কৰিব নোৱাৰি।প্ৰত্যজন ব্যক্তিয়ে তেওঁৰ প্ৰাপ্য পোৱা উচিত।

     ন্যায়ৰ এই প্ৰাপ্যৰ ধাৰণা সমতাৰ ধাৰণাৰ পৰা কিছু পৃথক।উদাহৰণস্বৰূপে অসমত জনপ্ৰিয় হৈ উঠা বিহু কুঁৱৰী বা সম্ৰাজ্ঞী খিতাপ লাভ কৰা গৰাকীয়ে যথেষ্ঠ আকৰ্ষণীয় পুৰস্কাৰ দিয়া হয়।এই প্ৰতিযোগিতা ন্যায়সংগতভাৱে অনুষ্ঠিত কৰিবলৈ হ'লে সমতাৰ পৰিৱৰ্তে দক্ষতাৰ নীতি অনুসৰণ কৰা হয়।

   ঠিক সেইদৰে অধিক জটিল আৰু ভয়াবহ স্থানত কাম কৰা লোকসকলে অধিক মজুৰি লাভ কৰিব লাগে।

   এই ক্ষেত্ৰত সমতাৰ নীতি অনুসৰণ কৰিলে যাৰ যি প্ৰাপ্য তাৰ পৰা বঞ্চিত হ'ব।ইয়াৰ বাবে লাগিব আনুপাতিক ন্যায়।

    সময়ৰ লগে লগে এই প্ৰাপ্যসমূহ পৰিৱৰ্তন হয়।গতিশীল সময়ৰ লগত খাপ খুৱাবলৈ মানুহে নতুন নতুন ধাৰণা উদ্ভাৱন কৰে।ইয়াৰ লগত অধিকাৰ,ন্যায়ৰ প্ৰশ্নও জড়িত হৈ পৰে।

    সামৰণি:-কামৰ প্ৰকৃতি আৰু দক্ষতা অনুপাতে যাৰ যি প্ৰাপ্য পোৱাটো হৈছে ন্যায়ৰ এটা গুৰুত্বপূৰ্ণ নীতি।

                   ______৹৹৹_______

(5)নং প্ৰশ্ন:-এই অধ্যয়ত বৰ্ণনা কৰা ন্যায়ৰ তিনিটা নীতি আলোচনা কৰা।প্ৰত্যেকটো নীতি উদাহৰণেৰে বাখ্যা কৰা।

Ans:-

     Intr:-সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বেলিকা তিনিধৰণৰ নীতি মানি চলিবলগীয়া হয়।

     নীতিসমূহ হ'ল-

     (1)সকলোৰে প্ৰতি সমমৰ্য্যদা আৰু সমব্যৱহাৰৰ নীতি বলবৎ কৰা:-    

                   উদাৰতাবাদী গণতান্ত্ৰিক নীতিৰ আধাৰত ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নত সকলোকে সম অধিকাৰ প্ৰদান কৰা হৈছে।জীৱনৰ অধিকাৰ, ভোটদানৰ অধিকাৰ আদিৰ ক্ষেত্ৰত জাতি,ধৰ্ম, বৰ্ণ ভাষা আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য আচৰণ কৰিব নোৱাৰি।অৰ্থাৎ আইনৰ চকুত সকলো সমান।উদাহৰণস্বৰূপে-কোনো এটা কাৰখানাত যদি এজন পুৰুষ অথবা মহিলা শ্ৰমিকে অথবা ভিন্ন ভাষী,ধৰ্ম,বৰ্ণ লোকে যদি একেটা কামকে কৰিছে তেন্তে তেওঁলোকে সম-মজুৰি পাব লাগে।

(2)দক্ষতা আৰু মেধাৰ ভিত্তিত যোগ্যজনক পুৰস্কৃত কৰা:- 

        ন্যায়ৰ অন্য এক ধাৰণা অনুসৰি কোনো ব্যক্তিকে তেওঁৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰি।কিন্তু এই "প্ৰাপ্য "ৰ ধাৰণা সমতাৰ ধাৰণাৰ পৰা কিছু পৃথক।উদাহৰণস্বৰূপে বিহু কুঁৱৰী বা সম্ৰাগী খিতাপ লাভ কৰা গৰাকীক যথেষ্ট লোভনীয় পুৰস্কাৰ দিয়া হয়।এই প্ৰতিযোগিতাক ন্যায়সংগতভাৱে অনুষ্ঠিতকৰিবলৈ হ'লে সমতাৰ পৰিৱৰ্তে আনুপাতিক দক্ষতাৰ নীতি অনুসৰণ কৰা হয়।

(3)দুৰ্বল আৰু পিছপৰা শ্ৰেণী,বৰ্ণ বা ব্যক্তি বিকাশৰ বাবে

   বিশেষ সা-সুবিধা প্ৰদান কৰা:-

         ঐতিহাসিক অভিজ্ঞতা,সমাজত প্ৰচলিত জাতি আৰু বৰ্ণ বিভাজন, লিংগ তথা আঞ্চলিক বৈষম্য ইত্যাদি দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই সামাজিক ন্যায়ৰ এই নীতি গ্ৰহণ কৰা হৈছে।উদাহৰণস্বৰূপে-শাৰীৰিকভাৱে সুস্থ এজন শিশু আৰু শাৰীৰিকভাৱে পংগু অন্য এজন শিশুক কোনো এক দৌৰ প্ৰতিযোগিতাত সমভাৱে প্ৰতিযোগিতা কৰিবলৈ দিলে ই দুয়োজন শিশুৰ মাজত বৈষম্য বৃদ্ধিহে কৰিব।

      সামৰণি:-গতিকে ক'ব পাৰি যে এই তিনিটা নীতিৰ মাজত সামঞ্জস্য ৰাখিব পৰিলেহে ভাৰতবৰ্ষৰ দৰে সমাজত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পৰা যাব।

                _______৹৹৹৹________

(6)নং প্ৰশ্ন:-বিশেষ প্ৰয়োজনীয় নীতিটোৱে সকলোকে সমান আচৰণ কৰা নীতিটোক বিৰোধিতা কৰে নেকি?আলোচনা কৰা।

Ans:-

      Intr:-সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ বাবে বিভিন্ন নীতি মানি চলিবলগীয়া হয়।

     কামৰ প্ৰকৃতি আৰু দক্ষতাৰ অনুপাতে কিছুমান বিশেষ প্ৰয়োজনীয় নীতি কৰিবলগীয়া হয়।এই নীতিয়ে যদিও সকলোকে সমান আচৰণ নকৰে তথাপি সমতা প্ৰতিষ্ঠাৰ বাবে এনে নীতি অৱলম্বন কৰিবলগীয়া হয়।যেনে খনিত কাম কৰা শ্ৰমিকসকলকৰ কথা ক'ব পাৰি তেওঁলোক ভয়াবহ আৰু দুৰ্গম স্থানত কাম কৰে গতিকে অধিক মজুৰি পোৱাটো ন্যায়।

    ঠিক তেনেদৰে অনুসূচীত জাতি,জনজাতিৰ কাৰণে সংসদ আৰু বিধানসভাসমূহত, শিক্ষাত আসন সংৰক্ষণ  কৰা হৈছে ।আগবাঢ়ি যোৱা শ্ৰেণী,বৰ্ণ লোকসকলৰ স'তে যাতে সমানে আগবাঢ়ি যাব পাৰে।তাৰ বাবেও বিশেষ প্ৰয়োজনীয় নীতিক মানি চলা হৈছে।

     সামৰণি:-শেষত ক'ব পাৰি যে বিশেষ প্ৰয়োজনীয় নীতিয়ে সকলোকে সমানে আচৰণ নকৰে যদিও সমাজত সমতা প্ৰতিষ্ঠাৰ বাবে বিশেষ প্ৰয়োজনীয় নীতি অতি গুৰুত্বপূৰ্ণ।

              ________৹৹৹_________

(7)নং প্ৰশ্ন:-জন্ ৰাৱেলছে তেওঁৰ অজ্ঞতাৰ আঁৰকাপোৰৰ ধাৰণাক সামাজিক ন্যায়ৰ আলোচনাত কেনেকৈ ব্যৱহাৰ কৰিছে?

Ans:-

     Intr:-"A Theory of Justice" নামৰ গ্ৰন্থখনত জন্ ৰাউলছে ন্যায় সম্পৰ্কীয় আলোচনা কৰিছে।

    জন্ ৰাউলছে সামাজিক ন্যায় প্ৰতিষ্ঠাত অজ্ঞতা আঁৰকাপোৰ ধাৰণা আলোচনা কৰিছে।তেওঁৰ মতে মানুহে কেতিয়াবা অজ্ঞতাৰ মাজতে থাকি ভৱিষ্যত সম্পৰ্কে চিন্তা-চৰ্চা কৰে।ভৱিষ্যতে সেই নীতি ফলপ্ৰসূ হব নে নাই সেই বিষয়েও নাজানে।

     এনে চিন্তাৰ আধাৰত ন্যায় প্ৰতিষ্ঠাৰ বাবে জন্ ৰাউলছে দুটা নীতিৰ পোষকতা কৰিছে-সমতাৰ নীতি আৰু অসমতাৰ নীতি।

     সমতাৰ নীতিৰ জৰিয়তে তেওঁ কৈছে যে প্ৰত্যকজন ব্যক্তিয়ে অন্য যিকোনো ব্যক্তিয়ে উপভোগ কৰা সকলোবোৰ স্বাধীনতা সমভাৱে ভোগ কৰাৰ অধিকাৰ লাভ কৰিব লাগে ।কিন্তু তাৰ লগতে সমাজত বাস কৰা দুৰ্বল লোকসকলে যাতে সামাজিক ন্যায়ৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবৰ বাবে অসমতাৰ নীতি পোষকতা কৰিছে।এই অসমতাৰ নীতিৰ উদ্দেশ্য হ'ল সমাজত সমতা প্ৰতিষ্ঠা কৰাৰ।

     এই দুয়োটা নীতিৰ ভিতৰত অৱশ্যে সমতাৰ নীতিয়ে অসমতাৰ নীতিতকৈ অগ্ৰাধিকাৰ পাব লাগে বুলিও ৰাউলছে উল্লেখ কৰিছে।

     সামৰণি:-ভাৰতীয় সংবিধানত ৰাউলছৰ নীতিৰ কিছু প্ৰতিফলন পৰিলক্ষিত হয়।

               ________৹৹৹৹________

(8)নং প্ৰশ্ন:-সুস্থ আৰু সৃষ্টিশীল জীৱন-যাপনৰ বাবে মানুহৰ প্ৰয়োজনীয় মৌলিক চাহিদাবোৰ কি কি?এনে মৌলিক প্ৰয়োজনীয়তা পূৰণত চৰকাৰৰ কি ভূমিকা থাকিব পাৰে?

Ans:-

      Intr:-সুস্থভাৱে মানুহে জীয়াই থাকিবলৈ হ'লে কিছুমান মৌলিক উপাদানৰ প্ৰয়োজন।

     প্ৰত্যকজন নাগৰিকৰ খাদ্য,বস্ত্ৰ, বাসস্থান আৰু সুস্বাস্থ্য আদি মৌলিক প্ৰয়োজনীয়তাসমূহ উপলব্ধ থাকিলেহে নাগৰিকে সুস্থ আৰু সৃষ্টিশীল জীৱন- যাপন কৰিব পাৰে।ইয়াৰ লগত সমতা,অধিকাৰ, স্বাধীনতা আৰু সামাজিক ন্যায় প্ৰশ্নও জড়িত হৈ পৰে।

    এনেবোৰ মৌলিক প্ৰয়োজনীয়তা পূৰণত চৰকাৰৰ যথেষ্ঠ ভূমিকা আছে।চৰকাৰে বিভিন্ন নীতিৰ জৰিয়তে মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণত সহায় কৰিব পাৰে।যেনে-

     (1)সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰি:-নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানত অন্তৰ্ভুক্ত কৰিও অধিকাৰ ৰক্ষা কৰিব পাৰে।

    (2)সকলোৰে প্ৰতি সমমৰ্যদা আৰু সমব্যৱহাৰৰ নীতি বলবৎ কৰা:-জাতি,ধর্ম,বৰ্ণ, ভাষা নিৰ্বিশেষে যাতে সকলোৱে সমান ব্যৱহাৰ লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

    (3)দক্ষতা আৰু মেধাৰ ভিত্তিত যোগ্যজনক পুৰস্কৃত কৰা:-সকলোৱে যাতে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত নহয়। চৰকাৰে তাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে।এই প্ৰাপ্যৰ জৰিয়তেহে নাগৰিকে সুস্থ আৰু সৃষ্টিশীল জীৱন-যাপন কৰিব পাৰে।

    (4)দুৰ্বল আৰু পিছপৰা শ্ৰেণী,বৰ্ণ বা ব্যক্তিৰ বিকাশৰ বাবে সা-সুবিধা প্ৰদান কৰা:-অনুসূচীত জাতি, জনজাতি,পিছপৰা শ্ৰেণীৰ সা-সুবিধা মৌলিক প্ৰয়োজনত চৰকাৰে গুৰুত্ব দিয়ে।যাতে সমাজৰ আগবাঢ়ি যোৱা শ্ৰেণী,বৰ্ণৰ লগত সমানে আগবাঢ়ি যাব পাৰে।

    সামৰণি:এইদৰে মানুহৰ মৌলিক চাহিদাসমূহৰ প্রয়োজন পূৰণত চৰকাৰৰ যথেষ্ঠ ভূমিকা আছে।

                 _______৹৹৹______

(9)নং প্ৰশ্ন:-সামাজিক ন্যায় বুলিলে কি বুজা বহলাই লিখা।

Ans:-

      Intr:-সমাজ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানত ন্যায় এটা পুৰণি ধাৰণা।

    সাধাৰণ অৰ্থত সামাজিক ন্যায় বুলিলে অসমতাক অৱসান ঘটাই সকলোৰে বাবে জীয়াই থকাৰ মৌলিক সুবিধাখিনি প্ৰদান কৰা।

    এখন সমাজত যদি অসমতা থাকে তেন্তে কেতিয়াও সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব নোৱাৰে।এনে পৰিস্থিতিত সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ অৰ্থ হ'ল সকলোৰে বাবে সুস্থ আৰু নিৰাপদ জীৱন-নিৰ্বাহৰ সুবিধাসমূহ নিশ্চিত কৰা।

    অৰ্থাৎ যি সমাজত জাতি,ধর্ম, ভাষা ,জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই,সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

     আন কথাত ন্যায় বুলিলে আনৰ অন্যায় নকৰাকৈ সজ আৰু সহজভাৱে নিজৰ দায়িত্ব পালন কৰাকে বুজায়।

    সামৰণি:-গতিকে ক'ব পাৰি যে সমাজৰ প্রতিজন নাগৰিকে আনৰ প্ৰতি অন্যায়,অবিচাৰ নকৰাকৈ নিজৰ নিজৰ ব্যক্তিগত আৰু সামাজিক দায়িত্ব পালন কৰাই হৈছে সামাজিক ন্যায়।

               _______৹৹৹_______

(10)নং প্ৰশ্ন:-ন্যায়ৰ প্ৰসংগত সমান আচৰণ সম্পৰ্কে আলোচনা কৰা।

Ans:-

      Intr:-ন্যায় প্ৰতিষ্ঠা কৰিবলৈ কিছুমান নীতি মানি চলিবলগীয়া হয়।ইয়াৰ ভিতৰত অন্যতম হ'ল সকলোকে সমান আচৰণ কৰা।

   " সকলো লোক জন্মসূত্ৰে মুক্ত আৰু সমমৰ্য্যদাৰ অধিকাৰী"এই নীতিৰ আধাৰত সকলো লোকৰ প্ৰতি সমব্যৱহাৰ আৰু সমমৰ্য্যদা দাবী উঠি আহিছে।

    জাতি,ধৰ্ম,বৰ্ণ, ভাষা আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য আচৰণ কৰিব নোৱাৰি। প্ৰতিজন নাগৰিকৰ ভোটৰ মূল্য একে।ঠিক সেইদৰে আইনৰ চকুত সকলো নাগৰিক সমান।

    ন্যায় প্ৰতিষ্ঠা কৰিবলৈ সমাজত প্ৰতিজন মানুহৰ মাজত সমান আচৰণৰ নীতি থাকিব লাগিব।কোনো এজন ব্যক্তিৰ  কাম-কাজ আৰু সক্ষমতা তেওঁৰ  জাতি,ধৰ্ম, বৰ্ণ,ভাষা আদিৰ দ্বাৰা জুখিব পৰা নাযায়।

     সমদক্ষ, সমকক্ষ অথবা সম কামৰ প্ৰতি সমব্যৱহাৰ দিশ থাকিলে সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব। বিকাশৰ পথ সুগম হ'ব।

   সামৰণি:-সামাজিক ন্যায়ৰ অন্যতম বৈশিষ্ট্য হ'ল সমাজৰ সকলোবোৰ বৈষম্য আঁতৰ কৰি সকলো লোককে সমান ব্যৱহাৰ কৰা।

            ______৹৹৹______

(11)নং প্ৰশ্ন:-সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ প্ৰতি সমব্যৱহাৰ মানে কি বুজা?আলোচনা কৰা।

Ans:-

     Intr:-সামাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে কিছুমান নীতি মানি চলিবলগীয়া হয়।তাৰে এটা নীতি হ'ল সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ প্ৰতি সমব্যৱহাৰ।

      " সকলো লোক জন্মসূত্ৰে মুক্ত আৰু সমমৰ্য্যদাৰ অধিকাৰী"এই নীতিৰ আধাৰত সকলো লোকৰ প্ৰতি সমব্যৱহাৰ আৰু সমমৰ্য্যদা দাবী উঠি আহিছে।

    জাতি,ধৰ্ম,বৰ্ণ, ভাষা আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য আচৰণ কৰিব নোৱাৰি। প্ৰতিজন নাগৰিকৰ ভোটৰ মূল্য একে।ঠিক সেইদৰে আইনৰ চকুত সকলো নাগৰিক সমান।

     কোনো এজন ব্যক্তিৰ  কাম-কাজ আৰু সক্ষমতা তেওঁৰ  জাতি,ধৰ্ম, বৰ্ণ,ভাষা আদিৰ দ্বাৰা জুখিব পৰা নাযায়।

       সমদক্ষ, সমকক্ষ অথবা সম কামৰ প্ৰতি সমব্যৱহাৰ দিশ থাকিলে সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব। বিকাশৰ পথ সুগম হ'ব।

      সামৰণি:সমাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ বাবে সমব্যৱহাৰ থাকিব লাগিব।

                  _____৹৹৹_____

(12)নং প্ৰশ্ন:-সমানুপাতিক ন্যায় বুলিলে কি বুজা? বাখ্যা কৰা।

Ans:-

      Intr:-সামাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে কিছুমান নীতি মানি চলিবলগীয়া হয়।তাৰে এটা নীতি হ'ল সমানুপাতিক ন্যায়।

    সকলো লোক যিহেতু জন্মসূত্ৰে মুক্ত আৰু সমমৰ্য্যদাৰ অধিকাৰী সেয়ে জাতি,ধর্ম, বৰ্ণ ,ভাষা আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য আচৰণ কৰিব নোৱাৰি।আইনৰ চকুত সকলো মানুহ সমান।

     সকলো লোককে সম ব্যৱহাৰ কৰাকে সমানুপাতিক ন্যায় বুলি কোৱা হয়।

    কোনো এজন ব্যক্তিক তেওঁৰ জাতি,ধর্ম, বৰ্ণ, ভাষা আদিৰ ভিত্তিত তেওঁৰ কাম-কাজৰ সমকক্ষতা জুখিব নোৱাৰি।

     কোনো ব্যক্তিকে তেওঁৰ প্ৰাপ্যৰ বঞ্চিত নকৰা ধাৰণাক সমানুপাতিক ন্যায়ৰ ধাৰণা বুলিব পাৰি।

    সামৰণি:-গতিকে ক'ব পাৰি যে সকলো নাগৰিকে নিজৰ অধিকাৰসমূহ সমানে উপভোগ কৰাৰ অধিকাৰ পোৱাটো ন্যায়।

               ______৹৹৹______

(13)নং প্ৰশ্ন:-সঠিক বিতৰণ মানে কি বুজা?ভাৰতত এই নীতিটো প্ৰযোজ্য আছেনে?

Ans:-

     Intr:-সমাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে সঠিক বিতৰণৰ ওপৰত গুৰুত্ব দিব লাগিব।যাতে দৰিদ্ৰতা হ্ৰাস পায়।

     ৰাষ্ট্ৰসংঘৰ কৃষি আৰু খাদ্য সংগঠন এ 2008 চনত প্ৰকাশ কৰা এখন প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীত দুবেলা দুমুঠি খাবলৈ নোপোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

     বিশুদ্ধ খুৱাপানী,স্বাস্থ্যসেৱা,শিক্ষাৰ সুবিধা আদিৰ ক্ষেত্ৰত এচাম লোকে অধিকভাৱে লাভৱান্বিত হোৱাৰ বিপৰীতে গৰিষ্ঠসংখ্যক লোকৰ সংখ্যা বেয়াৰ ফাললৈ গৈছে।

     এনে ক্ষেত্ৰত সম্পদ আৰু সেৱাৰ বিতৰণৰ বাবে চৰকাৰে  নীতি প্ৰণয়নৰ পোষকতা কৰে।সমাজত বৰ্ধিত বৈষম্য দূৰীকৰণৰ বাবে পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশেই কম -বেছি পৰিমাণে সম্পদ আৰু সেৱাৰ পুনৰবিতৰণৰ কিছুমান নীতি প্ৰণয়ন কৰি আহিছে।ইয়াকে সঠিক বিতৰণ বোলা হয়।

     এই নীতিটো ভাৰতত প্ৰযোজ্য আছে।উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ নিচিনা কৃষিপ্ৰধান দেশত এচাম লোকৰ হাতত হাজাৰ হাজাৰ একৰ মাটি থকাৰ বিপৰীতে গৰিষ্ঠসংখ্যক খেতিয়ক ভূমিহীন।এনে পৰিস্থিতিত চৰকাৰে ভূমিসংস্কাৰ নীতিৰ জৰিয়তে ভূমিৰ পুনৰ বিতৰণৰ ব্যৱস্থা কৰিছে।

      সামৰণি:-শেষত ক'ব পাৰি যে সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সম্পদ বিতৰণৰ নীতিৰ ওপৰত যথেষ্ঠ বিতৰ্ক আছে।

            _________৹৹৹________

(14)নং প্ৰশ্ন:-মুক্ত বজাৰ ব্যৱস্থাই কিদৰে সমাজত ন্যায় প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুজাই লিখা।

Ans:-

     Intr:-সামাজিক ন্যায়ৰ তত্ত্বৰ ভিতৰত মুক্ত বজাৰ ব্যৱস্থা অন্যতম।

    বহুবোৰ অৰ্থনৈতিক তত্ত্বকাৰ আছে যিসকলে চৰকাৰৰ বিতৰণৰ নীতি বা বিশেষ কাৰ্যসূচীৰ পন্থাক বিৰোধিতা কৰে।এই সকল তত্ত্বকাৰৰ ভিতৰত অন্যতম হ'ল-এফ.এ.হায়েক,ৰবাৰ্ট নজিক।

    হায়েকৰ মতে চৰকাৰে সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা পদক্ষেপে ব্যক্তিৰ নিজা উদ্যোগ আৰু সৃজনশীল সমতাক হ্ৰাস কৰে।তাৰ পৰিৱৰ্তে ব্যক্তিক নিজা উদ্যোগৰে ইজনে সিজনৰ লগত প্ৰতিযোগিতাৰ সুবিধা প্ৰদান কৰিলে ব্যক্তিৰ স্বাধীনতা সুৰক্ষিত হ'ব।সকলোকে মুক্তভাৱে নিজৰ দক্ষতা প্ৰয়োগত সুবিধা দিলে চৰকাৰে সম্পদ বিতৰণৰ দায়িত্ব লোৱাৰ কোনো প্ৰয়োজন নাই বুলিও হায়েককে প্ৰমুখ্য কৰি বজাৰ অৰ্থনীতিৰ প্ৰবক্তাসকলে দাবী কৰে।

    ৰবাৰ্ট নজিকেও সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা হ্ৰাস কৰাৰ হকে যুক্তি আগবঢ়াইছে।তেওঁলোকৰ মতে কেৱল বজাৰৰ প্ৰতিযোগিতাইহে অধিক দক্ষতা আৰু অৰ্হতাসম্পন্ন লোকক তেওঁলোকৰ প্ৰাপ্যখিনি আহৰণ কৰাত সহায় কৰিব।

    প্ৰতিজন ব্যক্তিকে দক্ষ আৰু সৃষ্টিশীল কৰি তোলে মুক্ত বজাৰ অৰ্থনীতিয়ে সামাজিক ন্যায় প্ৰতিষ্ঠাটো অৰিহণা যোগাব বুলি বজাৰ অৰ্থনীতিৰ প্ৰবক্তাসকলে দাবী কৰে।

    সামৰণি:-বজাৰ অৰ্থনীতিৰ বহুতো সীমাবদ্ধতাও আছে।সেয়ে ভাৰতবৰ্ষৰ চৰকাৰে জনসাধাৰণৰ নিৰাপত্তাৰ সকলোবোৰ ক্ষেত্ৰ বজাৰৰ হাতত এৰি দিব পৰা নাই।

            _________৹৹৹__________

চমু উত্তৰৰ প্ৰশ্ন:(Marks:4)

(1)নং প্ৰশ্ন:-আইন আৰু ন্যায়ৰ সম্পৰ্ক বিচাৰ কৰা।

Ans:-

     Intr:-আইন আৰু ন্যায় দুয়োটাই ৰাজনীতি বিজ্ঞানত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।

     আইন আৰু ন্যায় পৰস্পৰ সম্পৰ্কযুক্ত দুটা পদ।আইন ৰচনাৰ প্ৰাথমিক উদ্দেশ্য হ'ল সমাজত ন্যায় প্ৰতিষ্ঠা।

     আইন হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ কৰ্তৃপক্ষই প্ৰনয়ন কৰা কিছুমান সু-শৃংখল নীতি -নিয়ম যাৰ সহায়ত মানুহে সু-সভ্য জীৱন-যাপন কৰা সম্ভৱ হয় আৰু সমাজত শান্তি-সম্প্ৰীতি স্থাপন কৰা সহজ হয়।গতিকে আইনৰ প্ৰধান উদেশ্য হ'ল সকলোকে ন্যায় প্ৰদান কৰা।

    আইনৰ ন্যায়সংগত আৰু নিৰপেক্ষ প্ৰয়োগেৰে সমাজত ন্যায় প্ৰতিষ্ঠা কৰিব পাৰি।

    আইন অবিহনে ন্যায় প্ৰতিষ্ঠা কৰা সম্ভৱ নহয়।আইন আৰু ন্যায়ৰ মাজত নিবিড় সম্বন্ধ আছে।

    সামৰণি:-গতিকে ক'ব পাৰি যে আইন আৰু ন্যায় এটাৰ আনটোৰ পৰিপূৰক।

               ______৹৹৹_____

(2)নং প্ৰশ্ন:-ন্যায়ৰ অৰ্থ বাখ্যা কৰা।

Ans:-

     Intr:-সমাজ বিজ্ঞান বিশেষকৈ ৰাজনীতি বিজ্ঞানত ন্যায় এটা গুৰুত্বপূৰ্ণ আৰু পুৰণি ধাৰণা।

     ন্যায় এই শব্দটো গ্ৰীক শব্দ "Dikaiosume"-ৰ পৰা উৎপত্তি হৈছে।ইয়াৰ অৰ্থ হ'ল সকলো প্ৰকাৰৰ দোষৰ শাস্তি প্ৰদান কৰি শান্তি আৰু সমতাক ৰক্ষা কৰা।

    আন কথাত ন্যায় বুলিলে আনৰ অন্যায় নকৰাকৈ সজ আৰু সহজভাৱে নিজৰ দায়িত্ব পালন কৰাকে বুজায়।

    বিভিন্নজনে ন্যায়ৰ সম্পৰ্কে বিভিন্ন মতামত আগবঢ়াইছে।

   (1)  ছেফালাছৰ মতে,"সঁচা কথা কোৱা আৰু আনৰ ধাৰ পৰিশোধ কৰাই হৈছে ন্যায়"।

  (2)পোলেমাৰ্কাছৰ মতে,"যাৰ যি প্ৰাপ্য তেওঁক সেইখিনি দিয়াই হৈছে ন্যায়"।

      সামৰণি:-শেষত, ক'ব পাৰি যে আনৰ অন্যায় নকৰাকৈ ব্যক্তিয়ে ভোগ কৰা অধিকাৰেই হৈছে ন্যায়।

            _______৹৹৹৹________

(3)নং প্রশ্ন:-সামাজিক ন্যায় বুলিলে কি বুজা?

 Ans:-

         Intr:-সমাজ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানত ন্যায় এটা পুৰণি ধাৰণা।

    সাধাৰণ অৰ্থত সামাজিক ন্যায় বুলিলে অসমতাক অৱসান ঘটাই সকলোৰে বাবে জীয়াই থকাৰ মৌলিক সুবিধাখিনি প্ৰদান কৰা।

    এখন সমাজত যদি অসমতা থাকে তেন্তে কেতিয়াও সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব নোৱাৰে।এনে পৰিস্থিতিত সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ অৰ্থ হ'ল সকলোৰে বাবে সুস্থ আৰু নিৰাপদ জীৱন-নিৰ্বাহৰ সুবিধাসমূহ নিশ্চিত কৰা।

    অৰ্থাৎ যি সমাজত জাতি,ধর্ম, ভাষা ,জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই,সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।

      সামৰণি:-গতিকে ক'ব পাৰি যে সমাজৰ প্রতিজন নাগৰিকে আনৰ প্ৰতি অন্যায়,অবিচাৰ নকৰাকৈ নিজৰ

            _______৹৹৹৹________

(4)নং প্ৰশ্ন:-অৰ্থনৈতিক ন্যায় সম্পৰ্কে এটা টোকা লিখা।

Ans:-

       Intr:-ন্যায়ৰ সংকল্পনাক অৰ্থনৈতিক দিশৰ পৰাও বিচাৰ কৰা হয়।অৰ্থনৈতিক ন্যায় অবিহনে ৰাজনৈতিক ন্যায় বা সামাজিক ন্যায় তাৎপৰ্যহীন।

    অৰ্থনৈতিক ন্যায়ে দুটা কথাক বুজায়-

     (1)কোনো বিশেষ শ্ৰেণীৰ কাৰণে বিশেষ সুবিধা থাকিব নালাগে।

    (2)জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলো লোকে পাব লাগে।

    অৰ্থনৈতিক ন্যায়ৰ অবিহনে সমাজত ধনী আৰু দুখীয়া এই দুই শ্ৰেণীৰ লোকৰ সৃষ্টি হয়।ইয়াৰ ফলত সামাজিক ন্যায় ব্যাহত হয়।

    লাস্কিৰ মতে এজনে প্ৰচুৰ সম্পদৰ গৰাকী হোৱাৰ আগতে আন সকলে জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধা পোৱা উচিত।সেয়ে তেওঁ কৈছিল-"আনে ৰুটি খালে মোৰ কেক খোৱাৰ অধিকাৰ নাই।"

   সামৰণি:-গতিকে ক'ব পাৰি যে নাগৰিকক অৰ্থনৈতিক ন্যায় যথেষ্ঠ প্ৰয়োজন আছে।

              ________৹৹৹______

(5)নং প্ৰশ্ন:-সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো চাৰিটা উপায় উল্লেখ কৰা।

Ans:-

     Intr:-ভাৰত চৰকাৰে বিভিন্ন নীতিৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠাত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে।

    সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা চাৰিটা উপায় হ'ল-

    (1)সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ প্ৰতি সম ব্যৱহাৰ;

    (2)আনুপাতিক ন্যায়;

    (3)দুর্বল বা পিছপৰা সম্প্ৰদায় তথা ব্যক্তিৰ বাবে বিশেষ সুৰক্ষা বা সুবিধাৰ স্বীকৃতি;

    (4)সঠিক বিতৰণ।

     সামৰণি:-উপৰোক্ত নীতিৰ জৰিয়তে চৰকাৰে সমাজত ন্যায়ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছে।

            _______৹৹৹_______

(6)নং প্ৰশ্ন:-সমানুপাতিক ন্যায় ধাৰণাই সমাজত সমতা প্ৰতিষ্ঠাত কিদৰে সহায় কৰে বাখ্যা কৰা।

Ans:-

     Intr:-সামাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে কিছুমান নীতি মানি চলিবলগীয়া হয়।তাৰে এটা নীতি হ'ল সমানুপাতিক ন্যায়।

    সমানুপাতিক ন্যায়ৰ ধাৰণাই সমাজত সমতা প্ৰতিষ্ঠাত বহু ধৰণে সহায় কৰে।

   (1)ৰাজনৈতিক ক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰত সম অধিকাৰ নাগৰিকক প্ৰদান কৰিছে।

    (2)জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে সকলো মানুহ আইনৰ চকুত সমান বুলি গণ্য কৰিছে।

   (3)সমদক্ষ লোকৰ প্ৰতি সম ব্যৱহাৰৰ ওপৰতো গুৰুত্ব দিছে।

  (4)কোনো ব্যক্তি যাতে প্ৰাপ্যৰ পৰা বঞ্চিত নহয়,সকলোৱে নিজৰ কামৰ প্ৰকৃতি আৰু দক্ষতাৰ অনুপাতে সমান ব্যৱহাৰ পায়।ইয়াৰ ক্ষেত্ৰতো সমানুপাতিক ন্যায়ে যথেষ্ঠ সহায় কৰিছে।

  সামৰণি:-জন্মসূত্ৰে সকলো মুক্ত আৰু সম মৰ্য্যদা অধিকাৰী।সেই ধাৰণাকে সমানুপাতিক ন্যায়ে অনুসৰণ কৰে।

            _________৹৹৹৹________

(7)নং প্ৰশ্ন:-সংৰক্ষণ ব্যৱস্থাই কেতিয়াবা সংঘৰ্ষ সৃষ্টি কৰিব পাৰে নেকি?

Ans:-

      Intr:-পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা অন্য এটা নীতি হ'ল一দুর্বল আৰু পিছপৰা লোকৰ বাবে বিশেষ সুৰক্ষা আৰু সুবিধা প্ৰদানৰ নীতি।

     ব্যক্তি,সম্প্ৰদায় আৰু মহিলাৰ বাবে আগবঢ়োৱা এই সুৰক্ষাৰ নীতিয়ে ভাৰতবৰ্ষত ন্যায় প্ৰতিষ্ঠাত অৰিহণা যোগাইছে।যদিও কেতিয়াবা এই সংৰক্ষণ ব্যৱস্থাই সংঘৰ্ষ সৃষ্টি কৰিব পাৰে।

    উদাহৰণস্বৰূপে শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী2 চাকৰিৰ ক্ষেত্ৰত পিছপৰা শ্ৰেণীসমূহৰ বাবে আসন সংৰক্ষণ নীতিয়ে উচ্চ বৰ্ণৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰাও পৰিলক্ষিত হয়।

    ভাৰতবৰ্ষৰ সংসদ আৰু বিধানসভাসমূহত অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ বাবে আসন সংৰক্ষণ কৰাক লৈও বহু সময়ত বিতৰ্ক হোৱা দেখা যায়।

    সামৰণি:-এনে প্ৰেক্ষাপটত ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে ন্যায়ৰ তত্ত্বক গভীৰভাৱে অনুধাৱন আৰু আলোচনা কৰাৰ প্ৰয়োজনীয়তা অধিক।

           --------一৹৹৹৹一-----

(8)নং প্ৰশ্ন:-ভাৰতবৰ্ষৰ অধিক মানুহ সামাজিক ন্যায়ৰ পৰা বঞ্চিত হৈ থকা বুলি ভাবানে?

Ans:-

     Intr:-ভাৰত চৰকাৰে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।তৎসত্বেও ভাৰতবৰ্ষৰ নিচিনা দেশত বিভিন্ন প্ৰশ্নত সামাজিক ন্যায়ৰ অনুপস্থিতি লক্ষ্য কৰা যায়।

    ভাৰতবৰ্ষৰ বহু শতাংশ লোকে চিকিৎসাৰ খৰছ জোৰা মাৰিবলৈ গৈ সা-সম্পত্তি বিক্ৰী কৰি দৰিদ্ৰ হৈ উঠাৰ কথাও চৰকাৰীভাৱে স্বীকাৰ কৰি লোৱা লৈছে।বিবাহিতা পত্নী বা বোৱাৰীক যৌতুকৰ প্ৰশ্নত অত্যাচাৰ আৰু হত্যা কৰাৰ বাতৰি প্ৰায় শুনিবলৈ পোৱা যায়।

     বহুবোৰ আঁচনি গ্ৰহণ আৰু প্ৰয়োগৰ পাছতো ভাৰতবৰ্ষৰ দৰে দেশত সামাজিক ন্যায় প্ৰতিষ্ঠা হ'বলৈ বহুদূৰ বাকী।

    বৰ্তমানও দুৰ্গম অঞ্চলত বজাৰ অৰ্থনীতিয়ে ঢুকি পোৱা নাই।এতিয়াও এনে মানুহ আছে দুবেলা দুমুঠি খাবলৈ নোপোৱা,বিজুলী বাতিৰ মুখ নেদেখা।

    সামৰণি:-গতিকে ক'ব পাৰি যে বৰ্তমানো ভাৰতবৰ্ষৰ অধিক মানুহ সামাজিক ন্যায়ৰ পৰা বঞ্চিত হৈ আছে।

             _______৹৹৹_______

(9)নং প্ৰশ্ন:-ন্যায়ৰ খাতিৰত বিশেষ প্ৰয়োজনক কেনেকৈ স্বীকৃতি দিয়া হয় লিখা।

Ans:-

      Intr:-সমাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ কেতিয়াবা বিশেষ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া হয়।

    ঐতিহাসিক অভিজ্ঞতা, সমাজত প্ৰচলিত বৰ্ণ আৰু জাতি বিভাজন, লিংগ তথা আঞ্চলিক বৈষম্য ইত্যাদি দিশবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই সামাজিক ন্যায়ৰ এই নীতি গ্ৰহণ কৰা হৈছে।

   উদাহৰণস্বৰূপে শ্ৰেণী কোঠাত যদি কোনোবা অন্ধ ছাত্ৰ-ছাত্ৰী আছে তেন্তে তেনে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকে কেৱল সম দৃষ্টিৰ নীতি প্ৰয়োগ কৰিলেই নহ'ব।সেই ছাত্ৰ-ছাত্ৰীগৰাকীৰ সুবিধা হোৱাকৈ তেওঁক বিশেষ সহায় আগবঢ়াব লাগিব।প্ৰয়োজন হ'লে তেওঁক শ্ৰেণীত দিয়া শিক্ষকৰ টোকা লিখি লবৰ বাবে এজন লেখক-সহায়ক যোগান ধৰিব লাগিব।অন্যথা সম ব্যৱহাৰৰ নীতিয়ে ছাত্ৰ-ছাত্ৰী গৰাকীক পিছলৈহে ঠেলি দিব।

    অনুসূচীত জাতি,জনজাতি,মহিলাসকলৰ বাবে ন্যায় প্ৰতিষ্ঠাৰ বাবে বিশেষ প্ৰয়োজনীয়তা অৱলম্বন কৰে।

     বিশেষ অঞ্চল বা সম্প্ৰদায়ৰ উন্নতিৰ বাবেও চৰকাৰৰ বিশেষ আঁচনি আছে।

    সামৰণি:-এনেদৰে ন্যায়ৰ খাতিৰত বিশেষ প্ৰয়োজনক স্বীকৃতি দিয়া হয়।

             __________৹৹৹৹________

(10)নং প্ৰশ্ন:-বৰ্তমান ভাৰতীয় সমাজত প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হৈছে বুলি তুমি ভাবানে?উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

Ans:-

      Intr:-সমাজত ন্যায় প্ৰতিষ্ঠাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।তথাপিও বহু অঞ্চলৰ লোকে প্ৰকৃত ন্যায় পাবলৈ এতিয়াও বহুত বাকী।

     ভাৰতীয় সমাজত বহুসংখ্যক শিশু পুষ্টিহীনতাত ভুক্তভোগী।চৰকাৰে বিভিন্ন উপায় অৱলম্বন কৰিছে যদিও ভিতৰ বা দুৰ্গম অঞ্চলৰ বহুতো শিশুৰ অভিভাৱক ইয়াৰ বিষয়ে অৱগত নহয়।

     বজাৰ অৰ্থনীতিয়ে আমাৰ সন্মুখত পছন্দৰ বহুবোৰ সুবিধা দাঙি ধৰে।কিন্তু গৰিষ্ঠসংখ্যক লোকৰ এই পছন্দৰ অৱস্থালৈ অহাৰ যোগ্যতাও নাই।তেওঁলোকৰ বহুতেই দৰিদ্ৰতা, ৰক্তহীনতা আদি ৰোগত ভুগিছে।

    বহুতেই বিদ্যালয়ৰ মুখেই দেখা নাই। চিকিৎসাৰ পৰাও বহু বঞ্চিত হৈছে।

    সামৰণি:-আমাৰ সমাজত ব্যাপক আৰ্থ-সামাজিক বৈষম্য আছে।গতিকে ক'ব পাৰি যে বৰ্তমান ভাৰতীয় সমাজত প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হৈছে বুলি ক'ব নোৱাৰি।

        _________৹৹৹৹_________

(11)নং প্ৰশ্ন:-মুক্ত বজাৰৰ সাধাৰণ লক্ষণসমূহ কি কি?

Ans:-

      Intr:-সামাজিক ন্যায়ৰ তত্ত্বৰ ভিতৰত মুক্ত বজাৰ ব্যৱস্থা অন্যতম।

    মুক্ত বজাৰৰ সাধাৰণ লক্ষণসমূহ হ'ল 一

    (1)মুক্ত অৰ্থনীতিৰ প্ৰবক্তাসকলৰ মতে কেৱল বজাৰৰ প্ৰতিযোগিতাইহে অধিক দক্ষতা আৰু অৰ্হতাসম্পন্ন লোকক তেওঁলোকৰ প্ৰাপ্যখিনি আহৰণ কৰাত সহায় কৰিব।

    (2)ব্যক্তিক নিজা উদ্যোগৰে ইজনে সিজনৰ লগত প্ৰতিযোগিতাৰ সুবিধা প্ৰদান কৰিলে ব্যক্তিৰ স্বাধীনতা ৰক্ষা হ'ব।

   (3)চৰকাৰৰ বিতৰণৰ নীতি বা বিশেষ কাৰ্যসূচী গ্ৰহণৰ পন্থাক বিৰোধিতা কৰে।

    (4)প্ৰতিজন ব্যক্তিকে দক্ষ আৰু সৃষ্টিশীল কৰি তুলি মুক্ত বজাৰ অৰ্থনীতিয়ে সামাজিক ন্যায় প্ৰতিষ্ঠাটো অৰিহণা যোগাব বুলি বজাৰ অৰ্থনীতিৰ প্ৰবক্তাসকলে দাবী কৰে।

    সামৰণি:-গতিকে ক'ব পাৰি যে-মুক্ত বজাৰ অৰ্থনীতিৰ এই লক্ষণসমূহ থাকিলেও বহুতো সীমাবদ্ধতাও আছে।

                   ________৹৹৹_______

(12)নং প্ৰশ্ন:-বিভিন্ন সংস্কৃতি বা সভ্যতাত ন্যায়ৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা।

Ans:-

      Intr:-পৃথিৱীৰ প্ৰায় সকলোবোৰ সংস্কৃতি আৰু সভ্যতাত সামাজিক ন্যায়ৰ ধাৰণাটো বিভিন্ন ধৰণে আলোচিত হৈছে।

     ন্যায় -অন্যায় আলোচনাৰ ভাৰতীয় সংস্কৃতিৰ অন্যতম দিশ।"মহাভাৰত"-ত বৰ্ণিত কুৰুক্ষেত্ৰ ৰণক ন্যায় প্ৰতিষ্ঠাৰ ৰণ নামে জনা যায়।ইয়াত কৃষ্ণ হ'ল ন্যায়ৰ প্ৰতীক।পুৰণি ভাৰতীয় সংস্কৃতিক ন্যায়ৰ ধাৰণাটোক "ধৰ্ম "বুলিও কোৱা হৈছিল।

     চীন দেশৰ প্ৰখ্যাত দাৰ্শনিক কণফুছিয়াচে কৈছিল যে শাসনকর্তাই দেশত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে দুষ্কৃতি কাৰীক শাস্তি দিয়াৰ লগতে জ্ঞানী লোকক সন্মান জনাব পাৰিব লাগিব।

    প্লেটোৰ "গণৰাজ্য"গ্ৰন্থখনত ন্যায়ৰ বিষয়ে আলোচনা কৰা হৈছে।প্লেটোৰ মতে সকলো ব্যক্তিৰ দক্ষতা আৰু সামৰ্থ্য একে নহয় আৰু সেয়ে সকলো মানুহ সকলো ধৰণৰ কামৰ বাবে উপযুক্ত নহয়।

     ছক্ৰেটিছৰ মতেও প্ৰত্যেক ব্যক্তিক তেওঁৰ প্ৰাপ্য প্ৰদান কৰিব পাৰিলেহে সমাজত ন্যায় প্ৰতিষ্ঠা হ'ব।

     সামৰণি:-গতিকে উপৰোক্ত আলোচনাৰ পৰা ক'ব পাৰি যে-পৃথিৱীৰ বিভিন্ন দেশৰ সংস্কৃতি আৰু সভ্যতাত ন্যায়ৰ ধাৰণা আলোচনা কৰা হৈছে।

             _________৹৹৹৹__________

(13)নং প্ৰশ্ন:-সঠিক বিতৰণ কি বুজাই লিখা।

Ans:-

      Intr:-সমাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে সঠিক বিতৰণৰ ওপৰত গুৰুত্ব দিব লাগিব।যাতে দৰিদ্ৰতা হ্ৰাস পায়।

     ৰাষ্ট্ৰসংঘৰ কৃষি আৰু খাদ্য সংগঠন এ 2008 চনত প্ৰকাশ কৰা এখন প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীত দুবেলা দুমুঠি খাবলৈ নোপোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

     বিশুদ্ধ খুৱাপানী,স্বাস্থ্যসেৱা,শিক্ষাৰ সুবিধা আদিৰ ক্ষেত্ৰত এচাম লোকে অধিকভাৱে লাভৱান্বিত হোৱাৰ বিপৰীতে গৰিষ্ঠসংখ্যক লোকৰ সংখ্যা বেয়াৰ ফাললৈ গৈছে।

     এনে ক্ষেত্ৰত সম্পদ আৰু সেৱাৰ বিতৰণৰ বাবে চৰকাৰে  নীতি প্ৰণয়নৰ পোষকতা কৰে।সমাজত বৰ্ধিত বৈষম্য দূৰীকৰণৰ বাবে পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশেই কম -বেছি পৰিমাণে সম্পদ আৰু সেৱাৰ পুনৰবিতৰণৰ কিছুমান নীতি প্ৰণয়ন কৰি আহিছে।ইয়াকে সঠিক বিতৰণ বোলা হয়।

     সামৰণি:-সঠিক বিতৰণৰ ব্যৱস্থা কৰা হৈছে যদিও বহুতো সীমাবদ্ধতা নথকাও নহয়।

           _________৹৹৹৹৹________

(14)নং প্ৰশ্ন:-মুক্ত বজাৰৰ সপক্ষে চাৰিটা যুক্তি দিয়া।

Ans:-

     Intr:-সামাজিক ন্যায়ৰ তত্ত্বৰ ভিতৰত মুক্ত বজাৰ ব্যৱস্থা অন্যতম।

    মুক্ত বজাৰৰ সপক্ষে চাৰিটা যুক্তি হ'ল一

    (1)ব্যক্তিৰ নিজা উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ উৎসাহ দিয়ে।

   (2)ব্যক্তিৰ সৃজনশীল ক্ষমতা বৃদ্ধি কৰা সহায় কৰে।

   (3)মুক্ত বজাৰ হৈছে ব্যক্তিৰ বিকাশৰ অন্যতম এটা দিশ।

   (4)অৰ্হতাসম্পন্ন লোকক তেওঁলোকৰ প্ৰাপ্যখিনি আহৰণ কৰাত মুক্ত বজাৰে সহায় কৰে।

    সামৰণি:-গতিকে ক'ব পাৰি যে মুক্ত বজাৰ অৰ্থনীতিৰ যদিও সপক্ষে যুক্তি দিব পাৰি তথাপিও সীমাবদ্ধতা নথকা নহয়।

          _________৹৹৹_______

(15)নং প্ৰশ্ন:-সামাজিক ন্যায়ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans:-

     Intr:-আনৰ অন্যায় নকৰাকৈ নিজৰ দায়িত্ব পালন কৰাকে সামাজিক ন্যায় বুলি কোৱা হয়।

    সামাজিক ন্যায়ৰ তিনিটা বৈশিষ্ট্য হল 一

    (1)সামাজিক ন্যায়ৰ অৰ্থ হ'ল সকলোৰে বাবে সুবিধা আৰু নিৰাপদ জীৱন-নিৰ্বাহৰ সুবিধাসমূহ নিশ্চিত কৰা।

   (2)জাতি,ধৰ্ম,বৰ্ণ আদিৰ ভিত্তিত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই।

    (3)সংবিধানৰ সমতাৰ অধিকাৰৰ জৰিয়তে সামাজিক ন্যায়ৰ আশ্বাসক কাৰ্য্যকৰী কৰাৰ ব্যৱস্থা আছে।

     সামৰণি:-বৰ্ণ বৈষম্য ব্যৱস্থা নাথকা দেশতহে সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব।

             ________৹৹৹৹_______

(16)নং প্ৰশ্ন:-জে.এছ.মিলৰ ন্যায়ৰ ধাৰণা বাখ্যা কৰা।

Ans:-

     Intr:-বিভিন্ন পণ্ডিতে ন্যায়ৰ সম্পৰ্কে বিভিন্ন মতামত দাঙি ধৰিছে।তাৰে ভিতৰত অন্যতম হ'ল জে. এছ.মিলৰ ন্যায়ৰ ধাৰণা।

           ________৹৹৹৹_______

অতি চমু উত্তৰৰ প্ৰশ্ন:(Marks:1)

(1)নং প্ৰশ্ন:- Rawl -ৰ ন্যায়ৰ তত্ত্বটো কি।

Ans:-

     ব্যক্তিয়ে এনে নীতি গ্ৰহণ কৰিব লাগে য'ত শক্তিশালী হ'লে ব্যক্তিগত ভাৱে প্ৰতিযোগিতা কৰাৰ আৰু দুৰ্বল হ'লে সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰা।

(2)নং প্ৰশ্ন:-দুজন এনে চিন্তাবিদৰ নাম লিখা যিয়ে অন্যায়ক ন্যায়তকৈ ভাল বুলি অনুভৱ কৰে।

Ans:-

      (1)এফ.এ.হায়েক;

     (2)ৰবাৰ্ট নজিক।

(3)নং প্ৰশ্ন:-ন্যায়ৰ দুটা নীতি উল্লেখ কৰা।

Ans:-

      ন্যায়ৰ দুটা নীতি হ'ল-

(1)সকলোৰে কাৰণে সম মৰ্য্যদা আৰু সম ব্যৱহাৰৰ নীতি বলবৎ কৰা;

(2)দক্ষতা আৰু মেধাৰ ভিত্তিত পুৰস্কৃত কৰা।

(4)নং প্ৰশ্ন:-ন্যায়ৰ দুটা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা।

Ans:-

     ন্যায়ৰ দুটা মৌলিক বৈশিষ্ট্য হ'ল-

(1)সমতা ৰক্ষা কৰা;

(2)আনৰ অন্যায় নকৰা।

(5)নং প্ৰশ্ন:-মুক্ত বজাৰ নীতিৰ দুটা সুবিধা লিখা।

Ans:-

      মুক্ত বজাৰৰ দুটা সুবিধা হ'ল-

  (1)ব্যক্তিৰ নিজা উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ উৎসাহ দিয়ে।

   (2)ব্যক্তিৰ সৃজনশীল ক্ষমতা বৃদ্ধি কৰা সহায় কৰে

(6)নং প্ৰশ্ন:-মুক্ত বজাৰৰ দুটা অসুবিধা লিখা।

Ans:-

    মুক্ত বজাৰৰ দুটা অসুবিধা হ'ল-

(1)চৰকাৰৰ বিতৰণৰ নীতি বা বিশেষ কাৰ্যসূচী গ্ৰহণৰ পন্থাক বিৰোধিতা কৰে;

(2)মুক্ত বজাৰৰ তত্ত্বই সামাজিক ন্যায়তকৈ সামাজিক অন্যায় সৃষ্টি কৰাৰহে আশংকা বেছি।

(7)নং প্ৰশ্ন:-ন্যায়ৰ দুটা সূত্ৰ লিখা।

Ans:-

      ন্যায়ৰ দুটা সূত্ৰ হল-

(1)শান্তি আৰু সমতাক ৰক্ষা কৰা;

(2)আনৰ অন্যায় নকৰা।

(8)নং প্ৰশ্ন:-সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে গ্ৰহন কৰা দুখন আঁচনি নাম লিখা।

Ans:-

    (1) Mid-day meal scheme;

   (2) National rural health mission.

(9)নং প্ৰশ্ন:-সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দুটা নীতি উল্লেখ কৰা।

Ans:-

     সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দুটা নীতি হ'ল-

   (1)সকলোৰে প্ৰতি সমমৰ্য্যদা আৰু সম ব্যৱহাৰৰ নীতি বলবৎ কৰা;

 (2)দক্ষতা আৰু মেধাৰ ভিত্তিত যোগ্যজনক পুৰস্কৃত কৰা।

(10)নং প্ৰশ্ন:-সামাজিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়ৰ মাজত  দুটা পার্থক্য উল্লেখ কৰা।

Ans:-

     সামাজিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়ৰ মাজৰ দুটা পাৰ্থক্য হ'ল-

(1)সামাজিক ন্যায়ে সামাজিক নিৰাপত্তা দাবী কৰে।আনহাতে অৰ্থনৈতিক ন্যায়ে অৰ্থনৈতিক নিৰাপত্তা দাবী কৰে।

(2)সামাজিক ন্যায়ে বৰ্ণ বৈষম্যক বিৰোধিতা কৰে আৰু সমাজত জাতি,ধৰ্ম,বৰ্ণ সকলোৱে সমান সুযোগ-সুবিধা পোৱাটো বিচাৰে।আনহাতে অৰ্থনৈতিক ন্যায়ে কৰ্মৰ অধিকাৰ,উপযুক্ত কামৰ বাবে উপযুক্ত মজুৰীৰ আদি থকাটো বিচাৰে।

(11)যিকোনো দুটা ন্যায়ৰ নাম লিখা।

Ans:-

       যিকোনো দুটা ন্যায়ৰ নাম হল-

(1)ৰাজনৈতিক ন্যায়;

(2)সামাজিক ন্যায়।

(12)নং প্ৰশ্ন:-মুক্ত বজাৰ অৰ্থনীতিৰ দুজন সমৰ্থকৰ নাম লিখা।

Ans:-

     (1)এফ. এ.হায়েক;

    (2)ৰবাৰ্ট নজিক।

(13)নং প্ৰশ্ন:-এৰিষ্টটলৰ ন্যায়ৰ সংকল্পনাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

Ans:-

     এৰিষ্টটলৰ ন্যায়ৰ সংকল্পনাক দুটা ভাগত ভাগ কৰা হয়।

    (1)বিতৰণমূলক ন্যায়;

    ( 2)সংশোধনমূলক ন্যায়।

(14)নং প্ৰশ্ন:-প্ৰাচীন কালত ন্যায়ৰ সম্পৰ্কে মতামত আগবঢ়োৱা দুজন গ্ৰীক দাৰ্শনিক ৰ নাম লিখা।

Ans:-

     (1)প্লেটো;

    (2)এৰিষ্ট'টল।

(15) নং প্ৰশ্ন:-ন্যায় প্ৰতিষ্ঠাৰ বাবে জন্ ৰাউলছে পোষকতা কৰা দুটা নীতি কি কি?

Ans:-

   (1)সমতা নীতি;

  (2অসমতা নীতি।

          _________৹৹৹৹_________ 

বস্তুনিষ্ঠ প্ৰশ্নাৱলী:(Marks:1)

(1)নং প্ৰশ্ন:-জন্ ৰাউলছৰ গ্ৰন্থখনৰ নাম কি?

Ans:-

      " A Theory of Justice."

(2)নং প্ৰশ্ন:-"অজ্ঞতাৰ আঁৰ কাপোৰ"ধাৰণাটো কাৰ?

Ans:-

   ধাৰণাটো জন্ ৰাউলছৰ।

______________৹৹৹৹৹______________






     

    

     




    


     


     

    

            


    


    




Comments

Popular posts from this blog

H.S 1st Year||POLITICAL THEORY||ৰাজনৈতিক তত্ত্ব:এক চমু পৰিচয়||Political Theory:An Introduction||(Assamese Medium Notes)

AHSEC Class 12 Political Science Chapter-2:দ্বি ৰাষ্ট্ৰবাদৰ অৱসান(End Of Bipolarity)important notes in assamese medium

H.S 1st Year||Political Science||ৰাজনৈতিক তত্ব(Political Theory)||Chapter-6||নাগৰিকতা(Citizenship)||Assamese Medium Notes.-