H.S 1st years Political Science||Chapter:-3 Election and Representation||নিৰ্বাচন আৰু প্ৰতিনিধিত্ব(Assamese medium notes)
অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্রশ্ন:(Marks:6) (1)নং প্ৰশ্ন:-ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন,ক্ষমতা আৰু কাৰ্য্যৱলী আলোচনা কৰা। Ans:- Intr:-ভাৰতবৰ্ষত যিকেইটা প্ৰতিষ্ঠানে আটাইতকৈ সফলভাৱে কাৰ্যনিৰ্বাহ কৰি আছে তাৰ ভিতৰত অন্যতম হ'ল ভাৰতীয় নিৰ্বাচনী আয়োগ। ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন: এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন আয়ুক্তসহ মুঠ তিনিজন সদস্যক লৈ বৰ্তমান সময়ত ভাৰতীয় নিৰ্বাচনী আয়োগ গঠিত হৈছে।নিৰ্বাচনী আয়োগৰ সদস্যসকলক কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।আয়োগৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ। নিৰ্বাচনী আয়োগৰ ক্ষমতা আৰু কাৰ্যৱলী : ভাৰতৰ নিৰ্বাচন আয়োগক যথেষ্ট ক্ষমতা অৰ্পণ কৰা হৈছে।সেইসমূহ হ'ল- (1)ভোটৰ তালিকা প্ৰস্ততকৰণ:-ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা,মৃত্যু হোৱা লোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা এই সকলোবোৰ তদাৰক নিৰ্বাচনী আয়োগে কৰে। (2)নিৰ্বাচনৰ সময় নিৰ্ধাৰণ আৰু নিৰ্বাচনী সূচী প্ৰস্তুতকৰণ:-নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সঠিক দিন ঠিক কৰাৰ লগতে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ,মনো...