Posts

Showing posts from July, 2023

AHSEC Class12 ||History Chapter-9||কৃষক,জমিদাৰ আৰু ৰাজ্য(কৃষক,সমাজ আৰু মোগল সাম্ৰাজ্য খৃ:16-17 শতিকা)Present,Zamindar's and the states:Argarian society and the Mughal empire(Assamese medium notes)

   অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-কৃষি প্ৰধান সমাজত মহিলাসকলৰ ভূমিকা আলোচনা  Ans:-       Intr:-মধ্য যুগত কৃষি প্ৰধান সমাজত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।কৃষি প্ৰধান সমাজত পুৰুষ-মহিলা উভয়ে কিছুমান কাম কৰিছিল।      পুৰুষসকলে হাল বাইছিল, মহিলাসকলে শস্য সিঁচা, চপোৱা,নিৰোৱা আৰু শস্য জৰা-ফুঁকা কৰি চাফা কৰা কাম কৰিছিল।      সূতা কটা,কাপোৰ বোৱা,চিলাই কৰা,ফুল বচা আদি কাৰিকৰী কামসমূহ মহিলা শ্ৰমিকসকলৰ ওপৰত নিৰ্ভৰশীল আছিল। আৱশ্যক হলে নিয়োগকর্তাৰ ঘৰত আৰু বজাৰটো কাম কৰিছিল।      মধ্য যুগত কৃষি প্ৰধান সমাজত বিবাহিত মহিলাৰ সংখ্যা কম আছিল।কিয়নো, সেই সময়ত পুষ্টিহীনতা,সন্তান জন্ম হওঁতে মৃত্যু হোৱা মহিলাৰ হাৰ বেছি আছিল।     বিবাহিত মহিলাসকলে স্বামীৰ ঘৰত নিৰ্যাতিত হোৱাৰ অভিযোগ আবেদনসমূহত উত্থাপন কৰিছিল।কিন্তু পুৰুষসকলক অপকৰ্ম কাৰণে কোনো শাস্তি প্ৰদান কৰা হোৱা নাছিল।     ভূমি সম্পত্তি থকা সম্ভ্ৰান্ত পৰিয়ালত মহিলাসকলৰ সম্পত্তিৰ উত্তৰাধিকাৰী অধিকাৰ আছিল। হিন্দু আৰু মুছলমান মহিলাসকলে উত্...

AHSEC Class12 ||History Chapter-8||এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ||An imperial capital vijayanagar(14th-16th century)||(Assamese medium notes)

   অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-বিজয় নগৰৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। Ans:-       Intr:-কৃষ্ণদেৱ ৰায়ৰ ৰাজত্ব কাল বিজয় নগৰ ৰাজ্যৰ বিস্তাৰ আৰু সুদৃঢ়কৰণৰ কাৰণে বিখ্যাত আছিল।তেওঁৰ দিনতেই বিজয় নগৰ সাম্ৰাজ্যৰ চৰম উন্নতি লাভ কৰিছিল।তেওঁ মৃত্যুৰ পিছত বিজয় নগৰ পতন হবলৈ ধৰিলে।       বিজয় নগৰৰ পতনৰ কাৰণসমূহ তলত আলোচনা কৰা হল-       কৃষ্ণদেৱ ৰায়ৰ মৃত্যুৰ পিছত সদাশিৱ ৰায় তেওঁৰ ক্ষমতাশালী মন্ত্ৰী ৰাম ৰায়ৰ হাতৰ পুতলা হৈ পৰিছিল।ৰাম ৰায় পৰ্তুগীজসকলৰ মিত্ৰ হৈ পৰিছিল আৰু বিজাপুৰলৈ পৰ্তুগীজ ঘোঁৰা ৰপ্তানি কৰাটো বন্ধ কৰি দিছিল।ইয়াৰ পিছতে তেওঁ বিজাপুৰ ৰাজ্য আক্ৰমণ কৰে।কিন্তু শেষত দাক্ষিণাত্যৰ কেউখন চুলতানী ৰাজ্য ঐক্যবদ্ধ হৈ বিজয় নগৰ হৈ যুদ্ধ ঘোষণা কৰিছিল।যুঁজত ৰাম ৰায় বন্দী হয় আৰু আহমেদ নগৰৰ চুলতানে তেওঁক হত্যা কৰে।       মুছলমান সৈন্যই বিজয় নগৰ লুটপাত কৰি অতি নৃশংসভাৱে ইয়াক ধ্বংস কৰিছিল।       ইতিহাসবিদসকলৰ ধাৰণা অনুসৰি বিজয় নগৰ সাম্ৰাজ্য আৰু চুলতানী সাম্ৰাজ্যই পৰস্পৰে পৰস্পৰক শক্তিশালী ৰূপত প্ৰতিষ্...

AHSEC Class12||History Chapter-7||ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ, খৃ:৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ||Bhakti and Sufi tradition,changes in religious beliefs and devotional text,century 8th to18th century ||(Assamese medium notes)

   অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-চুলতান আৰু চুফীসকলৰ মাজত বিৰোধ আছিলনে? Ans:-       Intr:- খৃ:13 শ শতিকাত তুৰ্কী আৰু আফগানসকলৰ নেতৃত্বত দিল্লীত চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল।মধ্য যুগত চুফীবাদ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল।         চুলতান আৰু চুফীসকলৰ সংঘাতৰ উদাহৰণ থাকিলেও সম্পৰ্কও যথেষ্ট আছিল।এইফালৰ পৰা চুলতান আৰু চুফীসকলৰ মাজত বিৰোধ আছিল বুলি কব নোৱাৰি।        চুফীসকলে ৰাজনৈতিক বিষয়াসকলে আগবঢ়োৱা দান-অনুদান গ্ৰহণ কৰিছিল।চুলতানে খানকাহৰ কৰমুক্ত ভূমি (ইনাম)অনুদান দিছিল আৰু দাতব্য ন্যাস প্ৰতিষ্ঠা কৰিছিল।       চুফিসকলৰ ধৰ্মনিষ্ঠা,পাণ্ডিত্য, দয়া,ক্ষমা, ঐশ্বৰিক গুণৰ মহিমাই তেওঁলোকক জনপ্ৰিয় কৰি তুলিছিল।শাসকসকলেও এওঁলোকৰ সমৰ্থন পাবৰ কাৰণে সততে যত্নপৰ হৈছিল।       তুৰ্কীসকলে দিল্লী চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ত উলেমাসকলে চৰিয়ত প্ৰয়োগ কৰিব বিচৰা কাৰ্য্যক চুলতানসকলে বাধা আৰোপ কৰিছিল। কিয়নো, তেওঁলোকে জানিছিল যে ৰাজ্যৰ অধিকাংশ প্ৰজাই আছিল অমুছলমান।এই সময়ত তেওঁলোক...

AHSEC Class12 History Chapter-6||Medieval India||Through The Eyes Of Travellers||10th-17th C||মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী||পৰ্যটকৰ দৃষ্টিভংগীৰে(Assamese medium notes)

       অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্ৰশ্ন:(Marks:6) (1)নং প্ৰশ্ন:-আলবেৰুনী কোন আছিল?আলবেৰুনীৰ ওপৰত এটি চমু টোকা যুগুত কৰা।(2020) Ans:-       Intr:-প্ৰাচীন যুগৰে পৰা মানুহ ভ্ৰমণৰ লগত জড়িত হৈ আহিছে।কিছু ক্ষেত্ৰত ভ্ৰমনকাৰীসকলে বিভিন্ন টোকা লিখি থৈ গৈছে।ইয়াৰ পৰা অতীতৰ সমাজৰ কথাও গম পাব পাৰি।        আলবেৰুনী এজন একাদশ শতিকাত উজবেকিস্তানৰ পৰা অহা ভাৰতীয় পৰ্যটক।         বৰ্তমান উজবেকিস্তানৰ খোৱাৰিজম নামে ঠাইত আলবেৰিনীৰ জন্ম হৈছিল।খোৱাৰিজমতে তেওঁ সকলো শিক্ষা গ্ৰহণ কৰে।অতি কম সময়ৰ ভিতৰতে চিৰিয়া,আৰৱী,পাৰ্চী,হিব্ৰু, সংস্কৃত ভাষাত পাৰ্গত হৈ উঠিছিল।         1017 খৃ:ত গজনীৰ চুলতান মামুদে খিবা ৰাজ্য আক্ৰমণ কৰে আৰু ৰাজ্যৰ মূৰব্বীসকলৰ লগতে আলবেৰুনীকো বন্দী কৰি গজনীলৈ লৈ যায়।জীৱনৰ বাকী কালছোৱা গজনীতে কটায়।         গজনীৰ চুলতান মামুদে ভাৰত আক্ৰমণ কৰোতে আলবেৰুনী তেওঁৰ সহচৰ আছিল।         গজনীত থকা সময়তে তেওঁ ভাৰতৰ প্ৰতি দুৰ্নিবাৰ আকৰ্ষণ হৈছিল।কিয়নো,সংস্কৃত ভাষাত লিখা ...

AHSEC Class 12||History||A brief history of Adam||অসমৰ সংক্ষিপ্ত ইতিহাস||প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে(Assamese Medium Notes)

            অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: ৰচনাধৰ্মী প্ৰশ্ন: (1)নং প্ৰশ্ন:-19 শতিকাত অসমত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ কি?কৃষক বিদ্ৰোহত "ৰাইজ -মেল"বিলাকৰ ভূমিকা নিৰ্ণয় কৰা।  Ans:-        Intr:-আৰম্ভণিৰ পৰাই বিদেশী ইংৰাজ শাসনৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ ভিতৰত অন্যতম হল 19 শতিকাত হোৱা কৃষক আন্দোলন।        1858 চনৰ বিদ্ৰোহৰ কাৰণে প্ৰশাসনীয় খেলি-মেলিও জগৰীয়া বুলি বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ সম্ৰাজ্ঞৰ শাসনলৈ নিছিল।বিদ্ৰোহত হোৱা ক্ষতি পূৰাবলৈ আৰু ক্ষমতা হস্তান্তৰ ফলত পোৱা কোম্পানীৰ সম্পত্তি কিনিবলৈ ধন ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলৰপৰাই সংগ্ৰহ কৰিবলৈ ধৰিছিল। নতুন চৰকাৰৰ কৰ বৃদ্ধিৰ হাৰ 100% হৈছিলগৈ ।আনকি চৰণীয়া পথাৰত গৰু ম'হ চৰুৱাৰ বাবদটো কৰ দিব লগা হৈছিল।       কৃষকৰপৰা কৰ-কাটল সংগ্ৰহ কৰিলেও কৃষিৰ উন্নতিকল্পে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।আনকি প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, দুৰ্ভিক্ষ সময়তো চৰকাৰৰ পৰা সকাহ নোপোৱাত ৰাইজ বিতুষ্ট হৈছিল আৰু ফলত 19 শতিকাত অসমত কৃষক বিদ্ৰ...

AHSEC Class12 History||চিন্তাবিদসকল,বিশ্বাস আৰু স্থাপত্য-সাংস্কৃতিক বিকাশ খৃ:পূ:(600-খৃ:600)||Thinkers ,Belief and Building.Cultural Developments 600 BCE-600 CE||(Assamese Medium Notes)

        অতি গুৰুত্বপূৰ্ণ প্রশ্ন: (1)নং প্ৰশ্ন:-জৈন ধৰ্মৰ মূল নীতিসমূহৰ বিষয়ে কি জানা লিখা। Ans:-        Intr:-খৃ:পূ:ষষ্ঠ শতিকাত বৰ্দ্ধমান মহাবীৰৰ জন্মৰ আগতেই জৈনসকলৰ মূল ধৰ্ম উত্তৰ ভাৰতত প্ৰচলিত আছিল।বৰ্দ্ধমান মহাবীৰক জৈন ধৰ্মৰ প্ৰবৰ্তক বুলি কোৱা হয় যদিও জৈন ধৰ্মৰ প্ৰকৃত প্ৰবৰ্তক জন আছিল ঋষভ।       জৈন ধৰ্মৰ মূল নীতিসমূহ তলত উল্লেখ কৰা হল-    ( 1)জৈন ধৰ্মৰ আটাইতকৈ উল্লেখযোগ্য দৰ্শন হল যে গোটেই পৃথিৱীখনেই সজীৱ,আনকি পাথৰ, শিল আৰু প্ৰানীৰো প্ৰাণ আছে।      (2)জীৱিত বস্তু বিশেষকৈ মানুহ, জন্তু, গছ-গছনি আৰু কীট-পতংগৰো অপকাৰ নকৰাটো জৈন ধৰ্মৰ মূল মন্ত্ৰ।     ( 3)জৈন ধৰ্মই অহিংসা নীতিৰ ওপৰত গুৰুত্ব দিছিল।      ( 4) জৈন ধৰ্মৰ মতে মানুহে কৰ্মৰ যোগেদি জন্ম আৰু পোন:জন্ম এই বৃত্তৰ মাজত ঘূৰি থাকে।      (5)কৰ্মফলৰ অপবিত্ৰতাৰ পৰা মুক্ত হোৱাটোৱেই জৈন ধৰ্মৰ মূল কথা আছিল।       ( 6)অহিংসা, সত্য কথা কোৱা,চুৰি নকৰা,ব্ৰহ্মচৰ্য পালন কৰা, সম্পত্তি আহৰণৰ পৰা বিৰত থকাই জৈন ধৰ্মৰ মূ...

AHSEC Class12 History||বন্ধুত্ব, জাতি আৰু শ্ৰেণীত||প্ৰাৰম্ভিক সমাজ খৃ: পূ: 600-600 খৃ: লৈ||Kingship,Caste And Class,Early Societies||C-600 BCE-600CE||(Assamese Medium Notes)

     অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: (1)নং প্ৰশ্ন:-মহাভাৰতৰ কাহিনীভাগ ইতিহাবিদসকলে কিদৰে বিভক্ত কৰিছিল? Ans:-      Intr:-সাধাৰণতে ইতিহাসবিদসকলে এখন গ্ৰন্থ বিশ্লেষণ কৰোতে কিছুমান উপাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এনে ক্ষেত্ৰত মহাভাৰতৰ দৰে এখন বিশাল আৰু জটিল গ্ৰন্থৰ ক্ষেত্ৰত সকলোবোৰ তথ্য আহৰণ কৰা সম্ভৱ নহয়।        ইতিহাসবিদসকলে গ্ৰন্থখনৰ কাহিনীভাগ দুটা ভাগত ভাগ কৰিছে -বৰ্ণনাত্মক আৰু উপদেশাত্মক। প্ৰথমভাগত গ্ৰন্থখনৰ কাহিনীভাগ আৰু দ্বিতীয় ভাগত সমাজৰ ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ আৰু ইয়াৰ মানদণ্ড বৰ্ণনা কৰিছে।        সৰহসংখ্যক ইতিহাসবিদ একমত যে মহাভাৰত বাস্তৱিকতে এক নাটকীয় আখ্যান আছিল।পিছতহে সমাজৰ কল্যাণৰ কথা চিন্তা কৰি তথা নীতি স্পষ্ট কৰিবৰ কাৰণে উপদেশাত্মক অংশসমূহ জড়িত কৰা হৈছিল।         ইতিহাসবিদসকলৰ ধাৰণা যে আত্মীয়স্বজনৰ মাজত হোৱা যুদ্ধৰ স্মৃতি আছিল মহাভাৰতৰ মুখ্য কাহিনী।         আনহাতে এচাম বুৰঞ্জীবিদে  আঙুলিয়াই দিছে যে যুদ্ধৰ কথাটো দৃঢ়তাৰে প্ৰমাণ কৰিবৰ কাৰণে আন কোনো তথ্য নাই।   সামৰণি:-...

AHSEC Class 12 History||Chapter-2 ৰজা,কৃষক আৰু নগৰসমূহ||প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা(খৃ:পূ:৬০০-খৃ:৬০০)Kings,Farmers and Town||Early State and Economic C-600 BCE-600 CE||(Assamese Medium Notes)

          অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: (1)নং প্ৰশ্ন:-মহাজনপদসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। Ans:-      Intr:-প্ৰাচীন বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহত উল্লেখ থকা ষোল্লখন ৰাজ্যকে মহাজনপদ বুলি কোৱা হৈছিল।মহাজনপদৰ ভিতৰত বিজ্জী, মগধ, কোশল,কুৰু, পাঞ্চাল, গান্ধাৰ, অৱন্তী এইকেইখন উল্লেখযোগ্য আছিল।         মহাজনপদৰ প্ৰধান বৈশিষ্ট্যসমূহ হল        (ক)বেছিভাগ মহাজনপদত ৰজাই শাসন কৰিছিল, কিছুমানত দুই চাৰিজন লোকে শাসন কৰিছিল।যিবোৰক গণ বা সংঘ বোলা হৈছিল।       (খ)প্ৰত্যেকখন মহাজনপদৰে একোখন ৰাজধানী নগৰ আছিল যিবোৰ গঢ় মাৰি সুৰক্ষিত কৰা হৈছিল।       (গ)সম্পদ আহৰণৰ কাৰণে ওচৰ-চুবুৰীয়া ৰাজ্যবোৰ আক্ৰমণ কৰাটো বিধিসন্মত আছিল।       (ঘ)কিছুমান ৰাজ্যত স্থায়ী সৈন্য বাহিনী আৰু আমোলাতন্ত্ৰ ৰাখি শাসন কৰা প্ৰণালী আৰম্ভ হৈছিল।       (ঙ)শাসকসকলে খেতিয়ক,ব্যৱসায়ী আৰু কাৰিকৰীসকলৰ পৰা কৰ আৰু শুল্ক সংগ্ৰহ কৰিছিল।       (চ)ষোল্লখন মহাজনপদৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদ আছিল মগ...

AHSEC Class 12||Chapter-1হৰপ্পা সভ্যতা||প্ৰত্নতত্ব,প্ৰাচীন ভাৰতবৰ্ষৰ স্থাপত্য,ভাস্কৰ্য আৰু অসম||Harappa Civilisation||Archeology,Ancient India & Assam through the Ages.(Assamese Medium Notes)

    অতি গুৰুত্বপূৰ্ণ প্রশ্ন: (1)নং প্ৰশ্ন:- হৰপ্পা সভ্যতাৰ নলা-নৰ্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি তুমি ভাবানে ? যুক্তি দৰ্শোৱা। Ans:-         Intr:-হৰপ্পা খনন কাৰ্য্যতউদ্ধাৰ হোৱা নলা-নৰ্দমাৰ পৰাই কব পাৰি যে এই সভ্যতাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে।        হৰপ্পাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল জল নিষ্কাশন ব্যৱস্থা বা নলা নিৰ্মাণ প্ৰণালী।বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিলৰ নাইবা ইটাৰ ঢাকনি দি ৰখাৰ প্ৰমাণ পোৱা গৈছে।তেনে নলা পৰিস্কাৰ কৰি ৰাখিবলৈ ঢাকনীৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছিল।         নগৰসমূহৰ ঘৰৰ লেতেৰা পানীবোৰ নলাত পেলাব পৰাকৈ প্ৰত্যেক ঘৰৰ যিকোনো এখন দেৱাল ৰাস্তাৰ কাষত আছিল।          কিছু বিশেষ ক্ষেত্ৰত ঢাকনী হিচাপে চূণশিল ব্যৱহাৰ কৰা হৈছিল।ঘৰৰ নলাসমূহৰ পানীৰ লগত যিকোনো আৱৰ্জনা যায় সেইবোৰ বন্ধ কৰাৰ কাৰণে নলাৰ কিছুমান ঠাইত গাঁত খান্দি ৰখা হৈছিল আৰু তাৰপৰাহে লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পৰিছিলগৈ।            বৰ দীঘল নলাবো...

Class 12 ৰাজনীতি বিজ্ঞানৰ প্ৰজেক্ট কেনেকৈ তৈয়াৰ কৰিম?How to Prepare Project (Assamese Medium)

AHSECৰ নতুনকৈ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰজেক্ট অৰ্থাৎ প্ৰকল্পও অন্তৰ্ভুক্ত কৰা হৈছে।এতিয়াৰ পৰা 80 marks theory (কিতাপৰ প্ৰশ্ন উত্তৰসমুহ)আৰু 20 marks Project ৰ ওপৰত পৰীক্ষাত আহিব।                     প্ৰজেক্ট কি? What is project:-   project হৈছে আমি অধ্যয়ন কৰা জ্ঞান।ধৰি লোৱা আমি ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা বিষয়-বস্তু বাছনি কৰি ললোঁ।সেই বিশেষ বিষয়টোৰ ওপৰত তন্ন তন্নকৈ নিৰীক্ষণ কৰি কৰিব লাগিব।বিষয়-বস্তুটোৰ ওপৰত সামঞ্জস্য থকা ঠাই পৰিদৰ্শন কৰি বুজ লব লাগিব(প্ৰয়োজনসাপেক্ষে)।আমি অকল শ্ৰেণীৰ কিতাপৰ পাঠটিৰ ওপৰতেই নিৰ্ভৰ কৰি প্ৰকল্পৰ কাম শেষ বুলিব নোৱাৰো।             প্ৰজেক্টৰ তৈয়াৰ কৰিবলৈ কি কৰিম:-প্ৰথমতে আমি বিষয়-বস্তু ভালকৈ বুজিব লাগিব। শ্ৰেণীৰ পাঠ্য পুঠিত সেই বিষয়ে পঢ়িব লাগিব।           ইয়াৰ কাৰণে তোমালোকে অন্য শ্ৰেণীৰ কিতাপ, আলোচনী, বাতৰি কাকত,উপন্যাস, ইণ্টাৰনেট আদি ব্যৱহাৰ কৰিব পাৰা।         ঠাই ভ্ৰমণ কৰিবলৈ গলে ভালকৈ বুজিব পাৰি।         পুৰণি ক...

AHSEC Political Science Class 12||Chapter-9 গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি||Democratic Upsurge And Coalition Politics(Assamese Medium Notes)

অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন: (1)নং প্ৰশ্ন:-ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে?(Mark's:4) Ans:-      Intr:-1967 চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিক দলৰ আবিৰ্ভাব হয়।      ভাৰত এখন বিচিত্ৰ দেশ।ইয়াত বিভিন্ন ভাষা, ধৰ্ম,জাতি আৰু উপজাতিৰ লোক বাস কৰে।সেয়েহে  অঞ্চলিকতাবাদৰ গুৰুত্ব বাঢ়িছে।      ৰাজনৈতিকভাৱে সচেতন লোকে নিজৰ নিজৰ অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত একো একোটা আঞ্চলিক দল গঠন কৰিছে।     দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়েও আঞ্চলিক দলৰ সৃষ্টিত বৰঙণিজনাইছে।     আঞ্চলিক দলবিলাক বিশেষকৈ স্থানীয় সমস্যাৰ লগত জড়িত।যাৰ বাবে আঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে।     সামৰণি:-শেষত ক'ব পাৰি যে-বৰ্তমান কোনো সৰ্বভাৰতীয় দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে।বৰ্তমান মৰ্চা চৰকাৰ গঠন কৰাত ৰাজনৈতিক দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।                 ______৹৹৹৹_____ (2)মৰ্চা ...