H.S 1st Year Political Science||ৰাজনৈতিক তত্ত্ব(Political Theory)||Lesson-5 অধিকাৰ(Rights)||Assamese Medium Notes.
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন
ৰচনাধৰ্মী প্ৰশ্ন:(Mark's-6)
(1)নং প্ৰশ্ন:-অধিকাৰ উপভোগৰ ক্ষেত্ৰত থকা দায়বদ্ধতাসমূহ চমুকৈ বাখ্যা কৰা।
Intr:-প্ৰত্যেক নাগৰিকৰ নিজৰ অধিকাৰ উপভোগৰ লগতে কিছুমান দায়ীবদ্ধতাও থকা উচিত।
তলত দায়বদ্ধতাসমূহ আলোচনা কৰা হ'ল-
(1)প্ৰত্যেক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য থকা উচিত।
(2)নাগৰিকৰ আন এটা দায়িত্ব হ'ল আইন মানি চলা।
(3)প্ৰত্যেক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে।যেনে-বায়ুমণ্ডলৰ ৰক্ষণাবেক্ষণ,পানী প্ৰদূষণ ৰোধ কৰা ইত্যাদি।
(4)ৰাষ্ট্ৰীয় ঐক্য, সংহতি,নিৰাপত্তা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব।
(5)আনৰ অধিকাৰক সন্মান জনোৱা প্ৰতিজন নাগৰিকৰে দায়িত্ব বা কৰ্তব্য বুলি ক'ব পাৰি
(6)প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ অধিকাৰবোৰৰ ওপৰত থকা সীমাবদ্ধতা সম্পৰ্কে সতৰ্ক থকা উচিত।
সামৰণি:-গতিকে ক'ব পাৰি যে-নিজৰ, সমাজৰ আৰু দেশৰ সৰ্বাংগীন মংগলৰ কাৰণে প্ৰত্যেকজন নাগৰিকে এই দায়িত্বসমূহ মানি চলা উচিত।
____________৹৹৹৹_________
(2)নং প্ৰশ্ন:-নাগৰিকৰ অধিকাৰৰ সংৰক্ষণৰ উপায়বিলাক আলোচনা কৰা।
Ans:-
Intr:-প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ কাৰণে কিছুমান অধিকাৰ আছে।
তলত নাগৰিকৰ অধিকাৰৰ উপায়বিলাক আলোচনা কৰা হ'ল-
(1)সংবিধান:-প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ কৰি সিবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।
(2)আইনৰ শাসন:-আইনৰ শাসন নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আন এটা উপায়।
(3)গণতন্ত্ৰ:-কেৱল গণতন্ত্ৰতহে নাগৰিকৰ অধিকাৰৰ বিশেষ নিৰাপত্তা সুৰক্ষিত থাকে।
(4)সুস্থ জনমত:-সুস্থ-সবল জনমত গঠনৰ জৰিয়তে নাগৰিকৰ অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিব পাৰি।
(5)ৰাজনৈতিক দল:-সু- সংগঠিত ৰাজনৈতিক দলৰ ব্যৱস্থা নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ কাৰণে বিশেষ প্ৰয়োজন।
(6)গনচেতনা:-জনসাধাৰণৰ ৰাজনৈতিক চেতনা আৰু সদাজাগ্ৰত প্ৰহৰাই ব্যক্তিৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিব পাৰে।
সামৰণি:-ওপৰৰ আলোচনৰ পৰা ক'ব পাৰি যে-নাগৰিকসকল তেওঁলোকৰ অধিকাৰৰ প্ৰতি সজাগ হ'লেহে অধিকাৰসমূহ সুৰক্ষিত হ'ব।
_________৹৹৹৹________
(3)নং প্ৰশ্ন:-আইনগত অধিকাৰৰ সম্পৰ্কে বাখ্যা কৰা।
Ans:-
Intr:-ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত অধিকাৰৰ ধাৰণা বৰ ব্যাপক।
সাধাৰণতে যি অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলৱৎ কৰে তাকে বৈধ বা আইনগত অধিকাৰ বোলে।
বৈধ অধিকাৰসমূহ উলংঘা বা ভংগ কৰিলে ৰাষ্ট্ৰই ইচ্ছামতে শাস্তি বিহিব পাৰে।এই অধিককৰসমূহ সাৰ্বজনীন, ই সকলোৰে বাবে সমানে প্ৰযোজ্য।
ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত এই অধিকাৰসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে।
বৈধ অধিকাৰক চাৰিটা ভাগত ভগাব পাৰি-
(1)নাগৰিক বা পৌৰ অধিকাৰ:-পৌৰ অধিকাৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।যেনে-জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ,স্বাধীনতাৰ অধিকাৰ,শিক্ষাৰ অধিকাৰ ইত্যাদি।
(2)ৰাজনৈতিক অধিকাৰ:-বিভিন্ন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলে কিছুমান ৰাজনৈতিক অধিকাৰ ভোগ কৰে সেউসমূহৰ ভিতৰত-ভোটদানৰ অধিকাৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰি পোৱাৰ অধিকাৰ ইত্যাদি।
(3)অৰ্থনৈতিক অধিকাৰ:-নাগৰিকৰ অৰ্থনৈতিক অধিকাৰসমূহ হ'ল-কৰ্মৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ, জিৰণিৰ অধিকাৰ ইত্যাদি।
(4)সামাজিক অধিকাৰ:-বিশেষ উল্লেখযোগ্য সামাজিক অধিকাৰসমূহ হ'ল-শিক্ষাৰ অধিকাৰ, সমতাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ।
সামৰণি:-এই অধিকাৰসমূহ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত অৰ্থাৎ আইনগত।
_________৹৹৹_______
(4)নংপ্ৰশ্ন:-ইমানুৱেল কাণ্টৰ অধিকাৰ ধাৰণাটো বাখ্যা কৰা।
Ans:-
Intr:-ইমানুৱেল কাণ্ট এজন ওঠৰ শতিকাৰ বিশিষ্ট জাৰ্মান দাৰ্শনিক চিন্তাবিদ আছিল।
ইমানুৱেল কাণ্টৰ মতে প্ৰত্যেক ব্যক্তিৰ ব্যক্তি হিচাপে তেওঁৰ সন্মান আৰু মৰ্যাদা আছে আৰু সেইমতে তেওঁলোকক মান্য কৰা উচিত।
এজন ব্যক্তি অজ্ঞ, দুখীয়া,ক্ষমতাহীন,অসাধু তথা নৈতিকতাহীন বুলি গণ্য হয় যদিও এজন মানুহ হিচাপে তেওঁক সামান্যতম মৰ্য্যদা হ'লেও দিব লাগে।
কাণ্টৰ মতে মানুহক সন্মান জনোৱা মানে তেওঁক নৈতিকভাৱেও একে ব্যৱহাৰ কৰাকে বুজায়।
তেওঁৰ ধাৰণাসমূহ দুটা যুক্তিৰ ওপৰত সুপ্ৰতিষ্ঠিত।প্ৰথম আমি নিজকে আমি যেনেকৈ ভাবো আনকো ঠিক তেনেদৰে ভবা উচিত।দ্বিতীয়তে আমাৰ উদ্দেশ্য সাধনৰ কাৰণে আন লোকক প্ৰলোভিত নকৰাটো।
সামৰণি :-গতিকে ক'ব পাৰি যে ইমানুৱেল কাণ্টে মানুহক মানুহ হিচাপে মান্য কৰাটো বিচাৰিছিল।
_______৹৹৹_______
(5)নং প্ৰশ্ন:-নাগৰিক অধিকাৰ সংৰক্ষণৰ উপায় সম্পৰ্কে এটা টোকা লিখা।
Ans:-
Intr:-প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ কাৰণে কিছুমান অধিকাৰ আছে।
তলত নাগৰিকৰ অধিকাৰৰ উপায়বিলাক আলোচনা কৰা হ'ল-
(1)সংবিধান:-প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ কৰি সিবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।
(2)আইনৰ শাসন:-আইনৰ শাসন নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আন এটা উপায়।
(3)গণতন্ত্ৰ:-কেৱল গণতন্ত্ৰতহে নাগৰিকৰ অধিকাৰৰ বিশেষ নিৰাপত্তা সুৰক্ষিত থাকে।
(4)সুস্থ জনমত:-সুস্থ-সবল জনমত গঠনৰ জৰিয়তে নাগৰিকৰ অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিব পাৰি।
সামৰণি:-ওপৰৰ আলোচনৰ পৰা ক'ব পাৰি যে-নাগৰিকসকল তেওঁলোকৰ অধিকাৰৰ প্ৰতি সজাগ হ'লেহে অধিকাৰসমূহ সুৰক্ষিত হ'ব।
______৹৹৹______
অতি চমু উত্তৰৰ প্ৰশ্ন:(Mark's:-2)
(1)নং প্ৰশ্ন:-"অধিকাৰ"ৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
Ans:-
"অধিকাৰ"ৰ বৈশিষ্ট্য দুটা হ'ল-
(1)অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এটা অবিচ্ছেদ্য অংগ।
(2)অধিকাৰ চিৰন্তন নহয়।সমাজ পৰিৱৰ্তনৰ লগে লগে অধিকাৰো পৰিৱৰ্তন হয়।
(2)নং প্ৰশ্ন-অধিকাৰ ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা।
Ans:-
অধিকাৰ ৰক্ষাৰ দুটা উপায় হ'ল-
(1)সংবিধান:-প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ কৰি সিবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।
(2)আইনৰ শাসন:-আইনৰ শাসন নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আন এটা উপায়।
(3)নং প্ৰশ্ন:-দুটা অৰ্থনৈতিক অধিকাৰৰ নাম লিখা।
Ans:-
দুটা অৰ্থনৈতিক অধিকাৰৰ নাম হ'ল-
(1)কৰ্মৰ অধিকাৰ:-ৰাষ্ট্ৰই বিভিন্ন উপায় অৱলম্বন কৰি নাগৰিকৰ কৰ্ম-সংস্থাপন দিহা কৰিব লাগে।
(2)উপযুক্ত বেতনৰ অধিকাৰ:-সমান কামৰ বাবে সমান মজুৰি পোৱা উচিত।
(4)নাগৰিকে উপভোগ কৰা যিকোনো দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা।
Ans:-
যিকোনো দুটা ৰাজনৈতিক অধিকাৰৰ নাম হ'ল-
(1)ভোটদানৰ অধিকাৰ:-গণতান্ত্ৰিক ৰাষ্ট্ৰত জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিককে ভোটদানৰ অধিকাৰ দিয়া হয়।
(2)চৰকাৰী চাকৰি পোৱা অধিকাৰ:-যোগ্যতা অনুসৰি সকলোৱে চাকৰি কৰাৰ বা পোৱাৰ অধিকাৰ আছে।
______৹৹৹______
প্ৰশ্নৱালী:
ৰচনাধৰ্মী প্ৰশ্ন:(Marks:6)
(1)নং প্ৰশ্ন:-অধিকাৰ কি?অধিকাৰৰ সংজ্ঞা দিয়া।
Ans:-
সাধাৰণ অৰ্থত অধিকাৰ হ'ল কিছুমান কাম কৰা বা নকৰাৰ স্বাধীনতা।
অধিকাৰৰ সংজ্ঞা:- ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা বিচাৰি পোৱাটো সহজ নহয়।বিভিন্ন ৰাজনৈতিক চিন্তাবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।
ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইবোৰকে অধিকাৰ বোলা হয়।
অধ্যাপক লাস্কিৰ মতে "অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহলে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে।"
হবহাউছে কয়-"আমি আনৰ পৰা যি আশা কৰো সেয়াই হৈয়ে অধিকাৰ আৰু সকলো অকৃত্ৰিম অধিকাৰেই হৈছে সমাজ কল্যাণৰ চৰ্ত।"
গ্ৰীণৰ মতে-"জনসাধাৰণৰ মংগলৰ সহায়কৰূপে দাবীকৃত আৰু স্বীকৃত সমতাই হ'ল অধিকাৰ।"
বোচংকোয়েটৰ মতে-"ব্যক্তিৰ যিবোৰ দাবী সমাজৰ দ্বাৰা স্বীকৃত আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলৱৎ কৰা হয় তাকে অধিকাৰ বোলা হয়।"
সামৰণি:-এই সংজ্ঞাবোৰৰ পৰা ক'ব পাৰি যে-অধিকাৰ হৈছে সামাজিক প্ৰানীৰূপে প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ কিছুমান সুবিধা।
_____৹৹৹৹____
(2)নং প্ৰশ্ন:-অধিকাৰ কাক বোলে?এইবোৰৰ কিয় প্ৰয়োজন?
Ans:-
Intr:-সাধাৰণ অৰ্থত অধিকাৰ হ'ল কিছুমান কাম কৰা বা নকৰাৰ স্বাধীনতা।
ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইবোৰকে অধিকাৰ বোলা হয়।
ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰবোৰ।এই অধিকাৰবোৰৰ অবিহনে এজন ব্যক্তিয়ে প্ৰকৃত অৰ্থত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে।
প্রতিজন মানুহে স্বাধীনভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ সমান সুবিধা পাব লাগে।ইয়াৰ বাবে প্ৰয়োজন হব অধিকাৰৰ।
সমাজত সন্মুখীন হোৱা বাধা আৰু প্ৰত্যাহ্বানৰ লগত মোকাবিলা কৰাৰ কাৰণেও অধিকাৰৰ প্ৰয়োজন আছে।
সমাজ পৰিৱৰ্তনৰ লগে লগে মানুহৰ অধিকাৰো পৰিৱৰ্তন হয়।ফলত মানৱ অধিকাৰৰ তাৎপৰ্যও ক্ৰমান্বয়ে বৃদ্ধি পাইছে।নাগৰিকৰ অধিকাৰ থাকিলেহে সমাজত এক সুস্থ-সৱল পৰিৱেশৰ সৃষ্টি হ'ব।
এখন সমাজ শৃংখলাবদ্ধভাৱে জীয়াই থাকিবলৈও নাগৰিকৰ অধিকাৰৰ প্ৰয়োজন আছে।
সামৰণি:-গতিকে ক'ব পাৰি যে প্ৰতিজন ব্যক্তিয়ে স্বধীনভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ সমান সুবিধা পাব লাগে।
_____৹৹৹______
(3)নং প্ৰশ্ন:-অধিকাৰৰ অৰ্থ বাখ্যা কৰা।ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?
Ans:-
Intr:-সাধাৰণ অৰ্থত অধিকাৰ হ'ল কিছুমান কাম কৰা বা নকৰাৰ স্বাধীনতা।
ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইবোৰকে অধিকাৰ বোলা হয়।
মানুহে সমাজ জীৱনৰ পূৰ্ণ বিকাশৰ বাবে লাভ কৰা সুবিধাই হ'ল অধিকাৰ।
ইয়াৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল-
(1)অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এটা অবিচ্ছেদ্য অংগ।
(2)অধিকাৰ চিৰন্তন নহয়।সমাজ পৰিৱৰ্তনৰ লগে লগে অধিকাৰো পৰিৱৰ্তন হয়।
(3)অধিকাৰ সাৰ্বজনীন,কোনো নির্দিষ্ট শ্ৰেণী বা গোষ্ঠীৰ বাবে নহয়।
(4)অধিকাৰৰ লক্ষ্য বা উদ্দেশ্য হ'ল জনকল্যাণমুখী।
সামৰণি:-গতিকে ক'ব পাৰি যে অধিকাৰসমূহ সমাজতহে ভোগ কৰিব পাৰি সমাজৰ বাহিৰত নহয়।
_____৹৹৹____
(4)নং প্ৰশ্ন:-অধিকাৰৰ ভিত্তি কি?কিহৰ ভিত্তিত কিছুমান অধিকাৰক সাৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয়?
Ans:-
Intr:-সাধাৰণ অৰ্থত অধিকাৰ হ'ল কিছুমান কাম কৰা বা নকৰাৰ স্বাধীনতা।
অধিকাৰৰ অবিহনে এজন ব্যক্তিয়ে প্ৰকৃত অৰ্থত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে।জীৱনৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ এই তিনিটা হৈছে মানুহৰ মূল অধিকাৰ।এই অধিকাৰ সমূহৰ পৰাই অন্যান্য অধিকাৰসমূহৰ উৎপত্তি বুলি ক'ব পাৰি।
অধিকাৰসমূহ সাৰ্বজনীন,কোনো নিৰ্দিষ্ট শ্ৰেণী বা গোষ্ঠীৰ বাবে নহয়।কাৰণ সকলো মানুহ সমান আৰু কোনো কাৰো অনুগত হবলৈ জন্মগ্ৰহন নকৰে।প্ৰতিজন ব্যক্তিয়ে স্বাধীনভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ সমান সা-সুবিধা পাব লাগে।
বৰ্তমান সময়ত সমতা আৰু স্বাধীনতা ধাৰণাই সমগ্র বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে।সমাজত প্ৰচলিত জাতি,ধৰ্ম,বৰ্ণ ,লিংগৰ অসমতাক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা হৈছে।সেয়ে এই অধিকাৰবোৰক সাৰ্বজনীন মানৱ অধিকাৰ হিচাপে ঘোষণা কৰা হৈছে।
সামৰণি:-গতিকে ক'ব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে বহুতো নতুন নতুন অধিকাৰ মানৱ অধিকাৰৰ তালিকাত সংযুক্ত হৈ আছে।
_____৹৹৹_____
(5)নং প্ৰশ্ন:-অধিকাৰৰ সংজ্ঞা দিয়া।বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহ উল্লেখ কৰা।
Ans:-
Intr:-সাধাৰণ অৰ্থত অধিকাৰ হ'ল কিছুমান কাম কৰা বা নকৰাৰ স্বাধীনতা।
ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইবোৰকে অধিকাৰ বোলা হয়।
অধ্যাপক লাস্কিৰ মতে "অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহলে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে।"
বহল দৃষ্টিভংগীৰে চালে নাগৰিকৰ অধিকাৰক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি।
(ক)প্ৰাকৃতিক অধিকাৰ:-এই অধিকাৰবিলাক সমাজ সৃষ্টিৰ আগতে প্ৰকৃতিৰ ৰাজত্বত মানুহে ভোগ কৰিছিল।কিন্তু এই অধিকাৰবিলাকক চিৰন্তন বুলি কব নোৱাৰি।
(খ)নৈতিক অধিকাৰ:-যিবোৰ অধিকাৰ নৈতিকতাৰফালৰ পৰা লক্ষ্য কৰি সৃষ্টি কৰা হয় তাক নৈতিক অধিকাৰ বোলে।
(গ)বৈধ বা আইনগত অধিকাৰ:-বৈধ অধিকাৰ সাৰ্বজনীন।ই সকলোৰে বাবে সমানে প্ৰযোজ্য।এই অধিকাৰক চাৰিটা ভাগত ভগাব পাৰি-
(1)নাগৰিক বা পৌৰ অধিকাৰ;
(2)ৰাজনৈতিক অধিকাৰ;
(3)অৰ্থনৈতিক অধিকাৰ;
(4)সামাজিক অধিকাৰ।
সামৰণি:-সমাজত বিভিন্ন অধিকাৰ থকা দেখা যায়।এই অধিকাৰবিলাকৰ শ্ৰেণী বিভাজন ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানীসকল একমত হ'ব পাৰা নাই।
____৹৹৹_____
(6)নং প্ৰশ্ন:-বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহ উল্লেখ কৰা।তাৰে যিকোনো এটা চমুকৈ বাখ্যা কৰা।
Ans:-
Intr:-সমাজত বিভিন্ন অধিকাৰ থকা দেখা যায়।এই অধিকাৰবিলাকৰ শ্ৰেণী বিভাজন ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানীসকল একমত হ'ব পাৰা নাই।
বহল দৃষ্টিভংগীৰে চালে নাগৰিকৰ অধিকাৰক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি।
(1)প্ৰাকৃতিক অধিকাৰ;
(2)নৈতিক অধিকাৰ;
(3)বৈধ বা আইনগত অধিকাৰ।
ইয়াৰ ভিতৰত নাগৰিকৰ বৈধ বা আইনগত অধিকাৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল-
বৈধ বা আইনগত অধিকাৰ:- যি অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলৱৎ কৰে তাক বৈধ বা আইনগত অধিকাৰ বোলা হয়।
বৈধ অধিকাৰ সাৰ্বজনীন।ই সকলোৰে বাবে সমানে প্ৰযোজ্য।এই অধিকাৰক চাৰিটা ভাগত ভগাব পাৰি-
(1)নাগৰিক বা পৌৰ অধিকাৰ:-পৌৰ অধিকাৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।যেনে-জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ,স্বাধীনতাৰ অধিকাৰ,শিক্ষাৰ অধিকাৰ ইত্যাদি।
(2)ৰাজনৈতিক অধিকাৰ:-বিভিন্ন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলে কিছুমান ৰাজনৈতিক অধিকাৰ ভোগ কৰে সেউসমূহৰ ভিতৰত-ভোটদানৰ অধিকাৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰি পোৱাৰ অধিকাৰ ইত্যাদি।
(3)অৰ্থনৈতিক অধিকাৰ:-নাগৰিকৰ অৰ্থনৈতিক অধিকাৰসমূহ হ'ল-কৰ্মৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ, জিৰণিৰ অধিকাৰ ইত্যাদি।
(4)সামাজিক অধিকাৰ:-বিশেষ উল্লেখযোগ্য সামাজিক অধিকাৰসমূহ হ'ল-শিক্ষাৰ অধিকাৰ, সমতাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ।
সামৰণি:-এই অধিকাৰসমূহ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত অৰ্থাৎ এইবোৰ আইনগত।
______৹৹৹____
(7)নং প্ৰশ্ন:-সাম্প্ৰতিক কালত আমাৰ দেশত দাবী কৰা নতুন কিছুমান অধিকাৰৰ চমু আলোচনা কৰা।
Ans:-
Intr:-সমাজ পৰিৱৰ্তনৰ লগে লগে মানুহৰ অধিকাৰবোৰো পৰিৱৰ্তন হয়।ইয়াৰ লগে লগে আমাৰ দেশত কিছুমান নতুন নতুন আধিকাৰৰ দাবী কৰা হৈছে।
সাম্প্ৰতিক কালত মানৱ অধিকাৰৰ ধাৰণাটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ কাৰণে আজিকালি মানুহৰ সজাগতা বৃদ্ধি পোৱাৰ ফলত নতুন অধিকাৰৰ দাবী যেনে-বিশুদ্ধ বায়ু,বিশুদ্ধ পানী,ইত্যাদি নতুন নতুন দাবীৰ উত্থাপিত হৈছে।
ইয়াৰ উপৰিও কিছুমান অধিকাৰ যেনে-জীৱন-ধাৰণাৰ অধিকাৰ,মহিলা,শিশু, জ্যেষ্ঠ নাগৰিকৰ সংৰক্ষণ আদি অধিকাৰো সাম্প্রতিক কালত গুৰুত্ব লাভ কৰিছে।
আন কিছুমান অধিকাৰ নিয়োগ আৰু চৰকাৰী সহায় পোৱাৰ অধিকাৰ, স্বাস্থ্য ৰক্ষাৰ অধিকাৰ, ভাষা-সাংস্কৃতিক অধিকাৰ এই অধিকাৰসমূহেই গুৰুত্ব লাভ কৰিছে।
সামৰণি:-গতিশীল সমাজৰ লগত সংগতি ৰাখি বিভিন্ন নতুন নতুন অধিকাৰৰ দাবী উত্থাপিত হৈ আহিছে।
______৹৹৹______
(8)নং প্ৰশ্ন:-ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক অধিকাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।
Ans:-
Intr:-সমাজত বিভিন্ন প্ৰকাৰৰ অধিকাৰ থকা দেখা যায়।ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক এই অধিকাৰসমূহৰ মাজত কিছুমান পাৰ্থক্য আছে।
বিভিন্ন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলক ভোটদানৰ অধিকাৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰচৰকাৰী চাকৰি কৰাৰ অধিকাৰ আদিকে ৰাজনৈতিক অধিকাৰ বোলে।
আনহাতে কৰ্মৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ,জিৰণিৰ অধিকাৰ আদিক অৰ্থনৈতিক অধিকাৰ বুলি কোৱা হয়।
নিজৰ নিজৰ ভাষা-সংস্কৃতিক ক্ষেত্ৰত জাতি,বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে পালন কৰা অধিকাৰ হৈছে সংস্কৃতিক অধিকাৰ।
মুঠতে ক'ব পাৰি যে ৰাজনৈতিক অধিকাৰে ৰাজনীতিৰ,অৰ্থনৈতিক অধিকাৰে কৰ্ম আৰু সাংস্কৃতিক অধিকাৰে ভাষা-সংস্কৃতি আদিৰ কথা আলোচনা কৰে।
সামৰণি:-এই অধিকাৰসমূহ সংবিধানত সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা কৰা হৈছে।
_____৹৹৹_____
(9)নং প্ৰশ্ন:-বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
Ans:-
Intr:-যি অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলৱৎ কৰে তাকে বৈধ বা আইনগত অধিকাৰ বোলে।
কিছুমান আইনক সাংবিধানিক স্বীকৃতিৰ জৰিয়তে অধিক গুৰুত্বপূৰ্ণ কৰি তোলা হয়।সাংবিধানিক স্বীকৃতি দিয়া এই আইনবোৰক আমাৰ দেশত মৌলিক অধিকাৰ বুলি কোৱা হয়।
আইনগত অধিকাৰসমূহৰ জৰিয়তে জনসাধাৰণে চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰিব পাৰে।
জনসাধাৰণে দাবী কৰা অধিকাৰবোৰে ৰাষ্ট্ৰৰ ওপৰত কিছুমান বাধ্য-বাধকতা আৰোপ কৰে।এনে ধৰণৰ অধিকাৰবোৰ ৰাষ্ট্ৰক কি কৰিব লাগে বা কি কৰিব নালাগে তাক নিৰ্দিষ্ট কৰি দিয়ে।যেনে-মানুহৰ জীৱনৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ।
অধিকাৰে ৰাষ্ট্ৰই কি কৰা উচিত বা কি নকৰা অনুচিত সেই বিষয়ে পৰামৰ্শ আগবঢ়াই।অধিকাৰে ৰাষ্ট্ৰৰ কাৰ্য্য কলাপৰ ওপৰত কিছুমান ক্ষেত্ৰত বাধা আৰোপ কৰিব পাৰে।
সামৰণি:-গতিকে ক'ব পাৰি যে-বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজত যথেষ্ঠ সম্পৰ্ক আছে।
________৹৹৹_______
(10)নং প্ৰশ্ন:-অধিকাৰে ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে।উদাহৰণসহ বাখ্যা কৰা।
Ans:-
Intr:-অধিকাৰ আৰু ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ দুয়োটাৰ মাজত যথেষ্ঠ সম্পৰ্ক আছে।
জনসাধাৰণে দাবী কৰা অধিকাৰবোৰে ৰাষ্ট্ৰৰ ওপৰত কিছুমান বাধ্য-বাধকতা আৰোপ কৰে।এনে ধৰণৰ অধিকাৰবোৰে ৰাষ্ট্রক কি কৰিব লাগে বা কি কৰিব নালাগে তাক নিৰ্দিষ্ট কৰি দিয়ে।যেনে-মানুহৰ জীৱনৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ।
ৰাষ্ট্রক কিছুমান নতুন নতুন আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰাইছে।
অধিকাৰে ৰাষ্ট্ৰই কি কৰা উচিত বা কি কৰা অনুচিত সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়।উদাহৰস্বৰূপে সমাজৰ এজন ব্যক্তি হিচাপে কৰ্মৰ অধিকাৰ আছে।এই অধিকাৰ উপভোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই বাধা আৰোপ কৰিব নোৱাৰে।
এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ আগতে আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা দেখুৱাব লাগিব।গতিকে ক'ব পাৰি যে অধিকাৰে ৰাষ্ট্ৰৰ কাৰ্য-কলাপৰ ওপৰত কিছুমান ক্ষেত্ৰত বাধা আৰোপ কৰিব পাৰে।
সামৰণি:-গতিকে ৰাষ্ট্রীয় কৰ্তৃপক্ষই নাগৰিকৰ অধিকাৰ খৰ্ব বা উলংঘা নকৰাকৈ নিজৰ কাৰ্য্য সম্পাদন কৰিব লাগে।
_______৹৹৹৹_______
চমু উত্তৰৰ প্ৰশ্ন(Marks:4)
(1)নং প্ৰশ্ন:-অধিকাৰৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা।
Ans:-
Intr:-অধিকাৰ সমাজৰ অবিচ্ছেদ্য অংগ।অধিকাৰ নোহোৱাকৈ ৰাষ্ট্ৰ বা সমাজৰ কথা কল্পনাই কৰিব নোৱাৰি।
প্রতিজন মানুহে স্বাধীনভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ সমান সুবিধা পাব লাগে।ইয়াৰ বাবে প্ৰয়োজন হব অধিকাৰৰ।
সমাজত সন্মুখীন হোৱা বাধা আৰু প্ৰত্যাহ্বানৰ লগত মোকাবিলা কৰাৰ কাৰণেও অধিকাৰৰ প্ৰয়োজন আছে।
নাগৰিকৰ অধিকাৰ থাকিলেহে সমাজত এক সুস্থ-সৱল পৰিৱেশৰ সৃষ্টি হ'ব।
এখন সমাজ শৃংখলাবদ্ধভাৱে জীয়াই থাকিবলৈও নাগৰিকৰ অধিকাৰৰ প্ৰয়োজন আছে।
সামৰণি:-গতিকে ক'ব পাৰি যে প্ৰতিজন ব্যক্তিয়ে স্বধীনভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ সমান সুবিধা পাব লাগে।
_____৹৹৹______
(2)নং প্ৰশ্ন:-অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি?
Ans:-
Intr:-অধিকাৰৰ বিভিন্ন সংজ্ঞাসমূহ বিশ্লেষণ কৰিলে কিছুমান বৈশিষ্ট্য ওলাই পৰে।
(1)অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এটা অবিচ্ছেদ্য অংগ।
(2)অধিকাৰ চিৰন্তন নহয়।সমাজ পৰিৱৰ্তনৰ লগে লগে অধিকাৰো পৰিৱৰ্তন হয়।
(3)অধিকাৰ সাৰ্বজনীন,কোনো নির্দিষ্ট শ্ৰেণী বা গোষ্ঠীৰ বাবে নহয়।
(4)অধিকাৰৰ লক্ষ্য বা উদ্দেশ্য হ'ল জনকল্যাণমুখী।
সামৰণি:-গতিকে ক'ব পাৰি যে অধিকাৰসমূহ সমাজতহে ভোগ কৰিব পাৰি সমাজৰ বাহিৰত নহয়।
_____৹৹৹____
(3)নং প্ৰশ্ন:-বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
Ans:-
Intr:-বহুবিলাক ৰাজনৈতিক পণ্ডিতে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত অধিকাৰবোৰক বৈধ বুলি আখ্যা দিছে।
আইনগত অধিকাৰসমূহৰ জৰিয়তে জনসাধাৰণে চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰিব পাৰে।
জনসাধাৰণে দাবী কৰা অধিকাৰবোৰে ৰাষ্ট্ৰৰ ওপৰত কিছুমান বাধ্য-বাধকতা আৰোপ কৰে।
এনে ধৰণৰ অধিকাৰবোৰ ৰাষ্ট্ৰক কি কৰিব লাগে বা কি কৰিব নালাগে তাক নিৰ্দিষ্ট কৰি দিয়ে।যেনে-মানুহৰ জীৱনৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ।
অধিকাৰে ৰাষ্ট্ৰই কি কৰা উচিত বা কি নকৰা অনুচিত সেই বিষয়ে পৰামৰ্শ আগবঢ়াই।অধিকাৰে ৰাষ্ট্ৰৰ কাৰ্য্য কলাপৰ ওপৰত কিছুমান ক্ষেত্ৰত বাধা আৰোপ কৰিব পাৰে।
সামৰণি:-গতিকে ক'ব পাৰি যে-বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজত যথেষ্ঠ সম্পৰ্ক আছে।
________৹৹৹_______
(4)নং প্ৰশ্ন:-মানুহৰ মৰ্য্যদা সম্পৰ্কে কাণ্টৰ ধাৰণা কি?
Ans:-
Intr:-মানুহৰ মৰ্য্যদা সম্পৰ্কে কাণ্টে আগবঢ়োৱা ধাৰণাটো অতি তাৎপৰ্যপূৰ্ণ।
কাণ্টৰ মতে প্ৰত্যেক ব্যক্তিৰ ব্যক্তি হিচাপে তেওঁৰ সন্মান আৰু মৰ্য্যদা আছে আৰু সেইমতে তেওঁলোকক মান্য কৰা উচিত।
এজন ব্যক্তি অজ্ঞ,দুখীয়া আৰু ক্ষমতাহীন, অসাধু তথা নৈতিকতাহীন বুলি গণ্য কৰা হয় যদিও এজন মানুহ হিচাপে তেওঁক সামান্যতম মৰ্য্যদা হলেও দিব লাগে।
কাণ্টৰ মতে মানুহক সন্মান জনোৱা মানে তেওঁক নৈতিকতাভাৱে একে ব্যৱহাৰ কৰা বুজায়।
তেওঁৰ মতবাদ দুটা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত।প্ৰথমটো হ'ল-এজন ব্যক্তিয়ে নিজকে যেনেকৈ ভাৱে আনকো ঠিক তেনেদৰে ভৱা উচিত।দ্বিতীয়তে, নিজৰ উদ্দেশ্য সাধনৰ বাবে আনক প্ৰলোভিত কৰা উচিত নহয়।
সামৰণি:-কাণ্টৰ এনে ধাৰণাই অধিকাৰৰ নৈতিক ধাৰণাকে বুজাইছে।
_______৹৹৹৹______
(5)নং প্ৰশ্ন:-অধিকাৰৰ দায়বদ্ধতাই কি বুজায়?
Ans:-
Intr:-প্ৰত্যেক নাগৰিকৰ নিজৰ অধিকাৰ উপভোগৰ লগতে কিছুমান দায়ীবদ্ধতাও থকা উচিত।। তলত দায়বদ্ধতাসমূহ আলোচনা কৰা হ'ল-
(2)নাগৰিকৰ আন এটা দায়িত্ব হ'ল আইন মানি চলা।
(3)প্ৰত্যেক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে।যেনে-বায়ুমণ্ডলৰ ৰক্ষণাবেক্ষণ,পানী প্ৰদূষণ ৰোধ কৰা ইত্যাদি।
সামৰণি:-গতিকে ক'ব পাৰি যে সকলো নাগৰিকে নিজৰ নিজৰ অধিকাৰৰ সীমাবদ্ধতাৰ ওপৰত সতৰ্ক থকা উচিত।
________৹৹৹৹_______
(6)নং প্ৰশ্ন:-"অৰ্থনৈতিক অধিকাৰৰ অবিহনে নাগৰিকৰ আন সকলো অধিকাৰ তাৎপৰ্যহীন"-বাখ্যা কৰা।
Ans:-
Intr:-অৰ্থনৈতিক অধিকাৰে ৰাজনীতি বিজ্ঞানত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে।
ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ ভিত্তি হ'ল অৰ্থনৈতিক অধিকাৰ।
অৰ্থনৈতিক অধিকাৰে মানুহৰ নিৰাপত্তা সুৰক্ষিত কৰে।
অৰ্থনৈতিক অধিকাৰেহে নাগৰিকৰ আন গণতান্ত্ৰিক অধিকাৰসমূহক বাস্তৱায়িত কৰিব পাৰে আৰু এটা স্বাভাৱিক জীৱন- যাপনত সহায় কৰে।
সামাজিক আৰু ৰাজনৈতিক অধিকাৰবোৰক বাস্তৱত ৰূপ দিবলৈ হলে নাগৰিকৰ অৰ্থনৈতিক অধিকাৰক স্বীকৃতি দিবই লাগিব।
কামৰ অধিকাৰৰ লগত ব্যক্তিৰ জীৱনৰ নিৰাপত্তাৰ অধিকাৰো জড়িত হৈ থাকে।উপযুক্ত বেতনৰ, জিৰণিৰ অধিকাৰ এই সকলোবিলাক অতি গুৰুত্বপূৰ্ণ।
সামৰণি:-বৰ্তমান আধুনিক কালত প্ৰায়বিলাক চিন্তাবিদে অৰ্থনৈতিক অধিকাৰ নাথাকিলে নাগৰিকৰ আন অধিকাৰবোৰ নিৰথৰ্ক বুলি মতপোষণ কৰে।
_____৹৹৹৹_____
(7)নং প্ৰশ্ন:-প্ৰাচীন কালত অধিকাৰ সম্বন্ধে ৰাজনীতিবিদসকলে কি কৈছিল?চমুকৈ বৰ্ণনা কৰা।
Ans:-
Intr:-প্ৰাচীন কালৰ গ্ৰীক দাৰ্শনিকসকলে অধিকাৰ সম্বন্ধে বিভিন্ন মতবাদ আগবঢ়াই গৈছে।
হবছ্, জন ল'ক,ৰুছোৰ মতে প্ৰাকৃতিক ৰাজ্যত মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল। এই অধিকাৰবিলাক সমাজ সৃষ্টিৰ আগতে প্ৰকৃতিৰ ৰাজত্বত মানুহে ভোগ কৰিছিল।
হবছৰ মতে প্ৰকৃতিৰ ৰাজ্যত নিজৰ সংৰক্ষণৰ বাবে উচিত বুলি ভবা যিকোনো কামেই মানুহে কৰিব পাৰিছিল।
ল'কে কয় যে সমাজ গঠন হোৱাৰ পিছতো মানুহৰ প্ৰাকৃতিক অধিকাৰবোৰ লোপ পোৱা নাছিল।
হবছ্, ল'ক,ৰুছোৰ মতে মানুহৰ প্ৰাকৃতিক অধিকাৰসমূহ ৰাষ্ট্ৰৰ উৎপত্তিৰ আগৰেপৰাই বিৰাজ কৰিছিল।এই অধিকাৰসমূহ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ ভিতৰত নাছিল।
সামৰণি:-এইদৰে প্ৰাচীন কালত অধিকাৰ সম্পৰ্কে বিভিন্ন মতবাদ আগবঢ়াই গৈছে।
_______৹৹৹______
(8)নং প্ৰশ্ন:-প্রাকৃতিক আধিকাৰৰ ধাৰণাটো সমালোচনাসহ বাখ্যা কৰা।
Ans:-
Intr:-প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো বিভিন্ন দিশৰপৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।প্ৰাকৃতিক অধিকাৰ"এই শব্দৰাজিৰ কোনো সৰ্বজনগ্ৰাহ্য তাৎপৰ্য নাই।
ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে "প্ৰকৃতি"ৰাজ্য আছিল যদিও যুক্তিৰ ফালৰপৰা অধিকাৰৰ অস্তিত্ব বুলি ক'ব নোৱাৰি।সমাজবিহীন আৰু ৰাষ্ট্ৰবিহীন প্ৰকৃতি ৰাজ্যত অধিকাৰৰ মৰ্ম কোনেও বুজি পোৱা নাছিল।
সমাজ জীৱনৰ শৃংখলা থাকে য'ত মানুহে নিজৰ খেয়াল -খুচি মতে চলিব নোৱাৰে।যদি মানুহে নিজৰ মতে চলিব বিচাৰে তেতিয়া সমাজৰ স্বাৰ্থ ব্যাহত হয় আৰু অধিকাৰৰো সাৰ্থকতা লোপ পায়।
প্ৰাকৃতিক অধিকাৰ কেতিয়াও চিৰন্তন নহয় বা অবাধ নহয়।সামাজিক অৱস্থাৰ লগে লগে অধিকাৰৰো পৰিৱৰ্তন হয়।
প্ৰাকৃতিক অধিকাৰ কোনো অৱস্থাতে ৰাষ্ট্ৰৰ কৰ্তৃত্ব বা অইন কোনো উৰ্ধবতম অধিকাৰ সংৰক্ষিত কৰ্তৃত্বৰ দ্বাৰা সংৰক্ষিত হোৱা নাই।
সামৰণি:-গতিকে যি অধিকাৰ ব্যক্তিত্ব বিকাশত সহায়ক আৰু সামাজিক কল্যাণৰ অনুকূল সেই অধিকাৰহে স্বাভাৱিক অধিকাৰ।
______৹৹৹_____
অতি চমু উত্তৰৰ প্ৰশ্ন (Mark's:2)
(1)নং প্ৰশ্ন:-অধিকাৰ কি?
Ans :-
ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইবোৰকে অধিকাৰ বোলা হয়।
(2)নং প্ৰশ্ন:-প্ৰাকৃতিক অধিকাৰ।
Ans :-
যি অধিকাৰ সমাজ সৃষ্টিৰ আগতে প্ৰকৃতিৰ ৰাজত্বত মানুহে ভোগ কৰিছিল তাকে প্ৰাকৃতিক অধিকাৰ বুলি কোৱা হয়।
কিন্তু এই অধিকাৰবিলাকক চিৰন্তন বুলি কব নোৱাৰি।
(3)নং প্ৰশ্ন:-অৰ্থনৈতিক অধিকাৰ।
Ans:-
নাগৰিকৰ অৰ্থনৈতিক অধিকাৰসমূহ হ'ল-কৰ্মৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ, জিৰণিৰ অধিকাৰ ইত্যাদি।
(4)নং প্ৰশ্ন:-সাংস্কৃতিক অধিকাৰ।
Ans:-
নিজৰ নিজৰ ভাষা-সংস্কৃতিক ক্ষেত্ৰত জাতি,বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে পালন কৰা অধিকাৰ হৈছে সংস্কৃতিক অধিকাৰ।
(5)নং প্ৰশ্ন:-সাৰ্বজনীন মানৱ অধিকাৰৰ প্ৰস্তাৱনাটো উল্লেখ কৰা।
Ans:-
প্ৰস্তাৱনাটো হ'ল-"মানৱ পৰিয়ালৰ প্ৰত্যেক সদস্যৰ সহজাত মৰ্য্যদা, সন্মান আৰু অ-বিচ্ছিন্ন অধিকাৰৰ স্বীকৃতিয়ে হৈছে পৃথিৱীৰ স্বাধীনতা,ন্যায় আৰু শান্তিৰ ভেঁটি।"
(6)নং প্ৰশ্ন:-সাৰ্বজনীন বুলি বিবেচিত তিনিটা অধিকাৰৰ নাম লিখা।
Ans:-
(1)পৌৰ অধিকাৰ;
(2)ৰাজনৈতিক অধিকাৰ;
(3)সামাজিক অধিকাৰ।
(7)নংপ্ৰশ্ন:-তিনিটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা।
Ans:-
(1)কৰ্মৰ অধিকাৰ;
(2)উপযুক্ত বেতনৰ অধিকাৰ;
(3)বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰ।
(8)নংপ্ৰশ্ন:-দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা।
Ans:-
(1)ভোটদানৰ অধিকাৰ;
(2)নিৰ্বাচিত হোৱাৰ অধিকাৰ।
(9)নংপ্ৰশ্ন:-নাগৰিকৰ দায়বদ্ধতা উল্লেখ কৰা।
(10)নংপ্ৰশ্ন:-নাগৰিক অধিকাৰ দুটাৰ নাম লিখা।
Ans:-
(1)জীৱনৰ অধিকাৰ;
(2)সম্পত্তিৰ অধিকাৰ।
(11)নংপ্ৰশ্ন:-মানৱ অধিকাৰে কি বুজায়?
Ans:-
মানৱ অধিকাৰ হৈছে এনে কিছুমান মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰক বুজায়, যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃত মানুহ হিচাপে জীৱন-ধাৰণ কৰিব নোৱাৰে।
(12)নংপ্ৰশ্ন:-দুটা মানৱ অধিকাৰ উল্লেখ কৰা।
Ans:-
(1)পৌৰ অধিকাৰ;
(2)ৰাজনৈতিক অধিকাৰ।
(13)নংপ্ৰশ্ন:-দুই প্ৰকাৰৰ অধিকাৰৰ নাম লিখা।
Ans:-
(1)অৰ্থনৈতিক অধিকাৰ;
(2)ৰাজনৈতিক অধিকাৰ।
(14)নংপ্ৰশ্ন:-তথ্য জনাৰ অধিকাৰ কি?
Ans:-
ৰাজহুৱা স্বাৰ্থজনিত যিকোনো কাৰণত জনসাধাৰণৰ তথ্য জানিব পৰা অধিকাৰ।
(15)নংপ্ৰশ্ন:-তুমি বিচৰা দুটা নতুন অধিকাৰৰ নাম লিখা।
Ans:-
(1)মহিলাৰ অধিকাৰ;
(2)জীৱন-ধাৰণৰ অধিকাৰ।
(16)নংপ্ৰশ্ন:-অধিকাৰ আৰু দাবীৰ মাজত পাৰ্থক্য।
Ans:-
(1)অধিকাৰ জন্মগত।আনহাতে দাবী সমাজে সৃষ্টি কৰে।
(2)অধিকাৰ সাৰ্বজনীন।আনহাতে দাবীসমূহ কেতিয়াবা সাৰ্বজনীন নহ'বও পাৰে।
(17)নংপ্ৰশ্ন:-কৰ্মৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা।
Ans:-
কৰ্মৰ অধিকাৰ হ'ল নাগৰিকৰ সৰ্বপ্ৰধান অধিকাৰ।কামৰ অধিকাৰৰ লগত নিৰাপত্তাৰ অধিকাৰো জড়িত হৈ থাকে।
নাগৰিকৰ কাম আৰু ইয়াৰ পৰিমাণ অনুসাৰে উপযুক্ত বেতন পোৱাৰ অধিকাৰো আছে।
_______৹৹৹_______
বস্তুনিষ্ঠ প্ৰশ্ন:(Mark's:1)
(1)নং প্ৰশ্ন:-ৰাষ্ট্ৰসংঘই "সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা- পত্ৰ" খন কেতিয়া গ্ৰহণ কৰিছিল?
Ans:-
1948,10 ডিচেম্বৰ।
(2)নংপ্ৰশ্ন:-"অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহ'লে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে।"-এই উক্তিটো কাৰ?
Ans:-
অধ্যাপক লাস্কিৰ।
(3)নংপ্ৰশ্ন:-ভোটদানৰ অধিকাৰ কোন শ্ৰেণীৰ অধিকাৰত অন্তৰ্ভুক্ত?
Ans:-
ৰাজনৈতিক অধিকাৰৰ।
(4)নংপ্ৰশ্ন:-ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে?
Ans:-
সংবিধানৰ তৃতীয় অংশত।
(5)নংপ্ৰশ্ন:-অধিকাৰৰ এটা সূত্ৰ দিয়া।
Ans:-
অধিকাৰ হৈছে প্ৰত্যজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ কিছুমান সুবিধা।
(6)নংপ্ৰশ্ন:-এটা মৌলিক অধিকাৰ উল্লেখ কৰা।
Ans:-
শিক্ষাৰ অধিকাৰ।
(7)নংপ্ৰশ্ন:-কাণ্টে মানুহৰ অধিকাৰ সম্পৰ্কে উল্লেখ কৰা এটা যুক্তি এটা লিখা।
Ans:-
প্ৰত্যেক ব্যক্তিৰ ব্যক্তি হিচাপে তেওঁৰ সন্মান আৰু মৰ্য্যদা আছে আৰু সেইমতে তেওঁলোকক মান্য কৰা উচিত।
(8)নংপ্ৰশ্ন:-নাগৰিকৰ এটা মৌলিক প্ৰয়োজন উল্লেখ কৰা।
Ans:-
এটা মৌলিক প্ৰয়োজন হৈছে খাদ্য।
(9)নংপ্ৰশ্ন:-প্ৰস্তাৱনাত উল্লেখ থকা এটা অধিকাৰৰ নাম লিখা।
Ans:-
পৌৰ বা নাগৰিক অধিকাৰ।
(10)নংপ্ৰশ্ন:-প্ৰাকৃতিক অধিকাৰৰ এজন সমৰ্থকৰ নাম লিখা।
Ans:-
ৰুছো।
(11)নংপ্ৰশ্ন:-নাগৰিকৰ এটা কৰ্তব্য উল্লেখ কৰা।
Ans:-
আইন মানি চলা।
(12)নংপ্ৰশ্ন:-মানুহৰ আৱশ্যকীয় অধিকাৰ কি?
Ans:-
নাগৰিকৰ পৌৰ অধিকাৰ।
(13)নংপ্ৰশ্ন:-খালী ঠাই পূৰণ কৰা:
(ক)ভোটাধিকাৰ হ'ল 一 অধিকাৰ।
Ans:-
(ক)ভোটাধিকাৰ হ'ল ৰাজনৈতিক অধিকাৰ।
(খ)অধিকাৰ আৰু 一 হ'ল এটা মুদ্ৰাৰ দুটা
Ans:-
(খ)অধিকাৰ আৰু কৰ্তব্য হ'ল এটা মুদ্ৰাৰ দুটা ফাল।
(14)নংপ্ৰশ্ন:-শুদ্ধ নে অশুদ্ধ লিখা।
(1)অধিকাৰে কৰ্তব্যক সূচায়।
Ans:-শুদ্ধ।
(2)জীৱিকাৰ অধিকাৰক প্ৰয়োজনীয় বুলি দাবী কৰিব পাৰিনে?
Ans:-পাৰি।
(3)অধিকাৰ মানুহৰ কল্যাণৰ কাৰণে প্ৰয়োজন।
Ans:-শুদ্ধ।
(4)অধিকাৰ আৰু নৈতিকতা পৰস্পৰ বিৰোধী।
Ans:-অশুদ্ধ।
(5)ধূমপান আৰু ড্ৰাগছ সেৱন এটা মৌলিক অধিকাৰ।
Ans:-অশুদ্ধ।
Comments
Post a Comment